প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৬-৭ জুলাই, ২০২৫ত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ সন্মিলনত আজি অংশগ্ৰহণ কৰে। নেতাসকলে বিশ্ব প্ৰশাসন ব্যৱস্থাৰ সংস্কাৰ, গোলকীয় দক্ষিণৰ কণ্ঠস্বৰ বৃদ্ধি, শান্তি আৰু নিৰাপত্তা, বহুপাক্ষিকতা শক্তিশালী কৰা, উন্নয়নৰ বিষয় আৰু কৃত্ৰিম বুদ্ধিমত্তা আদিকে ধৰি ব্ৰিকছৰ কাৰ্যসূচীৰ বিভিন্ন বিষয়ৰ ওপৰত ফলপ্ৰসূ আলোচনাত মিলিত হয় । প্ৰধানমন্ত্ৰীয়ে উষ্ম আতিথ্য আৰু শীৰ্ষ সন্মিলনৰ সফল আয়োজনৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে “বিশ্ব প্ৰশাসন ব্যৱস্থাৰ সংস্কাৰ আৰু শান্তি তথা নিৰাপত্তা” বিষয়ক উদ্বোধনী অধিবেশনত ভাষণ দিয়ে। পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰীয়ে “বহুপাক্ষিক, অৰ্থনৈতিক-বিত্তীয় পৰিক্ৰমা আৰু কৃত্ৰিম বুদ্ধিমত্তা শক্তিশালী কৰা” শীৰ্ষক এখন অধিবেশনতো বক্তব্য আগবঢ়ায়। এই অধিবেশনত ব্ৰিকছৰ অংশীদাৰ আৰু আমন্ত্ৰিত দেশসমূহে অংশগ্ৰহণ কৰে।

বিশ্ব প্ৰশাসন ব্যৱস্থা আৰু শান্তি তথা নিৰাপত্তা বিষয়ক অধিবেশনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে গোলকীয় দক্ষিণৰ কণ্ঠস্বৰ বৃদ্ধিৰ ক্ষেত্ৰত ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰে। তেওঁ কয় যে উন্নয়নশীল দেশসমূহক জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবলৈ আৰ্থিক সাহায্য আৰু প্ৰযুক্তিৰ সুবিধাৰ ক্ষেত্ৰত বহনক্ষম উন্নয়নৰ বাবে অধিক সমৰ্থনৰ প্ৰয়োজন।  বিংশ শতিকাৰ বিশ্ব সংস্থাসমূহৰ একবিংশ শতিকাৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ সামৰ্থৰ অভাৱ বুলি উল্লেখ কৰি তেওঁ সেইবোৰ সংস্কাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বহুমুখী আৰু সৰ্বাংগীণ বিশ্ব শৃংখলাৰ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ, আই এম এফ, বিশ্ব বেংক আৰু বিশ্ব বাণিজ্য সংস্থাৰ দৰে বিশ্ব প্ৰশাসন প্ৰতিষ্ঠানসমূহে বৰ্তমানৰ বাস্তৱতাক প্ৰতিফলিত কৰিবলৈ জৰুৰী সংস্কাৰ সাধন কৰিব লাগিব। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংস্কাৰৰ জৰুৰী প্ৰয়োজনীয়তাত আলোকপাত কৰি শীৰ্ষ সন্মিলন ঘোষণাপত্ৰত বিষয়টোৰ ওপৰত শক্তিশালী ভাষা গ্ৰহণ কৰাৰ বাবে নেতাসকলক ধন্যবাদ জনায়।

শান্তি আৰু নিৰাপত্তা সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে সন্ত্ৰাসবাদ মানৱতাৰ প্ৰতি এক গুৰুতৰ ভাবুকি। এই প্ৰসংগত তেওঁ কয় যে ২০২৫ চনৰ এপ্ৰিল মাহত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ কেৱল ভাৰতৰ ওপৰত হোৱা আক্ৰমণ নহয়, এয়া সামগ্ৰিকভাৱে মানৱতাৰ ওপৰত কৰা আক্ৰমণ। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শক্তিশালী বিশ্বব্যাপী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সন্ত্ৰাসবাদীক পুঁজি যোগান ধৰা, প্ৰচাৰ কৰা বা নিৰাপদ আশ্ৰয় প্ৰদান কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ দ্বৈত মানদণ্ড থাকিব নালাগে বুলি তেওঁ গুৰুত্ব আৰোপ কৰে। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিয়াৰ বাবে ব্ৰিকছৰ নেতাসকলক তেওঁ ধন্যবাদ জ্ঞাপন কৰে। ব্ৰিকছ দেশসমূহক সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বব্যাপী যুঁজখন শক্তিশালী কৰিবলৈ আহ্বান জনাই তেওঁ এই ভাবুকিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত শূন্য সহনশীলতা থাকিব লাগে বুলি জোৰ দিয়ে।

 

বিষয়টোৰ ওপৰত বিশদভাৱে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পশ্চিম এছিয়াৰ পৰা ইউৰোপলৈকে সংঘাত সৃষ্টি হৈছে গভীৰ চিন্তাৰ বিষয়। তেওঁ লগতে কয় যে ভাৰতে এনে সংঘাত সমাধানৰ বাবে আলোচনা আৰু কূটনীতিৰ আহ্বান জনাই আহিছে আৰু এনে প্ৰচেষ্টাত অৰিহণা যোগাবলৈ সদায় সাজু।

“বহুপাক্ষিক, অৰ্থনৈতিক-বিত্তীয় পৰিক্ৰমা আৰু কৃত্ৰিম বুদ্ধিমত্তাক শক্তিশালী কৰা” শীৰ্ষক অধিবেশনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে বৈচিত্ৰ্য আৰু বহুমেৰুত্ব হৈছে ব্ৰিকছৰ মূল শক্তি। তেওঁ কয় যে যি সময়ত বিশ্ব ব্যৱস্থা চাপত আছিল আৰু বিশ্ব সম্প্ৰদায় অনিশ্চয়তা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, সেই সময়ত ব্ৰিকছৰ প্ৰাসংগিকতা স্পষ্ট আছিল। তেওঁ লগতে কয় যে বহুমুখী বিশ্ব গঢ় দিয়াত ব্ৰিকছে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। এই সন্দৰ্ভত তেওঁ চাৰিটা পৰামৰ্শ আগবঢ়াইছিল : প্ৰথমতে, ব্ৰিকছ নিউ ডেভেলপমেণ্ট বেংকে প্ৰকল্পসমূহৰ অনুমোদনৰ বাবে চাহিদা-চালিত আৰু দীৰ্ঘম্যাদী বহনক্ষমতাৰ নীতি অনুসৰণ কৰিব লাগে; দ্বিতীয়তে, গোটটোৱে বিশ্বৰ দক্ষিণৰ দেশসমূহক উপকৃত কৰিব পৰাকৈ বিজ্ঞান আৰু গৱেষণা ভাণ্ডাৰ স্থাপন কৰাৰ কথা বিবেচনা কৰিব লাগে; তৃতীয়তে, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ যোগান শৃংখলাক সুৰক্ষিত আৰু স্থিতিস্থাপক কৰি তোলাৰ ওপৰত গুৰুত্ব দিব লাগে; আৰু চতুৰ্থতে, গোটটোৱে দায়িত্বশীল এআইৰ বাবে কাম কৰিব লাগে– এআই প্ৰশাসনৰ উদ্বেগলৈ লক্ষ্য কৰি, এইক্ষেত্ৰত উদ্ভাৱনক প্ৰসাৰিত কৰাতো সমানে গুৰুত্ব দিব লাগে।

 

নেতাসকলৰ অধিবেশনৰ সামৰণিত সদস্য দেশসমূহে ‘ৰিঅ’ ডি জেনেইৰ’ ঘোষণাপত্ৰ’ গ্ৰহণ কৰে।

 

Click here to read full text speech of Reform of Global Governance

Click here to read full text speech of Peace and Security

Click here to read full text speech of Strengthening Multilateral, Economic-Financial Affairs and Artificial Intelligence

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet extends SARTHAK-PDS scheme for 5 yrs with ₹25,530-crore outlay

Media Coverage

Cabinet extends SARTHAK-PDS scheme for 5 yrs with ₹25,530-crore outlay
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tributes to NTR Garu on his birth anniversary
May 28, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to NTR Garu on his birth anniversary.

The Prime Minister said that NTR Garu is fondly remembered for his commitment towards public welfare and governance which ensured dignity for the poor and marginalised.

The Prime Minister also noted that NTR Garu’s contributions to cinema continue to captivate generations and said that his life and ideals remain a source of immense inspiration.

The Prime Minister wrote on X;

“Tributes to the great NTR Garu on his birth anniversary. He is fondly remembered for his commitment towards public welfare and governance which ensured dignity for the poor and marginalised. His contributions to cinema continue to captivate generations. His life and ideals remain a source of immense inspiration. The NDA Government in Andhra Pradesh, under the leadership of my friend Chandrababu Naidu Garu, is committed to advancing the aspirations he cherished for the people.

@ncbn”