শ্ৰী নৰেন্দ্ৰ মোদী
ভাৰতৰ প্ৰধানমন্ত্ৰী

পবিত্ৰ নগৰী প্ৰয়াগৰাজত মহাকুম্ভৰ সফলতাৰে সামৰণি পৰিল। ইয়াৰ লগে লগে সম্পূৰ্ণ হ'ল একতাৰ এক বিশাল মহাযজ্ঞৰো। যেতিয়া এটা জাতিৰ চেতনা জাগ্ৰত হয়, যেতিয়া ই শতিকা প্ৰাচীন বশ্যতা স্বীকাৰৰ মানসিকতাৰ কঠিন শিকলিৰ পৰা মুক্ত হয়, তেতিয়াই জাতিটোৱে , দেশখনে নতুন শক্তিৰ সতেজ বতাহেৰে মুক্তভাৱে উশাহ ল'বলৈ সক্ষম হয়।মুক্ত চিন্তাৰে মুক্তভাবে উশাহ ল'ব পৰাৰ পৰিবেশ এটা ১৩ জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা একতাৰ মহাকুম্ভত সুন্দৰ ৰূপত প্ৰত্যক্ষ কৰা হৈছে।

২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত মই দেৱভক্তি আৰু দেশভক্তিৰ কথা কৈছিলো, মই কৈছিলো ঈশ্বৰিক আৰু দেশৰ প্ৰতি থকা ভক্তি তথা আত্মোসৰ্গাৰ বিষয়ে । প্ৰয়াগৰাজৰ মহাকুম্ভত বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু- সন্ত, মহিলা, শিশু, যুৱক-যুৱতী, জ্যেষ্ঠ নাগৰিক আৰু সকলো শ্ৰেণীৰ লোক একত্ৰিত হৈছিল। আমি এই মহাকুম্ভতেই জাতিটোৰ জাগ্ৰত চেতনাৰ প্ৰতিফলন প্ৰত্যক্ষ কৰিলোঁ। এক কথাত এয়া আছিল একতাৰ মহাকুম্ভ, য’ত এই পবিত্ৰ অনুষ্ঠানৰ বাবে ১৪০ কোটি ভাৰতীয়ৰ আৱেগ একে ঠাইতে , একে সময়তে জাগ্ৰত হৈছিল৷

প্ৰয়াগৰাজৰ এই পবিত্ৰ অঞ্চলটো হৈছে ঐক্য, সম্প্ৰীতি আৰু প্ৰেমৰ পবিত্ৰ ভূমি শৃংগভেৰপুৰ, য'ত প্ৰভু শ্ৰীৰাম আৰু নিশাদৰাজৰ সাক্ষাৎ হৈছিল। তেওঁলোকৰ এই সাক্ষাৎ ভক্তি আৰু সদিচ্ছাৰ সংগমৰ প্ৰতীক আছিল। আজিও প্ৰয়াগৰাজত সেই ভক্তি আৰু সদিচ্ছাৰ ধ্বনি অনুৰণিত হৈ আছে, যিয়ে আমাক প্ৰতি পলতে অনুপ্ৰাণিত কৰি আহিছে।

যোৱা ৪৫ টা দিনত মই লক্ষ্য কৰিছো যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কোটি কোটি লোকে সংগমলৈ বাট পোনাইছিল। সংগমস্থলীত আৱেগৰ ঢৌ উঠিছিল। ইয়ালৈ প্ৰতিগৰাকী ভক্তই এটাই উদ্দেশ্য লৈ আহিছিল – সেয়া হৈছে সংগমত পৱিত্ৰ স্নান কৰা। গংগা, যমুনা, সৰস্বতীৰ পৱিত্ৰ সংগমস্থলে প্ৰতিগৰাকী তীৰ্থযাত্ৰীক উৎসাহ, শক্তি, আত্মবিশ্বাসেৰে ভৰাই তুলিছিল।

মই ভাবো কোটি কোটি লোকে একে মনোভাবেৰে সমবেত হোৱা প্ৰয়াগৰাজৰ এই মহাকুম্ভ আধুনিক ব্যৱস্থাপনাৰ সৈতে জড়িত পেছাদাৰী, পৰিকল্পনাকাৰী আৰু নীতি বিশেষজ্ঞৰ বাবে অধ্যয়নৰ এক বিশেষ বিষয় হোৱা উচিৎ। কাৰণ পৃথিৱীৰ আন ক’তো ইমান বিশাল পৰিসৰত আয়োজিত আনুষ্ঠানৰ উদাহৰণ নাই।

সমগ্ৰ বিশ্বই আশ্বৰ্যৰে ভৰা নয়েনে প্ৰত্যক্ষ কৰিলে কিদৰে প্ৰয়াগৰাজৰ নদীৰ সংগমস্থলীৰ পাৰত কোটি কোটি মানুহ গোট খাইছিল। এই অনুষ্ঠানলৈ সেই লোকসকলক কোনো আনুষ্ঠানিক নিমন্ত্ৰণ দিয়া হোৱা নাছিল, তালৈ কেতিয়া যাব লাগিব সেই সম্পৰ্কেও পূৰ্বে কাৰো সৈতে কোনো যোগাযোগ কৰা হোৱা নাছিল। তথাপি কোটি কোটি মানুহে নিজৰ ইচ্ছামতে মহাকুম্ভলৈ ৰাওনা হৈছিল আৰু সংগমৰ পবিত্ৰ পানীত স্নান কৰাৰ আনন্দ অনুভৱ কৰিছিল।

সংগমত পৱিত্ৰ স্নান কৰাৰ পিছত অপৰিসীম আনন্দ আৰু সন্তুষ্টিৰ বিকিৰণেৰে আলোকিত হৈ পৰা সেই মুখবোৰ মই কেতিয়াও পাহৰিব নোৱাৰিম। সেয়া আছিল ঈশ্বৰিক দ্যুতি, কিবা এক প্ৰাপ্তিৰ আনন্দত উজ্জ্বল হৈ পৰা মুখ। মহিলা , বয়োজ্যেষ্ঠ, আমাৰ দিব্যাং ভাই-ভনীসকল – সকলোৱে কেৱল প্ৰয়াগৰাজৰ সংগমৰ দিশে ঢাপলি মেলিছিল।

প্ৰয়াগৰাজৰ মহাকুম্ভত ভাৰতৰ যুৱক-যুৱতীসকলৰ লক্ষ্যণীয় অংশগ্ৰহণ দেখি মই বিশেষভাবে উৎসাহিত হৈ পৰিছিলো। মহাকুম্ভত নৱপ্ৰজন্মৰ এনে বিশাল উপস্থিতিয়ে এক গভীৰ বাৰ্তা প্ৰেৰণ কৰিছে- সেয়া হৈছে ভাৰতৰ যুৱক-যুৱতীসকল আমাৰ গৌৰৱময় সংস্কৃতি আৰু ঐতিহ্যৰ ধ্বজাবাহক হিচাবে পৰিগণিত হৈছে। আমাৰ গৌৰৱময় সংস্কৃতি আৰু ঐতিহ্যৰ বিষয়ে যুৱক-যুৱতীসকলে বুজি উঠিছে আৰু এইবোৰৰ সংৰক্ষণৰ প্ৰতি তেওঁলোকৰ দায়িত্ব উপলব্ধি কৰি ইয়াক আগুৱাই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে।


প্ৰয়াগৰাজত এই মহাকুম্ভত উপস্থিত হোৱা লোকৰ সংখ্যাই নিঃসন্দেহে নতুন অভিলেখ সৃষ্টি কৰিছে। কিন্তু শাৰীৰিকভাৱে উপস্থিত থকাসকলৰ বাহিৰেও প্ৰয়াগৰাজত কায়িকভাবে উপস্থিত হ’ব নোৱাৰা কোটি কোটি লোকো এই অনুষ্ঠানৰ সৈতে আৱেগিকভাৱে গভীৰভাৱে জড়িত হৈ পৰিছিল। তীৰ্থযাত্ৰীসকলে লগত লৈ যোৱা পবিত্ৰ পানী লাখ লাখ লোকৰ বাবে আধ্যাত্মিক আনন্দৰ উৎস হৈ পৰিছিল। মহাকুম্ভৰ পৰা উভতি অহা বহু লোকক সমাজে সন্মান জনাই নিজৰ গাঁৱলৈ শ্ৰদ্ধাৰে আদৰণি জনোৱাও দেখা গৈছিল।

সঁচা অৰ্থত ক'বলৈ গ'লে যোৱা কেইসপ্তাহমানত যি ঘটিছে সেয়া আছিল অভূতপূৰ্ব আৰু ই আগন্তুক শতিকাবোৰৰ বাবে এক দৃঢ় ভেটি স্থাপন কৰিবলৈ সক্ষম হৈছে।

মানুহে কল্পনা কৰাতকৈও অধিক ভক্ত প্ৰয়াগৰাজত সমবেত হৈছে । দৰাচলতে কুম্ভৰ পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিতে প্ৰশাসনে ভক্তৰ উপস্থিতিৰ আনুমানিক হিচাপ কৰিছিল। সেয়ে কোনো অসুবিধা নোহোৱাকৈ সকলো সুচাৰু ৰূপে সম্পন্ন হৈছে৷

লক্ষ্যণীয় কথাটো হল আমেৰিকাৰ জনসংখ্যা যিমান ,তাৰ প্ৰায় দুগুণ লোকে এই একতাৰ মহাকুম্ভত অংশগ্ৰহণ কৰিছিল।

আধ্যাত্মিক পণ্ডিতসকলে যদি কোটি কোটি ভাৰতীয়ৰ এনে উৎসাহ ভৰা অংশগ্ৰহণৰ কথা বিশ্লেষণ কৰে তেন্তে তেওঁলোকে দেখিব যে নিজৰ ঐতিহ্যক লৈ ভাৰতীয়সকল কিমান গৌৰৱান্বিত আৰু তেওঁলোকে এতিয়া নতুনকৈ আৰহৰণ কৰা নৱ উদ্দীপনা তথা শক্তিৰে আগবাঢ়িছে। মোৰ বিশ্বাস- এয়া এক নতুন যুগৰ সূৰ্যোদয়, যিয়ে নতুন ভাৰতৰ ভৱিষ্যতৰ চিত্ৰনাট্য ৰচনা কৰিব৷

হাজাৰ হাজাৰ বছৰ ধৰি মহাকুম্ভই ভাৰতৰ জাতীয় চেতনাক শক্তিশালী কৰি তুলিছে। প্ৰতিটো পূৰ্ণকুম্ভই সন্ত, পণ্ডিত আৰু চিন্তাবিদৰ সমাৱেশৰ সাক্ষ্য বহন কৰিছে । প্ৰতিটো কুম্ভত সমবেত লোকসকলে নিজৰ সময়ৰ সামাজিক অৱস্থাৰ বিষয়ে আলোচনা কৰিছে৷ তেওঁলোকৰ চিন্তাৰ প্ৰতিফলনে দেশ আৰু সমাজখনক এক নতুন দিশ প্ৰদান কৰি আহিছে। প্ৰতি ছবছৰৰ মূৰে মূৰে অনুষ্ঠিত অৰ্ধকুম্ভৰ সময়ত এই ধাৰণাসমূহ পুনৰ ফঁহিয়াই চোৱা হৈছে। ১৪৪ বছৰৰ পিছত ১২টা পূৰ্ণকুম্ভ অনুষ্ঠিত হোৱাৰ অন্তত সমাজত অচল হৈ পৰা পৰম্পৰাবোৰ, ধাৰণাবোৰ পৰিত্যাগ কৰা হৈছে ৷ তাৰ ঠাইত নতুন ধাৰণাক আঁকোৱালি লোৱা হৈছে আৰু এনেদৰেই নতুন পৰম্পৰাৰ সৃষ্টি হৈ সময়ৰ লগে লগে সমাজখন আগবাঢ়ি গৈছে৷

১৪৪ বছৰৰ পাছত এই মহাকুম্ভত আমাৰ সাধু-সন্তসকলে পুনৰবাৰ ভাৰতৰ উন্নয়ন যাত্ৰাৰ বাবে আমাক এক নতুন বাৰ্তা দিছে। সেই বাৰ্তা হৈছে উন্নত ভাৰত – বিকশিত ভাৰত।

এই একতাৰ মহাকুম্ভত জাতি, ধৰ্ম আৰু মতাদৰ্শ নিৰ্বিশেষে ধনী বা দুখীয়া, ডেকা বা বুঢ়া, গাঁও বা চহৰৰ পৰা অহা লোক, ভাৰত বা বিদেশৰ পৰা অহা লোক, পূব বা পশ্চিমৰ পৰা অহা লোক, উত্তৰ বা দক্ষিণৰ পৰা অহা লোক,প্ৰতিগৰাকী তীৰ্থযাত্ৰীয়েই এক মনোভাবেৰে একত্ৰিত হৈছিল। কোটি কোটি মানুহৰ আস্থাৰে পৰিপূৰ্ণ এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ দৃষ্টিভংগীৰ এয়া আছিল এক মূৰ্ত ৰূপ। এতিয়া, উন্নত ভাৰত গঢ়াৰ অভিযানৰ বাবে আমি একে মনোভাৱেৰেই একত্ৰিত হ’ব লাগিব।

মোৰ মনলৈ আহিছে সেই ঘটনাটোৰ কথা, য’ত বালক শ্ৰী কৃষ্ণই নিজৰ মুখৰ ভিতৰত থকা সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ এটা ৰূপ তেওঁৰ মাতৃ যশোদাৰ সন্মুখত উদ্ভাসিত কৰিছিল। সেইদৰে এই মহাকুম্ভতো ভাৰতৰ সামূহিক শক্তিৰ ব্যাপক সম্ভাৱনাৰ কথাক প্ৰমাণ কৰি ভাৰতৰ লগতে বিশ্ববাসীৰ কোটি কোটি লোক একে ঠাইতে সমবেত হৈছে৷ এতিয়া আমি এই আত্মবিশ্বাসকেই আধাৰ কৰি আগবাঢ়ি যাব লাগিব আৰু এখন উন্নত ভাৰত গঢ়াৰ দিশত নিজকে উৎসৰ্গা কৰিব লাগিব।


পূৰ্বে ভক্তি আন্দোলনৰ সৈতে জড়িত সন্তসকলে সমগ্ৰ ভাৰতবৰ্ষতে আমাৰ সামূহিক সংকল্পৰ শক্তি চিনাক্ত কৰি সেইবোৰক উৎসাহিত কৰিছিল। স্বামী বিবেকানন্দৰ পৰা আৰম্ভ কৰি শ্ৰী অৰবিন্দলৈকে প্ৰতিগৰাকী মহান চিন্তাবিদে আমাক আমাৰ সামূহিক সংকল্পৰ শক্তিৰ কথা সোঁৱৰাই দিছিল। আনকি মহাত্মা গান্ধীয়েও স্বাধীনতা আন্দোলনৰ সময়তসামূহিক সংকল্পৰ শক্তিৰ কথা অনুভৱ কৰিছিল। স্বাধীনতাৰ পিছৰ এই সামূহিক শক্তিক যদি সঠিকভাৱে স্বীকৃতি দিয়া হ’লহেঁতেন আৰু সকলোৰে কল্যাণ বৃদ্ধিৰ দিশত ইয়াক ব্যৱহাৰ কৰা হ’লহেঁতেন তেন্তে ই নতুনকৈ স্বাধীনতাৰ সোৱাদ পোৱা জাতি এটাৰ বাবে এক বৃহৎ শক্তি হৈ পৰিলহেঁতেন৷ দুৰ্ভাগ্যজনকভাৱে আগতে তেনে কৰা হোৱা নাছিল। কিন্তু এতিয়া, এখন উন্নত ভাৰতৰ বাবে জনসাধাৰণৰ এই সামূহিক শক্তি একত্ৰিত কৰাৰ ধাৰণাটো পুনৰ জাগ্ৰত হোৱা দেখি মই আনন্দিত হৈ পৰিছো৷

বেদৰ পৰা আৰম্ভ কৰি বিবেকানন্দলৈকে, প্ৰাচীন শাস্ত্ৰৰ পৰা আৰম্ভ কৰি আধুনিক কৃত্ৰিম উপগ্ৰহলৈকে ভাৰতৰ মহান পৰম্পৰাই এই দেশখনক সবলৰূপত গঢ় দিছে। এজন নাগৰিক হিচাপে আমি এয়াই প্ৰাৰ্থনা কৰোঁ যাতে আমি আমাৰ পূৰ্বপুৰুষ আৰু সন্তসকলৰ স্মৃতি তথা অভিজ্ঞতাৰ পৰা নতুন প্ৰেৰণা আহৰণ কৰিব পাৰো। এই একতাৰ মহাকুম্ভই আমাক নতুন সংকল্পৰে আগবাঢ়ি যোৱাত সহায় কৰক। আহক আমি ঐক্যক আমাৰ পথ প্ৰদৰ্শক নীতি হিচাপে গঢ়ি তোলোঁ। আহক আমি এই বুজাবুজিৰে কাম কৰোঁ যাতে আমাৰ মনত দেশৰ সেৱাই হৈছে ঈশ্বৰৰ সেৱাৰ দৰে মনোভাবৰ উদয় হয়।

কাশীত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত মই কৈছিলোঁ, "মা গংগাই মোক মাতিছে।" এয়া কেৱল মোৰ বাবে আৱেগ নহয় বৰঞ্চ দায়িত্বৰ আহ্বানো আছিল৷ আমাৰ পবিত্ৰ নদীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা ৰক্ষাৰ প্ৰতি এয়া আছিল মোৰ দায়িত্ব । প্ৰয়াগৰাজৰ গংগা, যমুনা, সৰস্বতীৰ সংগমস্থলীত থিয় হৈ মোৰ সংকল্প আৰু অধিক শক্তিশালী হৈ পৰিল। আমাৰ নদীৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আমাৰ নিজৰ জীৱনৰ লগত গভীৰভাৱে জড়িত। আমাৰ সৰু-বৰ নদীবোৰক জীৱনদায়িনী মাতৃ হিচাপে জ্ঞান কৰাটো আমাৰ দায়িত্ব। এই মহাকুম্ভই আমাক আমাৰ নদ- নদীসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিশত কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰিছে।

মই জানো যে ইমান বৃহৎ অনুষ্ঠান এটা আয়োজন কৰাটো কোনো সহজ কাম নাছিল। মা গংগা, মা যমুনা আৰু মা সৰস্বতীক প্ৰাৰ্থনা জনাইছো যাতে আমাৰ ভক্তিত কিবা অভাৱ থাকিলে, কিবা খুঁত ৰৈ গ'লে আমাক ক্ষমা কৰি দিয়ে যেন৷ জনতা জনাৰ্দনক মই দেৱতাৰ মূৰ্তি হিচাপে জ্ঞান কৰিছো৷ যদি তেওঁলোকৰ সেৱাৰ ক্ষেত্ৰতো আমাৰ প্ৰচেষ্টাত কিবা খুঁত ৰৈ গৈছে , তেন্তে ৰাইজৰ ওচৰতো ক্ষমা বিচাৰিছো।

মহাকুম্ভলৈ ভক্তিৰসত নিমজ্জিত হৈ কোটি কোটি মানুহ আহিছিল । তেওঁলোকৰ সেৱা কৰাটোও আছিল ভক্তিৰ অনুভূতিৰেই পালন কৰা এটা দায়িত্ব । উত্তৰ প্ৰদেশৰ এজন সংসদ সদস্য হিচাপে মই গৌৰৱেৰে ক’ব পাৰো যে যোগী জীৰ নেতৃত্বত প্ৰশাসন আৰু ৰাইজে একেলগে কাম কৰি এই একতাৰ মহাকুম্ভ সফল কৰি তুলিলে। ৰাজ্যই হওঁক বা কেন্দ্ৰই হওঁক, ইয়াত কোনো শাসক বা প্ৰশাসক নাছিল, তাৰ পৰিৱৰ্তে ইয়াত সকলোৱে আছিল একো একোগৰাকী নিষ্ঠাবান সেৱক। অনাময় কৰ্মী, আৰক্ষী, নাৱৰীয়া, গাড়ী চালক, খাদ্য পৰিবেশন কৰা লোক - সকলোৱে অক্লান্তভাৱে কাম কৰিছিল। প্ৰয়াগৰাজৰ ৰাইজে বহু অসুবিধাৰ সন্মুখীন হৈও যিদৰে মুক্ত হৃদয়েৰে তীৰ্থযাত্ৰীসকলক আদৰণি জনাইছিল সেয়া বিশেষভাৱে প্ৰেৰণাদায়ক কথা আছিল। তেওঁলোকৰ লগতে উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ প্ৰকাশ কৰিছো।

আমাৰ দেশ খনৰ উজ্জ্বল ভৱিষ্যতকলৈ মোৰ সদায় অদম্য আস্থা আছে। এই মহাকুম্ভৰ সাক্ষী হৈ মোৰ প্ৰত্যয় আৰু বহুগুণে শক্তিশালী হৈ পৰিল৷

১৪০ কোটি ভাৰতীয়ই একতাৰ মহাকুম্ভক যিদৰে বিশ্বজনীন অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিলে সেয়া সঁচাকৈয়ে আচৰিত কথা। আমাৰ জনসাধাৰণৰ নিষ্ঠা, ভক্তি আৰু প্ৰচেষ্টাত অনুপ্ৰাণিত হৈ শীঘ্ৰেই ১২টা জ্যোতিৰ্লিংগৰ ভিতৰত প্ৰথম শ্ৰী সোমনাথৰ ওচৰলৈ গৈ এই সামূহিক জাতীয় প্ৰচেষ্টাৰ ফল তেওঁৰ ওচৰত অৰ্পণ কৰিম আৰু প্ৰতিজন ভাৰতীয়ৰ বাবে প্ৰাৰ্থনা কৰিম।

মহাশিৱৰাত্ৰিত মহাকুম্ভৰ ৰূপে হয়তো সফলতাৰে সমাপ্তিৰ ৰূপ পৰিগ্ৰহ কৰিছে, কিন্তু গংগাৰ চিৰন্তন প্ৰবাহৰ দৰেই মহাকুম্ভই জাগ্ৰত কৰা আধ্যাত্মিক শক্তি, জাতীয় চেতনা আৰু ঐক্যই আগন্তুক প্ৰজন্মল লগতে আমাক অনুপ্ৰাণিত কৰি যাব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Small tickets but big shift in MF investing: How Gen Z is rewriting India’s investment playbook

Media Coverage

Small tickets but big shift in MF investing: How Gen Z is rewriting India’s investment playbook
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
সোমনাথ স্বাভিমান পৰ্ব – দৃঢ় বিশ্বাসৰ ১০০০ বছৰ (১০২৬-২০২৬)
January 05, 2026

সোমনাথ... এই শব্দটো শুনিলেই আমাৰ অন্তৰ আৰু মন গৌৰৱৰ ভাৱেৰে ভৰি পৰে। এয়া ভাৰতৰ আত্মাৰ চিৰন্তন আহ্বান। ভাৰতৰ পশ্চিম উপকূলৰ গুজৰাটৰ প্ৰভাস পাটনত এই মহিমামণ্ডিত মন্দিৰ অৱস্থিত। দ্বাদশ জ্যোতিৰ্লিংগ স্তোত্ৰমত সমগ্ৰ ভাৰতৰ ১২ জ্যোতিৰ্লিংগৰ কথা উল্লেখ আছে। “सौराष्ट्रे सोमनाथं च..”-ৰে এই স্তোত্ৰম আৰম্ভ হৈছে। এয়া হৈছে প্ৰথম জ্যোতিৰ্লিংগ হিচাপে সোমনাথৰ সভ্যতাবাদী আৰু আধ্যাত্মিক গুৰুত্বৰ প্ৰতীক।

ইয়াত আৰু কৈছেঃ

सोमलिङ्गं नरो दृष्ट्वा सर्वपापैः प्रमुच्यते।
लभते फलं मनोवाञ्छितं मृतः स्वर्गं समाश्रयेत्॥

ইয়াৰ অৰ্থ হৈছে সোমনাথ শিৱ লিংগৰ দৰ্শনেৰে এজন লোক পাপৰ পৰা মুক্ত হ’ব পাৰে, তেওঁৰ সৎ মনোকামনা পূৰণ হ’ব পাৰে আৰু মৃত্যুৰ পিছত স্বৰ্গত স্থান লাভ কৰিব পাৰে।

কিন্তু পৰিতাপৰ কথা এয়ে যে লক্ষ-লক্ষ লোকৰ শ্ৰদ্ধা আৰু প্ৰাৰ্থনাৰ স্থল এই সোমনাথত বিদেশী আক্ৰমণকাৰীয়ে আক্ৰমণ চলাইছিল, যাৰ উদ্দেশ্য আছিল ধ্বংস, ভক্তি নহয়।

সোমনাথ মন্দিৰৰ বাবে ২০২৬ বৰ্ষটো উল্লেখযোগ্য। এই পবিত্ৰ মন্দিৰত কৰা প্ৰথমটো আক্ৰমণৰ এহেজাৰ বছৰ সম্পূৰ্ণ হৈছে। ১০২৬-ৰ জানুৱাৰীতেই বিশ্বাস আৰু সভ্যতাৰ এই মহান প্ৰতীকক ধ্বংস কৰিবলৈ বিচাৰি হিংসাত্মক আৰু বৰ্বৰোচিত আক্ৰমণৰ জৰিয়তে গজনিৰ মাহমুদে এই মন্দিৰত আক্ৰমণ কৰিছিল।

তথাপিও হাজাৰ বছৰৰ পাছতো সোমনাথৰ গৰিমা ঘূৰাই আনিবলৈ গ্ৰহণ কৰা একাধিক প্ৰচেষ্টাৰ ফলশ্ৰুতিত মন্দিৰটো পূৰ্বৰ দৰেই মহিমামণ্ডিত হৈ আছে। তেনে এটা মাইলৰ খুঁটিয়েও ২০২৬-ত ৭৫ বছৰ সম্পূৰ্ণ কৰিব। ১৯৫১-ৰ ১১ মে'-ত ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ উপস্থিতিত এক অনুষ্ঠানত ভক্তসকলৰ বাবে পুনৰুদ্ধাৰ কৰা মন্দিৰৰ দ্বাৰ মুকলি কৰা হৈছিল।

হাজাৰ বছৰ পূৰ্বে ১০২৬-ত প্ৰথম সোমনাথ আক্ৰমণৰ সময়ত চহৰখনৰ জনসাধাৰণৰ ওপৰত যি নিষ্ঠুৰ আক্ৰমণ কৰা হৈছিল আৰু মন্দিৰত ধ্বংসযজ্ঞ চলোৱা হৈছিল, সেই বিষয়ে ভিন্ন ঐতিহাসিক বিৱৰণীত বিশদভাৱে সন্নিৱিষ্ট হৈ আছে। সেয়া পঢ়িলে অন্তৰ কঁপি উঠে। ইয়াৰ প্ৰতিটো শাৰীয়েই শোক, নিষ্ঠুৰতা আৰু সময়ৰ লগতো ম্লান হ’বলৈ নিদিয়া এক দুখৰ বোজা কঢ়িয়াই।

এই আক্ৰমণৰ পৰিণতিত ভাৰত আৰু ইয়াৰ জনসাধাৰণৰ মনোবলৰ ওপৰত কেনে প্ৰভাৱ পৰিছিল, সেয়া এবাৰ কল্পনা কৰকচোন। কাৰণ, সোমনাথৰ আধ্যাত্মিক তাৎপৰ্য্য আছিল গভীৰ। ইয়াৰ উপৰিও ই উপকূলত অৱস্থিত, যিয়ে অতিশয় অৰ্থনৈতিক দক্ষতা সম্পন্ন সমাজ এখনক শক্তি প্ৰদান কৰিছিল। সামুদ্ৰিক ব্যৱসায়ী আৰু নাৱিকসকলে ইয়াৰ বৈভৱৰ কাহিনী দূৰ দূৰণিলৈ কঢ়িয়াই নিছিল।

তথাপিও মই গৌৰৱেৰে নিঃসংকোচে কওঁ যে প্ৰথম আক্ৰমণৰ হাজাৰ বছৰৰ পাছত সোমনাথৰ কাহিনী ধ্বংসৰ দ্বাৰা সংজ্ঞায়িত নহয়। বৰঞ্চ ভাৰত মাতাৰ কোটি-কোটি সন্তানৰ দৃঢ় সাহসে ইয়াৰ সংজ্ঞা নিৰূপণ কৰিছে।

হাজাৰ বছৰ পূৰ্বে ১০২৬-ত আৰম্ভ হোৱা মধ্যযুগৰ বৰ্বৰতাই আনকো সোমনাথক বাৰে-বাৰে আক্ৰমণ কৰিবলৈ ‘প্ৰেৰণা’ যোগাইছিল। সেয়া আছিল আমাৰ জনসাধাৰণ আৰু সংস্কৃতিক দাসত্বত বন্দী কৰাৰ অপপ্ৰয়াসৰ আৰম্ভণি। কিন্তু মন্দিৰত প্ৰতিবাৰ আক্ৰমণৰ সময়তেই আমাৰ পুৰুষ-মহিলাসকলে ইয়াক ৰক্ষা কৰিবলৈ থিয় দিছিল আৰু আনকি তেওঁলোকে চূড়ান্ত ত্যাগো কৰিছিল। আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰতিবাৰেই আমাৰ মহান সভ্যতাৰ জনসাধাৰণে এই আক্ৰমণক প্ৰতিহত কৰিছিল, মন্দিৰৰ পুনৰ নিৰ্মাণ কৰিছিল আৰু ইয়াক সজীৱ কৰি তুলিছিল। সোমনাথত ভক্তসকলে প্ৰাৰ্থনা কৰিব পৰাকৈ এক উদাৰ প্ৰয়াস গ্ৰহণ কৰা অহল্যাবাই হোলকাৰৰ দৰে মহান ব্যক্তিক লালন-পালন কৰা এই ভূমিয়ে আমাকো লালন-পালন কৰাটো আমাৰ বাবে সৌভাগ্যৰ কথা।

১৮৯০-ৰ দশকত স্বামী বিবেকানন্দই সোমনাথ দৰ্শন কৰিছিল আৰু সেই অভিজ্ঞতাই তেওঁক আপ্লুত কৰিছিল। ১৮৯৭-ত চেন্নাইত প্ৰদান কৰা এক বক্তৃতাত তেওঁ নিজৰ অনুভৱ ব্যক্ত কৰি কৈছিল, “দক্ষিণ ভাৰতৰ কেতবোৰ পুৰণি মন্দিৰ আৰু গুজৰাটৰ সোমনাথৰ দৰে মন্দিৰসমূহে আপোনাসৱক জ্ঞানৰ পাঠ দিব, যিকোনো পৰিমাণৰ কিতাপতকৈ জাতিৰ ইতিহাস সম্পৰ্কে অধিক গভীৰ আভাস প্ৰদান কৰিব। এই মন্দিৰসমূহে এশটা আক্ৰমণ সহ্য কৰা আৰু এশবাৰ পুনৰুত্থানৰ সাক্ষ্য বহন কৰিছে। নিৰন্তৰ ধ্বংস আৰু ধ্বংসাৱশেষৰ মাজৰপৰা অহৰহভাৱে ওলাই আহি পূৰ্বৰ দৰেই সজীৱ আৰু শক্তিশালী ৰূপ ধাৰণ কৰি আহিছে! এয়াই হৈছে ৰাষ্ট্ৰীয় মানসিকতা, এয়াই ৰাষ্ট্ৰীয় জীৱন-প্ৰবাহ। ইয়াক অনুসৰণ কৰিলে হৃদয় গৌৰৱেৰে ভৰি পৰে। ইয়াক পৰিত্যাগ কৰাৰ অৰ্থ হ’ল মৃত্যু। ইয়াৰ পৰা আঁতৰি গ’লে কেৱল ধ্বংসহে হ’ব।"

স্বাধীনতাৰ পিছত সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণৰ পবিত্ৰ কৰ্তব্য চৰ্দাৰ বল্লভভাই পেটেলৰ সক্ষম হাতলৈ আহিছিল। ১৯৪৭-ত দীপাৱলীৰ সময়ত কৰা দৰ্শনে তেওঁক ইমানেই আৱেগিক কৰি তুলিছিল যে তেওঁ তাত মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰিছিল। অৱশেষত ১৯৫১-ৰ ১১ মে’-ত ভক্তসকলৰ বাবে সোমনাথ মন্দিৰৰ দুৱাৰ মুকলি কৰা হৈছিল আৰু এই অনুষ্ঠানত ডঃ ৰাজেন্দ্ৰ প্ৰসাদে অংশগ্ৰহণ কৰিছিল। এই ঐতিহাসিক দিনটো প্ৰত্যক্ষ কৰিবলৈ মহান চৰ্দাৰ চাহাব জীয়াই নাছিল যদিও তেওঁৰ সপোনৰ পূৰ্ণতাই ৰাষ্ট্ৰৰ সন্মুখত ওখকৈ থিয় দিছিল। তদানীন্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু এই কাৰ্য্যৰ প্ৰতি বিশেষ উৎসাহী নাছিল। তেওঁ মাননীয় ৰাষ্ট্ৰপতিৰ লগতে মন্ত্ৰীসকলে এই বিশেষ কাৰ্য্যসূচীত জড়িত হোৱাটো নিবিচাৰিছিল। তেওঁ কৈছিল যে এই কাৰ্য্যসূচীয়ে ভাৰতৰ ওপৰত এক অশুভ চাপ পেলাইছে। কিন্তু ড: ৰাজেন্দ্ৰ প্ৰসাদে দৃঢ়তাৰে থিয় দিছিল আৰু বাকীখিনি ইতিহাস। চৰ্দাৰ পেটেলক ব্যাপক সমৰ্থন কৰা কে এম মুন্সীৰ প্ৰচেষ্টাক স্মৰণ নকৰাকৈ সোমনাথৰ কোনো উল্লেখ সম্পূৰ্ণ নহয়। ‘সোমনাথ : দ্য শ্ৰাইন এটাৰ্নেল’ শীৰ্ষক গ্ৰন্থকে প্ৰমুখ্য কৰি সোমনাথ বিষয়ক তেওঁৰ ৰচনাসমূহ অত্যন্ত তথ্যসমৃদ্ধ আৰু শিক্ষামূলক।

সঁচাকৈয়ে মুন্সী জীৰ কিতাপখনৰ শিৰোনামৰ দৰেই আমি এনে এক সভ্যতা যিয়ে আত্মা আৰু ধাৰণাসমূহৰ অমৰত্ব সম্পৰ্কে এক প্ৰত্যয়ৰ ভাৱ কঢ়িয়াই লৈ ফুৰো। আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে যি চিৰন্তন সেয়াই অবিনাশী। গীতাৰ বিখ্যাত বাণী “नैनं छिन्दन्ति शस्त्राणि…”-এ এই কথাকেই কৈছে। সোমনাথতকৈ আমাৰ সভ্যতাৰ অদম্য মনোভাৱৰ উত্তম উদাহৰণ আন একো হ’ব নোৱাৰে, যিয়ে অশুভ শক্তি আৰু সংগ্ৰামক অতিক্ৰমেৰে সগৌৰৱেৰে থিয় দি আছে।

শতিকাজুৰি অব্যাহত আক্ৰমণ আৰু ঔপনিৱেশিক লুণ্ঠনক অতিক্ৰম কৰি বিশ্বৰ বিকাশৰ অন্যতম উজ্জ্বল কেন্দ্ৰ আমাৰ ৰাষ্ট্ৰতো এই একেই মনোভাৱ দৃশ্যমান হৈছে। আমাৰ মূল্যবোধৰ ব্যৱস্থা আৰু আমাৰ জনসাধাৰণৰ দৃঢ়তাই ভাৰতক আজি বিশ্বৰ দৃষ্টিৰ কেন্দ্ৰবিন্দু কৰি তুলিছে। ভাৰতলৈ বিশ্বই আশাৰে চাইছে। তেওঁলোকে আমাৰ উদ্ভাৱনী যুৱক-যুৱতীসকলৰ ওপৰত বিনিয়োগ কৰিব বিচাৰিছে। আমাৰ শিল্প, সংস্কৃতি, সংগীত আৰু একাধিক উৎসৱ বিশ্বজনীন হৈ পৰিছে। যোগ আৰু আয়ুৰ্বেদে বিশ্বজুৰি প্ৰভাৱ বিস্তাৰ কৰি সুস্থ জীৱন-যাপনত সহায় কৰিছে। ভাৰতে বিশ্বৰ কেতবোৰ অতিশয় জৰুৰী প্ৰত্যাহ্বানৰ সমাধান সূত্ৰ আগবঢ়াইছে।

অনাদি কালৰে পৰাই সোমনাথে ভিন্ন শ্ৰেণীৰ লোকসকলক একত্ৰিত কৰি আহিছে। যুগ-যুগ পূৰ্বে সোমনাথলৈ এগৰাকী সন্মানীয় জৈন সন্ন্যাসী কলিকাল সৰ্বজ্ঞান হেমচন্দ্ৰচাৰ্য্যৰ আগমন ঘটিছিল। কথিত আছে যে তাত প্ৰাৰ্থনা কৰাৰ পিছত তেওঁ এটি শ্লোক গাইছিল “भवबीजाङ्कुरजनना रागाद्याः क्षयमुपगता यस्य।” ইয়াৰ অৰ্থ হৈছে – যাৰ মাজত সাংসাৰিক বন্ধনৰ বীজ ধ্বংস হৈছে, যাৰ মাজত আবেগ আৰু সকলো কু-কৰ্ম শান্ত হৈছে, সেই পৰম সত্তাক মই প্ৰণাম কৰো।।” আজিও সোমনাথে মন আৰু আত্মাত গভীৰ অনুভূতি জাগ্ৰত কৰাৰ একে সামৰ্থ্যকে ধাৰণ কৰি আছে।

১০২৬-ত প্ৰথম আক্ৰমণৰ হাজাৰ বছৰৰ পাছতো সোমনাথৰ সাগৰখনে তেতিয়াৰ দৰেই তীব্ৰতাৰে গৰ্জন কৰি আছে। সোমনাথৰ পাৰ ধুই পেলোৱা ঢৌৱে এই কাহিনীকেই কয়। যিয়েই নহওক, ঠিক ঢৌৰ দৰেই এয়া বাৰে-বাৰে বাঢ়ি গৈ থাকিল।

অতীতৰ আগ্ৰাসীবোৰ এতিয়া বতাহৰ ধূলি হৈ পৰিল, সিহঁতৰ নাম ধ্বংসৰ সমাৰ্থক। ইতিহাসৰ পাদটীকাতে তেওঁলোক আৱদ্ধ হৈ পৰাৰ বিপৰীতে দিগন্তৰ বহু ওপৰেৰে বিকিৰণ কৰি সোমনাথ উজ্জ্বল হৈ থিয় হৈ আছে। যিয়ে ১০২৬-ৰ আক্ৰমণত অক্ষত হৈ থকা চিৰন্তন আত্মাৰ কথাকেই আমাক সোঁৱৰাই দিয়ে। সোমনাথ এটি আশাৰ গীত যিয়ে আমাক কয় যে ঘৃণা আৰু ধৰ্মান্ধতাৰ ক্ষন্তেক সময়ৰ বাবে ধ্বংস কৰাৰ শক্তি থাকিব পাৰে যদিও বিশ্বাস আৰু দৃঢ়তাৰ অনন্তকালৰ বাবে সৃষ্টি কৰাৰ শক্তি আছে।

হাজাৰ বছৰৰ পূৰ্বে আক্ৰমণ কৰা আৰু তাৰ ওপৰত অবিৰত আক্ৰমণৰ সন্মুখীন হোৱা সোমনাথ মন্দিৰ যদি বাৰে-বাৰে থিয় দিব পাৰে, তেন্তে আমি নিশ্চয়কৈ আমাৰ মহান ৰাষ্ট্ৰখনক হাজাৰ বছৰৰ পূৰ্বৰ মূৰ্ত মহিমালৈ ঘূৰাই নিব পাৰিম। শ্ৰী সোমনাথ মহাদেৱৰ আশীৰ্বাদত আমি এখন বিকশিত ভাৰত গঢ়াৰ এক নতুন সংকল্পৰে অগ্ৰসৰ হৈছো, য’ত সভ্যতাবাদী প্ৰজ্ঞাই আমাক সমগ্ৰ বিশ্বৰ কল্যাণৰ বাবে কাম কৰিবলৈ পথ প্ৰদৰ্শন কৰিছে।

জয় সোমনাথ!