আজি ভাৰত শক্তি খণ্ডৰ বাবে অসীম সুযোগৰ দেশঃ প্ৰধানমন্ত্ৰী
ভাৰত–ইইউ এফটিএ হৈছে বিশ্বৰ দুই বৃহৎ অৰ্থনীতিৰ মাজৰ সমন্বয়ৰ এক উল্লেখযোগ্য উদাহৰণঃ প্ৰধানমন্ত্ৰী
ভাৰত এতিয়া শক্তি সুৰক্ষাৰ বাহিৰলৈ গৈ শক্তি স্বাধীনতাৰ অভিযানৰ দিশে আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী
আমাৰ শক্তি খণ্ড হৈছে আমাৰ আকাংক্ষাৰ মূল, খণ্ডটোৱে ৫০০ বিলিয়ন ডলাৰৰ বিনিয়োগৰ সুযোগ ধাৰণ কৰিছে, সেইবাবেই মেক ইন ইণ্ডিয়া, ইন’ভেট ইন ইণ্ডিয়া, স্কেল উইথ ইণ্ডিয়া, ইনভেষ্ট ইন ইণ্ডিয়াৰ বৰ্ধন ঘটিছেঃ প্ৰধানমন্ত্ৰী

নমস্কাৰ।

মোৰ কেন্দ্ৰীয় কেবিনেটৰ সতীৰ্থসকল, গোৱাৰ মুখ্যমন্ত্ৰী, আন-আন মন্ত্ৰী, ৰাষ্ট্ৰদূত, চিইঅ', বিশিষ্ট অতিথি, আন সকলো বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল!

শক্তি সপ্তাহৰ এই নতুন সংস্কৰণত গোৱাত প্ৰায় ১২৫ খন দেশৰ প্ৰতিনিধিসকল সমবেত হৈছে। এটি শক্তি-সুৰক্ষিত আৰু বহনক্ষম ভৱিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ ভাৰতলৈ অহা আপোনালোক সকলো অংশগ্ৰহণকাৰীকে আদৰণি জনাইছো।

বন্ধুসকল,

অতি কম সময়ৰ ভিতৰতে ভাৰত শক্তি সপ্তাহে আলোচনা আৰু কাৰ্য্যৰ এখনি বিশ্বব্যাপী মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। আজি ভাৰত শক্তি খণ্ডৰ বাবে অসীম সুযোগৰ দেশ হৈ পৰিছে। ভাৰত হৈছে বিশ্বৰ আটাইতকৈ দ্ৰুত-বৰ্ধমান অৰ্থনীতিৰ দেশ, অৰ্থাৎ দেশখনত শক্তি সামগ্ৰীৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ভাৰতে বিশ্বৰ চাহিদা পূৰণৰ বাবেও উৎকৃষ্ট সুযোগ আগবঢ়াইছে। ভাৰত বিশ্বৰ ভিতৰতে পেট্ৰলিয়াম সামগ্ৰীৰ শীৰ্ষ পাঁচখন ৰপ্তানিকাৰী দেশৰ অন্যতম, ইয়াৰ ৰপ্তানিৰ পৰিসৰ ১৫০ খনৰো অধিক দেশলৈ বিস্তৃত। ভাৰতৰ এই সামৰ্থ্য সকলোৰে বাবে যথেষ্ট উপযোগী হ’ব। শক্তি সপ্তাহৰ মঞ্চখন অংশীদাৰিত্বৰ অন্বেষণৰ বাবে এক উৎকৃষ্ট স্থান আৰু মই আপোনাসৱ সকলো অংশগ্ৰহণকাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছো।

বন্ধুসকল,

মই ভাষণ আগবঢ়াই নিয়াৰ পূৰ্বে এক বৃহৎ অগ্ৰগতি সম্পৰ্কে আলোকপাত কৰিব বিচাৰিছো। কালি ভাৰত আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজত এখনি উল্লেখযোগ্য চুক্তি স্বাক্ষৰিত হৈছিল, যাক সমগ্ৰ বিশ্বৰ লোকে “সকলো চুক্তিৰ মাতৃ” বুলি অভিহিত কৰিছে। এই চুক্তিয়ে ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ বাবে আৰু সমগ্ৰ ইউৰোপিয়ান ৰাষ্ট্ৰসমূহৰ লক্ষ-লক্ষ নাগৰিকৰ বাবে অসীম সুযোগৰ সঞ্চাৰ কৰিছে। এয়া বিশ্বৰ দুই বৃহৎ অৰ্থনীতিৰ মাজৰ সমন্বয়ৰ এক উল্লেখযোগ্য উদাহৰণ হিচাপে পৰিগণিত হৈছে। এই চুক্তিয়ে বিশ্বৰ জিডিপিৰ প্ৰায় ২৫ শতাংশ আৰু বিশ্ব বাণিজ্যৰ প্ৰায় এক-তৃতীয়াংশক প্ৰতিনিধিত্ব কৰিছে। বাণিজ্যৰ বাহিৰেও এই চুক্তিয়ে গণতন্ত্ৰ আৰু আইনৰ শাসনৰ প্ৰতি উমৈহতীয়া দায়বদ্ধতাক সুদৃঢ় কৰিছে।

বন্ধুসকল,

ইউৰোপিয়ান ইউনিয়নৰ সৈতে সম্পন্ন হোৱা মুক্ত বাণিজ্য চুক্তিখন ব্ৰিটেইন আৰু ইএফটিএ-ৰ সৈতে সম্পন্ন হোৱা চুক্তিসমূহৰ পৰিপূৰক হৈ উঠিব, ইয়াৰ ফলশ্ৰুতিত বাণিজ্য আৰু বিশ্বব্যাপী যোগান শৃংখল উভয়েই সুদৃঢ় হৈ পৰিব। এই সাফল্যৰ বাবে মই দেশৰ যুৱক-যুৱতী আৰু সকলো নাগৰিকলৈ উষ্ম অভিনন্দন জ্ঞাপন কৰিছো। মই লগতে বস্ত্ৰ, ৰত্ন আৰু গহনা, চামৰা আৰু ফুটৱেৰৰ দৰে খণ্ডসমূহত নিয়োজিত লোকসকলকো শুভেচ্ছা জনাইছো। চুক্তিখন এই খণ্ডসমূহৰ বাবে অতিশয় উপযোগী বুলি প্ৰমাণিত হ’ব।

বন্ধুসকল,

এই বাণিজ্য চুক্তিয়ে কেৱল ভাৰতৰ উৎপাদন বৃদ্ধিয়েই নহয় বৰঞ্চ সেৱা খণ্ডক অধিক সম্প্ৰসাৰিতও কৰিব। মুক্ত বাণিজ্য চুক্তিখনে বিশ্বব্যাপী বাণিজ্য আৰু ভাৰতৰ ওপৰত বিনিয়োগকাৰীসকলৰ আস্থাক অধিক গভীৰ কৰিব।

বন্ধুসকল,

ভাৰতে প্ৰতিটো খণ্ডতে বিশ্বব্যাপী অংশীদাৰিত্বৰ ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰি আছে। কেৱল শক্তি খণ্ডতে শক্তি মূল্য শৃংখলৰ ভিন্ন ক্ষেত্ৰত বিনিয়োগৰ বিশাল সুযোগ আছে। আজি ভাৰতে নিজৰ অন্বেষণ খণ্ডক যথেষ্ট মুকলি কৰি দিছে। ইয়াৰ অৰ্থে সমুদ্ৰ মন্থন মিছন নামেৰে জনাজাত গভীৰ-সাগৰৰ অন্বেষণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই দশকৰ শেষৰ ফালে ভাৰতে তেল আৰু গেছ খণ্ডত বিনিয়োগ ১০০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ লক্ষ্য হৈছে অন্বেষণৰ পৰিসৰ এক নিযুত বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি কৰা। ইতিমধ্যে ১৭০ ৰো অধিক ব্লক প্ৰদান কৰা হৈছে আৰু আন্দামান-নিকোবৰ অৱবাহিকাই পৰৱৰ্তী হাইড্ৰ’কাৰ্বন আশা হিচাপে আত্মপ্ৰকাশ কৰিছে।

বন্ধুসকল,

অন্বেষণ খণ্ডত ন’-গ’ (No-Go) এলেকা হ্ৰাস কৰাকে প্ৰমুখ্য কৰি একাধিক সংস্কাৰ সাধন কৰা হৈছে। ভাৰত শক্তি সপ্তাহৰ পূৰ্বৰ সংস্কৰণসমূহৰ সময়ত লাভ কৰা পৰামৰ্শসমূহক আইন আৰু নিয়মৰ পৰিৱৰ্তনত অন্তৰ্ভুক্ত কৰা হৈছে। মই দৃঢ়তাৰে ক’ব খুজিছো যে অন্বেষণ খণ্ডত বিনিয়োগ কৰা কোম্পানীসমূহৰ লাভ বৃদ্ধি পোৱাটো নিশ্চিত।

বন্ধুসকল,

ভাৰতৰ আন এক সুকীয়া শক্তি আছে। ই শক্তি খণ্ডত বিনিয়োগক অতি লাভজনক কৰি তুলিছে। ভাৰতৰ শোধন ক্ষমতা অতি বৃহৎ আৰু বৰ্তমান দেশখন এই ক্ষেত্ৰত বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে। অতি সোনকালেই ভাৰত শোধন ক্ষমতাৰ ক্ষেত্ৰত বিশ্বৰ এক নং দেশ হিচাপে পৰিগণিত হ’ব। ভাৰতৰ বৰ্তমানৰ শোধন ক্ষমতা বছৰি প্ৰায় ২৬০ এমএমটি আৰু ইয়াক বছৰি ৩০০ এমএমটি-ৰো অধিকলৈ বৃদ্ধি কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। ই বিনিয়োগকাৰীসকলৰ বাবে এক ব্যাপক সুবিধাক প্ৰশস্ত কৰিছে।

বন্ধুসকল,

ভাৰতত এলএনজি-ৰ চাহিদা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। আমাৰ দেশে এলএনজি-ৰ জৰিয়তে শক্তিৰ মুঠ চাহিদাৰ ১৫ শতাংশ পূৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। সেয়েহে আমি সমগ্ৰ এলএনজি মূল্য শৃংখলত কাম কৰাটো প্ৰয়োজনীয়। ভাৰতে পৰিবহণৰ ক্ষেত্ৰত বৃহৎ পৰিসৰৰ প্ৰচেষ্টা হাতত লৈছে। ভাৰতে ঘৰুৱাভাৱে এলএনজি পৰিবহণৰ বাবে প্ৰয়োজনীয় জাহাজ নিৰ্মাণৰ বাবে কাম কৰি আছে, শেহতীয়াকৈ আৰম্ভ কৰা সত্তৰ হাজাৰ কোটি টকা মূল্যৰ জাহাজ নিৰ্মাণ কাৰ্য্যসূচীৰ সহায়ত ইয়াৰ গতি ক্ষীপ্ৰ হৈ উঠিছে। ভাৰতীয় বন্দৰসমূহত এলএনজি টাৰ্মিনেল স্থাপনৰ লগতে পুনৰ গেছীকৰণ প্ৰকল্পতো একাধিক বিনিয়োগৰ সুযোগ সৃষ্টি কৰা হৈছে।

বন্ধুসকল,

ভাৰতত এলএনজি পৰিবহণৰ বাবে এক বিশাল পাইপলাইন নেটৱৰ্কৰ প্ৰয়োজন আছে। এই ক্ষেত্ৰত ইতিমধ্যে উল্লেখযোগ্য বিনিয়োগ কৰা হৈছে, কিন্তু বৃহৎ পৰিসৰৰ সুযোগ এতিয়াও আছে। চিটি গেছ বিতৰণ নেটৱৰ্ক ইতিমধ্যে ভাৰতৰ একাধিক চহৰত উপনীত হৈছে আৰু আন চহৰসমূহলৈয়ো দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে, ইয়াৰ ফলত খণ্ডটো বিনিয়োগৰ বাবে অতিশয় আকৰ্ষণীয় হৈ পৰিছে।

বন্ধুসকল,

ভাৰতৰ বিশাল জনসংখ্যা আৰু ক্ৰমাগতভাৱে বৃদ্ধি পোৱা অৰ্থনীতিৰ লগে-লগে পেট্ৰকেমিকেল সামগ্ৰীৰ চাহিদা বৃদ্ধি পাই থাকিব, ইয়াৰ বাবে আমাক বিস্তৃত শক্তি আন্তঃগাঁথনিৰ প্ৰয়োজন হ’ব। এই ক্ষেত্ৰত বিনিয়োগে যথেষ্ট বিকাশ সাধন কৰিব। বিনিয়োগকাৰীসকলৰ বাবে ডাউনষ্ট্ৰীম কাৰ্য্যকলাপতো প্ৰচুৰ সুযোগ আছে।

বন্ধুসকল,

আজি ভাৰতে ৰিফৰ্ম এক্সপ্ৰেছত উঠি প্ৰতিটো খণ্ডতে দ্ৰুত সংস্কাৰ সাধন কৰিছে। বিশ্বব্যাপী সহযোগিতাৰ বাবে স্বচ্ছ আৰু বিনিয়োগকাৰী অনুকূল পৰিবেশ সৃষ্টি কৰাৰ লগতে ঘৰুৱা হাইড্ৰ’কাৰ্বনক শক্তিশালী কৰি তুলিবলৈ সংস্কাৰ সাধন কৰা হৈছে। ভাৰত এতিয়া শক্তি সুৰক্ষাৰ বাহিৰলৈ গৈ শক্তি স্বাধীনতাৰ অভিযানৰ দিশে আগবাঢ়িছে। ভাৰতে স্থানীয় চাহিদা পূৰণ কৰিব পৰা শক্তি খণ্ডৰ বাতাবৰণ গঢ়ি তুলিছে আৰু সুলভ মূল্যৰ শোধন তথা পৰিবহণ সমাধানৰ জৰিয়তে ৰপ্তানিক বিশ্বৰ বাবে অত্যন্ত প্ৰতিযোগিতামূলক কৰি তুলিছে।

বন্ধুসকল,

আমাৰ শক্তি খণ্ড হৈছে আমাৰ আকাংক্ষাৰ মূল। ইয়াত ৫০০ বিলিয়ন ডলাৰৰ বিনিয়োগৰ সুযোগ আছে। সেয়েহে মই আপোনাসৱক আহ্বান জনাব খুজিছো- মেক ইন ইণ্ডিয়া, ইন’ভেট ইন ইণ্ডিয়া, স্কেল উইথ ইণ্ডিয়া আৰু ইনভেষ্ট ইন ইণ্ডিয়া। এই আশাৰেই আপোনালোক সকলোকে ভাৰত শক্তি সপ্তাহৰ আন্তৰিক শুভেচ্ছা জনালো।

অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM announces exam reform task force, Infosys co-founder Nandan Nilekani to lead

Media Coverage

PM announces exam reform task force, Infosys co-founder Nandan Nilekani to lead
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights noble character as the foundation of respect, trust, and effective leadership
July 27, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how a person of noble character earns respect in society and is regarded as worthy of every responsibility.

The Prime Minister wrote on X;

"शीलवान् पूजितो लोके शीलवान् साधुसम्मतः।

शीलवान् सर्वकर्मार्हः शीलवान् प्रियदर्शनः॥"

A person of noble character earns respect in society and the esteem of the virtuous. Through integrity, humility and disciplined conduct, such an individual is regarded as worthy of every responsibility. Their personality is admirable, inspiring and worthy of emulation. In truth, noble character is the true foundation of lasting success, effective leadership, and enduring trust.