ভাৰতে আজি স্তব্ধ হোৱাৰ ভাবনা ৰখা নাই! আমি কেতিয়াও থমকি নৰও, লেহেমীয়াও নহও, ১৪০ কোটি ভাৰতীয়ই একেলগে সম্পূৰ্ণ গতিৰে আগবাঢ়িব: প্ৰধানমন্ত্ৰী
আজি বিশ্বই বিভিন্ন পথ অৱৰোধ হোৱাৰ লগতে স্পীড ব্ৰেকাৰৰ সন্মুখীন হোৱাৰ সময়তে এখন অনবদ্য ভাৰতৰ বিষয়ে কোৱাটো স্বাভাৱিক: প্ৰধানমন্ত্ৰী
আজি ভাৰত ভংগুৰ পাঁচখন দেশৰ ভিতৰত থকাৰ পৰা বিশ্বৰ শীৰ্ষ পাঁচখন অৰ্থনীতিৰ ভিতৰত অন্যতম হৈছে : প্ৰধানমন্ত্ৰী
আজি চিপৰ পৰা জাহাজলৈকে ভাৰত আত্মনিৰ্ভৰশীল আৰু প্ৰতিটো ক্ষেত্ৰতে আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হৈ উঠিছে: প্ৰধানমন্ত্ৰী
আজি ভাৰতৰ বৃদ্ধিয়ে বিশ্বব্যাপী সুযোগসমূহক গঢ় দিছেঃ প্ৰধানমন্ত্ৰী
সমগ্ৰ বিশ্বই আজি ভাৰতক এক নিৰ্ভৰযোগ্য, দায়িত্বশীল আৰু স্থিতিস্থাপক অংশীদাৰ হিচাপে গণ্য কৰিছে: প্ৰধানমন্ত্ৰী
পৃথিৱীৰ বাবে অজ্ঞাতৰ প্ৰান্তটো অনিশ্চিত যেন লাগিব পাৰে; কিন্তু ভাৰতৰ বাবে ই নতুন সুযোগৰ দুৱাৰমুখ: প্ৰধানমন্ত্ৰী
আমি প্ৰতিটো বিপদক সংস্কাৰলৈ, প্ৰতিটো সংস্কাৰক স্থিতিস্থাপকতালৈ আৰু প্ৰতিটো স্থিতিস্থাপকতাক বিপ্লৱলৈ ৰূপান্তৰিত কৰিছো: প্ৰধানমন্ত্ৰী
যোৱা ১১ বছৰত আমি নীতি আৰু প্ৰক্ৰিয়া দুয়োটাকে গণতান্ত্ৰিক কৰাৰ বাবে কাম কৰিছো: প্ৰধানমন্ত্ৰী
আজি আমি গৌৰৱেৰে ক’ব পাৰো যে ভাৰত এতিয়া নিজা ঘৰুৱা ৪ জি ষ্টেক থকা বিশ্বৰ শীৰ্ষ পাঁচখন দেশৰ ভিতৰৰে এখন : প্ৰধানমন্ত্ৰী
মাওবাদী সন্ত্ৰাসবাদ দেশৰ যুৱক-যুৱতীসকলৰ বিৰুদ্ধে এক বৃহৎ অন্যায় আৰু এক গুৰুতৰ পাপ; দেশৰ যুৱক-যুৱতীসকলক এনে অৱস্থাৰ মাজত এৰিব নোৱাৰোঃ প্ৰধানমন্ত্ৰী

শ্ৰীলংকাৰ মহামন্ত্ৰী প্ৰধানমন্ত্ৰী হাৰিণী অমৰাসুৰিয়া জী, অষ্ট্ৰেলিয়াৰ মহামহিম প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰ বন্ধু টনি এবোট জী, ব্ৰিটেইনৰ মহামহিম প্ৰাক্তন প্ৰধানমন্ত্ৰী ঋষি সুনাক জী, বিশিষ্ট অতিথিসকল, ভদ্ৰলোকগণ আৰু  ভদ্ৰমহিলাসকল, নমস্কাৰ!

 

এয়া উৎসৱৰ সময়। সকলোকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এই উৎসাহৰ পৰিৱেশত এনডিটিভি  বিশ্ব সন্মিলন অনুষ্ঠিত হৈছে আৰু এই সন্মিলনৰ বাবে আপোনালোকে  এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু বাছি লৈছে: অনবদ্য ভাৰত। সঁচাকৈয়ে ভাৰত আজি ৰৈ যোৱাৰ কোনো ভাবনাৰে চালিত হোৱা নাই। আমি ৰৈ নাথাকো, থমকি ন'ৰও । আমি ১৪০ কোটি দেশবাসীয়ে একেলগে দ্ৰুতগতিত আগবাঢ়িম।

 

বন্ধুসকল,

 

আজি যেতিয়া বিশ্বই উল্লেখযোগ্য পথ অৱৰুদ্ধ কৰা পৰিস্থিতিৰ মুখামুখি হৈছে  আৰু গতিৰোধকৰ সন্মুখীন হৈছে, তেতিয়া অপ্ৰতিৰোধ্য  ভাৰতৰ বিষয়ে আলোচনা একেবাৰে স্বাভাৱিক কথা। এঘাৰ বছৰৰ আগৰ পৰিস্থিতি আৰু বৰ্তমানৰ পৰিস্থিতিৰ কথা এই প্ৰেক্ষাপটত ৰাখিবলৈ চেষ্টা কৰিছো। আপোনালোকৰ মনত আছে, ২০১৪ চনৰ আগতে এনে সন্মিলনত কি কি বিষয়ত  আলোচনা হৈছিল।আগতে বিষয়ৰ শিৰোনাম কি আছিল, ৰাজপথ আৰু চুবুৰীত আয়োজিত সন্মিলনত কেনে  বিষয়ৰ ওপৰত আলোচনা কৰা হৈছিল, এই সকলোবোৰ নিশ্চয় মনত ৰাখিছে, এনে পৰিস্থিতিত  আপুনি লক্ষ্য কৰিব, আলোচনা  আছিল আগতে ভাৰতে বিশ্বব্যাপী  প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব কেনেকৈ? ভংগুৰ পাঁচখনৰ  পৰা ভাৰত কেনেকৈ ওলাই আহিব? ভাৰত কিমান দিন নীতিগত পক্ষাঘাতত আক্ৰান্ত হৈ থাকিব? ভাৰতৰ বৃহৎ কেলেংকাৰী কেতিয়া বন্ধ হ’ব?

 

বন্ধুসকল,

সেই সময়ত মহিলাৰ সুৰক্ষাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছিল। সন্ত্ৰাসবাদীৰ শ্লিপাৰ ছেলবোৰ কেনেকৈ নিয়ন্ত্ৰণৰ বাহিৰত আছিল সেই সম্পৰ্কে প্ৰকাশ পাইছিল। “মহংগায়ে ডায়ন খায়ে জাত হেয়” ("মুদ্ৰাস্ফীতিৰ ডাইনীয়ে খাই পেলায়") আদি গীতৰ প্ৰচলন আছিল। এতিয়া আপোনাৰ হাতত ২০১৪ চনৰ আগতে কি হৈছিল তাৰ এখন স্পষ্ট ছবি আছে।তেতিয়া দেশৰ জনসাধাৰণে  আৰু বিশ্বই বিশ্বাস কৰিছিল যে ইমানবোৰ সংকটৰ মাজত থাকি ভাৰতে কেতিয়াও সেইবোৰৰ পৰা ওলাই আহিব নোৱাৰিব। কিন্তু যোৱা এঘাৰ বছৰত ভাৰতে তেনে  প্ৰতিটো আশংকা দূৰ কৰিছে। প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰিছে। আজি ভাৰত ভংগুৰ পাঁচৰ পৰা ওলাই আহি শীৰ্ষ পাঁচখন অৰ্থনীতিৰ ভিতৰত অন্যতম হৈ পৰিছে । আজি মুদ্ৰাস্ফীতি ২ শতাংশৰ তলত আৰু বৃদ্ধিৰ হাৰ ৭ শতাংশতকৈও অধিক হৈছে। আজি চিপৰ পৰা জাহাজ(শ্বিপ)লৈকে আত্মনিৰ্ভৰশীল ভাৰত আত্মবিশ্বাসেৰে ভৰা ভাৰত হৈ পৰিছে । এতিয়া সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতো ভাৰত মৌন হৈ নাথাকে, ভাৰতে ছাৰ্জিকেল ষ্ট্ৰাইক চলায় , বিমান আক্ৰমণ আৰু অপাৰেচন সিন্দূৰ গ্ৰহণ কৰি উপযুক্ত উত্তৰ দিয়ে।

 

বন্ধুসকল,

 

কোভিডৰ সময়ৰ কথা ভাবি চাওক, যেতিয়া পৃথিৱীখন জীৱন-মৃত্যুৰ ছাঁত জীয়াই আছিল। যেতিয়া বিশ্বই ভাবিছিল যে ইমান বৃহৎ জনসংখ্যা থকা এখন দেশ ইমান বৃহৎ সংকটৰ পৰা কেনেকৈ বাচি যাব আৰু মানুহে অনুভৱ কৰিছিল যে ভাৰতৰ বাবেই পৃথিৱীখন ডুব যাব। বিভিন্ন জল্পনা-কল্পনা চলি আছিল। কিন্তু ভাৰতে প্ৰতিটো জল্পনা-কল্পনা ভুল প্ৰমাণ কৰিলে। আমি প্ৰতিশোধ ল’লোঁ; আমি দ্ৰুতগতিত নিজৰ ভেকচিন প্ৰস্তুত কৰিলোঁ। আমি অভিলেখ সময়ত ভেকচিন প্ৰদান কৰিলোঁ আৰু ইমান ডাঙৰ সংকটৰ পৰা ওলাই অহাৰ পিছত আমি হৈ পৰিলোঁ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি।

 

বন্ধুসকল,

 

কৰ’নাৰ প্ৰভাৱ  তেতিয়াও শেষ হোৱা নাছিল,  যেতিয়া বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘাতৰ সৃষ্টি হ’বলৈ ধৰিছিল । যুদ্ধৰ খবৰে  শিৰোনাম দখল কৰিবলৈ ধৰিছিল। তেতিয়া  আকৌ এবাৰ প্ৰশ্ন উত্থাপন হ’ল যে ভাৰতৰ বিকাশৰ  কি হ’ব । কিন্তু এনে সংকটৰ সময়তো ভাৰতে আকৌ এবাৰ সকলো জল্পনা-কল্পনা ভুল বুলি প্ৰমাণ কৰিলে। ভাৰতে দ্ৰুততম বৃদ্ধি পোৱা প্ৰধান অৰ্থনীতি হিচাবে অগ্ৰগতি অব্যাহত ৰাখিলে । যোৱা তিনি বছৰত ভাৰতৰ গড় বৃদ্ধি হৈছে ৭.৮ শতাংশ। এয়া অভূতপূৰ্ব আৰু অপ্ৰত্যাশিত। মাত্ৰ দুদিন আগতে ব্যৱসায়িক সামগ্ৰী ৰপ্তানিৰ পৰিসংখ্যা ওলাইছিল; যোৱা বছৰৰ তুলনাত ভাৰতৰ ব্যৱসায়িক সামগ্ৰীৰ ৰপ্তানি প্ৰায় ৭ শতাংশ বৃদ্ধি পাইছে। যোৱা বছৰ ভাৰতে প্ৰায় ৪.৫ লাখ কোটি টকাৰ কৃষি সামগ্ৰী  ৰপ্তানি কৰা হৈছিল । বহু দেশৰ অস্থিৰ ৰেটিঙৰ মাজতে এছ এণ্ড পিয়ে ১৭ বছৰৰ পাছত ভাৰতৰ ক্ৰেডিট ৰেটিং উন্নীত কৰিছে। ভাৰতৰ বৃদ্ধিৰ ক্ষেত্ৰতো আই এম এফে উৰ্ধমুখী গতিৰ বিষয়ে হাৰৰ   সংশোধন কৰিছে। মাত্ৰ কেইদিনমানৰ আগতে গুগলে ভাৰতৰ এ আই ক্ষেত্ৰত  ১৫ বিলিয়ন ডলাৰৰ বৃহৎ বিনিয়োগৰ কথা ঘোষণা কৰিছিল। আজি সেউজ শক্তিৰ অৰ্ধপৰিবাহীৰ ক্ষেত্ৰতো বৃহৎ বিনিয়োগ কৰা হৈছে।

 

বন্ধুসকল,

আজি ভাৰতৰ বৃদ্ধিয়ে বিশ্বব্যাপী সুযোগক গঢ় দিছে আৰু মই এই কথা কৈছোঁ অতি দায়িত্বশীলতাৰে। শেহতীয়াকৈ স্বাক্ষৰিত ই এফ টি এ বাণিজ্য চুক্তি ইয়াৰ এক ডাঙৰ উদাহৰণ। ইউৰোপৰ দেশসমূহে ভাৰতত ১০০ বিলিয়ন ডলাৰ বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ ফলত ভাৰতত বৃহৎ সংখ্যক চাকৰিৰ সৃষ্টি হ’ব। মাত্ৰ কেইদিনমানৰ আগতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আৰু মোৰ বন্ধু ষ্টাৰমাৰে তেওঁৰ সৰ্ববৃহৎ ব্যৱসায়িক প্ৰতিনিধি দলৰ সৈতে ভাৰত ভ্ৰমণ কৰিছিল, যিয়ে দেখুৱাইছে যে ভাৰতে নিজৰ বাবে ৰখা বিশাল সুযোগসমূহৰ প্ৰতি বিশ্বই অতি আশাৰে লক্ষ্য কৰি  আছে। আজি জি-৭ দেশসমূহৰ সৈতে আমাৰ বাণিজ্য ৬০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে। আজি সমগ্ৰ বিশ্বই ভাৰতক এক নিৰ্ভৰযোগ্য, দায়িত্বশীল আৰু স্থিতিস্থাপক অংশীদাৰ হিচাপে গণ্য কৰিছে। ইলেক্ট্ৰ'নিকছৰ পৰা ফাৰ্মালৈকে, অটোম’বাইলৰ পৰা মোবাইল মেনুফেকচাৰিঙলৈকে ভাৰতত বিনিয়োগৰ জোৱাৰ উঠিছে । এই বিনিয়োগে ভাৰতক বিশ্বৰ যোগান শৃংখলৰ স্নায়ু কেন্দ্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰিছে।

 

বন্ধুসকল,

 

এই শীৰ্ষ সন্মিলনত আপোনালোকে অজ্ঞাতৰ প্ৰান্ত বিষয়টোকলৈ   আলোচনা কৰিছে। বিশ্বৰ বাবে এজ অৱ দ্য আনন’ন এটা অনিশ্চিত কথা হ’ব পাৰে, কিন্তু ভাৰতৰ বাবে ই সুযোগৰ দুৱাৰমুখ। যুগ যুগ ধৰি ভাৰতে অচিনাকি পথত ভৰি দিয়াৰ সাহস দেখুৱাই আহিছে। আমাৰ সন্ত, আমাৰ বিজ্ঞানী, আমাৰ নাৱিকসকলে সদায় দেখুৱাই আহিছে যে "প্ৰথম পদক্ষেপ" হৈছে পৰিৱৰ্তনৰ আৰম্ভণি। প্ৰযুক্তিয়েই হওক, কৰ’না ভেকচিনৰ প্ৰয়োজনীয়তাই হওক, দক্ষ জনশক্তিয়েই  হওক, ফিনটেকেই  হওক বা সেউজ শক্তি খণ্ডই হওক, আমি প্ৰতিটো বিপদক সংস্কাৰলৈ, প্ৰতিটো সংস্কাৰক স্থিতিস্থাপকতালৈ আৰু প্ৰতিটো স্থিতিস্থাপকতাক বিপ্লৱলৈ ৰূপান্তৰিত কৰিছো। শেহতীয়াকৈ আই এম এফৰ মুৰব্বীগৰাকীয়ে কৈছে  যে ভাৰতত সংস্কাৰৰ সাহস দেখি তেওঁ অতিশয় উৎসাহিত হৈছে। তেওঁ এটা উদাহৰণো দিলে আৰু আপোনালোকে  হয়তো জানে যে ভাৰতত এসময়ত সংস্কাৰ ঘটিছিল। এটা পৰিৱেশ তন্ত্ৰই নিজৰ গীতবোৰকে গাই থাকে। আমাৰ বন্ধুসকলে তাত হাঁহিছে, কিন্তু সেয়া  বাধ্যবাধকতাৰ বাবেই হৈছিল আৰু সেই বাধ্যবাধকতাও আই এম এফৰ পৰা আহিছিল। আজি প্ৰত্যয়ৰ বাবেই সংস্কাৰ ঘটিছে  আৰু একেটা আই এম এফে কৈছে যে সংস্কাৰৰ ক্ষেত্ৰত ভাৰতৰ সাহস লক্ষ্যণীয় । আই এম এফৰ মুৰব্বীগৰাকীয়ে এটা উদাহৰণো দিলে যে সকলোৱে কৈ আছিল যে  বিশাল পৰ্যায়ত ডিজিটেল পৰিচয় প্ৰদান কৰাটো সম্ভৱ নহয়। কিন্তু ভাৰতে সকলো কথা  ভুল প্ৰমাণ কৰিলে। আজি ফিনটেকৰ জগতত বিশ্বৰ ৰিয়েল টাইম ডিজিটেল লেনদেনৰ পঞ্চাশ শতাংশ ভাৰতত সংঘটিত হয়, ৫০ শতাংশ! ভাৰতৰ ইউ পি আইয়ে বিশ্বব্যাপী ডিজিটেল পেমেণ্ট ব্যৱস্থাত আধিপত্য বিস্তাৰ কৰিছে। অৰ্থাৎ প্ৰতিটো ভৱিষ্যদ্বাণী, প্ৰতিটো মূল্যায়ন অতিক্ৰম কৰাটো আজি ভাৰতৰ স্বভাৱ হৈ পৰিছে। মই "প্ৰকৃতি" শব্দটো ব্যৱহাৰ কৰা নাছিলো, মই ক'লো "স্বভাৱ" আৰু যিহেতু ইয়াত মোদী আছে, সেয়েহে তেওঁ স্বভাৱৰ কথা কৈছে। আৰু সেইবাবেই ভাৰত অপ্ৰতিৰোধ্য ।

 

বন্ধুসকল,

 

দেশৰ সাফল্যৰ প্ৰকৃত শক্তি দেশৰ  জনসাধাৰণৰ পৰাই আহে আৰু চৰকাৰৰ ফালৰ পৰা মানুহৰ  জীৱনত কোনো ধৰণৰ হেঁচা বা হস্তক্ষেপ নাথাকিলেহে দেশৰ জনসাধাৰণে নিজৰ সামৰ্থ্য সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম হয়। য’ত বেছি চৰকাৰীকৰণ হ’ব তাত গতিৰোধ  বেছি হ’ব আৰু য’ত গণতন্ত্ৰ অধিক হ’ব তাত গতি বেছি হ’ব। দুৰ্ভাগ্যজনকভাৱে ৬০ বছৰ ধৰি দেশত শাসন কৰা কংগ্ৰেছ দলে সদায় নীতি আৰু প্ৰক্ৰিয়াক চৰকাৰীকৰণৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিছিল।  যোৱা ১১ বছৰত আমি নীতি আৰু প্ৰক্ৰিয়াৰ গণতান্ত্ৰিককৰণৰ দিশত কাম কৰিছো। অপ্ৰতিৰোধ্য  ভাৰতৰ আঁৰৰ এয়াও এটা ডাঙৰ কাৰণ। বেংকিঙৰ উদাহৰণ লওক। ১৯৬০ৰ দশকত ইন্দিৰা গান্ধীয়ে বেংক ৰাষ্ট্ৰীয়কৰণৰ আঁৰৰ কাৰণ কি আছিল? কোৱা হৈছিল যে দেশৰ দৰিদ্ৰ, কৃষক, শ্ৰমিক, অৰ্থাৎ দেশৰ সাধাৰণ জনতাক বেংকৰ সুবিধা প্ৰদানৰ বাবেই এই ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। এয়াই  আছিল তেওঁলোকে দিয়া  যুক্তি। আনহাতে বাস্তৱত কংগ্ৰেছে কি কৰিলে, চৰকাৰে কি কৰিলে? দেশৰ মানুহৰ পৰা বেংকবোৰ বহু বেছি  দূৰত্বত আছিল; দূৰত্ব বৃদ্ধিহে কৰা হ’ল। দুখীয়াই বেংকৰ দুৱাৰমুখলৈও যাবলৈ ভয় কৰিছিল। ২০১৪ চনত যেতিয়া আমাৰ চৰকাৰ গঠন হৈছিল তেতিয়া দেশৰ আধাতকৈ অধিক জনসংখ্যাৰ বেংক একাউণ্টো নাছিল। এয়া কেৱল বেংক একাউণ্ট নথকাৰ সমস্যা নাছিল। ইয়াৰ অৰ্থ আছিল যে দেশৰ জনসাধাৰণৰ এক বৃহৎ অংশ বেংকিঙৰ সুবিধাৰ পৰা বঞ্চিত হৈছিল। বজাৰত উচ্চ সুতৰ হাৰত প্ৰয়োজন সাপেক্ষে ঘৰ-মাটি বন্ধকত ৰাখিবলৈ বাধ্য হৈছিল।

 

বন্ধুসকল,

এই চৰকাৰী নিয়ন্ত্ৰিত ব্যৱস্থাৰ  পৰা দেশক মুক্ত কৰাটো অতি প্ৰয়োজনীয় আছিল  আৰু আমি সেই কাম সম্পন্ন কৰিছো। আমি বেংকিং খণ্ডক গণতান্ত্ৰিক কৰি সংস্কাৰ সাধিছো। আমি মিছন মোডত ৫০ কোটিতকৈও অধিক জন ধন একাউণ্ট খুলিলোঁ, অৰ্থাৎ সমগ্ৰ বিশ্বতে খোলা সকলো একাউণ্ট এফালে আৰু কেৱল ভাৰতৰ মুঠ একাউণ্ট আনফালে, ইমানবোৰ  কাম কৰা হ’ল। আজি দেশৰ প্ৰতিখন গাঁৱতে কিবা নহয় কিবা এটা বেংকিং টাচপইণ্ট আছেই । ডিজিটেল লেনদেনে ভাৰতক বিশ্বৰ ভিতৰতে আৰ্থিকভাৱে উন্নত  দেশসমূহৰ ভিতৰত অন্যতম কৰি তুলিছে। কংগ্ৰেছ চৰকাৰৰ শাসনে বেংকত এনপিএৰ পাহাৰ সৃষ্টি কৰিলে। বিজেপিৰ গণতান্ত্রিকৰণৰ ফলত বেংকে অভিলেখ গঢ়িলে। বিগত ১১ বছৰত মহিলা আত্মসহায়ক গোট, ক্ষুদ্ৰ কৃষক, পশুপালক, মাছমৰীয়া, ৰাজপথৰ ব্যৱসায়ী, বিশ্বকৰ্মা বন্ধু-বান্ধৱীক লাখ লাখ কোটি টকাৰ ঋণ দিয়া হৈছে, এই সকলোবোৰ দিয়া হৈছে  বেংকৰ নিশ্চয়তা অবিহনেই।

 

বন্ধুসকল,

 

পেট্ৰল আৰু গেছ খণ্ডৰ উদাহৰণো দিম। ২০১৪ চনৰ আগৰ পৰিস্থিতি কি আছিল, যেতিয়া ৰাষ্ট্ৰীয়কৰণৰ ধাৰণাটোৱেই প্ৰধান আছিল? কংগ্ৰেছ চৰকাৰে পেট্ৰ’ল-ডিজেলৰ ৰাজসাহায্য বৃদ্ধিৰ পৰা হাত সাৰিবলৈ নিশা ৮ বজাৰ পৰা পুৱা ৮ বজাৰ ভিতৰত পেট্ৰ’ল পাম্প বন্ধ কৰাৰ প্ৰস্তুতি চলাইছিল বুলি শুনি আপুনি স্তম্ভিত হ’ব। মোক কওক! হে ভাই, সাত বজাতে তেল  ভৰাই দিয়া! আজি কি পৰিস্থিতি? আজি পেট্ৰ’ল পাম্প ২৪ ঘণ্টাই খোলা থাকে, আৰু আমি বিকল্প ইন্ধন তথা  বৈদ্যুতিক গতিশীলতাৰ ক্ষেত্ৰত অভূতপূৰ্ব মাত্ৰাত  বিনিয়োগ কৰি আছো।

 

বন্ধুসকল,

 

কংগ্ৰেছৰ দিনত গেছ সংযোগ পাবলৈও সাংসদসকলৰ পৰা চিঠি লিখি আনিবলগীয়া হৈছিল। এজন সংসদ সদস্যই এবছৰত ২৫টা কুপন পাইছিল আৰু তেওঁ নিজৰ অঞ্চলৰ জনসাধাৰণক গেছ সংযোগৰ বাবে ২৫টা কুপন দিছিল। গতিকে, মানুহে তেওঁৰ ঘৰত শাৰী পাতি থিয় হৈ কৈছিল, মোক গেছৰ কুপন এটা দিয়ক, এয়াই  আছিল পৰিস্থিতি। আৰু আপোনালোকে  আচৰিত হ’ব, ২০১৩ চনৰ বাতৰি কাকতবোৰ উলিয়াই লওক, ২০১৪ চনত কংগ্ৰেছে মোদীৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ কৌশল ৰচনা কৰিছিল।তেতিয়া তেওঁলোকে মোক ভালদৰে চিনি নাপালে  আৰু হয়তো এতিয়াও নাজানে। গতিকে, তেওঁলোকৰ আলোচনা আছিল জনসাধাৰণক কি প্ৰতিশ্ৰুতি দিব, গতিকে আলোচনা আছিল বছৰি ৬টা চিলিণ্ডাৰ দিব নে ৯টা চিলিণ্ডাৰ দিব, এই বিষয়ে আলোচনা চলি আছিল। অৰ্থাৎ ব্যৱস্থাটোত ইমানলৈকে  চৰকাৰীকৰণৰ আধিপত্য আছিল। এতিয়া আমি অহাৰ পিছত কি কৰিলোঁ? এই সুবিধাৰ কথা তেওঁলোকে সপোনতো ভবা নাছিল , ১০ কোটিৰো অধিক দৰিদ্ৰ পৰিয়ালক আমি বিনামূলীয়াকৈ গেছ সংযোগ প্ৰদান কৰিছো। আগতে যেতিয়া গাঁৱলৈ গেছ চিলিণ্ডাৰ আহিছিল, তেতিয়া সাধাৰণ মানুহে ভাবিছিল যে সেয়া  ধনী মানুহৰ বাবে, ডাঙৰ মানুহৰ বাবে, তেওঁলোকৰ ঘৰত গেছ থাকিব পাৰে, কিন্তু দুখীয়াৰ ঘৰত নহয়। আমি এই পৰিস্থিতি ওলোটা কৰি দিলো , গেছৰ চৌকা ১০ কোটি ঘৰত উপনীত হ’ল। এয়াই  হৈছে ব্যৱস্থাটোৰ গণতান্ত্ৰিকীকৰণ, আৰু এয়াই  হৈছে সংবিধানৰ প্ৰকৃত মনোভাৱ।

 

বন্ধুসকল,

ৰাষ্ট্ৰীয়কৰণৰ চিন্তাৰ সেই যুগত কংগ্ৰেছে আমাৰ চৰকাৰী কোম্পানী, আমাৰ পি এছ ইউত তলা লগাই শান্তিৰে শুইছিল। ডুবি  গৈ আছে, তলা লগাওক, ডুবি গৈছে, তলা মাৰি দিয়ক। কংগ্ৰেছে আগতে ভাবিছিল যে আমি ইমান কষ্ট কিয়, ডুবি গৈছে যেতিয়া  ডুবি  যাবই, স্বাভাৱিক মৃত্যু হ'ব, পকেটৰ পৰা কি হেৰুৱাম, এয়াই আছিল চিন্তাৰ ধৰণ । আমি এই চিন্তাধাৰাও সলনি কৰিলোঁ আৰু দেখিলোঁ আজি, এল আই চিয়েই  হওক, এছ বি আইয়েই  হওক বা আমাৰ ডাঙৰ পি এছ ইউয়েই  হওক, সকলোৱে লাভ অৰ্জনৰ নতুন অভিলেখ গঢ়িছে।

 

বন্ধুসকল,

 

চৰকাৰীকৰণতকৈ যেতিয়া চৰকাৰী নীতি গণতান্ত্ৰিকীকৰণৰ বিষয়ত  ভিত্তি কৰি গঢ় লৈ উঠে তেতিয়া দেশবাসীৰ মনোবল বৃদ্ধি  হয়। চৰকাৰীকৰণৰ এই চিন্তাৰে কংগ্ৰেছে কৈ থাকিল দৰিদ্ৰতা দূৰ কৰক, দৰিদ্ৰতা দূৰ কৰক, আপোনালোকে  নিশ্চয় প্ৰতিটো নিৰ্বাচনত সেয়া  দেখিছে, লালকিল্লাৰ পৰা এই পৰিয়ালটোৰ সকলো ভাষণ শুনিছে, যিসকলে  এই পৰিয়ালটোৰ পৰা পতাকা উত্তোলন কৰিবলৈ লালকিল্লাত গৈছিল , প্ৰথমৰ পৰা শেষলৈকে কোনো নেতা নাছিল  যিয়ে দৰিদ্ৰতাৰ বিষয়ত ভাষণ নিদিলে। এই সকলোবোৰ ভাষণ ইউটিউবত শুনিব পাৰিব, কিন্তু দৰিদ্ৰতা কমি যোৱা নাই। আমাৰ গণতান্ত্ৰিকীকৰণৰ পন্থাই যোৱা ১১ বছৰত ২৫ কোটি দৰিদ্ৰ লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে  আৰু সেইবাবেই দেশখনে  আমাক বিশ্বাস কৰে, আৰু সেইবাবেই ভাৰতক ৰুদ্ধ  কৰিব নোৱাৰা হৈ পৰিছে ।

 

বন্ধুসকল,

 

আজি ভাৰতত দুখীয়া আৰু বঞ্চিত লোকৰ সেৱাৰ বাবে উৎসৰ্গিত এখন চৰকাৰ আছে। আমি পিছপৰা শ্ৰেণীক অগ্ৰাধিকাৰ দিওঁ। তেওঁলোকৰ জীৱনৰ মান  উন্নত কৰাৰ বাবে আমি সম্পূৰ্ণ সংবেদনশীলতাৰে কাম কৰি আছো। প্ৰায়ে বৃহত্তৰ আলোচনাত এই বিষয়টো উপেক্ষা কৰা হয়। এটা উদাহৰণ দিওঁ। শেহতীয়াকৈ বি এছ এন এলে নিজৰ মেড ইন ইণ্ডিয়া ৪জি ষ্টেক মুকলি কৰাৰ বিষয়টোকলৈ  চৰ্চা চলিছে।

 

 বন্ধুসকল,

 

মই ক’ব বিচাৰিছো যে সঁচাকৈয়ে দেশৰ বাবে এয়া এক বৃহৎ সফলতা। আজি আমি গৌৰৱেৰে ক’ব পাৰো যে ভাৰত বিশ্বৰ শীৰ্ষ ৫ খন দেশৰ ভিতৰত আছে যিবোৰৰ দেশত ৪জি ষ্টেক সাজু  আছে। ভাৰতে ২জি, ২জি, ২জি শুনিছে কাৰণ সকলো শিৰোনামতে সেয়া ভৰি আছে, "এয়া  ২জিত হৈছিল, সেয়া  ২জিত হৈছিল।" এতিয়া মই ৪ জিৰ কথা কৈছো, গতিকে কিছু সময় লাগিব, বুজাই দি ভাগৰি পৰিছো। কংগ্ৰেছে ধ্বংস কৰিবলৈ ওলোৱা চৰকাৰী কোম্পানী বিএছএনএলে  এতিয়া নতুন সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।

 

 বন্ধুসকল,

 

এয়া দেশৰ সফলতাৰ এটা দিশ মাথোঁ। ইয়াৰ আনটো দিশ হ’ল এই ৪জি ষ্টেক মুকলি হোৱাৰ দিনাই বিএছএনএলে প্ৰায় এক লাখ ৪জি মোবাইল টাৱাৰ আৰম্ভ কৰিছিল আৰু ইয়াৰ ফলাফল কি? ইয়াৰ ফলত দুৰ্গম অৰণ্য আৰু পাহাৰীয়া অঞ্চলত বাস কৰা লাখ লাখ লোকৰ বাবে দ্ৰুতবেগী ইণ্টাৰনেট সেৱা আহিছে, য’ত পূৰ্বে  তীব্ৰবেগী ইণ্টাৰনেটৰ সুবিধা নাছিল।

 

বন্ধুসকল,

এতিয়া আৰু এটা আচৰিত কথা কওঁ। আমি ২ জি , ৪ জি , ৬ জি আদিৰ কথা শুনি থাকোঁ, তাৰ পিছত আমি আমাৰ চৌপাশৰ জগতখন দেখিবলৈ পাওঁ, আমি আন কিবা এটা চিন্তা কৰোঁ আৰু চিন্তা কৰাৰ পিছত, আমি নতুন কিবা এটা কৰিবলৈ চেষ্টা কৰোঁ।  আজি মই আপোনালোকৰ সন্মুখত দেশৰ এই সফলতাৰ তৃতীয় এটা দিশ দাঙি ধৰিব বিচাৰিছো আৰু এতিয়ালৈকে সংবাদ মাধ্যমে সেই কথাটোত গুৰুত্ব দিয়া নাই। বাৰু, বহুত কথা আছে, মোৰ হিচাপত তেওঁলোক বহু পিছ পৰি আছে। দুৰ্গম অঞ্চলত যেতিয়া এনে সা-সুবিধা পোৱা যায়, সেই অঞ্চলৰ মানুহৰ জীৱন কেনেকৈ সলনি হয়। আপুনি হয়তো ই-সঞ্জীৱনীৰ কথা শুনিছে। এই ই-সঞ্জীৱনীৰ উদাহৰণ দিওঁ। ধৰি লওঁক ক’ৰবাত সুদূৰ হাবিত বাস কৰা এটা পৰিয়াল আছে, যাৰ এজন সদস্য অসুস্থ হৈ পৰিছে আৰু ক’ৰবাত পাহাৰৰ ওপৰত, ক’ৰবাত হাবিত ৰোগত আক্ৰান্ত হৈ আছে। এতিয়া বেয়া বতৰৰ বাবে তেওঁলোকে নিজৰ অসুস্থ পৰিয়ালৰ সদস্যক চিকিৎসকৰ ওচৰলৈ নিব পৰা নাই। তেতিয়া তেওঁলোকে কি কৰিব? এনে পৰিস্থিতিত ই-সঞ্জীৱনী সেৱা, দ্ৰুতবেগী সংযোগৰ ওপৰত ভিত্তি কৰি গঢ়ি তোলা সেৱাই তেওঁলোকক সহায় কৰি আছে।

 

বন্ধুসকল,

 

ৰোগীয়ে নিজৰ ফোনত থকা ই-সঞ্জীৱনী এপৰ জৰিয়তে চিকিৎসকৰ সৈতে সংযোগ স্থাপন কৰি বিশেষজ্ঞ চিকিৎসকৰ সৈতে পৰামৰ্শৰ সুবিধা লাভ কৰে। এনডিটিভিৰ দৰ্শকে জানি আনন্দিত হ’ব যে এতিয়ালৈকে ৪২ কোটি লোকে ই-সঞ্জীৱনীৰ জৰিয়তে অ’পিডিৰ পৰামৰ্শ লৈছে। অৰ্থাৎ ৪ জি , ২ জি  কেৱল এটা সুবিধা নহয়, ই জীৱনত এক নতুন শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু আজি যেতিয়া মই আপোনালোকৰ লগত কথা পাতিছো, ৰাতিপুৱাৰ পৰা গধূলিলৈকে দেশৰ ১ লাখৰো অধিক লোকে ই-সঞ্জীৱনীৰ জড়িয়তে  সহায় লাভ কৰিছে। ১২ ঘণ্টাৰ কথা কৈছোঁ। ই-সঞ্জীৱনী কেৱল এটা সুবিধা নহয়; সংকটৰ ক্ষেত্ৰত তেওঁলোকে তাৎক্ষণিক সহায় লাভ কৰিব বুলি আশ্বাস দিয়া হৈছে। ব্যৱস্থাটোত গণতান্ত্ৰিকীকৰণ কৰাৰ আশ্চৰ্য্যকৰ উদাহৰণ এয়া!

 

বন্ধুসকল,

 

এখন সংবেদনশীল চৰকাৰ, গণতন্ত্ৰৰ প্ৰতি উৎসৰ্গিত চৰকাৰ, সংবিধানৰ প্ৰতি উৎসৰ্গিত চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰে আৰু এনে নীতি নিৰ্ধাৰণ কৰে। মানুহৰ জীৱন সহজ কৰি তোলা আৰু মানুহৰ ৰাহি বৃদ্ধি কৰাই  আমাৰ গুৰুত্ব। উদাহৰণস্বৰূপে, ১ জিবি ডাটা ব্যৱহাৰৰ বাবে ৩০০ টকা খৰচ হৈছিল  আৰু এতিয়া ইয়াৰ দাম ১০ টকা।  অৰ্থাৎ প্ৰতি বছৰে প্ৰতিজন ভাৰতীয়ৰ পকেটত হাজাৰ হাজাৰ টকা ৰাহি হৈ আছে। আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে দৰিদ্ৰ ৰোগীয়ে ৰাহি কৰিছে ১.২৫ লাখ কোটি টকা। পি এম জন ঔষধি  কেন্দ্ৰত ৮০ শতাংশ ৰেহাইত ঔষধ উপলব্ধ। ইয়াৰ বাবেই মানুহে ৰাহি  কৰিছে প্ৰায় ৪০ হাজাৰ কোটি টকা। হাৰ্ট ষ্টেণ্টৰ মূল্য হ্ৰাস পোৱাৰ বাবে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীয়ে বছৰি ১২ হাজাৰ কোটি টকা ৰাহি  কৰি আছে।

 

বন্ধুসকল,

 

আমি সৎ কৰদাতাক প্ৰত্যক্ষ সুবিধাও দিছো। আয়কৰেই  হওক বা জি এছ টিয়েই  হওক, বৃহৎ হ্ৰাস কৰা হৈছে। এইবাৰ ১২ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত কৰ শূন্যলৈ হ্ৰাস কৰা হৈছে।  বৰ্তমান জি এছ টি ৰাহি মহোৎসৱ পূৰ্ণ গতিত চলি আছে। অৰ্থাৎ আজিকালি সকলোতে বজাৰৰ ছবি দেখিবলৈ পাইছো, যদি গুগল চায় তেন্তে সকলোতে কিয়? জি এছ টি ৰাহি উৎসৱৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে। আজিকালি আমি দেখিবলৈ পাইছো যে পূৰ্বৰ সকলো বিক্ৰীৰ অভিলেখ ভংগ হৈছে। আয়কৰ আৰু জি এছ টিৰ এই দুটা পদক্ষেপৰ জৰিয়তে দেশবাসীয়ে এবছৰত প্ৰায় ২.৫ লাখ কোটি টকা ৰাহি কৰাটো  নিশ্চিত ।

 

বন্ধুসকল,

 

শেহতীয়াকৈ দেশ আৰু বিশ্বই অপাৰেচন সিন্দূৰৰ বিষয়ে বহুত আলোচনা কৰিছে। শেহতীয়াকৈ আমাৰ বন্ধু ৰাহুল জীয়েও অপাৰেচন সিন্দূৰৰ বিষয়ে বহু বিশদভাৱে কথা পাতিছিল। তেওঁ আৰ্মী পৰিয়ালৰ, গতিকে ইয়াৰ প্ৰতি তেওঁৰ আবেগ স্বাভাৱিক। সেইবোৰ কথা তেওঁৰ সিৰাত প্ৰবাহিত হৈ  থাকে। তেওঁ গৌৰৱেৰে প্ৰশংসা কৰিছে আৰু দেশ-বিশ্বয়ো  একেই কাম কৰি আছে। কিন্তু আজি আপোনালোকক আন এটা বিষয়লৈ লৈ যাব বিচাৰিছো, যিটো কেৱল দেশৰ নিৰাপত্তাৰ দিশৰ পৰাই গুৰুত্বপূৰ্ণ নহয়, ই আমাৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতেও জড়িত। এই বিষয়টো নক্সালবাদক লৈ আৰু মই বিশ্বাস কৰোঁ যে নক্সালবাদ শব্দটো  কোনো লোকে উদ্ভাৱন কৰিছে। বাস্তৱত এয়া মাওবাদী সন্ত্ৰাসৰ কথা। আজি এই মাওবাদী সন্ত্ৰাসৰ কাহিনী আপোনালোকক ক'ব বিচাৰিছো। কংগ্ৰেছৰ দিনত নগৰীয়া নক্সালৰ পৰিৱেশ তন্ত্ৰ, এই নগৰীয়া নক্সালসকল এক প্ৰকাৰে প্ৰভাৱশালী আছিল, এতিয়াও তেওঁলোক প্ৰভাৱশালী, মাওবাদী সন্ত্ৰাসৰ কোনো ঘটনা যাতে দেশৰ জনসাধাৰণৰ মাজলৈ নাযায় তাৰ বাবে গধুৰ চেঞ্চৰশ্বিপ লগাইছিল, আগতে আমাৰ দেশত সন্ত্ৰাসবাদৰ বিষয়ে ইমানেই আলোচনা হৈছিল। আগতে ৩৭০ অনুচ্ছেদক ​​লৈ বিতৰ্ক হৈছিল।কিন্তু কংগ্ৰেছৰ শাসনৰ সময়ত আমাৰ চহৰবোৰত শক্তিশালী হৈ উঠা নগৰীয়া নক্সালসকলে মাওবাদী সন্ত্ৰাসক ঢাকি ৰাখিছিল আৰু দেশখনক আন্ধাৰত ৰাখিছিল। মাত্ৰ কেইদিনমান আগতে মাওবাদী সন্ত্ৰাসৰ বলি হোৱা বহু লোক দিল্লীলৈ আহিছিল; এয়া  এটা অতি কষ্টদায়ক কথা। বৃহৎ সংখ্যক আহিছিল, কাৰোবাৰ ভৰি নাই , কাৰোবাৰ হাত নাই , কোনোবাই চকু হেৰুৱাইছে। শৰীৰৰ কিছু অংশ নোহোৱা হৈ গৈছে। এইসকল লোক  মাওবাদী সন্ত্ৰাসৰ বলি হৈছিল। গাঁৱৰ দুখীয়া, জনজাতীয়, ভাই-ভনী, খেতিয়কৰ পুত্ৰ, মাতৃ-ভগ্নী, বহুতৰে ভৰি কাটি পেলোৱা হৈছিল, দিল্লীলৈ আহিছিল, সাত দিন থাকিছিল। হাতযোৰ  কৰি তেওঁলোকে ভাৰতৰ জনসাধাৰণৰ মাজত নিজৰ বাৰ্তা প্ৰেৰণ কৰিবলৈ কৈ আছিল। তেওঁলোকে এখন সংবাদমেল পাতিলে, আপোনালোকৰ কোনোৱে হয়তো দেখা নাই, শুনা নাছিল, ইয়াত বহি থকা এই মাওবাদী সন্ত্ৰাসৰ ঠিকাদাৰসকলে, তাৰ বলি হোৱা লোকৰ যন্ত্ৰণাৰ কাহিনীও দেশবাসীক শুনিবলৈ নিদিলে। কংগ্ৰেছৰ পৰিৱেশ তন্ত্ৰই  এই বিষয়ত আলোচনা কৰিবলৈও দিয়া নাছিল।

বন্ধুসকল,

 

পৰিস্থিতি এনে আছিল যে দেশৰ প্ৰায় প্ৰতিখন ডাঙৰ ৰাজ্যই নক্সালবাদী হিংসা আৰু মাওবাদী সন্ত্ৰাসৰ কবলত পৰিছিল। দেশৰ বাকী অংশত সংবিধান প্ৰযোজ্য আছিল যদিও ৰেড কৰিডৰত কোনেও ইয়াৰ কথা ক’বলৈ সাহস কৰা নাছিল। মই অতি দায়বদ্ধতাৰে কওঁ যে সংবিধানক মূৰত তুলি লৈ নাচি  থকাসকলে এতিয়াও দিনে-নিশাই এই মাওবাদী সন্ত্ৰাসবাদীক সুৰক্ষা দিবলৈ কাম কৰে, যিসকলে সংবিধানত বিশ্বাস নকৰে।

বন্ধুসকল,

চৰকাৰ নিৰ্বাচিত হ’ল যদিও ৰেড কৰিডৰত ইয়াৰ কোনো স্বীকৃতি নাছিল। সন্ধিয়া হোৱাৰ লগে লগে ঘৰৰ পৰা ওলাই যোৱাটো কঠিন হৈ পৰিছিল। জনসাধাৰণক নিৰাপত্তা প্ৰদান কৰাসকলেও নিজৰ নিৰাপত্তাক লৈ চিন্তিত  হ'বলগীয়া  হৈছিল।

 

বন্ধুসকল,

 

যোৱা ৫০-৫৫ বছৰত এই মাওবাদী সন্ত্ৰাসৰ বাবে হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল, বহু নিৰাপত্তাৰক্ষী মাওবাদী সন্ত্ৰাসৰ বলি হৈছিল, আমি ইমানবোৰ যুৱকক হেৰুৱালোঁ, এই নক্সালবাদী, এই মাওবাদী সন্ত্ৰাসবাদী সকলে অঞ্চলটোত বিদ্যালয় নিৰ্মাণ কৰিবলৈ নিদিলে, চিকিৎসালয় নিৰ্মাণ কৰিবলৈ নিদিলে, চিকিৎসালয় থাকিলেও চিকিৎসকক প্ৰৱেশ কৰিবলৈ দিয়া নাছিল। যিবোৰ এতিয়াও থিয় হৈ আছিল সেইবোৰো বোমাৰে উৰুৱাই দিয়া হৈছিল। দশক দশক ধৰি দেশৰ এক বৃহৎ অংশ, অতি বৃহৎ জনসংখ্যা উন্নয়নৰ পোহৰৰ পৰা বঞ্চিত হৈ থাকিল। ইয়াৰ বাবে আমাৰ জনজাতীয় ভাই-ভনী, দলিত ভাই-ভনী, আৰু দৰিদ্ৰ লোকসকলে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল।

 

বন্ধুসকল,

 

মাওবাদী সন্ত্ৰাসবাদ দেশৰ যুৱক-যুৱতীসকলৰ প্ৰতি এক ভয়াৱহ অন্যায়, এক গুৰুতৰ পাপ। দেশৰ যুৱক-যুৱতীসকলক এনে অৱস্থাত এৰি দিব নোৱাৰি , অস্বস্তি অনুভৱ কৰি মুখ বন্ধ কৰি বহি আছিলো। আজি প্ৰথমবাৰৰ বাবে আপোনালোকৰ আগত মোৰ দুখ প্ৰকাশ কৰিছো। পুত্ৰক হেৰুওৱা  মাতৃসকলক মই চিনি পাওঁ; সেই মাতৃসকলৰ পুত্ৰৰ পৰা বহু আশা আছিল। হয় তেওঁলোক মাওবাদী সন্ত্ৰাসবাদীৰ মিছা কথাত আবদ্ধ হৈ পৰিল,  নহয় তেওঁলোক মাওবাদী সন্ত্ৰাসৰ বলি হ’ল আৰু সেয়েহে ২০১৪ চনৰ পিছত আমাৰ চৰকাৰে সম্পূৰ্ণ সংবেদনশীলতাৰে বিপথে পৰিচালিত যুৱক-যুৱতীসকলক মূলসুঁতিলৈ অনাৰ চেষ্টা কৰিলে আৰু মই আজি প্ৰথমবাৰৰ বাবে দেশবাসীক এই কথা কৈছোঁ, দেশবাসীয়ে সন্তুষ্ট হ’ব, দেশবাসীয়ে আমাক আশীৰ্বাদ দিব, যিসকল মাতৃয়ে নিজৰ পুত্ৰক হেৰুৱাইছে, সেইসকল মাতৃয়ে  আমাক আশীৰ্বাদ দিব, দেশৰ শক্তিক আশীৰ্বাদ দিব আৰু আজি দেশে ইয়াৰ ফল দেখিবলৈ পাইছে। ১১ বছৰ আগলৈকে দেশৰ ১২৫ খনতকৈও অধিক জিলা মাওবাদী সন্ত্ৰাসৰ দ্বাৰা প্ৰভাৱান্বিত  হৈছিল।

 

বন্ধুসকল,

 

আজি এই সংখ্যা সংকুচিত হৈছে মাত্ৰ ১১খন জিলালৈ। এই প্ৰচেষ্টাৰ বাবে  কিমান কষ্ট কৰিবলগীয়া হৈছিল আপোনালোকে  জানে, আনকি সেই ১১ খন জিলাৰ  ভিতৰত আটাইতকৈ বেছি  মাওবাদী সন্ত্ৰাসৰ সন্মুখীন হোৱা মাত্ৰ তিনিখন জিলাহে আছে।

 

বন্ধুসকল,

 

যোৱা দশকত হাজাৰ হাজাৰ নক্সালবাদীয়ে অস্ত্ৰ-শস্ত্ৰ সমৰ্পন কৰিছে। যোৱা ৭৫ ঘণ্টাৰ হিচাপ দিম, মাত্ৰ পঁচাত্তৰ ঘণ্টা। মই জানো যে এয়া  সংবাদ মাধ্যমৰ তালিকা নহয়, কিন্তু এই ৭৫ ঘন্টাত ৩০৩ জন নক্সালবাদীয়ে আত্মসমৰ্পণ কৰাটো মোৰ জীৱনৰ এক বৃহৎ সন্তুষ্টিৰ বিষয়। যিসকলে এসময়ত ৩০৩ লৈ ফুৰিছিল , আজি তেওঁলোকে ৩০৩ সমৰ্পণ কৰিছে আৰু এইসকল সাধাৰণ নক্সাল নহয়, কাৰোবাৰ মূৰৰ মূল্য  আছিল ১ কোটি, কাৰোবাৰ আছিল ১৫ লাখ,  কাৰোবাৰ আছিল ৫ লাখ আৰু তেওঁলোকৰ সকলোৰে নামত পুৰস্কাৰ ঘোষণা কৰা হৈছিল।এই নক্সালসকলৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰও জব্দ কৰা হৈছে। এই আটাইকেইজন লোকে বন্দুক-বোমা ত্যাগ কৰি ভাৰতৰ সংবিধানক আঁকোৱালি ল’বলৈ সাজু হৈছে আৰু যেতিয়া সংবিধানৰ প্ৰতি সম্পূৰ্ণ উৎসৰ্গিত চৰকাৰ হয়, তেতিয়া ভুল পথত যোৱা এজন ব্যক্তিয়েও  ঘূৰি আহি সেই সংবিধানৰ ওপৰত আস্থা ৰাখে। এতিয়া তেওঁলোক উন্নয়নৰ মূলসুঁতিলৈ আহি আছে। আৰু এই লোকসকলে স্বীকাৰ কৰিছে যে তেওঁলোক ভুল পথত আছিল। পাঁচ দশক পাৰ হৈ গ’ল, যৌৱন পাৰ কৰিলে, কিন্তু তেওঁলোকে আশা কৰা পৰিৱৰ্তন অহা নাই। এতিয়া তেওঁলোকে ভাৰতীয় সংবিধানৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি যাব।

 

বন্ধুসকল,

 

আগতে সংবাদ মাধ্যমৰ শিৰোনাম আছিল, ছত্তীশগড়ৰ বাষ্টাৰত এয়া  ঘটিছে, সেয়া ঘটিছে , এখন  বাছ উৰুৱাই দিয়া হৈছে , ইমানবোৰ নিৰাপত্তাৰক্ষী নিহত হৈছে, বাষ্টাৰ আগতে মাওবাদী সন্ত্ৰাসবাদী, নক্সালবাদীৰ দুৰ্গ আছিল আৰু এতিয়া আজি মই একেখন  বাষ্টাৰৰ উদাহৰণ দিছো, জনজাতীয় যুৱকে বাষ্টাৰ অলিম্পিকৰ আয়োজন কৰিছে আৰু লাখ লাখ যুৱকে বাষ্টাৰ  অলিম্পিকলৈ আহি ক্ৰীড়াক্ষেত্ৰত নিজৰ শক্তি দেখুৱাইছে, এয়াই পৰিৱৰ্তন।

 

বন্ধুসকল,

 

এইবাৰ মাওবাদী সন্ত্ৰাসমুক্ত অঞ্চলত দীপাৱলীৰ উদযাপন আৰু অধিক প্ৰাণৱন্ত হ’বলৈ গৈ আছে। ৫০-৫৫ বছৰ হ'ল তেওঁলোকে দীপাৱলী নেদেখা, এতিয়া তেওঁলোকে দীপাৱলী চাব আৰু মই নিশ্চিত বন্ধুসকল, আমাৰ কষ্টই  ফল ফল দিব আৰু তাতো সুখৰ দীপ জ্বলিব ।  আজি মই মোৰ দেশবাসী আৰু এন ডি টি ভিৰ দৰ্শকক আশ্বস্ত কৰিছো যে সেই দিনটো বহু দূৰত নাই যেতিয়া দেশখন নক্সালবাদ আৰু মাওবাদী সন্ত্ৰাসৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ব, আৰু এয়াও মোদীৰ নিশ্চয়তা।

বন্ধুসকল,

 

এখন উন্নত ভাৰতৰ দিশে আমাৰ যাত্ৰা কেৱল বিকাশৰ যাত্ৰা নহয়। য’ত উন্নয়ন আৰু মৰ্যাদা একেলগে চলে, য’ত নাগৰিকৰ বাবে গতি আৰু মৰ্যাদা আছে, য’ত উদ্ভাৱনৰ উদ্দেশ্য কেৱল দক্ষতাই নহয়, সহানুভূতি আৰু মমতাও। আমি এই দৃষ্টিভংগীৰে আগবাঢ়িছো। আৰু এই দৃষ্টিভংগীক আগুৱাই নিয়াত এন ডি টি ভি বিশ্ব সন্মিলনৰ দৰে অনুষ্ঠানে বৃহৎ ভূমিকা পালন কৰে। দেশৰ হৈ কথা ক’বলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে এনডিটিভিৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এই অনুষ্ঠানৰ বাবে আপোনালোকক আন্তৰিক শুভেচ্ছা জনালোঁ। লগতে দীপাৱলী উদযাপনৰ বাবে আন্তৰিক শুভেচ্ছা জনালোঁ। আপোনালোকক অশেষ ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Govt directs faster processing of city gas projects, hikes commercial LPG allocation to ease supply stress

Media Coverage

Govt directs faster processing of city gas projects, hikes commercial LPG allocation to ease supply stress
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
This is the New India that leaves no stone unturned for development: PM Modi
March 23, 2026
Today, India is moving forward with a new confidence; Now India faces challenges head-on: PM
From the Gulf to the Global West and from the Global South to neighbouring countries, India is a trusted partner for all: PM
What gets measured gets improved and ultimately gets transformed: PM
This is the new India, It is leaving no stone unturned for development: PM

नमस्कार!

पिछले कुछ समय में मुझे एक-दो बार टीवी9 भारतवर्ष देखने का मौका मिला है। नॉर्मली भी युद्धों और मिसाइलों पर आपका बहुत फोकस होता है और आजकल तो आपको कंटेंट की ओवरफीडिंग हो रही है। बड़े-बड़े देश टीवी9 को इतना सारा कंटेंट देने पर तुले हुए हैं, लेकिन On a Serious Note, आज विश्व जिन गंभीर परिस्थितियों से गुजर रहा है, वो अभूतपूर्व है और बेहद गंभीर है। और इन स्थितियों के बीच, आज टीवी-9 नेटवर्क ने विचारों का एक बेहद महत्वपूर्ण मंच बनाया है। आज इस समिट में आप सभी India and the world, इस विषय पर चर्चा कर रहे हैं। मैं आप सबको बधाई देता हूं। इस समिट के लिए अपनी शुभकामनाएं देता हूं। सभी अतिथियों का अभिनंदन करता हूं।

साथियों,

आज जब दुनिया, conflicts के कारण उलझी हुई है, जब इन conflicts के दुष्प्रभाव पूरी दुनिया पर दिख रहे हैं, तब India and the world की बात करना बहुत ही प्रासंगिक है। भारत आज वो देश है, जिसकी अर्थव्यवस्था तेजी से आगे बढ़ रही है। 2014 के पहले की स्थितियों को पीछे छोड़कर के आज भारत एक नए आत्मविश्वास के साथ आगे बढ़ रहा है। अब भारत चुनौतियों को टालता नहीं है बल्कि चुनौतियों से टकराता है। आप बीते 5-6 साल में देखिए, कोरोना की महामारी के बाद चुनौतियां एक के बाद एक बढ़ती ही गई हैं। ऐसा कोई साल नहीं है, जिसने भारत की, भारतीयों की परीक्षा न ली हो। लेकिन 140 करोड़ देशवासियों के एकजुट प्रयास से भारत हर आपदा का सामना करते हुए आगे बढ़ रहा है। इस समय युद्ध की परिस्थितियों में भी भारत की नीति और रणनीति देखकर, भारत का सामर्थ्य देखकर दुनिया के अनेकों देश हैरान हैं। हमारे यहां कहावत है, सांच को आंच नहीं। 28 फरवरी से दुनिया में जो उथल-पुथल मची है, इन कठोर विपरीत परिस्थितियों में भी भारत प्रगति के, विकास के, विश्वास के संकल्प के साथ आगे बढ़ रहा है। इन 23 दिनों में भारत ने अपनी Relationship Building Capacity दिखाई है, Decision Making Capacity दिखाई है और Crisis Management Capacity दिखाई है।

साथियों,

आज जब दुनिया इतने सारे खेमों में बंटी हुई है, भारत ने अभूतपूर्व और अकल्पनीय bridges बनाए हैं। Gulf से लेकर Global West तक, Global South से लेकर पड़ोसी देशों तक भारत सभी का trusted partner है। कुछ लोग पूछते हैं, हम किसके साथ हैं? तो उनको मेरा जवाब यही है कि हम भारत के साथ हैं, हम भारत के हितों के साथ हैं, शांति के साथ हैं, संवाद के साथ हैं।

साथियों,

संकट के इसी समय में जब global supply chains डगमगा रही हैं, भारत ने diversification और resilience का मॉडल पेश किया है। Energy हो, fertilizers हों या essential goods अपने नागरिकों को कम से कम परेशानी हो, इसके लिए भारत ने निरंतर प्रयास किया है और आज भी कर रहे है।

साथियों,

जब राष्ट्रनीति ही राजनीति का मुख्य आधार हो, तब देश का भविष्य सर्वोपरि होता है। लेकिन जब राजनीति में व्यक्तिगत स्वार्थ हावी हो जाता है, तब लोग देश के फ्यूचर के बजाय अपने फ्यूचर के बारे में सोचते हैं। आप ज़रा याद कीजिए 2004 से 2010 के बीच क्या हुआ था? तब कांग्रेस सरकार के समय पेट्रोल-डीजल और गैस की कीमतों का संकट आया था और तब कांग्रेस ने देश की नहीं बल्कि अपनी सत्ता की चिंता की। उस वक्त कांग्रेस ने एक लाख अड़तालीस हज़ार करोड़ रुपए के ऑयल बॉन्ड जारी किए थे और प्रधानमंत्री मनमोहन सिंह जी ने खुद कहा था कि वो आने वाली पीढ़ी पर कर्ज का बोझ डाल रहे हैं। यह जानते हुए भी कि ऑयल बॉन्ड का फैसला गलत है, जो रिमोट कंट्रोल से सरकार चला रहे थे, उन लोगों ने अपनी सत्ता बचाने के लिए यह गलत निर्णय किया क्योंकि जवाबदेही उस समय नहीं होनी थी, उस बॉन्ड पर री-पेमेंट 2020 के बाद होनी थी।

साथियों,

बीते 5-6 वर्षों में हमारी सरकार ने कांग्रेस सरकार के उस पाप को धोने का काम किया है, और इस धुलाई का खर्चा कम नहीं आया है, ऐसी लाँड्री आपने देखी नहीं होगी। 1 लाख 48 हज़ार करोड़ रुपए की जगह, देश को 3 लाख करोड़ रुपए से अधिक की पेमेंट करनी पड़ी क्योंकि इसमें ब्याज भी जुड़ गया था। यानी हमने करीब-करीब दोगुनी राशि चुकाने के लिए मजबूर हुए। आजकल कांग्रेस के जो नेता बयानों की मिसाइलें दाग रहे हैं, मिसाइल आई तो टीवी9 को मजा आएगा, उनकी इस विषय का जिक्र आते ही बोलती बंद हो जाती है।

साथियों,

पश्चिम एशिया में बनी परिस्थितियों पर मैंने आज लोकसभा में अपना वक्तव्य दिया है। दुनिया में जहां भी युद्ध हो रहे हैं, वो भारत की सीमा से दूर हैं। लेकिन आज की व्यवस्थाओं में कोई भी देश युद्धों से दुष्प्रभाव से दूर रहे, ऐसा संभव नहीं होता। अनेक देशों में तो स्थिति बहुत गंभीर हो चुकी है। और इन हालातों में हम देख रहे हैं कि राजनीतिक स्वार्थ से भरे कुछ लोग, कुछ दल, संकट के इस समय में भी अपने लिए राजनीतिक अवसर खोज रहे हैं। इसलिए मैं टीवी9 के मंच से फिर कहूंगा, यह समय संयम का है, संवेदनशीलता का है। हमने कोरोना महासंकट के दौरान भी देखा है, जब देशवासी एकजुट होकर संकट का सामना करते हैं, तो कितने सार्थक परिणाम आते हैं। इसी भाव के साथ हमें इस युद्ध से बनी परिस्थितियों का सामना करना है।

साथियों,

दुनिया की हर उथल-पुथल के बीच, भारत ने अपनी प्रगति की गति को भी बनाए रखा है। अगर मैं 28 फरवरी को युद्ध शुरू होने के बाद, बीते 23 दिनों का ही ब्यौरा दूं, तो पूरब से पश्चिम तक, उत्तर से दक्षिण तक देश में हजारों करोड़ के डेवलपमेंट प्रोजेक्ट्स का काम हुआ है। दिल्ली मेट्रो रेल के महत्वपूर्ण कॉरिडोर्स का लोकार्पण, सिलचर का हाई स्पीड कॉरिडोर का शिलान्यास, कोटा में नए एयरपोर्ट का शिलान्यास, मदुरै एयरपोर्ट को इंटरनेशनल एयरपोर्ट का दर्जा देना, ऐसे अनेक काम बीते 23 दिनों में ही हुए हैं। बीते एक महीने के दौरान ही औद्योगिक विकास को गति देने के लिए भव्य स्कीम को मंजूरी दी गई है। इसके तहत देशभर में 100 plug-and-play industrial parks विकसित किए जाएंगे। देश में Small Hydro Power Development Scheme को भी हरी झंडी दी गई है। इससे आने वाले वर्षों में 1,500 मेगावाट नई hydro power capacity जोड़ी जाएगी। इसी दौरान जल जीवन मिशन को साल 2028 तक बढ़ाने का निर्णय लिया गया है। किसानों के हित में भी अनेक बड़े निर्णय लिए गए हैं। बीते एक महीने में ही पीएम किसान सम्मान निधि के तहत 18 हजार करोड़ रुपए से अधिक सीधे किसानों के खातों में ट्रांसफर किए गए हैं। और जो हमारे MSMEs हैं, जो हमारे निर्यातक हैं, उनके लिए भी करीब 500 करोड़ रुपए के राहत पैकेज की भी घोषणा की गई है। यह सारे कदम इस बात का प्रमाण हैं कि विकसित भारत बनाने के लिए देश कितनी तेज गति से काम कर रहा है।

साथियों,

Management की दुनिया में एक सिद्धांत कहा जाता है - What gets measured, gets managed. लेकिन मैं इसमें एक बात और जोड़ना चाहता हूं, What gets measured, gets improved और ultimately, gets transformed. क्योंकि आकलन जागरूकता पैदा करता है। आकलन जवाबदेही तय करता है और सबसे महत्वपूर्ण आकलन संभावनाओं को जन्म देता है।

साथियों,

अगर आप 2014 से पहले के 10-11 साल और 2014 के बाद के 10-11 साल का आप आकलन करेंगे, तो यही पाएंगे कि कैसे इसी सिद्धांत पर चलते हुए, भारत ने हर सेक्टर को Transform किया है। जैसे पहले हाईवे बनते थे, करीब 11-12 किलोमीटर प्रति दिन की रफ्तार से, आज भारत करीब 30 किलोमीटर प्रतिदिन की स्पीड से हाईवे बना रहा है। पहले पोर्ट्स पर शिप का Turnaround Time, 5-6 दिन का होता था। आज वही काम, करीब-करीब 2 दिन से भी कम समय में पूरा हो रहा है। पहले Startup Culture के बारे में चर्चा ही नहीं होती थी। 2014 से पहले, हमारे देश में 400-500 स्टार्ट अप्स ही थे। आज भारत में 2 लाख से ज्यादा रजिस्ट्रर्ड स्टार्ट अप्स हैं। पहले मेडिकल education में सीटें भी सीमित थीं, करीब 50-55 हजार MBBS seats थीं, आज यह बढ़कर सवा लाख से ज्यादा हो चुकी हैं। पहले देश के Banking system से भी करोड़ों लोग बाहर थे। देश में सिर्फ 25 करोड़ के आसपास ही बैंक account थे। वहीं जनधन योजना के माध्यम से 55 करोड़ से ज्यादा बैंक अकाउंट खुले हैं। पहले हमारे देश में airports की संख्या भी 70 से कम थी। आज एयरपोर्ट्स की संख्या भी बढ़कर 160 से ज्यादा हो चुकी है।

साथियों,

पहले भी योजनाएं तो बनती थीं, लेकिन आज फर्क है, आज परिणाम दिखते हैं। पहले गति धीमी थी, आज भारत fastrack पर है। पहले संभावनाएं भी अंधकार में थीं, आज संकल्प सिद्धियों में बदल रहे हैं। इसलिए दुनिया को भी यह संदेश मिल रहा है कि यह नया भारत है। यह अपने विकास के लिए कोई कोर-कसर बाकी नहीं छोड़ रहा है।

साथियों,

आज हमारा प्रयास है कि अतीत में विकास का जो असंतुलन पैदा हो गया था, उसको अवसरों में बदला जाए। अब जैसे हमारा पूर्वी भारत है। हमारा पूर्वी भारत संसाधनों से समृद्ध है, दशकों तक वहां जिन्होंने सरकारें चलाई हैं, उनकी उपेक्षा ने पूर्वी भारत के विकास पर ब्रेक लगा दी थी। अब हालात बदल रहे हैं। जिस असम में कभी गोलियों की आवाज सुनाई देती थी, आज वहां सेमीकंडक्टर यूनिट बन रही है। ओडिशा में सेमीकंडक्टर से लेकर पेट्रोकेमिकल्स तक अनेक नए-नए सेक्टर का विकास हो रहा है। जिस बिहार में 6-7 दशक में गंगा जी पर एक बड़ा पुल बन पाया था एक, उस बिहार में पिछले एक दशक में 5 से ज्यादा नए पुल बनाए गए हैं। यूपी में कभी कट्टा मैन्युफैक्चरिंग की कहानियां कही जाती थीं, आज यूपी, मोबाइल फोन मैन्युफैक्चरिंग में दुनिया में अपनी पहचान बना रहा है।

साथियों,

पूर्वी भारत का एक और बड़ा राज्य पश्चिम बंगाल है। पश्चिम बंगाल, एक समय में भारत के कल्चर, एजुकेशन, इंडस्ट्री और ट्रेड का हब होता था। बीते 11 वर्षों में केंद्र सरकार ने पश्चिम बंगाल के विकास के लिए बड़ी मात्रा में निवेश किया है। लेकिन दुर्भाग्य से, आज वहां एक ऐसी निर्मम सरकार है, जो विकास पर ब्रेक लगाकर बैठी है। TV9 बांग्ला के जो दर्शक हैं, वो जानते हैं कि बंगाल में आयुष्मान योजना पर निर्मम सरकार ने ब्रेक लगाया हुआ है। पीएम सूर्यघर मुफ्त बिजली योजना पर ब्रेक लगाया हुआ है। पीएम आवास योजना पर ब्रेक लगाया हुआ है। चाय बागान श्रमिकों के लिए शुरू हुई योजना के लिए ब्रेक लगाया हुआ है। यानी विकास और जनकल्याण से ज्यादा प्राथमिकता निर्मम सरकार अपने राजनीतिक स्वार्थ को दे रही है।

साथियों,

देश में इस तरह की राजनीति की शुरुआत जिस दल ने की है, वो अपने गुनाहों से बच नहीं सकती और वो पार्टी है - कांग्रेस। कांग्रेस पार्टी की राजनीति का एक ही लक्ष्य रहा है, किसी भी तरह विकास का विरोध और कांग्रेस यह तब से कर रही है, जब मैं गुजरात में था। गुजरात में वर्षों तक जनता ने हमें आशीर्वाद दिया, तो कांग्रेस ने उस जनादेश को स्वीकार नहीं किया। उन्होंने गुजरात की छवि पर सवाल उठाए, उसकी प्रगति को कटघरे में खड़ा किया और जब यही विश्वास पूरे देश में दिखाई दिया, तो कांग्रेस का विरोध भी रीजनल से नेशनल हो गया।

साथियों,

जब राजनीति में विरोध, विकास के विरोध में बदल जाए, जब आलोचना देश की उपलब्धियों पर सवाल उठाने लगे, तब यह सिर्फ सरकार का विरोध नहीं रह जाता, यह देश की प्रगति से असहज होने की मानसिकता बन जाती है। आज कांग्रेस इसी मानसिकता की गुलाम बन चुकी है। आज स्थिति यह है कि देश की हर सफलता पर प्रश्न उठाया जाता है, हर उपलब्धि में कमी खोजी जाती है और हर प्रयास के असफल होने की कामना की जाती है। कोविड के समय, देश ने अपनी वैक्सीन बनाई, तो कांग्रेस ने उस पर भी संदेह जताया। Make in India की बात हुई, तो कहा गया कि यह सफल नहीं होगा, बब्बर शेर कहकर इसका मजाक उड़ाया गया। जब देश में डिजिटल इंडिया अभियान शुरू हुआ, तो उसका मजाक उड़ाया गया। लेकिन हर बार यह कांग्रेस का दुर्भाग्य और देश का सौभाग्य रहा कि भारत ने हर चुनौती को सफलता में बदला। आज भारत दुनिया की सबसे बड़ी वैक्सीनेशन ड्राइव का उदाहरण है। भारत डिजिटल पेमेंट्स में दुनिया का अग्रणी देश है। भारत मैन्युफैक्चरिंग और स्टार्टअप्स में नई ऊंचाइयों को छू रहा है।

साथियों,

लोकतंत्र में विरोध जरूरी होता है। लेकिन विरोध और विद्वेष के बीच एक रेखा होती है। सरकार का विरोध करना लोकतांत्रिक अधिकार है। लेकिन देश को बदनाम करना, यह कांग्रेस की नीयत पर सवाल खड़ा करता है। जब विरोध इस स्तर तक पहुंच जाए कि देश की उपलब्धियां भी असहज करने लगें, तो यह राजनीति नहीं, यह दृष्टिकोण की समस्या है। अभी हमने ग्लोबल AI समिट में भी देखा है। जब पूरी दुनिया भारत में जुटी हुई थी, तो कांग्रेस के लोग कपड़े फाड़ने वहां पहुंच गए थे। इन लोगों को देश की इज्जत की कितनी परवाह है, यह इसी से पता चलता है। इसलिए आज आवश्यकता है कि देशहित को, दलहित से ऊपर रखा जाए क्योंकि अंत में राजनीति से ऊपर, राष्ट्र होता है, राष्ट्र का विकास होता है।

साथियों,

आज का यह दिन भी हमें यही प्रेरणा देता है। आज के ही दिन शहीद भगत सिंह, शहीद राजगुरु और शहीद सुखदेव ने देश के लिए सर्वोच्च बलिदान दिया था। आज ही, समाजवादी आंदोलन के प्रखर आदर्श डॉ. राम मनोहर लोहिया जी की जयंती भी है। यह वो प्रेरणाएं हैं, जिन्होंने देश को हमेशा स्व से ऊपर रखा है। देशहित को सबसे ऊपर रखने की यही प्रेरणा, भारत को विकसित भारत बनाएगी। यही प्रेरणा भारत को आत्मनिर्भर बनाएगी। मुझे पूरा विश्वास है कि टीवी9 की यह समिट भी भारत के आत्मविश्वास और दुनिया के भरोसे पर, भारतीयों पर जो भरोसा है, उस भरोसे को और सशक्त करेगी। आप सभी को मेरी तरफ से बहुत-बहुत शुभकामनाएं हैं और आपके बीच आने का अवसर दिया, आप सबसे मिलने का मौका लिया, इसलिए बहुत-बहुत धन्यवाद!

नमस्‍कार!