বাৰাণসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ ৰে'লৰ ফ্লেগ অফ কৰে
স্মাৰ্ট চিটি মিছনৰ অধীনত ইউনিফাইড টুৰিষ্ট পাছ ব্যৱস্থা আৰম্ভ
“কাশীৰ নাগৰিকৰ কামত যেতিয়া প্ৰশংসাৰ বৰষুণ হয় তেতিয়া মই অপৰিসীম গৌৰৱ অনুভৱ কৰোঁ”
“কাশী সমৃদ্ধিশালী হ’লে ইউ পি সমৃদ্ধিশালী হয়, আৰু ইউ পি সমৃদ্ধিশালী হ’লে দেশ সমৃদ্ধিশালী হয়”
“সমগ্ৰ দেশৰ লগতে কাশী বিকশিত ভাৰতৰ সংকল্পৰ প্ৰতি দায়বদ্ধ”
“মোদী কি গ্যাৰাণ্টী কি গাড়ী ছুপাৰ হিট কাৰণ চৰকাৰে নাগৰিকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছে, আনফালে ঘূৰা নাই”
“এই বছৰ বানাছ ডেইৰীয়ে ইউ পিৰ কৃষকক এক হাজাৰ কোটিতকৈ অধিক টকা প্ৰদান কৰিছে”
“পূৰ্বাঞ্চলৰ এই সমগ্ৰ অঞ্চলটো দশক দশক ধৰি অৱহেলিত হৈ আহিছে যদিও মহাদেৱৰ আশীৰ্বাদত এতিয়া মোদী আপোনালোকৰ সেৱাত নিয়োজিত”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত ১৯,১৫০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশৰ প্ৰতি উৎসৰ্গা কৰে।

 

প্ৰকল্পসমূহৰ ভিতৰত আছে প্ৰায় ১০,৯০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নিউ পণ্ডিত দীনদয়াল উপাধ্যায় নগৰ-নিউ ভৌপুৰ ডেডিকেটেড ফ্ৰেইট কৰিডৰ প্ৰকল্পৰ উদ্বোধন আৰু অন্যান্য ৰে’ল প্ৰকল্প। তেওঁ নতুনকৈ উদ্বোধন কৰা ডেডিকেটেড ফ্ৰেইট কৰিডৰত বাৰাণসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল, দোহৰীঘাট-মাউ মেমু ৰে’ল আৰু এযোৰ লং হ’ল গুডছ ৰে’লৰ ফ্লেগ অফ কৰে। বেনাৰস ইঞ্জিন ৱৰ্কছৰ দ্বাৰা নিৰ্মিত ১০,০০০ সংখ্যক ইঞ্জিনকো তেওঁ ফ্লেগ অফ কৰে। তেওঁ ৩৭০ কোটিতকৈ অধিক ব্যয় সাপেক্ষে দুটা আৰ অ’ বিৰ সৈতে সেউজ ক্ষেত্ৰ শিৱপুৰ-ফুলৱাৰিয়া-লাহৰতৰা পথ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা আন মূল প্ৰকল্পসমূহৰ ভিতৰত আছে ২০টা পথ শক্তিশালী আৰু বহল কৰা; কাইঠি গাঁৱৰ সংগম ঘাট পথ আৰু পণ্ডিত দীনদয়াল উপাধ্যায় চিকিৎসালয়ত আৱাসিক ভৱন নিৰ্মাণ, পুলিচ লাইন আৰু পি এ চি ভুলনপুৰৰ দুটা ২০০ আৰু ১৫০ বিচনাযুক্ত বহুমহলীয়া বেৰেক বিল্ডিং, ৯টা স্থানত নিৰ্মাণ কৰা স্মাৰ্ট বাছ আশ্ৰয় শিবিৰ আৰু আলাইপুৰত নিৰ্মাণ কৰা ১৩২ কিলোৱাট চাবষ্টেচন নিৰ্মাণৰ কাম। তেওঁ স্মাৰ্ট চিটি মিছনৰ অধীনত ইউনিফাইড টুৰিষ্ট পাছ ছিষ্টেমো আৰম্ভ কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৪০০০ কোটি টকা ব্যয় সাপেক্ষে চিত্ৰকূট জিলাত ৮০০ মেগাৱাট শক্তিৰ সৌৰ উদ্যান, ১০৫০ কোটি টকাৰো অধিক ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া মিৰ্জাপুৰত নতুন পেট্ৰলিয়াম তেল টাৰ্মিনেল, ৯০০ কোটি টকাতকৈ অধিক ব্যয়ৰে বাৰাণসী-ভাদোহী ৰাষ্ট্ৰীয় ঘাইপথ ৭৩১ বি (পেকেজ-২) বহল কৰা; জল জীৱন মিছনৰ অধীনত ২৮০ কোটি টকা ব্যয় সাপেক্ষে ৬৯খন গ্ৰাম্য খোৱাপানী আঁচনিৰ লগতে স্বাস্থ্য খণ্ডৰ বিভিন্ন প্ৰকল্পকে ধৰি ৬৫০০ কোটিৰো অধিক টকা মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

সভাত ভাষণ দি, প্ৰধানমন্ত্ৰীয়ে দেৱ দীপাৱলীৰ সময়ত সৰ্বাধিক বন্তি জ্বলাই গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়ি তোলাৰ বাবে বাৰাণসীবাসীক অভিনন্দন জ্ঞাপন কৰে। এই দৃশ্য প্ৰত্যক্ষভাৱে অনুভৱ কৰিবলৈ উপস্থিত নাথাকিলেও, প্ৰধানমন্ত্ৰীয়ে কয় যে বিদেশী বিশিষ্ট ব্যক্তি আৰু পৰ্যটককে ধৰি বাৰাণসী ভ্ৰমণ কৰাসকলে তেওঁক আপডেট কৰি ৰাখিছিল আৰু বাৰাণসী আৰু ইয়াৰ নাগৰিকসকলৰ বাবে প্ৰশংসা শুনি তেওঁ গৌৰৱ অনুভৱ কৰিছিল। “কাশীৰ নাগৰিকৰ কামত যেতিয়া প্ৰশংসাৰ বৰষুণ হয় তেতিয়া মই অপৰিসীম গৌৰৱ অনুভৱ কৰোঁ”, প্ৰধানমন্ত্ৰীয়ে কয়, তেওঁ লগতে কয় যে ভগৱান মহাদেৱৰ ভূমিৰ সেৱাৰ প্ৰতি সমৰ্পণ কেতিয়াও অত্যধিক হ’ব নোৱাৰে।

 

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ২০ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপনত দিয়া ভাষণত কয় যে যেতিয়া কাশী সমৃদ্ধিশালী হয় তেতিয়া ইউপি সমৃদ্ধিশালী হয় আৰু যেতিয়া ইউপি সমৃদ্ধিশালী হয় তেতিয়া দেশ সমৃদ্ধিশালী হয়। তেওঁ কয় যে এই প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনৰ সময়ত মোৰ এই আত্মবিশ্বাসৰে অনুভৱ হৈছে। শ্ৰী মোদীয়ে বাৰাণসীৰ গাঁওসমূহত, পানী যোগান, বি এইচ ইউ ট্ৰমা চেণ্টাৰত ক্ৰিটিকেল কেয়াৰ ইউনিট, পথ, ৰে'লৱে, বিমানবন্দৰ, শক্তি, সৌৰশক্তি, গংগা ঘাট আৰু আন বহু ক্ষেত্ৰৰ কথা উল্লেখ কৰি কয় যে ইয়াৰ ফলত অঞ্চলটোৰ উন্নয়নৰ গতি বৃদ্ধি পাব। তেওঁ কালি সন্ধিয়া কাশী-কন্যাকুমাৰী তামিল সংগমম ৰে’লৰ ফ্লেগ অফ কৰাৰ কথা উল্লেখ কৰি আজি বাৰাণসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ আৰু দোহৰীঘাট-মাউ মেমু ৰে’লক ফ্লেগ অফ কৰাৰ কথাও উল্লেখ কৰে। তেওঁ আজিৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে সকলো নাগৰিককে অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “সমগ্ৰ দেশৰ লগতে কাশীও উন্নত ভাৰতৰ সংকল্পৰ প্ৰতি দায়বদ্ধ”। তেওঁ কয় যে বিকশিত ভাৰত সংকল্প যাত্ৰা হাজাৰ হাজাৰ গাঁও-নগৰত উপনীত হৈছে, য’ত কোটি কোটি নাগৰিকে ইয়াৰ সৈতে সংযুক্ত হৈছে। শ্ৰী মোদীয়ে বাৰাণসীত বিকশিত ভাৰত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰি কয় যে বিকশিত ভাৰত সংকল্প যাত্ৰা (ভিবিএছৱাই) ভ্যানক মানুহে ‘মোদীৰ গ্যাৰাণ্টীৰ গাড়ী’ বুলি কয়। তেওঁ কয়, "চৰকাৰৰ লক্ষ্য হৈছে সেই সকলো যোগ্য নাগৰিকক চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত কৰা যি ইয়াৰ হকদাৰ।" প্ৰধানমন্ত্ৰীয়ে ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে এইখন সেই চৰকাৰ যি নাগৰিকৰ সৈতে সম্পৰ্ক বজাই ৰাখিছে আৰু তেওঁলোকৰ পৰা বিচ্ছিন্ন নহয়। প্ৰধানমন্ত্ৰীয়ে কয়, "মোদীৰ গ্যাৰাণ্টীৰ গাড়ী ছুপাৰ হিট।" তেওঁ কয় যে যি লাভাৰ্থী পূৰ্বতে চৰকাৰী কল্যাণমূলক আঁচনিৰ পৰা বঞ্চিত হৈছিল তেওঁলোকক বাৰাণসীত ভিবিএছৱাইৰ সৈতে জড়িত কৰা হৈছে। তেওঁ বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সময়ত লাভ কৰা আয়ুষ্মান কাৰ্ড, বিনামূলীয়া ৰেচন কাৰ্ড, পকা ঘৰ, টেপৰ পানীৰ সংযোগ আৰু উজ্জ্বলা গেছ সংযোগ আদি সুবিধাৰ উদাহৰণ দাঙি ধৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিকশিত ভাৰত সংকল্প যাত্ৰাই মানুহৰ মাজত আন যিকোনো মাধ্যমতকৈ অধিক মানুহৰ আস্থা জগাই তুলিছে। এই বিশ্বাসে ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সংকল্পক অধিক শক্তিশালী কৰি তুলিছে। প্ৰধানমন্ত্ৰীয়ে অংগনৱাড়ী শিশুসকলৰ আস্থাত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সময়ত এগৰাকী হিতাধিকাৰী তথা লাখপতি দিদি শ্ৰীমতী চন্দা দেৱীৰ সৈতে হোৱা বাৰ্তালাপৰো শলাগ লয়। বিকশিত ভাৰত সংকল্প যাত্ৰাত নিজৰ জ্ঞান-বৰ্ধনৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "বিকশিত ভাৰত সংকল্প যাত্ৰাই ৰাজহুৱা খণ্ডত কাম কৰাসকলৰ বাবে এক ভ্ৰমণকাৰী বিশ্ববিদ্যালয়ৰ অভিজ্ঞতা প্ৰদান কৰে।"

 

প্ৰধানমন্ত্ৰীয়ে মহানগৰখনৰ সৌন্দৰ্য্যবৰ্ধনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে বিশ্বাস আৰু পৰ্যটনৰ কেন্দ্ৰ হিচাপে কাশীৰ গৌৰৱ দিনক দিনে বৃদ্ধি পাইছে। তেওঁ কয় যে কাশীত পৰ্যটনে কৰ্মসংস্থাপনৰ নতুন পথ সৃষ্টি কৰিছে কিয়নো জীৰ্ণোদ্ধাৰৰ পাছত ১৩ কোটিৰো অধিক ভক্তই কাশী বিশ্বনাথ ধামত দৰ্শন কৰিছে। তেওঁ স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক দিয়া ভাষণত দিয়া বাৰ্তাৰ কথাও সোঁৱৰাই দিয়ে, যেতিয়া তেওঁ দেশবাসীক আহ্বান জনাইছিল যে তেওঁলোকে বিদেশলৈ যোৱাৰ পৰিকল্পনা কৰাৰ পূৰ্বে ১৫টা ঘৰুৱা পৰ্যটনস্থলী পৰিদৰ্শন কৰক। তেওঁ এই কথাত সন্তুষ্টি প্ৰকাশ কৰে যে মানুহে ঘৰুৱা পৰ্যটন গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে স্মাৰ্ট চিটি মিছনৰ অধীনত সংহত পৰ্যটন পাছ ব্যৱস্থাকে ধৰি চহৰৰ বিষয়ে তথ্য প্ৰদান কৰিবলৈ পৰ্যটন ৱেবছাইট ‘কাশী’ মুকলি কৰাৰ লগতে পৰ্যটন সুবিধাৱলীত সংস্কাৰৰ বাবে পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। তেওঁ গংগা ঘাটত নৱীকৰণ কাৰ্য আৰম্ভ কৰা, আধুনিক বাছ আশ্ৰয়, বিমানবন্দৰ আৰু ৰে'ল ষ্টেচনত সা-সুবিধা আদিৰ কথাও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰে’লৱে সম্পৰ্কীয় প্ৰকল্পসমূহৰ সবিশেষ অৱগত কৰি, সমৰ্পিত পূব আৰু পশ্চিম মালবাহী কৰিড’ৰ, নিউ পণ্ডিত দীনদয়াল উপাধ্যায় নগৰ-নিউ ভাউপুৰৰ উদ্বোধনী সন্দৰ্ভত আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে স্থানীয় কাৰখানাত নিৰ্মিত ১০,০০০তম ৰে’ল ইঞ্জিন কাৰ্যক্ষম হোৱাত সুখ প্ৰকাশ কৰে। তেওঁ সৌৰ-শক্তি খণ্ডত ডাবল ইঞ্জিন চৰকাৰৰ প্ৰচেষ্টাৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে চিত্ৰকুটত ৮০০ মেগাৱাট শক্তিৰ সৌৰশক্তি উদ্যানখন উত্তৰ প্ৰদেশত নিৰ্ভৰযোগ্য বিদ্যুৎ যোগানৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ নিদৰ্শন। শ্ৰী মোদীয়ে কয় যে দেৱৰাই আৰু মিৰ্জাপুৰৰ এই সুবিধাসমূহে ৰাজ্যখনত পেট্ৰ’ল ডিজেল, বায়’-চিএনজি আৰু ইথানল প্ৰচেছিঙৰ ক্ষেত্ৰত পেট্ৰলিয়াম সামগ্ৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ পূৰ্ব চৰ্ত হিচাপে নাৰী শক্তি, যুৱ শক্তি, কৃষক আৰু দৰিদ্ৰ লোকৰ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে কয় যে তেওঁৰ বাবে এয়া মাত্ৰ চাৰিটা জাতি আৰু ইয়াক শক্তিশালী কৰিলেহে দেশ শক্তিশালী হ’ব। এই আস্থাৰেই প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে কৃষকৰ কল্যাণক অগ্ৰাধিকাৰ দিছে আৰু পি এম কিষাণ সন্মান নিধিৰ দৰে আঁচনিৰ কথা উল্লেখ কৰে য’ত ৩০ হাজাৰ কোটি টকা কৃষকৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছে, কিষাণ ক্ৰেডিট কাৰ্ড, প্ৰাকৃতিক কৃষিৰ ওপৰত জোৰ আৰু কৃষকৰ ড্ৰোন, যাৰ ফলত সাৰ স্প্ৰে কৰাটো সহজ হৈ পৰিব। তেওঁ নমো ড্ৰোন দিদি কাৰ্যসূচীৰ কথাও উল্লেখ কৰে য’ত আত্মসহায়ক গোটৰ সৈতে জড়িত মহিলাসকলক প্ৰশিক্ষণ দিয়া হ’ব।

আগন্তুক আধুনিক বানাস দুগ্ধ উদ্যোগৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বানাস ডেইৰীয়ে ৫০০ কোটিতকৈ অধিক টকা বিনিয়োগ কৰি আছে আৰু দুগ্ধ পশুধন বৃদ্ধিৰ বাবে অভিযান চলাই আছে। তেওঁ কয় যে বানাস ডেইৰী বেনাৰসৰ খেতিয়কসকলৰ বাবে আশীৰ্বাদ হিচাপে প্ৰমাণিত হ’ব। লক্ষ্ণৌ আৰু কানপুৰত বানাস ডেইৰীৰ প্ৰকল্প আগৰেপৰাই চলি আছে। এইবছৰ বানাস ডেইৰীয়ে উত্তৰ প্ৰদেশৰ ৪ হাজাৰৰো অধিক গাঁৱৰ কৃষকক এক হাজাৰ কোটিতকৈ অধিক টকা প্ৰদান কৰিছে। বানাস ডেইৰীয়ে উত্তৰ প্ৰদেশৰ দুগ্ধ পালকৰ একাউণ্টত লভ্যাংশ হিচাপে ১০০ কোটিৰো অধিক টকা জমা কৰিছে ।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে বাৰাণসীৰ উন্নয়নৰ ধাৰাটোৱে সমগ্ৰ অঞ্চলটোক নতুন উচ্চতালৈ লৈ যাব। তেওঁ কয় যে দশক দশক ধৰি পূৰ্বাঞ্চল অৱহেলিত হ’লেও মহাদেৱৰ আশীৰ্বাদত এতিয়া মোদী ইয়াৰ সেৱাত নিয়োজিত। কেইমাহমানৰ পিছত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মোদীয়ে তৃতীয় কাৰ্যকালত ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে গঢ়ি তোলাৰ গ্যাৰাণ্টী প্ৰদান কৰিছে। আজি যদি মই দেশক এই গ্যাৰাণ্টী দিছোঁ, তেন্তে সেয়া আপোনালোক সকলোৰে বাবে, মোৰ কাশীৰ পৰিয়ালৰ সদস্যসকলৰ বাবে। আপোনালোক সদায় মোৰ সংকল্পক শক্তিশালী কৰি মোৰ কাষত থিয় দিছে।

 

এই উপলক্ষে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীযুত যোগী আদিত্যনাথ, উপ-মুখ্যমন্ত্ৰী শ্ৰীযুত কেশৱ প্ৰসাদ মৌৰ্য আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰীসকল উপস্থিত থাকে।

পৃষ্ঠভূমি

বিগত ৯ বছৰত প্ৰধানমন্ত্ৰীয়ে বাৰাণসীৰ পৰিদৃশ্য সলনি কৰা আৰু বাৰাণসী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰা লোকসকলৰ জীৱন যাপন সহজ কৰি তোলাত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। এই দিশত আন এক পদক্ষেপ গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৯,১৫০ কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।

প্রধানমন্ত্রীয়ে প্রায় ১০,৯০০ কোটি টকা ব্যয় সাপেক্ষে নির্মিত নিউ পণ্ডিত দীনদয়াল উপাধ্যায় নগৰ-নিউ ভাউপুৰ ডেডিকেটেড মালবাহী কৰিডৰ প্রকল্প উদ্বোধন কৰে৷ উদ্বোধন হ’বলগীয়া আন ৰে’ল প্ৰকল্পসমূহৰ ভিতৰত আছে বালিয়া-গাজীপুৰ চহৰৰ ৰে’ল লাইন ডাবলিং প্ৰকল্প; ইন্দৰা-দোহৰিঘাট ৰে'লৱে লাইন গেজ ৰূপান্তৰ প্ৰকল্পকে ধৰি অন্যান্য আঁচনিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে নৱ উদ্বোধন কৰা ডেডিকেটেড ফ্ৰেইট কৰিডৰত বাৰাণসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল, দোহাৰিঘাট-মাউ মেমু ৰে’ল আৰু দুখন দীৰ্ঘ দূৰত্বৰ মালবাহী ৰে’লৰ ফ্লেগ অফ কৰে। তেওঁ বেনাৰস লকমটিভ ৱৰ্কছে নিৰ্মাণ কৰা ১০ হাজাৰতম ইঞ্জিনটোও ফ্লেগ অফ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ৩৭০ কোটি টকাৰো অধিক ব্যয়ৰে নিৰ্মিত দুখন ৰে'লৱে অভাৰ ব্ৰীজ (আৰঅ'বই)ৰ লগতে সেউজ-ক্ষেত্ৰ শিৱপুৰ-ফুলৱাৰিয়া-লাহৰতৰা পথটো উদ্বোধন কৰে। ইয়াৰ ফলত বাৰাণসী চহৰৰ উত্তৰ আৰু দক্ষিণ অংশৰ মাজত যাতায়ত সহজ হ’ব আৰু দৰ্শনাৰ্থীৰ সুবিধা বৃদ্ধি পাব। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া আন আন বৃহৎ প্ৰকল্পসমূহৰ ভিতৰত ২০টা পথ শক্তিশালী আৰু বহল কৰা; কেঠি গাঁৱত সংগম ঘাট পথ আৰু পণ্ডিত দীনদয়াল উপাধ্যায় চিকিৎসালয়ৰ আৱাসগৃহ নিৰ্মাণৰ কামো অন্তৰ্ভুক্ত।

তদুপৰি, আৰক্ষী কৰ্মীৰ থকাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে পুলিচ লাইন আৰু পিএচি ভুল্লানপুৰত ২০০ আৰু ১৫০খনকৈ বিচনাযুক্ত দুটা বহুমহলীয়া বেৰেক বিল্ডিং, ৯টা স্থানত নিৰ্মিত স্মাৰ্ট বাছ আশ্ৰয় আৰু আলাইপুৰত নিৰ্মাণ কৰা ১৩২ কিলোৱাট ছাবষ্টেচনৰ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে।

স্মাৰ্ট চিটি মিছনৰ অধীনত প্ৰধানমন্ত্ৰীয়ে পৰ্যটকৰ বিশদ তথ্যৰ বাবে এটা ৱেবছাইট আৰু এক সংহত পৰ্যটক পাছ ব্যৱস্থা মুকলি কৰে। এই সংহত পাছৰ জৰিয়তে শ্ৰী কাশী বিশ্বনাথ ধাম, গংগা ক্ৰুজ আৰু সাৰনাথৰ লাইট এণ্ড ছাউণ্ড শ্ব’ৰ বাবে একক প্লেটফৰ্মৰ টিকট বুকিং প্ৰদান কৰা হ’ব, যি সংহত কিউআৰ ক’ড সেৱা প্ৰদান কৰিব।

 

ইয়াৰ উপৰিও, প্ৰধানমন্ত্ৰীয়ে ৬৫০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। অনবীকৰণযোগ্য শক্তি সম্পদৰ উৎপাদন বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৪০০০ কোটি টকা ব্যয় সাপেক্ষে চিত্ৰকুট জিলাত ৮০০ মেগাৱাট শক্তিৰ সৌৰ উদ্যানৰ আধাৰশিলা স্থাপন কৰে। পেট্ৰলিয়াম যোগান শৃংখল বৃদ্ধিৰ বাবে তেওঁ মিৰ্জাপুৰত ১০৫০ কোটি টকাৰো অধিক ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া নতুন পেট্ৰলিয়াম তেল টাৰ্মিনেল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব।

প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা আন আন প্ৰকল্পসমূহৰ ভিতৰত ৯০০ কোটিৰো অধিক ব্যয় সাপেক্ষে বাৰাণসী-ভাদোহী ৰাষ্ট্ৰীয় ঘাইপথ এনএইচ ৭৩১ বি (পেকেজ-২)ৰ বহল কৰা; জল জীৱন মিছনৰ অধীনত ২৮০ কোটি টকা ব্যয় সাপেক্ষে ৬৯খন গ্ৰাম্য খোৱাপানী আঁচনি; বি এইচ ইউ ট্ৰমা চেণ্টাৰত ১৫০খন বিচনা ক্ষমতাসম্পন্ন ক্ৰিটিকেল কেয়াৰ ইউনিট নিৰ্মাণ; ৮টা গংগা ঘাটৰ পুনৰ উন্নয়নৰ কাম, দিব্যাংগ আৱাসিক মাধ্যমিক বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য্য আৰু অন্যান্য আঁচনিসমূহ অন্তৰ্ভুক্ত আছে।

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India among Asia's fastest-growing green economies with $110 billion revenue in 2025: LSEG

Media Coverage

India among Asia's fastest-growing green economies with $110 billion revenue in 2025: LSEG
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to Bankim Chandra Chattopadhyay on His Jayanti
June 26, 2026

The Prime Minister, Shri Narendra Modi, today, paid tributes to the great Bankim Chandra Chattopadhyay on his Jayanti, remembering him as a towering literary luminary whose writings ignited the spirit of patriotism and cultural pride among generations of Indians.

Highlighting the significance of the year, Shri Modi noted that India is commemorating the 150th anniversary of Vande Mataram. He remarked that through Vande Mataram, Bankim Chandra Chattopadhyay gifted the Indian freedom movement and the nation one of its most enduring sources of inspiration.

The Prime Minister posted on X:

Tributes to the great Bankim Chandra Chattopadhyay on his Jayanti.

A towering literary luminary, his writings awakened a spirit of patriotism and cultural pride among generations of Indians. His rich literary work continues to illuminate minds and strengthen our collective resolve towards nation-building.

This is a time when we are marking the 150th anniversary of Vande Mataram. Through Vande Mataram, he gifted the freedom movement and our nation one of its most enduring inspirations.

মহান বঙ্কিম চন্দ্র চট্টোপাধ্যায়ের জয়ন্তীতে তাঁর প্রতি শ্রদ্ধাঞ্জলি।

এক সুবিশাল সাহিত্যিক আলোকবর্তিকা হিসেবে, তাঁর লেখা প্রজন্মান্তরের ভারতীয়দের মধ্যে দেশপ্রেম এবং সাংস্কৃতিক গৌরবের চেতনা জাগ্রত করেছিল। তাঁর সমৃদ্ধ সাহিত্যকর্ম মনকে উদ্ভাসিত করে চলেছে এবং জাতি গঠনের প্রতি আমাদের সম্মিলিত সংকল্পকে শক্তিশালী করছে।

এখন আমরা বন্দে মাতরমের ১৫০তম বার্ষিকী উদযাপন করছি। বন্দে মাতরমের মাধ্যমে, তিনি স্বাধীনতা আন্দোলন এবং আমাদের জাতিকে অন্যতম দীর্ঘস্থায়ী অনুপ্রেরণা উপহার দিয়েছিলেন।