অন্ধ্ৰ প্ৰদেশৰ তিৰুপতিত দুদিনীয়া সন্মিলনৰ আয়োজন কৰা হৈছে
শ্ৰমিক সমস্যা আৰু শ্ৰমিকৰ কল্যাণ সম্পৰ্কীয় বিষয়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সমন্বয় সৃষ্টি কৰাত সহায় কৰিব এই সন্মিলনে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ আগষ্ট, ২০২২ তাৰিখে আবেলি ৪:৩০ বজাত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ শ্ৰম মন্ত্ৰীসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ প্ৰদান কৰিব। অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিত ২৫-২৬ আগষ্টত কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ে দুদিনীয়া সন্মিলনখনৰ আয়োজন কৰিছে।

শ্ৰম সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ সহযোগিতামূলক ফেডাৰেলিজমৰ ভাৱনাৰে সন্মিলনখন আহ্বান কৰা হৈছে। এই সন্মিলনখনে উন্নত নীতি প্ৰণয়ন কৰা আৰু শ্ৰমিকসকলৰ কল্যাণৰ বাবে আঁচনিসমূহৰ কাৰ্যকৰী ৰূপায়ণ নিশ্চিত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত অধিক সমন্বয় সৃষ্টি কৰাত সহায় কৰিব।

সন্মিলনৰ অধিৱেশনসমূহক চাৰিটা ভাগত ভাগ কৰা হৈছে। সামাজিক সুৰক্ষাক সাৰ্বজনীন কৰাৰ বাবে ই-শ্ৰম পৰ্টেলক একত্ৰিত কৰা, ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত ইএছআই চিকিৎসালয়সমূহৰ জৰিয়তে চিকিৎসা সংক্ৰান্তীয় সুযোগ-সুবিধাৰ প্ৰসাৰ আৰু পিএমজেএৱাইৰ সৈতে তাক একত্ৰিত কৰা, চাৰিখন শ্ৰম আইনৰ অধীনত নীতি-নিয়ম প্ৰস্তুত কৰাৰ জৰিয়তে সেইসমূহ ৰূপায়ণৰ পন্থা-পদ্ধতি উদ্ভাৱন, সকলো শ্ৰমিকৰ সুস্থভাৱে কাম কৰাৰ বাবে সুষম পৰিস্থিতি গঢ়ি তোলা আৰু সকলো শ্ৰমিকৰ বাবে সামাজিক সুৰক্ষা সুনিশ্চিত কৰাসহ বিভিন্ন বিষয় এই দুদিনীয়া অধিৱেশনত আলোচিত হ'ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From 'chalta hai' to 'badal sakta hai': Decoding PM Modi's Punctuality narrative

Media Coverage

From 'chalta hai' to 'badal sakta hai': Decoding PM Modi's Punctuality narrative
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 আগষ্ট 2026
August 23, 2026

From Free Coaching to 400+ Space Startups — India’s Atmanirbhar Leap Under PM Modi