শ্ৰী নৰেন্দ্ৰ মোদী
ভাৰতৰ প্ৰধানমন্ত্ৰী

পবিত্ৰ নগৰী প্ৰয়াগৰাজত মহাকুম্ভৰ সফলতাৰে সামৰণি পৰিল। ইয়াৰ লগে লগে সম্পূৰ্ণ হ'ল একতাৰ এক বিশাল মহাযজ্ঞৰো। যেতিয়া এটা জাতিৰ চেতনা জাগ্ৰত হয়, যেতিয়া ই শতিকা প্ৰাচীন বশ্যতা স্বীকাৰৰ মানসিকতাৰ কঠিন শিকলিৰ পৰা মুক্ত হয়, তেতিয়াই জাতিটোৱে , দেশখনে নতুন শক্তিৰ সতেজ বতাহেৰে মুক্তভাৱে উশাহ ল'বলৈ সক্ষম হয়।মুক্ত চিন্তাৰে মুক্তভাবে উশাহ ল'ব পৰাৰ পৰিবেশ এটা ১৩ জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা একতাৰ মহাকুম্ভত সুন্দৰ ৰূপত প্ৰত্যক্ষ কৰা হৈছে।

২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত মই দেৱভক্তি আৰু দেশভক্তিৰ কথা কৈছিলো, মই কৈছিলো ঈশ্বৰিক আৰু দেশৰ প্ৰতি থকা ভক্তি তথা আত্মোসৰ্গাৰ বিষয়ে । প্ৰয়াগৰাজৰ মহাকুম্ভত বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু- সন্ত, মহিলা, শিশু, যুৱক-যুৱতী, জ্যেষ্ঠ নাগৰিক আৰু সকলো শ্ৰেণীৰ লোক একত্ৰিত হৈছিল। আমি এই মহাকুম্ভতেই জাতিটোৰ জাগ্ৰত চেতনাৰ প্ৰতিফলন প্ৰত্যক্ষ কৰিলোঁ। এক কথাত এয়া আছিল একতাৰ মহাকুম্ভ, য’ত এই পবিত্ৰ অনুষ্ঠানৰ বাবে ১৪০ কোটি ভাৰতীয়ৰ আৱেগ একে ঠাইতে , একে সময়তে জাগ্ৰত হৈছিল৷

প্ৰয়াগৰাজৰ এই পবিত্ৰ অঞ্চলটো হৈছে ঐক্য, সম্প্ৰীতি আৰু প্ৰেমৰ পবিত্ৰ ভূমি শৃংগভেৰপুৰ, য'ত প্ৰভু শ্ৰীৰাম আৰু নিশাদৰাজৰ সাক্ষাৎ হৈছিল। তেওঁলোকৰ এই সাক্ষাৎ ভক্তি আৰু সদিচ্ছাৰ সংগমৰ প্ৰতীক আছিল। আজিও প্ৰয়াগৰাজত সেই ভক্তি আৰু সদিচ্ছাৰ ধ্বনি অনুৰণিত হৈ আছে, যিয়ে আমাক প্ৰতি পলতে অনুপ্ৰাণিত কৰি আহিছে।

যোৱা ৪৫ টা দিনত মই লক্ষ্য কৰিছো যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কোটি কোটি লোকে সংগমলৈ বাট পোনাইছিল। সংগমস্থলীত আৱেগৰ ঢৌ উঠিছিল। ইয়ালৈ প্ৰতিগৰাকী ভক্তই এটাই উদ্দেশ্য লৈ আহিছিল – সেয়া হৈছে সংগমত পৱিত্ৰ স্নান কৰা। গংগা, যমুনা, সৰস্বতীৰ পৱিত্ৰ সংগমস্থলে প্ৰতিগৰাকী তীৰ্থযাত্ৰীক উৎসাহ, শক্তি, আত্মবিশ্বাসেৰে ভৰাই তুলিছিল।

মই ভাবো কোটি কোটি লোকে একে মনোভাবেৰে সমবেত হোৱা প্ৰয়াগৰাজৰ এই মহাকুম্ভ আধুনিক ব্যৱস্থাপনাৰ সৈতে জড়িত পেছাদাৰী, পৰিকল্পনাকাৰী আৰু নীতি বিশেষজ্ঞৰ বাবে অধ্যয়নৰ এক বিশেষ বিষয় হোৱা উচিৎ। কাৰণ পৃথিৱীৰ আন ক’তো ইমান বিশাল পৰিসৰত আয়োজিত আনুষ্ঠানৰ উদাহৰণ নাই।

সমগ্ৰ বিশ্বই আশ্বৰ্যৰে ভৰা নয়েনে প্ৰত্যক্ষ কৰিলে কিদৰে প্ৰয়াগৰাজৰ নদীৰ সংগমস্থলীৰ পাৰত কোটি কোটি মানুহ গোট খাইছিল। এই অনুষ্ঠানলৈ সেই লোকসকলক কোনো আনুষ্ঠানিক নিমন্ত্ৰণ দিয়া হোৱা নাছিল, তালৈ কেতিয়া যাব লাগিব সেই সম্পৰ্কেও পূৰ্বে কাৰো সৈতে কোনো যোগাযোগ কৰা হোৱা নাছিল। তথাপি কোটি কোটি মানুহে নিজৰ ইচ্ছামতে মহাকুম্ভলৈ ৰাওনা হৈছিল আৰু সংগমৰ পবিত্ৰ পানীত স্নান কৰাৰ আনন্দ অনুভৱ কৰিছিল।

সংগমত পৱিত্ৰ স্নান কৰাৰ পিছত অপৰিসীম আনন্দ আৰু সন্তুষ্টিৰ বিকিৰণেৰে আলোকিত হৈ পৰা সেই মুখবোৰ মই কেতিয়াও পাহৰিব নোৱাৰিম। সেয়া আছিল ঈশ্বৰিক দ্যুতি, কিবা এক প্ৰাপ্তিৰ আনন্দত উজ্জ্বল হৈ পৰা মুখ। মহিলা , বয়োজ্যেষ্ঠ, আমাৰ দিব্যাং ভাই-ভনীসকল – সকলোৱে কেৱল প্ৰয়াগৰাজৰ সংগমৰ দিশে ঢাপলি মেলিছিল।

প্ৰয়াগৰাজৰ মহাকুম্ভত ভাৰতৰ যুৱক-যুৱতীসকলৰ লক্ষ্যণীয় অংশগ্ৰহণ দেখি মই বিশেষভাবে উৎসাহিত হৈ পৰিছিলো। মহাকুম্ভত নৱপ্ৰজন্মৰ এনে বিশাল উপস্থিতিয়ে এক গভীৰ বাৰ্তা প্ৰেৰণ কৰিছে- সেয়া হৈছে ভাৰতৰ যুৱক-যুৱতীসকল আমাৰ গৌৰৱময় সংস্কৃতি আৰু ঐতিহ্যৰ ধ্বজাবাহক হিচাবে পৰিগণিত হৈছে। আমাৰ গৌৰৱময় সংস্কৃতি আৰু ঐতিহ্যৰ বিষয়ে যুৱক-যুৱতীসকলে বুজি উঠিছে আৰু এইবোৰৰ সংৰক্ষণৰ প্ৰতি তেওঁলোকৰ দায়িত্ব উপলব্ধি কৰি ইয়াক আগুৱাই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে।


প্ৰয়াগৰাজত এই মহাকুম্ভত উপস্থিত হোৱা লোকৰ সংখ্যাই নিঃসন্দেহে নতুন অভিলেখ সৃষ্টি কৰিছে। কিন্তু শাৰীৰিকভাৱে উপস্থিত থকাসকলৰ বাহিৰেও প্ৰয়াগৰাজত কায়িকভাবে উপস্থিত হ’ব নোৱাৰা কোটি কোটি লোকো এই অনুষ্ঠানৰ সৈতে আৱেগিকভাৱে গভীৰভাৱে জড়িত হৈ পৰিছিল। তীৰ্থযাত্ৰীসকলে লগত লৈ যোৱা পবিত্ৰ পানী লাখ লাখ লোকৰ বাবে আধ্যাত্মিক আনন্দৰ উৎস হৈ পৰিছিল। মহাকুম্ভৰ পৰা উভতি অহা বহু লোকক সমাজে সন্মান জনাই নিজৰ গাঁৱলৈ শ্ৰদ্ধাৰে আদৰণি জনোৱাও দেখা গৈছিল।

সঁচা অৰ্থত ক'বলৈ গ'লে যোৱা কেইসপ্তাহমানত যি ঘটিছে সেয়া আছিল অভূতপূৰ্ব আৰু ই আগন্তুক শতিকাবোৰৰ বাবে এক দৃঢ় ভেটি স্থাপন কৰিবলৈ সক্ষম হৈছে।

মানুহে কল্পনা কৰাতকৈও অধিক ভক্ত প্ৰয়াগৰাজত সমবেত হৈছে । দৰাচলতে কুম্ভৰ পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিতে প্ৰশাসনে ভক্তৰ উপস্থিতিৰ আনুমানিক হিচাপ কৰিছিল। সেয়ে কোনো অসুবিধা নোহোৱাকৈ সকলো সুচাৰু ৰূপে সম্পন্ন হৈছে৷

লক্ষ্যণীয় কথাটো হল আমেৰিকাৰ জনসংখ্যা যিমান ,তাৰ প্ৰায় দুগুণ লোকে এই একতাৰ মহাকুম্ভত অংশগ্ৰহণ কৰিছিল।

আধ্যাত্মিক পণ্ডিতসকলে যদি কোটি কোটি ভাৰতীয়ৰ এনে উৎসাহ ভৰা অংশগ্ৰহণৰ কথা বিশ্লেষণ কৰে তেন্তে তেওঁলোকে দেখিব যে নিজৰ ঐতিহ্যক লৈ ভাৰতীয়সকল কিমান গৌৰৱান্বিত আৰু তেওঁলোকে এতিয়া নতুনকৈ আৰহৰণ কৰা নৱ উদ্দীপনা তথা শক্তিৰে আগবাঢ়িছে। মোৰ বিশ্বাস- এয়া এক নতুন যুগৰ সূৰ্যোদয়, যিয়ে নতুন ভাৰতৰ ভৱিষ্যতৰ চিত্ৰনাট্য ৰচনা কৰিব৷

হাজাৰ হাজাৰ বছৰ ধৰি মহাকুম্ভই ভাৰতৰ জাতীয় চেতনাক শক্তিশালী কৰি তুলিছে। প্ৰতিটো পূৰ্ণকুম্ভই সন্ত, পণ্ডিত আৰু চিন্তাবিদৰ সমাৱেশৰ সাক্ষ্য বহন কৰিছে । প্ৰতিটো কুম্ভত সমবেত লোকসকলে নিজৰ সময়ৰ সামাজিক অৱস্থাৰ বিষয়ে আলোচনা কৰিছে৷ তেওঁলোকৰ চিন্তাৰ প্ৰতিফলনে দেশ আৰু সমাজখনক এক নতুন দিশ প্ৰদান কৰি আহিছে। প্ৰতি ছবছৰৰ মূৰে মূৰে অনুষ্ঠিত অৰ্ধকুম্ভৰ সময়ত এই ধাৰণাসমূহ পুনৰ ফঁহিয়াই চোৱা হৈছে। ১৪৪ বছৰৰ পিছত ১২টা পূৰ্ণকুম্ভ অনুষ্ঠিত হোৱাৰ অন্তত সমাজত অচল হৈ পৰা পৰম্পৰাবোৰ, ধাৰণাবোৰ পৰিত্যাগ কৰা হৈছে ৷ তাৰ ঠাইত নতুন ধাৰণাক আঁকোৱালি লোৱা হৈছে আৰু এনেদৰেই নতুন পৰম্পৰাৰ সৃষ্টি হৈ সময়ৰ লগে লগে সমাজখন আগবাঢ়ি গৈছে৷

১৪৪ বছৰৰ পাছত এই মহাকুম্ভত আমাৰ সাধু-সন্তসকলে পুনৰবাৰ ভাৰতৰ উন্নয়ন যাত্ৰাৰ বাবে আমাক এক নতুন বাৰ্তা দিছে। সেই বাৰ্তা হৈছে উন্নত ভাৰত – বিকশিত ভাৰত।

এই একতাৰ মহাকুম্ভত জাতি, ধৰ্ম আৰু মতাদৰ্শ নিৰ্বিশেষে ধনী বা দুখীয়া, ডেকা বা বুঢ়া, গাঁও বা চহৰৰ পৰা অহা লোক, ভাৰত বা বিদেশৰ পৰা অহা লোক, পূব বা পশ্চিমৰ পৰা অহা লোক, উত্তৰ বা দক্ষিণৰ পৰা অহা লোক,প্ৰতিগৰাকী তীৰ্থযাত্ৰীয়েই এক মনোভাবেৰে একত্ৰিত হৈছিল। কোটি কোটি মানুহৰ আস্থাৰে পৰিপূৰ্ণ এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ দৃষ্টিভংগীৰ এয়া আছিল এক মূৰ্ত ৰূপ। এতিয়া, উন্নত ভাৰত গঢ়াৰ অভিযানৰ বাবে আমি একে মনোভাৱেৰেই একত্ৰিত হ’ব লাগিব।

মোৰ মনলৈ আহিছে সেই ঘটনাটোৰ কথা, য’ত বালক শ্ৰী কৃষ্ণই নিজৰ মুখৰ ভিতৰত থকা সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ এটা ৰূপ তেওঁৰ মাতৃ যশোদাৰ সন্মুখত উদ্ভাসিত কৰিছিল। সেইদৰে এই মহাকুম্ভতো ভাৰতৰ সামূহিক শক্তিৰ ব্যাপক সম্ভাৱনাৰ কথাক প্ৰমাণ কৰি ভাৰতৰ লগতে বিশ্ববাসীৰ কোটি কোটি লোক একে ঠাইতে সমবেত হৈছে৷ এতিয়া আমি এই আত্মবিশ্বাসকেই আধাৰ কৰি আগবাঢ়ি যাব লাগিব আৰু এখন উন্নত ভাৰত গঢ়াৰ দিশত নিজকে উৎসৰ্গা কৰিব লাগিব।


পূৰ্বে ভক্তি আন্দোলনৰ সৈতে জড়িত সন্তসকলে সমগ্ৰ ভাৰতবৰ্ষতে আমাৰ সামূহিক সংকল্পৰ শক্তি চিনাক্ত কৰি সেইবোৰক উৎসাহিত কৰিছিল। স্বামী বিবেকানন্দৰ পৰা আৰম্ভ কৰি শ্ৰী অৰবিন্দলৈকে প্ৰতিগৰাকী মহান চিন্তাবিদে আমাক আমাৰ সামূহিক সংকল্পৰ শক্তিৰ কথা সোঁৱৰাই দিছিল। আনকি মহাত্মা গান্ধীয়েও স্বাধীনতা আন্দোলনৰ সময়তসামূহিক সংকল্পৰ শক্তিৰ কথা অনুভৱ কৰিছিল। স্বাধীনতাৰ পিছৰ এই সামূহিক শক্তিক যদি সঠিকভাৱে স্বীকৃতি দিয়া হ’লহেঁতেন আৰু সকলোৰে কল্যাণ বৃদ্ধিৰ দিশত ইয়াক ব্যৱহাৰ কৰা হ’লহেঁতেন তেন্তে ই নতুনকৈ স্বাধীনতাৰ সোৱাদ পোৱা জাতি এটাৰ বাবে এক বৃহৎ শক্তি হৈ পৰিলহেঁতেন৷ দুৰ্ভাগ্যজনকভাৱে আগতে তেনে কৰা হোৱা নাছিল। কিন্তু এতিয়া, এখন উন্নত ভাৰতৰ বাবে জনসাধাৰণৰ এই সামূহিক শক্তি একত্ৰিত কৰাৰ ধাৰণাটো পুনৰ জাগ্ৰত হোৱা দেখি মই আনন্দিত হৈ পৰিছো৷

বেদৰ পৰা আৰম্ভ কৰি বিবেকানন্দলৈকে, প্ৰাচীন শাস্ত্ৰৰ পৰা আৰম্ভ কৰি আধুনিক কৃত্ৰিম উপগ্ৰহলৈকে ভাৰতৰ মহান পৰম্পৰাই এই দেশখনক সবলৰূপত গঢ় দিছে। এজন নাগৰিক হিচাপে আমি এয়াই প্ৰাৰ্থনা কৰোঁ যাতে আমি আমাৰ পূৰ্বপুৰুষ আৰু সন্তসকলৰ স্মৃতি তথা অভিজ্ঞতাৰ পৰা নতুন প্ৰেৰণা আহৰণ কৰিব পাৰো। এই একতাৰ মহাকুম্ভই আমাক নতুন সংকল্পৰে আগবাঢ়ি যোৱাত সহায় কৰক। আহক আমি ঐক্যক আমাৰ পথ প্ৰদৰ্শক নীতি হিচাপে গঢ়ি তোলোঁ। আহক আমি এই বুজাবুজিৰে কাম কৰোঁ যাতে আমাৰ মনত দেশৰ সেৱাই হৈছে ঈশ্বৰৰ সেৱাৰ দৰে মনোভাবৰ উদয় হয়।

কাশীত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত মই কৈছিলোঁ, "মা গংগাই মোক মাতিছে।" এয়া কেৱল মোৰ বাবে আৱেগ নহয় বৰঞ্চ দায়িত্বৰ আহ্বানো আছিল৷ আমাৰ পবিত্ৰ নদীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষাৰ প্ৰতি এয়া আছিল মোৰ দায়িত্ব । প্ৰয়াগৰাজৰ গংগা, যমুনা, সৰস্বতীৰ সংগমস্থলীত থিয় হৈ মোৰ সংকল্প আৰু অধিক শক্তিশালী হৈ পৰিল। আমাৰ নদীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আমাৰ নিজৰ জীৱনৰ লগত গভীৰভাৱে জড়িত। আমাৰ সৰু-বৰ নদীবোৰক জীৱনদায়িনী মাতৃ হিচাপে জ্ঞান কৰাটো আমাৰ দায়িত্ব। এই মহাকুম্ভই আমাক আমাৰ নদ- নদীসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশত কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰিছে।

মই জানো যে ইমান বৃহৎ অনুষ্ঠান এটা আয়োজন কৰাটো কোনো সহজ কাম নাছিল। মা গংগা, মা যমুনা আৰু মা সৰস্বতীক প্ৰাৰ্থনা জনাইছো যাতে আমাৰ ভক্তিত কিবা অভাৱ থাকিলে, কিবা খুঁত ৰৈ গ'লে আমাক ক্ষমা কৰি দিয়ে যেন৷ জনতা জনাৰ্দনক মই দেৱতাৰ মূৰ্তি হিচাপে জ্ঞান কৰিছো৷ যদি তেওঁলোকৰ সেৱাৰ ক্ষেত্ৰতো আমাৰ প্ৰচেষ্টাত কিবা খুঁত ৰৈ গৈছে , তেন্তে ৰাইজৰ ওচৰতো ক্ষমা বিচাৰিছো।

মহাকুম্ভলৈ ভক্তিৰসত নিমজ্জিত হৈ কোটি কোটি মানুহ আহিছিল । তেওঁলোকৰ সেৱা কৰাটোও আছিল ভক্তিৰ অনুভূতিৰেই পালন কৰা এটা দায়িত্ব । উত্তৰ প্ৰদেশৰ এজন সংসদ সদস্য হিচাপে মই গৌৰৱেৰে ক’ব পাৰো যে যোগী জীৰ নেতৃত্বত প্ৰশাসন আৰু ৰাইজে একেলগে কাম কৰি এই একতাৰ মহাকুম্ভ সফল কৰি তুলিলে। ৰাজ্যই হওঁক বা কেন্দ্ৰই হওঁক, ইয়াত কোনো শাসক বা প্ৰশাসক নাছিল, তাৰ পৰিৱৰ্তে ইয়াত সকলোৱে আছিল একো একোগৰাকী নিষ্ঠাবান সেৱক। অনাময় কৰ্মী, আৰক্ষী, নাৱৰীয়া, গাড়ী চালক, খাদ্য পৰিবেশন কৰা লোক - সকলোৱে অক্লান্তভাৱে কাম কৰিছিল। প্ৰয়াগৰাজৰ ৰাইজে বহু অসুবিধাৰ সন্মুখীন হৈও যিদৰে মুক্ত হৃদয়েৰে তীৰ্থযাত্ৰীসকলক আদৰণি জনাইছিল সেয়া বিশেষভাৱে প্ৰেৰণাদায়ক কথা আছিল। তেওঁলোকৰ লগতে উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ প্ৰকাশ কৰিছো।

আমাৰ দেশ খনৰ উজ্জ্বল ভৱিষ্যতকলৈ মোৰ সদায় অদম্য আস্থা আছে। এই মহাকুম্ভৰ সাক্ষী হৈ মোৰ প্ৰত্যয় আৰু বহুগুণে শক্তিশালী হৈ পৰিল৷

১৪০ কোটি ভাৰতীয়ই একতাৰ মহাকুম্ভক যিদৰে বিশ্বজনীন অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিলে সেয়া সঁচাকৈয়ে আচৰিত কথা। আমাৰ জনসাধাৰণৰ নিষ্ঠা, ভক্তি আৰু প্ৰচেষ্টাত অনুপ্ৰাণিত হৈ শীঘ্ৰেই ১২টা জ্যোতিৰ্লিংগৰ ভিতৰত প্ৰথম শ্ৰী সোমনাথৰ ওচৰলৈ গৈ এই সামূহিক জাতীয় প্ৰচেষ্টাৰ ফল তেওঁৰ ওচৰত অৰ্পণ কৰিম আৰু প্ৰতিজন ভাৰতীয়ৰ বাবে প্ৰাৰ্থনা কৰিম।

মহাশিৱৰাত্ৰিত মহাকুম্ভৰ ৰূপে হয়তো সফলতাৰে সমাপ্তিৰ ৰূপ পৰিগ্ৰহ কৰিছে, কিন্তু গংগাৰ চিৰন্তন প্ৰবাহৰ দৰেই মহাকুম্ভই জাগ্ৰত কৰা আধ্যাত্মিক শক্তি, জাতীয় চেতনা আৰু ঐক্যই আগন্তুক প্ৰজন্মল লগতে আমাক অনুপ্ৰাণিত কৰি যাব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's fertiliser exports rise 52% in three years from FY24 to FY26

Media Coverage

India's fertiliser exports rise 52% in three years from FY24 to FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
ভাৰতৰ ঐক্য আৰু প্ৰগতিৰ প্ৰতি নিবেদিত এটি জীৱন
July 06, 2026

আজি ৬ জুলাই। আজিৰ এই দিনটো জাতীয়তাবাদ আৰু নিঃস্বাৰ্থ সেৱাৰ আদৰ্শক হৃদয়ত ৰোপণ কৰা অগণন লোকৰ বাবে এক বিশেষ দিন। মা ভাৰতীৰ প্ৰতি সাহস আৰু অদম্য দায়বদ্ধতাৰ পৰিচয় দি কালজয়ী নিদৰ্শন হৈ পৰা ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী আমি পালন কৰিছো। এই দিনটোত আমি তেওঁক স্মৰণ কৰিছো। আধুনিক ভাৰতৰ কমসংখ্যক নেতাইহে ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ দৰে ব্যক্তিৰ লেখীয়াকৈ বুদ্ধিমত্তা, জনসেৱা আৰু নৈতিক প্ৰত্যয়ক গভীৰভাৱে মূৰ্ত কৰি তুলিব পাৰিছে ।

শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে এনে এক পৰিৱেশৰ মাজত জন্মগ্ৰহণ কৰিছিল যিটো পৰিৱেশত তেওঁ এক সুৰক্ষিত আৰু আৰামদায়ক জীৱন কটাব পাৰিলেহেঁতেন। তেওঁৰ পিতৃ ছাৰ আশুতোষ মুখাৰ্জী সেই সময়ৰ আগশাৰীৰ শিক্ষাবিদ আৰু বুদ্ধিজীৱীসকলৰ ভিতৰত অন্যতম আছিল। ভাগ্যই শ্যামা প্ৰসাদ মুখাৰ্জীৰ সন্মুখত বিশেষ সুবিধাৰ পথ মুকলি কৰি দিলেও তেওঁৰ বিবেকে তেওঁক ত্যাগ আৰু জাতীয় সেৱাৰ দিশলৈহে আকৰ্ষণ কৰিছিল। তেওঁ নিশ্চিত হৈছিল যে তেওঁ আৰ্তজনৰ দুখ দেখি বোবা দৰ্শক হৈ থাকিব নোৱাৰে। সেয়া লাগিলে ঔপনিৱেশিকতাবাদ, সাম্প্ৰদায়িকতাবাদ, মানৱীয় প্ৰত্যাহ্বান আদিৰ বিৰুদ্ধে যুঁজ দিয়াই হওক। তেওঁৰ এই যাত্ৰাত তেওঁ কেইবাটাও দুখজনক ঘটনাৰ সন্মুখীন হবলগীয়া হৈছিল, প্ৰথমে তেওঁ হেৰুৱাইছিল নিজৰ কেঁচুৱা সন্তানটিক আৰু পিছলৈ হেৰুৱাইছিল পত্নীক । তথাপিও এই ঘটনাসমূহে তেওঁৰ সংকল্পক অধিক গভীৰ কৰি তুলিছিল আৰু সেৱাৰ প্ৰতি তেওঁৰ অটল দায়বদ্ধতাক অধিক শক্তিশালী কৰিছিল ।

ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ ৰাজহুৱা জীৱনক সংজ্ঞায়িত কৰা এক বিশেষ আদৰ্শ আছিল, সেয়া আছিল ভাৰতৰ অবিভাজ্যতা। দেশ বিভাজনৰ উত্তাল পৰিস্থিতিৰ সময়ত তেওঁ দৃঢ়তাৰে থিয় দিছিল যাতে পশ্চিমবংগ ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ থাকে। কেইবছৰমানৰ পাছত সেই প্ৰত্যয়ৰেই তেওঁ জম্মু-কাশ্মীৰলৈ আকৰ্ষিত হৈছিল। কাৰাদণ্ডই তেওঁৰ মনোবল ভাঙিব পৰা নাছিল আৰু অকশৰীয়া হৈ পৰা অৱস্থায়ো তেওঁক হতাশ কৰা নাছিল। তেওঁৰ জীৱনৰো হঠাৎ অন্ত পৰিছিল কাৰাবন্দিত্বৰ মাজতেই । যিসকল মানুহক তেওঁ নিজৰ কৰি লৈছিল, তেওঁলোকৰ পৰা বহু দূৰত তেওঁ অকশৰীয়া অৱস্থাতে চিৰদিনৰ বাবে চকু মুদিছিল। ইতিহাসৰ এনে কিছুমান মুহূৰ্ত আছে যেতিয়া ব্যক্তি এগৰাকীৰ চূড়ান্ত ত্যাগে ৰাজনীতিক অতিক্ৰম কৰি জাতীয় ভাবনাৰ ক্ষেত্ৰখনক উজ্জীৱিত কৰি তোলে । ডাঃ মুখাৰ্জীৰ শেষ যাত্ৰাও তেনে এক মুহূৰ্ত হৈয়েই আছে। আচাৰ্য বিনোৱা ভাৱেই কৈছিল যে ড° মুখাৰ্জীয়ে যি কামত বিশ্বাস কৰিছিল সেই কামৰ বাবে নিজকে বলিদান দিছিল। বহু বছৰৰ পিছত ২০১৯ চনত কাশ্মীৰৰ পৰা ৩৭০ আৰু ৩৫(ক) অনুচ্ছেদ বাতিল কৰাটোৱেই আছিল তেওঁৰ বলিদানৰ উপযুক্ত শ্ৰদ্ধাঞ্জলি।

ড° মুখাৰ্জীয়ে ভাৰত প্ৰথম আৰু ভাৰতীয় মূল্যবোধক প্ৰথম স্থান দিছিল। এনে কৰিবলৈ যাওঁতে তেওঁ সেই সময়ৰ গতানুগতিক মানসিকতাৰে পৰিচালিত হৈ থকা বহু অনুষ্ঠান পুনৰ নতুনকৈ গঢ় দিছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ কনিষ্ঠতম উপাচাৰ্য হিচাপে পৰিগণিত হৈছিল। অনন্য শৈলীৰে তেওঁ বিশ্ববিদ্যালয়খনলৈ দেশপ্ৰেমমূলক ভাবনাৰে আৰু ভৱিষ্যতৰ উত্তৰণৰ চিন্তাৰে ইতিবাচক পৰিৱৰ্তন আনিছিল। শিক্ষাবিদসকলৰ এখন সন্মিলনত ভাষণ দি ড০ মুখাৰ্জীয়ে কৈছিল “শিক্ষানুষ্ঠানসমূহক সম্ভাৱ্য কেৰাণী আৰু কম দৰমহা পোৱা কৰ্মচাৰী উৎপাদনৰ বাবে কাৰখানা হিচাপে চোৱাটো উচিত নহয়।আমি এনে ছাত্ৰ-ছাত্ৰীক উলিয়াই আনিব লাগিব, যিয়ে আমাৰ স্ব-শাসিত প্ৰতিষ্ঠানসমূহ, যেনে পৌৰ নিগম, প্ৰাদেশিক আৰু কেন্দ্ৰীয় বিধায়িনী প্ৰতিষ্ঠানসমূহক নেতৃত্ব প্ৰদান কৰিবলৈ সক্ষম হোৱাৰ লগতে বিত্ত, বাণিজ্য আৰু উদ্যোগ আদি জীৱনৰ বিভিন্ন ক্ষেত্ৰত কাম-কাজ পৰিচালনা কৰিবলৈ সক্ষম হ’ব লাগিব ।”

তেওঁৰ নেতৃত্বতে কলিকতা বিশ্ববিদ্যালয়ে পুথিভঁৰালৰ আন্তঃগাঁথনি উন্নত কৰা, বিজ্ঞানৰ গৱেষণাক উন্নীত কৰা, শিল্পকৰ্মৰ অধ্যয়নক উৎসাহিত কৰা আৰু কৃষিৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ দৰে অনন্য প্ৰচেষ্টা হাতত লৈছিল। ইয়াত মাত্ৰ কেইটামানৰ কথাহে উল্লেখ কৰিলো। তেওঁ ক্ৰীড়া, শিক্ষক প্ৰশিক্ষণ আৰু ছাত্ৰ কল্যাণৰ দৰে ক্ষেত্ৰসমূহৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছিল। ছাত্ৰ-ছাত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মাজত মিলা-প্ৰীতি তথা সমন্বয়ৰ ভাব জগাই তুলিবলৈ তেওঁ ২৪ জানুৱাৰীৰ দিনটোক বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰাৰ এক প্ৰথা আৰম্ভ কৰিছিল। তেওঁ গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰক বিশ্ববিদ্যালয়খনৰ বাবে এটা গীত ৰচনা কৰিবলৈ অনুৰোধ কৰিছিল।

তেওঁৰ উদ্যমী মনোভাবৰ আন এক উদাহৰণ তেওঁৰ জীৱনৰ পিছৰ অংশত দেখা যায়, যেতিয়া তেওঁ ভাৰতীয় জনসংঘ গঠনৰ সিদ্ধান্ত লৈছিল। যিটো সময়ত কংগ্ৰেছ পাৰ্টি সৰ্বব্যাপী আছিল, সেই সময়ত তেওঁ অনুভৱ কৰিছিল যে আমাৰ সাংস্কৃতিক শিপাৰ লগত সংলগ্ন হৈ থাকি ভাৰতৰ প্ৰগতিৰ বাবে মাত মাতিবলৈ বিকল্প কণ্ঠৰ প্ৰয়োজন আছে। জনসংঘৰ প্ৰতীক আছিল এটা চাকি , মাটিৰ চাকিক প্ৰতীক হিচাবে ব্যৱহাৰ কৰাৰ সিদ্ধান্তটো নিঃসন্দেহে উপযুক্ত আছিল। এগচি মাটিৰ চাকি দেখিবলৈ সামান্য যেন লাগিব পাৰে, তথাপিও ইয়াৰ নিজৰ পৰা বহু দূৰৈৰ আন্ধাৰ নাশ কৰাৰ শক্তি থাকে । জনসংঘই সক্ৰিয় হৈ থকা বছৰবোৰত আৰু তাৰ পাছৰ বছৰবোৰতো ঠিক তেনে কামেই কৰিছিল।

ভাৰতৰ প্ৰথম উদ্যোগ আৰু যোগান মন্ত্ৰী হিচাপে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ কাৰ্যকালত দেশে এগৰাকী প্ৰকৃত ৰাষ্ট্ৰনেতাক আৱিষ্কাৰ কৰিছিল। যিগৰাকী ব্যক্তিৰ উন্নয়নৰ ধাৰণা উল্লেখযোগ্যভাৱে ব্যাপক আৰু মানৱীয় আছিল। নতুনকৈ স্বাধীনতা লাভ কৰা দেশ এখনৰ বাবে তেওঁ উদ্যোগক মৰ্যাদা, সুযোগ আৰু আত্মবিশ্বাস ঘূৰাই অনাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছিল । তেওঁ সম্পদ সৃষ্টি আৰু মূল্য সংযোজনৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছিল। দামোদৰ উপত্যকা নিগম, সিন্দ্ৰি সাৰ উদ্যোগ আৰু এক শক্তিশালী ঔদ্যোগিক নীতিৰ দৰে অগ্ৰণী পদক্ষেপৰ জৰিয়তে তেওঁ আধুনিক ভাৰতৰ ঔদ্যোগিক ভেটি স্থাপন কৰিছিল। তেওঁ একেসময়তে ভাৰতৰ পৰম্পৰাগত শক্তিসমূহ অৱহেলিত হৈ নাথাকে সেয়াও নিশ্চিত কৰিছিল। হস্ততাঁত, কুটিৰ উদ্যোগ, শিল্প আৰু বস্ত্ৰশিল্পৰ শ্ৰমিকসকলে তেওঁৰ মাজত সকলোৰে বাবে সমানে দায়বদ্ধ এগৰাকী ব্যক্তিক বিচাৰি পাইছিল।

ইয়াত মই ব্যক্তিগত অভিজ্ঞতাৰ এটাৰ বিষয়ে ক’ব বিচাৰিছো। ড° মুখাৰ্জীয়ে স্বাৱলম্বীতাৰ দৃষ্টিভংগীৰে প্ৰতিষ্ঠা কৰা সিন্দ্ৰি উদ্যোগটোক কেইবা দশক ধৰি দেশ পৰিচালনা কৰাসকলে অৱহেলা কৰিছিল। আমাৰ চৰকাৰে ইয়াৰ পুনৰুজ্জীৱনত অৰিহণা যোগোৱাৰ সুযোগ পোৱাত মই সন্মানিত অনুভৱ কৰিছো। সেই অনুষ্ঠানৰ বাবে তাত উপস্থিত হোৱাটো সঁচাকৈয়ে মোৰ বাবে এক বিশেষ মুহূৰ্ত আছিল।

ভাৰতৰ সভ্যতাৰ পৰম্পৰাই দীৰ্ঘদিন ধৰি আলোচনাৰ বিষয়টোত গুৰুত্ব দি আহিছে। ড° মুখাৰ্জীয়ে এই গণতান্ত্ৰিক মনোভাৱক মূৰ্ত কৰি তুলিছিল। তেওঁ পণ্ডিত নেহৰুৰ কেবিনেটত যোগদান কৰিছিল, প্ৰথম বছৰবোৰত দেশ গঠনৰ কামত ৰাজনৈতিক মতানৈক্যক অতিক্ৰম কৰিব লাগিব বুলি তেওঁ বিশ্বাস কৰিছিল। তেওঁ আন্তৰিকতা আৰু গঠনমূলক মনোভাৱেৰে সেৱা আগবঢ়াইছিল। কিন্তু যেতিয়া তেওঁ অনুভৱ কৰিছিল যে জাতীয় স্বাৰ্থ জড়িত হৈ থকা প্ৰশ্নবোৰে এক বেলেগ পথ দাবী কৰে, তেতিয়া তেওঁ মৰ্যাদাৰে পদত্যাগ কৰি দেশৰ বাবে প্ৰয়োজন বুলি বিশ্বাস কৰা ৰাজনৈতিক কাম-কাজত নিজকে উৎসৰ্গা কৰিছিল।

৭৫ বছৰ পূৰ্বে পণ্ডিত নেহৰুৱে এনে এক প্ৰথম সংশোধনী আনিছিল, যি আছিল বাক স্বাধীনতাৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ। নেহৰুৰ এনে পদক্ষেপৰ কঠোৰ সমালোচকৰ ভিতৰত ড° মুখাৰ্জী অন্যতম আছিল। কংগ্ৰেছে কি কৰিবলৈ সক্ষম সেই কথা তেওঁ সম্পূৰ্ণৰূপে বুজি পাইছিল। সময়ত তেওঁ কৰা ধৰাণাই সত্য বুলি প্ৰমাণিত হ’ল। ৭৫ বছৰ আগতে প্ৰথম সংশোধনী অনাসকলে ১৯৭৫ চনত জৰুৰীকালীন অৱস্থা জাপি দিছিল আৰু ৫০ বছৰ আগতে ৪২ সংখ্যক সংশোধনী আইন আনিছিল, যিয়ে পুনৰ উদাৰ গণতান্ত্ৰিক মূল্যবোধত আঘাত হানিছিল।

ড° মুখাৰ্জীয়ে মানৱীয় প্ৰচেষ্টা গ্ৰহণৰ পক্ষত বিশেষভাৱে থিয় দিছিল। ১৯৪৩ চনত যেতিয়া বংগত ভয়াৱহ দুৰ্ভিক্ষৰ সৃষ্টি হৈছিল, তেতিয়া ডাঃ মুখাৰ্জীয়ে ক্ষতিগ্ৰস্তসকলৰ সেৱাত নিজকে বিলীন কৰি দিছিল। তেওঁ কেইবাখনো কেণ্টিন আৰু সাহায্য কেন্দ্ৰ মুকলি কৰি মানুহক খাদ্য যোগান ধৰাৰ ব্যৱস্থা নিশ্চিত কৰিছিল । এফালে জনসাধাৰণৰ দুৰ্দশাই তেওঁক গভীৰভাৱে জোকাৰি গৈছিল, আনফালে ঔপনিৱেশিক শাসকসকলৰ সংবেদনহীনতাই তেওঁক মনোকষ্ট দিছিল। তেওঁ পঞ্চাশেৰ মন্বন্তৰ নামৰ এখন কিতাপ লিখিছিল, য’ত তেওঁ নিজৰ ক্ষোভ উজাৰি দিছিল। ১৯৪২ চনত যেতিয়া মেদিনীপুৰত ছুপাৰ চাইক্ল’ন হৈছিল , তেতিয়া তেওঁ স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ বাবে দিনে-ৰাতিয়ে দেহে কেহে খাটি প্ৰশংসিত হৈছিল।

কলকাতাৰ এখন মহাবিদ্যালয়ত ভাষণ দি ড০ মুখাৰ্জীয়ে যুৱক-যুৱতীসকলক আহ্বান জনাইছিল, “ তোমালোকে যি কামেই হাতত নোলোৱা কিয়, সেই কামটো গুৰুত্বসহকাৰে, পুংখানুপুংখভাৱে আৰু ভালদৰে কৰিবা”। ভাৰতবৰ্ষই বিকশিত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে আমি তেওঁক দিব পৰা আটাইতকৈ উত্তম শ্ৰদ্ধাঞ্জলি হ’ল- তেওঁ গভীৰভাৱে বিশ্বাস কৰা শক্তিশালী, সংহত, আত্মবিশ্বাসী আৰু উদাৰ ভাৰত গঢ়িবলৈ প্ৰতিদিনে চেষ্টা কৰি যোৱা। আজিৰ যুৱক-যুৱতীসকলক লৈ মই নিশ্চিত যে তেওঁলোকে সেয়া সঠিকভাবেই কৰিব।