প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ জন্ম জয়ন্তী উপলক্ষে্য আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
ড° মুখাৰ্জীৰ অপৰিসীম অৱদানক স্মৰণ কৰি শ্ৰী মোদীয়ে কয় যে দেশৰ সন্মান, মৰ্যাদা, গৌৰৱ ৰক্ষাৰ বাবে তেওঁ নিজৰ প্ৰাণ আহুতি দিছিল। এখন উন্নত আৰু স্বাৱলম্বী ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত তেওঁৰ আদৰ্শ তথা নীতি অমূল্য বুলিও শ্ৰী মোদীয়ে লগতে কয়।
এক্সৰ এয়া পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখিছে;
"ৰাষ্ট্ৰৰ অমৰ পুত্ৰ ড° শ্যামা প্ৰসাদ মুখাৰ্জীলৈ তেখেতৰ জন্ম বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধাঞ্জলি। দেশৰ সন্মান আৰু গৌৰৱ ৰক্ষাৰ বাবে তেখেতে প্ৰাণ আহুতি দিছিল। উন্নত আৰু স্বাৱলম্বী ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত তেখেতৰ আদৰ্শ আৰু নীতি অমূল্য।"
राष्ट्र के अमर सपूत डॉ. श्यामा प्रसाद मुखर्जी को उनकी जन्म-जयंती पर भावभीनी श्रद्धांजलि। देश की आन-बान और शान की रक्षा के लिए उन्होंने अपने प्राण न्योछावर कर दिए। उनके आदर्श और सिद्धांत विकसित और आत्मनिर्भर भारत के निर्माण में बहुमूल्य हैं। pic.twitter.com/7RzeKDh8m6
— Narendra Modi (@narendramodi) July 6, 2025


