সমগ্ৰ যোগ্য হিতাধিকাৰীক অতি কমেও এপালি ক’ৰোনাৰ ভেকচিন প্ৰদান কৰা ভাৰতৰ প্ৰথমখনি ৰাজ্য হিচাপে পৰিগণিত হৈছে হিমাচল প্ৰদেশ
হিমাচল হৈছে দেশখনৰ গ্ৰাম্য সমাজে কিদৰে বিশ্বখনৰ সৰ্ববৃহৎ আৰু দ্ৰততম টিকাকৰণ অভিযানক সবল কৰি আছে, তাৰ প্ৰমাণঃ প্ৰধানমন্ত্ৰী
নতুন ড্ৰোন নিয়মে স্বাস্থ্য আৰু কৃষিৰ দৰে বহু খণ্ডৰ কৰ্মক্ষেত্ৰত সহায় কৰিবঃ প্ৰধানমন্ত্ৰী
মহিলাৰ আত্ম-সহায়ক গোটসমূহৰ বাবে আহিবলগীয়া বিশেষ অনলাইন প্লেটফৰ্মে আমাৰ ভগ্নীসকলক তেওঁলোকৰ পণ্যৰাজি দেশখনত আৰু বিদেশত বিক্ৰীৰ ক্ষেত্ৰত সহায় কৰিবঃ প্ৰধানমন্ত্ৰী
হিমাচলৰ মাটিক ৰাসায়নিক সাৰৰপৰা মুক্ত কৰি তোলক, হিমাচলৰ কৃষক আৰু উদ্যানপালকসকলক ‘অমৃত কাল’ৰ সময়ছোৱাত হিমাচলক জৈৱিক কৃষিকাৰ্য্যৰে উদ্বুদ্ধকৰণৰ আহ্বান

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে হিমাচল প্ৰদেশৰ ক’ভিড টিকাকৰণ কাৰ্য্যক্ৰমৰ হেল্থকেয়াৰ কৰ্মী আৰু হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত ৰাজ্যখনৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, শ্ৰী জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী, শ্ৰী অনুৰাগ সিং ঠাকুৰ, সাংসদ, বিধায়ক, পঞ্চায়ত নেতা তথা অন্যান্যসকল উপস্থিত থাকে।

মত-বিনিময়ত, ছিমলাৰ ডোড্রা কোয়াৰস্থিত চিভিল হাস্পতালৰ ডাঃ ৰাহুলৰ সৈতে বাৰ্তালাপ কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে ভেকচিনৰ অপচয় ন্যূনতম কৰাৰ বাবে টীমটোক প্ৰশংসা কৰে আৰু এটা জটিল এলেকাত এই কাৰ্য্যক্ৰম ৰূপায়ণ কৰিবলৈ যাওঁতে তেওঁলোকে লাভ কৰা অভিজ্ঞতা সন্দৰ্ভত আলোচনা কৰে। মেণ্ডীৰ থুনাগৰ টিকাকৰণৰ হিতাধিকাৰী শ্ৰী দয়াল সিঙৰ সৈতে মত-বিনিময় কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে টিকাকৰণৰ সা-সুবিধাসমূহৰ সন্দৰ্ভত অনুসন্ধান আৰু তেওঁলোকে টিকাকৰণ সন্দৰ্ভত উৰা বাতৰিৰ সৈতে কিদৰে মোকাবিলা কৰিছে তাৰ আলোচনা কৰে। হিতাধিকাৰীজনে প্ৰধানমন্ত্ৰীগৰাকীক তেখেতৰ নেতৃত্বৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে হিমাচল টীমৰ দলীয় প্ৰচেষ্টাক প্ৰশংসা কৰে। কুল্লুৰ আশা কৰ্মী নিৰ্মা দেৱীৰ সৈতে মত-বিনিময় কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে টিকাকৰণ অভিযানটোৰে তেওঁৰ অভিজ্ঞতা সন্দৰ্ভত সোধে। প্ৰধানমন্ত্ৰীগৰাকীয়ে টিকাকৰণ অভিযানটোক সহায়ৰ অৰ্থে স্থানীয় পৰম্পৰাসমূহৰ ব্যৱহাৰ সন্দৰ্ভত কয়। তেখেতে টীমটোৱে যুগুত কৰি উলিওৱা সংবাদ আৰু সহযোগিতাৰ আৰ্হিক প্ৰশংসা কৰে। তেখেতে তেওঁৰ টীমে কিদৰে ভেকচিন প্ৰদানৰ অৰ্থে দীৰ্ঘ দূৰত্ব যাত্ৰা কৰিছিল, তাৰ খবৰ লয়।

হামিৰপুৰৰ শ্ৰীমতী নিৰ্মলা দেৱীৰ সৈতে মত-বিনিময় কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে ভেকচিনৰ পৰ্য্যাপ্ত যোগানৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক ধন্যবাদ জনোৱা আৰু অভিযানটোৰ সফলতা কামনা কৰা জ্যেষ্ঠ নাগৰিকসকলৰ অভিজ্ঞতা সন্দৰ্ভত আলোচনা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে হিমাচলত অব্যাহত থকা স্বাস্থ্য আঁচনিসমূহক প্ৰশংসা কৰে। উনাৰ কৰ্ম’ দেৱী জীয়ে ২২৫০০ লোকক টিকাকৰণৰ গৌৰৱ অৰ্জন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক তেওঁৰ ভৰিৰ ফ্ৰেক্সাৰ হোৱা সত্বেও কাম কৰি থকাৰ উদ্দীপনাক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কৰ্ম’ দেৱীৰ দৰে লোকসকলৰ প্ৰচেষ্টাৰ বলত বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ কাৰ্য্যক্ৰমটো অব্যাহত আছে। লাহুল-স্পিতিৰ শ্ৰী নাৱাং উপাসকৰে মত-বিনিময় কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক ভেকচিন গ্ৰহণৰ ক্ষেত্ৰত এগৰাকী আধ্যাত্মিক নেতা হিচাপে তেওঁ কিদৰে তেওঁলোকক সৈমান কৰাইছে, তাৰ বুজ লয়। শ্ৰী মোদীয়ে লগতে অঞ্চলটোৰ জনসাধাৰণৰ জীৱন-যাত্ৰাত অটল সুৰংগৰ প্ৰভাৱ সন্দৰ্ভত কয়। শ্ৰী উপাসকে অৱগত কৰে যে এই সুৰংগই যাত্ৰাৰ সময় চমু কৰিছে আৰু যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধন কৰিছে। লাহুল স্পিতিক টিকাকৰণ অভিযানৰ দ্ৰুততম অভিযোজনাকাৰী কৰি তোলাত সহায়ৰ অৰ্থে প্ৰধানমন্ত্ৰীগৰাকীয়ে বৌদ্ধ নেতাজনক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে মত-বিনিময়ৰ সময়ছোৱাত অত্যন্ত ব্যক্তিগত আৰু অনানুষ্ঠানিক কথা ব্যক্ত কৰে।

উপস্থিতসকলক সম্বোধন কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, হিমাচল প্ৰদেশ ১০০ বছৰৰ সৰ্ববৃহৎ মহামাৰীটোৰ বিৰুদ্ধে যুঁজখনত চেম্পিয়ন হিচাপে পৰিগণিত হৈছে। তেখেতে লগতে কয় যে হিমাচল সমগ্ৰ যোগ্য লোকক অতি কমেও এপালি ক’ৰোনা ভেকচিন প্ৰদান ভাৰতৰ প্ৰথমখন ৰাজ্য হৈ পৰিছে। এই সফলতাই আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰতাৰ গুৰুত্বক প্ৰতিফলিত কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

তেখেতে কয় যে ভাৰতৰ টিকাকৰণৰ সফলতা ইয়াৰ নাগৰিকসকলৰ উদ্দীপনা আৰু কঠোৰ শ্ৰমৰ ফলশ্ৰুতি। ভাৰতে দৈনিক ১.২৫ কোটি ভেকচিনৰ অভিলেখসংখ্যক গতিত টিকাকৰণ অব্যাহত ৰাখিছে। ইয়াৰ অৰ্থ হৈছে এদিনত ভাৰতৰ টিকাকৰণৰ সংখ্যা বহু দেশৰ জনসংখ্যাতকৈ অধিক। প্ৰধানমন্ত্ৰীগৰাকীয়ে টিকাকৰণ অভিযানটোলৈ বৰঙণি আগবঢ়োৱাৰ বাবে চিকিৎসক, আশা কৰ্মী, অংগনৱাড়ী কৰ্মী, মেডিকেল পাৰ্ছনেল, শিক্ষক আৰু মহিলাসকলক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বাধীনতা দিৱস উপলক্ষে তেখেতে কোৱা ‘সবকা প্ৰয়াস’ৰ কথা উল্লেখ কৰি কয় যে এই সফলতা হৈছে তাৰ প্ৰকাশ। তেখেতে লগতে হিমাচল দেৱ-দেৱীৰ ভূমি বুলি উল্লেখ কৰি এই ক্ষেত্ৰত সংবাদ আৰু সহযোগিতাৰ আৰ্হিক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সন্তোষ ব্যক্ত কৰি কয় যে আনকি লাহুল-স্পিতিৰ দৰে প্ৰত্যন্ত জিলাতো, হিমাচলে ১০০% প্ৰথম পালি প্ৰদানেৰে নেতৃত্ব বহন কৰিছে। অটল সুৰংগ নিৰ্মাণৰ পূৰ্বে এই অঞ্চলটো সমগ্ৰ দেশখনৰপৰা কেইবামাহ ধৰি বিচ্ছিন্ন হৈ আহিছিল। তেখেতে টিকাকৰণৰ প্ৰচেষ্টাক প্ৰভাৱিত কৰিবপৰা উৰাবাতৰি বা মিছা তথ্যক প্ৰশ্ৰয় নিদিয়াৰ বাবে হিমাচলৰ জনসাধাৰণক প্ৰশংসা কৰে। তেখেতে লগতে কয় যে হিমাচল হৈছে বিশ্বৰ সৰ্ববৃহৎ আৰু দ্ৰুততম টিকাকৰণ অভিযানটোক দেশখনৰ গ্ৰাম্য় সমাজে কিদৰে শক্তি যোগাই আছে তাৰেই প্ৰমাণ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পৰ্যটনে যোগাযোগ ব্যৱস্থাৰ সুদৃঢ়কৰণৰ প্ৰত্যক্ষ লাভ অৰ্জন কৰিছে, ফল-মূল আৰু শাক-পাচলি উৎপাদন কৰা কৃষক আৰু উদ্যানপালকসকলেও এয়া লাভ কৰিছে। গাঁওসমূহত ইন্টাৰনেট সংযোগ ব্যৱহাৰৰদ্বাৰা, হিমাচলৰ যুৱ প্ৰতিভাসমূহে তেওঁলোকৰ সংস্কৃতি আৰু পৰ্যটনৰ নতুন সম্ভাৱনাসমূহ দেশখন আৰু বিদেশলৈ কঢ়িয়াই নিব পাৰিছে।

শেহতীয়াকৈ ঘোষণা কৰা ড্ৰোন বিধিৰ উল্লেখৰে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, এই বিধিয়ে স্বাস্থ্য আৰু কৃষিৰ দৰে বহু খণ্ডৰ কৰ্মক্ষেত্ৰত সহায় কৰিব। ই নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতে স্বাধীনতা দিৱসত কৰা আন এটি ঘোষণাৰ কথা উল্লেখ কৰে। তেখেতে কয় যে এতিয়া কেন্দ্ৰীয় চৰকাৰখনে মহিলাৰ আত্ম-সহায়ক গোটসমূহৰ অৰ্থে এটি বিশেষ অনলাইন প্লেটফৰ্ম গঢ়ি তুলিবলৈ আগবাঢ়িছে। তেখেতে লগতে কয় যে এই মাধ্যমৰ জৰিয়তে, আমাৰ ভগ্নীসকলে দেশখনত আৰু বিশ্বখনত তেওঁলোকৰ উৎপাদিত পণ্যসমূহ বিক্ৰী কৰিবলৈ সক্ষম হ’ব। তেওঁলোকে দেশখনৰ প্ৰতিটো প্ৰান্তলৈ আপেল, কমলা, কেনু, কাঠফুলা, বিলাহী তথা বহু এনে পণ্য সৰবৰাহ কৰিবলৈ সক্ষম হ’ব।

আজাদী কা অমৃত মহোৎসৱৰ শুভলগনত, প্ৰধানমন্ত্ৰীগৰাকীয়ে হিমাচলৰ কৃষক আৰু উদ্যানপালকসকলক অহা ২৫ বছৰৰ ভিতৰত হিমাচলক জৈৱিক খেতিৰ ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। তেখেতে কয়, আমি লাহে-লাহে আমাৰ মাটিক ৰাসায়নিক সাৰৰপৰা মুক্ত কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছো।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's Q4 GDP growth seen at 7.3%; CNBC-TV18 poll pegs FY26 at 7.5%

Media Coverage

India's Q4 GDP growth seen at 7.3%; CNBC-TV18 poll pegs FY26 at 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Share your ideas and suggestions for 'Mann Ki Baat' now!
June 05, 2026

Prime Minister Narendra Modi will share 'Mann Ki Baat' on Sunday, June 28th. If you have innovative ideas and suggestions, here is an opportunity to directly share it with the PM. Some of the suggestions would be referred by the Prime Minister during his address.

Share your inputs in the comments section below.