ভাৰত বিশ্বৰ আটাইতকৈ ক্ষীপ্ৰতাৰে বিকশিত বৃহৎ অৰ্থনীতিৰ দেশ আৰু অতি সোনকালে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হ’বলৈ সাজু হৈছে: প্ৰধানমন্ত্ৰী
ভাৰতৰ শক্তি আৰু স্থিতিস্থাপকতাই ইয়াক বিশ্বৰ বাবে আশাৰ উৎস কৰি তুলিছে: প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে ভাৰতৰ মহাকাশ খণ্ডত নতুন শক্তিৰ সঞ্চাৰ কৰিছেঃ প্ৰধানমন্ত্ৰী
আমি কেৱল সৰু সৰু পৰিৱৰ্তন নহয়, এক ডাঙৰ পৰিবৰ্তন অনাৰ বাবে কাম কৰি আছো: প্ৰধানমন্ত্ৰী
তেওঁ উল্লেখ কৰে যে মাত্ৰ যোৱা সপ্তাহত তেওঁ লালকিল্লাৰ পৰা পৰৱৰ্তী প্ৰজন্মৰ বা আধুনিক সংস্কাৰৰ বিষয়ে মন্তব্য কৰিছিল, আৰু এই মঞ্চই এতিয়া সেই দৃষ্টিভংগীৰ বাবে শক্তিবৰ্ধক হিচাপে কাম কৰি আছে।
ইয়াৰ উপৰিও দিল্লী বিমানবন্দৰে বিশ্ব বিমানবন্দৰৰ অভিজাত “হাণ্ড্ৰেড-মিলিয়ন-প্লাছ ক্লাব”ত প্ৰৱেশ কৰিছে, ইয়াৰ যাত্ৰী পৰিচালনা ক্ষমতাই ১০ কোটি অতিক্ৰম কৰিছে, আৰু এই শ্ৰেণীত ইয়াক বিশ্বজুৰি মাত্ৰ ছটা বিমানবন্দৰৰ ভিতৰত অন্যতম হিচাপে স্থান দিছে।
তেওঁ লগতে কয় যে তেওঁ কাকো সমালোচনা কৰিবলৈ ইয়াত উপস্থিত থকা নাই যদিও তেওঁ জোৰ দি কয় যে গণতন্ত্ৰত তুলনাই প্ৰায়ে মানুহক পৰিস্থিতি অধিক স্পষ্টভাৱে বুজিবলৈ সহায় কৰে।
তেওঁ লগতে কয়, “ভাৰত এতিয়া দ্ৰুতগতিত মেড-ইন-ইণ্ডিয়া ৬জি প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে।”
'শ্ৰী মোদীয়ে লগতে কয় যে ভাৰতে গগণযান অভিযানৰ অধীনত মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণৰ বাবে প্ৰস্তুতি চলাইছে, আৰু গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ অভিজ্ঞতাই এই প্ৰচেষ্টাক যথেষ্ট সহায় কৰিব বুলিও তেওঁ উল্লেখ কৰে।
তেওঁ দৃঢ়তাৰে কয় যে সেই দিনটো বহু দূৰত নহয় যেতিয়া কক্ষপথত ভাৰতৰ নিজাকৈ মহাকাশ কেন্দ্ৰ থাকিব
শ্ৰী মোদীয়ে লগতে কয় যে চৰকাৰে প্ৰতিটো খণ্ডৰ বিশদ পৰ্যালোচনা কৰি এক সামগ্ৰিক পন্থা মানি চলে আৰু তাৰ পিছত সেই খণ্ডসমূহৰ ভিতৰত পৰ্যায়ক্ৰমে সংস্কাৰ সাধন কৰে

আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা ইকনমিক টাইমছ ৱৰ্ল্ড লীডাৰ্ছ ফ’ৰামত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থকা সকলো বিশিষ্ট অতিথিক আদৰণি জনাই তেওঁ কয় যে এই লীডাৰ্ছ ফ’ৰাম মঞ্চৰ সময় “অতি নিখুঁত।” শ্ৰী মোদীয়ে এই সময়োপযোগী পদক্ষেপৰ বাবে আয়োজকসকলক প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে মাত্ৰ যোৱা সপ্তাহত তেওঁ লালকিল্লাৰ পৰা পৰৱৰ্তী প্ৰজন্মৰ বা আধুনিক সংস্কাৰৰ বিষয়ে মন্তব্য কৰিছিল, আৰু এই মঞ্চই এতিয়া সেই দৃষ্টিভংগীৰ বাবে শক্তিবৰ্ধক হিচাপে কাম কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে মঞ্চত বিশ্বজনীন বিষয় আৰু ভূ-অৰ্থনীতি সন্দৰ্ভত বিশদ আলোচনা কৰা হৈছিল। তেওঁ উল্লেখ কৰে যে বিশ্ব প্ৰেক্ষাপটত ভাৰতৰ অৰ্থনীতিৰ শক্তি স্পষ্টকৈ দৃশ্যমান হৈছে। ভাৰত এতিয়া বিশ্বৰ ভিতৰতে সৰ্বাধিক ক্ষীপ্ৰতাৰে বিকশিত হোৱা প্ৰধান অৰ্থনীতি আৰু অতি শীঘ্ৰে তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ পথত অগ্ৰসৰ হৈছে। শ্ৰী মোদীয়ে বিশেষজ্ঞৰ প্ৰতিবেদনৰ কথাও উল্লেখ কৰে য’ত কোৱা হৈছে যে অদূৰ ভৱিষ্যতে বিশ্বৰ বিকাশত ভাৰতৰ অংশ প্ৰায় ২০ শতাংশ হোৱাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বিকাশ আৰু অৰ্থনৈতিক শক্তি বিগত দশকত গঢ় লৈ উঠা সামষ্টিক অৰ্থনৈতিক (macro-economic) স্থিতিশীলতাৰ ফল। তেওঁ উল্লেখ কৰে যে ক’ভিড-১৯ মহামাৰীৰ কঠিন প্ৰত্যাহ্বানৰ পিছতো ভাৰতৰ বিত্তীয় ঘাটি ৪.৪ শতাংশলৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। তেওঁ লগতে কয় যে ভাৰতীয় কোম্পানীসমূহে মূলধনী বজাৰৰ পৰা অভিলেখ সৃষ্টি কৰিছে, বেংকসমূহ পূৰ্বতকৈ শক্তিশালী হৈছে, মুদ্ৰাস্ফীতি কম, আৰু সুতৰ হাৰো কম হৈছে। শ্ৰী মোদীয়ে এই কথাও আঙুলিয়াই দিয়ে যে ভাৰতৰ চলিত একাউণ্টৰ ঘাটি সম্প্ৰতি নিয়ন্ত্ৰণত আছে, বৈদেশিক মুদ্ৰাৰ মজুতো শক্তিশালী হৈ আছে, আৰু প্ৰতিমাহে লাখ লাখ ক্ষুদ্ৰ বিনিয়োগকাৰীয়ে প্ৰণালীবদ্ধ বিনিয়োগ পৰিকল্পনা (এছ আই পি)ৰ জৰিয়তে হাজাৰ হাজাৰ কোটি টকা বজাৰত বিনিয়োগ কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া অৰ্থনীতিৰ মৌলিক দিশবোৰ শক্তিশালী হয় তেতিয়া ইয়াৰ প্ৰভাৱ সকলো খণ্ডতে দেখা যায়। তেওঁ কয় যে তেওঁ ১৫ আগষ্টত এই বিষয়ে বিতংভাৱে কৈছিল, আৰু সেই কথাবোৰ পুনৰাবৃত্তি নকৰিলেও তেওঁ মন কৰিছিল কৰিছিল যে স্বাধীনতা দিৱসৰ পিছত যি অগ্ৰগতি হৈছে সেয়াই ভাৰতৰ বিকাশৰ কাহিনী প্ৰতিফলিত কৰিছে। শ্ৰী মোদীয়ে নতুন তথ্যৰ ওপৰত আলোকপাত কৰি কয় যে কেৱল ২০২৫ চনৰ জুন মাহতে ইপিএফঅ’ত ২২ লাখ আনুষ্ঠানিক চাকৰিত নিযুক্তি দিয়া হৈছিল, যিটো এক মাহৰ ভিতৰত এতিয়ালৈকে সৰ্বাধিক। তেওঁ উল্লেখ কৰে যে খুচুৰা মুদ্ৰাস্ফীতি ২০১৭ চনৰ পিছত সৰ্বনিম্ন হৈছে, আৰু ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত সৰ্বকালৰ উচ্চতম স্তৰত আছে। তেওঁ লগতে কয় যে ২০১৪ চনত ভাৰতৰ সৌৰ পিভি মডিউল নিৰ্মাণ ক্ষমতা আছিল মাত্ৰ প্ৰায় ২.৫ গিগাৱাট, সেই ক্ষমতা এতিয়া ১০০ গিগাৱাট হৈছেগৈ। ইয়াৰ উপৰিও দিল্লী বিমানবন্দৰে বিশ্ব বিমানবন্দৰৰ অভিজাত “হাণ্ড্ৰেড-মিলিয়ন-প্লাছ ক্লাব”ত প্ৰৱেশ কৰিছে, ইয়াৰ যাত্ৰী পৰিচালনা ক্ষমতাই ১০ কোটি অতিক্ৰম কৰিছে, আৰু এই শ্ৰেণীত ইয়াক বিশ্বজুৰি মাত্ৰ ছটা বিমানবন্দৰৰ ভিতৰত অন্যতম হিচাপে স্থান দিছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে শেহতীয়া এক বৃহৎ পৰিঘটনাই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে, সেয়া হৈছে এছ এণ্ড পি গ্ল’বেল ৰেটিঙে প্ৰায় ২০ বছৰৰ পাছত ভাৰতৰ ক্ৰেডিট ৰেটিং উন্নীত কৰিছে। তেওঁ কয়, “নিজৰ স্থিতিস্থাপকতা আৰু শক্তিৰে ভাৰত বিশ্বৰ বাবে আত্মবিশ্বাসৰ উৎস হৈয়েই আছে।”

হেৰুৱা সুযোগবোৰ যে পুনৰ লাভ কৰিব নোৱাৰি সেই কথা বুজাবলৈ “Missing the Bus” বাক্যাংশ ব্যৱহাৰ কৰি শ্ৰী মোদীয়ে কয় যে পূৰ্বৰ চৰকাৰসমূহে প্ৰযুক্তি আৰু উদ্যোগৰ ক্ষেত্ৰত এনে বহু সুযোগ হেৰুৱাই পেলাইছিল। তেওঁ লগতে কয় যে তেওঁ কাকো সমালোচনা কৰিবলৈ ইয়াত উপস্থিত থকা নাই যদিও তেওঁ জোৰ দি কয় যে গণতন্ত্ৰত তুলনাই প্ৰায়ে মানুহক পৰিস্থিতি অধিক স্পষ্টভাৱে বুজিবলৈ সহায় কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বৰ চৰকাৰসমূহে ভোট-বেংকৰ ৰাজনীতিত দেশখনক আৱদ্ধ কৰি ৰাখিছিল আৰু নিৰ্বাচনৰ বাহিৰে যে চিন্তা কৰিব পাৰি, তেনে দৃষ্টিভংগীৰ অভাৱ আছিল। তেওঁলোকৰ মতে উন্নত প্ৰযুক্তি বিকশিত কৰাটো কেৱল ধনী ৰাষ্ট্ৰৰ বাবেহে সম্ভৱ, আৰু ভাৰতে প্ৰয়োজন সাপেক্ষে সেইবোৰ আমদানি কৰি ল’লেই হয়। এনে মানসিকতাৰ বাবেই ভাৰত যথেষ্ট পিছ পৰি ৰৈছিল আৰু বাৰে বাৰে সুযোগ হেৰুৱাই পেলাইছিল, ঠিক বাছখন হেৰুৱাওৱাৰ দৰে। তেওঁ যোগাযোগ খণ্ডৰ উদাহৰণ দি উল্লেখ কৰে যে যেতিয়া বিশ্বজুৰি ইণ্টাৰনেটৰ যুগ আৰম্ভ হৈছিল তেতিয়া সেই সময়ৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাছিল। তেওঁ লগতে কয় যে ২জিৰ যুগতো যিবোৰ পৰিঘটনা সংঘটিত হৈছিল সেইবোৰ সকলোৰে পৰিচিত, আৰু ভাৰতে সেই সুযোগো হেৰুৱাইছিল। প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে ভাৰতে ২জি, থ্ৰীজি, আৰু ৪জি প্ৰযুক্তিৰ বাবে বিদেশী দেশৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল, আৰু তেওঁ প্ৰশ্ন কৰে যে এনেকৈ আৰু কিমান দিনলৈ চলিব! তেওঁ কয় যে ২০১৪ চনৰ পিছত ভাৰতে নিজৰ পন্থা সলনি কৰি আৰু কোনো সুযোগ যাতে হেৰুৱাব নালাগে তাৰ বাবে নিজেই চালকৰ আসনত বহি আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লয়। শ্ৰী মোদীয়ে ঘোষণা কৰে যে ভাৰতে নিজৰ সমগ্ৰ ৫জি ব্যৱস্থাটো ঘৰুৱাভাৱে বিকশিত কৰিছে, আৰু কেৱল মেড-ইন-ইণ্ডিয়া ৫জি সৃষ্টি কৰাই নহয়, ইয়াক সমগ্ৰ দেশতে দ্ৰুততম গতিৰে ৰূপায়ণো কৰা হৈছে। তেওঁ লগতে কয়, “ভাৰত এতিয়া দ্ৰুতগতিত মেড-ইন-ইণ্ডিয়া ৬জি প্ৰযুক্তিৰ ওপৰত কাম কৰি আছে।”

 

শ্ৰী মোদীয়ে কয় যে ভাৰতে ৫০–৬০ বছৰ আগতে অৰ্ধপৰিবাহী নিৰ্মাণ আৰম্ভ কৰিব পাৰিলেহেঁতেন, কিন্তু দেশে সেই সুযোগ বহু বছৰ ধৰি হেৰুৱাই থাকিল। তেওঁ দৃঢ়তাৰে কয় যে এতিয়া সেইবোৰ কথা সলনি হৈছে, ভাৰতত অৰ্ধপৰিবাহী কাৰখানা আহিবলৈ আৰম্ভ কৰিছে। তেওঁ লগতে কয় যে চলিত বৰ্ষৰ শেষৰ ফালে প্ৰথমটো মেড-ইন-ইণ্ডিয়া চিপ বজাৰত উপলব্ধ হ’ব।

ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ মহাকাশ খণ্ডৰ উন্নয়নৰ বিষয়ে মন্তব্য কৰে। তেওঁ কয় যে ২০১৪ চনৰ আগতে ভাৰতৰ মহাকাশ অভিযান কমকৈ হৈছিল আৰু ইয়াৰ পৰিসৰো তেনেই সীমিত আছিল। একবিংশ শতিকাত যেতিয়া সকলো ডাঙৰ ৰাষ্ট্ৰই মহাকাশ সন্দৰ্ভত গৱেষণা কৰি আছে, তেতিয়া ভাৰত কিয় পিছ পৰি থাকিব! শ্ৰী মোদীয়ে লগতে কয় যে মহাকাশ খণ্ডত সংস্কাৰ আনি ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ বাবে মুকলি কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ১৯৭৯ চনৰ পৰা ২০১৪ চনলৈকে ভাৰতে ৩৫ বছৰত মাত্ৰ ৪২টা মহাকাশ অভিযানহে সম্পন্ন কৰিছিল। কিন্তু যোৱা ১১ বছৰত ভাৰতে ৬০টাতকৈও অধিক অভিযান সম্পূৰ্ণ কৰিছে, আৰু অদূৰ ভৱিষ্যতে আৰু বহুতো অভিযানৰ পৰিকল্পনা কৰা হৈছে। তেওঁ ঘোষণা কৰে যে ভাৰতে এই বছৰ মহাকাশ ডকিংৰ ক্ষমতা লাভ কৰিছে, ভৱিষ্যতৰ অভিযানৰ বাবে ইয়াক এক বৃহৎ পদক্ষেপ হৈ উঠিব। শ্ৰী মোদীয়ে লগতে কয় যে ভাৰতে গগণযান অভিযানৰ অধীনত মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণৰ বাবে প্ৰস্তুতি চলাইছে, আৰু গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ অভিজ্ঞতাই এই প্ৰচেষ্টাক যথেষ্ট সহায় কৰিব বুলিও তেওঁ উল্লেখ কৰে।

শ্ৰী মোদীয়ে কয়, “মহাকাশ খণ্ডলৈ নতুন শক্তি আনিবলৈ হ’লে সকলো বাধা আঁতৰোৱাটো প্ৰয়োজনীয় আছিল।” তেওঁ আলোকপাত কৰে যে প্ৰথমবাৰৰ বাবে মহাকাশত ব্যক্তিগত অংশগ্ৰহণৰ বাবে স্পষ্ট নিয়মৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে স্পেকট্ৰম আবণ্টন স্বচ্ছ কৰি মহাকাশ খণ্ডত বিদেশী বিনিয়োগ উদাৰীকৰণ কৰা হৈছে। তেওঁ লগতে ঘোষণা কৰে যে এইবাৰৰ বাজেটত মহাকাশ ষ্টাৰ্টআপৰ বাবে বিশেষভাৱে ১০০০ কোটি টকাৰ ভেঞ্চাৰ কেপিটেল ফাণ্ডৰ ব্যৱস্থা কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰতৰ মহাকাশ খণ্ডই এতিয়া আমি প্ৰৱৰ্তন কৰা সংস্কাৰৰ ফল দেখিবলৈ পাইছে। ২০১৪ চনত দেশত মাত্ৰ এটা মহাকাশ ষ্টাৰ্ট-আপ আছিল, কিন্তু আজি ৩০০ৰো অধিক হৈছে।” তেওঁ দৃঢ়তাৰে কয় যে সেই দিনটো বহু দূৰত নহয় যেতিয়া কক্ষপথত ভাৰতৰ নিজাকৈ মহাকাশ কেন্দ্ৰ থাকিব।

প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰতে এতিয়া আৰু সৰু সৰু পৰিৱৰ্তনৰ লক্ষ্য লোৱা নাই, বৰঞ্চ বৃহৎ পৰিবৰ্তন সাধন কৰাৰ লক্ষ্যৰে আগবাঢ়িছে।” তেওঁ লগতে কয় যে ভাৰতত সংস্কাৰ বাধ্যবাধকতা বা সংকটৰ দ্বাৰা পৰিচালিত নহয়, বৰঞ্চ ই দেশখনৰ দায়বদ্ধতা আৰু দৃঢ়তাৰ প্ৰতিফলন। শ্ৰী মোদীয়ে লগতে কয় যে চৰকাৰে প্ৰতিটো খণ্ডৰ বিশদ পৰ্যালোচনা কৰি এক সামগ্ৰিক পন্থা মানি চলে আৰু তাৰ পিছত সেই খণ্ডসমূহৰ ভিতৰত পৰ্যায়ক্ৰমে সংস্কাৰ সাধন কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সদ্য সমাপ্ত সংসদৰ মৌচুমী অধিৱেশনে সংস্কাৰৰ ক্ষেত্ৰত চৰকাৰৰ ধাৰাবাহিকতা দেখুৱাইছে। তেওঁ জোৰ দি কয় যে বিৰোধীয়ে কাৰ্য্যবিধি বিঘ্নিত কৰিবলৈ চেষ্টা কৰিলেও চৰকাৰে সংস্কাৰ আগুৱাই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। তেওঁ জন বিশ্বাস ২.০ পদক্ষেপক আস্থাভিত্তিক আৰু জনসমৰ্থক শাসনৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে আলোকপাত কৰি প্ৰথম সংস্কৰণৰ অধীনত প্ৰায় ২০০টা সৰু সৰু অপৰাধক অপৰাধমুক্ত কৰা হৈছিল, আৰু দ্বিতীয় সংস্কৰণত এতিয়া ৩০০ৰো অধিক অপৰাধক অপৰাধমুক্ত কৰা হৈছে বুলি উল্লেখ কৰে। শ্ৰী মোদীয়ে আৰু কয় যে ৬০ বছৰ ধৰি পৰিৱৰ্তন নোহোৱা আয়কৰ আইনখনৰো এই অধিবেশনতে সংস্কাৰ সাধন কৰা হৈছে। তেওঁ উল্লেখ কৰে যে আইনখন এতিয়া সৰল কৰা হৈছে, আৰু পূৰ্বতে ইয়াৰ ভাষা ইমানেই জটিল আছিল যে কেৱল অধিবক্তা আৰু চাৰ্টাৰ্ড একাউণ্টেণ্টসকলেহে ইয়াক সম্পূৰ্ণৰূপে বুজিব পাৰিছিল। ‘এতিয়া সাধাৰণ কৰদাতাৰ বাবে সুলভ সহজ ভাষাত আয়কৰ বিধেয়কখনৰ খচৰা প্ৰস্তুত কৰা হৈছে। ইয়াৰ দ্বাৰা নাগৰিকৰ স্বাৰ্থৰ প্ৰতি চৰকাৰৰ গভীৰ সংবেদনশীলতা প্ৰতিফলিত হৈছে।’- প্ৰধানমন্ত্ৰীয়ে কয়।

শেহতীয়া বৰ্ষাকালীন অধিবেশনৰ বিষয়ে শ্ৰী মোদীয়ে কয় যে খনন আইনত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনা হৈছে, আনকি জাহাজ আৰু বন্দৰৰ আইনসমূহো ঔপনিৱেশিক যুগৰ পৰাই একেই আছিল, সেইবোৰো সংশোধন কৰা হৈছে। তেওঁ কয় যে এই সংস্কাৰে ভাৰতৰ নীল অৰ্থনীতিক উন্নীত কৰিব আৰু বন্দৰভিত্তিক উন্নয়নত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়া খণ্ডত নতুন সংস্কাৰ প্ৰৱৰ্তন কৰা বুলিও উল্লেখ কৰে। তেওঁ কয় যে ভাৰতে বৃহৎ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান আয়োজন কৰিবলৈ সাজু হৈ আছে আৰু ক্ৰীড়া অৰ্থনীতিৰ এক শক্তিশালী পৰিৱেশ তন্ত্ৰৰ সৃষ্টি কৰা হৈছে। এই দৃষ্টিভংগীক সমৰ্থন কৰিবলৈ তেওঁ খেলো ভাৰত নীতি নামেৰে নতুন ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয়, “ইতিমধ্যে যিখিনি সাধন হৈছে তাত সন্তুষ্ট হোৱাটো মোৰ স্বভাৱ নহয়। সংস্কাৰৰ ক্ষেত্ৰতো একেই কথা, আৰু অধিক আগুৱাই যাবলৈ চৰকাৰ বদ্ধপৰিকৰ।” তেওঁ জোৰ দি কয় যে সংস্কাৰৰ এক বিস্তৃত গোট প্ৰস্তুত কৰা হৈছে, বহু ক্ষেত্ৰত কাম চলিও আছে। তেওঁ গ্ৰহণ কৰা মূল পদক্ষেপসমূহৰ এক ৰূপৰেখা দাঙি ধৰে, যেনে অপ্ৰয়োজনীয় আইন বাতিল কৰা, নিয়ম আৰু পদ্ধতি সৰল কৰা, অনুমোদনবোৰ ডিজিটেলাইজ কৰা, কেইবাটাও বিধান অপৰাধমুক্ত কৰা। শ্ৰী মোদীয়ে লগতে ঘোষণা কৰে যে জি এছ টি ব্যৱস্থাৰ এক বৃহৎ সংস্কাৰ চলি আছে আৰু দীপাৱলীৰ ভিতৰত সম্পূৰ্ণ হ’ব, যাৰ ফলত জি এছ টি সহজ হৈ পৰিব আৰু মূল্য হ্ৰাস কৰাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই অত্যাধুনিক সংস্কাৰে সমগ্ৰ ভাৰততে উৎপাদন ক্ষেত্ৰখনক উত্তৰণ প্ৰদান কৰিব। তেওঁ লগতে কয় যে বজাৰৰ চাহিদা বৃদ্ধি পাব, উদ্যোগসমূহক নতুন উদ্যম প্ৰদান কৰিব। শ্ৰী মোদীয়ে আলোকপাত কৰে যে সংস্কাৰে নতুন চাকৰিৰো সৃষ্টি কৰিব আৰু ইজ অৱ লিভিং আৰু ইজ অৱ ডুইং বিজনেছ দুয়োটাৰে উন্নতি সাধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে ২০৪৭ চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ বাবে ভাৰত সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি উন্নত ভাৰতৰ ভেটি স্বাৱলম্বী ভাৰত বুলি জোৰ দিয়ে। তেওঁ বুজাই দিয়ে যে আত্মনিৰ্ভৰ ভাৰতক তিনিটা মূল কাৰকৰ ওপৰত জুখিব লাগিব ক্ৰমে - গতি, পৰ্যায়, আৰু পৰিসৰ। বিশ্বব্যাপী মহামাৰীৰ কথা সোঁৱৰণ কৰি শ্ৰী মোদীয়ে কয় যে ভাৰতে সেই সময়ত তিনিওটা গুণ দেখুৱাইছিল। যেতিয়া বিশ্বৰ যোগান শৃংখল ভাঙি গৈছিল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ চাহিদা হঠাতে বাঢ়ি গৈছিল, তেতিয়াই ভাৰতে ঘৰতে নিৰ্মাণৰ বাবে দ্ৰুত পদক্ষেপ গ্ৰহণ কৰিলে। তেওঁ আলোকপাত কৰে যে ভাৰতে দ্ৰুতগতিত পৰীক্ষামূলক কিট, ভেণ্টিলেটৰ উৎপাদন কৰিছিল, চিকিৎসালয়ত অক্সিজেন প্লাণ্ট স্থাপন কৰিছিল—যিটোৱে ভাৰতৰ গতি দেখুৱাইছিল। সমগ্ৰ দেশৰ নাগৰিকক ২২০ কোটিৰো অধিক মেড-ইন-ইণ্ডিয়া ভেকচিন বিনামূলীয়াকৈ দিয়া হৈছিল—ই ভাৰতৰ পৰ্যায় দেখুৱাইছিল। দ্ৰুতগতিত ভেকচিন প্ৰদান কৰিবলৈ ভাৰতে CoWIN প্লেটফৰ্ম প্ৰস্তুত কৰিছিল, যিটো আছিল এক অনন্য বিশ্বব্যাপী ব্যৱস্থা আৰু ভাৰতৰ পৰিসৰক প্ৰতিফলিত কৰিছিল। শ্ৰী মোদীয়ে কয় যে CoWIN এ ভাৰতক অভিলেখ সময়ত টিকাকৰণ অভিযান সমাপ্ত কৰাত সহায় কৰিছিল।

শ্ৰী মোদীয়ে কয় যে শক্তি খণ্ডত ভাৰতৰ গতি, পৰ্যায়, আৰু পৰিসৰ বিশ্বই প্ৰত্যক্ষ কৰি আছে। তেওঁ উল্লেখ কৰে যে ভাৰতে ২০৩০ চনৰ ভিতৰত নিজৰ মুঠ শক্তি ক্ষমতাৰ ৫০ শতাংশ অজীৱাশ্ম ইন্ধনৰ পৰা উৎপাদন কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল, আৰু গৌৰৱেৰে ঘোষণা কৰে যে এই লক্ষ্যত ইতিমধ্যে ২০২৫ চনতে, অৰ্থাত্ নিৰ্ধাৰিত সময়তকৈ পাঁচ বছৰ আগতেই উপনীত হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বৰ নীতিসমূহ ন্যস্ত স্বাৰ্থৰ বাবে আমদানিৰ ওপৰত কেন্দ্ৰীভূত আছিল, যদিও আজি স্বাৱলম্বী ভাৰতে ৰপ্তানিৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। তেওঁ কয় যে কেৱল বিগত এটা বছৰত ভাৰতে ৪ লাখ কোটি টকাৰ কৃষিজাত সামগ্ৰী ৰপ্তানি কৰিছে। শ্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে যোৱা বছৰ বিশ্বজুৰি উৎপাদিত ৮০০ কোটি ভেকচিন ড’জৰ ভিতৰত ৪০০ কোটি ভাৰততে প্ৰস্তুত কৰা হৈছিল। তেওঁ আৰু আলোকপাত কৰে যে স্বাধীনতাৰ পাছত চাৰে ছয় দশকত ভাৰতৰ ইলেক্ট্ৰনিকছ ৰপ্তানি মাত্ৰ প্ৰায় ৩৫ হাজাৰ কোটি টকা হ’লেও আজি এই সংখ্যা প্ৰায় ৩.২৫ লাখ কোটি টকালৈ বৃদ্ধি পাইছে।

 

শ্ৰী মোদীয়ে কয় যে ২০১৪ চনলৈকে ভাৰতৰ অটোম’বাইল ৰপ্তানি বছৰি প্ৰায় ৫০ হাজাৰ কোটি টকা আছিল যদিও আজি এই সংখ্যা বছৰি ১.২ লাখ কোটি টকা হৈছেগৈ। তেওঁ উল্লেখ কৰে যে ভাৰতে মেট্ৰ’ ডবা, ৰে’ল ডবা, ইঞ্জিন আদিও ৰপ্তানি আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভাৰতে এতিয়া ১০০খন দেশলৈ বৈদ্যুতিক বাহন ৰপ্তানি কৰি আন এক মাইলৰ খুঁটি অৰ্জন কৰিবলৈ সাজু হৈছে। এই কৃতিত্ব উপলক্ষে অহা ২৬ আগষ্টত এক বৃহৎ অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি তেওঁ ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে গৱেষণা হৈছে এখন দেশৰ প্ৰগতিৰ এক মূল স্তম্ভ। তেওঁ কয় যে আমদানিকৃত গৱেষণা জীয়াই থকাৰ বাবে যথেষ্ট হ’ব পাৰে যদিও ই ভাৰতৰ আকাংক্ষা পূৰণ কৰিব নোৱাৰে। তেওঁ গৱেষণাৰ ক্ষেত্ৰত জৰুৰী আৰু মনোনিৱেশৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি নীতি আৰু মঞ্চ সৃষ্টি কৰি চৰকাৰে ইয়াক প্ৰচাৰৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰা বুলিও উল্লেখ কৰে। শ্ৰী মোদীয়ে লগতে কয় যে ২০১৪ চনৰ পৰা গৱেষণা আৰু উন্নয়নৰ বাবে ব্যয় দুগুণতকৈও অধিক বৃদ্ধি পাইছে, আৰু পেটেণ্ট দাখিলৰ সংখ্যা ১৭ গুণ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে প্ৰায় ৬ হাজাৰ উচ্চ শিক্ষানুষ্ঠানত গৱেষণা আৰু উন্নয়ন কোষ স্থাপন কৰা হৈছে। তেওঁ কয় যে ৱান নেচন, ৱান চাবস্ক্ৰিপচনৰ পদক্ষেপে বিশ্বব্যাপী গৱেষণা আলোচনীসমূহ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সহজে উপলব্ধ কৰি তুলিছে। শ্ৰী মোদীয়ে লগতে শ্বেয়াৰ কৰে যে ৫০,০০০ কোটি টকাৰ বাজেটেৰে এটা ৰাষ্ট্ৰীয় গৱেষণা ন্যাস গঠন কৰা হৈছে, আৰু ১ লাখ কোটি টকাৰ গৱেষণা উন্নয়ন আৰু উদ্ভাৱন আঁচনি অনুমোদন কৰা হৈছে। তেওঁ ব্যাখ্যা কৰে যে ব্যক্তিগত খণ্ডত বিশেষকৈ সূৰ্য্য উদয় আৰু কৌশলগত খণ্ডত নতুন গৱেষণাক সহায় কৰাৰ লক্ষ্য।

শীৰ্ষ সন্মিলনত উদ্যোগৰ আগশাৰীৰ ব্যক্তিসকলৰ উপস্থিতিৰ শলাগ লৈ শ্ৰী মোদীয়ে কয় যে আজিৰ এই সময়ত উদ্যোগ আৰু ব্যক্তিগত খণ্ডৰ সক্ৰিয় অংশগ্ৰহণৰ প্ৰয়োজনীয়তা আছে। তেওঁ বিশেষকৈ স্বচ্ছ শক্তি, কোৱাণ্টাম প্ৰযুক্তি, বেটাৰী সংৰক্ষণ, উন্নত সামগ্ৰী, জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত অধিক গৱেষণা আৰু বিনিয়োগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, ‘এনেধৰণৰ প্ৰচেষ্টাই উন্নত ভাৰতৰ দৃষ্টিভংগীলৈ নতুন শক্তি কঢ়িয়াই আনিব।

প্ৰধানমন্ত্ৰীয়ে কয়, “সংস্কাৰ, পৰিবেশন, আৰু ৰূপান্তৰ মন্ত্ৰৰ দ্বাৰা পৰিচালিত ভাৰত এতিয়া বিশ্বক মন্থৰ বিকাশৰ গতি অতিক্ৰম কৰাত সহায় কৰিব পৰা অৱস্থাত আছে।” তেওঁ মন্তব্য কৰে যে ভাৰত এনে এখন দেশ নহয় যিয়ে অশান্তিদায়ক স্থবিৰতা উপভোগ কৰে, বৰঞ্চ ভাৰত এনে এখন দেশ যিয়ে দ্ৰুতগতিত প্ৰবাহিত সোঁতক নতুন দিশ প্ৰদান কৰাৰ শক্তি মজুত ৰাখে। ভাষণৰ সামৰণিত তেওঁ লালকিল্লাৰ ভাষণৰ কথা মনত পেলাই পুনৰ দৃঢ়তাৰে কয় যে ভাৰতত এতিয়া সময়ৰ গতিকো নতুন ৰূপ দিয়াৰ ক্ষমতা আছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's coffee exports jump 27% in Jan-Apr on strong robusta, instant coffee demand

Media Coverage

India's coffee exports jump 27% in Jan-Apr on strong robusta, instant coffee demand
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
List of Outcomes: State Visit of President of the Socialist Republic of Vietnam to India
May 06, 2026

MoU / Agreement

 

SI No.TitleBrief description
1. MoU on Mutual Cooperation between IREL (India) Ltd. and Institute for Technology of Radioactive and Rare Elements (ITRRE) of Vietnam MoU formalizes the long-standing commitment on both sides to expand bilateral cooperation in the areas of rare earth elements, among other new-age technologies.
2. Cultural Exchange Programme between Ministry of Culture, India and the Ministry of Culture, Sports and Tourism of Vietnam for 2026-30 A Cultural Agreement was signed between India and Vietnam in 1976. The specific activities and exchanges to be carried out under this agreement are agreed upon within the framework of a Cultural Exchange Programme (CEP) valid for a period of five years (2026-2030).
3. MOU between Reserve Bank of India (RBI) and State Bank of Vietnam (SBV) on Cooperation in the area of Payment Systems and Innovation in Digital Payments The MoU aims to establish a framework for cooperation in the area of financial innovation and digital payments.
4. MoU between Central Drugs Standard Control Organization (CDSCO), Ministry of Health and Family Welfare of India and Drug Administration of Vietnam (DAV), Ministry of Health of Vietnam on Cooperation in the field of Medical Products Regulation The MoU seeks to establish a framework for cooperation in the field of medical products regulation, including pharmaceuticals, biological products, medical devices, and cosmetics.
5. MoU on Establishment of Friendship and Cooperation between Brihanmumbai Municipal Corporation, Mumbai and Ho Chi Minh City People’s Committee The Agreement aims to establish a formal framework for enabling both megacities to share expertise in urban management and economic development.
6. MoU between ICCR and Univesity of Science and Education – The Da Nang University on the Establishment of the ICCR Chair of India Studies The MoU establishes an ICCR Chair in the University of Da Nang in Vietnam.
7. MoU between Nalanda University, Rajgir, and Ho Chi Minh National Academy of Politics (HCMA), Hanoi This MoU strengthens the longstanding initiatives of India to facilitate capacity building & training to Vietnam.
8. MoU between the Ministry of Electronics and Information Technology of India and the Ministry of Science and Technology of Vietnam on Cooperation in the Field of Digital Technologies This MoU deepens bilateral commitment to strengthen cooperation in Digital Technologies and IT domain.
9. MoU between NPCI International Payments Limited (NIPL) and National Payment Corporation of Vietnam (NAPAS) This MoU establishes institutional linkages between India’s NIPL and Vietnam’s NAPAS on Cross Border QR code interoperability to enable payments.
10. MOU between the Office of the Comptroller and Auditor General of India and the State Audit Office of Vietnam in the field of Public Sector Audit This MoU renews the 2010 MoU between the two Audit institutions of India and Vietnam and makes it more flexible and dynamic.
11. MOU between Ministry of Tourism of India and Ministry of Sports, Culture and Tourism of Vietnam on Cooperation in the field of Tourism. This MoU promotes people-to-people linkages between the two countries.
12. MoU between ICCR and University of Social Sciences and Humanities on the establishment of the ICCR Chair of Indian Studies The MoU establishes an ICCR Chair in the University of Social Sciences and Humanities.
13. MoU between Gyan Bharatam, Ministry of Culture & University of Social Sciences and Humanities, Vietnam National University, Ho Chi Minh City (USSH, VNUHCM) on Digitization of Cham Manuscripts The MoU establishes institutional linkages between NMM, Indira Gandhi National Centre for Arts and USSH, VNUHCM for survey, documentation, conservation, digitisation and online dissemination of Cham manuscripts of Indian origin currently preserved in Vietnam.

Announcements

 

SI No.Title
1. Elevation of bilateral ties to Enhanced Comprehensive Strategic Partnership
2. New trade goal of USD 25 billion by 2030
3. Vietnam joining the Indo Pacific Oceans Initiative (IPOI)
4. Announcement of export of Indian grapes to Vietnam and Vietnamese Durian to India
5. Establishment of the Site Interpretation Centre at UNESCO World Heritage Site at My Son