প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাজানত ৰাছিয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা ১৬ সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে।

ব্ৰিকছৰ নেতাসকলে বহুপক্ষীয়তাবাদ শক্তিশালী কৰা, সন্ত্ৰাসবাদ প্ৰতিহত কৰা, অৰ্থনৈতিক বৃদ্ধিৰ পোষকতা কৰা, বহনক্ষম উন্নয়নক উদ্গনি যোগোৱা আৰু গ্লোবেল ছাউথৰ উদ্বেগসমূহৰ ওপৰত আলোকপাত কৰাকে ধৰি গঠনমূলক আলোচনা কৰে। নেতাসকলে ব্ৰিকছৰ ১৩খন নতুন অংশীদাৰ দেশক আদৰণি জনায়।

প্ৰধানমন্ত্ৰীয়ে ব্ৰিকছ শীৰ্ষ সন্মিলনৰ দুখন অধিবেশনত ভাষণ দিয়ে। তেওঁৰ ভাষণত, প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই শীৰ্ষ শীৰ্ষ সন্মিলন এনে এটা সময়ত অনুষ্ঠিত হৈছে যি সময়ত বিশ্বই সংঘাত, বিৰূপ জলবায়ুৰ প্ৰভাৱ, আৰু চাইবাৰ ভাবুকিকে ধৰি কেইবাটাও অনিশ্চয়তা আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যাৰ ফলত ব্ৰিকছৰ ওপৰত অধিক আশা কৰা হৈছে। এই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ গোটটোৱে জনকেন্দ্ৰিক পন্থা গ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ আগবঢ়ায়। সন্ত্ৰাসবাদৰ ভাবুকিৰ বিৰুদ্ধে যুঁজিবলৈ ৰাষ্ট্ৰসংঘত আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ ওপৰত এক বিস্তৃত অভিমত আগতীয়াকৈ গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাৰ কথাও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে বিশ্ব শাসন সংস্কাৰৰ বাবে সক্ৰিয়ভাৱে পোষকতা কৰিবলৈও ব্ৰিকছক আহ্বান জনায়। জি-২০ অধ্যক্ষতাৰ সময়ত ভাৰতে আয়োজন কৰা ভইচ অৱ গ্লোবেল ছাউথ ছামিটৰ কথা সোঁৱৰাই দি, তেওঁ জোৰ দি কয় যে গোটটোৱে গ্লোবেল ছাউথৰ উদ্বেগক প্ৰাধান্য দিব লাগিব। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ গিফ্ট চহৰ (GIFT city)কে ধৰি নিউ ডেভেলপমেণ্ট বেংকৰ আঞ্চলিক উপস্থিতিয়ে নতুন মূল্যবোধ আৰু প্ৰভাৱৰ সৃষ্টি কৰিছে। অৰ্থনৈতিক বৃদ্ধিৰ বাবে ব্ৰিকছৰ কাৰ্যকলাপৰ ওপৰত আলোকপাত কৰি তেওঁ জোৰ দি কয় যে কৃষি, স্থিতিস্থাপক যোগান শৃংখল, ই-কমাৰ্চ আৰু বিশেষ অৰ্থনৈতিক অঞ্চলত বাণিজ্যৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত ইয়াৰ প্ৰচেষ্টাই নতুন সুযোগৰ সৃষ্টি কৰিছে। তেওঁ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। তেওঁ প্ৰকাশ কৰে যে ভাৰতে আৰম্ভ কৰা এইবাৰ আৰম্ভ হ’বলগীয়া ব্ৰিকছ ষ্টাৰ্টআপ ফ’ৰামে ব্ৰিকছৰ অৰ্থনৈতিক কাৰ্যসূচীত উল্লেখযোগ্য মূল্য সংযোজন কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে COP28ৰ সময়ত ঘোষণা কৰা আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট, দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট, মিছন লাইফ আৰু সেউজ ঋণৰ পদক্ষেপকে ধৰি ভাৰতে শেহতীয়াকৈ গ্ৰহণ কৰা সেউজ পদক্ষেপসমূহৰ বিষয়ে বিশদভাৱে কয়। তেওঁ ব্ৰিকছৰ দেশসমূহক এই পদক্ষেপসমূহত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়।

 

প্ৰধানমন্ত্ৰীয়ে ১৬ সংখ্যক ব্ৰিকছ সন্মিলন সফলতাৰে আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতি পুটিনক অভিনন্দন জনায় আৰু ব্ৰাজিলে গোটটোৰ অধ্যক্ষতা গ্ৰহণ কৰাত শুভেচ্ছা জ্ঞাপন কৰে। শীৰ্ষ সন্মিলনৰ সামৰণিত নেতাসকলে ‘কাজান ঘোষণা’ (Kazan Declaration) গ্ৰহণ কৰে।

 

Prime Minister congratulated President Putin for successfully hosting the 16th BRICS Summit and conveyed wishes to Brazil as it takes over the presidency of the group. At the conclusion of the Summit, the leaders adopted the ‘Kazan Declaration’.

Address of PM at the Closed Plenary may be seen here.

Address of PM at the Open Plenary may be seen here.

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Param pragya: India’s parivartan

Media Coverage

Param pragya: India’s parivartan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister highlights India’s strong conservation efforts on World Elephant Day
August 12, 2026

Prime Minister Shri Narendra Modi today stated that on World Elephant Day, we celebrate the majestic elephant, which has remained an integral part of India’s ecological heritage. He expressed gladness that India is home to over 60% of the world’s wild Asian elephants.

The Prime Minister noted that our nation has 33 Elephant Reserves, which provide habitats for elephants and strengthen our efforts towards their long-term conservation. Shri Modi also expressed pride in all forest personnel, scientists, veterinarians, mahouts, and the local communities who are integral to all such efforts.

In a post on X, the Prime Minister shared:

"On World Elephant Day, we celebrate the majestic elephant which has remained an integral part of India’s ecological heritage. It is gladdening that India is home to over 60% of the world’s wild Asian elephants. Our nation has 33 Elephant Reserves, which provide habitats for elephants and strengthen our efforts towards their long-term conservation. We are also proud of all forest personnel, scientists, veterinarians, mahouts and the local communities who are integral to all such efforts."