এই বছৰৰ কেন্দ্ৰীয় বাজেটে কৃষি আৰু গ্ৰাম্য পৰিৱৰ্তনক এক শক্তিশালী অগ্ৰগতি প্ৰদান কৰিছেঃ প্ৰধানমন্ত্ৰী
চৰকাৰে কৃষি খণ্ডক নিৰন্তৰভাৱে শক্তিশালী কৰি আহিছে, বৃহৎ প্ৰচেষ্টাই কৃষকসকলৰ বিপদৰ আশংকা হ্ৰাস কৰিছে আৰু তেওঁলোকক মৌলিক অৰ্থনৈতিক নিৰাপত্তা প্ৰদান কৰিছেঃ প্ৰধানমন্ত্ৰী
যদি আমি একেলগে উচ্চ মূল্যৰ কৃষিৰ পৰিসৰ বৃদ্ধি কৰো, ই কৃষিক গোলকীয়ভাবে প্ৰতিযোগিতামূলক খণ্ডলৈ ৰূপান্তৰিত কৰিবঃ প্ৰধানমন্ত্ৰী
ৰপ্তানি ভিত্তিক উৎপাদন বৃদ্ধি হোৱাৰ লগে সংসাধন আৰু মূল্য সংযোজনৰ জৰিয়তে গ্ৰাম্য অঞ্চলত নিযুক্তিৰ সৃষ্টি হ’বঃ প্ৰধানমন্ত্ৰী
ৰপ্তানি বৃদ্ধিৰ বাবে মীন পালন এক প্ৰধান ক্ষেত্ৰ হ'ব পাৰে, গ্ৰাম্য সমৃদ্ধিৰ এক উচ্চ মূল্যৰ, উচ্চ প্ৰভাৱযুক্ত খণ্ডঃ প্ৰধানমন্ত্ৰী
চৰকাৰে এগ্ৰিষ্টেকৰ জৰিয়তে কৃষিৰ বাবে ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি বিকাশ ঘটাই আছেঃ প্ৰধানমন্ত্ৰী
প্ৰযুক্তিয়ে ফলাফল প্ৰদান কৰে যেতিয়া প্ৰণালীয়ে ইয়াক গ্ৰহণ কৰে, প্ৰতিষ্ঠানসমূহে ইয়াক একত্ৰিত কৰে আৰু উদ্যোগীসকলে ইয়াৰ ওপৰত উদ্ভাৱন গঢ়ি তোলেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি "কৃষি আৰু গ্ৰাম্য পৰিৱৰ্তন"ৰ ওপৰত গুৰুত্ব আৰোপ কৰি বাজেটৰ পিছৰ তৃতীয় ৱেবিনাৰত ভাষণ দিয়ে। প্ৰযুক্তি আৰু অৰ্থনৈতিক বিকাশৰ সন্দৰ্ভত পূৰ্বৰ অধিৱেশনসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বাজেট প্ৰস্তুত কৰাৰ সময়ত অংশীদাৰসকলে মূল্যৱান সহযোগিতা আগবঢ়াইছিল। "এতিয়া বাজেটৰ পিছত দেশখনে ইয়াৰ সম্পূৰ্ণ সম্ভাৱনাৰ সুবিধা গ্ৰহণ কৰাটো সমানেই গুৰুত্বপূৰ্ণ আৰু এই দিশত আপোনালোকৰ পৰামৰ্শ আৰু এই ৱেবিনাৰ সেয়েহে গুৰুত্বপূৰ্ণ", শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কৃষি ভাৰতীয় অৰ্থনীতিৰ মূল আধাৰ আৰু দেশৰ দীৰ্ঘম্যাদী উন্নয়নমূলক যাত্ৰাৰ বাবে এক কৌশলগত স্তম্ভ হৈ আছে। শ্ৰী মোদীয়ে কেইবাটাও কাৰ্যসূচীৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যেনে 'পিএম কিষাণ সন্মান নিধি', আৰু 'ন্যূনতম সমৰ্থন মূল্য (এমএছপি)' সংস্কাৰ যিয়ে কৃষকসকলক ১.৫ গুণ লাভ প্ৰদান কৰে। "আমাৰ চৰকাৰে কৃষি খণ্ডক নিৰন্তৰভাৱে শক্তিশালী কৰি আহিছে", শ্ৰী মোদীয়ে মন্তব্য কৰে।

বৰ্তমানৰ আঁচনিসমূহৰ সফলতাৰ তথ্য প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ১০  কোটি কৃষকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি হিচাপে ৪ লাখ কোটি টকাতকৈও অধিক লাভ কৰিছে, আৰু 'প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা' ৰ অধীনত বীমা দাবীৰ প্ৰায় ২ লাখ কোটি টকা নিষ্পত্তি কৰা হৈছে। শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে প্ৰতিষ্ঠানিক ঋণৰ পৰিসৰ ৭৫শতাংশতকৈ অধিক হৈ পৰিছে। "এনে অসংখ্য প্ৰচেষ্টাই কৃষকসকলৰ বিপদৰ আশংকা হ্ৰাস কৰিছে আৰু তেওঁলোকক মৌলিক অৰ্থনৈতিক নিৰাপত্তা প্ৰদান কৰিছে", শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

খাদ্যশস্য আৰু মাহজাতীয় শস্যৰ অভিলেখ উৎপাদনৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে একবিংশ শতিকাৰ দ্বিতীয় ত্ৰৈমাসিক আৰম্ভ হোৱাৰ লগে এই খণ্ডটোক নতুন শক্তি প্ৰদান কৰাৰ আহ্বান জনায়। এই বছৰৰ কেন্দ্ৰীয় বাজেটত এই দিশত নৱীকৰণ কৰা প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে বিশ্বাস ব্যক্ত কৰে যে ৱেবিনাৰৰ আলোচনাসমূহে বাজেটৰ ব্যৱস্থাসমূহৰ ৰূপায়ণ দ্ৰুতগতিত সম্পন্ন কৰিব। "মই নিশ্চিত যে এই ৱেবিনাৰত আপোনালোকৰ মাজত হোৱা আলোচনা আৰু ইয়াৰ ফলত পোৱা পৰামৰ্শসমূহে বাজেটৰ ব্যৱস্থাসমূহ যিমান সোনকালে সম্ভৱ বাস্তৱক্ষেত্ৰত ৰূপায়ণ কৰাত সহায় কৰিব", শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

 

প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ চাহিদাৰ পৰিৱৰ্তন আৰু ভাৰতীয় কৃষিক ৰপ্তানি-মুখী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁ উৎপাদনশীলতা আৰু ৰপ্তানি শক্তি বৃদ্ধিৰ বাবে ভাৰতৰ বৈচিত্ৰ্যময় জলবায়ুৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। "এই ৱেবিনাৰত আমাৰ কৃষিক ৰপ্তানি-মুখী কৰি তোলাৰ ওপৰত সৰ্বাধিক আলোচনা কৰাটো আৱশ্যক", শ্ৰী মোদীয়ে মন্তব্য কৰে।

উচ্চ মূল্যৰ কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কোকো, কাজু আৰু চন্দন কাঠৰ দৰে শস্যৰ অঞ্চল-নিৰ্দিষ্ট প্ৰচাৰৰ বাবে বাজেট প্ৰস্তাৱৰ বিশদ বিৱৰণ দিয়ে। শ্ৰী মোদীয়ে উত্তৰ-পূবত সাঁচিগছ আৰু হিমালয়ৰ নাতিশীতোষ্ণ ৰাজ্যসমূহত বাদাম শস্যৰ প্ৰচাৰৰ বাজেট প্ৰস্তাৱৰ ওপৰতো আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰপ্তানি ভিত্তিক উৎপাদনৰ ফলত সংসাধন আৰু মূল্য সংযোজনৰ জৰিয়তে গ্ৰাম্য নিযুক্তিৰ সৃষ্টি হ’ব। "যদি আমি একেলগে উচ্চ মূল্যৰ কৃষিৰ পৰিসৰ বৃদ্ধি কৰো, ই কৃষিক গোলকীয়ভাবে প্ৰতিযোগিতামূলক খণ্ডলৈ ৰূপান্তৰিত কৰিব", শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

প্ৰধানমন্ত্ৰীয়ে গোলকীয় ব্ৰেণ্ডিং আৰু মান পূৰণৰ বাবে বিশেষজ্ঞ, উদ্যোগ আৰু কৃষকসকলক জড়িত কৰি এক একত্ৰিত দৃষ্টিভংগী গ্ৰহণৰ আহ্বান জনায়। তেওঁ স্থানীয় কৃষকসকলক বিশ্বৰ বজাৰৰ সৈতে সংযোগ কৰিবলৈ স্পষ্ট লক্ষ্য নিৰ্ধাৰণত গুৰুত্ব আৰোপ কৰে। "এই সকলোবোৰ বিষয়ৰ ওপৰত হোৱা আলোচনাই এই ৱেবিনাৰৰ গুৰুত্ব আৰু বৃদ্ধি কৰিব", শ্ৰী মোদীয়ে মন্তব্য কৰে।

 

মীনপালন খণ্ডৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত হৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মাছ উৎপাদক। শ্ৰী মোদীয়ে লগতে উল্লেখ কৰে যে বৰ্তমান আমাৰ বিভিন্ন জলাশয় আৰু পুখুৰীত প্ৰায় ৪.৫লাখ টন মাছ উৎপাদন হোৱাৰ বিপৰীতে অতিৰিক্ত ২০ লাখ টন উৎপাদনৰ সম্ভাৱনা আছে। "ৰপ্তানি বৃদ্ধিৰ বাবে মীন পালন এক মুখ্য ক্ষেত্ৰ হ’ব পাৰে", শ্ৰী মোদীয়ে মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীয়ে নীল অৰ্থনীতিৰ সম্ভাৱনা উপলব্ধি কৰিবলৈ হেচাৰী, ফিড আৰু লজিষ্টিকছত নতুন ব্যৱসায়িক আৰ্হিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ মৎস্য বিভাগ আৰু স্থানীয় সম্প্ৰদায়ৰ মাজত শক্তিশালী সমন্বয়ৰ বাবে উৎসাহ প্ৰদান কৰে।"ই গ্ৰাম্য সমৃদ্ধিৰ বাবে এক উচ্চ মূল্যৰ, উচ্চ প্ৰভাৱৰ খণ্ড হ’ব পাৰে, আৰু আপোনালোকে একেলগে এই সন্দৰ্ভত চিন্তা-চৰ্চা কৰিব লাগিব", শ্ৰী মোদীয়ে এই বুলি গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত আজি বিশ্বৰ সৰ্ববৃহৎ গাখীৰ উৎপাদক আৰু কণী উৎপাদনত দ্বিতীয় স্থানত আছে। তেওঁ উল্লেখ কৰে যে ইয়াক আৰু আগুৱাই নিবৰ বাবে প্ৰজননৰ মান, ৰোগ প্ৰতিৰোধ আৰু বৈজ্ঞানিক ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব দিব লাগিব। পশুধনৰ স্বাস্থ্য এক গুৰুত্বপূৰ্ণ বিষয় বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে লগতে কয়,"যেতিয়া মই 'এক পৃথিৱী, এক স্বাস্থ্য"ৰ কথা কওঁ, ইয়াত পশুধনৰ স্বাস্থ্যও অন্তৰ্ভুক্ত থাকে। "

প্ৰতিষেধক উৎপাদনত ভাৰতৰ আত্মনিৰ্ভৰশীলতাত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় গোকুল মিছনৰ অধীনত প্ৰযুক্তিৰ সম্প্ৰসাৰণ আৰু পশুপালন কৰা কৃষকসকলৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ডৰ উপলব্ধতাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে জীৱ-জন্তুবোৰক ভৰি আৰু মুখৰ ৰোগৰ পৰা সুৰক্ষিত কৰিবলৈ ইতিমধ্যে ১২৫ কোটিৰো অধিক পালি প্ৰদান কৰা হৈছে। "ব্যক্তিগত বিনিয়োগক উৎসাহিত কৰিবলৈ পশুপালন আন্তঃগাঁথনি উন্নয়ন পুঁজিও আৰম্ভ কৰা হৈছে", প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

বিপদৰ আশংকা হ্ৰাস কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে একক শস্যৰ ওপৰত নিৰ্ভৰশীলতাৰ পৰিৱৰ্তে শস্যৰ বৈচিত্ৰতাৰ পোষকতা কৰে। তেওঁ খোৱা তেল, মাহজাতীয় শস্য আৰু প্ৰাকৃতিক কৃষিৰ অভিযানসমূহক খণ্ডটোৰ শক্তি বৃদ্ধিৰ সঁজুলি হিচাপে উল্লেখ কৰে। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয়, "সেয়েহে, আমি শস্যৰ বৈচিত্ৰতাৰ ওপৰত গুৰুত্ব দিছো।"

প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণকাৰীসকলক মনত পেলাই দিয়ে যে যিহেতু কৃষি ৰাজ্যৰ বিষয়, সেয়েহে ৰাজ্যসমূহক তেওঁলোকৰ বাজেটৰ দায়িত্ব পালন কৰিবলৈ অনুপ্ৰাণিত কৰিব লাগিব। তেওঁ সৰ্বাধিক প্ৰভাৱৰ বাবে জিলা পৰ্যায়ত বাজেটৰ ব্যৱস্থাসমূহ শক্তিশালী কৰাৰ আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰীয়ে কৃষিক্ষেত্ৰত "প্ৰযুক্তি সংস্কৃতি"ৰ ওপৰত বিস্তৃতভাৱে ভাষণ দিয়ে, ই-নাম আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ বিকাশৰ কথা উল্লেখ কৰে। তেওঁ কিষাণ আইডি আৰু ডিজিটেল ভূমি জৰীপ পৰিৱৰ্তনমূলক পদক্ষেপ বুলি উল্লেখ কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, "চৰকাৰে কৃষিক্ষেত্ৰলৈ 'প্ৰযুক্তি সংস্কৃতি" অনাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।"

এআই-আধাৰিত ক্ষেত্ৰ আৰু ডিজিটেল জৰীপৰ ভূমিকাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰযুক্তিয়ে কেৱল তেতিয়াহে ফলাফল প্ৰদান কৰে যেতিয়া ইয়াক প্ৰতিষ্ঠান আৰু উদ্যমীসকলৰ দ্বাৰা একত্ৰিত কৰা হয়। তেওঁ পৰম্পৰাগত ব্যৱস্থাৰ সৈতে প্ৰযুক্তিক কেনেদৰে ফলপ্ৰসূভাৱে একত্ৰিত কৰিব পাৰি তাৰ বাবে পৰামৰ্শ বিচাৰে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে, "এই ৱেবিনাৰৰ পৰা ওলোৱা পৰামৰ্শসমূহে আমি প্ৰযুক্তিক কেনেদৰে সঠিকভাৱে একত্ৰিত কৰিব পাৰো সেই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।"

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ দৰে আঁচনিৰ জৰিয়তে গ্ৰাম্য সমৃদ্ধিৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক পুনৰ দোহাৰে। তেওঁ বিশেষকৈ গ্ৰাম্য অৰ্থনীতিত আত্মসহায়ক গোটসমূহৰ প্ৰভাৱৰ কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, "আমাৰ চৰকাৰ গ্ৰাম্য সমৃদ্ধি গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।"

'লাখপতি দিদি "অভিযানৰ বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে ২০২৯ চনৰ ভিতৰত এনে  ৩ কোটি সফল মহিলা উদ্যোগী সৃষ্টি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ এই লক্ষ্যত কেনেদৰে অধিক দ্ৰুততাৰে উপনীত হ’ব পাৰি তাৰ বাবে পৰামৰ্শ বিচাৰে। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয়, "এই লক্ষ্যত আৰু দ্ৰুতগতিত কেনেদৰে উপনীত হ’ব পাৰি সেই বিষয়ত আপোনালোকৰ পৰামৰ্শবোৰ গুৰুত্বপূৰ্ণ হ’ব।"

ভাষণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বৃহৎ পৰিমাণৰ সঞ্চয় অভিযান আৰু কৃষি-বিত্ত প্ৰযুক্তি আৰু যোগান শৃংখলাত উদ্ভাৱনৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। তেওঁ উদ্যমীসকলক এই গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহত বিনিয়োগ বৃদ্ধি কৰি গ্ৰাম্য পৰিৱেশ শক্তিশালী কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে সামৰণি মাৰি কয়, "মই আত্মবিশ্বাসী যে আজি আপোনালোকৰ আলোচনাৰ পৰা ওলোৱা সাৰ অংশই গ্ৰাম্য অৰ্থনীতিত নতুন শক্তি প্ৰদান কৰিব।"

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh

Media Coverage

Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"