মাননীয় প্ৰধানমন্ত্ৰী ষ্টাৰমাৰ,

ভাৰত আৰু ব্ৰিটেইনৰ ব্যৱসায়িক নেতাসকল,

নমস্কাৰ!

আজি ভাৰত-ব্ৰিটেইন চিইঅ’ ফ’ৰামৰ এই বৈঠকত অংশগ্ৰহণ কৰাটো মোৰ বাবে অতি আনন্দৰ কথা। প্ৰথমে প্ৰধানমন্ত্ৰী ষ্টাৰমাৰক তেওঁৰ বহুমূলীয়া অন্তৰ্দৃষ্টিৰ বাবে ধন্যবাদ জনাইছো।

বছৰ বছৰ ধৰি আপোনালোক সকলো ব্যৱসায়িক নেতাৰ অবিৰত প্ৰচেষ্টাৰ জৰিয়তে এই মঞ্চ ভাৰত-ব্ৰিটেইনৰ কৌশলগত অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে। আপোনাৰ মতামত শুনি মোৰ আত্মবিশ্বাস আৰু অধিক শক্তিশালী হৈছে যে আমি স্বাভাৱিক অংশীদাৰ হিচাপে আৰু অধিক দ্ৰুতগতিত বিকাশ লাভ কৰিম। আৰু ইয়াৰ বাবে আপোনালোক সকলোকে অভিনন্দন জনাইছো।

 

বন্ধুসকল,

বৰ্তমান বিশ্বৰ অস্থিৰতাৰ মাজত ভাৰত-ব্ৰিটেইনৰ সম্পৰ্কৰ বাবে এই বছৰটো সুস্থিৰতাৰ বছৰ...এয়া অভূতপূৰ্ব হৈ পৰিছে। চলিত বৰ্ষৰ জুলাই মাহত ব্ৰিটেইন ভ্ৰমণৰ সময়ত আমি বিস্তৃত অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি বা চিআইটিএত স্বাক্ষৰ কৰিছিলো। এই ঐতিহাসিক কৃতিত্বৰ বাবে মোৰ বন্ধু প্ৰধানমন্ত্ৰী ষ্টাৰমাৰক তেওঁৰ দায়বদ্ধতা আৰু দৃষ্টিভংগীৰ বাবে মই আন্তৰিকতাৰে শলাগ লৈছো আৰু অভিনন্দন জনাইছো। এইটো কেৱল বাণিজ্যিক চুক্তি নহয়, বৰঞ্চ বিশ্বৰ দুখন বৃহত্তম অৰ্থনীতিৰ মাজত উমৈহতীয়া অগ্ৰগতি, উমৈহতীয়া সমৃদ্ধি আৰু উমৈহতীয়া জনগোষ্ঠীৰ বাবে এক ৰোডমেপ। বজাৰত প্ৰৱেশৰ লগতে এই চুক্তিয়ে দুয়োখন দেশৰ এমএছএমইক শক্তিশালী কৰিব। লগতে লাখ লাখ যুৱক-যুৱতীৰ বাবেও নতুন নতুন নিয়োগৰ দুৱাৰ মুকলি কৰিব।

বন্ধুসকল,

এই চিআইটিয়ে ইয়াৰ সম্পূৰ্ণ সম্ভাৱনা লাভ কৰাটো নিশ্চিত কৰিবলৈ মই এই চিআইটিৰ সন্মুখত চাৰিটা নতুন মাত্ৰা উপস্থাপন কৰিব বিচাৰিছো। মোৰ চিআইটিৰ এই নতুন মাত্ৰাবোৰে ইয়াক বহুত বহল ভিত্তি দিয়াৰ সম্ভাৱনা আছে।

C ৰ অৰ্থ হৈছে বাণিজ্য আৰু অৰ্থনীতি (Commerce & Economy)

E ৰ অৰ্থ হৈছে শিক্ষা আৰু জনতাৰ মাজৰ সম্পৰ্ক (Education & People-to-People Ties)

T ৰ অৰ্থ হৈছে প্ৰযুক্তি আৰু উদ্ভাৱন (Technology & Innovation)

A ৰ অৰ্থ হ’ল আকাংক্ষা (Aspirations)

আজি আমাৰ দ্বিপাক্ষিক বাণিজ্য প্ৰায় ৫৬ বিলিয়ন মাৰ্কিন ডলাৰ। আমি ২০৩০ চনৰ ভিতৰত ইয়াক দুগুণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো।মই নিশ্চিত যে আমি নিৰ্ধাৰিত সময়ত এই লক্ষ্যত উপনীত হ’ব পাৰিম।

বন্ধুসকল,

আজি ভাৰতত নীতিগত সুস্থিৰতা, পূৰ্বানুমানযোগ্য নিয়ন্ত্ৰণ আৰু বৃহৎ পৰিসৰৰ চাহিদা আছে। ফলস্বৰূপে আন্তঃগাঁথনি, ফাৰ্মা, শক্তি, বিত্তকে ধৰি প্ৰতিটো খণ্ডতে অভূতপূৰ্ব সুযোগ আছে। ভাৰতত ব্ৰিটেইনৰ ৯খন বিশ্ববিদ্যালয়ে কেম্পাছ মুকলি কৰাটোও আনন্দদায়ক। ভৱিষ্যতে একাডেমী-উদ্যোগৰ অংশীদাৰিত্ব আমাৰ উদ্ভাৱন অৰ্থনীতিৰ আটাইতকৈ ডাঙৰ চালিকা শক্তি হৈ পৰিব।

 

বন্ধুসকল,

আজি আমাৰ মাজত টেলিকম, এআই, বায়’টেক, কোৱাণ্টাম, অৰ্ধপৰিবাহী, চাইবাৰ আৰু মহাকাশৰ দৰে ক্ষেত্ৰত সহযোগিতাৰ অগণন নতুন সম্ভাৱনাৰ উন্মেষ ঘটিছে। প্ৰতিৰক্ষা খণ্ডতো আমি ডিজাইন আৰু প্ৰডাকচনৰ দিশত সহযোগিতাৰে আগবাঢ়িছো। এতিয়া এই সম্ভাৱনাসমূহক সুনিৰ্দিষ্ট সহযোগিতালৈ ৰূপান্তৰ ত্বৰান্বিত কৰাৰ সময়। গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, বিৰল পদাৰ্থ, এপিআই আদি কৌশলগত খণ্ডত আমি গাঁথনিগতভাৱে আগবাঢ়িব লাগিব। ইয়াৰ দ্বাৰা আমাৰ সম্পৰ্কক ভৱিষ্যতৰ দিশত আগুৱাই নিব।

বন্ধুসকল,

ফিনটেক খণ্ডত ভাৰতৰ সম্ভাৱনা আপোনালোক সকলোৱে দেখিছে। আজি বিশ্বৰ প্ৰায় ৫০ শতাংশ ৰিয়েল টাইম ডিজিটেল লেনদেন ভাৰতত চলি আছে। বিত্তীয় সেৱাৰ ক্ষেত্ৰত ব্ৰিটেইনৰ অভিজ্ঞতা আৰু ভাৰতৰ ডিপিআই একেলগে সকলো মানৱ জাতিক উপকৃত কৰিব পাৰে।

বন্ধুসকল,

আমাৰ সম্পৰ্কক পুনৰ সজীৱ কৰিবলৈ প্ৰধানমন্ত্ৰী ষ্টাৰমাৰ আৰু মই ভিজন ২০৩৫ ঘোষণা কৰিলোঁ।ই আমাৰ উমৈহতীয়া উচ্চাকাংক্ষাৰ ব্লুপ্ৰিণ্ট। ভাৰত আৰু ব্ৰিটেইনৰ দৰে মুকলি, গণতান্ত্ৰিক সমাজৰ মাজত এনে কোনো ক্ষেত্ৰ নাই য’ত আমি সহযোগিতা সম্প্ৰসাৰণ কৰিব নোৱাৰো। ভাৰতৰ প্ৰতিভা আৰু পৰিসৰ আৰু ব্ৰিটেইনৰ অনুসন্ধান আৰু বিকাশ আৰু বিশেষজ্ঞতা—এই সংমিশ্ৰণে ডাঙৰ ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। এই আকাংক্ষা আৰু উচ্চাকাংক্ষাসমূহ লক্ষ্য নিৰ্ধাৰণ আৰু সময়সীমাবদ্ধভাৱে পূৰণৰ ক্ষেত্ৰত আপোনালোকৰ সহযোগিতা আৰু সমৰ্থন অতি গুৰুত্বপূৰ্ণ।

বন্ধুসকল,

আপোনালোকৰ বেছিভাগ কোম্পানী ইতিমধ্যে ভাৰতত আছে। আজি ভাৰতৰ অৰ্থনীতিত ব্যাপক সংস্কাৰ চলি আছে, ব্যৱসায় কৰাত সহজতাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে অনুপালন হ্ৰাস কৰা হৈছে। আমি শেহতীয়াকৈ জি এছ টি সংস্কাৰৰ কথা ঘোষণা কৰিছিলো। ইয়াৰ দ্বাৰা আমাৰ মধ্যবিত্ত শ্ৰেণী আৰু এম এছ এম ই সমূহৰ বিকাশৰ কাহিনীক নতুন গতি লাভ কৰিব আৰু লগতে আপোনালোক সকলোৰে বাবে সুযোগ সম্প্ৰসাৰিত হ'ব।

 

বন্ধুসকল,

আন্তঃগাঁথনি উন্নয়ন আমাৰ বাবে অগ্ৰাধিকাৰ। আমি পৰৱৰ্তী প্ৰজন্মৰ ভৌতিক আন্তঃগাঁথনিত বিনিয়োগ কৰিছো। আমি ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱাট নবীকৰণযোগ্য শক্তিৰ লক্ষ্যৰ দিশত দ্ৰুতগতিত আগবাঢ়িছো।মই ঘোষণা কৰি আনন্দিত হৈছো যে আমি ব্যক্তিগত খণ্ডৰ বাবে পাৰমাণৱিক শক্তি খণ্ড মুকলি কৰিছো। এই সকলোবোৰে ভাৰত-ব্ৰিটেইনৰ সহযোগিতাক নতুন উচ্চতালৈ লৈ যোৱাৰ সুযোগ সৃষ্টি কৰে। এই উন্নয়নৰ যাত্ৰাত ভাৰতৰ সৈতে যোগদান কৰিবলৈ আপোনালোকক আমন্ত্ৰণ জনাইছো। মই ভাবো ভাৰত আৰু ব্ৰিটেইনৰ ব্যৱসায়িক নেতাসকলে এনে খণ্ড চিনাক্ত কৰিব পাৰিবনে য’ত আমি যৌথভাৱে বিশ্বৰ এক নম্বৰ হ’ব পাৰো? সেয়া ফিনটেক, গ্ৰীণ হাইড্ৰজেন, অৰ্ধপৰিবাহী, বা ষ্টাৰ্ট-আপৰ লগতে আৰু বহুত হ’ব পাৰে। ভাৰত আৰু ব্ৰিটেইনে একেলগে বিশ্বত স্থিতি স্থাপন কৰক!

আহৰি উলিয়াই ইয়াত উপস্থিত হোৱাৰ বাবে পুনৰবাৰ বহুত বহুত ধন্যবাদ জনালোঁ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership