ভাৰত এতিয়া বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা দেশ আৰু অসম দেশৰ ভিতৰতে অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজ্য হিচাপেও আত্মপ্ৰকাশ কৰিছেঃ প্ৰধানমন্ত্ৰী
আজি সমগ্ৰ দেশে এক উন্নত ভাৰত গঢ়াৰ বাবে ঐক্যবদ্ধভাৱে আগবাঢ়িছে; বিশেষকৈ আমাৰ তৰুণ প্ৰজন্মৰ বাবে উন্নত ভাৰত এক সপোন আৰু সংকল্প দুয়োটা, এই সংকল্প পূৰণৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ এক উল্লেখযোগ্য ভূমিকা আছেঃ প্ৰধানমন্ত্ৰী
একবিংশ শতিকাৰ পঁচিশ বছৰ পাৰ হৈ গ’ল আৰু এই শতিকাৰ পৰৱৰ্তী অধ্যায়টো পূব আৰু উত্তৰ-পূবৰঃ প্ৰধানমন্ত্ৰী
যিকোনো অঞ্চলৰ দ্ৰুত উন্নয়নৰ বাবে শক্তিশালী সংযোগৰ প্ৰয়োজন, সেইবাবেই আমাৰ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত সংযোগ বৃদ্ধিৰ ওপৰত প্ৰবল গুৰুত্ব দিছেঃ প্ৰধানমন্ত্ৰী
আমি এইমছ আৰু চিকিৎসা মহাবিদ্যালয়ৰ নেটৱৰ্ক দেশৰ চুকে-কোণে সম্প্ৰসাৰিত কৰিছো, বিশেষভাৱে অসমত সমৰ্পিত কৰ্কট চিকিৎসালয়ো স্থাপন কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
অনুপ্ৰৱেশৰ জৰিয়তে সীমান্ত অঞ্চলৰ জনগাঁথনি সলনি কৰাৰ ষড়যন্ত্ৰ চলি আছে আৰু ইয়াৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি গুৰুতৰ ভাবুকি আহি পৰিছে, সেয়েহে এতিয়া দেশজোৰা জনগাঁথনি অভিযান আৰম্ভ কৰা হৈছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ দৰঙত প্ৰায় ৬,৫০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰে। এই উপলক্ষে সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে অসমৰ উন্নয়ন যাত্ৰাৰ এই ঐতিহাসিক দিনটোত দৰংবাসীৰ লগতে অসমবাসীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে অপাৰেচন সিন্দূৰৰ সফলতাৰ পিছত কালি তেওঁ প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰে। তেওঁ এই অভিযানৰ অভূতপূৰ্ব সফলতাৰ কাৰণ মা কামাখ্যাৰ আশীৰ্বাদ বুলি উল্লেখ কৰা লগতে তেওঁৰ পবিত্ৰ ভূমিত ভৰি দিয়াৰ লগে লগে আধ্যাত্মিক পৰিপূৰ্ণতাৰ গভীৰ অনুভূতি প্ৰকাশ কৰে। তেওঁ লগতে অসমত উদযাপন হৈ থকা জন্মাষ্টমী উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে। লালকিল্লাৰ প্ৰাচীৰৰ পৰা আগবঢ়োৱা ভাষণ দোঁহাৰি কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ ভাৰতৰ নিৰাপত্তা কৌশলত ‘সুদৰ্শন-চক্ৰ’ৰ ধাৰণাটো উপস্থাপন কৰিছে। শ্ৰী মোদীয়ে মঙলদৈক সংস্কৃতি, ঐতিহাসিক গৌৰৱ আৰু ভৱিষ্যতৰ আশাৰ সংগমস্থল হিচাপে আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে এই অঞ্চলটো অসমৰ পৰিচয়ৰ মুল প্ৰতীক হিচাপে ধৰা দিছে। প্ৰেৰণা আৰু সাহসেৰে ভৰা এই ভূমিত প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ জনসাধাৰণক লগ পোৱা আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰাৰ সুযোগ পাই তেওঁ নিজকে ধন্য মানিছে।

মাত্ৰ কেইদিনমানৰ পূৰ্বে ভাৰতৰত্ন তথা স্বনামধন্য সংগীতশিল্পী ভূপেন হাজৰিকাৰ জন্ম বাৰ্ষিকী উদযাপন কৰাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কালি তেওঁৰ সন্মানাৰ্থে অনুষ্ঠিত এক ভব্য অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পোৱা বুলি কয়। তেওঁ উল্লেখ কৰে যে অসমৰ এনে মহান পুত্ৰ আৰু আমাৰ পূৰ্বপুৰুষে কল্পনা কৰা সপোনবোৰ এতিয়া কেন্দ্ৰ আৰু ৰাজ্যত থকা তেওঁলোকৰ চৰকাৰে সম্পূৰ্ণ আন্তৰিকতাৰে পুৰণ কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে অসমৰ সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰসাৰৰ লগতে ইয়াৰ দ্ৰুত বিকাশ কেন্দ্ৰ আৰু ৰাজ্যত তেওঁলোকৰ চৰকাৰৰ মূল অগ্ৰাধিকাৰ হৈয়েই আছে। তেওঁ মন্তব্য কৰে যে চৰকাৰ আৰু অসমৰ জনসাধাৰণৰ যৌথ প্ৰচেষ্টাৰ জৰিয়তে ৰাজ্যখনে এতিয়া ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উল্লেখযোগ্য প্ৰভাৱ পেলাইছে।

“ভাৰত বৰ্তমান বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা দেশ আৰু অসম দেশৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ লগতে কয় যে এটা সময় আছিল যেতিয়া অসম উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি আছিল আৰু দেশৰ বাকী অংশৰ লগত খোজ মিলাবলৈ সংগ্ৰাম কৰিছিল। কিন্তু আজি অসম প্ৰায় ১৩শতাংশ বিকাশৰ হাৰেৰে আগবাঢ়িছে। শ্ৰী মোদীয়ে ইয়াক এক বৃহৎ সাফল্য বুলি অভিহিত কৰি অসমৰ জনসাধাৰণৰ কঠোৰ পৰিশ্ৰম আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ যৌথ প্ৰচেষ্টাক এই সফলতাৰ কৃতিত্ব দিয়ে। অসমৰ ৰাইজে এই অংশীদাৰিত্বক অধিক শক্তিশালী কৰি ৰখাত তেওঁ আনন্দ প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে সেইবাবেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ দলটোৱে প্ৰতিটো নিৰ্বাচনতে ধাৰাবাহিকভাৱে অত্যন্ত জনসমৰ্থন লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে আলোকপাত কৰে যে শেহতীয়া পঞ্চায়ত নিৰ্বাচনতো অসমে এক ঐতিহাসিক বিজয় সাব্যস্ত কৰি ৰাইজৰ আশীৰ্বাদ লাভ কৰিছে।

 

তেওঁলোকৰ চৰকাৰে অসমক ভাৰতৰ উন্নয়নৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰে কাম কৰি আছে বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ কাৰ্যসূচী এই প্ৰতিশ্ৰুতিৰেই এক অংশ। “মাত্ৰ কিছু সময়ৰ পূৰ্বে এই স্থানৰ পৰাই প্ৰায় ৬,৫০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছে,” তেওঁ কয়। শ্ৰী মোদীয়ে আলোকপাত কৰে যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমক অন্যতম সংযুক্ত ৰাজ্য হিচাপে আৰু অগ্ৰণী স্বাস্থ্যসেৱাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে। তেওঁ লগতে কয়, ‘এই প্ৰকল্পসমূহে আমাৰ সংকল্পক আৰু অধিক শক্তিশালী কৰিব। দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়, ঘাইপথ আৰু ৰিং ৰোডৰ বাবে শ্ৰী মোদীয়ে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

“এখন উন্নত ভাৰত গঢ়াৰ বাবে সমগ্ৰ দেশে ঐক্যবদ্ধভাৱে আগবাঢ়িছে; যুৱক-যুৱতীসকলৰ বাবে উন্নত ভাৰত কেৱল সপোন নহয়, বৰঞ্চ এক সংকল্প আৰু এই ৰাষ্ট্ৰীয় সংকল্প পূৰণৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ উল্লেখযোগ্য ভূমিকা আছে”, বুলি আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ আঙুলিয়াই দিয়ে যে স্বাধীনতাৰ পিছত প্ৰধান চহৰ, বৃহৎ অৰ্থনীতি, ঔদ্যোগিক কেন্দ্ৰসমূহ মূলতঃ পশ্চিম আৰু দক্ষিণ ভাৰতত বিকশিত হৈছিল। আনহাতে পূব ভাৰতৰ এক বিশাল অঞ্চল আৰু জনসংখ্যা উন্নয়নৰ দৌৰত পিছ পৰি ৰৈছিল। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে তেওঁলোকৰ চৰকাৰে এতিয়া এই পৰিস্থিতি সলনি কৰিবলৈ কাম কৰি আছে। “ইতিমধ্যে একবিংশ শতিকাৰ পঁচিশটা বছৰ পাৰ হৈ যোৱাৰ লগে লগে এই শতিকাৰ পৰৱৰ্তী পৰ্যায়টো পূব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ” বুলি ঘোষণা কৰি শ্ৰী মোদীয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলে ভাৰতৰ বিকাশৰ কাহিনীৰ নেতৃত্ব দিয়াৰ সময় আহি পৰিছে বুলি দৃঢ়তাৰে কয়।

“যিকোনো অঞ্চলৰ দ্ৰুত উন্নয়নৰ বাবে দ্ৰুত সংযোগ অতি প্ৰয়োজনীয়, সেইবাবেই উত্তৰ-পূৰ্বাঞ্চলত সংযোগ বৃদ্ধিৰ ক্ষেত্ৰত আমাৰ চৰকাৰে ব্যাপক গুৰুত্ব আৰোপ কৰিছে”, শ্ৰী মোদীয়ে কয়। তেওঁ পথ, ৰে’ল আৰু বিমান পথৰ আন্তঃগাঁথনিৰ জৰিয়তে ভৌতিক সংযোগৰ উন্নতিৰ লগতে ৫জি ইণ্টাৰনেট আৰু ব্ৰডবেণ্ডৰ জৰিয়তে ডিজিটেল সংযোগৰ উন্নতিৰ ওপৰত আলোকপাত কৰে। এই উন্নয়নে জনসাধাৰণৰ বাবে অধিক সুবিধা আনিছে, জীৱনটো সহজ কৰি তুলিছে আৰু ব্যৱসায়িক কাৰ্য্যকলাপতো সহায় কৰিছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে সংযোগৰ উন্নতিয়ে ভ্ৰমণ অধিক সুলভ কৰি তুলিছে, পৰ্যটন সম্প্ৰসাৰিত হৈছে আৰু অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপন আৰু জীৱিকাৰ সুযোগ সৃষ্টি কৰিছে।

 

দেশজোৰা সংযোগ অভিযানৰ পৰা অসমে বহুখিনি লাভৱান হৈছে বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে এটা নিৰ্দিষ্ট উদাহৰণ দি আঙুলিয়াই দিয়ে যে দিল্লীত ছয় দশক আৰু অসমত দশক দশক ধৰি ধৰি বিৰোধীৰ শাসন চলি থকাৰ পাছতো ৬০–৬৫ বছৰত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মাত্ৰ তিনিখন দলং নিৰ্মাণ কৰিছিল। তেওঁ ইয়াৰ বিপৰীতে এই চৰকাৰৰ কাম-কাজৰ কথা উল্লেখ কৰি কয় যে মাত্ৰ এটা দশকৰ ভিতৰতে তেওঁলোকে ছখন ডাঙৰ দলং নিৰ্মাণ কৰিছে। তেওঁ কুৰুৱা–নাৰেংগী দলঙৰ আধাৰশিলা স্থাপনৰ কথাও ঘোষণা কৰে, যাৰ ফলত গুৱাহাটী আৰু দৰঙৰ মাজত যাতায়তৰ সময় বহু পৰিমাণে হ্ৰাস পাই মাত্ৰ কেইমিনিটমান হ’ব বুলি কয়। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এই দলংখনে সাধাৰণ জনতাৰ বাবে সময় আৰু ধন দুয়োটা ৰাহি কৰিব, যাতায়ত ব্যৱস্থা অধিক সুলভ কৰি তুলিব, যাতায়তৰ সময় হ্ৰাস কৰিব আৰু যান-জঁটৰ সমস্যা লাঘৱ কৰিব।

নতুন ৰিং ৰোডে জনসাধাৰণৰ বাবে উল্লেখযোগ্য সুবিধা লৈ আনিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এবাৰ সম্পূৰ্ণ হ’লে উজনি অসম অভিমুখে যোৱা বাহনসমূহে চহৰখনত প্ৰৱেশৰ প্ৰয়োজন নহ’ব, যাৰ ফলত চহৰৰ যান-জঁটৰ সমস্যা লাঘৱ হ’ব। তেওঁ আলোকপাত কৰে যে ৰিং ৰোডে পাঁচটা ৰাষ্ট্ৰীয় ঘাইপথ, দুটা ৰাজ্যিক ঘাইপথ, এটা বিমানবন্দৰ, তিনিটা ৰে’লৱে ষ্টেচন আৰু এটা অভ্যন্তৰীণ জল টাৰ্মিনেল সংযোগ কৰিব। ইয়াৰ জৰিয়তে অসমৰ প্ৰথমটো নিৰৱচ্ছিন্ন মাল্টি-ম’ডেল সংযোগ নেটৱৰ্কৰ সৃষ্টি হ’ব। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে কেন্দ্ৰ আৰু ৰাজ্যত থকা তেওঁলোকৰ চৰকাৰে এই ধৰণৰ উন্নয়ন নিশ্চিত কৰিছে।

কেৱল বৰ্তমানৰ প্রয়োজনীয়তাৰ বাবেই নহয়, অহা ২৫ৰ পৰা ৫০ বছৰৰ প্রয়োজনীয়তাৰ বাবেই চৰকাৰে দেশক সাজু কৰা বুলি গুৰুত্ব আৰোপ কৰি প্রধানমন্ত্রীয়ে জিএছটিৰ পৰৱৰ্তী প্রজন্মৰ সংস্কাৰ সন্দর্ভত লালকিল্লাৰ পৰা কৰা ঘোষণাৰ কথা সোঁৱৰাই দিয়ে আৰু এই সংস্কাৰসমূহ এতিয়া ৰূপায়ণ কৰা হৈছে বুলি ভাল খবৰটো সকলোকে অৱগত কৰে৷ তেওঁ ঘোষণা কৰে যে আৰু ৯ দিনৰ পিছত নৱৰাত্ৰি দিনাৰে জিএছটিৰ হাৰ যথেষ্ট হ্ৰাস পাব। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই পদক্ষেপে অসমৰ প্ৰতিটো পৰিয়ালক উপকৃত কৰিব, যাৰ ফলত দৈনন্দিন বহু সামগ্ৰী অধিক সুলভ হ’ব। তেওঁ অৱগত কৰে যে চিমেণ্টৰ ওপৰত কৰ হ্ৰাস কৰা হৈছে, যাৰ ফলত ঘৰ নিৰ্মাণ কৰা লোকসকলৰ খৰচ কম হ’ব। কেন্সাৰৰ দৰে গুৰুতৰ ৰোগৰ দামী ঔষধ সস্তা হ’ব আৰু বীমাৰ প্ৰিমিয়ামো কমি যাব। তেওঁ লগতে কয় যে নতুন মটৰ চাইকেল বা গাড়ী কিনাৰ পৰিকল্পনা কৰাসকলে অধিক সুলভ মূল্যতে কিনিব পাৰিব। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মটৰ কোম্পানীসমূহে এই সুবিধাসমূহৰ বিজ্ঞাপন ইতিমধ্যে আৰম্ভ কৰিছে। তেওঁ দৃঢ়তাৰে কয় যে এই সিদ্ধান্তৰ পৰা মাতৃ-ভগ্নী, যুৱক-যুৱতী, কৃষক, দোকানী—সমাজৰ সকলো শ্ৰেণীৰ লোক উপকৃত হ’ব। তেওঁ লগতে কয় যে এই সংস্কাৰে জনসাধাৰণৰ উৎসৱৰ বতৰত আনন্দ বৃদ্ধি কৰিব।

 

উৎসৱৰ বতৰত নাগৰিকসকলক এটা গুৰুত্বপূৰ্ণ বাৰ্তা মনত ৰাখিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে থলুৱা সামগ্ৰী বাছনি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে মানুহে মেড ইন ইণ্ডিয়াৰ সামগ্ৰী ক্ৰয় কৰিব লাগে, মেড ইন ইণ্ডিয়াৰ সামগ্ৰী উপহাৰ দিব লাগে আৰু দোকানীসকলেও মেড ইন ইণ্ডিয়াৰ সামগ্ৰীৰ প্ৰচাৰ আৰু বিক্ৰী কৰাটো নিশ্চিত কৰিব লাগে। এই দিশত কৰা প্ৰতিটো প্ৰচেষ্টাই দেশক শক্তিশালী কৰিব বুলি তেওঁ সকলোকে ভোকেল ফৰ লোকেল হ’বলৈ দৃঢ়তাৰে আহ্বান জনায়।

শেহতীয়া বছৰবোৰত স্বাস্থ্যসেৱা খণ্ডত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ পূৰ্বে চিকিৎসালয়সমূহ ডাঙৰ চহৰসমূহত কেন্দ্ৰীভূত আছিল আৰু তাত চিকিৎসা কৰাটো প্ৰায়ে ব্যয়বহুল আছিল। ইয়াৰ সমাধানৰ বাবে চৰকাৰে এইমছ আৰু চিকিৎসা মহাবিদ্যালয়ৰ নেটৱৰ্ক দেশৰ চুক-কোণে সম্প্ৰসাৰিত কৰিলে। বিশেষভাৱে অসমত কৰ্কট ৰোগৰ সমৰ্পিত চিকিৎসালয় স্থাপন কৰা হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে বিগত ১১ বছৰত ভাৰতত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা দুগুণ হৈছে, যিটো স্বাধীনতাৰ পিছৰ ৬০–৬৫ বছৰত নিৰ্মাণ কৰা মুঠ চিকিৎসা মহাবিদ্যালয়ৰ সৈতে সমান। তেওঁ আঙুলিয়াই দিয়ে যে ২০১৪ চনৰ পূৰ্বে অসমত মাত্ৰ ছখন চিকিৎসা মহাবিদ্যালয় আছিল আৰু দৰং চিকিৎসা মহাবিদ্যালয় সম্পূৰ্ণ হ’লে ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ২৪খন হ’ব। পূৰ্বতে চিকিৎসা বিজ্ঞানৰ আসনৰ অভাৱৰ বাবে বহু উচ্চাকাংক্ষী শিক্ষাৰ্থীয়ে নিজৰ কেৰিয়াৰ আগুৱাই নিব পৰা নাছিল। বিগত ১১ বছৰত দেশত চিকিৎসা বিজ্ঞানৰ আসনৰ সংখ্যা দুগুণতকৈও অধিক বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে এটা নতুন লক্ষ্যও ঘোষণা কৰে। সেই হিচাপে অহা চাৰি-পাঁচ বছৰত চৰকাৰে এক লাখ নতুন চিকিৎসা আসন সংযোজন কৰাৰ লক্ষ্য লৈছে।

প্ৰধানমন্ত্ৰীয়ে অসমক দেশপ্ৰেমিকৰ ভূমি বুলি অভিহিত কৰে। বিদেশী আক্ৰমণকাৰীৰ পৰা দেশ ৰক্ষাৰ ক্ষেত্ৰত আৰু স্বাধীনতা সংগ্ৰামৰ সময়ত কৰা ত্যাগৰ ক্ষেত্ৰত ইয়াৰ উল্লেখযোগ্য ভূমিকাৰ গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে পথৰুঘাটৰ ঐতিহাসিক কৃষক সত্যাগ্ৰহৰ কথা উল্লেখ কৰে। তেওঁ বৰ্তমানৰ সমাৱেশৰ সৈতে ইয়াৰ সান্নিধ্য আৰু ইয়াৰ চিৰস্থায়ী উত্তৰাধিকাৰৰ কথা দোঁহাৰে। শ্বহীদৰ এই পবিত্ৰ ভূমিত থিয় হৈ শ্ৰী মোদীয়ে উল্লেখ কৰে যে বিৰোধীৰ আন এক কূটকৌশলক উদঙাই দিয়াটো প্ৰয়োজন। তেওঁ অভিযোগ কৰে যে বিৰোধীয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে ভাৰত বিৰোধী ব্যক্তি আৰু মতাদৰ্শৰ সৈতে নিজকে সংযুক্ত কৰে। অপাৰেচন সিন্দূৰৰ কথা উল্লেখ কৰি তেওঁ দাবী কৰে যে এই অভিযানৰ সময়তো এনে প্ৰৱণতা স্পষ্ট হৈ পৰিছিল। তেওঁ মন্তব্য কৰে যে যেতিয়া বিৰোধী শাসনত আছিল তেতিয়া দেশখনে ব্যাপক সন্ত্ৰাসবাদৰ সন্মুখীন হৈছিল আৰু বিৰোধী দলটো মৌন হৈ আছিল। ইয়াৰ বিপৰীতে তেওঁ উল্লেখ কৰে যে আজি বৰ্তমানৰ চৰকাৰৰ অধীনত ভাৰতীয় সেনাই সিন্দূৰৰ দৰে অভিযান চলাই সমগ্ৰ পাকিস্তানত সন্ত্ৰাসবাদৰ মাষ্টাৰমাইণ্ডক নিৰ্মূল কৰে। বিৰোধীক সমালোচনা কৰি তেওঁ কয় যে তেওঁলোকে ভাৰতৰ পৰিৱৰ্তে পাকিস্তানী সেনাৰ পক্ষ লোৱা আৰু সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াসকলৰ এজেণ্ডা প্ৰচাৰ কৰে। তেওঁ দৃঢ়তাৰে কয় যে পাকিস্তানৰ মিছা কথাবোৰ বিৰোধীৰ আখ্যান হৈ পৰে। তেওঁ বিৰোধী দলসমূহৰ বিৰুদ্ধে জনসাধাৰণক সজাগ হৈ থাকিবলৈ আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিৰোধীৰ বাবে ৰাষ্ট্ৰীয় স্বাৰ্থতকৈ তেওঁলোকৰ ভোট বেংকৰ স্বাৰ্থই সদায় অগ্ৰাধিকাৰ লাভ কৰি আহিছে। তেওঁ অভিযোগ কৰে যে বিৰোধী দল এতিয়া ৰাষ্ট্ৰ বিৰোধী উপাদান আৰু অনুপ্ৰৱেশকাৰীৰ প্ৰধান ৰক্ষক হৈ পৰিছে। তেওঁ দাবী কৰে যে ক্ষমতাত থকা সময়ছোৱাত বিৰোধীয়ে সক্ৰিয়ভাৱে অনুপ্ৰৱেশক উৎসাহিত কৰিছিল আৰু এতিয়া ভাৰতত অনুপ্ৰৱেশকাৰীক স্থায়ীভাৱে সংস্থাপন কৰিব বিচাৰিছে। শ্ৰী মোদীয়ে মঙলদৈত এসময়ত অসমৰ পৰিচয় ৰক্ষা আৰু অবৈধ অনুপ্ৰৱেশ প্ৰতিহত কৰাৰ বাবে এক বৃহৎ আন্দোলনৰ সাক্ষী হৈছিল বুলি স্মৰণ কৰে। কিন্তু তেওঁ দৃঢ়তাৰে কয় যে পূৰ্বৰ বিৰোধী নেতৃত্বাধীন চৰকাৰে এই প্ৰতিৰোধৰ বাবে জনসাধাৰণক শাস্তি দিছিল আৰু ইয়াৰ ভূমিত অবৈধ বেদখলৰ অনুমতি দি প্ৰতিশোধ লয়। তেওঁ বিৰোধীয়ে বিশ্বাসৰ স্থান আৰু কৃষক আৰু জনজাতীয় জনগোষ্ঠীৰ মাটিত বেদখল সক্ষম কৰাৰ অভিযোগ উত্থাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁলোকৰ মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পিছত এই চৰ্তসমূহ ওলোটা হৈছে। তেওঁ আলোকপাত কৰে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত দৰং জিলাত লাখ লাখ বিঘা মাটি অনুপ্ৰৱেশকাৰীৰ পৰা পুনৰুদ্ধাৰ কৰা হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে বিৰোধীৰ শাসনকালত এসময়ত অনুপ্ৰৱেশকাৰীৰ নিয়ন্ত্ৰণত থকা গৰুখুটি অঞ্চল এতিয়া বেদখলমুক্ত কৰা হৈছে। এই ভূমিত এতিয়া গৰুখুটি কৃষি প্ৰকল্প স্থাপন কৰা হৈছে, য’ত স্থানীয় যুৱক-যুৱতীসকলে ‘কৃষি সৈনিক’ হিচাপে কাম কৰি সৰিয়হ, কুঁহিয়াৰ, মাটি মাহ, তিল, ৰঙালাও আদি শস্যৰ খেতি কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এসময়ত অনুপ্ৰৱেশকাৰীয়ে দখল কৰি থকা ভূমি এতিয়া অসমৰ কৃষি উন্নয়নৰ এক নতুন কেন্দ্ৰত পৰিণত হৈছে।

তেওঁলোকৰ চৰকাৰে অনুপ্ৰৱেশকাৰীক দেশৰ সম্পদ আৰু সম্পত্তিৰ ওপৰত নিয়ন্ত্ৰণ কৰিবলৈ নিদিয়ে বুলি দৃঢ়তাৰে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ কৃষক, যুৱক-যুৱতী আৰু জনজাতীয় লোকসকলৰ অধিকাৰ কোনো কাৰণতে আপোচ কৰা নহ’ব। তেওঁ অনুপ্ৰৱেশকাৰীয়ে মাতৃ, ভগ্নী, কন্যাৰ ওপৰত কৰা অত্যাচাৰক লৈ উদ্বেগ প্ৰকাশ কৰি এনে কাৰ্য সহ্য কৰা নহ’ব বুলি ঘোষণা কৰে। শ্ৰী মোদীয়ে অনুপ্ৰৱেশৰ জৰিয়তে সীমান্ত অঞ্চলসমূহৰ জনগাঁথনি সলনি কৰাৰ বাবে চলি থকা ষড়যন্ত্ৰৰ বিষয়ে সকীয়াই দি ইয়াক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভয়াৱহ ভাবুকি বুলি অভিহিত কৰে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে তেওঁ দেশজোৰা জনগাঁথনি অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। তেওঁ অনুপ্ৰৱেশকাৰীৰ পৰা দেশখনক সুৰক্ষিত কৰাৰ লগতে ভাৰত ভূমিৰ পৰা তেওঁলোকক সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱাটো নিশ্চিত কৰাৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি দোঁহাৰে।

 

অসমৰ চহকী ঐতিহ্য সংৰক্ষণ আৰু ইয়াৰ উন্নয়ন ত্বৰান্বিত কৰাৰ সামূহিক দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই লক্ষ্যত উপনীত হ’বলৈ সমন্বিত প্ৰচেষ্টা অতি প্ৰয়োজনীয়। তেওঁ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক উন্নত ভাৰতৰ চালিকা শক্তিলৈ ৰূপান্তৰিত কৰাৰ দৃষ্টিভংগী পুনৰবাৰ উল্লেখ কৰি ভাষণ সামৰে।

অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
55.49 crore UPI users onboarded by June 2026

Media Coverage

55.49 crore UPI users onboarded by June 2026
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom
July 21, 2026

Prime Minister Shri Narendra Modi today extended congratulations to Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom.

Shri Modi noted that India and the UK are bound by shared democratic values and enjoy wide-ranging cooperation across trade, investment, technology, defence, and people-to-people relations. With CETA entering into force this month, the Prime Minister pointed out that the bilateral partnership is poised to grow even stronger.

The Prime Minister stated that he looks forward to working closely with him to further deepen the India-UK Comprehensive Strategic Partnership and advance their shared Vision 2035.

In a post on X, the Prime Minister shared:

"Warmest congratulations to Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom.

India and the UK are bound by shared democratic values and enjoy wide-ranging cooperation across trade, investment, technology, defence and people-to-people relations. With CETA entering into force this month, our bilateral partnership is poised to grow even stronger.

I look forward to working closely with you to further deepen the India-UK Comprehensive Strategic Partnership and advance our shared Vision 2035.

@andyburnham"