গুৱাহাটীৰ পৰা আৰম্ভ হৈছে একাধিক গুৰুত্বপূৰ্ণ কল্যাণ আৰু আন্তঃগাঁথনিৰ পদক্ষেপ, যিয়ে অসমৰ বৃদ্ধিত সহায় কৰিব তথা সমগ্ৰ ৰাজ্যৰ লোকসকলক উপকৃত কৰিব: প্ৰধানমন্ত্ৰী
দেশৰ ক্ষুদ্ৰ কৃষকৰ বাবে সামাজিক সুৰক্ষাৰ মাধ্যম হৈ পৰিছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাঃ প্ৰধানমন্ত্ৰী
এম এছ পি, সুলভ ঋণ, শস্য বীমা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ বাবে আঁচনিসমূহ কৃষকৰ বাবে এক বৃহৎ সহায় হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী
আমি নিশ্চিত কৰিছো যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেখা দিয়া সংকটে যাতে কৃষিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় :প্ৰধানমন্ত্ৰী
নবীকৰণযোগ্য শক্তিৰ সৈতে জড়িত দেশৰ প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত অসমে মুখ্য ভূমিকা পালন কৰিছে ; নিম্ন কপিলী জলবিদ্যুৎ প্ৰকল্পই অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলকো উপকৃত কৰিবঃ প্ৰধানমন্ত্ৰী
প্ৰতিটো অঞ্চল আৰু দেশৰ প্ৰতিটো শ্ৰেণীৰ উন্নয়ন আমাৰ অগ্ৰাধিকাৰ ; এই মনোভাবেৰে আজি অসমৰ চাহ বাগিচাত শ্ৰমিকসকলৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
অসম আজি আমাৰ অষ্টলক্ষ্মী উত্তৰ-পূৰ্বাঞ্চলৰ নতুন ভৱিষ্যতৰ আৰ্হি হৈ পৰিছে , ইয়াত হোৱা অগ্ৰগতিয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলকে নতুন গতি প্ৰদান কৰিছে: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত প্ৰায় ১৯,৪৮০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প  উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত অনুষ্ঠিত এক  সমাৱেশত ভাষণ দি মহানগৰবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা যোগদান কৰা কৃষকসকলৰ লগতে চাহ বাগিচাত কৰ্মৰত ভাই-ভনীসকলকো তেওঁ সম্ভাষণ জনায়। নৱৰাত্ৰিৰ প্ৰাকক্ষণত মা কামাখ্যাৰ পবিত্ৰ ভূমিত উপস্থিত হোৱাৰ সৌভাগ্যৰ বাবে প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে নৱৰাত্ৰি আৰম্ভ হোৱাৰ ঠিক আগতেই মা কামাখ্যাৰ এই পৱিত্ৰ ভূমি দৰ্শন কৰিব পৰাটো  সৌভাগ্যৰ কথা।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মা কামাখ্যাৰ আশীৰ্বাদত ১৯,৫০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা আৰু উদ্বোধনৰ কাম আৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে  শক্তি খণ্ডত অসমক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা প্ৰকল্পই  লোকসকলৰ সুবিধা বৃদ্ধিৰ কৰিব। দেশৰ কৃষকসকলৰ বাবে আৰু অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবেও এয়া এক গুৰুত্বপূৰ্ণ দিন বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

 

শ্ৰী মোদীয়ে কয়  যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত ১৮ হাজাৰ কোটিতকৈ অধিক ধন দেশজুৰি কোটি কোটি অন্নদাতাৰ একাউণ্টলৈ পোনপটীয়াকৈ হস্তান্তৰ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে  আলোকপাত কৰে যে অসমৰ চাহ বাগিচাৰ সৈতে জড়িত অসংখ্য পৰিয়ালক ভূমি পট্টা বিতৰণ কৰা হৈছে। শ্ৰী মোদীয়ে কয় যে অসমবাসীলৈ, ইয়াৰ সকলো পৰিয়াললৈ আৰু সমগ্ৰ দেশৰ কৃষকসকললৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সমগ্ৰ দেশৰ কৃষকসকল মা কামাখ্যাৰ পবিত্ৰ ভূমিৰ পৰাই এই কাৰ্যসূচীৰ সৈতে সংযুক্ত হৈ আছে। প্ৰধানমন্ত্ৰী মোদীয়ে  লগতে কয় যে ইতিমধ্যে কোটি কোটি কৃষকে তেওঁলোকৰ একাউণ্টত প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ ধন  জমা হোৱাৰ  বাৰ্তা লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই আঁচনিখনক সঁচা অৰ্থত অসাধাৰণ বুলি অভিহিত কৰে। শ্ৰী মোদীয়ে কয় যে এইসকল  কৃষক ভাই-ভনী, যাৰ অধিকাংশৰে ২০১৪ চনৰ আগতে মোবাইল ফোন বা বেংক একাউণ্টো নাছিল।প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়ালৈকে এনে কৃষকৰ কোটি কোটি  একাউণ্টত ৪.২৫ লাখ কোটিতকৈ অধিক ধন জমা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে বিশেষভাৱে আঙুলিয়াই দিয়ে যে কেৱল অসমৰ প্ৰায় ১৯ লাখ কৃষকে আজিলৈকে প্ৰায় ৮,০০০ কোটি টকা লাভ কৰিছে। শ্ৰী মোদীয়ে কয় যে, "এয়া  বিশ্বৰ উন্নত দেশসমূহেও কল্পনা কৰিব নোৱাৰা কথা, এটা ক্লিকতে কোটি কোটি কৃষকৰ ওচৰলৈ পোনপটীয়াকৈ ধন গৈছে ।"

শ্ৰী মোদীয়ে মন্তব্য কৰে যে আজি সন্মান নিধি আঁচনিখন দেশৰ  ক্ষুদ্ৰ কৃষকৰ বাবে সামাজিক সুৰক্ষাৰ মাধ্যমত পৰিণত হৈছে। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে বৰ্তমানৰ চৰকাৰখনৰ বাবে কৃষকৰ কল্যাণতকৈ বেছি গুৰুত্বপূৰ্ণ কথা একোৱেই নাই। তেওঁ মন্তব্য কৰে যে বিগত ১০ বছৰত কৃষকে ২০ লাখ কোটি টকাৰ এম এছ পি লাভ কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিগত ১১ বছৰত বৰ্তমানৰ চৰকাৰে দেশৰ কৃষকক কেন্দ্ৰ কৰি এক শক্তিশালী সুৰক্ষা ঢাল প্ৰস্তুত কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে আলোকপাত কৰে যে সেয়া এম এছ পিয়েই  হওক, সুলভ ঋণেই  হওক, শস্য বীমাই হওক, বা পি এম কিষাণ সন্মান নিধিয়েই  হওক, এই আঁচনিসমূহ কৃষকৰ বাবে এক বৃহৎ সহায়ক ব্যৱস্থাত পৰিণত হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে  উল্লেখ কৰে যে আন্তঃৰাষ্ট্ৰীয় সংকটৰ প্ৰভাৱে যাতে কৃষিক্ষেত্ৰত কোনো প্ৰভাৱ নেপেলায়  তাৰ প্ৰতি চৰকাৰে সতৰ্কতা অৱলম্বন কৰিছে। শ্ৰী মোদীয়ে  কয় যে ক’ভিড মহামাৰী আৰু যুদ্ধৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত সাৰৰ মূল্য কেইবাগুণো বৃদ্ধি পাইছিল। বিদেশৰ বজাৰৰ পৰা সাৰ ক্ৰয় কৰাটো অত্যন্ত কঠিন হৈ পৰিছিল। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে কেন্দ্ৰীয় চৰকাৰে এই সংকটৰ পৰা কৃষকসকলক ৰক্ষা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছিল। তেওঁ আঙুলিয়াই দিয়ে যে আন্তঃৰাষ্ট্ৰীয় বজাৰত ৩ হাজাৰ টকা মূল্যৰ ইউৰিয়াৰ বেগ এটা চৰকাৰে ভাৰতৰ  কৃষকক মাত্ৰ ৩০০ টকাত যোগান ধৰিছে। শ্ৰী মোদীয়ে কয় যে বিশ্বব্যাপী সাৰৰ মূল্য বৃদ্ধিৰ বোজা যাতে আমাৰ কৃষকৰ ওপৰত নপৰে তাৰ বাবে চৰকাৰে  কোষাগাৰৰ পৰা ১২ লাখ কোটি টকাতকৈ অধিক ধন ব্যয় কৰিছে।

প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে বিগত দশকত বৰ্তমানৰ চৰকাৰে আত্মনিৰ্ভৰশীলতাৰ দিশত এক উল্লেখনীয়  পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে বাহ্যিক সংকটৰ পৰা কৃষিক ৰক্ষা কৰাৰ বাবে আত্মনিৰ্ভৰশীলতাৰ বিষয়ত গুৰুত্ব আৰোপ  কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰে যে স্বাধীন ভাৰতত বাৰে বাৰে দেখা গৈছে যে বিশ্বৰ আন প্ৰান্তত যুদ্ধ বা যোগান শৃংখলত ব্যাঘাত জন্মিলে ভাৰতৰ কৃষকসকলৰো কষ্টৰ হয় , কেতিয়াবা সাৰ ব্যয়বহুল হয় কেতিয়াবা ডিজেল আৰু শক্তিৰ দাম আকাশলংঘী হয়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চৰকাৰৰ দৃষ্টিভংগী হৈছে খেতিক নতুন প্ৰযুক্তিৰ সৈতে সংযোগ কৰা, কৃষকসকলক জলসিঞ্চনৰ নতুন পদ্ধতিৰ সৈতে সংযোগ কৰা, যাতে সকলোৱে উপকৃত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে এই উদ্দেশ্যেৰে চৰকাৰে  ফলপ্ৰসূ শস্য নীতি গ্ৰহণ কৰি কৃষকৰ মাজলৈ ড্ৰিপ আৰু স্প্ৰিংকলাৰ ব্যৱস্থাৰ দৰে ক্ষুদ্ৰ জলসিঞ্চন প্ৰযুক্তি লৈ আহিছে।  প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ইয়াৰ ফলত জলসিঞ্চনৰ উন্নতি হৈছে , লগতে খৰচো হ্ৰাস পাইছে। শ্ৰী মোদীয়ে অৱগত কৰে যে এতিয়া চৰকাৰে কৃষকৰ ডিজেলৰ ব্যয় কম কৰাৰ বাবে খেতিপথাৰসমূহক সৌৰ পাম্পৰ সৈতে সংযোগ কৰাৰ কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কেন্দ্ৰই আৰম্ভ কৰা কুসুম যোজনা ঠিক এই উদ্দেশ্যেই ব্যৱহাৰ কৰা হৈছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে আজি বহু কৃষকে কেৱল সৌৰ পাম্পৰ জৰিয়তে জলসিঞ্চনৰ সুবিধা লাভ  কৰাই নহয়, বিদ্যুৎ উৎপাদন কৰি ইয়াৰ পৰা ধনো উপাৰ্জন কৰি আছে।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে কৃষকসকলে  সাৰ আৰু কীটনাশকৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা  অব্যাহত । প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বৰ্তমান চৰকাৰে সাৰ কাৰখানা পুনৰুজ্জীৱিত কৰাৰ লগতে কৃষকসকলক নেন’ ইউৰিয়াৰ সৈতে সংযোগ স্থাপনৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। আজি দেশৰ কৃষকসকলে ইয়াৰ সুফল লাভ কৰিছে। শ্ৰী মোদীয়ে লগতে  কয় যে বৰ্তমানৰ চৰকাৰে  কৃষকসকলক প্ৰাকৃতিক কৃষি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে যেতিয়া কৃষকসকলে ব্যাপক পৰিসৰত প্ৰাকৃতিক কৃষি গ্ৰহণ কৰে তেতিয়া মাটি সুৰক্ষিত হৈ থাকিব আৰু আমাৰ অন্নদাতাসমূহো বিশ্ব সংকটৰ পৰা সুৰক্ষিত হ’ব।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বৰ্তমানৰ চৰকাৰখনে কৃষকৰ বাবে অক্লান্তভাৱে কাম কৰি দেশখনক স্বাৱলম্বী কৰি তুলিছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে বৰ্তমানৰ চৰকাৰে ভাৰতৰ শোধনাগাৰৰ উন্নয়ন আৰু শোধন ক্ষমতা সম্প্ৰসাৰণৰ বাবে কাম কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে আজি ভাৰত এনে এখন দেশ হৈ পৰিছে  যিয়ে কেৱল নিজৰ শক্তিৰ প্ৰয়োজনীয়তাই নহয়, বিশ্বৰ শক্তিৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰতো প্ৰচেষ্টা গ্ৰহণ কৰিব  পাৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিগত বছৰবোৰত অসমৰ শোধনাগাৰসমূহৰো সম্প্ৰসাৰণ কৰা হৈছে। শ্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে সমগ্ৰ অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত গেছ পাইপলাইনৰ আন্তঃগাঁথনিত অভূতপূৰ্ব বিনিয়োগ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে নুমলীগড়-শিলিগুৰি পাইপলাইনৰ উন্নীতকৰণ সম্পূৰ্ণ হৈছে  আৰু অসমৰ গোলাঘাটত বিশ্বৰ প্ৰথমটো দ্বিতীয় প্ৰজন্মৰ বায়’-ইথানল প্লাণ্ট স্থাপন কৰা হৈছে। শ্ৰী মোদীয়ে কয় যে এই সকলোবোৰ প্ৰকল্পই এই সমগ্ৰ অঞ্চলটোৰ বাবে বিপুল লাভৰ সম্ভাৱনা  কঢ়িয়াই আনিব।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিগত দশকত ৰে’লৱেৰ বিদেশী সম্পদৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে তেল আমদানি কম কৰাৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ  কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে আজি দেশৰ প্ৰায় সমগ্ৰ ৰে’ল নেটৱৰ্ক বৈদ্যুতিকৰণ  কৰা হৈছে আৰু ১০০ শতাংশ বৈদ্যুতিকৰণৰ লক্ষ্য অতি সোনকালে পূৰণ কৰা হ’ব। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ৰে’লৱেত বৈদ্যুতিকৰণৰ বাবে দেশত প্ৰায় ১.৭৫ বিলিয়ন লিটাৰ ডিজেল ৰাহি হৈছে । তেওঁ লগতে কয় যে  অসমৰ ৰে’ল নেটৱৰ্কো দ্ৰুতগতিত বৈদ্যুতিকৰণৰ  কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অসমে দেশৰ নবীকৰণযোগ্য শক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰি আছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে নিম্ন কপিলী জলবিদ্যুৎ প্ৰকল্পই কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক উপকৃত কৰিব। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে হাজাৰ হাজাৰ কোটি টকা মূল্যৰ এই প্ৰকল্পসমূহে অসমৰ যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ নতুন পথ সৃষ্টি কৰিছে আৰু ৰাজ্যখনৰ সমৃদ্ধি বৃদ্ধি কৰিছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বৰ্তমানৰ ডাবল ইঞ্জিন চৰকাৰৰ পৰিচয় ইয়াৰ সংবেদনশীলতা আৰু সুশাসনত নিহিত হৈ আছে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে প্ৰতিটো অঞ্চল আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ উন্নয়ন চৰকাৰৰ অগ্ৰাধিকাৰ। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে, ঠিক এই মনোভাৱেৰে অসমৰ চাহ বাগিচাত শ্ৰমিকসকলৰ বাবে আজি এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে। শ্ৰী মোদীয়ে স্বীকাৰ কৰে যে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমেই অসমৰ বিশ্বজনীন পৰিচয়ক শক্তিশালী কৰি তুলিছে আৰু তেওঁলোকে  কৰা চাহৰ সুগন্ধি বিশ্বজুৰি ভাৰতৰ পৰিচয় হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি বৰ্তমানৰ চৰকাৰে এই শ্ৰমিকসকলক সন্মান আৰু সহায় দুয়োটাকে প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে চাহ বাগিচাৰ সৈতে জড়িত পৰিয়ালসমূহৰ বাবে প্ৰশংসনীয় কাম কৰাৰ বাবে মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সমগ্ৰ দলটোক অভিনন্দন জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে অসম চৰকাৰে এতিয়া পূৰ্বৰ  ঐতিহাসিক অন্যায়ৰ অন্ত পেলাবলৈ কাম কৰি আছে, এই পৰিয়ালসমূহে এতিয়া নিজৰ মাটি লাভ কৰিছে আৰু পকা  ঘৰ লাভ কৰাৰ পথ মুকলি হৈছে। বিশেষকৈ চাহ বাগিচাত বসবাস কৰা মহিলাসকলে এই পদক্ষেপৰ দ্বাৰা যথেষ্ট উপকৃত হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

 

চাহ বাগিচাৰ শ্ৰমিক পৰিয়ালৰ ল’ৰা-ছোৱালীয়েও ভালদৰে পঢ়া-শুনা কৰি জীৱনত অগ্ৰগতি লাভ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে বুলি উল্লেখ কৰি  প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে বৰ্তমানৰ চৰকাৰে ইয়াৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে অসমৰ  নিমাতী ঘাট আৰু বিশ্বনাথ ঘাটতো আধুনিক ক্ৰুজ টাৰ্মিনেল নিৰ্মাণৰ কাম আজিৰে পৰা আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে  কয় যে এয়া কেৱল আন্তঃগাঁথনিমূলক প্ৰকল্পই  নহয় , ই এক পদক্ষেপ , যিয়ে পৰ্যটন আৰু অসমৰ স্থানীয় অৰ্থনীতিক এক নতুন দিশৰ সন্ধান  দিব। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বৰ্তমানৰ চৰকাৰখনে পৰ্যটনক কেৱল দৰ্শনীয় স্থানতে সীমাবদ্ধ কৰি ৰখা নাই,  বৰঞ্চ ইয়াক কৰ্মসংস্থাপন আৰু উন্নয়নৰ এক বৃহৎ সুযোগ হিচাপেও গঢ়ি তুলিছে। 

প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে ঠিক এই দৃষ্টিভংগীৰে ব্ৰহ্মপুত্ৰ নদীত জল পৰ্যটনৰ সম্ভাৱনা সম্প্ৰসাৰিত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ক্ৰুজ টাৰ্মিনেল নিৰ্মাণ হ’লেই ব্ৰহ্মপুত্ৰত ক্ৰুজ অপাৰেচন আৰু  আগুৱাই  যাব। লগতে ভাৰত তথা  সমগ্ৰ বিশ্বৰ পৰা অহা পৰ্যটকৰ বাবে অসমলৈ অহাটো   সহজ হৈ পৰিব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ক্ৰুজ পৰ্যটন বৃদ্ধিৰ লগে লগে স্থানীয় যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব, শিল্পী আৰু হস্তশিল্প খণ্ডৰ কৰ্মীসকলে নতুন বজাৰ বিচাৰি পাব, ক্ষুদ্ৰ দোকানী, নাওঁ চলোৱা লোক আৰু হোটেল তথা পৰিবহণৰ সৈতে জড়িত লোকসকলৰ আয়ো বৃদ্ধি পাব। প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে অসমৰ পৰ্যটন এতিয়া কেৱল ভ্ৰমণ আৰু  দৰ্শনতে সীমাবদ্ধ হৈ থকা নাই ,স্থানীয় উন্নয়ন আৰু জনসমৃদ্ধিৰো ই এক  নতুন ইঞ্জিন হৈ পৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অসমে আজি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ নতুন ভৱিষ্যত , অষ্টলক্ষ্মীৰ আদৰ্শ হিচাপে আত্মপ্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে অসমৰ প্ৰগতিয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক নতুন গতি প্ৰদান কৰিছে। প্ৰতিগৰাকী  যুৱক-যুৱতী আৰু প্ৰতিটো পৰিয়ালক আহ্বান জনাই শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে, "যাতে অসমে  দেশৰ  আদৰ্শ ৰাজ্য  হিচাপে আত্মপ্ৰকাশ কৰিব পাৰে তাৰ বাবে আমি এক বিকশিত অসম গঢ়িবলৈ একেলগে কাম কৰিব লাগিব।"

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India identifies 102 GWp floating solar potential, eyes new push for reservoir-based projects

Media Coverage

India identifies 102 GWp floating solar potential, eyes new push for reservoir-based projects
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM chairs 11th Governing Council Meeting of NITI Aayog
June 11, 2026
Vision of Viksit Bharat should become the collective resolve of every State, district, block and village: PM
PM calls India's 70 crore youth its asset, urges States to transform this Demographic dividend into Development dividend
PM encourages States to create opportunities for youth and MSMEs and actively attract investments from countries with which India has signed FTAs
States to strengthen ODOP and leverage opportunities in defence manufacturing: PM
PM emphasizes that AI should be viewed as an opportunity and people should be equipped with future ready skills
PM highlights the need for coordinated efforts to address emerging social challenges such as drug abuse and cyber fraud
PM draws attention to concerns arising from El Niño and urges States to conserve water and promote natural farming
CMs/LGs/Administrators congratulate PM Modi on completing 12 years in office
States express solidarity with the Centre to withstand the global geo-political crisis and to strengthen India’s resilience
All States and 5 UTs attend meeting; first time when CMs of all 28 States participate
Theme of meeting : Inclusive Human Development for Viksit Bharat@2047

Prime Minister Shri Narendra Modi chaired the 11th Governing Council Meeting of NITI Aayog at Rashtrapati Bhavan Cultural Centre, New Delhi, earlier today. This year’s theme was Inclusive Human Development for Viksit Bharat@2047. It was attended by Chief Ministers, Lt. Governors and Administrators representing 28 States and 5 UTs. This was the first time when Chief Ministers of all 28 States participated in the Governing Council Meeting of NITI Aayog.

Prime Minister noted that at a time when many major economies are facing uncertainty and economic challenges, India’s growth story continues to inspire the world. He emphasized the need to further strengthen the nation’s resolve towards self-reliance and highlighted the importance of adopting and implementing global best practices, particularly in the renewable energy sector.

Underscoring the importance of cooperative federalism, Prime Minister stated that the Centre and the States must work together to achieve the goal of a Viksit Bharat. He stressed that the vision of Viksit Bharat should become the collective resolve of every State, district, block and village.

Highlighting the strength of India’s demographic profile, Prime Minister observed that the country’s youth constitute its greatest asset, with nearly 70 crore Indians below the age of 25 years. Calling this a demographic dividend, he urged States to focus on transforming it into a development dividend through education, skilling and capacity-building initiatives that prepare young people for future opportunities and challenges.

Referring to India’s recently concluded trade agreements with several countries, Prime Minister encouraged States to create opportunities for youth and MSMEs and to equip stakeholders to effectively leverage the benefits arising from these agreements. He also urged States to actively attract investments from partner countries.

Emphasizing women-led development, Prime Minister called upon States to work towards increasing the number of Lakhpati Didis from 3 crore to 6 crore and stressed the importance of ensuring a safe and secure environment for Nari Shakti.

Prime Minister urged States to focus on One District One Product (ODOP) initiatives and develop export-oriented strategies around it. He also identified defence manufacturing as an emerging sector where India is establishing a distinct identity and encouraged States to formulate policies to leverage the opportunities arising from its growth.

Prime Minister highlighted the need for coordinated efforts to address emerging social challenges such as drug abuse and cyber fraud through preventive measures, awareness campaigns and effective governance.

Prime Minister also drew attention to concerns arising from El Niño conditions and appealed to States to promote water conservation and encourage natural and organic farming practices. He noted that the purchase of 11 lakh tonnes of organic manure by farmers during the current Kharif season reflected growing confidence in sustainable agriculture.

Prime Minister emphasized the need to evaluate progress at the district level, particularly through aspirational district parameters. Prime Minister suggested that on similar lines, 100 districts should be identified in the field of agriculture to bring positive results. He urged the States to take lead in this pursuit so that a phenomenal change can be achieved through the aspirational approach.

Prime Minister emphasised the need for a monitoring framework and targeted 100-day and five-year goals towards achieving the vision of Viksit Bharat@2047.

Highlighting the importance of good governance, transparency, and infrastructure for attracting investment, he urged States to focus on branding, ease of doing business, and emerging opportunities in sectors such as data centres and artificial intelligence. He emphasized that AI should be viewed as an opportunity and called for greater efforts to equip people with the skills required for the future economy.

The Chief Ministers/Lt. Governors/Administrators congratulated Prime Minister Modi on completing 12 years in his office. They also expressed solidarity with the Centre to withstand the global geo-political crisis and to strengthen India’s resilience with respect to energy requirements, and sustain its growth trajectory.

Prime Minister noted that the discussions were constructive and reflected the aspirations, hopes, experiences, best practices, and challenges of the States. Prime Minister expressed his gratitude to all the CMs, LGs and Administrators for participating in the meeting and expressed confidence that Together, through cooperation, innovation, and a shared commitment to development, India can accelerate its journey towards a Viksit Bharat by 2047.