আজি দিয়া নিযুক্তিবোৰ কেৱল চৰকাৰী চাকৰি নহয়, ৰাষ্ট্ৰ নিৰ্মাণত সক্ৰিয়ভাৱে অৰিহণা যোগোৱাৰ সুযোগঃ প্ৰধানমন্ত্ৰী
যেতিয়া যুৱক-যুৱতীসকল সফল হয়, তেতিয়া দেশ সফল হয়ঃ প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে কেৱল ৰোজগাৰ মেলাৰ জৰিয়তে ১১ লাখৰো অধিক নিযুক্তি পত্ৰ জাৰি কৰিছেঃ প্ৰধানমন্ত্ৰী
দীপাৱলীৰ অভিলেখ বিক্ৰীয়ে দেখুৱাইছে যে কেনেদৰে জিএছটি সঞ্চয় উৎসৱে চাহিদা, উৎপাদন আৰু নিযুক্তি শক্তিশালী কৰিছেঃ প্ৰধানমন্ত্ৰী
প্ৰতিভা সেতু প'ৰ্টেলে নিশ্চিত কৰে যে ইউ পি এছ চিৰ প্ৰতিভা হেৰাই নাযায় - ইয়াক ৰাষ্ট্ৰ নিৰ্মাণৰ দিশে পুনৰ নিৰ্দেশিত কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
ইয়াৰ ফলত তেওঁলোকৰ পৰিয়াললৈ অহা অপৰিসীম আনন্দক তেওঁ স্বীকাৰ কৰে আৰু সকলো প্রাপক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক অভিনন্দন জনায় আৰু তেওঁলোকৰ জীৱনৰ এই নতুন আৰম্ভণিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাত ভাষণ দিয়ে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই বছৰৰ পোহৰৰ উৎসৱ দীপাৱলীয়ে সকলোৰে জীৱনলৈ নতুন পোহৰ কঢ়িয়াই আনিছে। উৎসৱ উদযাপনৰ মাজতে, স্থায়ী চাকৰিৰ বাবে নিযুক্তি পত্ৰ লাভ কৰাটোৱে আনন্দৰ মাত্ৰা দুগুণ কৰে - উৎসৱৰ আনন্দ আৰু নিযুক্তিৰ সফলতা দুয়োটাই। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই সুখ আজি সমগ্ৰ দেশৰ ৫১,০০০ৰো অধিক যুৱক-যুৱতীয়ে অনুভৱ কৰিছে। ইয়াৰ ফলত তেওঁলোকৰ পৰিয়াললৈ অহা অপৰিসীম আনন্দক তেওঁ স্বীকাৰ কৰে আৰু সকলো প্রাপক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক অভিনন্দন জনায় আৰু তেওঁলোকৰ জীৱনৰ এই নতুন আৰম্ভণিৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

 

নৱনিযুক্ত যুৱক-যুৱতীসকলৰ মাজত পূৰ্ণ হোৱা সপোনৰ পৰা জন্ম লোৱা উৎসাহ, কঠোৰ পৰিশ্ৰমৰ সামৰ্থ্য আৰু আত্মবিশ্বাসৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে যেতিয়া এই মনোভাৱ ৰাষ্ট্ৰক সেৱা কৰাৰ আগ্ৰহৰ সৈতে একত্ৰিত কৰা হয়, তেতিয়া তেওঁলোকৰ সফলতাই ব্যক্তিগত সাফল্যক অতিক্ৰম কৰে আৰু দেশৰ বাবে এক বিজয় হৈ পৰে। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে আজিৰ নিযুক্তি কেৱল চৰকাৰী চাকৰি নহয়, বৰঞ্চ ৰাষ্ট্ৰ নিৰ্মাণত সক্ৰিয়ভাৱে অৰিহণা যোগোৱাৰ সুযোগ। তেওঁ আস্থা প্ৰকাশ কৰে যে নিযুক্তি লাভ কৰাসকলে নিষ্ঠা আৰু আন্তৰিকতাৰে কাম কৰিব আৰু ভৱিষ্যতৰ ভাৰতৰ বাবে উন্নত ব্যৱস্থা সৃষ্টি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰীয়ে নৱনিযুক্তসকলক 'নাগৰিক দেৱ ভৱ' মন্ত্ৰ পাহৰি নাযাবলৈ আৰু সেৱা তথা সমৰ্পণৰ মনোভাৱ বজাই ৰাখি কাম কৰিবলৈ আহ্বান জনায়।

 

"যোৱা ১১ বছৰ ধৰি ৰাষ্ট্ৰই এখন উন্নত ভাৰত গঢ়ি তোলাৰ সংকল্প লৈ আগবাঢ়ি আছে, যুৱপ্ৰজন্মই এই যাত্ৰাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে", প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে যুৱ সবলীকৰণ তেওঁলোকৰ চৰকাৰৰ বাবে এক সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈ আছে। তেওঁ উল্লেখ কৰে যে ৰোজগাৰ মেলা যুৱ ভাৰতীয়সকলৰ আকাংক্ষা পূৰণৰ এক শক্তিশালী মাধ্যম হৈ পৰিছে, শেহতীয়াকৈ এই মেলাৰ জৰিয়তে ১১ লাখতকৈও অধিক নিযুক্তি পত্ৰ জাৰি কৰা হৈছে। শ্ৰী মোদীয়ে লগতে কয় যে এই প্ৰচেষ্টা কেৱল চৰকাৰী চাকৰিৰ মাজতে সীমাবদ্ধ নহয়। চৰকাৰে ৩.৫ কোটি যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ লক্ষ্যৰে 'পিএম বিকশিত ভাৰত ৰোজগাৰ যোজনা "আৰম্ভ কৰিছে। তেওঁ লগতে মন্তব্য কৰে যে স্কিল ইণ্ডিয়া মিছনৰ দৰে উদ্যোগসমূহে যুৱপ্ৰজন্মক প্ৰয়োজনীয় প্ৰশিক্ষণৰে সজ্জিত কৰি তুলিছে, আনহাতে ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱাৰ দৰে মঞ্চসমূহে তেওঁলোকক নতুন সুযোগৰ সৈতে সংযোগ কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে এই মঞ্চৰ জৰিয়তে ইতিমধ্যে ৭ কোটিৰো অধিক খালী পদৰ তথ্য যুৱক-যুৱতীসকলৰ সৈতে ভাগ বাটোৱাৰা কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ঘোষণা কৰে-'প্ৰতিভা সেতু পৰ্টেল' - যিয়ে ইউ পি এছ চিৰ চূড়ান্ত তালিকাত উপনীত হোৱা কিন্তু নিৰ্বাচিত নোহোৱা প্ৰাৰ্থীসকলক সুযোগ প্ৰদান কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে তেওঁলোকৰ প্ৰচেষ্টা বিফল নহ'ব, কিয়নো ব্যক্তিগত আৰু ৰাজহুৱা দুয়োটা প্ৰতিষ্ঠানে এতিয়া প'ৰ্টেলৰ জৰিয়তে এই প্ৰতিভাশালী ব্যক্তিসকলৰ সৈতে জড়িত হৈ আছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে যুৱ প্ৰতিভাৰ এই সৰ্বোত্তম ব্যৱহাৰে বিশ্বৰ সন্মুখত ভাৰতৰ যুৱ সামৰ্থ্য প্ৰদৰ্শন কৰিব।

 

জি এছ টি সঞ্চয় উৎসৱৰ দ্বাৰা উৎসৱৰ বতৰ সমৃদ্ধ হোৱাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে সমগ্ৰ দেশতে জি এছ টিৰ হাৰ হ্ৰাসৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সংস্কাৰৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এই সংস্কাৰসমূহৰ প্ৰভাৱ গ্ৰাহকৰ সঞ্চয় কৰাৰ বাহিৰেও পৰৱৰ্তী প্ৰজন্মৰ জিএছটি সংস্কাৰসমূহে নিযুক্তিৰ সুযোগো বৃদ্ধি কৰিছে। যেতিয়া দৈনন্দিন সামগ্ৰীসমূহ মূল্য কমে, চাহিদা বৃদ্ধি পায়; চাহিদা বৃদ্ধিৰ ফলত উৎপাদন আৰু যোগান শৃংখল ত্বৰান্বিত হয়; আৰু অধিক কাৰখানাৰ উৎপাদনৰ ফলত নতুন চাকৰিৰ সৃষ্টি হয়। সেয়েহে, জিএছটি সঞ্চয় উৎসৱো এক নিয়োগ উৎসৱলৈ ৰূপান্তৰিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ধনতেৰছ আৰু দীপাৱলীৰ সময়ত নতুন অভিলেখ স্থাপন আৰু পুৰণি অভিলেখ অতিক্ৰম কৰি অভিলেখ ভংগকাৰী বিক্ৰীৰ কথা উল্লেখ কৰে, যিয়ে প্ৰদৰ্শন কৰে যে কেনেদৰে জিএছটি সংস্কাৰে দেশৰ অৰ্থনীতিত নতুন গতি প্ৰদান কৰিছে। তেওঁ এমএছএমই খণ্ড আৰু খুচুৰা বাণিজ্যৰ ওপৰত এই সংস্কাৰৰ ইতিবাচক প্ৰভাৱৰ কথা উল্লেখ কৰে, যিয়ে এতিয়া উৎপাদন, পৰিবহন আৰু আনুসংগিক ব্যয়, পেকেজিং আৰু বিতৰণত নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিছে।

 

ভাৰতৰ যুৱক-যুৱতীসকলৰ শক্তি ইয়াৰ অন্যতম বৃহৎ সম্পদ বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে এই বিশ্বাস আৰু আত্মবিশ্বাসে বৈদেশিক নীতিকে ধৰি সকলো ক্ষেত্ৰত ৰাষ্ট্ৰৰ প্ৰগতিৰ পথ প্ৰদৰ্শন কৰে বুলি কয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ কূটনৈতিক সম্পৰ্ক আৰু গোলকীয় বুজাবুজি চুক্তিত যুৱ প্ৰশিক্ষণ, দক্ষতা বৃদ্ধি আৰু নিযুক্তি সৃষ্টিৰ ব্যৱস্থা ক্ৰমান্বয়ে অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ উল্লেখ কৰে যে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ শেহতীয়া ভ্ৰমণৰ সময়ত দুয়োখন ৰাষ্ট্ৰই কৃত্ৰিম বুদ্ধিমত্তা, ফিনটেক আৰু পৰিষ্কাৰ শক্তিৰ দৰে খণ্ডত বিনিয়োগ বৃদ্ধি কৰিবলৈ সন্মত হৈছিল। তেওঁ লগতে কয় যে কেইমাহমান পূৰ্বে ভাৰত আৰু ব্ৰিটেইনৰ মাজত স্বাক্ষৰিত মুক্ত বাণিজ্য চুক্তিয়েও নতুন সুযোগ মুকলি কৰিব। একেদৰে, কেইবাখনো ইউৰোপীয় দেশৰ সৈতে বিনিয়োগ অংশীদাৰিত্বই হাজাৰ হাজাৰ নতুন নিয়োগৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ব্ৰাজিল, ছিংগাপুৰ, কোৰিয়া আৰু কানাডাৰ দৰে দেশসমূহৰ সৈতে হোৱা চুক্তিসমূহে বিনিয়োগ বৃদ্ধি কৰিব, ষ্টাৰ্টআপ আৰু এমএছএমইক সহায় কৰিব, ৰপ্তানি বৃদ্ধি কৰিব আৰু যুৱক-যুৱতীসকলৰ বাবে বিশ্বৰ বিভিন্ন প্ৰকল্পত কাম কৰাৰ নতুন সুযোগ সৃষ্টি কৰিব।

 

আজি আলোচনা কৰা সফলতা আৰু দৃষ্টিভংগীয়ে অনাগত সময়ত নৱনিযুক্ত যুৱক-যুৱতীসকলৰ পৰা গুৰুত্বপূৰ্ণ অৱদান লাভ কৰিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উন্নত ভাৰতৰ লক্ষ্যৰ দিশত নিৰন্তৰ প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে তেওঁলোকৰ দৰে যুৱ কৰ্মযোগীসকলে এই সংকল্পক সফল কৰি তুলিব। তেওঁ এই যাত্ৰাত 'আই-গট কৰ্মযোগী ভাৰত প্লেটফৰ্ম' ৰ উপযোগিতাৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে প্ৰায় ডেৰ কোটি চৰকাৰী কৰ্মচাৰীয়ে ইতিমধ্যে ইয়াৰ জৰিয়তে শিকিছে। তেওঁ নতুনকৈ নিযুক্তি লাভ কৰাসকলক এই মঞ্চত যোগদান কৰিবলৈ উৎসাহিত কৰে, যিয়ে এক নতুন কৰ্ম সংস্কৃতি আৰু সুশাসনৰ মনোভাৱ গঢ়ি তুলিব। ভাষণৰ সামৰণিত শ্ৰীমোদীয়ে কয় যে তেওঁলোকৰ প্ৰচেষ্টাৰ জৰিয়তে ভাৰতৰ ভৱিষ্যত গঢ় লৈ উঠিব আৰু ইয়াৰ নাগৰিকসকলৰ সপোন বাস্তৱায়িত হ'ব। তেওঁ পুনৰবাৰ নিযুক্তি পোৱা সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Policy paralysis’ to ‘dynamism’: PM Modi returns to SRCC, maps India’s growth in 13 years

Media Coverage

‘Policy paralysis’ to ‘dynamism’: PM Modi returns to SRCC, maps India’s growth in 13 years
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares moments from his metro journey to and from the SRCC programme
September 05, 2026

Prime Minister Shri Narendra Modi today shared glimpses of his metro journey while traveling to and from the SRCC programme.

In a post on X, the Prime Minister shared:

"Metro moments…

On the way to the SRCC programme and back."