“ভাৰতীয় ইতিহাসত, মিৰাট কেৱল এখন চহৰেই নহয়, বৰঞ্চ সংস্কৃতি আৰু শক্তিৰো এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ"
“দেশখনত ক্ৰীড়াৰ বিকাশ সাধনৰ অৰ্থে, যুৱ সমাজৰ ক্ৰীড়াৰ ওপৰত বিশ্বাস থকাটো প্ৰয়োজনীয় আৰু ক্ৰীড়াক বৃত্তি হিচাপে ল'বলৈ উৎসাহিত কৰাটো উচিত। এয়া মোৰ সংকল্প আৰু মোৰ সপোন"
“গাওঁ আৰু সৰু চহৰসমূহত ক্ৰীড়া আন্তঃগাঁথনিৰ আগমনৰ লগে-লগেই, এই ঠাইসমূহৰপৰা খেলুৱৈৰ সংখ্যা বৃদ্ধি পাইছে"
“সম্পদ আৰু নতুন শাখাৰ সৈতে উদীয়মান ক্ৰীড়া বাতাবৰণে নতুন সম্ভাৱনা সৃষ্টি কৰিছে। ই ক্ৰীড়াৰ দিশে আগবাঢ়ি যোৱাটো সঠিক সিদ্ধান্ত বুলি সমাজখনত বিশ্বাস প্ৰোথিত কৰিছে"
“মিৰাট কেৱল ভকেল ফৰ লোকেলেই নহয় বৰঞ্চ ই লোকেলকো গ্ল’বেললৈ পৰিৱৰ্তন কৰিছে"
“আমাৰ লক্ষ্য স্পষ্ট। যুৱ সমাজ কেৱল আদৰ্শ হোৱাই নহয় বৰঞ্চ তেওঁলোকৰ আদৰ্শকো স্বীকৃতি প্ৰদান কৰিব লাগে"


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ মিৰাটত মেজৰ ধ্যান চান্দ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। ক্ৰীড়া বিশ্ববিদ্যালয়খনি প্ৰায় ৭০০ কোটি টকা আনুমানিক ব্যয়সাপেক্ষে প্ৰতিষ্ঠা কৰা হ'ব আৰু ইয়াক চিনথেটিক হকী গ্ৰাউণ্ড, ফুটবল গ্ৰাউণ্ড, বাস্কেটবল/ ভলীবল/ হেণ্ডবল/ কাবাডী গ্ৰাউণ্ড, লন টেনিছ ক’ৰ্ট, জিমনেছিয়াম হল, চিনথেটিক ৰাণিং ষ্টেডিয়াম, চুইমিং পুল, মাল্টিপাৰ্পাছ হল আৰু চাইক্লিং ভেলোড্ৰমকে ধৰি আধুনিক আৰু অত্যাধুনিক ক্ৰীড়া আন্তঃগাঁথনিৰে সজ্জিত কৰা হ'ব। বিশ্ববিদ্যালয়খনত অন্যান্য সুবিধাসমূহৰ লগতে শ্বুটিং, স্কোৱাছ, জিমনাষ্টিকছ, ভাৰোত্তোলন, আৰ্চাৰী, কেনোয়িং আৰু কায়াকিঙৰ সুবিধাও থাকিব। বিশ্ববিদ্যালয়খনত ৫৪০ গৰাকী মহিলা আৰু ৫৪০ জন পুৰুষ খেলুৱৈকে ধৰি ১০৮০ জন খেলুৱৈক প্ৰশিক্ষণ প্ৰদান কৰিবপৰা হ’ব।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বাধীন ভাৰতক এক নতুন মাত্ৰা প্ৰদানৰ ক্ষেত্ৰত মিৰাট আৰু ইয়াৰ চাৰিওফালৰ অঞ্চলৰ গুৰুত্বপূৰ্ণ বৰঙণিৰ কথা উল্লেখ কৰে। তেখেতে কয়, অঞ্চলটোৰ ৰাইজে ৰাষ্ট্ৰখনৰ সুৰক্ষাৰ বাবে সীমান্তত বলিদান দিছে আৰু খেলপথাৰত দেশখনৰ সন্মান বৃদ্ধি কৰিছে। এই অঞ্চলে দেশপ্ৰেমৰ শিখাডাল সজীৱ কৰি ৰাখিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। "ভাৰতীয় ইতিহাসত, মিৰাট কেৱল এখন চহৰেই নহয়, বৰঞ্চ সংস্কৃতি আৰু শক্তিৰো এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বাধীনতা সংগ্ৰহালয়, অমৰ জোৱান জ্যোতি আৰু বাবা অঘৰ নাথ জীৰ মন্দিৰৰ উদ্দীপনা অনুভৱৰে তেখেতৰ উল্লাসৰ কথা বৰ্ণনা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মেজৰ ধ্যান চান্দক স্মৰণ কৰে। কেইমাহমান পূৰ্বে, কেন্দ্ৰীয় চৰকাৰখনে দেশখনৰ সৰ্ববৃহৎ ক্ৰীড়া বঁটাটি ক্ৰীড়া আইকনগৰাকীৰ নামেৰে নামকৰণ কৰিছিল। মিৰাটৰ ক্ৰীড়া বিশ্ববিদ্যালয়খন আজি মেজৰ ধ্যান চান্দলৈ উৎসৰ্গা কৰা হৈছে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ প্ৰদেশত লোকাচাৰৰ পৰিৱৰ্তনৰ কথা উল্লেখ কৰে য'ত পূৰ্বে অপৰাধী আৰু মাফিয়াই নিজা খেল খেলিছিল। তেখেতে অবৈধ জীৱিকা, কন্যাক হাৰাশাস্তি কৰাৰ সময়বোৰৰ কথা স্মৰণ কৰে। তেখেতে পূৰ্বৰ নিৰাপত্তাহীনতা আৰু অনিয়মৰ কথা মনত পেলায়। তেখেতে প্ৰশংসা কৰি কয় যে এতিয়া যোগী চৰকাৰখনে এনে অপৰাধীসকলৰ মাজত আইনৰ ভয় জাপি দিছে। এই পৰিৱৰ্তনে সমগ্ৰ দেশখনৰ বাবে সুনাম কঢ়িয়াই অনাৰ লগতে কন্যাসকলৰ মাজত আত্মবিশ্বাস বঢ়াই তুলিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যুৱ সমাজ হৈছে নৱ্য ভাৰতৰ আধাৰশিলা আৰু সম্প্ৰসাৰণো। যুৱসকল হৈছে নৱ্য ভাৰতৰ আকৃতি প্ৰদান কৰোতা আৰু লগতে নেতা। আমাৰ যুৱপ্ৰজন্মৰ আজি প্ৰাচীনতাৰ ঐতিহ্য আৰু আধুনিকতাৰ অনুভূতিও আছে। আৰু সেয়েহে, যুৱসকল য'লৈ যাব, ভাৰতেও তালৈ আগবাঢ়িব। আৰু ভাৰত য'লৈ যায় পৃথিৱীখনো যাব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিগত কেইবছৰমানত তেখেতৰ চৰকাৰে ভাৰতীয় খেলুৱৈসকলক চাৰিটা আহিলা যথাঃ সমল, প্ৰশিক্ষণৰ বাবে আধুনিক সুবিধা, আন্তঃৰাষ্ট্ৰীয় প্ৰকাশ আৰু বাছনিত স্বচ্ছতা লাভ কৰিবলৈ সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশখনত ক্ৰীড়াৰ বিকাশ সাধনৰ অৰ্থে, যুৱ সমাজৰ ক্ৰীড়াৰ ওপৰত বিশ্বাস থকাটো প্ৰয়োজনীয় আৰু ক্ৰীড়াক বৃত্তি হিচাপে ল'বলৈ উৎসাহিত কৰাটো উচিত। “এয়া মোৰ সংকল্প আৰু মোৰ সপোনো! মই আমাৰ যুৱ প্ৰজন্মই যাতে আন বৃত্তিসমূহৰ দৰে ক্ৰীড়াক চায়, তাৰে কামনা কৰো", তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে অভিমত আগবঢ়াই কয় যে চৰকাৰখনে ক্ৰীড়াক নিয়োগৰে সংযুক্ত কৰিছে। টাৰ্গেট অলিম্পিক পডিয়াম (TOPS) ৰ দৰে আঁচনিসমূহে শীৰ্ষ খেলুৱৈসকলক সৰ্বোচ্চ পৰ্য্যায়ত প্ৰতিযোগিতা কৰিবলৈ সকলো ধৰণৰ সমৰ্থন আগবঢ়াইছে। খেলো ইণ্ডিয়া অভিযানে অতি সোনকালে প্ৰতিভাসমূহক স্বীকৃতি প্ৰদান কৰিছে আৰু তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বাবে প্ৰস্তুতি চলাবলৈ সকলো সমৰ্থন আগবঢ়াইছে। অলিম্পিক আৰু পেৰা-অলিম্পিকত ভাৰতৰ শেহতীয়া প্ৰদৰ্শন খেলপথাৰত নৱ্য ভাৰতৰ উত্থানৰ প্ৰমাণ বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। গাওঁ আৰু সৰু চহৰসমূহত ক্ৰীড়া আন্তঃগাঁথনিৰ আগমনৰ লগে-লগেই, এই ঠাইসমূহৰপৰা খেলুৱৈৰ সংখ্যা বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত ক্ৰীড়াক অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে। ক্ৰীড়াক এতিয়া বিজ্ঞান, বাণিজ্য বা অন্যান্য অধ্যয়নৰ দৰে একে পৰ্য্যায়তে ৰখা হৈছে। পূৰ্বে ক্ৰীড়াসমূহক পাঠ্যক্ৰমৰ বাহিৰৰ কাৰ্য্য-কলাপ হিচাপে গণ্য কৰা হৈছিল, কিন্তু এতিয়া ক্ৰীড়া বিদ্যালয়সমূহে ইয়াক এক সঠিক বিষয় হিচাপে পাব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ক্ৰীড়া, ক্ৰীড়া ব্যৱস্থাপনা, ক্ৰীড়া লিখন, ক্ৰীড়া মনোবিজ্ঞান আদিৰে গঠিত ক্ৰীড়া বাতাবৰণটোৱে নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। তেখেতে কয়, ই ক্ৰীড়াৰ দিশে আগবাঢ়ি যোৱাটো সঠিক সিদ্ধান্ত বুলি সমাজখনত বিশ্বাস প্ৰোথিত কৰিছে। সমলৰাজিৰে, এক ক্ৰীড়া সংস্কৃতিয়ে ৰূপ লৈছে আৰু ক্ৰীড়া বিশ্ববিদ্যালয়ে ইয়াত এক বৃহৎ ভূমিকা পালন কৰিব বুলি তেখেতে লগতে কয়। মিৰাটৰ ক্ৰীড়া সংস্কৃতি সন্দৰ্ভত উল্লেখ কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে চহৰখনে ১০০ খনৰোধিক দেশলৈ ক্ৰীড়া সামগ্ৰী ৰপ্তানি কৰে। এনেদৰে মিৰাটে কেৱল ভকেল ফৰ লোকেলেই নহয় বৰঞ্চ ই লোকেলকো গ্ল’বেললৈ পৰিৱৰ্তন কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উদীয়মান ক্ৰীড়া ক্লাষ্টাৰসমূহৰ জৰিয়তে দেশখনক খণ্ডটোত আত্মনিৰ্ভৰ কৰি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে উত্তৰ প্ৰদেশৰ দ্বৈত-ইঞ্জিনযুক্ত চৰকাৰখনে একাধিক বিশ্ববিদ্যালয় স্থাপন কৰিছে। তেখেতে গোৰখপুৰৰ মহাযোগী গুৰু গোৰখনাথ আয়ুষ বিশ্ববিদ্যালয়, প্ৰয়াগৰাজৰ ডঃ ৰাজেন্দ্ৰ প্ৰসাদ আইন বিশ্ববিদ্যালয়, লক্ষ্ণৌৰ ৰাজ্যিক ফৰেনচিক বিজ্ঞান প্ৰতিষ্ঠান, আলিগড়ৰ ৰজা মহেন্দ্ৰ প্ৰতাপ সিং ৰাজ্যিক বিশ্ববিদ্যালয়, চাহাৰনপুৰৰ মা শকুমবাৰী বিশ্ববিদ্যালয় আৰু মিৰাটৰ মেজৰ ধ্যান চান্দ বিশ্ববিদ্যালয়ৰ নাম উল্লেখ কৰে। "আমাৰ লক্ষ্য স্পষ্ট। যুৱ সমাজ কেৱল আদৰ্শ হোৱাই নহয় বৰঞ্চ তেওঁলোকৰ আদৰ্শকো স্বীকৃতি প্ৰদান লাগে", প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে স্বামিত্ব আঁচনিখনৰ অধীনত ৭৫ খন জিলাত ২৩ লাখৰোধিক টাইটেল (ঘৰাউনি) প্ৰদান কৰা হৈছে। ৰাজ্যখনৰ কৃষকসকলে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত তেওঁলোকৰ একাউণ্টত কোটি-কোটি টকা লাভ কৰিছে। কুঁহিয়াৰ খেতিয়কসকলক অভিলেখ পৰিমাণৰ পৰিশোধৰেও ৰাজ্যখনৰ কৃষকসকল লাভান্বিত হৈছে। একেদৰে, উত্তৰ প্ৰদেশৰপৰা ১২ হাজাৰ কোটি টকা মূল্যৰ ইথানল ক্ৰয় কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰি কয় যে চৰকাৰসমূহৰ ভূমিকা অভিভাৱকৰ দৰে। চৰকাৰে যোগ্য সকলক উৎসাহিত কৰা উচিত আৰু ভুলবোৰক যুৱসকলৰ ভুল বুলি আখ্যায়িত কৰিবলৈ চেষ্টা কৰা উচিত নহয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ উত্তৰ প্ৰদেশ চৰকাৰক যুৱসকলৰ বাবে অভিলেখ সংখ্যক চৰকাৰী নিয়োগ সৃষ্টিৰ বাবে অভিনন্দন জ্ঞাপন কৰে। আইটিআইৰপৰা প্ৰশিক্ষণ লাভ কৰা হাজাৰ-হাজাৰ যুৱকক বৃহৎ কোম্পানীসমূহত নিযুক্তি প্ৰদান কৰা হৈছে। তেখেতে লগতে কয় যে ৰাষ্ট্ৰীয় এপ্ৰেনটিছশ্বিপ আঁচনি আৰু প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰদ্বাৰা লাখ-লাখ যুৱক-যুৱতী উপকৃত হৈছে। মিৰাট গংগা এক্সপ্ৰেছৱে, ৰিজিঅ’নেল ৰেপিড ৰেল ট্ৰেনজিট চিষ্টেম আৰু মেট্ৰ'ৰ জৰিয়তে যোগাযোগৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।

 

 

ৱা ঙাংখিবগী মপুংফাবা ৱারোল পানবা মসিদা নম্বীয়ু

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
173 years of Indian Railways: From steam engines to India’s first hydrogen train

Media Coverage

173 years of Indian Railways: From steam engines to India’s first hydrogen train
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the Amir of Qatar
July 16, 2026
PM conveys heartfelt condolences on the passing of the Father Amir of Qatar
PM recalls the Father Amir’s visionary leadership and his contribution to strengthening India-Qatar relations
The two leaders reaffirm their resolve to carry forward the Father Amir’s legacy

Prime Minister Shri Narendra Modi had a telephone conversation today with the Amir of the State of Qatar, H.H. Sheikh Tamim bin Hamad Al Thani.

Prime Minister conveyed his heartfelt condolences on the passing of H.H. Sheikh Hamad bin Khalifa Al Thani, the Father Amir of Qatar.

Recalling the Father Amir’s significant contributions as the chief architect of modern Qatar, Prime Minister paid tribute to his visionary leadership, and recalled his pivotal role in strengthening India-Qatar relations over the years as well as his deep affection for India and the Indian community in Qatar.

The Amir of Qatar thanked Prime Minister for his call and conveyed his appreciation for the words of support in this difficult hour.

The two leaders reaffirmed their resolve to carry forward the Father Amir’s legacy and further strengthen the India-Qatar Strategic Partnership and people-to-people ties.

They agreed to remain in close touch.