সমগ্ৰ যোগ্য হিতাধিকাৰীক অতি কমেও এপালি ক’ৰোনাৰ ভেকচিন প্ৰদান কৰা ভাৰতৰ প্ৰথমখনি ৰাজ্য হিচাপে পৰিগণিত হৈছে হিমাচল প্ৰদেশ
হিমাচল হৈছে দেশখনৰ গ্ৰাম্য সমাজে কিদৰে বিশ্বখনৰ সৰ্ববৃহৎ আৰু দ্ৰততম টিকাকৰণ অভিযানক সবল কৰি আছে, তাৰ প্ৰমাণঃ প্ৰধানমন্ত্ৰী
নতুন ড্ৰোন নিয়মে স্বাস্থ্য আৰু কৃষিৰ দৰে বহু খণ্ডৰ কৰ্মক্ষেত্ৰত সহায় কৰিবঃ প্ৰধানমন্ত্ৰী
মহিলাৰ আত্ম-সহায়ক গোটসমূহৰ বাবে আহিবলগীয়া বিশেষ অনলাইন প্লেটফৰ্মে আমাৰ ভগ্নীসকলক তেওঁলোকৰ পণ্যৰাজি দেশখনত আৰু বিদেশত বিক্ৰীৰ ক্ষেত্ৰত সহায় কৰিবঃ প্ৰধানমন্ত্ৰী
হিমাচলৰ মাটিক ৰাসায়নিক সাৰৰপৰা মুক্ত কৰি তোলক, হিমাচলৰ কৃষক আৰু উদ্যানপালকসকলক ‘অমৃত কাল’ৰ সময়ছোৱাত হিমাচলক জৈৱিক কৃষিকাৰ্য্যৰে উদ্বুদ্ধকৰণৰ আহ্বান

হিমাচল প্ৰদেশত আজি এজন ‘প্ৰধান সেৱক’ হিচাপেই নহয় বৰং পৰিয়াল এগৰাকী সদস্য হিচাপেও মই গৌৰৱ কৰাৰ সুযোগ লাভ কৰিছো। মই সৰু সৰু সা-সুবিধাসমূহৰ বাবেও সংঘৰ্ষ কৰা হিমাচলখনক দেখিছো, আৰু আজি বিকাশ-গাঁথা লিখি থকা হিমাচলখনকো প্ৰত্যক্ষ কৰিছো। এয়া সকলো দেৱী-দেৱতাৰ আশীৰ্বাদ, হিমাচল চৰকাৰৰ কৰ্মকুশলতা আৰু হিমাচলৰ প্ৰতিগৰাকী ব্যক্তিৰ সজাগতাৰে সম্ভৱ হৈছে। মই আকৌ এবাৰ যিসকলৰ সৈতে কথা পতাৰ সুযোগ পালো আৰ যি দৰে সকলোৱে কথা পাতিলে তাৰ বাবে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো। মই গোটেই টীমটোকে ধন্যবাদ জনাইছো। হিমাচলে এটা টীমৰ ৰূপত কাম কৰি অদ্ভুত সাফল্য লাভ কৰিলে। মোৰ ফালৰ পৰা আপোনালোক আটাইকে বহুত বহুত শুভকামনা যাঁচিলো।

হিমাচল প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান ৰাজেন্দ্ৰ আৰ্লেকাৰ জী, শক্তিধৰ আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান জয়ৰাম ঠাকুৰ জী, সংসদত আমাৰ সতীৰ্থ আৰু ‘ভাৰতীয় জনতা পাৰ্টী’ৰ ৰাষ্ট্ৰীয় অধ্যক্ষ, হিমাচলৰ মহান সন্তান, শ্ৰী জগত প্ৰকাশ নাড্ডা জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলত মোৰ সহয়োগী শ্ৰী অনুৰাগ ঠাকুৰ জী, সংসদত মোৰ মিত্ৰ আৰু হিমাচল ‘ভাজপা’-ৰ অধ্যক্ষ শ্ৰীমান সুৰেশ কাশ্যপ জী, উপস্থিত মন্ত্ৰীসকল, সাংসদসকল, বিধায়কসকল, পঞ্চায়তৰ জন প্ৰতিনিধিসকল আৰু মোৰ মৰমৰ হিমাচলৰ ভাই-ভনীসকল!

১০০টা বছৰৰ সকলোতকৈ ডাঙৰ মহামাৰী; যোৱা ১০০টা বছৰত হয়তো এনেকুৱা দিন কাহানিও প্ৰত্যক্ষ কৰা নাছিল। এনে এক মহামাৰীৰ বিৰুদ্ধে অব্যাহত যুদ্ধত হিমাচল প্ৰদেশ ‘চেম্পিয়ণ’ হৈ সন্মুখত উপস্থিত হৈছেহি। হিমাচল ভাৰতৰ প্ৰথমখন ৰাজ্য যিয়ে ক’ৰোনাৰ প্ৰতিষেধক গ্ৰহণৰ যোগ্যতা লভা সম্পূৰ্ণ সংখ্যক জনসংখ্যাক কমেও এটা পালি দি সম্পূৰ্ণ কৰাৰ কৃতিত্ব অৰ্জন কৰিছে। কেৱল এয়াই নহয় প্ৰতিষেধকৰ দ্বিতীয়টো পালিৰ ক্ষেত্ৰতো হিমাচলে এই পৰ্যন্ত প্ৰায় দুই-তৃতীয়াংশৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।

বন্ধসকল,

হিমাচলৰ ৰাইজৰ এই সফলতাই দেশৰ আত্মবিশ্বাসো বঢ়ালে আৰু আত্মনিৰ্ভৰ হোৱাটো কিমান জৰুৰী, সেই কথাও সঁকীয়াই দিলে। ‘সকলোকে প্ৰতিষেধক, বিনামূলীয়া প্ৰতিষেধক’, ১৩০ কোটি ভাৰতীয়ৰ এই আত্মবিশ্বাস প্ৰতিষেধকৰ ক্ষেত্ৰত আত্মৰ্নিৰভৰ্তাৰেই পৰিণাম। ভাৰতে এতিয়া দিনটোৰ ভিতৰতে ১.২৫ কোটি গৰাকী ব্যক্তিক প্ৰতিষেধক প্ৰদান কৰি অভিলেখ ৰচনা কৰিব পৰা হৈছে। ভাৰতে আজিৰ তাৰিখত এটা দিনত যিমান প্ৰতিষেধক প্ৰদান কৰি আছে, সেয়া বহু দেশৰ সৰ্বমুঠ জনসংখ্যাতকৈয়ো বেছি। ভাৰতৰ টীকাকৰণ অভিযানৰ সফলতা, প্ৰতিগৰাকী ভাৰতীয়ৰ পৰিশ্ৰম আৰু পৰাক্ৰমৰ পৰাকাষ্ঠাৰে ফল। যি ‘সকলোৰে প্ৰয়াস’ৰ কথা মই ৭৫সংখ্যক স্বতন্ত্ৰতা দিৱসত কৈছিলো, লালকিল্লাৰ পৰা কৈছিলো। মই কও, এয়া তাৰেই প্ৰতিবিম্ব। হিমাচলৰ পিচত ছিক্কিম আৰু দদ্ৰা আৰু নগৰ হাভেলীয়েও এশ শতাংশ পালিৰ সীমা অতিক্ৰম কৰিছে আৰু বহুকেইখন ৰাজ্যয়ো ইয়াৰ তেনেই কাষ চাপিবলৈ সক্ষম হৈছে। এতিয়া আমি সকলোৱে মিলিজুলি এনে প্ৰয়াস কৰিব লাগিব যিসকলো প্ৰথম পালি ল’লে, তেওঁলোকে দ্বিতীয়টো পালিও লোৱাটো নিশ্চিত কৰিব লাগিব।

ভাই-ভনীসকল,

হিমাচল প্ৰদেশে সকলোতকৈ দ্ৰুতগতিত টীকাকৰণ অভিযান চলোৱাৰো মূলতে হৈছে আত্মবিশ্বাসৰ এই ঔষধী। হিমাচল প্ৰদেশে নিজৰ ওপৰত বিশ্বাস কৰিছে, নিজৰ স্বাস্থ্যকৰ্মীসকলৰ ওপৰত আৰু ভাৰতৰ বৈজ্ঞানিকসলৰ ওপৰত বিশ্বাস কৰিছে। এই উপলব্ধি, সকলো স্বাস্থ্যকৰ্মী, আশা কৰ্মী, অংগণৱাড়ী কৰ্মী, শিক্ষক আৰু অন্যান্য সকলো বন্ধু-বান্ধৱৰ উজ্জীৱিত উচাহৰে পৰিণাম এয়া। আৰোগ্য ক্ষেত্ৰৰে জড়িতসকলৰ পৰিশ্ৰমৰতো ফল হয়েই। ডাক্টৰেই হওক, পেৰামেডিকেল কৰ্মী, অন্যন্য সহায়কসকলৰো পৰিশ্ৰমৰ ফল এয়া। ইয়াতো বিপুল সংখ্যক বাই-ভনীয়ে বিশেষ ভূমিকা পালন কৰিছে। মাত্ৰ কেইটামান মুহূৰ্তৰ আগতে ফিল্ডত কাম কৰা আমাৰ মিত্ৰসকলে বিস্তাৰিত ভাবে জানিবলৈ দিছে, তেওঁলোকে কেনে ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। হিমাচলত তেনে সকলো প্ৰকাৰৰ প্ৰত্যাহ্বান আছিল; যিবোৰ টীকাকৰণৰ ক্ষেত্ৰত বাধা সৃষ্টিকাৰী আছিল। পাহাৰীয়া ৰাজ্য হোৱাৰ পৰিপ্ৰেক্ষিতত, ‘লজিষ্টিক্স’ৰ সমস্যা আছিলেই। ক’ৰোণাৰ প্ৰতিষেধকৰ ‘ষ্ট’ৰেজ’ আৰু ‘ট্ৰেন্সপোৰ্টেশ্যন’তো আৰু জটিল আছিল। কিন্তু জয়ৰাম জীৰ চৰকাৰে যিধৰণৰ ব্যৱস্থাপনা বিকশিত কৰিলে যেনেদৰে পৰিস্থিতি চম্ভালি লোৱাত দক্ষতা প্ৰদৰ্শন কৰিলে সেয়া নিতান্তই প্ৰশংসনীয় আছিল। সেয়ে প্ৰতিষেধকৰ আধানাৰ্জি নকৰাকৈ, হিমাচলে সকলোতকৈ দ্ৰুত গতিৰে টীকাকৰণৰ কাম সফলতাৰে সম্পন্ন কৰিলে।

বন্ধুসকল,

কঠিন ভৌগলিক পৰিস্থিতিৰ লগতে ‘জন সজাগতা’ আৰু ‘গণ-অংশীদাৰিত্ব’ও টীকাকৰণ অভিযানৰ সাফল্যৰ অন্যতম বৃহত কাৰক। হিমাচলততো পাহাৰে পাহাৰে ভাষাও সলনি হৈ যায়। সৰহখিনি অঞ্চলেই গ্ৰামীণ। য’ত আস্থা জীৱনৰ অবিচ্ছেদ্য অংগৰ দৰে। মানুহৰ মনত দেৱ-দেবীৰ উপস্থিতি সদা বিদ্যমান হৈয়ে থাকে। অকণমান সময়ৰ আগতে কুল্লু জিলাৰ সালানা গাঁৱৰ কথা এগৰাকী ভনীয়ে কৈছিল। সালানাই গণতন্ত্ৰক দিকদৰ্শন কৰোৱাত ভূমিকা পালন কৰিছিল। তেওঁৰ টীমে বিশেষ শিবিৰ স্থাপন কৰি, ‘তাৰ-স্পেন’-ৰ জৰিয়তে প্ৰতিষেধকৰ বাকচ প্ৰেৰণ কৰে আৰু তাত দেৱসমাজৰে জড়িত গুৰুত্বপূৰ্ণ ব্যক্তিসকলক বিশ্বাসত লয়। ‘জন-অংশীদাৰিত্ব’ আৰু ‘জন সজাগতা’ৰ এনে ৰণনীতি চিমলাৰ ডোডৰা কাৰ, কাংৰাৰ সৰু-ডাঙৰ এলেকা, কিন্নৌৰ, লাহৌল-স্পীতি আৰু পাংগি-ভৰমৌৰৰ দৰে প্ৰতিটো দুৰ্গম ক্ষেত্ৰতো কামত আহিছে।

বন্ধুসকল,

মোৰ ভাল লাগিছে যে লাহৌল-স্পীতিৰ দৰে দুৰ্গম জিলা থকাৰ পিচতো হিমাচলে এশ শতাংশ পালি প্ৰতিষেধক দিয়া প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হ’ব পাৰিলে। এয়া এনে ক্ষেত্ৰ, ‘অটল টানেল’ নিৰ্মাণৰ আগলৈকে দেশৰ অন্য প্ৰান্তৰ পৰা মাহৰ পিচত মাহ ধৰি বিচ্ছিন্ন হৈ থাকিবলগীয়া হৈছিল। আস্থা, শিক্ষা আৰু বিজ্ঞানৰ সমন্বয়ত জীৱন কেনেকৈ সলনি হ’ব পাৰে, এয়া হিমাচলে বাৰে বাৰে দেখুৱাই আহিছে। হিমাচলবাসীয়ে কোনোধৰণৰ জনৰৱ, কোনো ধৰণৰ অপপ্ৰচাৰলৈ কাণ নিদিলে। পৃথিৱীৰ সৰ্ববৃহত্ টীকাকৰণ অভিযানটোক সফল কৰি তোলাৰ ক্ষেত্ৰত গাঁৱেও কিমান গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে সেই কথা হিমাচলে পুনৰবাৰ প্ৰতীয়মান কৰিলে।

বন্ধুসকল,

দ্ৰুতগতিত প্ৰতিষেধক গ্ৰহণৰ লাভ হিমাচলৰ পৰ্যটন উদ্যোগৰ ক্ষেত্ৰতো উপলব্ধ হোৱা দেখা গৈছে। কিন্তু এটা কথা মনত ৰাখিবই লাগিব ‘মাস্ক’ আৰু ‘দুগজৰ ব্যৱধান’ৰ মন্ত্ৰ আমি টীকা লোৱাৰ পিচতো পাহৰিব নালাগিব। আমিতো হিমাচলৰ মানুহ, আমি জানো যে তুষাৰপাত বন্ধ হৈ যায়। তথাপি কিন্তু আমি যেতিয়া পুনৰাই বাহিৰলৈ যাও তেতিয়া কিন্তু আমি সতৰ্কতাৰে ভৰি দি দিহে খোজ দিও। কাৰণ আমি জানো যে তুষাৰপাতৰ পিচত খুপি খুপি খোজ দিব লাগিব। বৰষুণৰ পিচতো একেই কথা মানি চলিবলগীয়া হয়। একে কথাই  ক’ৰোনা মহামাৰী ক্ষেত্ৰতো আমি মানি চলিব লাগিব। ইয়াৰ বাবে যিবোৰ সতৰ্কতা মানি চলিব লাগিব সেয়া আমি মানিবই লাগিব।

ভাই-ভনীসকল,

আধুনিক প্ৰযুক্তিৰ, ডিজিটেল প্ৰযুক্তিৰ লাভ আগন্তুক সময়ত হিমাচলে আৰু অধিক হাৰ লাভ কৰিব পাৰিব। বিশেষকৈ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বহুত ডাঙৰ পৰিৱৰ্তনৰ লহৰ সম্ভৱ হ’বলৈ আগবাঢ়িছে। ইয়াৰ ফলত দূৰ-দূৰণিৰ বিদ্যালয় তথা স্বাস্থ্যকেন্দ্ৰসমূহতো ডাঙৰ ডাঙৰ হাস্পটালৰ ডাক্টৰ তথা শিক্ষক ‘ভাৰ্চুৱেলী’ সংযুক্ত হ’ব পাৰিবগৈ।

অলপতে দেশে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছে, যাক মই বিশেষকৈ হিমাচলৰ ৰাইজক ক’ব বিচাৰিছো। এয়া হৈছে ‘ড্ৰোন প্ৰযুক্তি’ৰে জড়িত নীতি-নিয়মত হোৱা পৰিৱৰ্তন। এতিয়া ইয়াৰ নিয়মবোৰ আৰু অধিক সৰল কৰি দিয়া হৈছে। ইয়াৰ ফলত হিমাচলত স্বাস্থ্যৰ পৰা কৃষিৰ দৰে অনেক খণ্ডত নতুন সম্ভাৱনাৰ সৃষ্টি হ’ব। ড্ৰোনে এতিয়া ঔষধৰ ‘হোম ডেলিভাৰী’ৰো কাম কৰিব পাৰিব আৰু ইয়াৰ প্ৰয়োগ মাটিৰ জৰীপ কৰাৰ ক্ষেত্ৰতো কৰি থকাই হৈছে। মই ভাবো, ‘ড্ৰোন প্ৰযুক্তি’ৰ উচিত ব্যৱহাৰে আমাৰ পাহাৰীয়া অঞ্চলৰ ৰাইজৰ জীৱন শৈলীয়েই পেলাব পাৰিব। জংঘলৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবেও হিমাচলত ‘ড্ৰোন প্ৰযুক্তি’ৰ বহুত প্ৰয়োগ কৰিব পৰা যাব। কেন্দ্ৰীয় চৰকাৰে চৰকাৰী কাম-কাজত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ যিমান পাৰে অধিক হাৰত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

ভাই-ভনীসকল,

হিমাচলে আজি দ্ৰুতগতিৰে উন্নয়ণৰ দিশে অগ্ৰসৰ হৈছে। অৱশ্যে প্ৰাকৃতিক দুৰ্যোগও আজি হিমাচলৰ বাবে বৃহত্ প্ৰত্যাহ্বান হিচাপে চিহ্নিত হৈ আহিছে। বিগত দিনবোৰত  বহুবোৰ দুৰ্ভাগ্যজনক ঘটনাত আমি বহুত মিত্ৰক হেৰুৱাবলগীয়া হৈছে। ইয়াৰ বাবে আমি বৈজ্ঞানিক সমাধানসুত্ৰসমূহৰ ফালে খৰটকীয়াকৈ আগবাঢ়ি যাব লাগিব। ভূমিস্খলনৰ পৰা ‘আৰ্লী ৱাৰ্ণিং ছিষ্টেম’ৰে জড়িত গৱেষণাক  উত্সাহিত কৰিব লাগিব। এয়াই নহয়, পাহাৰীয়া অঞ্চলসমূহৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণৰে জড়িত প্ৰযুক্তিৰ ক্ষেত্ৰত নতুন উদ্ভাৱনৰ বাবে আমাৰ যুৱ-প্ৰজন্মক আমি অনুপ্ৰাণিত কৰিব লাগিব।

বন্ধুসকল,

গাঁও আৰু সমাজক জড়িত কৰাৰ পৰিণাম কিমান সাৰ্থক হ’ব পাৰে, ইয়াৰ ডাঙৰ উদাহৰণ হৈছে ‘জল জীৱন মিছন’। আজিৰ তাৰিখত হিমাচলৰ সেইবোৰ অঞ্চলতো নলৰে প্ৰবাহিত পানী পোৱা যায়, যিবোৰ ঠাইত এটা সময়ত এই কথা অসম্ভৱ বুলিয়েই ধৰি লোৱা হৈছিল। এই দৃষ্টিভংগী বনজ-সম্পদক লৈয়ো গ্ৰহণ কৰিব পৰা যায়। ইয়াত আমাৰ বাই-ভনীসকলৰ যি আত্মসহায়ক গোটসমূহ আছে, সেইবোৰৰ অংশীদাৰিত্ব বৃদ্ধি কৰিব পৰা যায়। বিশেষকৈ বনৌষধী, ছালাদ, শাক-পাচলীৰ পৰা হিমাচলৰ জংঘলত বহুত সম্ভাৱনা দেখিবলৈ পোৱা যায়, যাৰ চাহিদা নিৰন্তৰ বাঢ়িয়েই আছে বুলি কব লাগিব। এই সম্পদক আমাৰ পৰিশ্ৰমী ভগ্নীসকলে, বিজ্ঞানসন্মত পদ্ধতিৰে বহুগুণে বঢ়াই তুলিব পাৰে। এতিয়াতো ‘ই-কমাৰ্চ’ৰ দৰে নতুন মাধ্যমৰে আমাৰ ভগ্নীসকলে নতুন ধাৰাও লাভ কৰিছে। এই ১৫আগষ্টতমই লাল কিল্লাৰ পৰা কৈছিলোও, যে কেন্দ্ৰীয় চৰকাৰে এতিয়া বাই-ভনীসকলৰ আত্মসহায়ক গোটসমূহৰ বাবে বিশেষ ‘অনলাইন প্লেটফৰ্ম’ যুগুতাব বিচাৰিছে। এই মাধ্যমৰে আমাৰ ভগ্নীসকলে দেশ আৰু বিদেশতো তেওঁলোকে উত্পাদন কৰা সা-সামগ্ৰী বিক্ৰী কৰিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে ১লাখ কোটি টকাৰ এক বিশেষ ‘কৃষি আন্তঃগাঁথনি পুঁজি’ গঠন কৰিছে। বাই-ভনীসকলৰ আত্মসহায়ক গোটসমূহেই হওক, ‘কৃষক-উত্পাদক সংগঠন’সমূহেই হওক এই পুঁজিৰ সহায়ত গাঁৱৰ ওচৰে-পাজৰে ‘ক’ল্ডষ্টৰেজ’ অথবা ‘খাদ্য সংসাধন কেন্দ্ৰ’ স্থাপন কৰিব পাৰিব। ইয়াৰ দ্বাৰা নিজে উত্পাদন কৰা ফল-মূল, শাক-পাচলী সংৰক্ষণৰ বাবে তেওঁলোকে আনৰ ওপৰত ভৰসা কৰি থাকিব নালাগিব। হিমাচলৰ পৰিশ্ৰমী আমাৰ কৃষক-বাগিছা খেতিয়কসকলে ইয়াৰ অধিক সুফল লাভ কৰিব বুলি মই সম্পূৰ্ণ বিশ্বাস কৰো।

বন্ধুসকল,

‘স্বাধীনতাৰ অমৃতকাল’ত হিমাচলৰ কৃষক আৰু বাগিছা খেতিয়কসকলক মই আৰু এটা আহ্বান জনাব বিচাৰিছো। আগন্তুক ২৫টা বছৰত আমি বাৰু হিমাচলৰ খেতিৰ ফচলসমূহ জৈৱিক পদ্ধতিৰে কৰাৰ পৰম্পৰা গঢ়ি তুলিবলৈ প্ৰয়াস কৰিব নোৱাৰোনে? লাহে লাহে আমি ‘কেমিকেল’ৰ পৰা নিজৰ মাটিখিনিক মুক্ত কৰিব লাগিব। আমি এনে এক ভৱিষ্যতৰ দিশে আগবাঢ়িব লাগিব, য’ত মাটি আৰু আমাৰ ল’ৰা-ছোৱালীৰ স্বাস্থ্য উত্তম হৈ থাকিব পাৰে। হিমাচলৰ সামৰ্থ্যৰ ওপৰত মোৰ নিশ্চয় বিশ্বাস আছে। হিমাচলৰ যুৱ-শক্তিৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। সীমাৰ সুৰক্ষাৰ ক্ষেত্ৰত যেনেদৰে হিমাচলৰ নজোৱানসকল সদায়ে আগত থাকে, সেইদৰেই মাটিৰ সুৰক্ষ্যা নিশ্চিত কৰাৰ ক্ষেত্ৰতো আমাৰ হিমাচলৰ প্ৰতিখন গাঁও, প্ৰতিগৰাকী কৃষকে অগ্ৰণী ভূমিকা পালন কৰিব। হিমাচলে অসাধ্য সাধনৰ যি নিদৰ্শন দাঙি ধৰি আহিছে সেই পৰিচিতি শক্তিশালীৰূপত প্ৰতিস্থা কৰি থাকক, এই কামনাৰেই আপোনালোক আটাইকে পুনৰবাৰ অভিনন্দন জনালো। হিমাচলে সম্পূৰ্ণ টীকাকৰণৰ লক্ষ্য দেশৰ ভিতৰতে আগতে সম্পূৰ্ণ কৰাৰ বাবে বহুত বহুত শুভকামনা জনালো। মই আকৌ এবাৰ সকলো দেশবাসীক ক’ৰোনাৰ পৰা সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনালো। এই পৰ্যন্ত প্ৰায় ৭০কোটি পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে। ইয়াত দেশৰ ডাক্টৰ, নাৰ্ছ, অংগণৱাড়ী-আশা ভগ্নীসকলৰ, স্থানীয় প্ৰশাসন, প্ৰতিষেধক প্ৰস্তুত কৰা প্ৰতিষ্ঠানসমূহ আৰু ভাৰতৰ বৈজ্ঞানিকসকলৰ বহুত ডাঙৰ তপস্যা জড়িত হৈ আহিছে। প্ৰতিষেধক দ্ৰুতগতিৰে প্ৰদান কৰি থকা হৈছে, কিন্তু আমি কোনো ধৰণৰ উদাসীনতা আৰু গুৰুত্বহীনতাৰ পৰা আঁতৰি থাকিব লাগিব আৰু মই প্ৰথম দিনাৰ পৰাই এটা মন্ত্ৰ কৈ আহিছো। ‘দৱাই ভী কঢ়াই ভী’-ৰ মন্ত্ৰ আমি পাহৰিব নালাগিব। আকৌ এবাৰ হিমাচলৰ ৰাইজক শুভকামনা জনাই সামৰিলো। বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's tyre exports rise 16% in Q1 to ₹7,700 cr despite global headwinds: ATMA

Media Coverage

India's tyre exports rise 16% in Q1 to ₹7,700 cr despite global headwinds: ATMA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on National Sports Day
August 29, 2026

The Prime Minister, Shri Narendra Modi has extended his greetings to all sports lovers on National Sports Day. Shri Modi said that the dedication, passion and determination of sportspersons make the entire nation proud.

The Prime Minister also paid homage to the legendary Major Dhyan Chand Ji, whose brilliance and contribution to Indian hockey continue to inspire generations.

Shri Modi posted on X:

“To every sports lover…your dedication, passion and determination make everyone proud.

We also pay homage to the legendary Major Dhyan Chand Ji, whose brilliance inspires generations.

#NationalSportsDay”