‘শতিকাৰ ভয়ংকৰ দুৰ্যোগৰ মাজত এই বছৰৰ বাজেটে বিকাশৰ এক নতুন আত্মবিশ্বাস লৈ আহিছে’
‘এই বাজেটে অৰ্থব্যৱস্থা শক্তিশালী কৰাৰ লগতে সাধাৰণ লোকৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব’
‘এই বাজেট অধিক আন্তঃগাঁথনি, অধিক বিনিয়োগ, অধিক বিকাশ আৰু অধিক চাকৰিৰ সুযোগেৰে পৰিপূৰ্ণ’
‘এই বাজেটখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশবোৰৰ ভিতৰত এটা হৈছে দৰিদ্ৰলোকৰ কল্যাণ’
‘কৃষিক লাভজনক আৰু নতুন সুযোগেৰে পৰিপূৰ্ণ কৰাই হৈছে বাজেটৰ বিধানসমূহৰ লক্ষ্য’

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই বছৰৰ বাজেটখনে এটা শতিকাৰ দুৰ্যোগৰ মাজত উন্নয়নৰ এক নতুন আত্মবিশ্বাস কঢ়িয়াই লৈ আহিছে। তেওঁ কয়, ‘এই বাজেটে অৰ্থনীতিক শক্তিশালী কৰাৰ লগতে সাধাৰণ লোকৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব’।

লোকসভাত কেন্দ্ৰীয় বাজেট উত্থাপন হোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে কয় যে এইবাৰৰ বাজেটখন অধিক আন্তঃগাঁথনি, অধিক বিনিয়োগ, অধিক বিকাশ আৰু অধিক চাকৰিৰ সুযোগেৰে পৰিপূৰ্ণ।’ তেওঁ কয়, এই বাজেটে কেৱল সমসাময়িক সমস্যাই সমাধান নকৰে, ইয়ে যুৱসকলৰ উজ্জ্বল ভৱিষ্যত নিশ্চিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষকসকলৰ বাবে ড্ৰোন, বন্দে ভাৰত ৰে’ল, ডিজিটেল মুদ্ৰা, ৫ জি সেৱা, ৰাষ্ট্ৰীয় ডিজিটেল স্বাস্থ্য ব্যৱস্থাৰ দৰে পদক্ষেপৰ জৰিয়তে জীৱনৰ প্ৰতিটো ক্ষেত্ৰত আধুনিকতা আৰু প্ৰযুক্তিৰ অন্বেষণে আমাৰ যুৱ প্ৰজন্ম, মধ্যবিত্ত, দৰিদ্ৰ, দলিত আৰু পিছপৰা শ্ৰেণীক যথেষ্ট উপকৃত কৰিব।

প্ৰধানমন্ত্ৰীয়ে দৰিদ্ৰৰ কল্যাণ এই বাজেটৰ অন্যতম গুৰুত্বপূৰ্ণ দিশ বুলি উল্লেখ কৰে। তেওঁ কয়, বাজেটৰ লক্ষ্য হৈছে প্ৰতিটো দৰিদ্ৰ পৰিয়ালৰ বাবে পকী ঘৰ, শৌচালয়, কলৰ পানী আৰু গেছ সংযোগ নিশ্চিত কৰা। একে সময়তে আধুনিক ইণ্টাৰনেট সংযোগৰ ওপৰতো গুৰুত্ব দিয়া হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত প্ৰথমবাৰৰ বাবে হিমাচল, উত্তৰাখণ্ড, জম্মু কাশ্মীৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ দৰে অঞ্চলত ‘পৰ্বতমালা’ আঁচনি আৰম্ভ কৰা হৈছে। তেওঁ কয়, এই আঁচনিয়ে পাহাৰীয়া অঞ্চলসমূহত পৰিবহনৰ আধুনিক ব্যৱস্থা গঢ়ি তোলাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে লাখ লাখ ভাৰতীয়ৰ বিশ্বাসৰ কেন্দ্ৰস্থল গংগা নদী পৰিষ্কাৰ কৰাৰ লগতে চৰকাৰে উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ দৰে পাঁচখন ৰাজ্যৰ নদীৰ পাৰত প্ৰাকৃতিক কৃষি কৰিবলৈ উৎসাহ যোগাব। তেওঁ কয়, কৃষকসকলৰ কল্যাণৰ বাবে ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু এই পদক্ষেপে গংগা নদীক ৰাসায়নিক মুক্ত কৰাত সহায় কৰিব।

বাজেটৰ বিধানসমূহৰ লক্ষ্য হৈছে কৃষিক লাভজনক আৰু নতুন সুযোগেৰে পৰিপূৰ্ণ কৰা। নতুন কৃষি ষ্টাৰ্টআপক উৎসাহিত কৰাৰ বাবে বিশেষ পুঁজি আৰু খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ বাবে পেকেজৰ দৰে পদক্ষেপে কৃষকসকলৰ উপাৰ্জন বৃদ্ধিত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে কয়, ন্যূনতম সহায়ক মূল্যৰ জৰিয়তে ফচল ক্ৰয়ৰ ফলত কৃষকসকলৰ একাউণ্টত ২.২৫ লাখ কোটি টকাতকৈও অধিক টকা স্থানান্তৰ হৈছে।

ঋণ গেৰাণ্টিৰ অভিলেখ বৃদ্ধিৰ লগতে বাজেটত বহুতো আঁচনিৰ কথা ঘোষণা কৰা হৈছে। তেওঁ কয়, ‘ঘৰুৱা উদ্যোগৰ বাবে প্ৰতিৰক্ষা মূলধন বাজেটৰ ৬৮ শতাংশ সংৰক্ষণৰ দ্বাৰা ভাৰতৰ এমএছএমই খণ্ড যথেষ্ট লাভান্বিত হ’ব। ৭.৫ লাখ কোটি টকাৰ ৰাজহুৱা বিনিয়োগে অৰ্থনীতিক নতুন মাত্ৰা প্ৰদান কৰিব আৰু ক্ষুদ্ৰ আৰু অন্যান্য উদ্যোগৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব’।

প্ৰধানমন্ত্ৰীয়ে এখন ‘জন-অনুকূল আৰু প্ৰগতিশীল বাজেট’ৰ বাবে বিত্তমন্ত্ৰী আৰু তেওঁৰ দলক অভিনন্দন জ্ঞাপন কৰে।

 

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost

Media Coverage

'Make in India' radar programme to help Tejas track targets gets Rs 2,205 crore boost
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 01 আগষ্ট 2026
August 01, 2026

Aatmanirbhar Bharat Delivers: Indigenous Power, Farmer Prosperity & Blue Economy