প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাৰী শক্তি বন্দন অধিনিয়মক সমৰ্থনৰ বাবে ৰাজ্যসভাৰ সকলো সাংসদকে ধন্যবাদ জ্ঞাপন কৰিছে। তেখেতে ইয়াক আমাৰ ৰাষ্ট্ৰৰ গণতান্ত্ৰিক যাত্ৰাৰ এক উল্লেখযোগ্য মুহূৰ্ত বুলি অভিহিতকৰণেৰে দেশৰ ১৪০ কোটি নাগৰিকক অভিনন্দন জনায়।

 

তেখেতে কয় যে এয়া মাথো এখন আইনেই নহয় বৰঞ্চ আমাৰ ৰাষ্ট্ৰখনক সমৃদ্ধ কৰা অগণিত মহিলালৈ এক শ্ৰদ্ধাৰ্ঘ্য। তেওঁ আৰু কয় যে এয়া হৈছে তেওঁলোকৰ কথাক অধিক ফলপ্ৰসূতাৰে শুনা কাৰ্য্য নিশ্চিতকৰণৰ বাবে এটি ঐতিহাসিক পদক্ষেপ।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প'ষ্ট কৰেঃ

 

“আমাৰ ৰাষ্ট্ৰৰ গণতান্ত্ৰিক যাত্ৰাৰ এক উল্লেখযোগ্য মুহূৰ্ত! মই ১৪০ কোটি ভাৰতীয়ক অভিনন্দন জনালোঁ।

 

মই নাৰী শক্তি বন্দন অধিনিয়মক সমৰ্থনৰ বাবে ৰাজ্যসভাৰ সকলো সাংসদকে ধন্যবাদ জনালোঁ। এনে অকুণ্ঠ সমৰ্থন প্ৰশংসনীয়।

 

সংসদত নাৰী শক্তি বন্দন অধিনিয়ম গৃহীত হোৱা কাৰ্য্যই ভাৰতৰ নাৰী সমাজৰ প্ৰতিনিধিত্ব সুদৃঢ়কৰণ আৰু তেওঁলোকৰ সবলীকৰণৰ এক নতুন যুগৰ সূচনা কৰিব। এয়া মাথো এখন আইনেই নহয়, বৰঞ্চ আমাৰ ৰাষ্ট্ৰখনক সমৃদ্ধ কৰা অগণিত মহিলালৈ এক শ্ৰদ্ধাৰ্ঘ্য। তেওঁলোকৰ প্ৰাণোচ্ছলতা আৰু বৰঙণিৰে ভাৰত আজি সমৃদ্ধিশালী হৈ উঠিছে।

 

আজিৰ এই ক্ষণত আমাৰ ৰাষ্ট্ৰৰ প্ৰতিগৰাকী মহিলাৰ সামৰ্থ্য, সাহস আৰু অদমনীয় একাগ্ৰতাক স্মৰণ কৰিছোঁ। এয়া হৈছে তেওঁলোকৰ কথাক অধিক ফলপ্ৰসূতাৰে শুনা কাৰ্য্য নিশ্চিতকৰণৰ বাবে এটি ঐতিহাসিক পদক্ষেপ।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 আগষ্ট 2026
August 26, 2026

Accountability Meets Ambition: Record Low NPAs, Record Defence Output, Record Digital Adoption Under the Leadership of PM Modi