“খেলুৱৈসকলৰ অসামান্য পৰিশ্ৰমৰ সুবাদত দেশে প্ৰেৰণাদায়ক সাফল্যৰে ‘স্বাধীনতাৰ অমৃতকাল’ত প্ৰৱেশৰ সুযোগ পাইছে”
“খেলুৱৈসকলে দেশৰ যুৱ-প্ৰজন্মক কেৱল ক্ৰীড়াক্ষেত্ৰতে নহয় বৰঞ্চ অন্যান্য ক্ষেত্ৰসমূহতো উন্নত প্ৰদৰ্শন দাঙি ধৰাৰ বাবে অনুপ্ৰাণিত কৰিছে”
“তোমালোকে একতাৰ ডোল আৰু লক্ষ্যৰে দেশক একত্ৰিত কৰিছা, যি স্বাধীনতা সংগ্ৰামৰো মহান শক্তি আছিল”
“ত্ৰিৰংগ পতাকাৰ শক্তি দেখিবলৈ পোৱা গৈছিল ইউক্ৰেইনত, য’ত ই কেৱল ভাৰতীয়সকলৰে নহয় বৰঞ্চ আন দেশৰ নাগৰিকসকলকো যুদ্ধক্ষেত্ৰ পৰা উলিয়াই অনাৰ বাবে সুৰক্ষা কৱচ হৈ উঠিছিল”;
“পৃথিৱীৰ ভিতৰতে উত্তম, সমাৱেশী, বৈচিত্ৰ্যপূৰ্ণ আৰু গতিশীল এক ক্ৰীড়া-বাতাবৰণ গঢ়ি তোলাৰ দায়বদ্ধতা আমাৰ ওপৰত আছিল। কোনো প্ৰতিভাধৰেই বঞ্চিত হোৱা উচিত নহয়”

‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’লৈ যোৱা ভাৰতীয় দলটোক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বৰ্দ্ধনা জনায়। সম্বৰ্দ্ধনা অনুষ্ঠানত খেলুৱৈসকলৰ লগতে তেওঁলোকৰ প্ৰশিক্ষকসকলো উপস্থিত থাকে। অনুষ্ঠানত অন্যান্যসকলৰ লগতে কেন্দ্ৰীয় যুৱ পৰিক্ৰমা তথা ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ আৰু যুৱ পৰিক্ৰমা তথা ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিশীথ প্ৰামাণিকো উপস্থিত থাকে।

বাৰ্মিংহামত অনুষ্ঠিত ‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’ত অনবদ্য ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে খেলুৱৈ আৰু প্ৰশিক্ষকসকলক অভিনন্দন জ্ঞাপন কৰে। এই সমাৰোহত ভাৰতীয় খেলুৱৈসকলে বিভিন্ন শিতানত ২২টা সোণৰ, ১৬টা ৰূপৰ আৰু ২৩টা ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হয়। প্ৰধানমন্ত্ৰীয়ে খেলুৱৈ আৰু প্ৰশিক্ষকসকলক আদৰণি জনোৱাৰ লগতে ‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’ত ভাৰতীয় খেলুৱৈসকলৰ প্ৰদৰ্শনক লৈ বাৰুকৈয়ে গৌৰৱবোধ কৰাৰ কথা প্ৰকাশ কৰে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া নিতান্তই গৌৰৱৰ কথা কাৰণ “খেলুৱৈসকলৰ অসামান্য পৰিশ্ৰমৰ সুবাদত দেশে প্ৰেৰণাদায়ক সাফল্যৰে ‘স্বাধীনতাৰ অমৃতকাল’ত প্ৰৱেশৰ সুযোগ পাইছে”।

ক্ৰীড়াৰ ক্ষেত্ৰখনত যোৱা কেইটামান সপ্তাহত দেশে দুটাকৈ গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। ‘কমনৱেল্থ ক্ৰীড়া’ত লাভ কৰা ঐতিহাসিক সাফল্যৰ লগতে দেশে এই প্ৰথমবাৰৰ বাবে ‘ডবা অলিম্পিয়াড’ অনুষ্ঠিত কৰিলে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয়, “আপোনালোকে যেতিয়া বাৰ্মিংহামত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল, কোটি কোটি ভাৰতীয়ই ইয়াত শেহনিশা পৰ্যন্ত উজাগৰে কটাইছিল আপোনালোকে প্ৰদৰ্শন কৰা প্ৰতিটো কাৰ্যকলাপ নিৰীক্ষণ কৰি। আপোনালোকৰ শেহতীয়া প্ৰদৰ্শন চোৱাৰ পৰা যাতে বঞ্চিত হবলগীয়া নহয় সেয়া নিশ্চিত কৰিবলৈকে বহুতে আকৌ ঘড়ীত ‘এলাৰ্ম ছেট’ কৰি শোৱাৰো অভ্যাস কৰিছিল”। সমাৰোহৰ প্ৰাক ক্ষণত তেওঁ দিয়া প্ৰতিশ্ৰুতি ৰাখিয়েই আজি বিজয় উদযাপন কৰিছে বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

সুন্দৰ প্ৰদৰ্শনৰ কথা ক’বলৈ গৈ প্ৰধানমন্ত্ৰীয়ে কয় যে পদকৰ সংখ্যাই কেতিয়াও সমগ্ৰ কাহিনী প্ৰতিবিম্বিত কৰিব নোৱাৰে, কাৰণ বহুকেইটা পদক সামান্যৰো সামান্য ব্যৱধানত হেৰুৱাবলগীয়া হৈছিল। যি ব্যৱধানক দৃঢ়-প্ৰতিজ্ঞ খেলুৱৈসকলে অচিৰেই শুধৰাই ল’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। আগৰ বাৰৰ তুলনাত চাৰিটাকৈ নতুন খেলত বিজয় সাব্যস্ত কৰি ভাৰতে এক নতুন পথৰ সন্ধান কৰিলে বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। ‘লনবল’ৰ পৰা ‘এথলেটিক্স’লৈকে, খেলুৱৈসকলে অনবদ্য প্ৰদৰ্শন দাঙি ধৰিছে। যুৱ-প্ৰজন্মই নতুন ক্ৰীড়াৰ ক্ষেত্ৰত দাঙি ধৰা এই প্ৰদৰ্শন ধাৰাৰে দেশে সাফল্যৰ পৰিসৰ আৰু বৃদ্ধি কৰিবগৈ পাৰিব বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে দেশৰ ছোৱালীহঁতে বক্সিং, জুডো, মল্লযুদ্ধত লাভ কৰা সাফল্য আৰু ‘কমনৱেল্থ ক্ৰীড়া ২০২২’ত প্ৰদৰ্শন কৰা দমনীয় ক্ৰীড়াশৈলীৰ কথাও উল্লেখ কৰে। প্ৰসংগক্ৰমে তেওঁ তথ্য দাঙি ধৰি কয় যে “এই প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈয়ে ৩১টা পদক আহৰণ কৰা কথাই যুৱ-প্ৰজন্মৰ মাজত বাঢ়ি অহা আত্মবিশ্বাসকে প্ৰতীমান কৰিছে”।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয়, “খেলুৱৈসকলে দেশৰ যুৱ-প্ৰজন্মক কেৱল ক্ৰীড়াক্ষেত্ৰতে নহয় বৰঞ্চ অন্যান্য ক্ষেত্ৰসমূহতো উন্নত প্ৰদৰ্শন দাঙি ধৰাৰ বাবে অনুপ্ৰাণিত কৰিছে।”

তেওঁ কয়,“তোমালোকে একতাৰ ডোল আৰু লক্ষ্যৰে দেশক একত্ৰিত কৰিছা, যি স্বাধীনতা সংগ্ৰামৰো মহান শক্তি  আছিল।”

“ত্ৰিৰংগ পতাকাৰ শক্তি দেখিবলৈ পোৱা গৈছিল ইউক্ৰেইনত, য’ত ই কেৱল ভাৰতীয়সকলৰে নহয় বৰঞ্চ আন দেশৰ নাগৰিকসকলকো যুদ্ধক্ষেত্ৰ পৰা উলিয়াই অনাৰ বাবে সুৰক্ষা কৱচ হৈ উঠিছিল” বুলিও প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে।

খেলো ইণ্ডিয়া মঞ্চৰ পৰা উজলি উঠা খেলুৱৈসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাসমূহত বিশেষ সাফল্য অৰ্জন কৰা কথাত আনন্দ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ ‘টপছ’(টাৰ্গেটেড অলিম্পিক পডিয়াম আঁচনি)য়ে পেলোৱা ইতিবাচক প্ৰভাৱ এতিয়া দেখিবলৈ পোৱা গৈছে বুলিও উল্লেখ কৰে। নতুন প্ৰতিভা বিচাৰি উলিওৱাৰ অভিযানৰ পৰিসৰ প্ৰসাৰিত কৰাতো গুৰুত্ব আৰোপ কৰা প্ৰধানমন্ত্ৰীয়ে তেনে প্ৰতিভাধৰসকলক পডিয়ামলৈ অনাৰ পোষকতা কৰে। এই প্ৰসংগত তেওঁ কয়, “পৃথিৱীৰ ভিতৰতে উত্তম, সমাৱেশী, বৈচিত্ৰ্যপূৰ্ণ আৰু গতিশীল এক ক্ৰীড়া-বাতাবৰণ গঢ়ি তোলাৰ দায়বদ্ধতা আমাৰ ওপৰত আছিল। কোনো প্ৰতিভাধৰেই বঞ্চিত হোৱা উচিত নহয়।” প্ৰধানমন্ত্ৰীয়ে খেলুৱৈৰ সাফল্যৰ নেপথ্যত প্ৰশিক্ষক, ক্ৰীড়া প্ৰশাসক আৰু সহায়ক কৰ্মীবৃন্দৰ বিশেষ ভূমিকা থকাৰ কথাও স্বীকাৰ কৰে।

সুন্দৰ প্ৰদৰ্শনৰ কথা ক’বলৈ গৈ প্ৰধানমন্ত্ৰীয়ে কয় যে পদকৰ সংখ্যাই কেতিয়াও সমগ্ৰ কাহিনী প্ৰতিবিম্বিত কৰিব নোৱাৰে, কাৰণ বহুকেইটা পদক সামান্যৰো সামান্য ব্যৱধানত হেৰুৱাবলগীয়া হৈছিল। যি ব্যৱধানক দৃঢ়-প্ৰতিজ্ঞ খেলুৱৈসকলে অচিৰেই শুধৰাই ল’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। আগৰ বাৰৰ তুলনাত চাৰিটাকৈ নতুন খেলত বিজয় সাব্যস্ত কৰি ভাৰতে এক নতুন পথৰ সন্ধান কৰিলে বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। ‘লনবল’ৰ পৰা ‘এথলেটিক্স’লৈকে, খেলুৱৈসকলে অনবদ্য প্ৰদৰ্শন দাঙি ধৰিছে। যুৱ-প্ৰজন্মই নতুন ক্ৰীড়াৰ ক্ষেত্ৰত দাঙি ধৰা এই প্ৰদৰ্শন ধাৰাৰে দেশে সাফল্যৰ পৰিসৰ আৰু বৃদ্ধি কৰিবগৈ পাৰিব বুলি অভিমত ব্যক্ত কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে দেশৰ ছোৱালীহঁতে বক্সিং, জুডো, মল্লযুদ্ধত লাভ কৰা সাফল্য আৰু ‘কমনৱেল্থ ক্ৰীড়া ২০২২’ত প্ৰদৰ্শন কৰা দমনীয় ক্ৰীড়াশৈলীৰ কথাও উল্লেখ কৰে। প্ৰসংগক্ৰমে তেওঁ তথ্য দাঙি ধৰি কয় যে “এই প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা খেলুৱৈয়ে ৩১টা পদক আহৰণ কৰা কথাই যুৱ-প্ৰজন্মৰ মাজত বাঢ়ি অহা আত্মবিশ্বাসকে প্ৰতীমান কৰিছে”।

খেলো ইণ্ডিয়া মঞ্চৰ পৰা উজলি উঠা খেলুৱৈসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাসমূহত বিশেষ সাফল্য অৰ্জন কৰা কথাত আনন্দ প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ ‘টপছ’(টাৰ্গেটেড অলিম্পিক পডিয়াম আঁচনি)য়ে পেলোৱা ইতিবাচক প্ৰভাৱ এতিয়া দেখিবলৈ পোৱা গৈছে বুলিও উল্লেখ কৰে। নতুন প্ৰতিভা বিচাৰি উলিওৱাৰ অভিযানৰ পৰিসৰ প্ৰসাৰিত কৰাতো গুৰুত্ব আৰোপ কৰা প্ৰধানমন্ত্ৰীয়ে তেনে প্ৰতিভাধৰসকলক পডিয়ামলৈ অনাৰ পোষকতা কৰে। এই প্ৰসংগত তেওঁ কয়, “পৃথিৱীৰ ভিতৰতে উত্তম, সমাৱেশী, বৈচিত্ৰ্যপূৰ্ণ আৰু গতিশীল এক ক্ৰীড়া-বাতাবৰণ গঢ়ি তোলাৰ দায়বদ্ধতা আমাৰ ওপৰত আছিল। কোনো প্ৰতিভাধৰেই বঞ্চিত হোৱা উচিত নহয়।” প্ৰধানমন্ত্ৰীয়ে খেলুৱৈৰ সাফল্যৰ নেপথ্যত প্ৰশিক্ষক, ক্ৰীড়া প্ৰশাসক আৰু সহায়ক কৰ্মীবৃন্দৰ বিশেষ ভূমিকা থকাৰ কথাও স্বীকাৰ কৰে।

জুলাই মাহৰ ২৮ তাৰিখৰ পৰা আগষ্টৰ ৮ তাৰিখলৈকে বাৰ্মিংহামত ‘কমনৱেল্থ ক্ৰীড়া সমাৰোহ ২০২২’ অনুষ্ঠিত হৈছিল। সমাৰোহখনৰ ১৪১টা খেল শিতানত দেশৰ ২১৫গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰি দেশলৈ ২২টা সোণ, ১৬টা ৰূপ আৰু ২৩টা ব্ৰঞ্জৰ পদক জয় কৰি আনিবলৈ সক্ষম হয়।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi pays tributes to Freedom Fighter, Shri Pingali Venkayya on his 150th birth anniversary
August 02, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to freedom fighter, Shri Pingali Venkayya on his 150th birth anniversary.

The Prime Minister remembered Pingali Venkayya for his invaluable role in giving the nation the Tricolour and said that his efforts continue to inspire people to serve the country with dedication and patriotic fervour.

Shri Modi said that the Tiranga fills every Indian heart with immense pride and inspires the nation to work towards nation-building.

The Prime Minister wrote on X;

“Tributes to Pingali Venkayya Ji on his 150th birth anniversary. He is remembered for his invaluable role in giving our nation the Tricolour. May his efforts always inspire people to serve our country with dedication and patriotic fervour.

The Tiranga fills every Indian heart with immense pride and inspires us to work towards nation building.”