মহিলাৰ ওপৰত বিশেষ গুৰুত্ব: ২ কোটি লাখপতি দিদি সৃষ্টি কৰাৰ পৰা আৰম্ভ কৰি ১৫,০০০ মহিলা আত্মসহায়ক গোটক ড্ৰোনেৰে সৱলীকৰণ কৰালৈকে আঁচনিৰ বিষয়ে আলোচনা
জন ঔষধি ষ্ট’ৰৰ কভাৰেজ ১০,০০০ৰ পৰা ২৫,০০০লৈ দ্ৰুতগতিত বৃদ্ধি কৰাৰ কামো চলি আছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত তেওঁৰ স্বাধীনতা দিৱসৰ ভাষণৰ আধাৰত ৰূপায়ণ হবলগীয়া আঁচনিসমূহৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে ২ কোটি লাখপতি দিদি সৃষ্টি কৰাৰ কথা কৈছিলঅৰ্থাৎ আত্মসহায়ক গোট বা অংগনৱাড়ীৰ সৈতে জড়িত ২ কোটি মহিলাক লাখপতি কৰাৰ কথা কৈছিল। এই লক্ষ্যত উপনীত হবলৈ পৰিকল্পিত বিভিন্ন জীৱিকা সংক্ৰান্তীয় গতিবিধিৰ বুজ লয়।

স্বাধীনতা দিৱসৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে ১৫ হাজাৰ মহিলা আত্মসহায়ক গোটক কৃষি আৰু আনুষংগিক কামত ড্ৰোনেৰে সজ্জিত কৰাৰ কথা কৈছিল। প্ৰধানমন্ত্ৰীক মহিলা এছএইচজিসমূহৰ প্ৰশিক্ষণৰ পৰা আৰম্ভ কৰি কাৰ্যকলাপৰ নিৰীক্ষণলৈকে এই লক্ষ্য কাৰ্যকৰী কৰাৰ পৰিকল্পনাৰ এক আভাস দিয়া হয়।

সুলভ মূল্যৰ ঔষধৰ প্ৰসাৰ বৃদ্ধিৰ বাবে ভাৰতত জন ঔষধি ষ্টৰৰ সংখ্যা বৰ্তমানৰ ১০ হাজাৰৰ পৰা ২৫ হাজাৰলৈ বৃদ্ধি কৰাৰ কথাও প্ৰধানমন্ত্ৰীয়ে কৈছিল। এই সম্প্ৰসাৰণৰ বাবে ৰূপায়ণ কৌশল পৰ্যালোচনা কৰে প্ৰধানমন্ত্ৰীয়ে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From school to PG, girls now outnumber boys

Media Coverage

From school to PG, girls now outnumber boys
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 1 মে’ 2026
May 01, 2026

From Stolen Treasures to Smart Trains: PM Modi’s Blueprint for a Proud, Connected, Self-Reliant India