“খেলুৱৈসকলৰ অসামান্য পৰিশ্ৰমৰ সুবাদত দেশে প্ৰেৰণাদায়ক সাফল্যৰে ‘স্বাধীনতাৰ অমৃতকাল’ত প্ৰৱেশৰ সুযোগ পাইছে”
“খেলুৱৈসকলে দেশৰ যুৱ-প্ৰজন্মক কেৱল ক্ৰীড়াক্ষেত্ৰতে নহয় বৰঞ্চ অন্যান্য ক্ষেত্ৰসমূহতো উন্নত প্ৰদৰ্শন দাঙি ধৰাৰ বাবে অনুপ্ৰাণিত কৰিছে”
“তোমালোকে একতাৰ ডোল আৰু লক্ষ্যৰে দেশক একত্ৰিত কৰিছা, যি স্বাধীনতা সংগ্ৰামৰো মহান শক্তি আছিল”
“ত্ৰিৰংগ পতাকাৰ শক্তি দেখিবলৈ পোৱা গৈছিল ইউক্ৰেইনত, য’ত ই কেৱল ভাৰতীয়সকলৰে নহয় বৰঞ্চ আন দেশৰ নাগৰিকসকলকো যুদ্ধক্ষেত্ৰ পৰা উলিয়াই অনাৰ বাবে সুৰক্ষা কৱচ হৈ উঠিছিল”;
“পৃথিৱীৰ ভিতৰতে উত্তম, সমাৱেশী, বৈচিত্ৰ্যপূৰ্ণ আৰু গতিশীল এক ক্ৰীড়া-বাতাবৰণ গঢ়ি তোলাৰ দায়বদ্ধতা আমাৰ ওপৰত আছিল। কোনো প্ৰতিভাধৰেই বঞ্চিত হোৱা উচিত নহয়”

তোমালোক আটাইৰে সৈতে মই কথা পাতিবলৈ উৎসাহী হৈ উঠিছো যদিও সকলোৰে সৈতে সমুখা-সমুখিকৈ কথা পতাটো সম্ভৱ হৈ নুঠিল। কিন্তু তোমালোকৰ বহুতৰে সৈতে কোনোবা নহয় কোনোবা প্ৰকাৰে যোগাযোগ ৰখাৰ সুযোগ পাইছো আৰু বিভিন্ন অনুষ্ঠানত তোমালোকৰ সৈতে মত-বিনিময়ৰ সুযোগ লাভ কৰিছো। তোমালোকে পৰিয়ালৰ সদস্য হিচাপে মোৰ বাসগৃহলৈ আহিবলৈ সময় পোৱাত সন্তোষ পাইছো। তোমালোকৰ সাফল্যত প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰাৰ দৰে ময়ো তোমালোকৰ সৈতে জড়িত হৈ গৌৰৱান্বিত। তোমালোক সকলোকে ইয়ালৈ আদৰণি জনাইছো।

দুদিনৰ পিছতে দেশখনৰ স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ব। গৌৰৱৰ বিষয় যে দেশখনে তোমালোকৰ প্ৰচেষ্টাৰ এক প্ৰেৰণাদায়ক সাফল্যৰে স্বাধীনতাৰ ‘অমৃত কাল’ ৰ আগজাননী প্ৰদান কৰিছে।

 

বন্ধুসকল,

যোৱা কেইসপ্তাহমানৰ ভিতৰত দেশখনে ক্ৰীড়াৰ ক্ষেত্ৰত দুটা বৃহৎ কৃতিত্ব অৰ্জন কৰিছে। কমনৱেলথ গেমছত ঐতিহাসিক প্ৰদৰ্শনৰ সমান্তৰালভাৱে দেশখনত প্ৰথমবাৰৰ বাবে দবা অলিম্পিয়াডৰ আয়োজন কৰা হয়। দেশখনে কেৱল অনুষ্ঠানৰ সফল আয়োজনেই নহয়, বৰঞ্চ দবাৰ ক্ষেত্ৰত স্বকীয় চহকী পৰম্পৰা অব্যাহত ৰাখি এক অসাধাৰণ প্ৰদৰ্শন কৰিছে। আজি এই উপলক্ষে দবা অলিম্পিয়াডত অংশগ্ৰহণ কৰা সমূহ খেলুৱৈৰ লগতে সকলো পদক বিজয়ীকে অভিনন্দন জ্ঞাপন কৰিলো।

 

বন্ধুসকল,

কমনৱেলথ গেমছৰ পূৰ্বে তোমালোক সকলোৰে ওচৰত ঘূৰি অহাৰ লগে-লগে আমি একেলগে বিজয় উৎসৱ উদযাপন কৰিম বুলি অংগীকাৰ কৰিছিলো। মোৰ বিশ্বাস আছিল যে তোমালোক বিজয়ী হৈ ঘৰলৈ ঘূৰি আহিবা আৰু সেয়েহে তোমালোকৰ সৈতে বিজয়ৰ আনন্দ উদযাপন কৰিবলৈ মোৰ ব্যস্ততাৰ মাজতো মই মোৰ এই সময়খিনি উলিয়াইছো। আজি হৈছে বিজয় উদযাপনৰ উপলক্ষ। তোমালোকৰ সৈতে বাৰ্তালাপ কৰোতে মই সেই আত্মবিশ্বাস আৰু সাহস দেখিবলৈ পাইছিলো যি তোমালোকৰ পৰিচয় হৈ পৰিছে। যিসকলে পদক লাভ কৰিছে আৰু যিসকলে ভৱিষ্যতে পদক লাভ কৰিবলৈ অগ্ৰসৰ হৈছে, তেওঁলোক আজি প্ৰশংসাৰ পাত্ৰ।

 

বন্ধুসকল,

আৰু এটা কথা ব্যক্ত কৰিব খুজিছো। তোমালোক সকলোৱে তাত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি থকাৰ সময়ত, সময়ৰ পাৰ্থক্যৰ বাবে ইয়াত কোটি-কোটি ভাৰতীয়ই দুপৰ নিশালৈকে সাৰে আছিল। দেশবাসী তোমালোকৰ প্ৰতিটো ইভেন্টৰ বাবে গভীৰ নিশালৈকে উজাগৰে আছিল। বহুতে এলাৰ্ম দি শুইছিল যাতে তেওঁলোকে তোমালোকৰ প্ৰদৰ্শনৰ সময় সন্দৰ্ভত আগজাননী লাভ কৰিব পাৰে। জনসাধাৰণে অনবৰতে স্ক’ৰ, গ’ল আৰু পইন্ট প্ৰত্যক্ষ কৰি আছিল। জনতাৰ মাজত ক্ৰীড়াৰ প্ৰতি এই আগ্ৰহ আৰু আকৰ্ষণ বৃদ্ধিত তোমালোক আটাইৰে এক বৃহৎ ভূমিকা আছে আৰু ইয়াৰ বাবে তোমালোক অভিনন্দনৰ যোগ্য।

বন্ধুসকল,

কেৱল পদকৰ সংখ্যাৰে এইবাৰ নিজৰ প্ৰদৰ্শনৰ সঠিক মূল্যায়ন কৰাটো শুদ্ধ নহয়।  তোমালোকৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। ময়ো উৎসাহিত হৈছো, কাৰণ আমি কেৱল আমাৰ শক্তি হৈ অহা ক্ৰীড়াসমূহক সুদৃঢ় কৰাই নহয়, নতুন ক্ৰীড়াতো আমি নিজৰ দক্ষতা প্ৰতিপন্ন কৰিছো। হকীত আমি যিদৰে আমাৰ উত্তৰাধিকাৰ ঘূৰাই পাইছো তাৰ বাবে উভয় দলৰ প্ৰচেষ্টা, কঠোৰ পৰিশ্ৰম আৰু উদ্দীপনাৰ শলাগ লৈছো। যোৱাবাৰৰ তুলনাত আমি চাৰিটা নতুন খেলত জয়লাভ কৰিছো। লন বলৰপৰা আৰম্ভ কৰি এথলেটিকছলৈকে অসাধাৰণ প্ৰদৰ্শন হৈছে। এই প্ৰদৰ্শনৰ লগে-লগে দেশখনত নতুন ক্ৰীড়াৰ প্ৰতি যুৱক-যুৱতীসকলৰ আগ্ৰহ বহু পৰিমাণে বৃদ্ধি পাবলৈ ধৰিছে। নতুন খেলবোৰত আমি এনেদৰে আমাৰ প্ৰদৰ্শন উন্নত কৰি থাকিব লাগিব। মোৰ সন্মুখত সকলো পুৰণি মুখ দেখিবলৈ পাইছো, সেয়া শৰথেই হওঁক, কিদাম্বীয়েই হওঁক, সিন্ধুৱেই হওঁক, সৌৰভেই হওঁক, মীৰাবাইয়ে হওঁক, বজৰঙেই হওঁক, বিনেশেই হওঁক বা সাক্ষীয়েই হওঁক। সকলো জ্যেষ্ঠ খেলুৱৈয়ে আশা কৰা ধৰণেৰে নেতৃত্ব প্ৰদানেৰে সকলোকে উৎসাহিত কৰিছে। আৰু আনফালে আমাৰ নৱাগত খেলুৱৈসকলে আশ্চৰ্য্যজনক প্ৰদৰ্শন কৰিছে। খেলৰ পূৰ্বে মই কথা পতা যুৱ সতীৰ্থসকলে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে। অভিষেক ঘটোৱাসকলৰ ভিতৰত ৩১ জন সতীৰ্থই পদক লাভ কৰে। ইয়াৰপৰাই আজি আমাৰ যুৱ-প্ৰজন্মৰ আত্মবিশ্বাস কিমান বাঢ়িছে, সেয়া বুজা যায়। নব্য ভাৰতৰ উদ্দীপনাক যেতিয়া শৰথে বিস্তাৰ কৰে আৰু অবিনাশ, প্ৰিয়ংকা আৰু সন্দীপে প্ৰথমবাৰৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈসকলৰ সৈতে মুখামুখি হৈছিল, তেতিয়াই দৃশ্যমান হয়। এই উদ্দীপনাৰেই আমি প্ৰতিটো ৰেচ আৰু প্ৰতিযোগিতাৰ বাবে সাজু হৈ আছো। এথলেটিকছৰ প’ডিয়ামত দুজন ভাৰতীয় খেলুৱৈয়ে একেলগে চেলুট দিয়া আমি কিমানবাৰ দেখিছো? এইমাত্ৰ পূজাৰ লগত কথা পাতি থাকোতে ময়ো তেওঁক এই কথা উল্লেখ কৰিছিলো। পূজাৰ সেই আৱেগিক ভিডিঅ’টো চোৱাৰ পিছত মই ছ’চিয়েল মিডিয়াৰ জৰিয়তে কৈছিলো যে তুমি ক্ষমা খুজিব নালাগে। তুমি দেশখনৰ বাবে বিজয়ী আৰু তুমি কেৱল তোমাৰ সততা আৰু কঠোৰ পৰিশ্ৰমৰ সৈতে আপোচ কৰিব নালাগে। মই অলিম্পিকৰ পিছত একেখিনি কথাই বিনেশকো কৈছিলো আৰু মই আনন্দিত যে তেওঁ হতাশাক প্ৰশ্ৰয় নিদি যৎপৰোনাস্তি চেষ্টা কৰিলে। বক্সিঙেই হওঁক, জুডোয়েই হওঁক, মল্লযুঁজেই হওঁক, মহিলাই যিদৰে আধিপত্য বিস্তাৰ কৰিছে, সেয়া আশ্চৰ্য্যজনক। নিতুৱে প্ৰতিদ্বন্দ্বী দলটোক বক্সিং ৰিং এৰি যাবলৈ বাধ্য কৰিলে। হৰমনপ্ৰীতৰ নেতৃত্বত উদ্বোধনী প্ৰতিযোগিতাখনতেই ভাৰতীয় ক্ৰিকেট দলটোৱে ভাল প্ৰদৰ্শন কৰিছিল। সকলো খেলুৱৈৰ প্ৰদৰ্শন উৎকৃষ্ট হৈছে। কিংবদন্তিসকলৰ ভিতৰত শীৰ্ষ উইকেট গ্ৰহণকাৰী হোৱাটোও কম কৃতিত্ব নহয়।

বন্ধুসকল,

এনে নহয় যে তোমালোকে কেৱল দেশখনলৈ পদক কঢ়িয়াই আনিছা আৰু ইয়াৰ আনন্দ উদযাপনৰ সুযোগ দিছা আৰু দেশখনক গৌৰৱান্বিত কৰিছা। বৰঞ্চ তোমালোকে ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ ৰ মনোভাৱক সুদৃঢ় কৰিছা। তোমালোকে দেশখনৰ যুৱক-যুৱতীসকলক কেৱল ক্ৰীড়াতে নহয়, বৰঞ্চ আন-আন খণ্ডসমূহতো উন্নত প্ৰদৰ্শন কৰিবলৈ অনুপ্ৰাণিত কৰিছা। তোমালোক সকলোৱে এটা সংকল্প, এটা লক্ষ্যৰে দেশখনক একত্ৰিত কৰিছা, যি আমাৰ স্বাধীনতা সংগ্ৰামৰো এক বৃহৎ শক্তি আছিল। মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, মংগল পাণ্ডে, লোকমান্য তিলক, চৰ্দাৰ ভগত সিং, চন্দ্ৰশেখৰ আজাদৰ দৰে অগণন যোদ্ধা আৰু বিপ্লৱীৰ দৃষ্টিভংগী বেলেগ আছিল, কিন্তু লক্ষ্য আছিল এক। ৰাণী লক্ষ্মীবাই, ৰাণী চেন্নাম্মা, ৰাণী গাইডিনলিউৰ দৰে অসংখ্য নায়িকায়ে প্ৰতিটো কু-সংস্কাৰৰ অৱসান ঘটাই স্বাধীনতাৰ বাবে যুঁজিছিল। বীৰচা মুণ্ডা, অল্লুৰী সীতাৰামা ৰাজু আৰু গোবিন্দ গুৰুৰ দৰে একাধিক মহান জনজাতীয় যোদ্ধাই কেৱল সাহস আৰু দৃঢ়তাৰে শক্তিশালী সেনাবাহিনীৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। ৰাজেন্দ্ৰ প্ৰসাদ, পণ্ডিত নেহৰু, চৰ্দাৰ পেটেল, বাবাচাহেব আম্বেদকাৰ, আচাৰ্য্য বিনোৱা ভাৱে, নানাজী দেশমুখ, লাল বাহাদুৰ শাস্ত্ৰী, শ্যামা প্ৰসাদ মুখাৰ্জীৰ দৰে একাধিক ব্যক্তিয়ে স্বাধীন ভাৰতৰ সপোন পূৰণৰ বাবে জীৱন অতিবাহিত কৰিছিল। স্বাধীনতা সংগ্ৰামৰপৰা আৰম্ভ কৰি সমগ্ৰ ভাৰতে সামূহিকভাৱে স্বাধীন ভাৰতৰ পুনৰ্গঠনত যিদৰে চেষ্টা কৰিছিল, তোমালোকেও একে মনোভাৱেৰে ক্ষেত্ৰখনত প্ৰৱেশ কৰিছা। ৰাজ্য, জিলা, গাওঁ, ভাষা নিৰ্বিশেষে দেশখনৰ গৌৰৱ আৰু প্ৰতিপত্তিৰ বাবে তোমালোকে যৎপৰোনাস্তি চেষ্টা কৰিছা। তোমালোকৰ চালিকা শক্তি হৈছে ত্ৰিৰংগা আৰু আমি কিছুদিন পূৰ্বে ইউক্ৰেইনত ত্ৰিৰংগাৰ শক্তি দেখিলো। ত্ৰিৰংগা কেৱল ভাৰতীয়সকলৰ বাবেই নহয়, আন দেশৰ জনসাধাৰণৰ বাবেও যুদ্ধক্ষেত্ৰৰপৰা মুক্তি লাভৰ সময়ত এয়া এক সুৰক্ষা কৱচ হৈ পৰিল।

বন্ধুসকল,

শেহতীয়াভাৱে আমি আন টুৰ্ণামেন্টতো ভাল প্ৰদৰ্শন কৰিছো। বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত আমি এতিয়ালৈকে সৰ্বাধিক সফল প্ৰদৰ্শন আগবঢ়াইছো। বিশ্ব ২০ বছৰ অনূৰ্ধ এথলেটিকছ চেম্পিয়নশ্বিপতো প্ৰশংসনীয় প্ৰদৰ্শন আগবঢ়াইছো। একেদৰে বিশ্ব কেডেট ৰেষ্টলিং চেম্পিয়নশ্বিপ আৰু পেৰা বেডমিন্টন ইন্টাৰনেশ্যনেল টুৰ্ণামেন্টতো বহু নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছো। এয়া ভাৰতীয় ক্ৰীড়াৰ বাবে নিশ্চিতভাৱে এক আশাৰ সময়। তদুপৰি ইয়াত দেশৰ একাধিক প্ৰশিক্ষক, প্ৰশিক্ষণ কৰ্মচাৰীৰ লগতে ক্ৰীড়া প্ৰশাসনৰে জড়িত সতীৰ্থসকলো আছে। এই সফলতাসমূহত আপোনাসৱৰ ভূমিকাও অলেখ। আপোনালোকৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ। কিন্তু মোৰ মতে এয়া আৰম্ভণিহে। আমি জিৰণি লোৱাৰ সময় হোৱা নাই। ভাৰতৰ ক্ৰীড়াৰ সোণালী যুগৰ আৰম্ভণিহে হৈছে মাথোন। মই আনন্দিত যে খেল’ ইণ্ডিয়া প্লেটফৰ্মৰপৰা উত্তৰণ ঘটা বহু খেলুৱৈয়ে এইবাৰ ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰিছে। নতুন প্ৰতিভাৰ আৱিষ্কাৰেৰে তেওঁলোকক উচ্চ মঞ্চলৈ নিবলৈ আমি আমাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰিব লাগিব। বিশ্বমানৰ, অন্তৰ্ভুক্তিমূলক, বৈচিত্ৰ্যপূৰ্ণ আৰু গতিশীল ক্ৰীড়া পৰিবেশ গঢ়ি তোলাটো আমাৰ দায়িত্ব। এজনো প্ৰতিভাক এৰি যাব নালাগে, কাৰণ এয়া দেশখনৰ সম্পদ। মই সকলো খেলুৱৈকে আগন্তুক এছিয়ান গেমছ আৰু অলিম্পিকৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিবলৈ আহ্বান জনাইছো। স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে তোমালোকক মই আৰু এটা অনুৰোধ জনাব খুজিছো। যোৱাবাৰ দেশখনৰ ৭৫ খন বিদ্যালয় আৰু শিক্ষানুষ্ঠানলৈ গৈ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিবলৈ অনুৰোধ জনাইছিলো। মিট দ্য চেম্পিয়ন অভিযানৰ অধীনত এই কাম কৰা হৈছে। এই অভিযান চলাই যাওঁক। দেশখনৰ যুৱক-যুৱতীসকলে এতিয়া তোমালোকক আদৰ্শ হিচাপে গণ্য কৰিছে। তোমালোকৰ পৰামৰ্শৰাজি জীৱনত প্ৰয়োগ কৰিবলৈ তেওঁলোক আগ্ৰহী হৈ উঠিছে। তোমালোকৰ সামৰ্থ্য, গ্ৰহণযোগ্যতা আৰু ক্ৰমবৰ্ধমান সন্মানো দেশখনৰ নৱপ্ৰজন্মৰ বাবে আগ্ৰহৰ বিষয়বস্তু হৈ উঠিছে। পুনৰবাৰ এই বিজয় যাত্ৰাৰ শুভেচ্ছা জ্ঞাপন কৰিলো! অলেখ অভিনন্দন! ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
RBI sees resilient economy despite West Asia conflict, monsoon concerns

Media Coverage

RBI sees resilient economy despite West Asia conflict, monsoon concerns
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights the importance of fostering beneficial thoughts, words, and actions
July 24, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how continuous practice in thought, word, and action shapes one's character and direction in life.

The Prime Minister wrote on X;

"कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते।

तदेवापहरत्येनं तस्मात् कल्याणमाचरेत्॥"

Whatever a person continuously practices through their actions, thoughts, and words ultimately shapes their personality and draws them in that very direction; therefore, one should always give space only to beneficial subjects in one's thoughts and conversations.