প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰত কয় যে যোৱা পাঁচ বছৰত চৰকাৰে প্ৰশাসন ব্যৱস্থালৈ নতুন দৃষ্টিভংগী আৰু নতুন চিন্তা কঢ়িয়াই আনিছে৷ ডিজিটেল ইণ্ডিয়াক ইয়াৰ উৎকৃষ্ট উদাহৰণ বুলি উল্লেখ কৰি তেওঁ কয় ২০১৪ৰ পূৰ্বে মাত্ৰ ৫৯খন গাঁও পঞ্চায়তত ব্ৰ’ডবেণ্ড সংযোগ উপলব্ধ আছিল, কিন্তু যোৱা ৫বছৰত ১.২৫লাখ পঞ্চায়তত ব্ৰ’ডবেণ্ড সংযোগ আগবঢ়োৱা হৈছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, ২০১৪ত দেশত ৮০হাজাৰ কমন ছাৰ্ভিচ চেণ্টাৰ আছিল, কিন্তু এতিয়া এই সংখ্যা ৩লাখ ৬৫ হাজাৰলৈ বৃদ্ধি হৈছে৷ ১২লাখৰো অধিক গ্ৰাম্য যুৱক-যুৱতীয়ে এই চেণ্টাৰসমূহৰ জৰিয়তে চৰকাৰৰ সকলো সেৱাৰ অনলাইন ডেলিভাৰী নিশ্চিত কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভিম এপছে গোলকীয় পৰ্যায়ত এক সুৰক্ষিত ডিজিটেল লেনদেন ব্যৱস্থা হিচাপে স্বীকৃতি লাভ কৰিছে৷ জানুৱাৰী মাহত ভিম এপছত অভিলেখসংখ্যক ২লাখ ১৬হাজাৰ কোটিৰ লেনদেন সম্পন্ন হৈছে৷ তেওঁ কয় যে ভাৰতৰ ৰুপে’ কাৰ্ডেও এতিয়া বিশ্বৰ কেইবাখনো দেশত গ্ৰহণযোগ্যতা লাভ কৰিছে৷

জল জীৱন মিছনঃ

প্ৰধানমন্ত্ৰীয়ে কয় যে এইখন চৰকাৰৰ দৃষ্টিভংগীৰ আন এক উদাহৰণ হ’ল জল জীৱন মিছন৷ প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানীৰ সংযোগ দিয়াৰ লক্ষ্য লোৱা এই মিছন হ’ল স্থানীয় প্ৰশাসনৰ আৰ্হিৰ আন এক উৎকৃষ্ট উদাহৰণ৷
তেওঁ কয় যে যদিও কেন্দ্ৰীয় চৰকাৰে এই মিছনৰ আৰম্ভণি কৰিছিল, কিন্তু ইয়াৰ ব্যৱস্থাপনা গাঁও পৰ্যায়তহে হ’ব৷ গাঁও কমিটিয়ে ইয়াক ৰূপায়ন কৰিব৷

সহযোগিতামূলক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ শ্ৰেষ্ঠ উদাহৰণঃ আকাংক্ষিত জিলা কাৰ্যসূচী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু জিলা প্ৰাশাসনে দেশৰ ১০০ৰো অধিক জিলাৰ উন্নয়নৰ বাবে একত্ৰিতভাৱে কাম কৰি আছে৷ ই হ’ল যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ এক উৎকৃষ্ট উদাহৰণ৷ তেওঁ পুনৰ কয় যে চৰকাৰে এই আকাংক্ষিত জিলাসমূহত দৰিদ্ৰ, জনজাতীয় লোকৰ উন্নয়নৰ বাবে সকলো প্ৰচেষ্টা হাতত লৈছে৷

সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সংবেদনশীলভাৱে কাম কৰি আছো

প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা ৫বছৰত হোৱা কামসমূহ দেশৰ সকলো জনজাতীয় যোদ্ধাৰ সন্মানাৰ্থে সম্পন্ন কৰা হৈছে৷ দেশৰ ভিন্ন প্ৰান্তত সংগ্ৰহালয় স্থাপন কৰা হৈছে, গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰা হৈছে আৰু জনজাতীয় কলা আৰু সংস্কৃতিৰ ডিজিটেলকৰণ কৰা হৈছে৷ জনজাতীয় অঞ্চলৰ প্ৰতিভাৱান শিশুৰ বাবে উন্নত শিক্ষা নিশ্চিত কৰিবলৈ একলব্য মডেল আৱাসিক স্কুল স্থাপন কৰা হৈছে৷

“ইয়াৰ লগতে জনজাতীয় অঞ্চলসমূহত ৩হাজাৰ বন সম্পদ কেন্দ্ৰ স্থাপন কৰা হৈছে, যাতে বন সম্পদৰ পৰা অধিক উপাৰ্জন সৃষ্টি কৰিব পৰা যায়৷ ই ৩০হাজাৰ আত্ম-সহায়ক গোটক জড়িত কৰিব৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

মহিলা সৱলীকৰণৰ প্ৰতি চৰকাৰ সংকল্পবদ্ধঃ

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এইখন চৰকাৰে মহিলা সৱলীকৰণৰ বাবে কেইবাটাও পদক্ষেপ হাতত লৈছে৷ “দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মিলিটাৰী স্কুলত কন্যাৰ নামভৰ্তিত অনুমোদন জনোৱা হৈছে৷ মিলিটাৰী পুলিচত মহিলাৰ নিযুক্তিৰ কামো অব্যাহত আছে৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

দেশত মহিলাৰ সুৰক্ষাৰ বাবে ৬০০ৰো অধিক ৱান-ষ্ট’প চেণ্টাৰ স্থাপন কৰা হৈছে৷ দেশৰ প্ৰতিখন বিদ্যালয়ত পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ছোৱালীৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ অন্তৰ্ভুক্ত কৰা হৈছে৷ লিংগ অপৰাধীক চিনাক্ত কৰিবলৈ আৰু ধৰা পেলাবলৈ এক ৰাষ্ট্ৰীয় ডাটাবেছ তৈয়াৰ কৰা হৈছে৷ তদুপৰি, দেশৰ প্ৰতিখন জিলাত মানৱ সৰবৰাহ প্ৰতিৰোধী গোট স্থাপনৰ চিন্তা-চৰ্চা চলি আছে৷ শিশুৰ সৈতে হোৱা গুৰুতৰ যৌন আতিশায্য ৰোধ কৰিবলৈ পিঅ’চিএছঅ’ আইনৰ সংশোধন গঠোৱা হৈছে৷ সময়মতে ন্যায় লাভৰ বাবে দেশৰ ভিন্ন প্ৰান্তত ১ হাজাৰৰো অধিক ফাষ্ট ট্ৰেক আদালত নিৰ্মাণ কৰা হ’ব৷

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year

Media Coverage

IIT Madras incubates 112 startups, files 431 patents in FY26 milestone year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 এপ্ৰিল 2026
April 28, 2026

From Orchids to Expressways: PM Modi’s Blueprint for a Self-Reliant, Connected & Proud India