Viksit Bharat Budget 2025-26 will fulfill the aspirations of 140 crore Indians: PM
Viksit Bharat Budget 2025-26 is a force multiplier: PM
Viksit Bharat Budget 2025-26 empowers every citizen: PM
Viksit Bharat Budget 2025-26 will empower the agriculture sector and give boost to rural economy: PM
Viksit Bharat Budget 2025-26 greatly benefits the middle class of our country: PM
Viksit Bharat Budget 2025-26 has a 360-degree focus on manufacturing to empower entrepreneurs, MSMEs and small businesses: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে ২০২৫-২৬ চনৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত নিজৰ মন্তব্য আগবঢ়ায়। আজি উথ্থাপিত বাজেটখন ভাৰতৰ উন্নয়নৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হোৱা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এই বাজেটে ১৪০ কোটি ভাৰতীয়ৰ আশা-আকাংক্ষা প্ৰতিফলিত কৰিছে আৰু প্ৰতিগৰাকী নাগৰিকৰ সপোন পূৰণ কৰিব। তেওঁ উল্লেখ কৰে যে যুৱ-প্ৰজন্মৰ বাবে কেবাটাও খণ্ড মুকলি কৰা হৈছে আৰু সাধাৰণ নাগৰিকে বিকশিত ভাৰত (উন্নত ভাৰত)ৰ অভিযান চলাব। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে এইখন বাজেট হৈছে এক শক্তি গুণক, যি সঞ্চয়, বিনিয়োগ, উপভোগ আৰু বিকাশৰ হাৰ বৃদ্ধি কৰিব। তেওঁ কেন্দ্ৰীয় বিত্ত আৰু কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ আৰু তেওঁৰ দলটোক এই 'পিপলছ বাজেট'ৰ বাবে অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে সাধাৰণতে বাজেটৰ গুৰুত্ব চৰকাৰৰ কোষাগাৰ কেনেদৰে পূৰণ কৰিব পাৰি তাৰ ওপৰতে সীমিত থাকে। পিচে, এইখন বাজেটত নাগৰিকসকলৰ জেপ কেনেদৰে পূৰণ কৰিব পাৰি, তেওঁলোকৰ সঞ্চয় কেনেদৰে বৃদ্ধি কৰিব পাৰি আৰু তেওঁলোকক দেশৰ উন্নয়নত কেনেদৰে অংশীদাৰ কৰিব পাৰি সেই প্ৰসংগতহে গুৰুত্ব দিয়া হৈছে বুলি তেওঁ মন্তব্য কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এইখন বাজেটে এই লক্ষ্যসমূহৰ আধাৰ স্থাপন কৰিছে।


"এইখন বাজেটত সংস্কাৰৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে", শ্ৰী মোদীয়ে কয় আৰু পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডক উত্সাহিত কৰাৰ ঐতিহাসিক সিদ্ধান্ত সন্দৰ্ভতো আলোকপাত কৰে। তেওঁ লগতে কয় যে অসামৰিক পাৰমাণৱিক শক্তিয়ে ভৱিষ্যতে দেশৰ উন্নয়নত এক গুৰুত্বপূৰ্ণ অৱদান নিশ্চিত কৰিব। তেওঁ জোৰ দি কয় যে বাজেটত সকলো ধৰণৰ নিযুক্তি খণ্ডক প্ৰাথমিকতা প্ৰদান কৰা হৈছে। আগন্তুক সময়ত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব পৰা দুটা গুৰুত্বপূৰ্ণ সংস্কাৰৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে জাহাজ নিৰ্মাণক আন্তঃগাঁথনিৰ মৰ্যাদা প্ৰদান কৰিলে ভাৰতত বৃহৎ জাহাজ নিৰ্মাণত সহায় হ'ব, ‘আত্মনিৰ্ভৰ ভাৰত অভিযান’ ত্বৰান্বিত হ'ব আৰু আন্তঃগাঁথনি শ্ৰেণীৰ অধীনত ৫০ খন পৰ্যটন স্থলীত হোটেল নিৰ্মাণক অন্তৰ্ভুক্ত কৰিলে পৰ্যটন যথেষ্ট বৃদ্ধি পাব, আতিথ্য খণ্ডক নতুন শক্তি প্ৰদান কৰিব। যিটো হৈছে সৰ্ববৃহৎ নিযুক্তি খণ্ড। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশখনে "বিকাশ ভী, বিৰাসত ভী" (উন্নয়নো আৰু ঐতিহ্যও) মন্ত্ৰেৰে আগবাঢ়িছে। তেওঁ উল্লেখ কৰে যে ‘জ্ঞান ভাৰতম মিছন’-ৰ শুভাৰম্ভৰ জৰিয়তে এক কোটি পাণ্ডুলিপি সংৰক্ষণৰ বাবে এই বাজেটত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰিও, ভাৰতীয় জ্ঞান পৰম্পৰাৰ দ্বাৰা অনুপ্ৰাণিত এক ৰাষ্ট্ৰীয় ডিজিটেল ভঁৰাল সৃষ্টি কৰা হ'ব।

কৃষকসকলৰ বাবে বাজেটত কৰা ঘোষণাই কৃষি খণ্ড আৰু সমগ্ৰ গ্ৰাম্য অৰ্থনীতিত এক নতুন বিপ্লৱৰ ভেটি স্থাপন কৰিব বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে ‘প্ৰধানমন্ত্ৰী ধন-ধন্য কৃষি যোজনা’ৰ অধীনত ১০০ খন জিলাত জলসিঞ্চন আৰু আন্তঃগাঁথনি উন্নয়ন নিশ্চিত হ'ব বুলি উল্লেখ কৰে। তেওঁ জোৰ দি কয় যে ‘কিষাণ ক্ৰেডিট কাৰ্ড’ৰ সীমা ৩ লাখ টকাৰ পৰা ৫ লাখ টকালৈ বৃদ্ধি কৰিলে কৃষকসকলক অধিক সহায় আগবঢ়োৱা হ'ব।


বাজেটত ১২ লাখ টকালৈকে উপাৰ্জনক কৰৰ পৰা ৰেহাই দিয়া হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সকলো আয় গোটৰ বাবে কৰ হ্ৰাস কৰা হৈছে, যাৰ ফলত মধ্যবিত্ত শ্ৰেণী আৰু নতুনকৈ নিযুক্তি লাভ কৰা লোকসকল যথেষ্ট লাভান্বিত হ'ব।


প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয়, "উদ্যোগী, এমএছএমই আৰু ক্ষুদ্ৰ ব্যৱসায়ক শক্তিশালী কৰা, নতুন চাকৰি সৃষ্টি কৰাৰ বাবে উৎপাদনৰ ক্ষেত্ৰত বাজেটত ‘৩৬০ ডিগ্ৰী’ গুৰুত্ব দিয়া হৈছে"। তেওঁ উল্লেখ কৰে যে পৰিষ্কাৰ প্ৰযুক্তি, চামৰা, জোতা আৰু পুতলা উদ্যোগৰ দৰে খণ্ডই ৰাষ্ট্ৰীয় উৎপাদন অভিযানৰ অধীনত বিশেষ সমৰ্থন লাভ কৰিছে। তেওঁ গুৰুত্ব প্ৰদান কৰি কয় যে ভাৰতীয় সামগ্ৰীসমূহ বিশ্ববজাৰত জিলিকি থকাটো নিশ্চিত কৰাৰ লক্ষ্য স্পষ্ট আছিল।


বাজেটত ৰাজ্যসমূহত এক প্ৰাণৱন্ত আৰু প্ৰতিযোগিতামূলক বিনিয়োগৰ পৰিৱেশ গঢ়ি তোলাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে ‘এমএছএমই’ আৰু ‘ষ্টাৰ্টআপ’ৰ বাবে ‘ঋণ গেৰাণ্টী’ দুগুণ কৰাৰ ঘোষণাত আলোকপাত কৰে। তেওঁ প্ৰথমবাৰৰ বাবে উদ্যোগী হোৱা অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু মহিলাসকলৰ বাবে ‘গেৰাণ্টী’ নোহোৱাকৈয়ে ২ কোটি টকালৈকে ঋণ প্ৰদান কৰাৰ আঁচনি আৰম্ভ কৰাৰ কথা উল্লেখ কৰে। তেওঁ অস্থায়ীভাৱে নিয়োজিত শ্ৰমিকসকলৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণাত গুৰুত্ব আৰোপ কৰে, প্ৰথমবাৰৰ বাবে ই-শ্ৰম পৰ্টেলত তেওঁলোকৰ পঞ্জীয়নৰ সৈতে, যাৰ ফলত তেওঁলোকে স্বাস্থ্যসেৱা আৰু অন্যান্য সামাজিক সুৰক্ষা আঁচনিসমূহ প্ৰাপ্ত কৰিব পাৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ই শ্ৰমিকৰ মৰ্যাদাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰিছে। তেওঁ উল্লেখ কৰে যে ‘জন বিশ্বাস ২.০’ ৰ দৰে নিয়ামক আৰু বিত্তীয় সংস্কাৰে নিম্নতম চৰকাৰ আৰু বিশ্বাস-আধাৰিত শাসনৰ প্ৰতি প্ৰতিশ্ৰুতি শক্তিশালী কৰিব।


ভাষণৰ সামৰণি মাৰিবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এইখন বাজেটে কেৱল দেশৰ বৰ্তমানৰ প্ৰয়োজনীয়তাসমূহৰ সমাধান কৰাই নহয়, ভৱিষ্যতৰ বাবে প্ৰস্তুতি তৈয়াৰ কৰাতো সহায় কৰিব। তেওঁ ‘ডিপ টেক ফাণ্ড’, ‘জিঅ'স্পেচিয়েল মিছন’ আৰু ‘নিউক্লিয়াৰ এনাৰ্জী মিছন’-কে ধৰি ষ্টাৰ্টআপৰ বাবে লোৱা পদক্ষেপসমূহত আলোকপাত কৰে। তেওঁ এই ঐতিহাসিক বাজেটখনৰ বাবে সকলো নাগৰিকক অভিনন্দন জ্ঞাপন কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?

Media Coverage

PM Modi inaugurates Northeast’s first Emergency Landing Facility in Moran. Why it matters?
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 ফেব্ৰুৱাৰী 2026
February 15, 2026

Visionary Leadership in Action: From AI Global Leadership to Life-Saving Reforms Under PM Modi