চেৰা সপ্তাহ গ্ল’ৱেল এনাৰ্জী আৰু এনভাৰমেন্ট লিডাৰশ্বীপ বঁটা প্ৰদান প্ৰধানমন্ত্ৰীক
ভাৰতৰ জনসাধাৰণ আৰু ঐতিহ্যলৈ বঁটাটি উৎসৰ্গা
মহাত্মা গান্ধী হৈছে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ পৰিবেশ চেম্পিয়নঃ প্ৰধানমন্ত্ৰী
জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ অতিশয় শক্তিশালী পন্থা হৈছে আচৰণ পৰিৱৰ্তনঃ প্ৰধানমন্ত্ৰী
যুক্তি আৰু পৰিবেশৰ আধাৰত চিন্তা কৰাৰ সময় সমাগত। মুঠৰ ওপৰত এয়া মোৰ বা আপোনাৰ নহয়। এয়া হৈছে আমাৰ গ্ৰহটোৰ ভৱিষ্যতৰ অৰ্থেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে চেৰা সপ্তাহ, ২০২১ ত মূল ভাষণ প্ৰদান কৰে। তেখেতক চেৰা সপ্তাহ গ্ল’ৱেল এনাৰ্জী আৰু এনভাৰমেন্ট লিডাৰশ্বীপ বঁটা প্ৰদান কৰা হয়। তেখেতে কয়, “মই চেৰা সপ্তাহ গ্ল’ৱেল এনাৰ্জী আৰু এনভাৰমেন্ট লিডাৰশ্বীপ বঁটাটো পৰম বিনম্ৰতাৰে গ্ৰহণ কৰিছো। মই এই বঁটাটি আমাৰ মহান মাতৃভূমি ভাৰতৰ জনসাধাৰণলৈ উৎসৰ্গা কৰিছো। মই আমাৰ ভূমিৰ গৌৰৱময় ঐতিহ্যলৈ এই বঁটাটি উৎসৰ্গা কৰিছো যিয়ে পৰিবেশৰ প্ৰতিপালনেৰে বাট দেখুৱাইছে।” তেখেতে লগতে কয় যে কেইবা শতিকা ধৰি পৰিবেশৰ প্ৰতিপালনেৰে ভাৰতীয়ই নেতৃত্বৰ ভাৱমূৰ্তি অৰ্জন কৰিছে। তেখেতে কয়, আমাৰ সংস্কৃতি, প্ৰকৃতি আৰু বৈভৱৰ সম্পৰ্ক হৈছে নিকট।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মহাত্মা গান্ধী হৈছে সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ পৰিবেশ চেম্পিয়ন। তেওঁ দেখুৱাই থৈ যোৱা পথটি যদি মানৱ জাতিয়ে অনুসৰণ কৰিলেহেঁতেন, আজি আমি মুখামুখি হোৱা ইমানবোৰ সমস্যা নেদেখিলোহেঁতেন। তেখেতে জনসাধাৰণক গুজৰাটৰ পোৰবন্দৰস্থিত মহাত্মা গান্ধীৰ গৃহ চহৰ দৰ্শনৰ আহ্বান জনাই য’ত বৰষুণৰ পানী সংৰক্ষণ কৰিবলৈ বহু বছৰ পূৰ্বেই ভূগৰ্ভত টেংক নিৰ্মাণ কৰা হৈছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, জলবায়ু পৰিৱৰ্তন আৰু দুৰ্যোগসমূহৰ বিৰুদ্ধে যুঁজিবলৈ পন্থা মাথো দুটা। এটা হৈছে নীতি, আইন, নিয়ম আৰু নিৰ্দেশনাৰ জৰিয়তে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উদাহৰণ দাঙি ধৰে। ভাৰতৰ বিদ্যুতৰ সংস্থাপিত ক্ষমতাত অ-জীৱাশ্ম উৎসৰ শ্বেয়াৰ ৩৮ শতাংশলৈ বৃদ্ধি পাইছে, ২০২০ ৰ এপ্ৰিলৰপৰা ভাৰত-৬ নিৰ্গমন নিয়ম আৰোপ ইউৰ’-৬ ইন্ধনৰ সমতুল্য। প্ৰাকৃতিক গেছৰ শ্বেয়াৰ সম্প্ৰতি ৬% ৰপৰা ২০৩০ ৰ ভিতৰত ১৫% লৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে ভাৰতে কাম কৰি আছে। এলএনজিক ইন্ধন হিচাপে প্ৰোৎসাহিত কৰা হৈছে। তেখেতে তদুপৰি উল্লেখ কৰে যে শেহতীয়াভাৱে শুভাৰম্ভ কৰা ৰাষ্ট্ৰীয় হাইড্ৰ’জেন মিছন আৰু পিএম কুসুমে সৌৰ শক্তি উৎপাদনৰ যথাৰ্থ আৰু বিকেন্দ্ৰীকৃত আৰ্হিক প্ৰোৎসাহিত কৰিছে। কিন্তু, জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ অতিশয় শক্তিশালী পন্থাটো আচৰণ পৰিৱৰ্তন বুলি শ্ৰী মোদীয়ে কয়। তেখেতে আমাক নিজকে ঠিক কৰাৰ আহ্বান জনাই তেতিয়াহে বিশ্বখন উত্তম স্থানত থাকিব বুলি কয়। তেখেতে কয়, আচৰণ পৰিৱৰ্তনৰ এই উদ্দীপনা হৈছে আমাৰ পৰম্পৰাগত অভ্যাসৰ এটা মূল অংশ, যিয়ে আমাক সহানুভূতিৰে ভোগৰ কথা শিকায়। নিৰ্বোধ বৰ্জনীয় সংস্কৃতি আমাৰ নীতিৰ অংশ নহয়। তেখেতে নিৰন্তৰভাৱে জলসিঞ্চনৰ আধুনিক কৌশলসমূহ ব্যৱহাৰ কৰি থকা ভাৰতীয় কৃষকসকলক লৈ গৌৰৱ কৰে। তেখেতে উল্লেখ কৰে যে ভূমি স্বাস্থ্য উন্নত কৰাত সজাগতা বৃদ্ধি পাইছে আৰু কীটনাশকৰ ব্যৱহাৰ হ্ৰাসতো সজাগতা বৃদ্ধি পাইছে।


প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আজি বিশ্বখনে ফিটনেছ আৰু ৱেলনেছৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আছে। স্বাস্থ্যসন্মত আৰু জৈৱিক খাদ্যৰ প্ৰতি চাহিদা বৃদ্ধি পাইছে। ভাৰতে আমাৰ মছলা আৰু আমাৰ আয়ুৰ্বেদিক পণ্যসমূহৰ জৰিয়তে এই গোলকীয় পৰিৱৰ্তনক চালিত কৰিব পাৰে। তেখেতে ঘোষণা কৰে যে ভাৰতত, চৰকাৰখনে পৰিবেশ-অনুকূল ম’বিলিটিৰ অৰ্থে ২৭ চহৰ আৰু মহানগৰৰ মেট্ৰ’ নেটৱৰ্কৰ কাম অব্যাহত ৰাখিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰ্ধিত-মাত্ৰাৰ আচৰণ পৰিৱৰ্তনৰ পোষকতা কৰি কয়, আমি উদ্ভাৱনীমূলক, সাশ্ৰয়ী আৰু জনসাধাৰণৰ অংশগ্ৰহণেৰে চালিত সমাধানসমূহ আগবঢ়োৱাটো আৱশ্যকীয়। তেখেতে উদাহৰণ দাঙি ধৰি কয় যে এলইডি বাল্বৰ ক্ষেত্ৰত জনসাধাৰণৰ বন্ধন, গিভ ইট আপ ম’ভমেন্ট, এলপিজি ক’ভাৰেজ বৃদ্ধি, সাশ্ৰয়ী পৰিবহণ ব্যৱস্থাত ইয়াৰ প্ৰতিফলন ঘটিছে। তেখেতে সন্তোষ ব্যক্ত কৰি কয় যে সমগ্ৰ ভাৰতত ইথানলৰ গ্ৰহণযোগ্যতা বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে যোৱা সাতটা বছৰত, ভাৰতৰ বননি আৱৰণ লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে, সিংহ, বাঘ, নাহৰফুটুকী আৰু জলপক্ষীৰ সংখ্যা বৃদ্ধি পাইছে। তেখেতে ইয়াক ইতিবাচক আচৰণ পৰিৱৰ্তনৰ লক্ষ্যণীয় সূচক হিচাপে অভিহিত কৰে।

শ্ৰী মোদীয়ে মহাত্মা গান্ধীৰ বিশ্বস্ততাৰ নীতি সন্দৰ্ভত ব্যক্ত কৰে। বিশ্বস্ততাৰ মূলতে আছে সামূহিকতা, সহানুভূতি আৰু দায়বদ্ধতা। বিশ্বস্ততাৰ অৰ্থ এয়াও যে দায়বদ্ধতাৰে সম্পদৰ ব্যৱহাৰ কৰা।

শ্ৰী মোদীয়ে শেষত কয়, “যুক্তি আৰু পৰিবেশৰ আধাৰত চিন্তা কৰাৰ সময় সমাগত। মুঠৰ ওপৰত এয়া মোৰ বা আপোনাৰ নহয়। এয়া আমাৰ গ্ৰহটোৰ ভৱিষ্যতৰ অৰ্থে। আমি ইয়াক আমাৰ আহি থকা প্ৰজন্মসমূহৰ বাবে প্ৰশস্ত কৰিব খুজিছো।”

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha

Media Coverage

Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses delight as Sarnath is inscribed on the UNESCO World Heritage List
July 25, 2026

Prime Minister Shri Narendra Modi today expressed that it is a proud moment for every Indian, sharing his delight that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

He noted that Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

Shri Modi highlighted that this recognition celebrates India’s profound civilisational and spiritual heritage. The Prime Minister observed that it will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

In a post on X, the Prime Minister shared:

 "A proud moment for every Indian!

Delighted that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

This recognition celebrates India’s profound civilisational and spiritual heritage. It will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

@UNESCO"