চৰকাৰ ভৌগোলিক, সামাজিক বা অৰ্থনীতি নিৰ্বিশেষে মিছন মোডত ব্যাপক উন্নয়নৰ দিশত আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে দ্ৰুত উন্নয়ন সাধনৰ ক্ষেত্ৰত ৰিফৰ্ম, পাৰ্ফম আৰু ট্ৰেন্সফৰ্মৰ গুৰুত্বত আলোকপাত কৰে
প্ৰদৰ্শনৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে একেলগে কাম কৰিব লাগিব, জনসাধাৰণৰ অংশগ্ৰহণে ৰূপান্তৰৰ সূচনা কৰিবঃ প্ৰধানমন্ত্ৰী
আগন্তুক ২৫ বছৰক এখনি সমৃদ্ধিশালী আৰু উন্নত ভাৰত গঢ়াৰ বাবে উৎসৰ্গা কৰা হ'বঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদ চৌহদত আজি ২০২৫ৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে সংবাদ মাধ্যমক সম্বোধন কৰে। সমৃদ্ধিৰ দেৱী লক্ষ্মীক শ্ৰদ্ধা জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি বাজেট অধিৱেশনৰ আৰম্ভণি উপলক্ষে প্ৰজ্ঞা, সমৃদ্ধি আৰু কল্যাণ সাধনকাৰী দেৱী লক্ষ্মীক স্মৰণ কৰাটো নিয়ম। তেখেতে দেশৰ প্ৰতিটো দৰিদ্ৰ আৰু মধ্যবিত্ত সমাজক বিশেষ আশীৰ্বাদ দিবলৈ দেৱী লক্ষ্মীৰ ওচৰত প্ৰাৰ্থনা জনায়।

 

ভাৰতে গণৰাজ্য হিচাপে ৭৫ বছৰ সম্পূৰ্ণ কৰা কাৰ্য্য প্ৰতিগৰাকী নাগৰিকৰ বাবে অসীম গৌৰৱৰ বিষয় বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এই সাফল্যই গণতান্ত্ৰিক জগততো এক বিশেষ স্থান দখলেৰে ভাৰতৰ শক্তি আৰু তাৎপৰ্য্যক প্ৰদৰ্শন কৰিছে।

তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ দায়িত্ব অৰ্পণ কৰা দেশবাসীক কৃতজ্ঞতা জ্ঞাপনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এয়া তেখেতৰ তৃতীয় কাৰ্য্যকালৰ প্ৰথমখন পূৰ্ণ বাজেট অধিৱেশন আৰু ভাৰতে ২০৪৭ অৰ্থাৎ স্বাধীনতাৰ ১০০ বছৰ উদযাপনৰ শুভলগনত ৰাষ্ট্ৰখন উন্নত দেশ হোৱাৰ লক্ষ্যত উপনীত হ’ব। তেখেতে কয় যে এই বাজেট অধিৱেশনে নতুন আত্মবিশ্বাস আৰু শক্তিৰ সৃষ্টি কৰিব, যাৰ ফলশ্ৰুতিত ১৪০ কোটি নাগৰিকে সামূহিকভাৱে এই সংকল্প পূৰণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তৃতীয় কাৰ্য্যকালত চৰকাৰ মিছন মোডত ব্যাপক উন্নয়নৰ দিশত আগবাঢ়িছে, সেয়া ভৌগোলিকভাৱেই হওঁক, সামাজিকভাৱেই হওঁক বা অৰ্থনৈতিকভাৱেই হওঁক। তেখেতে উল্লেখ কৰে যে উদ্ভাৱন, অন্তৰ্ভুক্তি আৰু বিনিয়োগ ধাৰাবাহিকভাৱে দেশৰ অৰ্থনৈতিক ৰোডমেপৰ আধাৰ হৈ আহিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই অধিৱেশনত কেইবাখনো ঐতিহাসিক বিধেয়ক আৰু প্ৰস্তাৱ সম্পৰ্কে আলোচনা কৰা হ’ব, যাৰ ফলশ্ৰুতিত ৰাষ্ট্ৰখনক সুদৃঢ় কৰিব পৰা আইন প্ৰণয়ন হ’ব। তেখেতে ধৰ্মীয় আৰু সাম্প্ৰদায়িক বিভাজনৰপৰা মুক্ত, প্ৰতিগৰাকী নাৰীৰ সম অধিকাৰ সুনিশ্চিতকৰণেৰে নাৰীৰ মৰ্য্যাদা পুনৰ প্ৰতিষ্ঠাত গুৰুত্ব আৰোপ কৰে। উক্ত লক্ষ্যত উপনীত হ’বলৈ এই অধিৱেশনত উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি তেখেতে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে দ্ৰুত উন্নয়ন সাধনৰ ক্ষেত্ৰত ৰিফৰ্ম, পাৰ্ফম আৰু ট্ৰেন্সফৰ্মৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে। তেখেতে উল্লেখ কৰে যে প্ৰদৰ্শনৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে একেলগে কাম কৰিব লাগিব আৰু জনসাধাৰণৰ অংশগ্ৰহণে ৰূপান্তৰৰ সূচনা কৰিব।

 

ভাৰত অসামান্য যুৱ শক্তিৰ দেশ বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি ২০-২৫ বছৰ বয়সৰ যুৱক-যুৱতীসকল তেওঁলোকৰ ৪৫-৫০ বছৰ বয়সত উন্নত ভাৰতৰ সৰ্বাধিক হিতাধিকাৰী হ’ব। নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত তেওঁলোক গুৰুত্বপূৰ্ণ পদবীত থাকিব আৰু আগন্তুক শতিকালৈ উন্নত ভাৰতক গৌৰৱেৰে নেতৃত্ব প্ৰদান কৰিব। এখনি উন্নত ভাৰতৰ সংকল্প পূৰণৰ প্ৰচেষ্টা বৰ্তমানৰ কিশোৰ-কিশোৰী আৰু যুৱ প্ৰজন্মৰ বাবে এক উল্লেখযোগ্য উপহাৰ হ’ব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। এই কথাক তেখেতে ১৯৩০-১৯৪০ত স্বাধীনতাৰ বাবে যুঁজ দিয়া যুৱক-যুৱতীসকলৰ সৈতে তুলনা কৰে, যিসকলৰ প্ৰচেষ্টাৰ ফলশ্ৰুতিত ২৫ বছৰৰ পাছত স্বাধীনতা উদযাপিত হৈছিল। একেদৰে আগন্তুক ২৫ বছৰক এখনি সমৃদ্ধিশালী আৰু উন্নত ভাৰত গঢ়াৰ বাবে উৎসৰ্গা কৰা হ’ব বুলিও তেখেতে লগতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বাজেট অধিৱেশনৰ সময়ত এখনি উন্নত ভাৰতৰ দৃষ্টিভংগীক সুদৃঢ়কৰণৰ ক্ষেত্ৰত সকলো সাংসদকে অৰিহণা যোগাবলৈ আহ্বান জনায়। তেখেতে কয় যে যুৱ সাংসদসকলৰ বাবে এয়া এক সোণালী সুযোগ, কিয়নো সদনত তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণেৰে এখনি উন্নত ভাৰতৰ বাবে বৰঙণি যোগাব পাৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বাজেট অধিৱেশনে ৰাষ্ট্ৰখনৰ আকাংক্ষা পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰে। তেখেতে উল্লেখ কৰে যে ২০১৪ৰ পিছত হয়তো এয়া প্ৰথম সংসদীয় অধিৱেশন য’ত অধিৱেশনৰ ঠিক আগতে বিদেশী উৎসৰপৰা অশান্তি সৃষ্টিৰ কোনো ধৰণৰ অপচেষ্টা কৰা হোৱা নাই। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিগত ১০ বছৰ ধৰি প্ৰতি অধিৱেশনৰ পূৰ্বে সদায় অশান্তি সৃষ্টিৰ অপচেষ্টা অব্যাহত আছে। তেখেতে লগতে কয় যে বিগত দশকত এয়াই প্ৰথম অধিৱেশন, য’ত কোনো বিদেশী কোণৰপৰা এনেধৰণৰ অশান্তি হোৱা হোৱা নাই।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Switch Mobility completes delivery of 100 electric buses to Mauritius in India’s largest e-bus export

Media Coverage

Switch Mobility completes delivery of 100 electric buses to Mauritius in India’s largest e-bus export
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on Maha Bishuba Pana Sankranti
April 14, 2026

The Prime Minister, Narendra Modi has extended greetings on the occasion of Maha Bishuba Pana Sankranti.

In a post on X, he said,

“Happy Maha Bishuba Pana Sankranti!”