প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি একাধিক নাগৰিক-কেন্দ্ৰিক আঁচনিয়ে সৰ্বাধিক লোকক উপকৃত কৰাটো নিশ্চিতকৰণৰ অৰ্থে চৰকাৰৰ কল্যাণ-চালিত উন্নয়নৰ প্ৰতি অদম্য অংগীকাৰৰ কথা দোহাৰে। তেখেতে এই পদক্ষেপৰাজিৰ ব্যাপক ফলপ্ৰসূতা আৰু প্ৰসাৰ কাৰ্য্যক প্ৰশংসা কৰে।
কেন্দ্ৰীয় মন্ত্ৰী ডঃ মনসুখ মাণ্ডৱিয়াই এক্স-ত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে এইদৰে কয়ঃ
“এনে প্ৰশংসনীয় উত্থানে কল্যাণ-চালিত উন্নয়নৰ প্ৰতি আমাৰ অংগীকাৰকে প্ৰতিফলিত কৰিছে আৰু আমাৰ একাধিক নাগৰিক-কেন্দ্ৰিক আঁচনিয়ে সৰ্বাধিক সংখ্যক লোকক উপকৃত কৰাটো নিশ্চিত কৰিছে।”
This is a commendable rise, indicating our commitment towards welfare-driven development and ensuring our various pro-people schemes reach maximum number of people. https://t.co/pxVNxXf51k
— Narendra Modi (@narendramodi) June 11, 2025