কুৱালালামপুৰত প্ৰবাসী ভাৰতীয়সকলৰ উষ্মতাৰ বাবে কৃতজ্ঞ, আমাৰ প্ৰবাসীসকল ভাৰত আৰু মালয়েছিয়াৰ মাজত এক শক্তিশালী সেতু হৈ আহিছেঃ প্ৰধানমন্ত্ৰী
মালয়েছিয়াত বিশ্বৰ ভিতৰতে দ্বিতীয়-সৰ্ববৃহৎ ভাৰতীয়-মূলৰ সমাজ আছে। ইমানবোৰ কথাই ভাৰতীয় আৰু মালয়েছিয়াবাসীৰ হৃদয়ক সংযোগ কৰেঃ প্ৰধানমন্ত্ৰী
আপোনাসৱে শতিকাজুৰি পৰম্পৰা ৰক্ষা কৰি থকাটো উল্লেখযোগ্য কথা। শেহতীয়াকৈ মই মোৰ মাহেকীয়া ৰেডিঅ’ কথোপকথন মন কী বাতত আপোনাসৱৰ বিষয়ে কৈছিলো। মই ১৪০ কোটি ভাৰতীয়ক কৈছিলো যে মালয়েছিয়াৰ ৫০০-ৰো অধিক বিদ্যালয়ত শিশুসকলক ভাৰতীয় ভাষাত পাঠদান কৰা হয়ঃ প্ৰধানমন্ত্ৰী
মালয়েছিয়াত থকা প্ৰব্ৰজনকাৰী তামিল সদস্যসকলেও ভিন্ন ক্ষেত্ৰত সমাজৰ সেৱা কৰি আছে। আচলতে প্ৰবাসী তামিলসকল ইয়াত বহু শতিকাৰ পৰাই আছে। এই ইতিহাসৰ পৰা অনুপ্ৰাণিত হৈ আমি গৌৰৱান্বিত যে আমি মলায়া বিশ্ববিদ্যালয়ত তিৰুবল্লুবৰ আসন প্ৰতিষ্ঠা কৰিলো। আমি এতিয়া আমাৰ উমৈহতীয়া ঐতিহ্যক অধিক সুদৃঢ় কৰাৰ বাবে এটি তিৰুবল্লুবৰ কেন্দ্ৰ স্থাপন কৰিমঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ সফলতা মানে মালয়েছিয়াৰ সফলতা, এয়া এছিয়াৰ সফলতা। সেইবাবেই, মই কওঁ আমাৰ সম্পৰ্কৰ পথ-প্ৰদৰ্শক শব্দটো হ’ল ইম্পেক্ট (IMPACT)। ইম্পেক্টৰ অৰ্থ হ’ল ইণ্ডিয়া মালয়েছিয়া পাৰ্টনাৰশ্বিপ ফৰ এডভান্সিং কালেকটিভ ট্ৰেন্সফৰ্মেচনঃ প্ৰধানমন্ত্ৰী
মই আপোনালোকক অধিক ভ্ৰমণ কৰিবলৈ আৰু অবিশ্বাস্য ভাৰতৰ অভিজ্ঞতা লাভ কৰিবলৈ উৎসাহিত কৰিছো। লগতে আপোনালোকৰ মলয় বন্ধুসকলকো নিব লাগিব। কাৰণ জনসাধাৰণৰ মাজৰ সংযোগ হৈছে আমাৰ বন্ধুত্বৰ মূল স্তম্ভঃ প্ৰধানমন্ত্ৰী
ভাৰত বিকাশৰ বাবে বিশ্বাসযোগ্য অংশীদাৰ হিচাপে পৰিগণিত হৈছে। যুক্তৰাজ্যই হওক, ইউএই-য়েই হওক, অষ্ট্ৰেলিয়াই হওক, নিউজিলেণ্ডেই হওক, ওমানেই হওক, ইউৰোপিয়ান ইউনিয়নেই হওক, আমেৰিকা যুক্তৰাষ্ট্ৰই হওক, এইসমূহ দেশৰ ভাৰতৰ সৈতে বাণিজ্য চুক্তি আছে। বিশ্বাস ভাৰতৰ আটাইতকৈ শক্তিশালী মুদ্ৰা হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী
“এই বিশেষ ইংগিতে ভাৰতৰ প্ৰতি আৰু আপোনালোক সকলোৰে প্ৰতি তেওঁৰ মৰম আৰু শ্ৰদ্ধাৰ মনোভাৱকে প্ৰতিফলিত কৰে”, শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালয়েছিয়াৰ কুৱালালামপুৰত এক সামূহিক কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে শুভেচ্ছাৰ উষ্মতাই উমৈহতীয়া সংস্কৃতিৰ সুন্দৰ বৈচিত্ৰ্যক প্ৰতিফলিত কৰিছে। তেওঁ তেওঁৰ প্ৰিয় বন্ধু, প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক এই সামূহিক উদযাপনত যোগদান কৰাৰ বাবে ধন্যবাদ জনায়। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে তেওঁক আদৰিবলৈ বিমানবন্দৰলৈ গৈছিল আৰু নিজৰ গাড়ীৰে এই কাৰ্য্যসূচীলৈ আনিছে। “এই বিশেষ ইংগিতে ভাৰতৰ প্ৰতি আৰু আপোনালোক সকলোৰে প্ৰতি তেওঁৰ মৰম আৰু শ্ৰদ্ধাৰ মনোভাৱকে প্ৰতিফলিত কৰে”, শ্ৰী মোদীয়ে লগতে কয়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ক্ষন্তেক পূৰ্বে অভিলেখ সৃষ্টি কৰা সাংস্কৃতিক অনুষ্ঠানত নিখুঁত সমন্বয়ৰে ৮০০-ৰো অধিক নৃত্যশিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰিছে। এই পৰিবেশন কাৰ্য্যক ৰাইজে আগন্তুক সময়লৈ মনত ৰাখিব। তেওঁ সকলো পৰিবেশনকাৰীকে অভিনন্দন জনায়। শ্ৰী মোদীয়ে কয় যে প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিম প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বৰেপৰাই তেওঁৰ বন্ধু আছিল। তেওঁ সংস্কাৰ সাধনৰ ক্ষেত্ৰত মনোনিৱেশ, পৰম বুদ্ধিমত্তা আৰু ২০২৫-ত আছিয়ানৰ সুদক্ষ অধ্যক্ষতাৰ দায়িত্ব পালনৰ বাবে তেওঁক প্ৰশংসা কৰে।

যোৱা বছৰ আছিয়ান সন্মিলনৰ বাবে মালয়েছিয়া ভ্ৰমণ কৰিব পৰা নাছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কিন্তু তেওঁ সোনকালে মালয়েছিয়ালৈ আহিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বুলি কয়। সেই প্ৰতিশ্ৰুতি অনুসৰিয়েই আজি তেওঁ ইয়াত আছে বুলি উল্লেখেৰে ২০২৬ চনটোত এয়া তেওঁৰ প্ৰথম বিদেশ ভ্ৰমণ বুলি কয়। এই উৎসৱৰ বতৰত ইয়াত থাকিবলৈ পাই তেওঁ সন্তোষ প্ৰকাশেৰে সকলোৱে সংক্ৰান্তি, পোংগল আৰু তই-পুসম পৰম আনন্দৰে উদযাপন কৰিলে বুলি কয়। তেওঁ কয় যে অতি সোনকালেই শিৱৰাত্ৰি উৎসৱ আহি আছে। কিছুদিনৰ পাছত ৰমজান আৰম্ভ হ’ব আৰু তাৰ পিছতে পৰম ভক্তিৰে উদযাপন কৰা হ’ব হৰি ৰায়া। এই উপলক্ষে তেওঁ সকলোৰে সুখ আৰু সুস্বাস্থ্য কামনা কৰে।

শ্ৰী মোদীয়ে কয় যে মালয়েছিয়াত বিশ্বৰ ভিতৰতে দ্বিতীয়-সৰ্ববৃহৎ ভাৰতীয়-মূলৰ সমাজ আছে। ইমানবোৰ কথাই ভাৰতীয় আৰু মালয়েছিয়াবাসীৰ হৃদয়ক সংযোগ কৰে। কিছু সময় পূৰ্বে প্ৰত্যক্ষ কৰা প্ৰদৰ্শনীয়ে এই সংযোগসমূহক সুন্দৰকৈ দেখুৱাইছে। শ্ৰী মোদীয়ে কয়, “আমাৰ প্ৰবাসীসকল ভাৰত আৰু মালয়েছিয়াৰ মাজত এক শক্তিশালী সেতু হৈ আহিছে। সাংস্কৃতিক সংযোগসমূহ উমৈহতীয়া পৰম্পৰা আৰু সোৱাদত দেখা যায়, ৰুটি চনাইক মলাৱাৰ পৰঠা আৰু নাৰিকল, মছলা আৰু তেহ তাৰিকৰ সৈতে সংযোগ কৰা হৈছে, যিসমূহ কুৱালালামপুৰ আৰু কোচি উভয়তে চিনাকি অনুভৱ হয়।” শ্ৰী মোদীয়ে উল্লেখ কৰে যে দুয়োখন দেশৰ জনসাধাৰণে পৰস্পৰে-পৰস্পৰক ইমান ভালকৈ বুজে। তেওঁলোকৰ ভাষা আৰু মলয়ৰ মাজত সাধাৰণ শব্দৰ সংখ্যা বেছি হোৱাৰ বাবেই নিশ্চয় এয়া সম্ভৱ হৈ উঠিছে। তেওঁ শুনিছে যে মালয়েছিয়াত ভাৰতীয় চলচ্চিত্ৰ আৰু সংগীত জনপ্ৰিয়। শ্ৰী মোদীয়ে কয় যে প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমে বৰ ভালকৈ গান গায়। আচৰিত কথা যে তেওঁ কিংবদন্তি এমজিআৰ-ৰ তামিল গীতসমূহো ভাল পায়। 

 

প্ৰধানমন্ত্ৰীয়ে কয় যে মালয়েছিয়াৰ ভাৰতীয়-মূলৰ সমাজখনৰ হৃদয়ত ভাৰতৰ এক বিশেষ স্থান আছে। তেওঁ ২০০১-ৰ এটা দৃষ্টান্তৰ কথা মনত পেলাই কয় যে তেতিয়া তেওঁৰ গৃহ ৰাজ্য গুজৰাটত ভূমিকম্প হওতে এই সমাজৰ সকলো একত্ৰিত হৈ সহায় কৰিছিল। ইয়াৰ বাবে তেওঁ সকলোকে ধন্যবাদ জনায়। “ভাৰতক স্বাধীন দেশ হিচাপে গঢ়ি তুলিবলৈ আপোনাসৱৰ হাজাৰ-হাজাৰ পূৰ্বপুৰুষে পৰম ত্যাগ কৰিছিল। তেওঁলোকৰ বহুতেই ভাৰতখন কেতিয়াও দেখা নাছিল। কিন্তু নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভাৰতীয় ৰাষ্ট্ৰীয় সেনাবাহিনীত তেওঁলোকেই প্ৰথমে যোগদান কৰিছিল“, শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে নেতাজী সুভাষ চন্দ্ৰ বসুলৈ সন্মানাৰ্থে মালয়েছিয়াত থকা ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰটোৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে। তেওঁ মালয়েছিয়াৰ নেতাজী চাৰ্ভিচ চেন্টাৰ আৰু নেতাজী ৱেলফেয়াৰ ফাউণ্ডেচনৰ প্ৰচেষ্টাকো প্ৰণাম জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে মালয়েছিয়াৰ ভাৰতীয়-মূলৰ সমাজে শতিকাজুৰি পৰম্পৰা ৰক্ষা কৰি থকাটো উল্লেখযোগ্য কথা। তেওঁ কয় যে শেহতীয়াকৈ তেওঁৰ মাহেকীয়া ৰেডিঅ’ কথোপকথন মন কী বাতত সমাজখনৰ বিষয়ে কৈছিল। ইয়াত তেওঁ মালয়েছিয়াৰ ৫০০-ৰো অধিক বিদ্যালয়ত শিশুসকলক ভাৰতীয় ভাষাত পাঠদান কৰা হয় বুলি কৈছিল। “ইয়াত তিৰুবল্লুবৰ আৰু স্বামী বিবেকানন্দৰ দৰে মহাপুৰুষসকলৰ প্ৰভাৱো অনুভৱ কৰিব পাৰি। যোৱা সপ্তাহত বতু গুহাত তই-পুসমো ইমানেই ঐশ্বৰিক আছিল যে পলনিত উদযাপন কৰা যেন লাগিছিল”, শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াতো গৰ্বা অতিশয় জনপ্ৰিয়। ভাৰতে শিখ সমাজৰ সৈতে সাংস্কৃতিক সংযোগকো গভীৰভাৱে লালন-পালন কৰে। সমাজখনে শ্ৰীগুৰু নানক দেৱজীৰ শিক্ষাক আজিলৈকে কঢ়িয়াই লৈ ফুৰিছে।

শ্ৰী মোদীয়ে কয় যে তামিল হৈছে ভাৰতৰ বিশ্বৰ বাবে উপহাৰ। তামিল সাহিত্য চিৰন্তন আৰু তামিল সংস্কৃতি বিশ্বব্যাপী। একেদৰে তামিল জনসাধাৰণেও স্বকীয় প্ৰতিভাৰে মানৱতাৰ সেৱা আগবঢ়াইছে। “ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি.পি. ৰাধাকৃষ্ণন, বৈদেশিক মন্ত্ৰী ডঃ এছ. জয়শংকৰ, বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমন, তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডঃ মুৰুগান আটাইকেইজনেই তামিলনাডুৰ”, শ্ৰী মোদীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে মালয়েছিয়াত থকা প্ৰব্ৰজনকাৰী তামিল সদস্যসকলেও ভিন্ন ক্ষেত্ৰত সমাজৰ সেৱা কৰি আছে। তেওঁ উল্লেখ কৰে যে আচলতে প্ৰবাসী তামিলসকল ইয়াত বহু শতিকাৰ পৰাই আছে। তেওঁ কয় যে এই ইতিহাসৰ পৰা অনুপ্ৰাণিত হৈ ভাৰতে মলায়া বিশ্ববিদ্যালয়ত তিৰুবল্লুবৰ আসন প্ৰতিষ্ঠা কৰিছে। ভাৰতে এতিয়া আমাৰ উমৈহতীয়া ঐতিহ্যক অধিক সুদৃঢ় কৰাৰ বাবে এটি তিৰুবল্লুবৰ কেন্দ্ৰ স্থাপন কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে মালয়েছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক প্ৰতি বছৰেই নতুন-নতুন শিখৰত উপনীত হৈছে। ২০২৪-ত প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ নতুন দিল্লী ভ্ৰমণৰ কথা উল্লেখেৰে তেওঁ কয় যে তেতিয়া দ্বিপাক্ষিক সম্পৰ্কক এক ব্যাপক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰা হৈছিল। তেওঁ কয় যে আজি দুয়োখন দেশ প্ৰগতি আৰু সমৃদ্ধিৰ দিশত অংশীদাৰ হিচাপে হাতে-হাত ধৰি আগবাঢ়িছে। উভয় দেশেই পাৰস্পৰিক সফলতাক নিজৰ সফলতাৰ দৰেই উদযাপন কৰে।

শ্ৰী মোদীয়ে কয় যে চন্দ্ৰযান-৩ ৰ ঐতিহাসিক সফলতাক লৈ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ শুভেচ্ছাই তেওঁৰ মন চুই গৈছিল। তেওঁ কোৱা ভাৰতৰ সফলতা মানে মালয়েছিয়াৰ সফলতা, এয়া এছিয়াৰ সফলতাৰ সৈতে একমত। তেওঁ কয় যে এই সম্পৰ্কৰ পথ-প্ৰদৰ্শক শব্দটো হ’ল ইম্পেক্ট (IMPACT)। ইম্পেক্টৰ অৰ্থ হ’ল ইণ্ডিয়া মালয়েছিয়া পাৰ্টনাৰশ্বিপ ফৰ এডভান্সিং কালেকটিভ ট্ৰেন্সফৰ্মেচন। তেওঁ সম্পৰ্কৰ গতি, উচ্চাকাংক্ষাৰ পৰিসৰ আৰু জনসাধাৰণৰ বাবে লাভৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পৰ্কে আলোকপাত কৰি কয় যে দুয়োখন দেশেই সমগ্ৰ মানৱ জাতিক উপকৃত কৰিব পাৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় কোম্পানীসমূহ মালয়েছিয়াৰ সৈতে কাম কৰিবলৈ সদায় আগ্ৰহী। তেওঁ মালয়েছিয়াৰ প্ৰথম আৰু এছিয়াৰ সৰ্ববৃহৎ ইনচুলিন উৎপাদন কেন্দ্ৰ গঢ়ি তোলাত ভাৰতৰ ভূমিকাৰ কথা উল্লেখ কৰে। “মালয়েছিয়াত ১০০-ৰো অধিক ভাৰতীয় আইটি কোম্পানীয়ে কাম কৰি হাজাৰ-হাজাৰ নিয়োগৰ সৃষ্টি কৰিছে। মালয়েছিয়া-ভাৰত ডিজিটেল কাউন্সিলে আমাৰ ডিজিটেল সহযোগিতাৰ বাবে নতুন পথ প্ৰশস্ত কৰিছে”, শ্ৰী মোদীয়ে এইদৰে কয়। তেওঁ লগতে ভাৰতৰ ইউপিআই অতি সোনকালেই মালয়েছিয়ালৈ আহিব বুলি ঘোষণা কৰে।

শ্ৰী মোদীয়ে কয় যে ভাৰত মহাসাগৰৰ একেখিনি নীলা পানীকে ভাৰত আৰু মালয়েছিয়াই ভাগ কৰি লৈছে। তেওঁ সকলোকে ভাৰতৰ ভিন্ন প্ৰান্ত ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায়। “বিগত কেইবছৰমানৰ পৰা ভাৰতত আন্তঃগাঁথনিৰ ক্ষেত্ৰত অভূতপূৰ্ব বিকাশ হৈছে। আমাৰ বিমানবন্দৰৰ সংখ্যা এটা দশকত দুগুণ হৈছে। অভিলেখ গতিত নিৰ্মাণ হৈছে ঘাইপথ। বন্দে ভাৰতৰ দৰে আধুনিক ৰেলে আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা লাভ কৰিছে”, শ্ৰী মোদীয়ে কয়। তেওঁ মালয়েছিয়াৰ বন্ধুসকলকো লৈ অধিক ভ্ৰমণ কৰিবলৈ উৎসাহিত কৰে। তেওঁ জনসাধাৰণৰ মাজৰ সংযোগক দুয়োখন দেশৰ বন্ধুত্বৰ মূল স্তম্ভ বুলি অভিহিত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত এটা দশকত ভাৰতৰ ব্যাপক ৰূপান্তৰ সাধন হৈছে। “বিশ্বৰ ১১ নং সৰ্ববৃহৎ অৰ্থনীতিৰপৰা ভাৰতে এতিয়া শীৰ্ষ ৩-ৰ দুৱাৰত টোকৰ মাৰিছে। ভাৰত এতিয়া বিশ্বৰ দ্ৰুত-বৰ্ধমান বৃহৎ অৰ্থনীতিও“, শ্ৰী মোদীয়ে কয়। তেওঁ উল্লেখ কৰে যে এটা গছপুলিৰ পৰা বিকশিত হৈ মেক ইন ইণ্ডিয়াই এতিয়া ভাৰতক বিশ্বৰ দ্বিতীয়-সৰ্ববৃহৎ ম’বাইল নিৰ্মাতা দেশ হিচাপে গঢ়ি তুলিছে। ২০১৪-ৰ পৰা প্ৰতিৰক্ষা ৰপ্তানি প্ৰায় ৩০ গুণ বৃদ্ধি পাইছে। “ভাৰত বিশ্বৰ তৃতীয়-সৰ্ববৃহৎ ষ্টাৰ্টআপ হাব হিচাপে পৰিগণিত হৈছে। ভাৰতে বিশ্বৰ সৰ্ববৃহৎ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু বিশ্বৰ সৰ্ববৃহৎ ফিনটেক বাতাবৰণ গঢ়ি তুলিছে। বিশ্বৰ প্ৰায় আধা ৰিয়েল-টাইম ডিজিটেল লেনদেন ভাৰতত সম্পন্ন হয়, ইউপিআই প্লেটফৰ্মৰ বাবে এয়া সম্ভৱ হৈ উঠিছে। দ্ৰুতগতিত বৃদ্ধি হোৱাৰ সময়তে ভাৰতে ইয়াৰ বিকাশক স্বচ্ছ আৰু সেউজ হোৱাটোও নিশ্চিত কৰিছে। উদাহৰণস্বৰূপে, এটা দশকত আমাৰ সৌৰশক্তিৰ প্ৰায় ৪০ গুণ বৃদ্ধি হৈছে“, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে আগতে ভাৰতক কেৱল এখন বিশাল বজাৰ হিচাপেহে দেখা গৈছিল। কিন্তু এতিয়া ভাৰত বিনিয়োগ আৰু বাণিজ্যৰ কেন্দ্ৰবিন্দু। ভাৰত বিকাশৰ বাবে বিশ্বাসযোগ্য অংশীদাৰ হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে কয় যে যুক্তৰাজ্যই হওক, ইউএই-য়েই হওক, অষ্ট্ৰেলিয়াই হওক, নিউজিলেণ্ডেই হওক, ওমানেই হওক, ইউৰোপিয়ান ইউনিয়নেই হওক, আমেৰিকা যুক্তৰাষ্ট্ৰই হওক, এইসমূহ দেশৰ ভাৰতৰ সৈতে বাণিজ্য চুক্তি আছে। বিশ্বাস ভাৰতৰ আটাইতকৈ শক্তিশালী মুদ্ৰা হৈ পৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ইয়াৰ প্ৰবাসীসকলক সদায় দুবাহুৰে আকোৱালি ল’ব। তেওঁ কয় যে সেইবাবেই ভাৰতে মাত্ৰ কেইমাহমানৰ আগতে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণেৰে ভাৰতীয় মূলৰ মালয়েছিয়ান নাগৰিকৰ বাবে অ’চিআই কাৰ্ডৰ যোগ্যতা ৬ম প্ৰজন্মলৈকে বৃদ্ধি কৰিছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতে ভাৰতীয় বৃত্তি ন্যাস পুঁজিৰ জৰিয়তে সমৰ্থন আগবঢ়াই আহিছে। শ্ৰী মোদীয়ে ভাৰতত অধ্যয়ন কৰিবলৈ ছাত্র-ছাত্রীসকলক তিৰুবল্লুবৰ বৃত্তি প্ৰদানৰ কথা ঘোষণা কৰে। তেওঁ লগতে উল্লেখ কৰে যে “ন’ ইণ্ডিয়া প্ৰগ্ৰেম”ৰ আয়োজন কৰাৰ লগতে অতি সোনকালেই মালয়েছিয়াত ভাৰতৰ নতুন কনছুলেট মুকলি কৰা হ’ব। এই পদক্ষেপে সম্পৰ্কক সুদৃঢ় কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে আগতে ভাৰতক কেৱল এখন বিশাল বজাৰ হিচাপেহে দেখা গৈছিল। কিন্তু এতিয়া ভাৰত বিনিয়োগ আৰু বাণিজ্যৰ কেন্দ্ৰবিন্দু। ভাৰত বিকাশৰ বাবে বিশ্বাসযোগ্য অংশীদাৰ হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে কয় যে যুক্তৰাজ্যই হওক, ইউএই-য়েই হওক, অষ্ট্ৰেলিয়াই হওক, নিউজিলেণ্ডেই হওক, ওমানেই হওক, ইউৰোপিয়ান ইউনিয়নেই হওক, আমেৰিকা যুক্তৰাষ্ট্ৰই হওক, এইসমূহ দেশৰ ভাৰতৰ সৈতে বাণিজ্য চুক্তি আছে। বিশ্বাস ভাৰতৰ আটাইতকৈ শক্তিশালী মুদ্ৰা হৈ পৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে ইয়াৰ প্ৰবাসীসকলক সদায় দুবাহুৰে আকোৱালি ল’ব। তেওঁ কয় যে সেইবাবেই ভাৰতে মাত্ৰ কেইমাহমানৰ আগতে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণেৰে ভাৰতীয় মূলৰ মালয়েছিয়ান নাগৰিকৰ বাবে অ’চিআই কাৰ্ডৰ যোগ্যতা ৬ম প্ৰজন্মলৈকে বৃদ্ধি কৰিছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতে ভাৰতীয় বৃত্তি ন্যাস পুঁজিৰ জৰিয়তে সমৰ্থন আগবঢ়াই আহিছে। শ্ৰী মোদীয়ে ভাৰতত অধ্যয়ন কৰিবলৈ ছাত্র-ছাত্রীসকলক তিৰুবল্লুবৰ বৃত্তি প্ৰদানৰ কথা ঘোষণা কৰে। তেওঁ লগতে উল্লেখ কৰে যে “ন’ ইণ্ডিয়া প্ৰগ্ৰেম”ৰ আয়োজন কৰাৰ লগতে অতি সোনকালেই মালয়েছিয়াত ভাৰতৰ নতুন কনছুলেট মুকলি কৰা হ’ব। এই পদক্ষেপে সম্পৰ্কক সুদৃঢ় কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ১৪০ কোটি ভাৰতীয়ই ২০৪৭-ৰ ভিতৰত এখন উন্নত ভাৰত গঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু প্ৰবাসী ভাৰতীয় সমাজখন এই যাত্ৰাৰ এক মূল্যৱান অংশীদাৰ। “কুৱালালামপুৰতেই হওক বা কলকাতাতেই জন্ম হওক, ভাৰতে প্ৰবাসীসকলৰ হৃদয়ত বাস কৰে, তেওঁলোক হৈছে মালয়েছিয়া আৰু ভাৰতৰ প্ৰগতিৰ একো-একোজন সক্ৰিয় অংশ। তেওঁলোকে এখনি সমৃদ্ধিশালী মালয়েছিয়া আৰু এখনি বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত সহায় কৰি যাব”, শ্ৰী মোদীয়ে এইদৰে কৈ তেওঁৰ ভাষণৰ সামৰণি মাৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region

Media Coverage

Indian Railways takes up 764 km of new lines to boost connectivity in Bihar’s Seemanchal region
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
নিঃস্বাৰ্থ সেৱাৰ মনোভাবৰ ওপৰত গুৰুত্ব আৰোপ কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
August 07, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিঃস্বাৰ্থ সেৱা আৰু ইয়াৰ বিনিময়ত একো আশা নকৰাকৈ আনৰ কল্যাণৰ বাবে কাম কৰাৰ মহান আদৰ্শৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰিছেঃ

"किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥"

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

किं चन्द्रमाः प्रत्युपकारलिप्सया करोति गोभिः कुमुदावबोधनम्।

स्वभाव एवोन्नतचेतसां सतां परोपकारव्यसनं हि जीवितम्॥