দিল্লী-বদোদৰা এক্সপ্ৰেছৱে দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে
পিএমএৱাই- গ্ৰামীণৰ অধীনত নিৰ্মাণ কৰা ২.২ লাখতকৈও অধিক ঘৰৰ গৃহ প্ৰৱেশ আৰম্ভ কৰে আৰু পিএমএৱাই- নগৰৰ অধীনত নিৰ্মাণ কৰা ঘৰবোৰ উৎসৰ্গা কৰে
জল জীৱন মিছন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত ৯টা স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে
আইআইটি ইন্দোৰৰ একাডেমিক ভৱন উৎসৰ্গা কৰে আৰু হোষ্টেল আৰু অন্যান্য ভৱনৰ আধাৰশিলা স্থাপন কৰে
ইন্দোৰৰ মাল্টি-মডেল লজিষ্টিক পাৰ্কৰ আধাৰশিলা স্থাপন কৰে
তেওঁ আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনিৰ অধীনত বিদিশা, বাইতুল, কাটনি, বুৰহানপুৰ, নৰসিংহপুৰ, দামোহ আৰু ছাজাপুৰৰ নতুন স্বাস্থ্য কেন্দ্ৰৰ বিষয়েও মন্তব্য কৰে।
সেয়েহে, প্ৰধানমন্ত্ৰীয়ে কয়, মধ্যপ্ৰদেশৰ জনসাধাৰণে দ্বৈত ইঞ্জিনৰ চৰকাৰত বিশ্বাস কৰে। "ডাবল ইঞ্জিনৰ অৰ্থ হৈছে মধ্য প্ৰদেশৰ দ্বৈত বিকাশ", শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে ঘৰসমূহৰ মহিলা গৰাকীসকলক তেওঁলোকৰ সন্তানৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়।
তেওঁ লগতে কয়, আমাৰ চৰকাৰেই ভাৰতীয় খাদ্যক বাজৰাৰ পৰিচয় প্ৰদান কৰিছে আৰু ইয়াক সমগ্ৰ বিশ্বৰ বজাৰলৈ লৈ গৈছে"।
মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমৰ, ডঃ বীৰেন্দ্ৰ কুমাৰ আৰু জ্যোতিৰাদিত্য সিন্ধিয়া, সাংসদ তথা মধ্যপ্ৰদেশ চৰকাৰৰ মন্ত্ৰীসকল এই অনুষ্ঠানত উপস্থিত আছিল।
প্ৰধানমন্ত্ৰীয়ে দ্বৈত ইঞ্জিন চৰকাৰৰ ভৱিষ্যতমুখী দৃষ্টিভংগীৰ কথা উল্লেখ কৰে আৰু মধ্য প্ৰদেশক দেশৰ শীৰ্ষ ৰাজ্যসমূহৰ মাজলৈ অনাৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে।
তেওঁ লগতে উজ্জয়িনীৰ ইণ্টিগ্ৰেটেড ইণ্ডাষ্ট্ৰিয়েল টাউনশ্বিপ, আইঅ'চিএল বটলিং প্ৰকল্প আৰু গোৱালিয়ৰৰ অটল বিহাৰী বাজপেয়ী দিব্যাংগ ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰৰ লগতে বিভিন্ন প্ৰকল্প উৎসৰ্গা কৰে।
তেওঁ উল্লেখ কৰে যে যেতিয়া দিল্লী আৰু ভূপাল দুয়োখন ঠাইতে জনসাধাৰণৰ বাবে সমৰ্পিত একে নীতিৰ চৰকাৰ থাকে তেতিয়া উন্নয়নৰ গতি বৃদ্ধি পায়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ গোৱালিয়ৰত প্ৰায় ১৯,২৬০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে দিল্লী-বদোদৰা এক্সপ্ৰেছৱে, পিএমএৱাইৰ অধীনত নিৰ্মাণ কৰা ২.২ লাখতকৈও অধিক ঘৰৰ গৃহ প্ৰৱেশ আৰু পিএমএৱাই-নগৰৰ অধীনত নিৰ্মাণ কৰা ঘৰসমূহৰ উৎসৰ্গা, জল জীৱন মিছন প্ৰকল্পৰ আধাৰশিলা স্থাপন, আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছনৰ অধীনত ৯ টা স্বাস্থ্য কেন্দ্ৰ, আইআইটি ইন্দোৰৰ শৈক্ষিক ভৱন উৎসৰ্গা আৰু চৌহদত হোষ্টেল আৰু অন্যান্য ভৱনৰ আধাৰশিলা স্থাপন আৰু ইন্দোৰত এখন মাল্টি-মডেল লজিষ্টিক পাৰ্ক স্থাপন কৰা।

 

এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গোৱালিয়ৰৰ ভূমি সাহসিকতা, আত্মসন্মান, গৌৰৱ, সংগীত, সোৱাদ আৰু সৰিয়হৰ প্ৰতীক। তেওঁ কয় যে এই ভূমিয়ে দেশৰ লগতে সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱা সকলৰ বাবে বহুতো বিপ্লৱী সৃষ্টি কৰিছে। তেওঁ লগতে কয় যে গোৱালিয়ৰৰ ভূমিয়ে শাসকীয় দলৰ নীতি আৰু নেতৃত্বক গঢ় দিছে আৰু ৰাজমাতা বিজয়া ৰাজে সিন্ধিয়া, কুশাভাউ ঠাকৰে আৰু অটল বিহাৰী বাজপেয়ীৰ উদাহৰণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয়, "গোৱালিয়ৰৰ ভূমি নিজেই এক অনুপ্ৰেৰণা"। তেওঁ দেশৰ স্বাৰ্থত এই ভূমিৰ সন্তানসকলে নিজৰ জীৱন উৎসর্গ কৰিছে বুলি উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰজন্মৰ লোকসকলে স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰাৰ সুযোগ নাপালে যদিও ভাৰতক উন্নত আৰু সমৃদ্ধিশালী কৰাৰ দায়িত্ব নিশ্চিতভাৱে আমাৰ আছে। উৎসৰ্গিত প্ৰকল্পসমূহ বা যিসমূহৰ বাবে আধাৰশিলা স্থাপন কৰা হৈছে সেইেবোৰৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে এদিনতে ইমানবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছে আৰু দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰিছে যে বহু চৰকাৰে এবছৰতো সেইবোৰ কৰবলৈ সক্ষম নহয়।

 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দশেৰা,দেৱালী আৰু ধনতেৰাছৰ ঠিক আগতে প্ৰায় ২ লাখ পৰিয়ালে গৃহ প্ৰবেশ কৰিব আৰু যাতায়াত ব্যৱস্থাৰ বাবে বহুতো প্ৰকল্প হাতত লোৱা হৈছে। তেওঁ কয় যে উজ্জয়িনীৰ বিক্ৰম উদ্যোগপুৰী আৰু মাল্টি-মডেল লজিষ্টিক পাৰ্কে মধ্য প্ৰদেশৰ ঔদ্যোগিক বিকাশত গতি দিব। তেওঁ গোৱালিয়ৰ আইআইটিত নতুন প্ৰকল্পৰ কথা উল্লেখ কৰে। তেওঁ আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনিৰ অধীনত বিদিশা, বাইতুল, কাটনি, বুৰহানপুৰ, নৰসিংহপুৰ, দামোহ আৰু ছাজাপুৰৰ নতুন স্বাস্থ্য কেন্দ্ৰৰ বিষয়েও মন্তব্য কৰে।

 

প্ৰধানমন্ত্ৰীয়ে সকলো উন্নয়নমূলক প্ৰকল্পৰ বাবে দ্বৈত ইঞ্জিন চৰকাৰৰ প্ৰচেষ্টাক কৃতিত্ব দিয়ে। তেওঁ উল্লেখ কৰে যে যেতিয়া দিল্লী আৰু ভূপাল দুয়োখন ঠাইতে জনসাধাৰণৰ বাবে সমৰ্পিত একে নীতিৰ চৰকাৰ থাকে তেতিয়া উন্নয়নৰ গতি বৃদ্ধি পায়। সেয়েহে, প্ৰধানমন্ত্ৰীয়ে কয়, মধ্যপ্ৰদেশৰ জনসাধাৰণে দ্বৈত ইঞ্জিনৰ চৰকাৰত বিশ্বাস কৰে। "ডাবল ইঞ্জিনৰ অৰ্থ হৈছে মধ্য প্ৰদেশৰ দ্বৈত বিকাশ", শ্ৰী মোদীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত কেইবছৰমানত চৰকাৰে মধ্য প্ৰদেশক 'বিমাৰু ৰাজ্য' (পিছপৰা ৰাজ্য)ৰ পৰা দেশৰ শীৰ্ষ ১০খন ৰাজ্যৰ ভিতৰৰ এখনলৈ পৰিৱৰ্তন কৰিছে। তেওঁ কয়, "ইয়াৰ পৰা চৰকাৰে মধ্য প্ৰদেশক ভাৰতৰ শীৰ্ষ ৩ খন ৰাজ্যলৈ আগুৱাই লৈ যোৱাৰ লক্ষ্য লৈছে।" তেওঁ সকলোকে দায়িত্বশীল নাগৰিক হিচাপে ভোট দিবলৈ আহ্বান জনায়, যিয়ে মধ্য প্ৰদেশক শীৰ্ষ ৩ খন ৰাজ্যৰ স্থানলৈ লৈ যাব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বই ভাৰতত ইয়াৰ ভৱিষ্যত দেখিছে। তেওঁ কয় যে ভাৰত মাত্ৰ ৯ বছৰত দশম স্থানৰ পৰা ৫ম বৃহত্তম অৰ্থনীতি হৈ পৰিছে। তেওঁ ভাৰতৰ গতিত বিশ্বাস নকৰাসকলক সমালোচনা কৰি কয়, "চৰকাৰৰ পৰৱৰ্তী কাৰ্যকালত ভাৰতে বিশ্বৰ শীৰ্ষ তিনিখন অৰ্থনীতিৰ ভিতৰত প্ৰৱেশ কৰিব বুলি মোদীয়ে নিশ্চিতে দিছে।"

 

প্ৰধানমন্ত্ৰীয়ে কয়, "মোদীয়ে দৰিদ্ৰ, দলিত, পিছপৰা আৰু জনজাতীয় পৰিয়ালক পকী ঘৰৰ নিশ্চয়তা প্ৰদান কৰিছে"। তেওঁ আৰু কয় যে এতিয়ালৈকে দেশৰ ৪ কোটি পৰিয়ালক পকী ঘৰ প্ৰদান কৰা হৈছে।প্ৰধানমন্ত্ৰীয়ে কয় যে  মধ্যপ্ৰদেশত এতিয়ালৈকে দৰিদ্ৰ পৰিয়ালসমূহক লাখ লাখ ঘৰ প্ৰদান কৰা হৈছে আৰু আজিও বহুতো ঘৰ উদ্বোধন কৰা হৈছে। পূৰ্বৰ চৰকাৰৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰৱঞ্চনামূলক আঁচনি আৰু দৰিদ্ৰ লোকসকলক প্ৰদান কৰা নিম্ন মানদণ্ডৰ ঘৰসমূহৰ বাবে দুখ প্ৰকাশ কৰে। ইয়াৰ বিপৰীতে, প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমান চৰকাৰৰ কাৰ্যকালত প্ৰদান কৰা ঘৰবোৰ হিতাধিকাৰীসকলৰ প্ৰয়োজনীয়তা অনুসৰি নিৰ্মাণ কৰা হৈছে আৰু প্ৰযুক্তিৰ সহায়ত অগ্ৰগতি নিৰীক্ষণ কৰাৰ পিছত ধনখিনি পোনপটীয়াকৈ তেওঁলোকৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হৈছে।

 

তেওঁ লগতে উল্লেখ কৰে যে ঘৰবোৰত শৌচালয়, বিদ্যুৎ, টেপৰ পানী সংযোগ আৰু উজ্জ্বলা গেছ সংযোগ আছে। আজিৰ জল জীৱন মিছন প্ৰকল্প সন্দৰ্ভত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই এই প্ৰকল্পই ঘৰসমূহলৈ পানী যোগান ধৰাত সহায় কৰিব।

  

তেওঁ কয় যে এই ঘৰবোৰ পৰিয়ালৰ মহিলাসকলৰ নামত থকাটো নিশ্চিত কৰা হৈছে। ইয়াৰ ফলত কোটি কোটি ভগ্নী 'লাখপতি' হৈছে, প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে ঘৰসমূহৰ মহিলা গৰাকীসকলক তেওঁলোকৰ সন্তানৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয়, ""মহিলা সবলীকৰণ ভোট বেংকৰ ইচ্ছ্যু নহয়, বৰং ৰাষ্ট্ৰীয় পুনৰ্গঠন আৰু ৰাষ্ট্ৰীয় কল্যাণৰ এক অভিযান।" শেহতীয়াকৈ গৃহীত 'নাৰীশক্তি বন্দন অধিনিয়ম'ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "মোদী গেৰাণ্টি মানে সকলো গেৰাণ্টি পূৰণৰ গেৰাণ্টি"। তেওঁ দেশৰ উন্নয়ন যাত্ৰাত মাতৃ শক্তিৰ অধিক অংশগ্ৰহণৰ কামনা কৰে।  

 

প্ৰধানমন্ত্ৰীয়ে কয় যে গোৱালিয়ৰ আৰু চম্বল এতিয়া সুযোগৰ থলী হৈ পৰিছে। পূৰ্বৰ অনিয়ম, অনুন্নয়ন আৰু সামাজিক ন্যায় উলংঘনৰ দিনৰ অন্তত এয়া সম্ভৱ হৈছে বৰ্তমানৰ চৰকাৰৰ কঠোৰ পৰিশ্ৰমৰ ফলত। তেওঁ কয় যে আমি পিছলৈ ঘূৰি চাব নোৱাৰো।

 

"আধুনিক আন্তঃগাঁথনি আৰু শক্তিশালী আইন-শৃংখলাৰ ফলত কৃষক আৰু উদ্যোগ উভয়েই লাভান্বিত হয়", প্ৰধানমন্ত্ৰীয়ে কয়। "আনহাতে উন্নয়ন বিৰোধী চৰকাৰ শাসনত থাকিলে দুয়োটা প্ৰণালী ধ্বংস হয়।" তেওঁ কয় যে উন্নয়ন বিৰোধী চৰকাৰে অপৰাধ আৰু তোষণৰো জন্ম দিয়ে, যাৰ ফলত গুণ্ডা, অপৰাধী, মাৰপিটত লিপ্ত হোৱাসকল আৰু দুৰ্নীতিগ্ৰস্ত লোকসকলে মুকলিভাৱে তেওঁলোকৰ কাৰ্যকলাপত লিপ্ত হয়।  ইয়াৰ ফলত মহিলা, দলিত, পিছপৰা শ্ৰেণী আৰু জনজাতীয় লোকসকলৰ ওপৰত অত্যাচাৰ বৃদ্ধি পায়। প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ জনসাধাৰণক এনে উন্নয়ন বিৰোধী উপাদানৰ পৰা সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়।

 

বঞ্চিতসকলক অগ্ৰাধিকাৰ দিয়াৰ চৰকাৰৰ নীতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "আমাৰ চৰকাৰ প্ৰতিটো শ্ৰেণী আৰু প্ৰতিটো অঞ্চলৰ উন্নয়ন সাধন কৰিবলৈ সমৰ্পিত। যিসকলৰ প্ৰতি কোনেও গুৰুত্ব নিদিয়ে, মোদীয়ে তেওঁলোকৰ যত্ন লয়, মোদীয়ে তেওঁলোকক পূজা কৰে।" তেওঁ দিব্যাংগসকলৰ বাবে আধুনিক সঁজুলি আৰু উমৈহতীয়া সাংকেতিক ভাষাৰ বিকাশৰ ব্যৱস্থাৰ কথা উল্লেখ কৰে। আজি গোৱালিয়ৰত দিব্যাংগ খেলুৱৈসকলৰ বাবে এটা নতুন ক্ৰীড়া কেন্দ্ৰ উদ্বোধন কৰা হয়। একেদৰে, ক্ষুদ্ৰ কৃষকসকলক কেইবা দশক ধৰি অৱহেলা কৰা হৈছিল, এতিয়া তেওঁলোকক গুৰুত্ব প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে চৰকাৰে এতিয়ালৈকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ জৰিয়তে দেশৰ প্ৰতিজন ক্ষুদ্ৰ কৃষকৰ একাউণ্টলৈ ২৮ হাজাৰ টকা প্ৰেৰণ কৰিছে। আমাৰ দেশত ২.৫ কোটি ক্ষুদ্ৰ কৃষক আছে, যিসকলে মোটা শস্যৰ খেতি কৰে। "আগতে সৰু খেতিয়কসকলে মোটা শস্য খেতি কৰাৰ বিষয়ে কোনেও চিন্তা কৰা নাছিল। তেওঁ লগতে কয়, আমাৰ চৰকাৰেই ভাৰতীয় খাদ্যক বাজৰাৰ পৰিচয় প্ৰদান কৰিছে আৰু ইয়াক সমগ্ৰ বিশ্বৰ বজাৰলৈ লৈ গৈছে"।

 

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ বিষয়ে মন্তব্য কৰে, যিয়ে কুমাৰ, লোহাৰ, সুথাৰ, চুনাৰ, মালাকাৰ, দৰ্জি, ধুবী, মুচি আৰু নাপিতসকলক লাভান্বিত কৰিব। সমাজৰ এই অংশটো পিছ পৰি থকা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "মোদীয়ে তেওঁলোকক আগুৱাই নিয়াৰ বাবে এক বৃহৎ অভিযান আৰম্ভ কৰিছে।" তেওঁ কয় যে চৰকাৰে তেওঁলোকৰ প্ৰশিক্ষণৰ বাবে ব্যয় বহন কৰিব আৰু আধুনিক সঁজুলিৰ বাবেও ১৫,০০০ টকা প্ৰদান কৰিব। তেওঁ আৰু কয় যে তেওঁলোকক লাখ লাখ টকাৰ সস্তীয়া ঋণ আগবঢ়োৱা হৈছে। তেওঁ কয়, "মোদীয়ে বিশ্বকৰ্মাসকলৰ ঋণৰ গেৰাণ্টি লৈছে"।

 

প্ৰধানমন্ত্ৰীয়ে দ্বৈত ইঞ্জিন চৰকাৰৰ ভৱিষ্যতমুখী দৃষ্টিভংগীৰ কথা উল্লেখ কৰে আৰু মধ্য প্ৰদেশক দেশৰ শীৰ্ষ ৰাজ্যসমূহৰ মাজলৈ অনাৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে।

 

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমৰ, ডঃ বীৰেন্দ্ৰ কুমাৰ আৰু জ্যোতিৰাদিত্য সিন্ধিয়া, সাংসদ তথা মধ্যপ্ৰদেশ চৰকাৰৰ মন্ত্ৰীসকল এই অনুষ্ঠানত উপস্থিত আছিল।

 

পৃষ্ঠভূমি

সমগ্ৰ দেশতে যোগাযোগ বৃদ্ধিৰ বাবে আন এক উদ্যোগ হিচাপে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১১,৮৯৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা দিল্লী-বদোদৰা এক্সপ্ৰেছৱে দেশবাসীৰ প্ৰতি সমৰ্পিত কৰে। তেওঁ ১৮৮০ কোটি টকাতকৈ অধিক মূল্যৰ পাঁচটা ভিন্ন পথ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব।

সকলোৰে নিজা ঘৰ থকাটো সুনিশ্চিত কৰাটো প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ প্ৰচেষ্টা হৈ আহিছে। এই দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে পিএমএৱাই-গ্ৰামীণৰ অধীনত নিৰ্মাণ কৰা ২.২ লাখতকৈও অধিক ঘৰৰ গৃহ প্ৰবেশ আৰম্ভ কৰে। তেওঁ প্ৰায় ১৪০ কোটি টকা ব্যয়েৰে পিএমএৱাই- নগৰৰ অধীনত নিৰ্মাণ কৰা ঘৰসমূহো উৎসৰ্গা কৰে।

 

চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হ'ল সুৰক্ষিত আৰু পৰ্যাপ্ত খোৱা পানী প্ৰদান কৰা। এই লক্ষ্যৰ লগতে প্ৰধানমন্ত্ৰীয়ে গোৱালিয়ৰ আৰু শ্বেওপুৰ জিলাত ১৫৩০ কোটি টকাতকৈ অধিক মূল্যৰ জল জীৱন মিছন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে একেলগে অঞ্চলটোৰ ৭২০ খনতকৈও অধিক গাঁৱক লাভান্বিত কৰিব।

 

স্বাস্থ্য আন্তঃগাঁথনি অধিক বৃদ্ধি কৰিব পৰা আন এক পদক্ষেপত প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযানৰ অধীনত নটা স্বাস্থ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। সেইবোৰ ১৫০ কোটি টকাৰ অধিক ব্যয়েৰে নিৰ্মাণ কৰা হ'ব।

 

প্ৰধানমন্ত্ৰীয়ে আইআইটি ইন্দোৰৰ শৈক্ষিক ভৱন উৎসৰ্গা কৰে আৰু চৌহদত হোষ্টেল আৰু অন্যান্য ভৱনৰ আধাৰশিলা স্থাপন কৰে। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে ইন্দোৰত মাল্টি-মডেল লজিষ্টিক পাৰ্কৰ আধাৰশিলাও স্থাপন কৰে। তেওঁ লগতে উজ্জয়িনীৰ ইণ্টিগ্ৰেটেড ইণ্ডাষ্ট্ৰিয়েল টাউনশ্বিপ, আইঅ'চিএল বটলিং প্ৰকল্প আৰু গোৱালিয়ৰৰ অটল বিহাৰী বাজপেয়ী দিব্যাংগ ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰৰ লগতে বিভিন্ন প্ৰকল্প উৎসৰ্গা কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt

Media Coverage

Project Cheetah: How A Species Declared Extinct During Nehru Era Returned To India Under Modi Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister inaugurates Namo Hospital at Daman
June 05, 2026

Prime Minister Shri Narendra Modi today inaugurated the Namo Hospital at Daman. He stated that this is in line with the ongoing efforts towards providing quality health treatment to the people, noting that the hospital features modern facilities and will go a long way in addressing the healthcare needs of the Union Territory and surrounding areas.

The Prime Minister posted on X:

"In line with our efforts towards providing quality health treatment to the people, the Namo Hospital at Daman was inaugurated. It has modern facilities and will go a long way in addressing the healthcare needs of the Union Territory and surrounding areas."