ভাৰতে আজি স্তব্ধ হোৱাৰ ভাবনা ৰখা নাই! আমি কেতিয়াও থমকি নৰও, লেহেমীয়াও নহও, ১৪০ কোটি ভাৰতীয়ই একেলগে সম্পূৰ্ণ গতিৰে আগবাঢ়িব: প্ৰধানমন্ত্ৰী
আজি বিশ্বই বিভিন্ন পথ অৱৰোধ হোৱাৰ লগতে স্পীড ব্ৰেকাৰৰ সন্মুখীন হোৱাৰ সময়তে এখন অনবদ্য ভাৰতৰ বিষয়ে কোৱাটো স্বাভাৱিক: প্ৰধানমন্ত্ৰী
আজি ভাৰত ভংগুৰ পাঁচখন দেশৰ ভিতৰত থকাৰ পৰা বিশ্বৰ শীৰ্ষ পাঁচখন অৰ্থনীতিৰ ভিতৰত অন্যতম হৈছে : প্ৰধানমন্ত্ৰী
আজি চিপৰ পৰা জাহাজলৈকে ভাৰত আত্মনিৰ্ভৰশীল আৰু প্ৰতিটো ক্ষেত্ৰতে আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ উঠিছে: প্ৰধানমন্ত্ৰী
আজি ভাৰতৰ বৃদ্ধিয়ে বিশ্বব্যাপী সুযোগসমূহক গঢ় দিছেঃ প্ৰধানমন্ত্ৰী
সমগ্ৰ বিশ্বই আজি ভাৰতক এক নিৰ্ভৰযোগ্য, দায়িত্বশীল আৰু স্থিতিস্থাপক অংশীদাৰ হিচাপে গণ্য কৰিছে: প্ৰধানমন্ত্ৰী
পৃথিৱীৰ বাবে অজ্ঞাতৰ প্ৰান্তটো অনিশ্চিত যেন লাগিব পাৰে; কিন্তু ভাৰতৰ বাবে ই নতুন সুযোগৰ দুৱাৰমুখ: প্ৰধানমন্ত্ৰী
আমি প্ৰতিটো বিপদক সংস্কাৰলৈ, প্ৰতিটো সংস্কাৰক স্থিতিস্থাপকতালৈ আৰু প্ৰতিটো স্থিতিস্থাপকতাক বিপ্লৱলৈ ৰূপান্তৰিত কৰিছো: প্ৰধানমন্ত্ৰী
যোৱা ১১ বছৰত আমি নীতি আৰু প্ৰক্ৰিয়া দুয়োটাকে গণতান্ত্ৰিক কৰাৰ বাবে কাম কৰিছো: প্ৰধানমন্ত্ৰী
আজি আমি গৌৰৱেৰে ক’ব পাৰো যে ভাৰত এতিয়া নিজা ঘৰুৱা ৪ জি ষ্টেক থকা বিশ্বৰ শীৰ্ষ পাঁচখন দেশৰ ভিতৰৰে এখন : প্ৰধানমন্ত্ৰী
মাওবাদী সন্ত্ৰাসবাদ দেশৰ যুৱক-যুৱতীসকলৰ বিৰুদ্ধে এক বৃহৎ অন্যায় আৰু এক গুৰুতৰ পাপ; দেশৰ যুৱক-যুৱতীসকলক এনে অৱস্থাৰ মাজত এৰিব নোৱাৰোঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এনডিটিভি বিশ্ব সন্মিলন ২০২৫ত ভাষণ প্ৰদান কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সকলো বিশিষ্ট ব্যক্তিক আদৰণি জনায়। সকলো নাগৰিকলৈ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে উৎসৱমুখৰ পৰিৱেশৰ মাজতে এন ডি টি ভি বিশ্ব সন্মিলন অনুষ্ঠিত কৰা হৈছে। তেওঁ অধিৱেশনৰ বিষয়বস্তু—“আনষ্টপেবল ইণ্ডিয়া”—ৰ শলাগ লৈ মন্তব্য কৰে যে ই সঁচাকৈয়ে উপযুক্ত, কিয়নো আজি ভাৰতে ৰুদ্ধ হোৱাৰ ভাবনা ৰখা  নাই। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়, “ভাৰত ৰৈ নাথাকে, থমকি ৰ’বও নোৱাৰে,  ১৪০ কোটি ভাৰতীয়ই দ্ৰুতগতিত আগবাঢ়িছে, একেলগে”।

প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰে  যে বৈচিত্ৰ্যময় পথ অৱৰোধ আৰু স্পীড ব্ৰেকাৰৰ সন্মুখীন হোৱা এখন পৃথিৱীত “আনষ্টপেবল ভাৰত”ক কেন্দ্ৰ কৰি বক্তৃতাৰ বিষয় নিৰ্বাচন কৰাটো  স্বাভাৱিক আৰু সময়োপযোগী হৈছে। এই বিষয়টোক তেওঁ এঘাৰ বছৰৰ আগৰ পৰিস্থিতি আৰু বৰ্তমানৰ পৰিস্থিতিৰ প্ৰেক্ষাপটত কল্পনা কৰিবলৈ প্ৰয়াস কৰে। ২০১৪ চনৰ পূৰ্বৰ যুগক স্মৰণ কৰি শ্ৰী মোদীয়ে সেই সময়ত এনে শীৰ্ষ সন্মিলনত আধিপত্য বিস্তাৰ কৰা আলোচনাৰ প্ৰকৃতিৰ বিষয়েও  আলোকপাত কৰে। তেওঁ ভাৰতে বিশ্বব্যাপী বলা ধুমুহা  কেনেকৈ সহ্য কৰিব, কেনেকৈ “ফ্ৰেজাইল ফাইভ” গোটৰ পৰা ওলাই আহিব, দেশখনে  কিমান দিন নীতিগত পক্ষাঘাতত আবদ্ধ হৈ থাকিব, বৃহৎ পৰিসৰৰ কেলেংকাৰীৰ যুগ কেতিয়া শেষ হ’ব  আদি চিন্তাৰ বিষয়বোৰলৈ  আঙুলিয়াই দিয়ে।

২০১৪ চনৰ আগতে মহিলাৰ সুৰক্ষাৰ বিষয়ত উদ্বেগ বহু  আছিল আৰু সন্ত্ৰাসবাদীৰ শ্লিপাৰ ছেলে নিয়ন্ত্ৰণহীনভাবে  বিস্তাৰ লাভ কৰিছিল। সেই সময়ত এনেবোৰ বিষয়ে বক্তৃতাত আধিপত্য বিস্তাৰ কৰা বুলি স্মৰণ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে মুদ্ৰাস্ফীতিকলৈ  বিলাপ কৰা গীত, যেনে “মেহাংগাই দায়ন খায়ে জাত হেয়” সাধাৰণতে শুনা গৈছিল। সেই সময়ত নাগৰিক আৰু বিশ্ব সমাজ উভয়ে অনুভৱ কৰিছিল যে সংকটৰ জালত আবদ্ধ হৈ পৰা ভাৰতৰ উত্থান ঘটিব নোৱাৰিব। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে বিগত এঘাৰ বছৰত ভাৰতে প্ৰতিটো সন্দেহ ভাঙি পেলাইছে আৰু প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰিছে। তেওঁ আলোকপাত কৰে যে ভাৰত “ফ্ৰেজাইল ফাইভ”ৰ অংশ হোৱাৰ বিপৰীতে বিশ্বৰ শীৰ্ষ পাঁচখন অৰ্থনীতিৰ ভিতৰত অন্যতম অৰ্থনীতিলৈ  পৰিৱৰ্তিত হৈছে। মুদ্ৰাস্ফীতি এতিয়া দুই শতাংশৰ তলত, আনহাতে বৃদ্ধিৰ হাৰ সাত শতাংশতকৈ অধিক। “চিপৰ পৰা শ্বিপ (জাহাজ)লৈকে, আত্মনিৰ্ভৰ ভাৰতৰ আস্থা বিভিন্ন খণ্ডত স্পষ্ট” হৈ পৰিছে।  প্ৰধানমন্ত্ৰীয়ে এনোবোৰ কথাত গুৰুত্ব আৰোপ কৰি আলোকপাত কৰে যে সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে আৰু মৌনতা অৱলম্বন নকৰে; বৰঞ্চ ই চাৰ্জিকেল ষ্ট্ৰাইক, বিমান আক্ৰমণ আৰু সিন্দূৰৰ দৰে অপাৰেচনৰ জৰিয়তে নিৰ্ণায়কভাৱে সঁহাৰি জনায়।

 

শ্ৰী মোদীয়ে সমবেত লোকসকলক  ক’ভিড-১৯ৰ সময়ছোৱাৰ কথা মনত পেলাবলৈ আহ্বান জনায়, যেতিয়া পৃথিৱীখনে জীৱন-মৃত্যুৰ ছাঁত জীয়াই আছিল। তেওঁ উল্লেখ কৰে যে ইমান বৃহৎ জনসংখ্যাৰ দেশ এখনে ইমান বৃহৎ সংকটৰ পৰা কেনেকৈ ৰক্ষা পৰিব সেই সম্পৰ্কে বিশ্বজুৰি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে প্ৰতিটো জল্পনা-কল্পনা ভুল প্ৰমাণিত কৰিলে। তেওঁ আলোকপাত কৰে যে ভাৰতে সংকটৰ ​​মুখামুখি হৈছিল, নিজাকৈ ভেকচিন দ্ৰুতগতিত প্ৰস্তুত কৰিছিল, অভিলেখ সময়ৰ ভিতৰত  ইয়াক প্ৰদান কৰিছিল আৰু সংকটৰ পৰা মুক্ত হৈ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি হিচাপে ওলাই আহিছিল।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ক’ভিড-১৯ৰ প্ৰভাৱ সম্পূৰ্ণৰূপে কমি যোৱাৰ আগতেই বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘাতৰ সৃষ্টি হ’বলৈ ধৰিলে, য’ত যুদ্ধৰ বাতৰিৰ শিৰোনামেই প্ৰধান আছিল। তেওঁ উল্লেখ কৰে যে আকৌ এবাৰ ভাৰতৰ বৃদ্ধিৰ সম্ভাৱনাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে ভাৰতে পুনৰবাৰ সকলো জল্পনা-কল্পনাক অসত্য বুলি প্ৰমাণ কৰি দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি হিচাপে আগবাঢ়ি গৈ থাকিল। বিগত তিনি বছৰত ভাৰতৰ গড় বৃদ্ধিৰ হাৰ অভূতপূৰ্ব আৰু অপ্ৰত্যাশিত ৭.৮ শতাংশত আছে। তেওঁ জনোৱা মতে, দুদিন পূৰ্বে প্ৰকাশ কৰা ব্যৱসায়িক সামগ্ৰী ৰপ্তানিৰ তথ্যত পূৰ্বৰ বছৰৰ তুলনাত প্ৰায় ৭ শতাংশ বৃদ্ধি পোৱা দেখা গৈছে। যোৱা বছৰ ভাৰতে প্ৰায় ৪.৫ লাখ কোটি টকাৰ কৃষি সামগ্ৰী ৰপ্তানি  কৰিছিল। বহু দেশত অস্থিৰ ৰেটিঙৰ মাজতে এছ এণ্ড পিয়ে ১৭ বছৰৰ পাছত ভাৰতৰ ক্ৰেডিট ৰেটিং উন্নীত কৰে। আই এম এফেও ভাৰতৰ বৃদ্ধিৰ দৃষ্টিভংগী ওপৰলৈ সংশোধন কৰিছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে মাত্ৰ কেইদিনমানৰ আগতে গুগলে ভাৰতৰ এআই খণ্ডত ১৫ বিলিয়ন ডলাৰৰ বৃহৎ বিনিয়োগৰ কথা ঘোষণা কৰিছিল। তেওঁ লগতে কয় যে সেউজ শক্তি আৰু অৰ্ধপৰিবাহী খণ্ডতো যথেষ্ট বিনিয়োগ কৰা হৈছে।

 

“আজি ভাৰতৰ বৃদ্ধিয়ে বিশ্বৰ সুযোগসমূহক গঢ় দিছে”, শেহতীয়া ই এফ টি এ বাণিজ্য চুক্তিক এক ডাঙৰ উদাহৰণ হিচাপে উল্লেখ কৰি শ্ৰী মোদীয়ে  এনেদৰে কয় , যাৰ অধীনত ইউৰোপীয় ৰাষ্ট্ৰসমূহে ভাৰতত ১০০ বিলিয়ন ডলাৰৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ ফলত বৃহৎ পৰিসৰৰ চাকৰিৰ সৃষ্টি হ’ব বুলি তেওঁ উল্লেখ কৰে।

শেহতীয়াকৈ ইউকেৰ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ ঘনিষ্ঠ বন্ধু মহামহিম শ্ৰী কেইৰ ষ্টাৰমাৰে  সৰ্ববৃহৎ ব্যৱসায়িক প্ৰতিনিধি দলৰ সৈতে ভাৰতত উপস্থিত হৈছিল।  শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই কথাই ভাৰতত বিশ্বই দেখা সুযোগৰ পৰিসৰৰ কথাই  প্ৰতিফলিত কৰিছে। তেওঁ আলোকপাত কৰে যে জি-৭ দেশসমূহৰ সৈতে ভাৰতৰ বাণিজ্য ষাঠি শতাংশতকৈও অধিক বৃদ্ধি পাইছে৷ “বিশ্বই এতিয়া ভাৰতক এক নিৰ্ভৰযোগ্য, দায়িত্বশীল আৰু স্থিতিস্থাপক অংশীদাৰ হিচাপে গণ্য কৰিছে”।  শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে ইলেক্ট্ৰ'নিকছৰ পৰা ঔষধলৈকে, আৰু অটোম’বাইলৰ পৰা মোবাইল উৎপাদনলৈকে ভাৰতত বিনিয়োগৰ ঢৌ বৈছে।

 

তেওঁ  কয় যে এই বিনিয়োগসমূহে ভাৰতক বিশ্বৰ যোগান শৃংখলৰ স্নায়ুকেন্দ্ৰ হিচাপে পৰিগণিত কৰাত সহায় কৰিছে।

শীৰ্ষ সন্মিলনত বক্তৃতাৰ এটা বিষয় “অজ্ঞতাৰ প্ৰান্ত” ই হয়তো বিশ্বৰ বাবে অনিশ্চয়তাক প্ৰতিনিধিত্ব কৰিব পাৰে, কিন্তু ভাৰতৰ বাবে ই সুযোগৰ দুৱাৰমুখ, এই কথা লক্ষ্য কৰি শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে যে ভাৰতে যুগ যুগ ধৰি  অজ্ঞাত পথত ভৰি দিয়াৰ সাহস দেখুৱাইছে। সন্ত, বিজ্ঞানী আৰু নাবিকসকলে ধাৰাবাহিকভাৱে প্ৰমাণ কৰি আহিছে যে “প্ৰথম পদক্ষেপ”য়েই  ৰূপান্তৰৰ আৰম্ভণি কৰে। প্ৰযুক্তিৰ ক্ষেত্ৰতেই হওক, মহামাৰীৰ সময়ত ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰতেই হওক, দক্ষ জনশক্তিয়েই হওক, ফিনটেকেই হওক, বা সেউজ শক্তি খণ্ডই হওক, ভাৰতে প্ৰতিটো বিপদক সংস্কাৰলৈ, প্ৰতিটো সংস্কাৰক স্থিতিস্থাপকতালৈ  আৰু প্ৰতিটো স্থিতিস্থাপকতাক বিপ্লৱলৈ ৰূপান্তৰিত কৰিছে। ভাৰতৰ সংস্কাৰৰ সাহসক লৈ যথেষ্ট উৎসাহ প্ৰকাশ কৰা আই এম এফৰ মুৰব্বীগৰাকীৰ শেহতীয়া মন্তব্যৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে এনেদৰে কয়। তেওঁ এটা উদাহৰণ দাঙি ধৰে য’ত বিশ্বব্যাপী ঐকমত্যই গণ পৰিসৰত ডিজিটেল পৰিচয় প্ৰদানৰ সম্ভাৱনীয়তাক লৈ সন্দেহ কৰিছিল, তথাপিও ভাৰতে তেওঁলোকক ভুল প্ৰমাণিত কৰিলে। আজি বিশ্বৰ পঞ্চাশ শতাংশ বাস্তৱ সময়ৰ ডিজিটেল লেনদেন ভাৰতত সংঘটিত হয় আৰু ভাৰতৰ ইউপিআইয়ে বিশ্বব্যাপী ডিজিটেল পেমেণ্ট ব্যৱস্থাত আধিপত্য বিস্তাৰ কৰিছে। শ্ৰী মোদীয়ে আঙুলিয়াই দিয়ে  যে প্ৰতিটো ভৱিষ্যদ্বাণী আৰু মূল্যায়নক ভুল প্ৰমাণিত কৰাটো ভাৰতৰ সংজ্ঞায়িত বৈশিষ্ট্য হৈ পৰিছে—আৰু সেইবাবেই ভাৰত ৰুদ্ধ হৈ থাকিব নোৱাৰে।

“ভাৰতৰ কৃতিত্বৰ আঁৰৰ প্ৰকৃত শক্তি ইয়াৰ জনসাধাৰণৰ পৰাই আহে”, শ্ৰী মোদীয়ে কয়। তেওঁ কয়  যে নাগৰিকে তেওঁলোকৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে উপলব্ধি কৰিব পাৰিব তেতিয়াহে যেতিয়া চৰকাৰে তেওঁলোকৰ জীৱনত হেঁচা প্ৰয়োগ নকৰে বা হস্তক্ষেপ নকৰে। তেওঁ মন্তব্য কৰে যে অত্যধিক চৰকাৰী নিয়ন্ত্ৰণে ব্ৰেক হিচাপে কাম কৰে, আনহাতে অধিক গণতন্ত্ৰই অগ্ৰগতিক ত্বৰান্বিত কৰে। ষাঠি বছৰ ধৰি শাসন কৰা বিৰোধী দলটোৱে  নীতি আৰু প্ৰক্ৰিয়াৰ আমোলাতান্ত্ৰিকীকৰণক ধাৰাবাহিকভাৱে প্ৰচাৰ কৰা বুলি প্ৰধানমন্ত্ৰীয়ে সমালোচনা কৰে। ইয়াৰ বিপৰীতে তেওঁ কয় যে বিগত এঘাৰ বছৰত তেওঁৰ চৰকাৰে নীতি আৰু প্ৰক্ৰিয়া দুয়োটাকে গণতান্ত্ৰিকীকৰণৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে— এয়া এখন অনবদ্য ভাৰতৰ উত্থানৰ আঁৰৰ এক গুৰুত্বপূৰ্ণ কাৰক।

 

বেংকিং খণ্ডক উদাহৰণ হিচাপে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে ১৯৬০ৰ দশকত তেতিয়াৰ প্ৰধানমন্ত্ৰীয়ে বেংকৰ ৰাষ্ট্ৰীয়কৰণৰ ন্যায্যতা প্ৰদান কৰিছিল, বেংকিং সেৱা দুখীয়া, কৃষক, শ্ৰমিকলৈ সম্প্ৰসাৰণ কৰিব বুলি দাবী কৰিছিল। কিন্তু তেওঁ দৃঢ়তাৰে কয় যে বাস্তৱত তেতিয়াৰ শাসকীয় দলটোৱে বেংকসমূহক জনসাধাৰণৰ পৰা আঁতৰাই ৰাখিছিল, ইমানেই যে দুখীয়াসকলে বেংকৰ দুৱাৰৰ কাষ চাপিবলৈও ভয়  কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে, ২০১৪ চনত ভাৰতৰ সৰ্বাধিক  জনসংখ্যাৰেই  বেংক একাউণ্ট নাছিল। শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে  যে এয়া কেৱল বেংক একাউণ্টৰ অভাৱ নহয়— ইয়াৰ অৰ্থ হ’ল জনসাধাৰণৰ এক বৃহৎ অংশ বেংকিং সুবিধাৰ পৰা বঞ্চিত হৈ বজাৰৰ পৰা উচ্চ সুতৰ হাৰত ঋণ ল’বলৈ বাধ্য হৈছিল, প্ৰায়ে ঘৰ-মাটি বন্ধকত ৰাখিছিল।

দেশখনক অত্যধিক আমোলাতন্ত্ৰৰ পৰা মুক্ত কৰাটো অতি প্ৰয়োজনীয় আছিল  আৰু তেওঁলোকৰ চৰকাৰে এই কাম সফলতাৰে লাভ কৰিছে বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে বেংকিং খণ্ডৰ গণতান্ত্ৰিকীকৰণ আৰু সংস্কাৰৰ বিষয়ত  আলোকপাত কৰে, য’ত মিছন মোডত ৫০ কোটিৰো অধিক জন ধন একাউণ্ট খোলা হৈছে।  আজি ভাৰতৰ প্ৰতিখন গাঁৱতে অন্ততঃ এটাকৈ বেংকিং টাচপইণ্ট আছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ডিজিটেল লেনদেনে ভাৰতক বিশ্বজুৰি আৰ্থিকভাৱে সৰ্বাধিক অন্তৰ্ভুক্ত ৰাষ্ট্ৰৰ ভিতৰত অন্যতম কৰি তুলিছে। বেংকসমূহত এনপিএৰ পাহাৰ সৃষ্টি কৰাৰ বাবে বিৰোধী নেতৃত্বাধীন ৰাষ্ট্ৰীয়কৰণক সমালোচনা কৰি তেওঁ মন্তব্য কৰে যে তেওঁৰ চৰকাৰৰ গণতান্ত্ৰিকৰণৰ প্ৰচেষ্টাই বেংকসমূহক লাভৰ অভিলেখ গঢ়ি তুলিছে। বিগত এঘাৰ বছৰত মহিলা আত্মসহায়ক গোট, ক্ষুদ্ৰ কৃষক, পশুপালক, মাছমৰীয়া, ৰাজপথৰ বিক্ৰেতা  আৰু বিশ্বকৰ্মাৰ অংশীদাৰক বেংকৰ নিশ্চয়তা অবিহনে লাখ লাখ কোটি টকাৰ ঋণ প্ৰদান কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে পেট্ৰলিয়াম আৰু গেছ খণ্ডক পৰিৱৰ্তনৰ আন এক উদাহৰণ হিচাপে উল্লেখ কৰে। তেওঁ স্মৰণ কৰে যে ২০১৪ চনৰ পূৰ্বে আমোলাতান্ত্ৰিকীকৰণৰ প্ৰচলিত মানসিকতাৰে বিৰোধী চৰকাৰে ইন্ধনৰ ৰাজসাহায্য বৃদ্ধিৰ পৰা হাত সাৰিবলৈ নিশা ৮ বজাৰ পৰা পুৱা ৮ বজালৈ পেট্ৰ’ল পাম্প বন্ধ কৰাৰ প্ৰস্তুতি চলাইছিল। ইয়াৰ বিপৰীতে তেওঁ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ত  আলোকপাত কৰে,  য’ত পেট্ৰ’ল পাম্পসমূহে নিষেধাজ্ঞা অবিহনে ২৪ ঘণ্টাই কাম কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে এতিয়া বিকল্প ইন্ধন আৰু বৈদ্যুতিক গতিশীলতাৰ ক্ষেত্ৰত অভূতপূৰ্ব বিনিয়োগ কৰিছে।

বিৰোধীৰ যুগত গেছ সংযোগ লাভ কৰিবলৈও সংসদৰ সদস্যসকলৰ পৰা পৰামৰ্শ পত্ৰৰ প্ৰয়োজন হোৱা বুলি উল্লেখ  কৰি শ্ৰী মোদীয়ে ব্যৱস্থাটোত আমোলাতান্ত্ৰিকীকৰণ প্ৰতিফলিত হোৱা বুলি কয়।  ইয়াৰ বিপৰীতে তেওঁ কয় যে তেওঁৰ চৰকাৰে ১০ কোটিৰো অধিক দৰিদ্ৰ পৰিয়ালক বিনামূলীয়াকৈ গেছ সংযোগ প্ৰদান কৰিছে—যিসকলৰ বহুতেই এনে সুবিধা লাভ কৰাৰ কথা কেতিয়াও কল্পনা কৰা নাছিল। তেওঁ দৃঢ়তাৰে কয় যে শাসন ব্যৱস্থাৰ প্ৰকৃত গণতান্ত্ৰিকীকৰণ এনেদৰেই প্ৰতিফলিত হৈছে। 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আমোলাতান্ত্ৰিক চিন্তাধাৰাৰ আধিপত্য থকা যুগত বিৰোধীয়ে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক (পিএছইউ) স্থবিৰ হ’বলৈ অনুমতি দিছিল, সেইবোৰক প্ৰায়  বন্ধ কৰি ৰাখিছিল ।  প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে তেওঁৰ চৰকাৰে এই পন্থা সলনি কৰিলে। আজি এল আই চি আৰু এছ বি আইৰ দৰে ডাঙৰ ডাঙৰ পি এছ ইউয়ে লাভ অৰ্জনৰ  ক্ষেত্ৰত নতুন অভিলেখ গঢ়িছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া চৰকাৰী নীতি আমোলাতান্ত্ৰিকীকৰণতকৈ গণতান্ত্ৰিকীকৰণৰ মাজত শিপাই থাকে তেতিয়া নাগৰিকৰ মনোবল বৃদ্ধি পায়। তেওঁ বিৰোধী দলক  সমালোচনা কৰি পদক্ষেপ গ্ৰহণ নকৰাকৈ বাৰে বাৰে “গৰিবী হাটাও” ধ্বনি দিয়াৰ বাবে তেওঁলোকৰ শাসনৰ অধীনত দৰিদ্ৰতা হ্ৰাস পোৱা নাছিল বুলি দৃঢ়তাৰে কয়। ইয়াৰ বিপৰীতে তেওঁ আলোকপাত কৰে যে তেওঁৰ চৰকাৰৰ গণতান্ত্ৰিক পদ্ধতিয়ে বিগত এঘাৰ বছৰত ২৫ কোটি দৰিদ্ৰ নাগৰিকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে। এই কাৰণেই দেশ খনে বৰ্তমানৰ চৰকাৰখনৰ ওপৰত আস্থা ৰাখিছে আৰু আজি ভাৰতবৰ্ষক কোনেও স্তব্ধ  কৰিব নোৱাৰা হৈ পৰিছে বুলিও তেওঁ কয়।

 

শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে ভাৰতত এতিয়া দুখীয়া আৰু বঞ্চিত লোকসকলৰ সেৱাৰ বাবে উৎসৰ্গিত চৰকাৰ আছে, পিছপৰা সম্প্ৰদায়ক অগ্ৰাধিকাৰ দি তেওঁলোকৰ জীৱন উন্নত কৰাৰ বাবে সম্পূৰ্ণ সংবেদনশীলতাৰে কাম কৰি আছে। তেওঁ শেহতীয়াকৈ বিএছএনএলৰ মেড-ইন-ইণ্ডিয়া ৪জি ষ্টেক মুকলি কৰাৰ কথা উল্লেখ কৰি ইয়াক এক উল্লেখযোগ্য ৰাষ্ট্ৰীয় কৃতিত্ব বুলি অভিহিত কৰে। তেওঁ গৌৰৱেৰে কয় যে ভাৰত এতিয়া থলুৱাভাৱে বিকশিত ৪জি ষ্টেকৰে বিশ্বৰ শীৰ্ষ পাঁচখন দেশৰ ভিতৰত আছে। প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে এসময়ত বিৰোধীৰ দ্বাৰা অৱহেলিত ৰাজহুৱা খণ্ডৰ কোম্পানী বিএছএনএলে এতিয়া নতুন মাইলৰ খুঁটি অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁ লগতে কয় যে ৪জি ষ্টেক মুকলি কৰাৰ লগে লগে একেদিনাই বিএছএনএলে প্ৰায় এক লাখ ৪জি মোবাইল টাৱাৰ সক্ৰিয় কৰে। ফলত দূৰৱৰ্তী অৰণ্য আৰু পাহাৰীয়া অঞ্চলত বাস কৰা লাখ লাখ লোকে—যিবোৰ অঞ্চল পূৰ্বতে তীব্ৰবেগী ইণ্টাৰনেটৰ দ্বাৰা স্পৰ্শ কৰা নাছিল—এতিয়া দ্ৰুত ইণ্টাৰনেট সেৱা লাভ কৰিছে।

 শ্ৰী মোদীয়ে  কয় যে যেতিয়া উন্নত সুবিধাসমূহ দূৰৱৰ্তী অঞ্চলত উপনীত হয়, তেতিয়া ই জীৱনৰ পৰিৱৰ্তন ঘটায়। ই-সঞ্জীৱনীৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে দৃষ্টান্ত দাঙি ধৰিলে যে দূৰৈৰ পাহাৰীয়া অঞ্চলত বসবাস কৰা এটা পৰিয়ালে, বেয়া বতৰৰ বাবে কোনো ৰোগীক চিকিৎসকৰ ওচৰলৈ নিব নোৱাৰা এটা পৰিয়ালে এতিয়া দ্ৰুতবেগী সংযোগ ভিত্তিক ই-সঞ্জীৱনী সেৱাৰ জৰিয়তে চিকিৎসকৰ পৰামৰ্শ লাভ কৰিব পাৰে। অধিক ব্যাখ্যা কৰি শ্ৰী মোদীয়ে কয় যে ই-সঞ্জীৱনী এপৰ জৰিয়তে দূৰৱৰ্তী অঞ্চলৰ ৰোগীয়ে তেওঁলোকৰ ফোনৰ পৰা পোনপটীয়াকৈ বিশেষজ্ঞ চিকিৎসকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে। তেওঁ জনোৱা মতে, ইতিমধ্যে ই-সঞ্জীৱনীৰ জৰিয়তে ৪২ কোটিৰো অধিক অ’পিডিৰ পৰামৰ্শৰ সুবিধা প্ৰদান কৰা হৈছে। ভাষণৰ আজিৰ দিনটোতে শ্ৰী মোদীয়ে কয় যে সমগ্ৰ দেশতে এক লাখৰো অধিক লোকে এই মঞ্চৰ জৰিয়তে সাহায্য লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে ই-সঞ্জীৱনী কেৱল সেৱা নহয়— সংকটৰ সময়ত সহায় উপলব্ধ হ’ব বুলি বিশ্বাসৰ প্ৰতীক। তেওঁ ইয়াক ৰাজহুৱা ব্যৱস্থাৰ গণতান্ত্ৰিককৰণৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ এক শক্তিশালী উদাহৰণ বুলি অভিহিত কৰে।

শ্ৰী মোদীয়ে জোৰ দি কয় যে গণতন্ত্ৰ আৰু সংবিধানৰ প্ৰতি দায়বদ্ধ এখন সংবেদনশীল চৰকাৰে নাগৰিকসকলৰ বাবে জীৱন-যাপনৰ সহজতা আৰু আৰ্থিক সঞ্চয়ক অগ্ৰাধিকাৰ দিয়া সিদ্ধান্ত গ্ৰহণ কৰে আৰু নীতি প্ৰণয়ন কৰে। তেওঁ আলোকপাত কৰে যে ২০১৪ চনৰ আগতে ১ জিবি ডাটাৰ দাম আছিল ৩০০ টকা , আনহাতে এতিয়া ইয়াৰ দাম মাত্ৰ ১০ টকা, যাৰ ফলত প্ৰতিজন ভাৰতীয়ৰ বাবে বাৰ্ষিক হাজাৰ হাজাৰ টকা ৰাহি হৈছে। আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দৰিদ্ৰ ৰোগীয়ে ১.২৫ লাখ কোটি টকা ৰাহি কৰিছে। পি এম জন ঔষধি কেন্দ্ৰত ঔষধ ৮০ শতাংশ ৰেহাইত উপলব্ধ, যাৰ ফলত প্ৰায় ৪০,০০০ কোটি টকা ৰাহি হৈছে । ইয়াৰ উপৰি হাৰ্ট ষ্টেণ্টৰ দাম হ্ৰাস পোৱাৰ ফলত দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে বাৰ্ষিক ১২,০০০ কোটি টকা ৰাহি কৰা সম্ভৱ হৈছে।

তেওঁৰ চৰকাৰৰ সংস্কাৰৰ পৰা সৎ কৰদাতাসকলে প্ৰত্যক্ষভাৱে লাভাৱান্বিত  হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আয়কৰ আৰু জি এছ টি দুয়োটাতে যথেষ্ট হ্ৰাসৰ ওপৰত আলোকপাত কৰি এই বছৰ ১২ লাখ টকা  পৰ্যন্ত আয় কৰমুক্ত কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে বৰ্তমান জি এছ টি ৰাহি  উৎসৱ পূৰ্ণ গতিত চলি আছে, আৰু শেহতীয়া বিক্ৰীয়ে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এই ব্যৱস্থাসমূহে—আয়কৰ আৰু জিএছটিৰ ওপৰত—ভাৰতীয় নাগৰিকসকলৰ বাবে বাৰ্ষিক প্ৰায় ২.৫ লাখ কোটি টকা ৰাহি  কৰিব।

 

শ্ৰী মোদীয়ে অপাৰেচন সিন্দূৰৰ প্ৰতি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সমৰ্থনক ব্যাপক প্ৰশংসা স্বীকাৰ কৰে। ইয়াৰ পিছত তেওঁ আন এটা জটিল বিষয়লৈ মনোনিৱেশ কৰে—নক্সালবাদ আৰু মাওবাদী সন্ত্ৰাসবাদ—যাক তেওঁ কেৱল নিৰাপত্তাৰ বাবে এক ডাঙৰ চিন্তাই নহয়, ভাৰতৰ যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ সৈতেও গভীৰভাৱে জড়িত বুলি অভিহিত কৰে। তেওঁ কয় যে বিৰোধীৰ শাসনৰ সময়ত আৰ্বান নক্সালৰ পৰিৱেশ তন্ত্ৰ ইমানেই প্ৰভাৱশালী হৈ পৰিছিল ।  মাওবাদী সন্ত্ৰাসবাদৰ পৰিসৰৰ বিষয়ে দেশৰ বাকী অংশ অজ্ঞাত হৈ আছে। সন্ত্ৰাসবাদ আৰু ৩৭০ অনুচ্ছেদক ​​লৈ ব্যাপক বিতৰ্ক চলি থকাৰ সময়তে শ্ৰী মোদীয়ে কয় যে নগৰীয়া নক্সালসকলে গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহ দখল কৰি মাওবাদী হিংসাৰ বিষয়ত  বক্তৃতা প্ৰদান কৰি  সক্ৰিয়ভাৱে কাম কৰিছিল। তেওঁ উল্লেখ কৰে যে শেহতীয়াকৈও মাওবাদী সন্ত্ৰাসবাদৰ বলি হোৱা কেইবাজনো লোক দিল্লীলৈ আহিছিল, তথাপিও বিৰোধীৰ পৰিৱেশ তন্ত্ৰই নিশ্চিত কৰিছিল যে তেওঁলোকৰ দুৰ্দশাই বিশেষ গুৰুত্ব লাভ নকৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰায় প্ৰতিখন ডাঙৰ ৰাজ্যত এসময়ত যি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছিল, য’ত নক্সাল আৰু মাওবাদী হিংসাই গভীৰ শিপাইছিল, সেই পৰিস্থিতিৰ বৰ্ণনা কৰে। তেওঁ উল্লেখ কৰে যে সমগ্ৰ দেশতে সংবিধান বলবৎ হৈ থকাৰ সময়তে ৰেড কৰিডৰত ইয়াৰ নামটোও উলিয়াব পৰা কোনো নাছিল। চৰকাৰ নিৰ্বাচন কৰা হৈছিল যদিও সেই অঞ্চলবোৰত তেওঁলোকৰ কোনো প্ৰকৃত কৰ্তৃত্ব নাছিল। প্ৰধানমন্ত্ৰীয়ে কৈছিল যে কেনেকৈ গধূলিৰ পিছত বাহিৰলৈ ওলোৱাটো বিপজ্জনক হৈ পৰিছিল, আনকি জনসাধাৰণক নিৰাপত্তা প্ৰদানৰ দায়িত্বত থকাসকলেও নিজেই সুৰক্ষাৰ অনিশ্চয়তাত ভুগিছিল।

বিগত ৫০–৫৫ বছৰত মাওবাদী সন্ত্ৰাসবাদৰ বিধ্বংসী প্ৰভাৱৰ বিষয়ে আলোকপাত কৰি  বহু নিৰাপত্তাৰক্ষী আৰু যুৱ নাগৰিককে ধৰি হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে বুলি উল্লেখ কৰে শ্ৰী মোদীয়ে। তেওঁ  কয় যে নক্সালবাদীয়ে বিদ্যালয় আৰু চিকিৎসালয় নিৰ্মাণত বাধা আৰোপ কৰিছিল, আনকি বৰ্তমানৰ সুবিধাসমূহতো বোমা বিস্ফোৰণ কৰিছিল। ফলত দেশৰ এক বিশাল অঞ্চল আৰু জনসাধাৰণৰ এক বৃহৎ অংশই দশক দশক ধৰি উন্নয়নৰ পৰা বঞ্চিত হৈ থাকিল। শ্ৰী মোদীয়ে কয় যে এই দীৰ্ঘদিনীয়া অৱহেলাই জনজাতীয় জনগোষ্ঠী আৰু দলিত ভাই-ভনীসকলক প্ৰভাৱান্বিত কৰিছিল, যিসকলে এই হিংসা আৰু অনগ্ৰসৰতাৰ বোজা বহন কৰিবলগীয়া হৈছিল ।

“মাওবাদী সন্ত্ৰাসবাদ এক বৃহৎ অন্যায় আৰু জাতিৰ যুৱক-যুৱতীসকলৰ বিৰুদ্ধে এক গুৰুতৰ পাপ”, প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে  যুৱক-যুৱতীসকলক   এনে পৰিস্থিতিৰ মাজত  আবদ্ধ হৈ থাকিবলৈ দিব নোৱাৰি । সেয়েহে ২০১৪ চনৰ পৰা তেওঁৰ চৰকাৰে বিপথে পৰিচালিত যুৱক-যুৱতীসকলক মূলসুঁতিলৈ ঘূৰাই অনাৰ বাবে সম্পূৰ্ণ সংবেদনশীলতাৰে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে এই প্ৰচেষ্টাসমূহৰ ফলাফলৰ বিষয়ত  আলোকপাত কৰে: ১১ বছৰৰ আগতে ১২৫খনতকৈও অধিক জিলা মাওবাদী হিংসাৰ দ্বাৰা প্ৰভাৱান্বিত  হৈছিল যদিও আজি সেই সংখ্যা মাত্ৰ ১১খন জিলালৈ হ্ৰাস পাইছে। ইয়াৰে মাত্ৰ তিনিখনহে অত্যন্ত নক্সাল প্ৰভাৱান্বিত  হৈ আছে।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে বিগত দশকত হাজাৰ হাজাৰ নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছে, তেওঁ যোৱা ৭৫ ঘণ্টাৰ শেহতীয়া পৰিসংখ্যা উল্লেখ  কৰে, য’ত ৩০৩ জন নক্সালবাদীয়ে অস্ত্ৰ-শস্ত্ৰ জমা দি আত্মসমৰ্পণ কৰিছে। তেওঁ লগতে কয় যে এইসকল সাধাৰণ বিদ্ৰোহী নহয়—কিছুমানৰ মূৰৰ মূল্য  ১ কোটি, ১৫ লাখ বা ​​৫ লাখ টকাৰ  আছিল আৰু তেওঁলোকৰ পৰা অস্ত্ৰ-শস্ত্ৰও বৃহৎ মাত্ৰাত উদ্ধাৰ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এই ব্যক্তিসকলে এতিয়া উন্নয়নৰ মূলসুঁতিলৈ ঘূৰি আহিছে আৰু তেওঁলোক ভুল পথত আছিল বুলি মুকলিকৈ স্বীকাৰ কৰিছে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে তেওঁলোকে এতিয়া ভাৰতৰ সংবিধানৰ প্ৰতি বিশ্বাস ৰাখি আগবাঢ়িছে।

এসময়ত কেনেকৈ নিয়মিতভাৱে ছত্তীশগড়ৰ বাষ্টাৰ নক্সালবাদৰ দুৰ্গ হিচাপে পৰিচিত হোৱা ঘটনাৰ বাতৰি প্ৰকাশ পাইছিল, সেই কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে এই পৰিৱৰ্তনৰ বিষয়ত  আলোকপাত কৰে। তেওঁ  উল্লেখ কৰে যে আজি বাষ্টাৰত জনজাতীয় যুৱক-যুৱতীসকলে শান্তি আৰু প্ৰগতিৰ প্ৰতীক বাষ্টাৰ অলিম্পিকৰ আয়োজন কৰিছে। তেওঁ উল্লেখ কৰে যে এই দীপাৱলীত মাওবাদী সন্ত্ৰাসবাদৰ পৰা মুক্ত অঞ্চলসমূহে সুখৰ চাকি জ্বলাই  আনন্দৰে দীপাৱলী উদযাপন কৰিব। শ্ৰী মোদীয়ে ভাৰতৰ জনসাধাৰণক আশ্বাস দিয়ে  যে ভাৰত নক্সালবাদ আৰু মাওবাদী হিংসাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’বলগীয়া দিনটো বহু দূৰত নহয় আৰু লগতে কয় যে এয়া তেওঁলোকৰ চৰকাৰৰ নিশ্চয়তা।

 

“ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰা কেৱল বিকাশৰ  সাধনা নহয়; উন্নয়নে মৰ্যাদাৰে হাতে কামে আগবাঢ়িব লাগিব, য’ত গতিৰ অৰ্থ হ’ব নাগৰিকৰ প্ৰতি সন্মান আৰু উদ্ভাৱনৰ লক্ষ্য কেৱল দক্ষতাৰে নহয়, সহানুভূতি আৰু মমতাৰ লক্ষ্যও হ’ব লাগিব। ভাৰতে এই মানসিকতাৰে আগবাঢ়িছে” প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। এই দৃষ্টিভংগীক আগুৱাই নিয়াত এনডিটিভি বিশ্ব সন্মিলনৰ দৰে মঞ্চৰ উল্লেখযোগ্য ভূমিকাক স্বীকাৰ কৰি তেওঁ ভাষণৰ সামৰণি মাৰে আৰু জাতিটোৰ দৃষ্টিভংগী উপস্থাপন কৰাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে, আৰু অনুষ্ঠানৰ সকলো অংশগ্ৰহণকাৰীলৈ তেওঁৰ শুভেচ্ছা জনায়।

অনুষ্ঠানত শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী মহামহিম ডাঃ হৰিণী অমৰাসুৰিয়া, অষ্ট্ৰেলিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মহামহিম টনি এবট ডাঙৰীয়া,অউকেৰ প্ৰাক্তম প্ৰধানমন্ত্ৰী শ্ৰীযুত ঋষি সুনাককে  ধৰি  অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Highly Focused’: Canada PM Mark Carney Calls PM Modi A ‘Unique Leader’ After India Visit

Media Coverage

‘Highly Focused’: Canada PM Mark Carney Calls PM Modi A ‘Unique Leader’ After India Visit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
List of Outcomes: Visit of President of Finland
March 05, 2026

MoUs / Agreements

Sl. NoMoU / AgreementDescription

1

MoU on Migration and Mobility Partnership

Finland has emerged as an important destination for Indian professionals, particularly in the field of technology and innovation sectors. The MoU on Migration and Mobility Partnership will facilitate mobility of talent.

2

Renewal of MoU on Environmental Cooperation

Renewal of existing MoU signed in November 2020. It encompasses key areas of collaboration that contribute to sustainability, including bioenergy and waste-to-energy solutions, power storage and flexible RE systems, green hydrogen, as well as wind, solar and small hydro power.

3

MOU on cooperation in the field of Statistics

To evolve mutual cooperation and exchange of experiences/best practices and collaboration in the field of official statistics.

Announcements

 Title

1

Elevation of India - Finland bilateral relations to "Strategic Partnership in Digitalization and Sustainability”

2

Joint Research Calls under Implementation Arrangement between Department of Science and Technology of India and Finnish Innovation Funding Agency Business Finland

3

Aim to double the present bilateral trade between India and Finland by 2030 (Capitalizing on recently concluded India-EU FTA)

4

Establish a cross-sectoral Joint Working Group on Digitalization (Advancing cooperation in new and emerging technologies such as 5G, 6G, quantum communications, high-performance and quantum computing, Artificial Intelligence etc.)

5

Creation of Joint Task Force on 6G (6G research by University of Oulu, Finland and the Bharat 6G Alliance)

6

Greater connectivity of startup ecosystems through Indo-Finland Startup Corridor (Active participation of Indian startups in Slush in Helsinki and Finnish startups in Startup Mahakumbh in New Delhi)

7

Co-hosting of World Circular Economy Forum in India in 2026 (By Ministry of Environment, forest and Climate Change and Finnish Innovation Fund SITRA)

8

Establish Consular Dialogue between the respective Foreign Ministries