In the last 8 years, we have made our democracy strong and resilient: PM Modi
Japan is an important partner in building infrastructure & manufacturing capacity in India: PM Modi
India is optimistic about a tech-led, science-led, innovation-led and talent-led future: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ চনৰ ২৩ মে'ত জাপানত প্ৰবাসী ভাৰতীয়সকলৰ ৭০০ৰো অধিক সদস্যৰ সৈতে মত বিনিময় কৰে।

উক্ত অনুষ্ঠানৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু জাপানৰ মাজত সাংস্কৃতিক বান্ধোন কটকটীয়া কৰা আৰু দুয়োখন দেশৰ জনসাধাৰণৰ মাজত যোগাযোগ বৃদ্ধি কৰাৰ দৰে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা কেইবাগৰাকীও লোকক সাক্ষাৎ কৰে। ইয়াৰ ভিতৰত আছিল জাপানী ইণ্ডোলজিষ্ট, খেলুৱৈ আৰু সাংস্কৃতিক শিল্পী। প্ৰধানমন্ত্ৰীয়ে জাপানত বাস কৰা প্ৰবাসী ভাৰতীয় সন্মান প্ৰাপকসকলকো সাক্ষাৎ কৰে। জাপানত সম্প্ৰতি ৪০,০০০ৰো অধিক প্ৰবাসী ভাৰতীয়ই বাস কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় লোকসকলক তেওঁলোকৰ দক্ষতা, প্ৰতিভা আৰু উদ্যোগশীলতাৰ লগতে মাতৃভূমিৰ সৈতে থকা তেওঁলোকৰ সম্পৰ্কৰ বাবে প্ৰশংসা কৰে। ভাৰত আৰু জাপানৰ মাজত বিদ্যমান গভীৰ সাংস্কৃতিক সম্পৰ্কৰ কথা উল্লেখ কৰাৰ সময়ত তেওঁ স্বামী বিবেকানন্দ আৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ সাম্প্ৰতিক সময়ত  বিশেষকৈ আন্তঃগাঁথনি, প্ৰশাসন, পৰিৱেশ বান্ধৱ উদ্যোগ, ডিজিটেল বিপ্লৱসহ বিভিন্ন ক্ষেত্ৰত ভাৰতত বিভিন্ন আৰ্থ-সামাজিক উন্নয়ন আৰু যিসমূহ সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে তাৰ ওপৰত আলোকপাত কৰে। তেওঁ ভাৰতীয় সম্প্ৰদায়ক 'ভাৰত চলো, ভাৰত চে জুড়ো' অভিযানত যোগদানৰ লগতে ইয়াক আগুৱাই নিয়াৰ বাবে আমন্ত্ৰণ জনায়।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The entrepreneurs building a self-reliant India

Media Coverage

The entrepreneurs building a self-reliant India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 জুলাই 2026
July 21, 2026

Self-Reliance Is No Longer a Slogan — It’s Happening Across Engines, UPI, Vaccines & FDI Under the Leadership of PM Modi