ভাৰত এতিয়া বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা দেশ আৰু অসম দেশৰ ভিতৰতে অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজ্য হিচাপেও আত্মপ্ৰকাশ কৰিছেঃ প্ৰধানমন্ত্ৰী
আজি সমগ্ৰ দেশে এক উন্নত ভাৰত গঢ়াৰ বাবে ঐক্যবদ্ধভাৱে আগবাঢ়িছে; বিশেষকৈ আমাৰ তৰুণ প্ৰজন্মৰ বাবে উন্নত ভাৰত এক সপোন আৰু সংকল্প দুয়োটা, এই সংকল্প পূৰণৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ এক উল্লেখযোগ্য ভূমিকা আছেঃ প্ৰধানমন্ত্ৰী
একবিংশ শতিকাৰ পঁচিশ বছৰ পাৰ হৈ গ’ল আৰু এই শতিকাৰ পৰৱৰ্তী অধ্যায়টো পূব আৰু উত্তৰ-পূবৰঃ প্ৰধানমন্ত্ৰী
যিকোনো অঞ্চলৰ দ্ৰুত উন্নয়নৰ বাবে শক্তিশালী সংযোগৰ প্ৰয়োজন, সেইবাবেই আমাৰ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত সংযোগ বৃদ্ধিৰ ওপৰত প্ৰবল গুৰুত্ব দিছেঃ প্ৰধানমন্ত্ৰী
আমি এইমছ আৰু চিকিৎসা মহাবিদ্যালয়ৰ নেটৱৰ্ক দেশৰ চুকে-কোণে সম্প্ৰসাৰিত কৰিছো, বিশেষভাৱে অসমত সমৰ্পিত কৰ্কট চিকিৎসালয়ো স্থাপন কৰা হৈছেঃ প্ৰধানমন্ত্ৰী
অনুপ্ৰৱেশৰ জৰিয়তে সীমান্ত অঞ্চলৰ জনগাঁথনি সলনি কৰাৰ ষড়যন্ত্ৰ চলি আছে আৰু ইয়াৰ ফলত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি গুৰুতৰ ভাবুকি আহি পৰিছে, সেয়েহে এতিয়া দেশজোৰা জনগাঁথনি অভিযান আৰম্ভ কৰা হৈছেঃ প্ৰধানমন্ত্ৰী

ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী শ্ৰী সৰ্বানন্দ সোণোৱাল জী, অসম চৰকাৰৰ সকলো মন্ত্ৰী, সাংসদ-বিধায়ক, অন্যান্য জনপ্ৰতিনিধি আৰু ধাৰাসাৰ  বৰষুণকো নেওচি হিলদল ভাঙি আমাক আশীৰ্বাদ দিবলৈ অহা মোৰ মৰমৰ ভাই-ভনীসকল, নমস্কাৰ।

অসমৰ  বিকাশৰ যাত্ৰাৰ  এই ঐতিহাসিক দিনটোত দৰংবাসীৰ লগতে সমগ্ৰ অসমবাসীক মই আন্তৰিক ওলগ আৰু অভিনন্দন জনাইছো। 

বন্ধুসকল,

অপাৰেচন সিন্দুৰৰ পিছত এয়া মোৰ প্ৰথম অসম ভ্ৰমণ। মা কামাখ্যাৰ আশীৰ্বাদত অপাৰেচন সিন্দুৰে প্ৰচণ্ড সফলতা লাভ কৰিলে। সেয়ে আজি মা কামাখ্যাৰ এই ভূমিলৈ আহি এক সুকীয়া পবিত্ৰ অভিজ্ঞতা লাভ কৰিছোঁ আৰু আজি এই অঞ্চলত জন্মাষ্টমী উদযাপন হোৱাটোও এক উল্লেখনীয় কথা, গতিকে এই পবিত্ৰ জন্মাষ্টমী উৎসৱত আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো। মই লালকিল্লাৰ পৰাই কৈছিলোঁ, ভাৰতৰ নিৰাপত্তা কৌশলত ‘সুদৰ্শন-চক্ৰ’ৰ ধাৰণাটো উপস্থাপন কৰিছো। মংগলদৈ হৈছে সংস্কৃতিৰ ত্ৰিৱেণীৰ সংগমস্থলী, ইতিহাসৰ গৌৰৱ আৰু ভৱিষ্যতৰ আশা সকলোবোৰ ইয়াত  একত্ৰিত হৈছে । এই অঞ্চলটো অসমৰ পৰিচয়ৰ কেন্দ্ৰবিন্দুও। প্ৰেৰণাৰ কথা  মনত পেলাইছিলো, শ্ৰীকৃষ্ণক মনত পেলাইছিলো  আৰু ভৱিষ্যতৰ নিৰাপত্তাৰ নীতিত সুদৰ্শন চক্ৰৰ ধাৰণাটো ৰাইজৰ আগত উপস্থাপন কৰিছিলো।

 

বন্ধুসকল,

আমাৰ বীৰত্বৰে ভৰা এই ভূমিত আপোনালোক সকলোকে দেখাৰ সুযোগ লভি মই ধন্য হৈছো।

 

ভাতৃ-ভগ্নীসকল,

মাত্ৰ কেইদিনমানৰ আগতে আমি ভাৰত ৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকা জীৰ জন্মদিন পালন কৰিছিলো। কালি তেওঁৰ সন্মানাৰ্থে অনুষ্ঠিত এক ভব্য অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলোঁ।  অসমৰ এনে মহান সন্তানে আৰু আমাৰ পূৰ্বজসকলে  যি সপোন দেখিছিল, আজি বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে সম্পূৰ্ণ সততাৰে সেই সপোন বাস্তৱত পৰিণত কৰাত  নিয়োজিত হৈছে।

 

ভাই-ভনীসকল,

কালি ভূপেন দা জীৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত থাকোঁতে নিশা  মুখ্যমন্ত্ৰীয়ে মোক কিবা এটা ক’লে আৰু আজি পুৱা তেওঁ সেই ভিডিঅ’টোও মোক দেখুৱালে। এইখিনি দেখাৰ পিছত মই গভীৰভাৱে আঘাত পাইছিলোঁ। তেওঁ মোক কংগ্ৰেছ দলৰ সভাপতিৰ বক্তব্য দেখুৱাইছিল। যিদিনা ভাৰত চৰকাৰে এই দেশৰ মহান পুত্ৰক ভাৰত ৰত্ন দিছিল, অসমৰ গৌৰৱ ভূপেন হাজৰিকাক,  সেইদিনা কংগ্ৰেছ দলৰ সভাপতি এটা বক্তব্য দিছিল, সেই সময়ত সেয়া  মোৰ দৃষ্টিগোচৰ হোৱা নাছিল, আজি মোক সেয়া দেখুৱাই দিয়া হ’ল, কংগ্ৰেছ দলৰ সভাপতিয়ে কৈছিল যে মোদীয়ে নাচ-গান কৰা লোকক ভাৰতৰত্ন দিছে।

 

বন্ধুসকল,

১৯৬২ চনত চীনৰ সৈতে হোৱা যুদ্ধৰ পিছত পণ্ডিত নেহৰুৱে যি কৈছিল, উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ সেই ঘাঁবোৰ আজিও প্ৰশমিত হোৱা নাই, বৰ্তমান কংগ্ৰেছৰ বৰ্তমান প্ৰজন্ময়েও সেই ঘাঁত নিমখ চটিয়াইছে। সাধাৰণতে মানুহে মোক যিমানেই গালি-নাপাৰক  কিয়, মই ভগৱান শিৱৰ ভক্ত, মই সকলো বিষ গিলি পেলাওঁ। কিন্তু যেতিয়া আন কাৰোবাক নিৰ্লজ্জভাৱে অপমান কৰা হয় , তেতিয়া মই সহ্য কৰিব নোৱাৰো। ভূপেনদাক ভাৰত ৰত্ন দিয়াৰ মোৰ সিদ্ধান্ত সঠিক আছিল নে নাই আপোনালোকেই  কওক। সম্পূৰ্ণ  শক্তিৰে কওক উচিত আছিল নে ভুল আছিল ? কংগ্ৰেছে ভূপেন দাক ভাৰত ৰত্ন দিয়াকলৈ  ঠাট্টা কৰিছিল, তেওঁলোকে ভুল কৰিছিল নে কৰা নাছিল ? কংগ্ৰেছে অসমৰ সন্তান, ভাৰতৰ সন্তানক এনেদৰে অপমান কৰাৰ কথাই  মনত বহুত কষ্ট দিয়ে।

 

বন্ধুসকল,

মই জানো, তেওঁলোকৰ সমগ্ৰ পৰিৱেশ তন্ত্ৰই আজি মোক আক্ৰমণ কৰিব,ভাবিব  যে মোদীয়ে আকৌ কান্দিবলৈ আৰম্ভ কৰিব। মোৰ বাবে জনসাধাৰণ মোৰ ঈশ্বৰ, মোৰ ভগৱানৰ ওচৰলৈ যোৱাৰ পিছত যদি মোৰ আত্মাৰ কণ্ঠ ওলাই নাহে, তেন্তে ক’ত ওলাব? তেওঁলোক মোৰ মালিক, তেওঁলোক মোৰ শ্ৰদ্ধাৰ, তেওঁলোক মোৰ ৰিম’ট কণ্ট্ৰ’ল, মোৰ আন কোনো ৰিম’ট কন্ট্ৰ’ল নাই, ১৪০ কোটি দেশবাসী মোৰ ৰিম’ট কন্ট্ৰ’ল। কিন্তু  সেইসকলৰ অহংকাৰ ইমানেই বেছি যে যেতিয়া নামদাৰে কামদাৰ(শ্ৰমিক)ক মাৰপিট কৰে আৰু বিষৰ বাবে শ্ৰমিকৰ মুখৰ পৰা যন্ত্ৰণাৰ চিঞৰ  ওলাই আহে , তেতিয়া সেইসকলে  তেওঁক আৰু অধিক অত্যাচাৰ কৰে,  তেওঁৰ কান্দোনৰো অধিকাৰ নাই বুলি, নামদাৰৰ সন্মুখত শ্ৰমিক হৈ কেনেকৈ কান্দিব পাৰে? এনে অহংকাৰ জনজীৱনৰ লগত খাপ নাখায়। অসমৰ ৰাইজ, দেশৰ জনগণ, সংগীতপ্ৰেমী, শিল্পপ্ৰেমী, ভাৰতৰ আত্মাৰ বাবে হৃদয় আৰু আত্মা সমৰ্পন কৰা লোকসকলে কংগ্ৰেছক সুধিব লাগে যে আপোনালোকে  ভূপেন দাক কিয় অপমান কৰিছিল?

ভাই-ভনীসকল,

অসমৰ এই সাংস্কৃতিক ঐতিহ্যৰ সন্মান আৰু সুৰক্ষা তথা অসমৰ দ্ৰুত বিকাশ, এয়াই হৈছে ডাবল ইঞ্জিন চৰকাৰৰ অগ্ৰাধিকাৰ। এছ পি জিৰ  লোকে  কিছুমান   ছবি লৈ আহিছে  যিবোৰ কোনোবাই  হয়তো মোক দিব বিচাৰিব। যিসকলে ছবিখন আঁকিছে তেওঁলোকক পিছফালে নাম- ঠিকনা লিখি দিবলৈ অনুৰোধ জনালোঁ। নিশ্চয় আপোনালোকলৈ চিঠি লিখিম। বৰ ধুনীয়া ছবি। এগৰাকীয়ে  মোৰ মাৰ ছবি এখনো আঁকিছে। অসমৰ এই প্ৰেম মই কেতিয়াও পাহৰিব নোৱাৰো। সেই ডেকা লৰাজনে  ইমান সময় ধৰি  এখন গামোচা লৈ থিয় হৈ আছে। সেইখনো  অনুগ্ৰহ কৰি লৈ আনক  । মোৰ বাবে সেয়া জন্মাষ্টমীৰ  প্ৰসাদ। অসমৰ কোনোবা দুখীয়া মাতৃয়ে নিশ্চয় এই গামোচাখন তৈয়াৰ কৰিছে । বহুত বহুত ধন্যবাদ । এই প্ৰসাদৰ বাবে আপোনালোকৰ ওচৰত মই অতিশয় কৃতজ্ঞ। মই সেয়া পাম। অনুগ্ৰহ কৰি মোক দিয়ক । মই সেয়া পাম। আপোনাৰ ওচৰত মই অতিশয় কৃতজ্ঞ। আৰু এখন  আছে। অনুগ্ৰহ কৰি সেয়াও লওক। হিমন্তক দিব খুজিছে। য’লৈকে  যাব লাগিব সেই ঠাইলৈ সঠিকভাবে যাব। আপোনালোকৰ মৰমৰ বাবে বহুত বহুত ধন্যবাদ । চাওক, বহু ল’ৰা-ছোৱালীয়ে কিছুমান ছবি আঁকি  আনিছে। অনুগ্ৰহ কৰি সেয়াও লওক । মানুহে আমাৰ  ওপৰত ইমান মৰমৰ বৰষুণ বৰষিছে। ইমান সৰু ল'ৰা-ছোৱালী, আমি ইমান সৌভাগ্য ক'ৰ পৰা পাওঁ? ধন্যবাদ বন্ধু, ধন্যবাদ ভাই, তোমালোক দুয়ো ভাই নেকি, নহয়, বাহ দুয়োজনে ক'লা টি-চাৰ্ট পিন্ধি আহিছে।  বহুত বহুত ধন্যবাদ বন্ধুসকল।

 

বন্ধুসকল,

চৰকাৰ আৰু অসমৰ ৰাইজৰ যৌথ প্ৰচেষ্টাত অসমে আজি দেশৰ লগতে বিশ্বত ধুমুহা বোৱাইছে। চাওক এই ছোৱালীজনীয়ে কিবা এটা আনিছে, অনুগ্ৰহ কৰি লওক, আমি ছোৱালী এজনীক একেবাৰেই নিৰাশ কৰিব নোৱাৰো, , বালকজনকো ধন্যবাদ , তুমি তোমাৰ নামটো পিছফালে লিখিছানে, যদি তুমি তোমাৰ  নাম লিখিছা তেন্তে মই চিঠি লিখিম, তোমাৰ নাম আৰু ঠিকনা লিখিবা ।মই সংগ্ৰহ কৰি লম। এছপিজিৰ লোকসকলে সেইবোৰ লৈ লওক।

 

বন্ধুসকল,

আজি ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা দেশ হোৱাৰ বিপৰীতে অসমো দেশৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজ্য হিচাপে পৰিগণিত হৈছে। এটা সময়ত অসম উন্নয়নৰ ক্ষেত্ৰত পিছপৰা আছিল, দেশৰ লগত খোজ মিলাব পৰা নাছিল, কিন্তু আজি অসম প্ৰায় ১৩ শতাংশ বৃদ্ধিৰ হাৰত আগবাঢ়িছে।  বহুত বহুত ধন্যবাদ।

 

বন্ধুসকল,

১৩ শতাংশ বৃদ্ধি...১৩ শতাংশ বৃদ্ধি, এয়া বহুত ডাঙৰ কৃতিত্ব, এয়া আপোনালোকৰ কৃতিত্ব, আজি আপোনালোকৰ নামত হাত চাপৰি বজাওঁ আহক। আমাৰ নামত আপোনালোকে বহুত হাত চাপৰি বজায় , আজি আপোনালোকৰ নামত  হাত চাপৰি বজাবলৈ মন গৈছে। এই সফলতা অসমবাসীৰ কঠোৰ পৰিশ্ৰম আৰু বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰৰ যৌথ প্ৰচেষ্টাৰ ফল। মই সুখী যে অসমৰ ৰাইজে এই অংশীদাৰিত্ব অহৰহ শক্তিশালী কৰি তুলিছে। সেইবাবেই হিমন্ত জী আৰু তেওঁৰ দলটোৱে বাৰে বাৰে প্ৰতিটো নিৰ্বাচনতে বিপুল সমৰ্থন লাভ কৰি আহিছে। শেহতীয়াকৈ অনুষ্ঠিত  পঞ্চায়ত নিৰ্বাচনতো অসমে আমাক সকলোকে এক ঐতিহাসিক বিজয় দিছে আৰু আশীৰ্বাদ দিছে।

 

বন্ধুসকল,

অসমক ভাৰতৰ উন্নয়নৰ বৃদ্ধিৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে কাম কৰি আছে বিজেপি চৰকাৰে। আজিৰ অনুষ্ঠানটোও আমাৰ এই সংকল্পৰে এক অংশ। মাত্ৰ কিছু সময়ৰ আগতে এই মঞ্চৰ পৰাই প্ৰায় ৬.৫ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। আমাৰ ডাবল ইঞ্জিন চৰকাৰে অসমক শীৰ্ষ  ৰাজ্য আৰু শীৰ্ষ স্বাস্থ্যসেৱাৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে। এই প্ৰকল্পসমূহে এই সংকল্পক আৰু অধিক শক্তিশালী কৰিব। দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বাবে, ঘাইপথৰ বাবে, ৰিং ৰোডৰ বাবে,  আপোনালোক সকলোকে অশেষ অভিনন্দন।

 

বন্ধুসকল,

আজি সমগ্ৰ দেশখনে এক উন্নত ভাৰত গঢ়াৰ বাবে ঐক্যবদ্ধভাৱে আগবাঢ়িছে। বিশেষকৈ আমাৰ যুৱ বন্ধুসকলৰ বাবে উন্নত ভাৰত এক সপোনৰ লগতে এটা সংকল্পও। আৰু এই সংকল্প সাধনত আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ অতি ডাঙৰ ভূমিকা আছে। মই এই কথা কৈছো কেৱল আপোনালোকৰ প্ৰতি মোৰ বহুত মৰম থকা বাবে, আপোনালোকৰ প্ৰতি বহুত সন্মান আছে, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি মোৰ মোহ আছে, মই এই কথা কেৱল ইয়াৰ বাবেই কোৱা নাই, মই এই কথা কৈ আহিছো, কাৰণ ইয়াৰ আঁৰত বিশেষ কাৰণ আছে। স্বাধীনতাৰ পিছত বৃহৎ চহৰ, ডাঙৰ অৰ্থনীতি, ডাঙৰ ডাঙৰ কাৰখানা কেৱল পশ্চিম আৰু দক্ষিণ ভাৰততহে গঢ় লৈ উঠিছিল। এই সময়ছোৱাত পূব ভাৰতৰ এক বৃহৎ অঞ্চল, অতি বৃহৎ জনসংখ্যা উন্নয়নৰ দৌৰত পিছ পৰি ৰ’ল। এতিয়া বিজেপি চৰকাৰে এই পৰিস্থিতিৰ সলনি কৰিছে। ২১ শতিকাৰ ২৫ বছৰ পাৰ হৈ গ’ল। আমি একবিংশ শতিকাৰ গীত গাই আহিছো, কংগ্ৰেছৰ যুগৰ পৰা শুনি আহিছো, একবিংশ শতিকা আহি আছে, একবিংশ শতিকা আহি আছে, কিন্তু তাৰ এক চতুৰ্থাংশ সময়  পাৰ হৈ গ’ল। এতিয়া একবিংশ শতিকাৰ এই পৰৱৰ্তী অংশ পূবৰ, উত্তৰ পূৰ্বাঞ্চলৰ বাবে । এতিয়া আপোনালোকৰ সময় আহিছে, অসমৰ সময়, উত্তৰ-পূৰ্বাঞ্চলৰ সময় আহিছে, আপোনালোকৰ সময় আহিছে। মোৰ ন-জোৱানসকল এতিয়া সময় আপোনালোকৰ হাতৰ মুঠিত । আন এটি শিশুৱে কিবা এটা লৈ আহিছে, সেয়া লৈ লওক, এতিয়া এই মানুহবোৰেও মোৰ অসুবিধাবোৰ জানে। যেতিয়া সিহঁতে ছবি একোখন আনিছে, তেতিয়া মোৰ সেইখন তুলিবলৈ মন গৈছে। মোক দিয়া ল’ৰাহঁত, পিছপিনে  তোমালোকৰ নাম -ঠিকনা লিখিবা, মই সংগ্ৰহ কৰিম, মই তোমালোকলৈ চিঠি লিখিম। অনুগ্ৰহ কৰি এয়া  এছপিজিয়ে লৈ লওক।

বন্ধুসকল,

যিকোনো অঞ্চলৰ দ্ৰুত বিকাশৰ বাবে দ্ৰুত সংযোগ অতি গুৰুত্বপূৰ্ণ। সেইবাবেই আমাৰ চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত সংযোগৰ বিষয়ত  যথেষ্ট গুৰুত্ব দি আহিছে। ভৌতিক সংযোগ যেনে পথ, ৰে'ল, বিমান, ডিজিটেল সংযোগ যেনে ৫ জি  ইণ্টাৰনেট, ব্ৰডবেণ্ড, এই সকলোবোৰে আপোনালোকক সুবিধা প্ৰদান কৰিছে, জীৱনটো সহজ হৈ পৰিছে, ব্যৱসায় কৰাটো সহজ হৈ পৰিছে। এই সংযোগে আপোনালোকৰ বাবে ভ্ৰমণক সহজ কৰি তুলিছে, পৰ্যটনৰ সম্প্ৰসাৰণ হৈছে আৰু ইয়াৰ দ্বাৰা আমাৰ ইয়াত থকা যুৱক-যুৱতীসকলৰ বাবে নতুন চাকৰি আৰু কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হৈছে।

 

বন্ধুসকল,

সংযোগৰ এই মহান অভিযানৰ পৰা অসমেও যথেষ্ট লাভাৱান্বিত  হৈছে। এটা উদাহৰণ দিম। স্বাধীনতাৰ পিছৰ ছদশকলৈকে দিল্লীত কংগ্ৰেছ চৰকাৰ ক্ষমতা আছিল আৰু অসমত দশক দশক ধৰি আছিল, কিন্তু কংগ্ৰেছে ৬০-৬৫ বছৰত ব্ৰহ্মপুত্ৰৰ ওপৰত মাত্ৰ তিনিখন দলং নিৰ্মাণ কৰিছিল, ৬০-৬৫ বছৰত তিনিখন দলং। তাৰ পিছত আপোনালোকে  আমাক সেৱা কৰাৰ সুযোগ দিলে আৰু এটা দশকত আমাৰ চৰকাৰে ছখন ডাঙৰ দলং... ছখন ডাঙৰ দলং নিৰ্মাণ কৰিলে। এতিয়া কওক আমি ইমান কাম কৰা বাবে  আপোনালোক  সুখী হয় নে নহয়? ইয়াৰ বাবে আপোনালোকৰ আশীৰ্বাদ পাম নে নাপাম? আপোনালোকৰ  মৰম পাম নে নাপাম? আপোনালোক  সুখী নে? মই আৰু কাম কৰিব বিচাৰো, মাত্ৰ আশীৰ্বাদ দি থাকিব। আজি কুৰুৱা-নাৰেংগী দলঙৰ আধাৰশিলা স্থাপন কৰা হৈছে। এই দলংখনে গুৱাহাটী আৰু দৰঙৰ মাজৰ দূৰত্ব মাত্ৰ কেইমিনিটমানলৈ হ্ৰাস কৰিব। ইয়াৰ ফলত সাধাৰণ মানুহৰ সময় আৰু ধন ৰাহি হ’ব, যাতায়ত কম খৰচী  হ’ব, সময় কম হ’ব, যাতায়তৰ সমস্যা কমি যাব আৰু ইয়াৰ বাবে দামো কমি যাব।

বন্ধুসকল,

নতুন ৰিং ৰোডৰ পৰা আপোনালোক বহুত উপকৃত হব। এয়া নিৰ্মাণ হ’লে উজনি অসম অভিমুখে যোৱা যান-বাহনবোৰে মহানগৰীলৈ অহাৰ প্ৰয়োজন নহ’ব। এই ৰিং ৰোডে ৫টা ৰাষ্ট্ৰীয় ঘাইপথ, ২টা ৰাজ্যিক ঘাইপথ, এটা বিমানবন্দৰ, তিনিটা ৰে'লৱে ষ্টেচন আৰু এটা আভ্যন্তৰীণ জল টাৰ্মিনেলক সংযোগ কৰিব। অৰ্থাৎ অসমত প্ৰথমবাৰৰ বাবে নিৰৱচ্ছিন্ন মাল্টি-ম’ডাল সংযোগৰ সম্পূৰ্ণ নেটৱৰ্ক গঢ়ি তোলা হ’ব। এয়াই  হৈছে ডাবল ইঞ্জিন বিজেপি চৰকাৰৰ উন্নয়নৰ আৰ্হি।

বন্ধুসকল,

আমি কেৱল আজিৰ বাবেই নহয় , আগন্তুক ২৫-৫০ বছৰৰ প্ৰয়োজনীয়তাৰ বাবেও দেশক প্ৰস্তুত কৰিছো, কাৰণ ২০৪৭ চনত যেতিয়া আমি স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিম, তেতিয়া আমি এখন উন্নত ভাৰত গঢ়িব লাগিব,  বন্ধুসকল। আমি আপোনালোকৰ বাবে, আপোনালোকৰ সন্তানৰ বাবে, যুৱ প্ৰজন্মৰ   উজ্জ্বল ভৱিষ্যতৰ বাবে বিকশিত ভাৰত  গঢ়ি তুলিব লাগিব। মই লালকিল্লাৰ পৰা ঘোষণা কৰিছিলোঁ যে এতিয়া জি এছ টিৰ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ হ’ব। আজি মই এই সংস্কাৰৰ সুখবৰ লৈ আপোনালোকৰ মাজলৈ আহিছো। আজিৰ পৰা ঠিক ৯ দিন পিছত  হব নৱৰাত্ৰিৰ প্ৰথম দিন, জি এছ টিৰ হাৰ বহুত কমি যাব। আৰু ইয়াৰ দ্বাৰা অসমৰ প্ৰতিটো পৰিয়াল, দেশৰ প্ৰতিটো পৰিয়ালে সকাহ পাব, দৈনন্দিন ব্যৱহাৰৰ বহু বস্তু সস্তা হৈ পৰিব। আমি চিমেণ্টৰ ওপৰত কৰ কমাই দিছো, ইয়াৰ বাবেই ঘৰ নিৰ্মাণৰ খৰচ কমি যাব, কেন্সাৰৰ দৰে বহু গুৰুতৰ ৰোগৰ বহু দামী ঔষধ সস্তা হ’ব, বীমা সস্তা হ’ব আৰু মটৰ চাইকেল এখন, নতুন গাড়ী কিনিব বিচৰা যুৱক-যুৱতীসকলেও সস্তাতে সেইবোৰ কিনিব পাৰিব । আপোনালোকে নিশ্চয় দেখিছে যে আজিকালি মটৰ কোম্পানীৰ মাজত  প্ৰতিযোগিতা চলি আছে-এনে প্ৰতিযোগিতা চলি আছে, ৬০ হাজাৰ কম, ৮০ হাজাৰ কম, ১ লাখ টকা কম বুলি  বিজ্ঞাপন দি আছে। তাৰমানে মাতৃ-ভগ্নী, যুৱক-যুৱতী, খেতিয়ক, দোকানী, সকলোৱে উপকৃত হ'বলৈ গৈ আছে। এই সিদ্ধান্তই আপোনালোকৰ উৎসৱবোৰত অধিক উজ্জ্বলতা যোগ কৰিবলৈ গৈ আছে।

 

বন্ধুসকল,

 

এই উৎসৱবোৰৰ সময়ত মোৰ এটা কথা মনত ৰাখিব লাগিব। মই সেই কথা   ক’ব লাগিবনে? সেই কথা   ক’ব লাগিবনে? কোৱা উচিত হ'ব নে? আপোনালোক  সকলোৱে হাত দাঙি মোক কওক? মোৰ কথা শুনিবনে? সেই ল'ৰা জন বহা , বহা, ধন্যবাদ ল'ৰা, ধন্যবাদ। তেওঁক অশান্তি নিদিব, তেওঁ শাৰীৰিক সমস্যাত ভুগি আছে। অনুগ্ৰহ কৰি তেওঁক অশান্তি নিদিব। আমি লম, মাত্ৰ কেমেৰামেনে তেওঁৰ পৰা সেই চিঠিখন লওক, চিঠিখন লওক। তাক অশান্তি নিদিবা, অশান্তি নিদিবা, অ' ভাই সি বেদনাত ভুগি আছে। ভাই, মই তেওঁক প্ৰণাম জনাইছো, মোৰ প্ৰণাম, ভাই, অনুগ্ৰহ কৰি তেওঁক অসুবিধা নকৰিব, মই তেনে কথা ভাল নাপাওঁ ভাই। আপুনি ইয়ালৈ আহিছে, আপোনাৰ শৰীৰক ইমান কষ্ট দি ইয়ালৈ আহিছে, মই আপোনাৰ ওচৰত কৃতজ্ঞ।

 

বন্ধুসকল,

মাত্ৰ হাত দাঙি আকৌ এবাৰ কওক, মই মোৰ কথা শুনিবনে? এনে নহয় যে সকলোৱে হাত দাঙিব  লাগে, মোৰ কথা শুনিবনে? নিশ্চয় শুনিবনে? এইখিনি কৰক বন্ধুসকল, দেশ আগুৱাই যাব, মই মোৰ বাবে বিচৰা নাই, দেশৰ বাবে বিচাৰিছো। আপোনালোকৰ সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বিচাৰিছো। আৰু মই আপোনালোকক প্ৰতিশ্ৰুতি দিবলৈ অনুৰোধ কৰিছো যে আপোনালোকে এতিয়া যি কিনিব সেয়া স্বদেশী  হ’ব। কিনিবনে? স্বদেশী  কিনিবনে? মেড ইন ইণ্ডিয়া কিনিবনে? আৰু মোৰ বাবে স্বদেশীৰ  সংজ্ঞা অতি সহজ। কোম্পানীটো যি দেশৰেই নহওক কিয়, যিখন দেশৰ নামেই নহওক কিয়, কিন্তু কেৱল ভাৰততহে নিৰ্মাণ কৰা উচিত। পইচা হয়তো পৃথিৱীৰ যিকোনো দেশেই বিনিয়োগ কৰিব, কিন্তু ঘাম মোৰ দেশৰ যুৱক-যুৱতীৰ হ’ব লাগে। আৰু যিয়েই নহওক মেড ইন ইণ্ডিয়া , তাত মোৰ ভাৰতৰ মাটিৰ সুগন্ধি থাকিব লাগে। এনে সামগ্ৰী কিনিবনে? কিনিবনে? হাতখন ওপৰলৈ তুলি কওক কিনিবনে? সকলোৰে লগত জোৰেৰে কওক কিনিবনে? জোৰেৰে কওক কিনিবনে? কাৰোবাক উপহাৰ দিব বিচাৰিলে স্বদেশী বস্তু  দিবনে? আৰু সামগ্ৰী বিক্ৰী কৰা দোকানীজনক, মই তেওঁকো ক’ব বিচাৰো, দোকানত বৰ্ড এখন লগাওক, লগাবনে? আপোনাৰ গাঁৱৰ প্ৰতিখন দোকানত বৰ্ড লগাবনে? তাৰ ওপৰত এখন ফলক লগাই গৌৰৱেৰে কওক যে এয়া  স্বদেশী। গৌৰৱেৰে কওক যে এয়া  স্বদেশী।

চাওক, স্বদেশীৰ শক্তিৰ কথা কওঁ। প্ৰায় ৫০ বছৰ আগৰ কথা। কিছুদিন কন্যাকুমাৰীত বাস কৰিছিলো। আৰু এই গামোচা মোৰ লগত বহু বছৰ ধৰি আছে, মোৰ বেগত সদায় তিনি চাৰিখন থাকে। সেয়ে মই গামোচা লৈ  কন্যাকুমাৰীত ঘূৰি ফুৰিছিলো, দূৰৰ পৰা দৌৰি দৌৰি আহি কিছুমান মানুহে মোক সম্ভাষণ জনাবলৈ ধৰিলে। তেওঁলোকে সুধিলে, আপুনি অসমৰ নেকি? মই কলো নাই মই গুজৰাটৰ। নাই, তেওঁলোকে ক’লে, আমি গামোচা দেখিলোঁ, সেইবাবেই আমি আপোনাক সুধিলো । মাটিৰ এই শক্তি, এই শক্তি স্বদেশীৰ। ইয়াত কোনো স্বীকৃতি নাছিল। কিন্তু, সেইদিনা অসমৰ মানুহে মোৰ ওপৰত ইমান মৰমৰ বৰষুণ বৰষিলে, কাৰণ মোৰ ডিঙিত গামোচা আছিল ,বন্ধুসকল। এই শক্তি আৰু সেইবাবেই মই কওঁ, আপোনালোকে মোক প্ৰতিশ্ৰুতি দিয়ক, আমি স্বদেশী কিনিম। স্থানীয়ৰ বাবে কণ্ঠস্বৰ, স্থানীয়ৰ বাবে কণ্ঠস্বৰ, ইয়াৰ বাবে আমাৰ প্ৰচেষ্টাই দেশক শক্তিশালী কৰিব।

বন্ধুসকল,

বিগত বছৰবোৰত দেশত আন এটা খণ্ডত বহু কাম কৰা হৈছে। সেয়া  হৈছে স্বাস্থ্যসেৱাৰ খণ্ড, স্বাস্থ্য খণ্ড। ডাঙৰ চহৰত যেতিয়া আমাৰ চিকিৎসালয় আছিল, তেতিয়া আমি তালৈ চিকিৎসাৰ বাবে গৈছিলোঁ আৰু ইয়াৰ বাবে বহুত খৰচ হৈছিল। আমি এইমছ, চিকিৎসা মহাবিদ্যালয়ৰ নেটৱৰ্ক দেশৰ চুক-কোণলৈ বিয়পাই দিছো। এতিয়া বহকচোন , মই  কওঁ। এতিয়া আপোনালোক  বহক,  ভাই কেমেৰামেন, তেওঁৰ পৰা চিঠিখন লওক। মোৰ এই প্ৰতিবন্ধী ভাইসকলক কিয় অশান্তি দিয়ে? ধন্যবাদ বন্ধু। ইয়াত অসমত বিশেষকৈ কেন্সাৰ চিকিৎসালয়ো নিৰ্মাণ কৰা হৈছে। যোৱা ১১ বছৰৰ ভিতৰত ভাৰতত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা দুগুণ হৈছে, অৰ্থাৎ স্বাধীনতাৰ ৬০-৬৫ বছৰত নিৰ্মাণ কৰা চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যাৰ সমানে  আমি যোৱা ১১ বছৰত একে ধৰণে  নিৰ্মাণ কৰিছো। ৬০-৭০ বছৰত যি কাম কৰা হ’ল, আমি ১০-১১ বছৰত কৰিলোঁ , বন্ধুসকল। ইয়াত অসমতো ২০১৪ চনৰ আগতে মাত্ৰ ৬ খন চিকিৎসা মহাবিদ্যালয় আছিল। এতিয়া যেতিয়া দৰঙৰ চিকিৎসা মহাবিদ্যালয়খনো সাজু হ’ব, তেতিয়া ইয়াত ২৪খন চিকিৎসা মহাবিদ্যালয় হ’ব। আপোনালোকে এয়াও  জানে যে চিকিৎসা মহাবিদ্যালয় এখন নিৰ্মাণ হ’লে উন্নত চিকিৎসাৰ সুবিধাৰ লগতে অধিক সংখ্যক যুৱক-যুৱতীয়ে ডাক্তৰ হোৱাৰ সুযোগ পাইছে। আগতে চিকিৎসা মহাবিদ্যালয়ত  আসনৰ অভাৱৰ বাবে আমাৰ বহু সংখ্যক যুৱক-যুৱতী চিকিৎসক হ’ব পৰা নাছিল। যোৱা ১১ বছৰত দেশত চিকিৎসা শিক্ষাৰ  আসনৰ সংখ্যা দুগুণতকৈও অধিক বৃদ্ধি পাইছে। কেৱল এয়াই নহয়, আমি আন এটা লক্ষ্য নিৰ্ধাৰণ কৰিছো। আগন্তুক ৪-৫ বছৰত আমি এক লাখ নতুন মেডিকেল আসন  সংযোজন কৰিবলৈ ওলাইছো। এক লাখ নতুন আসনত এক লাখ যুৱ চিকিৎসক হ’ব।

 

বন্ধুসকল,

আমি এনেদৰে কাম কৰোঁ।  যদি আমি এই দেশত ৩ কোটি লাখপতি দিদি সৃষ্টিৰ বাবে কাম কৰোঁ, তেন্তে আমি ১ লাখ নতুন চিকিৎসক  সৃষ্টিৰ বাবেও কাম কৰোঁ।

বন্ধুসকল,

অসম দেশপ্ৰেমৰ ভূমি। বিদেশী আক্ৰমণকাৰীৰ পৰা দেশৰ প্ৰতিৰক্ষাই হওক বা স্বাধীনতা সংগ্ৰামত কৰা  ত্যাগেই হওক, অসমে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। পাথৰুঘাটৰ কৃষক সত্যাগ্ৰহক দেশে কেনেকৈ পাহৰিব? সেই ঐতিহাসিক ঠাইখন ইয়াৰ পৰা বহু দূৰত নহয়। আজি যেতিয়া মই শ্বহীদৰ এনে পবিত্ৰ ভূমিত থিয় হৈ আছো , তেতিয়া কংগ্ৰেছৰ আন এক কাৰ্যক উদঙাই দিয়াটো গুৰুত্বপূৰ্ণ। নিজৰ ৰাজনীতিৰ বাবে কংগ্ৰেছে তেনে প্ৰতিজন ব্যক্তিৰ সৈতে থিয় দিছে, এনে প্ৰতিটো ধাৰণা, যিটো ভাৰত বিৰোধী। অপাৰেচন সিন্দুৰৰ সময়তো আমি একেই কথা দেখিছো। কংগ্ৰেছৰ শাসনত সন্ত্ৰাসবাদৰ বাবে সমগ্ৰ দেশৰ ৰক্তক্ষৰণ হৈছিল, কংগ্ৰেছ মনে মনে থিয় দি আছিল। আজি আমাৰ সেনাই অপাৰেচন সিন্দুৰ চলাযইছে, পাকিস্তানৰ চুকে-কোণে সন্ত্ৰাসবাদৰ শিপা উভালি পেলাইছে , কিন্তু দেশৰ সেনাৰ সলনি কংগ্ৰেছে পাকিস্তানৰ সেনাৰ সৈতে থিয় দিছে। আমাৰ সেনাৰ পৰিৱৰ্তে কংগ্ৰেছে সন্ত্ৰাসবাদীক লালন-পালন কৰাসকলৰ এজেণ্ডা প্ৰচাৰ কৰিছে। পাকিস্তানৰ মিছা কথা কংগ্ৰেছৰ এজেণ্ডা হৈ পৰিছে। সেইবাবেই কংগ্ৰেছৰ প্ৰতি সদায় সতৰ্ক হৈ থাকিব লাগে।

 

বন্ধুসকল,

কংগ্ৰেছৰ বাবে ইয়াৰ ভোট বেংকৰ স্বাৰ্থই আটাইতকৈ গুৰুত্বপূৰ্ণ। কংগ্ৰেছে কেতিয়াও দেশৰ স্বাৰ্থৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। আজি কংগ্ৰেছ জাতীয় বিৰোধী আৰু অনুপ্ৰৱেশকাৰীৰ মহান ৰক্ষক হৈ পৰিছে। কংগ্ৰেছে ক্ষমতাত থকা সময়ত অনুপ্ৰৱেশক উৎসাহিত কৰিছিল আৰু আজি কংগ্ৰেছে বিচাৰে যে অনুপ্ৰৱেশকাৰীসকলে ভাৰতত চিৰদিনৰ বাবে বসতি স্থাপন কৰি ভাৰতৰ ভৱিষ্যত নিৰ্ণয় কৰক। এটা সময়ত মঙলদৈত অসমৰ পৰিচয় বচাবলৈ অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে এক বৃহৎ আন্দোলন দেখা গৈছিল। কিন্তু পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ইয়াৰ বাবেও আপোনালোকক  শাস্তি দিছে। তেওঁলোকে  আপোনালোকৰ ওপৰত প্ৰতিশোধ লৈছে। কংগ্ৰেছে ইয়াত মাটি দখলৰ অনুমতি দিছিল। আমাৰ বিশ্বাসৰ স্থান, আমাৰ কৃষকৰ, জনজাতিৰ মাটি লুট কৰা হ’ল। বিজেপি-এন ডি এ চৰকাৰ গঠনৰ পাছত সেই পৰিস্থিতিবোৰ সলনি ঘটিছে। ইয়াত অবৈধ বৃত্তি আঁতৰোৱা হৈছে। হিমন্ত জীৰ নেতৃত্বত অসমৰ লাখ লাখ বিঘা মাটি অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত হৈছে, দৰং জিলাতো বৃহৎ এলেকা বেদখলৰ পৰা মুক্ত হৈছে, ইয়াত, গৰুখুঁটি অঞ্চলতো কংগ্ৰেছৰ শাসনকালত অনুপ্ৰৱেশকাৰীয়ে বেদখল কৰিছিল, আজি সেই মাটি ঘূৰাই লোৱা হৈছে, এতিয়া তাতেই কৃষকৰ বাবে গৰুখুঁটি কৃষি প্ৰকল্প আৰম্ভ কৰা  হৈছে। তাত থকা যুৱক-যুৱতীসকলে এতিয়া ‘কৃষি সৈনিক’ হিচাপে খেতি কৰি আছে। সৰিয়হ, কুঁহিয়াৰ, মাটিমাহ, তিল,  সকলো তাতেই গজিছে। অৰ্থাৎ যি মাটি এসময়ত অনুপ্ৰৱেশকাৰীৰ দখলত আছিল, আজি সেই একে মাটিয়েই অসমৰ কৃষি উন্নয়নৰ নতুন কেন্দ্ৰ হৈ পৰিছে।

 

বন্ধুসকল,

 

বিজেপি চৰকাৰে অনুপ্ৰৱেশকাৰীক দেশৰ সম্পদ দখল কৰিবলৈ নিদিয়ে। ভাৰতৰ কৃষক, ভাৰতৰ যুৱক-যুৱতী, আমাৰ আদিবাসীসকলৰ অধিকাৰ আমি কাকো কাঢ়ি নিবলৈ নিদিওঁ। এই অনুপ্ৰৱেশকাৰীয়ে আমাৰ মা, ভগ্নী আৰু কন্যাক অত্যাচাৰ কৰে, এয়া  হ’বলৈ দিয়া নহ’ব। অনুপ্ৰৱেশকাৰীৰ জৰিয়তে সীমান্ত অঞ্চলৰ জনগাঁথনি সলনি কৰাৰ ষড়যন্ত্ৰ চলিছে। এয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি এক বৃহৎ ভাবুকি। যাৰ বাবে দেশত জনগাঁথনি অভিযান আৰম্ভ কৰা হৈছে। দেশক অনুপ্ৰৱেশকাৰীৰ পৰা ৰক্ষা কৰা আৰু অনুপ্ৰৱেশকাৰীৰ পৰা দেশ মুক্ত কৰা বিজেপিৰ লক্ষ্য।  সেই ৰাজনীতিবিদসকলক মই এয়াও ক’ব বিচাৰো যে আপোনালোকে  যি প্ৰত্যাহ্বান আনিছে, সেই প্ৰত্যাহ্বান মই গৌৰৱেৰে গ্ৰহণ কৰো। আৰু লিখি থওক, আপোনালোকে অনুপ্ৰৱেশকাৰীক বচাবলৈ কিমান শক্তি ব্যৱহাৰ কৰে আৰু আমি অনুপ্ৰৱেশকাৰীক আঁতৰাবলৈ আমাৰ জীৱন কেনেকৈ সমৰ্পন কৰো। যুঁজ দিওঁ। অনুপ্ৰৱেশকাৰীক বচাবলৈ ওলাই অহাসকলে ক্ষতিগ্ৰস্ত হ’ব লাগিব। মোৰ কথা শুনক, এই দেশে তেওঁলোকক ক্ষমা নকৰে।

 

বন্ধুসকল,

 

অসমৰ ঐতিহ্য ৰক্ষাৰ বাবে আৰু অসমৰ দ্ৰুত বিকাশৰ বাবে আমি একেলগে কাম কৰিব লাগিব। অসম, উত্তৰ-পূৰ্বাঞ্চলক আমি উন্নত ভাৰতৰ বৃদ্ধিৰ ইঞ্জিন কৰি তুলিব লাগিব। আকৌ এবাৰ আপোনালোক সকলোকে উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে শুভকামনা জনাইছো। মোৰ লগত কওক, ভাৰত মাতা কি জয়। দুয়োখন হাত ওপৰলৈ তুলি সম্পূৰ্ণ জোৰেৰে ধ্বনি দিয়ক । ভাৰত মাতা কি জয়। ভাৰত মাতা কি জয়। ভাৰত মাতা কি জয়। ভাৰত মাতা কি জয়। ভাৰত মাতা কি জয়। আপোনালোকক অশেষ ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IRCTC disables 3cr user IDs, flags 6cr; scales up AI-based kitchen monitoring

Media Coverage

IRCTC disables 3cr user IDs, flags 6cr; scales up AI-based kitchen monitoring
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM shares a Sanskrit Subhashitam emphasizing nature's conservation on World Environment Day
June 05, 2026

Prime Minister Shri Narendra Modi today extended his best wishes to everyone on World Environment Day, applauding all those passionate about environmental conservation.

The Prime Minister remarked that this day serves to reaffirm the commitment to protecting the environment and furthering sustainable growth, highlighting the numerous government initiatives over the last decade that have expanded green cover and increased the population of several animal species.

Shri Modi noted that the people of India have demonstrated how collective efforts, robust policies, belief in science, and innovation can significantly improve the environment.

The Prime Minister observed that India takes immense pride in its biological diversity, which supports countless species and livelihoods through diverse ecosystems.

Highlighting noteworthy strides in special species recovery, Shri Modi pointed out that conservation efforts for the Great Indian Bustard, snow leopards, sloth bears, and Cheetahs offer a glimpse of how sustained commitment can help restore wildlife and ecosystems.

The Prime Minister added that initiatives like ‘Ek Ped Maa Ke Naam’ have made significant contributions towards adding nearly 1.1 lakh hectares of forest every year.

Shri Modi affirmed that guided by the principle of ‘One Earth, One Family and One Future’, India will continue working towards a cleaner, greener, and more sustainable planet through the spirit of Mission LiFE.

The Prime Minister emphasized that this deep cultural ethos is beautifully reflected in traditional Indian wisdom, sharing a sacred Sanskrit Subhashitam to reinforce the message of environmental stewardship.

In a series of posts on X, the Prime Minister shared:

"Best wishes to everyone on World Environment Day. I would like to applaud all those passionate about environmental conservation. This is a day to reaffirm our commitment to protecting our environment and furthering growth that is sustainable. Numerous efforts by our Government over the last decade highlight our work in this direction. Some of India’s key successes include expanding green cover and a rise in the population of several animals. The people of India have shown how collective efforts, policies, belief in science and innovation can improve our environment.” 

“We in India are very proud of our biological diversity. Our diverse ecosystems support countless species and livelihoods. Our efforts in special recovery have also been noteworthy. Conservation efforts for the Great Indian Bustard, snow leopards, sloth bears and Cheetahs have given a glimpse of how sustained commitment can help restore wildlife and ecosystems. Initiatives such as ‘Ek Ped Maa Ke Naam’ have made significant contributions towards adding nearly 1.19 lakh hectares of forest every year.” 

“Guided by the principle of ‘One Earth, One Family and One Future’, we will continue working towards a cleaner, greener and more sustainable planet through the spirit of Mission LiFE.” 

“प्रकृति का संरक्षण केवल एक दायित्व नहीं, बल्कि हमारी संस्कृति और संस्कारों का भी अभिन्न हिस्सा है।

मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः।
माध्वीर्नः सन्त्वोषधीः॥"

May the air flow pleasantly and beneficially around us, may the rivers provide life-giving and nourishing water, and may herbs and plants bring health and well-being to all living beings.