কুৱালালামপুৰত প্ৰবাসী ভাৰতীয়সকলৰ উষ্মতাৰ বাবে কৃতজ্ঞ, আমাৰ প্ৰবাসীসকল ভাৰত আৰু মালয়েছিয়াৰ মাজত এক শক্তিশালী সেতু হৈ আহিছেঃ প্ৰধানমন্ত্ৰী
মালয়েছিয়াত বিশ্বৰ ভিতৰতে দ্বিতীয়-সৰ্ববৃহৎ ভাৰতীয়-মূলৰ সমাজ আছে। ইমানবোৰ কথাই ভাৰতীয় আৰু মালয়েছিয়াবাসীৰ হৃদয়ক সংযোগ কৰেঃ প্ৰধানমন্ত্ৰী
আপোনাসৱে শতিকাজুৰি পৰম্পৰা ৰক্ষা কৰি থকাটো উল্লেখযোগ্য কথা। শেহতীয়াকৈ মই মোৰ মাহেকীয়া ৰেডিঅ’ কথোপকথন মন কী বাতত আপোনাসৱৰ বিষয়ে কৈছিলো। মই ১৪০ কোটি ভাৰতীয়ক কৈছিলো যে মালয়েছিয়াৰ ৫০০-ৰো অধিক বিদ্যালয়ত শিশুসকলক ভাৰতীয় ভাষাত পাঠদান কৰা হয়ঃ প্ৰধানমন্ত্ৰী
মালয়েছিয়াত থকা প্ৰব্ৰজনকাৰী তামিল সদস্যসকলেও ভিন্ন ক্ষেত্ৰত সমাজৰ সেৱা কৰি আছে। আচলতে প্ৰবাসী তামিলসকল ইয়াত বহু শতিকাৰ পৰাই আছে। এই ইতিহাসৰ পৰা অনুপ্ৰাণিত হৈ আমি গৌৰৱান্বিত যে আমি মলায়া বিশ্ববিদ্যালয়ত তিৰুবল্লুবৰ আসন প্ৰতিষ্ঠা কৰিলো। আমি এতিয়া আমাৰ উমৈহতীয়া ঐতিহ্যক অধিক সুদৃঢ় কৰাৰ বাবে এটি তিৰুবল্লুবৰ কেন্দ্ৰ স্থাপন কৰিমঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ সফলতা মানে মালয়েছিয়াৰ সফলতা, এয়া এছিয়াৰ সফলতা। সেইবাবেই, মই কওঁ আমাৰ সম্পৰ্কৰ পথ-প্ৰদৰ্শক শব্দটো হ’ল ইম্পেক্ট (IMPACT)। ইম্পেক্টৰ অৰ্থ হ’ল ইণ্ডিয়া মালয়েছিয়া পাৰ্টনাৰশ্বিপ ফৰ এডভান্সিং কালেকটিভ ট্ৰেন্সফৰ্মেচনঃ প্ৰধানমন্ত্ৰী
মই আপোনালোকক অধিক ভ্ৰমণ কৰিবলৈ আৰু অবিশ্বাস্য ভাৰতৰ অভিজ্ঞতা লাভ কৰিবলৈ উৎসাহিত কৰিছো। লগতে আপোনালোকৰ মলয় বন্ধুসকলকো নিব লাগিব। কাৰণ জনসাধাৰণৰ মাজৰ সংযোগ হৈছে আমাৰ বন্ধুত্বৰ মূল স্তম্ভঃ প্ৰধানমন্ত্ৰী
ভাৰত বিকাশৰ বাবে বিশ্বাসযোগ্য অংশীদাৰ হিচাপে পৰিগণিত হৈছে। যুক্তৰাজ্যই হওক, ইউএই-য়েই হওক, অষ্ট্ৰেলিয়াই হওক, নিউজিলেণ্ডেই হওক, ওমানেই হওক, ইউৰোপিয়ান ইউনিয়নেই হওক, আমেৰিকা যুক্তৰাষ্ট্ৰই হওক, এইসমূহ দেশৰ ভাৰতৰ সৈতে বাণিজ্য চুক্তি আছে। বিশ্বাস ভাৰতৰ আটাইতকৈ শক্তিশালী মুদ্ৰা হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী
“এই বিশেষ ইংগিতে ভাৰতৰ প্ৰতি আৰু আপোনালোক সকলোৰে প্ৰতি তেওঁৰ মৰম আৰু শ্ৰদ্ধাৰ মনোভাৱকে প্ৰতিফলিত কৰে”, শ্ৰী মোদীয়ে লগতে কয়।

মহামহিম, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিম,

মোৰ মৰমৰ বন্ধু-বান্ধৱী, ভাই-ভনীসকল,

 

চলামত পতাংগ!

বণক্কম্!

সুখমাণৌ?

সত শ্ৰী অকাল!

বাগুত্তাৰা?

কেম-ছৌ?

আপোনাসৱৰ শুভেচ্ছাৰ উষ্মতাই আমাৰ উমৈহতীয়া সংস্কৃতিৰ সুন্দৰ বৈচিত্ৰ্যক প্ৰতিফলিত কৰিছে।

সৰ্বপ্ৰথমে মোৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনাইছো। ভাৰত – মালয়েছিয়াৰ বন্ধুত্বৰ পৰিসৰ আৰু ভৱিষ্যতৰ সম্ভাৱনা সন্দৰ্ভত তেওঁৰ অতিশয় সাৱলীল বক্তব্যৰ বাবেও তেওঁক ধন্যবাদ জনাইছো।

 

কেৱল সেয়াই নহয়, প্ৰধানমন্ত্ৰীয়ে মোক আদৰিবলৈ বিমানবন্দৰলৈ গৈছিল আৰু তেওঁ মোক নিজৰ গাড়ীৰে ইয়ালৈ আনিছিল। কেৱল তেওঁৰ গাড়ীখনেই নহয়, তেওঁৰ আসনখনো মোক দিছিল। এই বিশেষ ইংগিতে ভাৰতৰ প্ৰতি আৰু আপোনালোক সকলোৰে প্ৰতি তেওঁৰ মৰম আৰু শ্ৰদ্ধাৰ মনোভাৱকে প্ৰতিফলিত কৰে।

আপোনাৰ উষ্ম বক্তব্য, আতিথ্য আৰু বন্ধুত্বৰ বাবে মই কৃতজ্ঞ।

বন্ধুসকল,

আমি ক্ষন্তেক পূৰ্বে অভিলেখ সৃষ্টি কৰা সাংস্কৃতিক অনুষ্ঠান প্ৰত্যক্ষ কৰিলো। নিখুঁত সমন্বয়ৰে ৮০০-ৰো অধিক নৃত্যশিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰিছে। এই পৰিবেশন কাৰ্য্যক আমাৰ ৰাইজে আগন্তুক সময়লৈ মনত ৰাখিব। আপোনাসৱক অভিনন্দন জনাইছো। সকলো পৰিবেশনকাৰীকে অভিনন্দন জনাইছো।

বন্ধুসকল,

প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিম প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বৰেপৰাই মোৰ বন্ধু আছিল। সংস্কাৰ সাধনৰ ক্ষেত্ৰত তেওঁৰ মনোনিৱেশ, তেওঁৰ মহান বুদ্ধিমত্তা আৰু ২০২৫-ত আছিয়ানৰ সুদক্ষ অধ্যক্ষতাৰ দায়িত্বক প্ৰশংসা কৰিছো।

মই যোৱা বছৰ আছিয়ান সন্মিলনৰ বাবে মালয়েছিয়া ভ্ৰমণ কৰিব পৰা নাছিলো। কিন্তু মই মোৰ বন্ধুক সোনকালে মালয়েছিয়ালৈ আহিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলো। আৰু সেই প্ৰতিশ্ৰুতি অনুসৰিয়েই আজি মই ইয়াত আছো।

২০২৬ চনটোত এয়া মোৰ প্ৰথম বিদেশ ভ্ৰমণ। এই উৎসৱৰ বতৰত আপোনালোকৰ লগত থাকিবলৈ পাই মই আনন্দিত হৈছো। আশা কৰো সকলোৱে সংক্ৰান্তি, পোংগল আৰু তই-পুসম পৰম আনন্দৰে উদযাপন কৰিলে। অতি সোনকালেই শিৱৰাত্ৰি উৎসৱ আহি আছে। কিছুদিনৰ পাছত ৰমজান আৰম্ভ হ’ব আৰু তাৰ পিছতে অতি ভক্তিৰে উদযাপন কৰা হ’ব হৰি ৰায়া। মই সকলোৰে সুখ আৰু সুস্বাস্থ্য কামনা কৰিলো।

বন্ধুসকল,

মালয়েছিয়াত বিশ্বৰ ভিতৰতে দ্বিতীয় সৰ্বাধিক ভাৰতীয়-মূলৰ সমাজ আছে। ইমানবোৰ কথাই ভাৰতীয় আৰু মালয়েছিয়াবাসীৰ হৃদয়ক সংযোগ কৰে। কিছু সময় পূৰ্বে প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিম আৰু মই যি প্ৰদৰ্শনী দেখিছিলো, সেই প্ৰদৰ্শনীয়ে এই সংযোগসমূহক সুন্দৰকৈ দেখুৱাইছে। আপুনি আমাক সংযোগ কৰা এখন জীৱন্ত সেতু।

 

আপুনি ৰুটি চনাইক মলাৱাৰ পৰঠাৰে সংযুক্ত কৰিছে।

নাৰিকল, মছলা আৰু অৱশ্যেই তেহ তাৰিক...

কুৱালালামপুৰতেই হওক বা কোচিতেই হওক, সোৱাদবোৰক ইমান চিনাকি যেন লাগে। আমি ইজনে-সিজনক ইমান ভালকৈ বুজো। আমাৰ ভাষা আৰু মলয়ৰ মাজত সাধাৰণ শব্দৰ সংখ্যা বেছি হোৱাৰ বাবেই নিশ্চয়।

মই শুনিছো যে মালয়েছিয়াত ভাৰতীয় চলচ্চিত্ৰ আৰু সংগীত জনপ্ৰিয়। আপোনালোক সকলোৰে জ্ঞাত যে প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে বৰ ভালকৈ গান গায়। কিন্তু ঘৰলৈ উভতি যোৱা বহু ভাৰতীয়ই সেই কথা নাজানিছিল। তেওঁৰ অন্তিম ভ্ৰমণৰ সময়ত তেওঁলোক আচৰিত হৈছিল। ভাৰতত তেওঁ এটা পুৰণি হিন্দী গীত গোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছিল! আচৰিত কথা যে তেওঁ কিংবদন্তি এমজিআৰ-ৰ তামিল গীতসমূহো ভাল পায়।

বন্ধুসকল,

আপোনালোকৰ হৃদয়ত ভাৰতৰ এক বিশেষ স্থান আছে বুলি মই জানো। মোৰ ২০০১-ৰ এটা দৃষ্টান্ত অতিশয় স্পষ্টকৈ মনত আছে। তেতিয়া মোৰ গৃহ ৰাজ্য গুজৰাটত ভূমিকম্প হওতে আপোনালোক সকলো একত্ৰিত হৈ সহায় কৰিছিল। ইয়াৰ বাবে মই সকলোকে ধন্যবাদ জনাইছো।

আৰু তাৰো বহু পূৰ্বেই ভাৰতক স্বাধীন দেশ হিচাপে গঢ়ি তুলিবলৈ আপোনাসৱৰ হাজাৰ-হাজাৰ পূৰ্বপুৰুষে পৰম ত্যাগ কৰিছিল। তেওঁলোকৰ বহুতেই ভাৰতখন কেতিয়াও দেখা নাছিল। কিন্তু নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভাৰতীয় ৰাষ্ট্ৰীয় সেনাবাহিনীত তেওঁলোকেই প্ৰথমে যোগদান কৰিছিল।

তেওঁলৈ সন্মানাৰ্থে আমি মালয়েছিয়াত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰটোৰ নাম নেতাজী সুভাষ চন্দ্ৰ বসুৰ নামেৰে ৰাখিলো। মালয়েছিয়াৰ নেতাজী চাৰ্ভিচ চেন্টাৰ আৰু নেতাজী ৱেলফেয়াৰ ফাউণ্ডেচনৰ প্ৰচেষ্টাকো প্ৰণাম জনাইছো।

 

বন্ধুসকল,

আপোনাসৱে শতিকাজুৰি পৰম্পৰা ৰক্ষা কৰি ৰখাটো উল্লেখযোগ্য কথা। শেহতীয়াকৈ মই মোৰ মাহেকীয়া ৰেডিঅ’ কথোপকথন মন কী বাতত আপোনাসৱৰ বিষয়ে কৈছিলো। মই ১.৪ বিলিয়ন ভাৰতীয়ক কৈছিলো যে মালয়েছিয়াৰ ৫০০-ৰো অধিক বিদ্যালয়ত শিশুসকলক ভাৰতীয় ভাষাত পাঠদান কৰা হয়।

ইয়াত তিৰুবল্লুবৰ আৰু স্বামী বিবেকানন্দৰ দৰে মহাপুৰুষসকলৰ প্ৰভাৱো অনুভৱ কৰিব পাৰি। যোৱা সপ্তাহত বতু গুহাত তই-পুসমো ইমানেই ঐশ্বৰিক আছিল যে পলনিত উদযাপন কৰা যেন লাগিছিল। সমানেই মহান আছিল শ্ৰী বংকটেশ্বৰা মন্দিৰ, বাগান দাতোহৰ সাংস্কৃতিক উদযাপন।

মই জানিব পাৰিছো যে ইয়াতো গৰ্বা অতিশয় জনপ্ৰিয়। ইয়াত বাস কৰা আমাৰ শিখ ভাইসকলৰ সৈতে সাংস্কৃতিক সংযোগকো আমি গভীৰভাৱে লালন-পালন কৰো। আপোনাসৱে শ্ৰীগুৰু নানক দেৱজীৰ শিক্ষাক আজিলৈকে কঢ়িয়াই লৈ ফুৰিছে নাম জপৌ, কিৰত কৰৌ, বণ্ড ছকৌক প্ৰচাৰ কৰিছে।

বন্ধুসকল,

আমাৰ ইয়াত ভাৰতৰ সকলো প্ৰান্তৰ লোক আছে। সাংস্কৃতিক ঐক্যৰ জৰীয়ে আমাক শক্তিশালীভাৱে বান্ধি ৰাখিছে। আমাৰ শক্তি হ’ল আমি বৈচিত্ৰ্যৰ মাজতো ঐক্যক বুজো।

বন্ধুসকল,

তামিল হৈছে ভাৰতৰ বিশ্বৰ বাবে উপহাৰ। তামিল সাহিত্য চিৰন্তন আৰু তামিল সংস্কৃতি বিশ্বব্যাপী। একেদৰে তামিল জনসাধাৰণেও স্বকীয় প্ৰতিভাৰে মানৱতাৰ সেৱা আগবঢ়াইছে। আৰু মই গৌৰৱেৰে কও, ভাৰতৰ উপ-ৰাষ্ট্ৰপতি, শ্ৰী চিপি ৰাধাকৃষ্ণন জী, আজি আমাৰ লগত থকা আমাৰ বৈদেশিক মন্ত্ৰী জয়শংকৰ জী, বিত্তমন্ত্ৰী, নিৰ্মলা সীতাৰমন জী, যিয়ে ৯ বাৰ আমাৰ বাজেট দাখিল কৰিছে, আমাৰ তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডঃ মুৰুগান আটাইকেইজনেই তামিলনাডুৰ।

 

একেদৰে মালয়েছিয়াত থকা প্ৰব্ৰজনকাৰী তামিল সদস্যসকলেও ভিন্ন ক্ষেত্ৰত সমাজৰ সেৱা কৰি আছে। আচলতে প্ৰবাসী তামিলসকল ইয়াত বহু শতিকাৰ পৰা আছে। এই ইতিহাসৰ পৰা অনুপ্ৰাণিত হৈ আমি গৌৰৱান্বিত যে আমি মলায়া বিশ্ববিদ্যালয়ত তিৰুবল্লুবৰ আসন প্ৰতিষ্ঠা কৰিলো। আমি এতিয়া আমাৰ উমৈহতীয়া ঐতিহ্যক অধিক সুদৃঢ় কৰাৰ বাবে এটি তিৰুবল্লুবৰ কেন্দ্ৰ স্থাপন কৰিম।

বন্ধুসকল,

মালয়েছিয়াৰ সৈতে আমাৰ সম্পৰ্ক প্ৰতি বছৰেই নতুন-নতুন শিখৰত উপনীত হৈছে। ২০২৪-ত প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ নতুন দিল্লী ভ্ৰমণৰ সময়ত আমি আমাৰ সম্পৰ্কক এক ব্যাপক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিছিলো।

আজি আমি প্ৰগতি আৰু সমৃদ্ধিৰ দিশত অংশীদাৰ হিচাপে হাতে-কামে আগবাঢ়িছো। আমি পাৰস্পৰিক সফলতাক আমাৰ নিজৰ সফলতাৰ দৰেই উদযাপন কৰো। চন্দ্ৰযান-৩ ৰ ঐতিহাসিক সফলতাক লৈ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ শুভেচ্ছাই মোক চুই গৈছিল। আপোনাৰ কথাত মই একমত মোৰ প্ৰিয় বন্ধু। ভাৰতৰ সফলতা মানে মালয়েছিয়াৰ সফলতা, এয়া এছিয়াৰ সফলতা।

সেইবাবেই, মই কওঁ আমাৰ সম্পৰ্কৰ পথ-প্ৰদৰ্শক শব্দটো হ’ল ইম্পেক্ট (IMPACT)। ইম্পেক্টৰ অৰ্থ হ’ল ইণ্ডিয়া মালয়েছিয়া পাৰ্টনাৰশ্বিপ ফৰ এডভান্সিং কালেকটিভ ট্ৰেন্সফৰ্মেচন।

আমাৰ সম্পৰ্কৰ গতিৰ ওপৰত ইম্পেক্ট

 

আমাৰ উচ্চাকাংক্ষাৰ পৰিসৰত ইম্পেক্ট

আমাৰ জনসাধাৰণৰ সুবিধাৰ বাবে ইম্পেক্ট

আমি সকলোৱে মিলি সমগ্ৰ মানৱতাক উপকৃত কৰিব পাৰো!

বন্ধুসকল,

ভাৰতীয় কোম্পানীসমূহ মালয়েছিয়াৰ সৈতে কাম কৰিবলৈ সদায় আগ্ৰহী। মালয়েছিয়াৰ প্ৰথম আৰু এছিয়াৰ সৰ্ববৃহৎ ইনচুলিন উৎপাদন কেন্দ্ৰ গঢ়ি তোলাত আমি ভূমিকা পালন কৰাটো এক সৌভাগ্যৰ কথা।

মালয়েছিয়াত ১০০-ৰো অধিক ভাৰতীয় আইটি কোম্পানীয়ে কাম কৰি হাজাৰ-হাজাৰ নিয়োগৰ সৃষ্টি কৰিছে। মালয়েছিয়া-ভাৰত ডিজিটেল কাউন্সিলে আমাৰ ডিজিটেল সহযোগিতাৰ বাবে নতুন পথ প্ৰশস্ত কৰিছে। মই আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে ভাৰতৰ ইউপিআই অতি সোনকালেই মালয়েছিয়ালৈ আহিব।

বন্ধুসকল,

ভাৰত মহাসাগৰৰ একেখিনি নীলা পানীকে আমি ভাগ কৰি লৈছো। সাগৰৰ ইপাৰ-সিপাৰত থাকি আমি ইজনে-সিজনক লগ কৰিবলৈ ভাল পাওঁ। মই আপোনালোক সকলোকে ভাৰতৰ ভিন্ন প্ৰান্ত ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনাইছো।

বিগত কেইবছৰমানৰ পৰা ভাৰতত আন্তঃগাঁথনি আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত অভূতপূৰ্ব বিকাশ হৈছে। আমাৰ বিমানবন্দৰৰ সংখ্যা এটা দশকত দুগুণ হৈছে। অভিলেখ গতিত নিৰ্মাণ হৈছে ঘাইপথ। বন্দে ভাৰতৰ দৰে আধুনিক ৰেলে আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা লাভ কৰিছে। মই আপোনালোকক অধিক ভ্ৰমণ কৰিবলৈ আৰু অবিশ্বাস্য ভাৰতৰ অভিজ্ঞতা লাভ কৰিবলৈ উৎসাহিত কৰিছো।

 

লগতে আপোনালোকৰ মলয় বন্ধুসকলকো নিব লাগিব। অকলে নাযাব। কাৰণ জনসাধাৰণৰ মাজৰ সংযোগ হৈছে আমাৰ বন্ধুত্বৰ মূল স্তম্ভ।

বন্ধুসকল,

২০১৫-ত আমি লগ হওতে মই আপোনালোকৰ সৈতে ভাৰতৰ সম্ভাৱনাৰ বিষয়ে কথা পাতিছিলো। এতিয়া, মই আপোনালোকৰ সৈতে ভাৰতৰ প্ৰদৰ্শনৰ বিষয়ে কথা পাতিছো। এটা দশকত ভাৰতত এক বৃহৎ পৰিৱৰ্তন দেখা গৈছে।

তেতিয়া, আমি আছিলোঁ বিশ্বৰ ১১ নং সৰ্ববৃহৎ অৰ্থনীতি। এতিয়া, আমি শীৰ্ষ ৩ ৰ দুৱাৰত টোকৰ মাৰিছো। আমি বিশ্বৰ দ্ৰুত-বৰ্ধমান বৃহৎ অৰ্থনীতিও।

তাৰ পিছত, তেতিয়া মেক ইন ইণ্ডিয়া আছিল মাত্ৰ ৰোপণ কৰা এটা গছপুলি। এতিয়া ভাৰত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ম’বাইল নিৰ্মাতা। ২০১৪-ৰ পৰা আমাৰ প্ৰতিৰক্ষা ৰপ্তানি প্ৰায় ৩০ গুণ বৃদ্ধি পাইছে। ভাৰত বিশ্বৰ তৃতীয়-সৰ্ববৃহৎ ষ্টাৰ্টআপ হাব হিচাপে পৰিগণিত হৈছে।

আমি বিশ্বৰ সৰ্ববৃহৎ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু বিশ্বৰ সৰ্ববৃহৎ ফিনটেক বাতাবৰণ গঢ়ি তুলিছো। বিশ্বৰ প্ৰায় আধা ৰিয়েল-টাইম ডিজিটেল লেনদেন ভাৰতত সম্পন্ন হয়, আমাৰ ইউপিআই প্লেটফৰ্মৰ বাবে এয়া সম্ভৱ হৈ উঠিছে।

দ্ৰুতগতিত বৃদ্ধি হোৱাৰ সময়তে আমি আমাৰ বিকাশক স্বচ্ছ আৰু সেউজ হোৱাটোও নিশ্চিত কৰিছো। উদাহৰণস্বৰূপে, এটা দশকত আমাৰ সৌৰশক্তিৰ প্ৰায় ৪০ গুণ বৃদ্ধি হৈছে।

 

বন্ধুসকল,

আগতে ভাৰতক কেৱল এখন বিশাল বজাৰ হিচাপেহে দেখা গৈছিল। কিন্তু এতিয়া আমি বিনিয়োগ আৰু বাণিজ্যৰ কেন্দ্ৰবিন্দু। ভাৰত বিকাশৰ বাবে বিশ্বাসযোগ্য অংশীদাৰ হিচাপে পৰিগণিত হৈছে। যুক্তৰাজ্যই হওক, ইউএই-য়েই হওক, অষ্ট্ৰেলিয়াই হওক, নিউজিলেণ্ডেই হওক, ওমানেই হওক, ইউৰোপিয়ান ইউনিয়নেই হওক, আমেৰিকা যুক্তৰাষ্ট্ৰই হওক, এইসমূহ দেশৰ ভাৰতৰ সৈতে বাণিজ্য চুক্তি আছে। বিশ্বাস ভাৰতৰ আটাইতকৈ শক্তিশালী মুদ্ৰা হৈ পৰিছে।

বন্ধুসকল,

ভাৰতে আপোনাসৱক সদায় মুকলি আকাশৰ তলত আকোৱালি ল’ব। সেইবাবেই আমি মাত্ৰ কেইমাহমানৰ আগতে এটা ঐতিহাসিক সিদ্ধান্ত লৈছিলো। আমি ভাৰতীয় মূলৰ মালয়েছিয়ান নাগৰিকৰ বাবে অ’চিআই কাৰ্ডৰ যোগ্যতা ৬ম প্ৰজন্মলৈকে বৃদ্ধি কৰিছিলো।

আমি ভাৰতীয় বৃত্তি ন্যাস পুঁজিক সহায় কৰি আহিছো। এতিয়া, আমিও ভাৰতত পঢ়া-শুনা কৰিবলৈ ছাত্র-ছাত্রীসকলক তিৰুবল্লুবৰ বৃত্তি প্ৰদান কৰিবলৈ ওলাইছো। আৰু আমি আপোনালোকক “ন’ ইণ্ডিয়া প্ৰগ্ৰেম”ত লগ পাবলৈ আগ্ৰহী হৈ উঠিছো।

আপোনাসৱে জানিবলৈ পাই সুখী হ’ব যে আমি অতি সোনকালেই মালয়েছিয়াত ভাৰতৰ নতুন কনছুলেট মুকলি কৰিম। ইয়াৰ দ্বাৰা আমি অধিক ওচৰ চাপিম।

বন্ধুসকল,

১.৪ বিলিয়ন ভাৰতীয়ই ২০৪৭-ৰ ভিতৰত এখনি উন্নত ভাৰত গঢ়িব বিচাৰিছে।

আমি এখন উন্নত ভাৰত গঢ়িব বিচাৰো নে?

আমি এখন উন্নত ভাৰত গঢ়িম নে?

আমি আমাৰ সপোনবোৰক বাস্তৱায়িত কৰিম নে?

আমি আমাৰ সপোনবোৰক সংকল্পলৈ ৰূপান্তৰিত কৰিম নে?

আমি আমাৰ সংকল্প পূৰণ কৰিম নে?

এই যাত্ৰাত আমাৰ প্ৰবাসী ভাৰতীয়, ভাৰতীয় প্ৰব্ৰজনকাৰীসকল এক মূল্যৱান অংশীদাৰ। আপোনাসৱৰ কুৱালালামপুৰতেই হওক বা কলকাতাতেই জন্ম হওক, ভাৰতে আপোনালোকৰ হৃদয়ত বাস কৰে। আপোনাসৱ মালয়েছিয়া আৰু ভাৰতৰ প্ৰগতিৰ সক্ৰিয় অংশ। আপোনালোকে সমৃদ্ধিশালী মালয়েছিয়া আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত সহায় কৰি থাকিব।

জয় হিন্দ!

জুম্পা লাগী!

মিক্কা নণ্ডী!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘India Will Write Future For The Next 1000 Years’: PM Modi At Republic Summit 2026, Declares Nation Has ‘A Memory Chip Of Centuries’

Media Coverage

‘India Will Write Future For The Next 1000 Years’: PM Modi At Republic Summit 2026, Declares Nation Has ‘A Memory Chip Of Centuries’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi interacts with IAS Officer Trainees of 2024 Batch posted as Assistant Secretaries
June 23, 2026
PM stresses on ‘Nagrik Devo Bhava’ and urges Officers to Keep Citizens at the Centre of Governance
PM calls for Whole-of-Government Approach and eliminating silos to Address Developmental Challenges
PM calls upon Young Civil Servants to Lead India’s Journey Towards Viksit Bharat@2047
PM Highlights Technology, AI and Data-Driven Governance as Key Enablers of Future Administration

Prime Minister Shri Narendra Modi interacted with 183 Officer Trainees of IAS 2024 batch who have been attached as Assistant Secretaries in various Ministries and Departments in New Delhi earlier today at Seva Teerth.

The young Officer Trainees shared their experiences from their field training and their attachment in Ministries. Addressing the officers, the Prime Minister said that after two years of field exposure and administrative learning, they now stand at a crucial stage where their decisions will shape not just their own careers, but the future of crores of citizens. He emphasized that the real test of public service begins by handling real-life situations with integrity, sensitivity, and commitment.

The Prime Minister urged the young civil servants to dedicate themselves to nation-building with a strong sense of purpose, innovation, and citizen-centric governance. He urged the officers to always remember the human impact behind every administrative file. He said that every file represents the aspirations, concerns, and lives of countless citizens. Stressing the mantra of “Nagrik Devo Bhava”, he called upon officers to place citizens at the center of every decision and ensure governance remains empathetic, responsive, and inclusive.

Calling for a whole-of-government approach, the Prime Minister stressed that major developmental challenges cannot be solved in silos. He further noted that effective coordination across departments is essential for achieving meaningful and lasting outcomes.

Highlighting the vision of Viksit Bharat 2047, the Prime Minister noted that every policy and administrative decision over the coming decades must contribute towards building a developed India. He stressed that India’s priorities today include Aatmanirbhar Bharat, Make in India, manufacturing growth, energy security, and creating opportunities for youth.

The Prime Minister underlined the transformation in governance over the last decade, noting that administration has moved from a process-centric model to a result-oriented approach. He cited the growing role of digital governance, artificial intelligence and technology in improving service delivery, enabling citizens to access services with ease and transparency.

Emphasizing the importance of data-driven governance, the Prime Minister said data must not be viewed merely as numbers but as a reflection of the collective lives, challenges, and aspirations of millions of people. He asked officers to regularly verify whether policies are effectively translating into outcomes on the ground.

Prime Minister also highlighted the growing role of women in nation-building, noting that more than 40 percent of the current batch comprises women officers.

Prime Minister urged the young officers to constantly evaluate their contribution towards nation-building and derive satisfaction not from positions held, but from measurable outcomes achieved. He expressed confidence that their energy, talent, and dedication would play a pivotal role in taking India’s development journey to new heights.

Shri Jitendra Singh, Minister of State (Personnel), Shri P. K. Mishra, Principal Secretary to the Prime Minister, Shri Shaktikanta Das, Principal Secretary-2 to the Prime Minister, Shri T.V. Somanathan, Cabinet Secretary, Ms. Rachna Shah, Secretary (DoPT), Shri Sriram Taranikanti, Director LBSNAA and other senior officers were also present during the interaction.