আজি ভাৰত শক্তি খণ্ডৰ বাবে অসীম সুযোগৰ দেশঃ প্ৰধানমন্ত্ৰী
ভাৰত–ইইউ এফটিএ হৈছে বিশ্বৰ দুই বৃহৎ অৰ্থনীতিৰ মাজৰ সমন্বয়ৰ এক উল্লেখযোগ্য উদাহৰণঃ প্ৰধানমন্ত্ৰী
ভাৰত এতিয়া শক্তি সুৰক্ষাৰ বাহিৰলৈ গৈ শক্তি স্বাধীনতাৰ অভিযানৰ দিশে আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী
আমাৰ শক্তি খণ্ড হৈছে আমাৰ আকাংক্ষাৰ মূল, খণ্ডটোৱে ৫০০ বিলিয়ন ডলাৰৰ বিনিয়োগৰ সুযোগ ধাৰণ কৰিছে, সেইবাবেই মেক ইন ইণ্ডিয়া, ইন’ভেট ইন ইণ্ডিয়া, স্কেল উইথ ইণ্ডিয়া, ইনভেষ্ট ইন ইণ্ডিয়াৰ বৰ্ধন ঘটিছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰত শক্তি সপ্তাহ, ২০২৬-ৰ উদ্বোধনী অনুষ্ঠানত সমবেতসকলক সম্বোধন কৰে। ইয়াত শ্ৰী মোদীয়ে কয় যে শক্তি সপ্তাহৰ এই নতুন সংস্কৰণত গোৱাত প্ৰায় ১২৫ খন দেশৰ প্ৰতিনিধিসকল সমবেত হৈছে। তেওঁ তেওঁলোক এটি শক্তি-সুৰক্ষিত আৰু বহনক্ষম ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ ভাৰতলৈ আহিছে বুলি উল্লেখেৰে সকলো অংশগ্ৰহণকাৰীকে আদৰণি জনায়।

অতি কম সময়ৰ ভিতৰতে ভাৰত শক্তি সপ্তাহে আলোচনা আৰু কাৰ্য্যৰ এক বিশ্বব্যাপী মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰত শক্তি খণ্ডৰ বাবে অসীম সুযোগৰ দেশ। তেওঁ কয় যে ভাৰত হৈছে বিশ্বৰ আটাইতকৈ দ্ৰুত-বৰ্ধমান অৰ্থনীতিৰ দেশ, অৰ্থাৎ দেশখনত শক্তি সামগ্ৰীৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। তেওঁ কয় যে ভাৰতে বিশ্বৰ চাহিদা পূৰণৰ বাবেও উৎকৃষ্ট সুযোগ আগবঢ়াইছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰত বিশ্বৰ ভিতৰতে পেট্ৰলিয়াম সামগ্ৰীৰ শীৰ্ষ পাঁচখন ৰপ্তানিকাৰী দেশৰ অন্যতম, ইয়াৰ ৰপ্তানিৰ পৰিসৰ ১৫০ খনৰো অধিক দেশলৈ বিস্তৃত। তেওঁ উল্লেখ কৰে যে ভাৰতৰ এই সামৰ্থ্য সকলোৰে বাবে যথেষ্ট উপযোগী হ’ব। তেওঁ আৰু কয় যে শক্তি সপ্তাহৰ মঞ্চখন অংশীদাৰিত্বৰ অন্বেষণৰ বাবে এক উৎকৃষ্ট স্থান আৰু তেওঁ সকলো অংশগ্ৰহণকাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁৰ ভাষণ আগবঢ়াই নিয়াৰ পূৰ্বে তেওঁ এক বৃহৎ অগ্ৰগতি সম্পৰ্কে আলোকপাত কৰিব বিচাৰে। তেওঁ উল্লেখ কৰে যে কালি ভাৰত আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজত এখনি উল্লেখযোগ্য চুক্তি স্বাক্ষৰিত হৈছিল, যাক সমগ্ৰ বিশ্বৰ লোকে “সকলো চুক্তিৰ মাতৃ” বুলি অভিহিত কৰিছে। শ্ৰী মোদীয়ে কয় যে এই চুক্তিয়ে ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ বাবে আৰু সমগ্ৰ ইউৰোপিয়ান ৰাষ্ট্ৰসমূহৰ লক্ষ-লক্ষ নাগৰিকৰ বাবে অসীম সুযোগৰ সঞ্চাৰ কৰিছে। তেওঁ উল্লেখ কৰে যে এয়া বিশ্বৰ দুই বৃহৎ অৰ্থনীতিৰ মাজৰ সমন্বয়ৰ এক উল্লেখযোগ্য উদাহৰণ হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই চুক্তিয়ে বিশ্বৰ জিডিপিৰ প্ৰায় ২৫ শতাংশ আৰু বিশ্ব বাণিজ্যৰ প্ৰায় এক-তৃতীয়াংশক প্ৰতিনিধিত্ব কৰিছে। তেওঁ কয় যে বাণিজ্যৰ বাহিৰেও এই চুক্তিয়ে গণতন্ত্ৰ আৰু আইনৰ শাসনৰ প্ৰতি উমৈহতীয়া দায়বদ্ধতাক সুদৃঢ় কৰিছে।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে ইউৰোপিয়ান ইউনিয়নৰ সৈতে সম্পন্ন হোৱা মুক্ত বাণিজ্য চুক্তিখন ব্ৰিটেইন আৰু ইএফটিএ-ৰ সৈতে সম্পন্ন হোৱা চুক্তিসমূহৰ পৰিপূৰক হৈ উঠিব, ইয়াৰ ফলশ্ৰুতিত বাণিজ্য আৰু বিশ্বব্যাপী যোগান শৃংখল উভয়েই সুদৃঢ় হৈ পৰিব। এই সাফল্যৰ বাবে তেওঁ ভাৰতৰ যুৱক-যুৱতী আৰু সকলো নাগৰিকলৈ উষ্ম অভিনন্দন জ্ঞাপন কৰে। তেওঁ লগতে বস্ত্ৰ, ৰত্ন আৰু গহনা, চামৰা আৰু ফুটৱেৰৰ দৰে খণ্ডসমূহত নিয়োজিত লোকসকলকো শুভেচ্ছা জনায়। তেওঁ চুক্তিখন এই খণ্ডসমূহৰ বাবে অতিশয় উপযোগী বুলি প্ৰমাণিত হ’ব বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই বাণিজ্য চুক্তিয়ে কেৱল ভাৰতৰ উৎপাদন বৃদ্ধিয়েই নহয় বৰঞ্চ সেৱা খণ্ডক অধিক সম্প্ৰসাৰিতও কৰিব। তেওঁ দৃঢ়তাৰে কয় যে মুক্ত বাণিজ্য চুক্তিখনে বিশ্বব্যাপী বাণিজ্য আৰু ভাৰতৰ ওপৰত বিনিয়োগকাৰীসকলৰ আস্থাক অধিক গভীৰ কৰিব।

ভাৰতে প্ৰতিটো খণ্ডতে বিশ্বব্যাপী অংশীদাৰিত্বৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰি আছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে কেৱল শক্তি খণ্ডতে শক্তি মূল্য শৃংখলৰ ভিন্ন ক্ষেত্ৰত বিনিয়োগৰ বিশাল সুযোগ আছে। শ্ৰী মোদীয়ে ভাৰতে নিজৰ অন্বেষণ খণ্ডক যথেষ্ট মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰি সমুদ্ৰ মন্থন মিছন নামেৰে জনাজাত গভীৰ-সাগৰৰ অন্বেষণৰ পদক্ষেপৰ কথা কয়। তেওঁ কয় যে এই দশকৰ শেষৰ ফালে ভাৰতে তেল আৰু গেছ খণ্ডত বিনিয়োগ ১০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ লক্ষ্য হৈছে অন্বেষণৰ পৰিসৰ এক নিযুত বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি কৰা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ইতিমধ্যে ১৭০ ৰো অধিক ব্লক প্ৰদান কৰা হৈছে আৰু আন্দামান-নিকোবৰ অৱবাহিকাই পৰৱৰ্তী হাইড্ৰ’কাৰ্বন আশা হিচাপে আত্মপ্ৰকাশ কৰিছে।

অন্বেষণ খণ্ডত ন’-গ’ (No-Go) এলেকা হ্ৰাস কৰাকে প্ৰমুখ্য কৰি একাধিক সংস্কাৰ সাধন কৰা হৈছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে লগতে কয় যে ভাৰত শক্তি সপ্তাহৰ পূৰ্বৰ সংস্কৰণসমূহৰ সময়ত লাভ কৰা পৰামৰ্শসমূহক আইন আৰু নিয়মৰ পৰিৱৰ্তনত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ দৃঢ়তাৰে কয় যে অন্বেষণ খণ্ডত বিনিয়োগ কৰা কোম্পানীসমূহৰ লাভ বৃদ্ধি পোৱাটো নিশ্চিত।

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ আন এক সুকীয়া শক্তিৰ ওপৰত আলোকপাত কৰি কয় যে ই শক্তি খণ্ডত বিনিয়োগক অতি লাভজনক কৰি তুলিছে। তেওঁ কয় যে ভাৰতৰ শোধন ক্ষমতা অতি বৃহৎ আৰু বৰ্তমান দেশখন এই ক্ষেত্ৰত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে। শ্ৰী মোদীয়ে কয় যে অতি সোনকালেই ভাৰত শোধন ক্ষমতাৰ ক্ষেত্ৰত বিশ্বৰ এক নং দেশ হিচাপে পৰিগণিত হ’ব। তেওঁ উল্লেখ কৰে যে ভাৰতৰ বৰ্তমানৰ শোধন ক্ষমতা বছৰি প্ৰায় ২৬০ এমএমটি আৰু ইয়াক বছৰি ৩০০ এমএমটি-ৰো অধিকলৈ বৃদ্ধি কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ই বিনিয়োগকাৰীসকলৰ বাবে এক ব্যাপক সুবিধাক প্ৰশস্ত কৰিছে।

ভাৰতত এলএনজি-ৰ চাহিদা ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ কথা উল্লেখ কৰি আৰু দেশখনে এলএনজি-ৰ জৰিয়তে শক্তিৰ মুঠ চাহিদাৰ ১৫ শতাংশ পূৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ এলএনজি মূল্য শৃংখলত কাম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ভাৰতে পৰিবহণৰ ক্ষেত্ৰত বৃহৎ পৰিসৰৰ প্ৰচেষ্টা হাতত লোৱাৰ কথা অৱগত কৰে। শ্ৰী মোদীয়ে কয় যে ভাৰতে ঘৰুৱাভাৱে এলএনজি পৰিবহণৰ বাবে প্ৰয়োজনীয় জাহাজ নিৰ্মাণৰ বাবে কাম কৰি আছে, শেহতীয়াকৈ আৰম্ভ কৰা সত্তৰ হাজাৰ কোটি টকা মূল্যৰ জাহাজ নিৰ্মাণ কাৰ্য্যসূচীৰ সহায়ত ইয়াৰ গতি ক্ষীপ্ৰ হৈ উঠিছে। তেওঁ উল্লেখ কৰে যে ভাৰতীয় বন্দৰসমূহত এলএনজি টাৰ্মিনেল স্থাপনৰ লগতে পুনৰ গেছীকৰণ প্ৰকল্পতো একাধিক বিনিয়োগৰ সুযোগ সৃষ্টি কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত এলএনজি পৰিবহণৰ বাবে এক বিশাল পাইপলাইন নেটৱৰ্কৰ প্ৰয়োজন। এই ক্ষেত্ৰত ইতিমধ্যে উল্লেখযোগ্য বিনিয়োগ কৰা হৈছে, কিন্তু বৃহৎ পৰিসৰৰ সুযোগ এতিয়াও আছে। তেওঁ কয় যে চিটি গেছ বিতৰণ নেটৱৰ্ক ইতিমধ্যে ভাৰতৰ একাধিক চহৰত উপনীত হৈছে আৰু আন চহৰসমূহলৈয়ো দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে, ইয়াৰ ফলত খণ্ডটো বিনিয়োগৰ বাবে অতিশয় আকৰ্ষণীয় হৈ পৰিছে।

শ্ৰী মোদীয়ে কয় যে ভাৰতৰ বিশাল জনসংখ্যা আৰু ক্ৰমাগতভাৱে বৃদ্ধি পোৱা অৰ্থনীতিৰ লগে-লগে পেট্ৰকেমিকেল সামগ্ৰীৰ চাহিদা বৃদ্ধি পাই থাকিব, ইয়াৰ বাবে বিস্তৃত শক্তি আন্তঃগাঁথনিৰ প্ৰয়োজন হ’ব। তেওঁ এই ক্ষেত্ৰত বিনিয়োগে যথেষ্ট বিকাশ সাধন কৰিব বুলি দৃঢ়তাৰে কয় আৰু লগতে কয় যে বিনিয়োগকাৰীসকলৰ বাবে ডাউনষ্ট্ৰীম কাৰ্য্যকলাপতো প্ৰচুৰ সুযোগ আছে।

“আজি ভাৰতে ৰিফৰ্ম এক্সপ্ৰেছত উঠি প্ৰতিটো খণ্ডতে দ্ৰুত সংস্কাৰ সাধন কৰিছে”, শ্ৰী মোদীয়ে কয়। তেওঁ কয় যে বিশ্বব্যাপী সহযোগিতাৰ বাবে স্বচ্ছ আৰু বিনিয়োগকাৰী অনুকূল পৰিবেশ সৃষ্টি কৰাৰ লগতে ঘৰুৱা হাইড্ৰ’কাৰ্বনক শক্তিশালী কৰি তুলিবলৈ সংস্কাৰ সাধন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত এতিয়া শক্তি সুৰক্ষাৰ বাহিৰলৈ গৈ শক্তি স্বাধীনতাৰ অভিযানৰ দিশে আগবাঢ়িছে। তেওঁ কয় যে ভাৰতে স্থানীয় চাহিদা পূৰণ কৰিব পৰা শক্তি খণ্ডৰ বাতাবৰণ গঢ়ি তুলিছে আৰু সুলভ মূল্যৰ শোধন তথা পৰিবহণ সমাধানৰ জৰিয়তে ৰপ্তানিক বিশ্বৰ বাবে অত্যন্ত প্ৰতিযোগিতামূলক কৰি তুলিছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আমাৰ শক্তি খণ্ড হৈছে আমাৰ আকাংক্ষাৰ মূল, খণ্ডটোৱে ৫০০ বিলিয়ন ডলাৰৰ বিনিয়োগৰ সুযোগ ধাৰণ কৰিছে। তেওঁ বিশ্ব সমাজক মেক ইন ইণ্ডিয়া, ইন’ভেট ইন ইণ্ডিয়া, স্কেল উইথ ইণ্ডিয়া, ইনভেষ্ট ইন ইণ্ডিয়া-ৰ আহ্বান জনাই নিজৰ বক্তব্যৰ সামৰণি মাৰে।

এই কাৰ্য্যসূচীত কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী, গোৱাৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্তকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's crude supply secure, LPG production increased: Hardeep Puri

Media Coverage

India's crude supply secure, LPG production increased: Hardeep Puri
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 মাৰ্চ 2026
March 13, 2026

Resilient India Under PM Modi: Diplomatic Mastery, Youth Power, and Unstoppable Progress