ইজৰাইল ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম  বেঞ্জামিন নেতানিয়াহুক  ২০২৬ চনৰ ২৬ ফেব্ৰুৱাৰীত জেৰুজালেমত সাক্ষাৎ কৰে।

দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত-ইজৰাইলৰ অংশীদাৰিত্বৰ সমগ্ৰ বিষয় সামৰি লৈ বিস্তৃত আলোচনা কৰে। দুয়োখন দেশৰ মাজত গভীৰ আস্থা আৰু বন্ধুত্বক প্ৰতিফলিত কৰি নেতাসকলে দ্বিপাক্ষিক সম্পৰ্কক "শান্তি, উদ্ভাৱন আৰু সমৃদ্ধিৰ বাবে বিশেষ কৌশলগত অংশীদাৰিত্ব"লৈ উন্নীত কৰাৰ সিদ্ধান্ত লয়। এই বৈঠক ক্ৰমবৰ্ধমান অভিসৰণ আৰু নিৰাপদ তথা  সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে দুয়োখন দেশৰ ভাগ-বাটোৱাৰা কৰা দৃষ্টিভংগীৰ প্ৰতীক হিচাবে পৰিগণিত হৈছে।

 

দুয়োগৰাকী নেতাই সকলো ক্ষেত্ৰতে দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিক লৈ সন্তুষ্টি প্ৰকাশ কৰি বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, মহাকাশ, শক্তি, জটিল প্ৰযুক্তি, চাইবাৰ সুৰক্ষা, শিক্ষা, বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা আৰু অধিক সম্প্ৰসাৰণৰ বাবে সন্মত হয়। কৃষি, জল ব্যৱস্থাপনা, ষ্টাৰ্ট-আপ, ফিনটেক, ডিজিটেল স্বাস্থ্যসেৱা, জৈৱ প্ৰযুক্তি আৰু উন্নত ফাৰ্মাৰ ক্ষেত্ৰত ভাৰত-ইজৰাইলৰ অংশীদাৰিত্বৰ পৰিৱৰ্তনশীল সম্ভাৱনাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে। দুয়োগৰাকী নেতাই গতিশীলতা অংশীদাৰিত্ব সম্প্ৰসাৰণৰ নতুন পদক্ষেপক আদৰণি জনায়, যিয়ে জনসাধাৰণৰ মাজত সম্পৰ্কক আৰু অধিক শক্তিশালী কৰি তুলিব।

প্ৰস্তাৱিত মুক্ত বাণিজ্য চুক্তিখন আগতীয়াকৈ সমাপ্ত কৰাৰ আহ্বান জনাই তেওঁলোকে উল্লেখ কৰে যে দ্বিপাক্ষিক বিনিয়োগ চুক্তি, ভাৰত-ইজৰাইল উদ্ভাৱন সেতু , ভাৰত-ইজৰাইল উদ্ভাৱন কেন্দ্ৰ কৃষি আৰু ভাৰত-ইজৰাইল ঔদ্যোগিক অনুসন্ধান আৰু বিকাশ আৰু উদ্ভাৱন পুঁজিয়ে দুয়োখন দেশৰ মাজত অৰ্থনৈতিক, উদ্যোগীকৰণ আৰু বৈজ্ঞানিক সহযোগিতাৰ যথেষ্ট বৃদ্ধি কৰিব। ভাৰতৰ প্ৰতিভাৱান কৰ্মশক্তি আৰু ইজৰাইলৰ উদ্ভাৱনক একত্ৰিত কৰি এআই, অৰ্ধপৰিবাহী, কোৱাণ্টাম আৰু অন্যান্য অত্যাধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত অধিক সহযোগিতাৰ আহ্বান জনায়।

 

দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰতো আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে গাজা শান্তি পৰিকল্পনাৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি এই পদক্ষেপে অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। আইমেক আৰু আই২ইউ২  পদক্ষেপৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত অধিক ঘনিষ্ঠ সহযোগিতাৰো আহ্বান জনায় দুয়োগৰাকী নেতাই। সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বজুৰি চলি থকা  যুঁজখন শক্তিশালী কৰাৰ সংকল্পও গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজত ইজৰাইলে আগবঢ়োৱা সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰী নেতানিয়াহুক ধন্যবাদ জনায়।

আলোচনাৰ পিছত কেইবাখনো চুক্তি আৰু বুজাবুজিৰ স্মাৰক আদান-প্ৰদান কৰা হয় । [Link]. প্ৰধানমন্ত্ৰী মোদীৰ  ভ্ৰমণ উপলক্ষে দ্বিপাক্ষিক অংশীদাৰিত্বৰ ভৱিষ্যতৰ কাৰ্য্যপন্থাৰ ৰূপৰেখা দাঙি ধৰা এক যৌথ বিবৃতি গ্ৰহণ কৰা হয়।

 [Link].

 

প্ৰধানমন্ত্ৰী মোদীয়ে য়ে প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ উষ্ম আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
National Technology Day Special: India’s patent boom is rewiring the auto industry

Media Coverage

National Technology Day Special: India’s patent boom is rewiring the auto industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 মে’ 2026
May 12, 2026

Building a Trusted India: Modi's Leadership in Finance, Manufacturing, and Global Partnerships