“নতুন শক্তি, প্ৰেৰণা আৰু সংকল্পৰ পৰিপ্ৰেক্ষিতত আৰম্ভ হৈছে এক নতুন অধ্যায়”
‘আজি সমগ্ৰ বিশ্বৰ দৃষ্টি ভাৰতৰ ওপৰত নিবদ্ধ হৈছে। ভাৰতৰ প্ৰতি বিশ্বৰ দৃষ্টিভংগী সলনি হৈছে”
“ইমানবোৰ ষ্টেচনৰ আধুনিকীকৰণে দেশৰ উন্নয়নৰ বাবে এক নতুন পৰিৱেশৰ সৃষ্টি কৰিব”
“এই অমৃত ৰে’লৱে ষ্টেচনসমূহে ইয়াৰ ঐতিহ্যক লৈ গৌৰৱ কৰাৰ প্ৰতীক হ’ব আৰু প্ৰতিজন নাগৰিকৰ মাজত গৌৰৱৰ বীজ সিঁচিব”
“ভাৰতীয় ৰে’লৱেক আধুনিকীকৰণ কৰাৰ লগতে পৰিৱেশ অনুকূল কৰি তোলাত আমি গুৰুত্ব দিছো”
এক ঐতিহাসিক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে সমগ্ৰ দেশজুৰি ৫০৮টা ৰে’ল ষ্টেচনৰ আধাৰশিলা স্থাপন কৰে৷
তেওঁ প্লেটফৰ্মত উন্নত আসন, উন্নত প্ৰতীক্ষালয় আৰু হাজাৰ হাজাৰ ষ্টেচনত বিনামূলীয়া ৱাইফাইৰ কথা উল্লেখ কৰে।
এইটোৱে ষ্টেচনসমূহক এটা আধুনিক ৰূপ প্ৰদান কৰাটো অত্যাৱশ্যকীয় কৰি তুলিছে।
তেওঁ কয় যে ‘এক ষ্টেচন এক সামগ্ৰী' আঁচনিয়ে শিল্পীসকলক সহায় কৰিব আৰু জিলাখনৰ ব্ৰেণ্ডিংত সহায় কৰিব।

এক ঐতিহাসিক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে সমগ্ৰ দেশজুৰি ৫০৮টা ৰে’ল ষ্টেচনৰ আধাৰশিলা স্থাপন কৰে৷

 ২৪,৪৭০ কোটিতকৈ অধিক টকা ব্যয়েৰে পুনৰ উন্নয়ন কৰা এই ৫০৮টা ষ্টেচন ২৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি লৈছে, যাৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত ৫৫ টাকৈ, বিহাৰত ৪৯টা, মহাৰাষ্ট্ৰত ৪৪, পশ্চিমবংগত ৩৭, মধ্য প্ৰদেশত ৩৪, অসমত ৩২টা ওড়িশাত ২৫ টা, পঞ্জাৱত ২২টা, গুজৰাট আৰু তেলেংগানাত ২১টাকৈ, ঝাৰখণ্ডত ২০টা, অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত ১৮টাকৈ, হাৰিয়ানাত ১৫টা, কৰ্ণাটকত ১৩ টা ষ্টেচন আছে৷

এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিকশিত ভাৰতৰ লক্ষ্যৰ দিশে দ্ৰুতগতিত অগ্ৰসৰ হোৱা নতুন ভাৰত অমৃত কালৰ আৰম্ভণিতে আছে। "ইয়াত নতুন শক্তি, নতুন অনুপ্ৰেৰণা আৰু নতুন সংকল্প আছে", বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই ভাৰতীয় ৰে'লৰ ইতিহাসৰ এক নতুন অধ্যায়ৰ আৰম্ভণি। তেওঁ জনায় যে দেশৰ প্ৰায় ১,৩০০টা মুখ্য ৰে'ল ষ্টেচন এতিয়া 'অমৃত ভাৰত ষ্টেচন' হিচাপে আধুনিকতাৰে পুনৰ বিকশিত কৰা হ'ব আৰু সেইবোৰে এক নতুন জীৱন লাভ কৰিব। প্ৰধানমন্ত্ৰীয়ে জনায় যে ১,৩০০টা ৰে'ল ষ্টেচনৰ ভিতৰত আজি প্ৰায় ২৫,০০০ কোটি টকা ব্যয়েৰে ৫০৮টা অমৃত ভাৰত ষ্টেচনৰ আধাৰশিলা স্থাপন কৰা হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে পুনৰ উন্নয়ন প্ৰকল্পই ৰে'লৰ লগতে সাধাৰণ নাগৰিকৰ তথা দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে এক বৃহৎ অভিযান হিচাপে পৰিগণিত হ’ব। ইয়াৰ সুবিধা দেশৰ সকলো ৰাজ্যতে বিয়পিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উত্তৰ প্ৰদেশত প্ৰায় ৪০০০ কোটি টকা ব্যয়ৰে ৫৫টা অমৃত ষ্টেচন উন্নয়ন কৰা হ’ব, আৰু ৰাজস্থানতো ৫৫টা ষ্টেচন অমৃত ষ্টেচন, ৩৪টা ষ্টেচন মধ্যপ্ৰদেশত প্ৰায় ১০০০ কোটি টকা ব্যয় সাপেক্ষে, মহাৰাষ্ট্ৰত ১৫০০ কোটি টকা ব্যয়ৰে ৪৪টা ষ্টেচন, আৰু তামিলনাডু, কৰ্ণাটক আৰু কেৰালাৰ লগতে অন্যান্য প্ৰাইম ৰেলৱে ষ্টেচনসমূহ পুনৰ উন্নয়ন কৰা হ’ব।  প্ৰধানমন্ত্ৰীয়ে এই ঐতিহাসিক প্ৰকল্পৰ বাবে ৰে’ল মন্ত্ৰালয়ক প্ৰশংসা কৰাৰ লগতে নাগৰিকসকলক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে বিশ্বত ভাৰতৰ বৰ্ধিত মৰ্যাদাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ভাৰত প্ৰতি বিশ্বৰ আগ্ৰহ বৃ্দ্ধি হোৱাৰ ওপৰতো আলোকপাত কৰে। তেওঁ ইয়াৰ বাবে দুটা মুখ্য কাৰক উল্লেখ কৰে৷ প্ৰথমতে, ভাৰতৰ জনসাধাৰণৰ দ্বাৰা এক সুস্থিৰ পূৰ্ণ সংখ্যাগৰিষ্ঠ চৰকাৰ নিৰ্বাচন আৰু দ্বিতীয়তে, চৰকাৰৰ উচ্চাকাংক্ষী সিদ্ধান্ত আৰু তেওঁলোকৰ আশা-আকাংক্ষা অনুসৰি জনসাধাৰণৰ উন্নয়নৰ বাবে নিৰন্তৰ ভাৱে কাম কৰাটো। তেওঁ গুৰুত্ব আৰোপ কৰে যে ভাৰতীয় ৰে’লো ইয়াৰ প্ৰতীক। তেওঁ তেওঁৰ কথাবোৰ বৰ্ণনা কৰিবলৈ ৰেল খণ্ডৰ সম্প্ৰসাৰণৰ তথ্য উপস্থাপন কৰিছিল। তেওঁ কয় যে যোৱা ৯ বছৰত দেশত স্থাপন কৰা ৰে’ল পথৰ দৈৰ্ঘ্য দক্ষিণ আফ্ৰিকা, ইউক্ৰেইন, পোলেণ্ড, ব্ৰিটেইন আৰু ছুইডেনৰ সমগ্ৰ ৰে'লৱে নেটৱৰ্কৰ তুলনাত অধিক। ভাৰতীয় ৰে'লৰ সম্প্ৰসাৰণৰ পৰিমাণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে কেৱল যোৱা বছৰতে ভাৰতে দক্ষিণ কোৰিয়া, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ সমগ্ৰ ৰে'ল নেটৱৰ্কৰ তুলনাত অধিক ৰে'লপথ স্থাপন কৰিছে৷ আজি তেওঁ কয় যে চৰকাৰে ৰে'ল যাত্ৰাসুলভ কৰাৰ লগতে মনোৰম কৰি তুলিবলৈ কাম কৰি আছে৷ "ৰে'লৰ পৰা ষ্টেচনলৈ সম্ভৱপৰ সকলো সৰ্বশ্ৰেষ্ঠ অভিজ্ঞতা প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছে", তেওঁ লগতে কয়। তেওঁ প্লেটফৰ্মত উন্নত আসন, উন্নত প্ৰতীক্ষালয় আৰু হাজাৰ হাজাৰ ষ্টেচনত বিনামূলীয়া ৱাইফাইৰ কথা উল্লেখ কৰে।

ভাৰতীয় ৰে'ল খণ্ডত হোৱা ব্যাপক উন্নয়নৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যিকোনো প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা এই সাফল্যসমূহৰ বিষয়ে ক'ব বিচাৰিব। অৱশ্যে প্ৰধানমন্ত্ৰীয়ে লগতে গুৰুত্ব আৰোপ কৰে যে আজিৰ অনুষ্ঠানৰ বিশাল আয়োজনেৰে তেওঁ আজিও ৰে'লৱেৰ সাফল্যৰ বিষয়ে বিতংভাৱে প্ৰতিফলিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ৰে'লৱেক দেশৰ আয়ুসৰেখা বুলি উল্লেখ কৰি কয় যে ইয়াৰ লগতে চহৰসমূহৰ পৰিচয় ৰে'ল ষ্টেচনৰ সৈতেও জড়িত হৈ পৰিছে, যিবোৰ সময় পাৰ হোৱাৰ লগে লগে চহৰখনৰ হৃদয় হৈ পৰিছে। এইটোৱে ষ্টেচনসমূহক এটা আধুনিক ৰূপ প্ৰদান কৰাটো অত্যাৱশ্যকীয় কৰি তুলিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ইমানবোৰ ষ্টেচনৰ আধুনিকীকৰণে দেশত উন্নয়নৰ বাবে এক নতুন পৰিৱেশ সৃষ্টি কৰিব, কিয়নো ই দৰ্শনাৰ্থীসকলৰ মাজত এক ভাল প্ৰথম প্ৰভাৱ সৃষ্টি কৰিব। উন্নীত ষ্টেচনসমূহে কেৱল পৰ্যটনেই বৃদ্ধি নকৰে বৰঞ্চ ওচৰৰ অঞ্চলবোৰত অৰ্থনৈতিক কাৰ্যকলাপকো বৃদ্ধি কৰিব। তেওঁ কয় যে ‘এক ষ্টেচন এক সামগ্ৰী' আঁচনিয়ে শিল্পীসকলক সহায় কৰিব আৰু জিলাখনৰ ব্ৰেণ্ডিংত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে আজাদী কা অমৃত কালত নিজৰ ঐতিহ্যক লৈ গৌৰৱ কৰাৰ প্ৰস্তাৱটো দেশে গ্ৰহণ কৰিছে। "এই অমৃত ৰে'ল ষ্টেচনসমূহ নিজৰ ঐতিহ্যক লৈ গৌৰৱ কৰা আৰু প্ৰতিজন নাগৰিকৰ বাবে গৌৰৱ জাগ্ৰত কৰাৰ প্ৰতীক হ'ব", শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে অমৃত ষ্টেচনসমূহে ভাৰতৰ সাংস্কৃতিক আৰু স্থানীয় ঐতিহ্যৰ এক আভাস প্ৰদান কৰিব। উদাহৰণস্বৰূপে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে জয়পুৰ ৰে'ল ষ্টেচনত ৰাজস্থানৰ হাৱা মহল আৰু আমেৰ দূৰ্গৰ আভাস থাকিব, জম্মু-কাশ্মীৰৰ জম্মু তাৱী ৰে'ল ষ্টেচন বিখ্যাত ৰঘুনাথ মন্দিৰৰ দ্বাৰা অনুপ্ৰাণিত হ'ব আৰু নাগালেণ্ডৰ ডিমাপুৰ ষ্টেচনত অঞ্চলটোৰ ১৬টা বিভিন্ন জনজাতিৰ স্থানীয় স্থাপত্য প্ৰদৰ্শন কৰা হ'ব। তেওঁ কয় যে প্ৰতিটো ৰে'ল ষ্টেচন ইয়াৰ প্ৰাচীন ঐতিহ্যৰ লগতে দেশৰ আধুনিক আকাংক্ষাৰ প্ৰতীক হ'ব। প্ৰধানমন্ত্ৰীয়ে ঐতিহাসিক প্ৰাসংগিকতা আৰু তীৰ্থস্থানসমূহক সংযোগ কৰা 'ভাৰত গৌৰৱ যাত্ৰা ৰে'ল' শক্তিশালী কৰাৰ কথা উল্লেখ কৰে।

দেশৰ অৰ্থনৈতিক বিকাশত গতি প্ৰদানৰ ক্ষেত্ৰত ৰে'লৱেৰ ভূমিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰে'লৱেত অভিলেখ পৰিমাণৰ টকা বিনিয়োগ কৰা হৈছে। এই বছৰ, ৰে'লৱেই ২.৫ লাখ কোটি টকাৰো অধিক বাজেট লাভ কৰিছে, যি ২০১৪ চনৰ তুলনাত পাঁচগুণ অধিক। আজি তেওঁ কয় যে ৰে'লৱেৰ সম্পূৰ্ণ বিকাশৰ বাবে এক সামগ্ৰিক দৃষ্টিভংগীৰে কাম কৰা হৈছে। বিগত ৯ বছৰত লোকোমোটিভ ইঞ্জিনৰ উৎপাদন ৯ গুণ বৃদ্ধি পাইছে। আজি ১৩গুণ অধিক এইচএলবি ডবা নিৰ্মাণ কৰা হৈছে।

উত্তৰ-পূবত ৰে'ল সম্প্ৰসাৰণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, দ্বৈত ৰে’লপথ নিৰ্মাণ কৰা, গজ পৰিৱৰ্তন, বৈদ্যুতিকৰণ আৰু নতুন পথৰ ক্ষেত্ৰত দ্ৰুতগতিত কাম চলি আছে। "শীঘ্ৰেই উত্তৰ-পূবৰ সকলো ৰাজ্যৰ ৰাজধানী ৰে'লৱে নেটৱৰ্কৰ দ্বাৰা সংযোগ কৰা হ'ব", শ্ৰী মোদীয়ে কয়। তেওঁ জনায় যে নাগালেণ্ডে ১০০বছৰৰ পিছত ইয়াৰ দ্বিতীয় ষ্টেচন লাভ কৰিছে৷"অঞ্চলটোত নতুন ৰে'লপথ স্থাপন পৰিমাণ তিনিগুণ বৃদ্ধি পাইছে", তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ৯ বছৰত ২,২০০ কিলোমিটাৰৰো অধিক সমৰ্পিত মালবাহী ৰে’লৰ কৰিডৰ নিৰ্মাণ কৰা হৈছে যাৰ ফলত মালবাহী ৰে'লৰ ভ্ৰমণৰ সময় হ্ৰাস পাইছে। এতিয়া সামগ্ৰীবোৰ ২৪ ঘণ্টাৰ ভিতৰত দিল্লী এনচিআৰৰ পৰা পশ্চিমবন্দৰত উপস্থিত হয়, যিটো কামত ৭২ ঘণ্টা সময় লাগিছিল। অন্যান্য পথসমূহতো সময়ৰ ৪০শতাংশ হ্ৰাস পোৱা দেখা গৈছে, যি উদ্যোগী, উদ্যোগপতি আৰু কৃষকসকলক যথেষ্ট লাভান্বিত কৰিছে।

ৰে'লৱে দলঙৰ অভাৱৰ বাবে সন্মুখীন হোৱা অসুবিধাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ পূৰ্বে ৬,০০০তকৈও কম ৰে'লৱে অভাৰব্ৰীজ আৰু আণ্ডাৰব্ৰীজ আছিল, কিন্তু আজি সেই সংখ্যা ১০,০০০তকৈও অধিক হৈছে। তেওঁ লগতে উল্লেখ কৰে যে প্ৰধান লাইনত মানৱবিহীন লেভেল ক্ৰছিংৰ সংখ্যা এতিয়া শূন্যলৈ হ্ৰাস পাইছে। যাত্ৰীসকলৰ সুবিধাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৃদ্ধ আৰু দিব্যাংগসকলৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

"ভাৰতীয় ৰে'লক আধুনিক কৰাৰ লগতে পৰিৱেশ অনুকূল কৰাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছো", বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অতি শীঘ্ৰেই ৰে'ল লাইন ১০০শতাংশ বৈদ্যুতিকৰণ সম্পূৰ্ণ হ'ব, যাৰ ফলত ভাৰতৰ সকলো ৰে'ল কেৱল বিদ্যুতৰ দ্বাৰা চলিব। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে বিগত ৯ বছৰত সৌৰ পেনেলৰ পৰা বিদ্যুৎ উৎপাদন কৰা ষ্টেচনৰ সংখ্যা ১২০০তকৈও অধিক হৈছে। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে অদূৰ ভৱিষ্যতে প্ৰতিটো ৰে'ল ষ্টেচনৰ পৰা সেউজ শক্তি উৎপাদন কৰাৰ লক্ষ্য লৈছে চৰকাৰে। তেওঁ লগতে উল্লেখ কৰে যে প্ৰায় ৭০,০০০ ডবাত এলইডি লাইট স্থাপন কৰা হৈছে আৰু ২০১৪ চনৰ তুলনাত ৰে'লত জৈৱ-শৌচালয়ৰ সংখ্যা ২৮ গুণ বৃদ্ধি পাইছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে সেউজ ভৱনৰ মানদণ্ড পূৰণৰ বাবে সকলো অমৃত ষ্টেচন নিৰ্মাণ কৰা হ'ব। "২০৩০ চনৰ ভিতৰত ভাৰত এনে এখন দেশ হ'ব যাৰ ৰে'লৱে নেটৱৰ্ক শূন্য কাৰ্বন নিৰ্গমন ব্যৱস্থাৰে চলিব", তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে কয়, "ৰে'লে আমাৰ প্ৰিয়জনৰ সৈতে আমাক সংযোগ কৰিবলৈ কেইবা দশক ধৰি কাম কৰি আহিছে, ই দেশক সংযোগ কৰাৰ বাবে কাম কৰিছে। এতিয়া ৰে'লক এক উন্নত পৰিচয় আৰু আধুনিক ভৱিষ্যতৰ সৈতে সংযোগ কৰাটো আমাৰ দায়িত্ব।" তেওঁ নতুন সংসদ ভৱন, কৰ্তব্য পথ, যুদ্ধ স্মাৰক আৰু ষ্টেচু অৱ ইউনিটিৰ দৰে প্ৰকল্পৰ বিৰোধিতাৰ বাবে দুখ প্ৰকাশ কৰে। তেওঁ কয়, "নেতিবাচক ৰাজনীতিৰ পৰা আঁতৰি আমি দেশৰ উন্নয়নৰ কামক এক অভিযান হিচাপে লৈছো আৰু ভোট বেংক আৰু দলীয় ৰাজনীতি ঊৰ্ধ্বত ইয়াক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছো"।

ডেৰ লাখতকৈও অধিক যুৱক-যুৱতীক কেৱল ৰে'লৱেই চাকৰি প্ৰদান কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আন্তঃগাঁথনিৰ ক্ষেত্ৰত লাখ লাখ কোটি বিনিয়োগ কৰিও নিযুক্তি সৃষ্টি কৰা হৈছে। বৰ্তমান প্ৰধানমন্ত্ৰীয়ে কয়, কেন্দ্ৰীয় চৰকাৰে ৰোজগাৰ মেলাৰ জৰিয়তে ১০ লাখ যুৱক-যুৱতীক চাকৰি প্ৰদানৰ বাবেও এক অভিযান চলাই আছে। তেওঁ লগতে কয়, "এয়া হৈছে পৰিৱৰ্তনশীল ভাৰতৰ ছবি য'ত উন্নয়নে যুৱসকলৰ বাবে নতুন সুযোগ প্ৰদান কৰিছে আৰু যুৱসকলে দেশৰ উন্নয়নত নতুন শাখা প্ৰদান কৰিছে"।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ আশীৰ্বাদ দিয়াৰ বাবে এই অনুষ্ঠানত বহু স্বাধীনতা সংগ্ৰামী আৰু কেইবাগৰাকী পদ্ম বঁটা বিজয়ীৰ উপস্থিতিৰ কথা স্বীকাৰ কৰে। প্ৰত্যেক ভাৰতীয়ৰ বাবে আগষ্ট মাহৰ তাৎপৰ্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এইমাহটো বিপ্লৱ, কৃতজ্ঞতা আৰু কৰ্তব্যৰ মাহ আৰু বহুতো ঐতিহাসিক অনুষ্ঠানৰে ভৰি আছে, যি ভাৰতৰ ইতিহাসক এক নতুন দিশ প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে ৭ আগষ্টত পালন কৰা আৰু স্বদেশী আন্দোলনৰ প্ৰতি সমৰ্পিত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ কথা উল্লেখ কৰে। "৭ আগষ্ট তাৰিখটো হৈছে প্ৰতিজন ভাৰতীয়ই ভোকেল ফৰ লোকেল হোৱাৰ প্ৰস্তাৱ পুনৰাবৃত্তি কৰাৰ দিন", শ্ৰী মোদীয়ে কয়। তেওঁ গণেশ চতুৰ্থীৰ পবিত্ৰ উৎসৱৰ কথাও উল্লেখ কৰে আৰু গণেশ চতুৰ্থীক পৰিৱেশ-অনুকূল ভাৱে উদযাপন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে পৰিৱেশ-অনুকূল সামগ্ৰীৰে মূৰ্তি নিৰ্মাণৰ চেষ্টা কৰাৰ পৰামৰ্শ দিয়ে। তেওঁ লগতে স্থানীয় শিল্পী, হস্তশিল্পৰ পুৰুষ আৰু ক্ষুদ্ৰ উদ্যোগীসকলৰ দ্বাৰা তৈয়াৰ কৰা সামগ্ৰী ক্ৰয় কৰাৰ পৰামৰ্শ দিয়ে।

৯ আগষ্টৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত ত্যাগ আন্দোলন আৰম্ভ হোৱাৰ এইটো ঐতিহাসিক তাৰিখ আৰু ই ভাৰতৰ স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সৃষ্টি কৰিছে। ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ প্ৰধানমন্ত্ৰীয়ে কয় যে আজি সমগ্ৰ দেশে প্ৰতিটো অশুভ, দুৰ্নীতি, বংশবাদ আৰু স্বজন-তোষণক ভাৰত ত্যাগৰ বাবে চিঞৰি আছে।

প্ৰধানমন্ত্ৰীয়ে আগন্তুক বিভাজন বিভীষিকা স্মৃতি দিৱসৰ কথা উল্লেখ কৰি কয় যে আমি অগণন লোকক স্মৰণ কৰোঁ যি বিভাজনৰ বৃহৎ ক্ষতিৰ সন্মুখীন হৈছিল আৰু আঘাতৰ পিছত নিজকে একত্ৰিত কৰা আৰু দেশৰ উন্নয়নত অৰিহণা যোগোৱা লোকসকলৰ অৱদানৰ কথা স্বীকাৰ কৰিছিল। তেওঁ কয় যে এই দিনটোৱে আমাক আমাৰ ঐক্য অক্ষুণ্ণ ৰখাৰ দায়িত্বৰ কথা সোঁৱৰাই দিয়ে। শ্ৰী মোদীয়ে কয়, "আমাৰ স্বাধীনতা দিৱস হৈছে আমাৰ ত্ৰিৰংগা আৰু আমাৰ দেশৰ প্ৰগতিৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি দোঁহৰাৰ সময়। যোৱা বছৰৰ দৰে এইবাৰো আমি প্ৰত্যেকৰে ঘৰত ত্ৰিৰংগা উত্তোলন কৰিব লাগিব।" তেওঁ সামাজিক মাধ্যম আৰু ফ্লেগ মাৰ্চত জনসাধাৰণৰ উৎসাহৰ কথা উল্লেখ কৰে আৰু সকলোকে প্ৰচাৰৰ সৈতে জড়িত হ'বলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চৰকাৰে নাগৰিকসকলৰ দ্বাৰা পৰিশোধ কৰা কৰ দুৰ্নীতিত অপচয় হোৱাৰ ধাৰণা সলনি কৰিছে আৰু আজি মানুহে অনুভৱ কৰে যে তেওঁলোকৰ ধন ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হৈছে। তেওঁ উল্লেখ কৰিছিল যে বৰ্ধিত সুবিধা আৰু জীৱনধাৰণৰ সহজতাৰ বাবে কৰ পৰিশোধ কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীয়ে সেই সময়ৰ কথা উল্লেখ কৰে যেতিয়া দেশত ২ লাখ টকাৰ আয়ৰ ওপৰত কৰ আৰোপ কৰা হৈছিল, আনহাতে আজি ৭ লাখ টকালৈকে আয়ৰ ওপৰত কৰ আৰোপ কৰা নহয়। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত সংগ্ৰহ কৰা আয়কৰৰ পৰিমাণ বৃদ্ধি পাইছে আৰু দেশৰ মধ্যবিত্ত শ্ৰেণীৰ পৰিসৰ নিৰন্তৰ বৃদ্ধি হৈ থকাৰ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ জনায় যে এই বছৰ আয়কৰ ৰিটাৰ্ণ দাখিল কৰা লোকৰ সংখ্যা ১৬% বৃদ্ধি পাইছে, যি চৰকাৰৰ ওপৰত বিশ্বাসবৃদ্ধি আৰু দেশৰ উদ্ভাৱনক প্ৰদৰ্শন কৰে। আজি মানুহে দেশত ৰে'লপথ কেনেদৰে পুনৰুজ্জীৱিত কৰা হৈছে, মেট্ৰ' সম্প্ৰসাৰিত হৈছে সেয়া প্ৰত্যক্ষ কৰিছে। তেওঁ নতুন এক্সপ্ৰেছৱে আৰু বিমানবন্দৰৰ উন্নয়নৰ কথা উল্লেখ কৰি কয় যে এনে পৰিৱৰ্তনৰ ফলত কৰদাতাসকলৰ ধনেৰে নতুন ভাৰতৰ বিকাশৰ অনুভূতি উৎসাহিত হয়। ভাষণৰ সামৰণীত প্ৰধানমন্ত্ৰীয়ে কয়, "এই ৫০৮টা ৰে'ল ষ্টেচনৰ আধুনিকীকৰণো এই দিশত লোৱা এক পদক্ষেপ। মই আপোনালোকক আশ্বাস দিছো, অমৃত ভাৰত ষ্টেচনে ভাৰতীয় ৰে'লৰ এই পৰিৱৰ্তনক এক নতুন উচ্চতালৈ লৈ যাব।"

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Govt directs faster processing of city gas projects, hikes commercial LPG allocation to ease supply stress

Media Coverage

Govt directs faster processing of city gas projects, hikes commercial LPG allocation to ease supply stress
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
This is the New India that leaves no stone unturned for development: PM Modi
March 23, 2026
Today, India is moving forward with a new confidence; Now India faces challenges head-on: PM
From the Gulf to the Global West and from the Global South to neighbouring countries, India is a trusted partner for all: PM
What gets measured gets improved and ultimately gets transformed: PM
This is the new India, It is leaving no stone unturned for development: PM

नमस्कार!

पिछले कुछ समय में मुझे एक-दो बार टीवी9 भारतवर्ष देखने का मौका मिला है। नॉर्मली भी युद्धों और मिसाइलों पर आपका बहुत फोकस होता है और आजकल तो आपको कंटेंट की ओवरफीडिंग हो रही है। बड़े-बड़े देश टीवी9 को इतना सारा कंटेंट देने पर तुले हुए हैं, लेकिन On a Serious Note, आज विश्व जिन गंभीर परिस्थितियों से गुजर रहा है, वो अभूतपूर्व है और बेहद गंभीर है। और इन स्थितियों के बीच, आज टीवी-9 नेटवर्क ने विचारों का एक बेहद महत्वपूर्ण मंच बनाया है। आज इस समिट में आप सभी India and the world, इस विषय पर चर्चा कर रहे हैं। मैं आप सबको बधाई देता हूं। इस समिट के लिए अपनी शुभकामनाएं देता हूं। सभी अतिथियों का अभिनंदन करता हूं।

साथियों,

आज जब दुनिया, conflicts के कारण उलझी हुई है, जब इन conflicts के दुष्प्रभाव पूरी दुनिया पर दिख रहे हैं, तब India and the world की बात करना बहुत ही प्रासंगिक है। भारत आज वो देश है, जिसकी अर्थव्यवस्था तेजी से आगे बढ़ रही है। 2014 के पहले की स्थितियों को पीछे छोड़कर के आज भारत एक नए आत्मविश्वास के साथ आगे बढ़ रहा है। अब भारत चुनौतियों को टालता नहीं है बल्कि चुनौतियों से टकराता है। आप बीते 5-6 साल में देखिए, कोरोना की महामारी के बाद चुनौतियां एक के बाद एक बढ़ती ही गई हैं। ऐसा कोई साल नहीं है, जिसने भारत की, भारतीयों की परीक्षा न ली हो। लेकिन 140 करोड़ देशवासियों के एकजुट प्रयास से भारत हर आपदा का सामना करते हुए आगे बढ़ रहा है। इस समय युद्ध की परिस्थितियों में भी भारत की नीति और रणनीति देखकर, भारत का सामर्थ्य देखकर दुनिया के अनेकों देश हैरान हैं। हमारे यहां कहावत है, सांच को आंच नहीं। 28 फरवरी से दुनिया में जो उथल-पुथल मची है, इन कठोर विपरीत परिस्थितियों में भी भारत प्रगति के, विकास के, विश्वास के संकल्प के साथ आगे बढ़ रहा है। इन 23 दिनों में भारत ने अपनी Relationship Building Capacity दिखाई है, Decision Making Capacity दिखाई है और Crisis Management Capacity दिखाई है।

साथियों,

आज जब दुनिया इतने सारे खेमों में बंटी हुई है, भारत ने अभूतपूर्व और अकल्पनीय bridges बनाए हैं। Gulf से लेकर Global West तक, Global South से लेकर पड़ोसी देशों तक भारत सभी का trusted partner है। कुछ लोग पूछते हैं, हम किसके साथ हैं? तो उनको मेरा जवाब यही है कि हम भारत के साथ हैं, हम भारत के हितों के साथ हैं, शांति के साथ हैं, संवाद के साथ हैं।

साथियों,

संकट के इसी समय में जब global supply chains डगमगा रही हैं, भारत ने diversification और resilience का मॉडल पेश किया है। Energy हो, fertilizers हों या essential goods अपने नागरिकों को कम से कम परेशानी हो, इसके लिए भारत ने निरंतर प्रयास किया है और आज भी कर रहे है।

साथियों,

जब राष्ट्रनीति ही राजनीति का मुख्य आधार हो, तब देश का भविष्य सर्वोपरि होता है। लेकिन जब राजनीति में व्यक्तिगत स्वार्थ हावी हो जाता है, तब लोग देश के फ्यूचर के बजाय अपने फ्यूचर के बारे में सोचते हैं। आप ज़रा याद कीजिए 2004 से 2010 के बीच क्या हुआ था? तब कांग्रेस सरकार के समय पेट्रोल-डीजल और गैस की कीमतों का संकट आया था और तब कांग्रेस ने देश की नहीं बल्कि अपनी सत्ता की चिंता की। उस वक्त कांग्रेस ने एक लाख अड़तालीस हज़ार करोड़ रुपए के ऑयल बॉन्ड जारी किए थे और प्रधानमंत्री मनमोहन सिंह जी ने खुद कहा था कि वो आने वाली पीढ़ी पर कर्ज का बोझ डाल रहे हैं। यह जानते हुए भी कि ऑयल बॉन्ड का फैसला गलत है, जो रिमोट कंट्रोल से सरकार चला रहे थे, उन लोगों ने अपनी सत्ता बचाने के लिए यह गलत निर्णय किया क्योंकि जवाबदेही उस समय नहीं होनी थी, उस बॉन्ड पर री-पेमेंट 2020 के बाद होनी थी।

साथियों,

बीते 5-6 वर्षों में हमारी सरकार ने कांग्रेस सरकार के उस पाप को धोने का काम किया है, और इस धुलाई का खर्चा कम नहीं आया है, ऐसी लाँड्री आपने देखी नहीं होगी। 1 लाख 48 हज़ार करोड़ रुपए की जगह, देश को 3 लाख करोड़ रुपए से अधिक की पेमेंट करनी पड़ी क्योंकि इसमें ब्याज भी जुड़ गया था। यानी हमने करीब-करीब दोगुनी राशि चुकाने के लिए मजबूर हुए। आजकल कांग्रेस के जो नेता बयानों की मिसाइलें दाग रहे हैं, मिसाइल आई तो टीवी9 को मजा आएगा, उनकी इस विषय का जिक्र आते ही बोलती बंद हो जाती है।

साथियों,

पश्चिम एशिया में बनी परिस्थितियों पर मैंने आज लोकसभा में अपना वक्तव्य दिया है। दुनिया में जहां भी युद्ध हो रहे हैं, वो भारत की सीमा से दूर हैं। लेकिन आज की व्यवस्थाओं में कोई भी देश युद्धों से दुष्प्रभाव से दूर रहे, ऐसा संभव नहीं होता। अनेक देशों में तो स्थिति बहुत गंभीर हो चुकी है। और इन हालातों में हम देख रहे हैं कि राजनीतिक स्वार्थ से भरे कुछ लोग, कुछ दल, संकट के इस समय में भी अपने लिए राजनीतिक अवसर खोज रहे हैं। इसलिए मैं टीवी9 के मंच से फिर कहूंगा, यह समय संयम का है, संवेदनशीलता का है। हमने कोरोना महासंकट के दौरान भी देखा है, जब देशवासी एकजुट होकर संकट का सामना करते हैं, तो कितने सार्थक परिणाम आते हैं। इसी भाव के साथ हमें इस युद्ध से बनी परिस्थितियों का सामना करना है।

साथियों,

दुनिया की हर उथल-पुथल के बीच, भारत ने अपनी प्रगति की गति को भी बनाए रखा है। अगर मैं 28 फरवरी को युद्ध शुरू होने के बाद, बीते 23 दिनों का ही ब्यौरा दूं, तो पूरब से पश्चिम तक, उत्तर से दक्षिण तक देश में हजारों करोड़ के डेवलपमेंट प्रोजेक्ट्स का काम हुआ है। दिल्ली मेट्रो रेल के महत्वपूर्ण कॉरिडोर्स का लोकार्पण, सिलचर का हाई स्पीड कॉरिडोर का शिलान्यास, कोटा में नए एयरपोर्ट का शिलान्यास, मदुरै एयरपोर्ट को इंटरनेशनल एयरपोर्ट का दर्जा देना, ऐसे अनेक काम बीते 23 दिनों में ही हुए हैं। बीते एक महीने के दौरान ही औद्योगिक विकास को गति देने के लिए भव्य स्कीम को मंजूरी दी गई है। इसके तहत देशभर में 100 plug-and-play industrial parks विकसित किए जाएंगे। देश में Small Hydro Power Development Scheme को भी हरी झंडी दी गई है। इससे आने वाले वर्षों में 1,500 मेगावाट नई hydro power capacity जोड़ी जाएगी। इसी दौरान जल जीवन मिशन को साल 2028 तक बढ़ाने का निर्णय लिया गया है। किसानों के हित में भी अनेक बड़े निर्णय लिए गए हैं। बीते एक महीने में ही पीएम किसान सम्मान निधि के तहत 18 हजार करोड़ रुपए से अधिक सीधे किसानों के खातों में ट्रांसफर किए गए हैं। और जो हमारे MSMEs हैं, जो हमारे निर्यातक हैं, उनके लिए भी करीब 500 करोड़ रुपए के राहत पैकेज की भी घोषणा की गई है। यह सारे कदम इस बात का प्रमाण हैं कि विकसित भारत बनाने के लिए देश कितनी तेज गति से काम कर रहा है।

साथियों,

Management की दुनिया में एक सिद्धांत कहा जाता है - What gets measured, gets managed. लेकिन मैं इसमें एक बात और जोड़ना चाहता हूं, What gets measured, gets improved और ultimately, gets transformed. क्योंकि आकलन जागरूकता पैदा करता है। आकलन जवाबदेही तय करता है और सबसे महत्वपूर्ण आकलन संभावनाओं को जन्म देता है।

साथियों,

अगर आप 2014 से पहले के 10-11 साल और 2014 के बाद के 10-11 साल का आप आकलन करेंगे, तो यही पाएंगे कि कैसे इसी सिद्धांत पर चलते हुए, भारत ने हर सेक्टर को Transform किया है। जैसे पहले हाईवे बनते थे, करीब 11-12 किलोमीटर प्रति दिन की रफ्तार से, आज भारत करीब 30 किलोमीटर प्रतिदिन की स्पीड से हाईवे बना रहा है। पहले पोर्ट्स पर शिप का Turnaround Time, 5-6 दिन का होता था। आज वही काम, करीब-करीब 2 दिन से भी कम समय में पूरा हो रहा है। पहले Startup Culture के बारे में चर्चा ही नहीं होती थी। 2014 से पहले, हमारे देश में 400-500 स्टार्ट अप्स ही थे। आज भारत में 2 लाख से ज्यादा रजिस्ट्रर्ड स्टार्ट अप्स हैं। पहले मेडिकल education में सीटें भी सीमित थीं, करीब 50-55 हजार MBBS seats थीं, आज यह बढ़कर सवा लाख से ज्यादा हो चुकी हैं। पहले देश के Banking system से भी करोड़ों लोग बाहर थे। देश में सिर्फ 25 करोड़ के आसपास ही बैंक account थे। वहीं जनधन योजना के माध्यम से 55 करोड़ से ज्यादा बैंक अकाउंट खुले हैं। पहले हमारे देश में airports की संख्या भी 70 से कम थी। आज एयरपोर्ट्स की संख्या भी बढ़कर 160 से ज्यादा हो चुकी है।

साथियों,

पहले भी योजनाएं तो बनती थीं, लेकिन आज फर्क है, आज परिणाम दिखते हैं। पहले गति धीमी थी, आज भारत fastrack पर है। पहले संभावनाएं भी अंधकार में थीं, आज संकल्प सिद्धियों में बदल रहे हैं। इसलिए दुनिया को भी यह संदेश मिल रहा है कि यह नया भारत है। यह अपने विकास के लिए कोई कोर-कसर बाकी नहीं छोड़ रहा है।

साथियों,

आज हमारा प्रयास है कि अतीत में विकास का जो असंतुलन पैदा हो गया था, उसको अवसरों में बदला जाए। अब जैसे हमारा पूर्वी भारत है। हमारा पूर्वी भारत संसाधनों से समृद्ध है, दशकों तक वहां जिन्होंने सरकारें चलाई हैं, उनकी उपेक्षा ने पूर्वी भारत के विकास पर ब्रेक लगा दी थी। अब हालात बदल रहे हैं। जिस असम में कभी गोलियों की आवाज सुनाई देती थी, आज वहां सेमीकंडक्टर यूनिट बन रही है। ओडिशा में सेमीकंडक्टर से लेकर पेट्रोकेमिकल्स तक अनेक नए-नए सेक्टर का विकास हो रहा है। जिस बिहार में 6-7 दशक में गंगा जी पर एक बड़ा पुल बन पाया था एक, उस बिहार में पिछले एक दशक में 5 से ज्यादा नए पुल बनाए गए हैं। यूपी में कभी कट्टा मैन्युफैक्चरिंग की कहानियां कही जाती थीं, आज यूपी, मोबाइल फोन मैन्युफैक्चरिंग में दुनिया में अपनी पहचान बना रहा है।

साथियों,

पूर्वी भारत का एक और बड़ा राज्य पश्चिम बंगाल है। पश्चिम बंगाल, एक समय में भारत के कल्चर, एजुकेशन, इंडस्ट्री और ट्रेड का हब होता था। बीते 11 वर्षों में केंद्र सरकार ने पश्चिम बंगाल के विकास के लिए बड़ी मात्रा में निवेश किया है। लेकिन दुर्भाग्य से, आज वहां एक ऐसी निर्मम सरकार है, जो विकास पर ब्रेक लगाकर बैठी है। TV9 बांग्ला के जो दर्शक हैं, वो जानते हैं कि बंगाल में आयुष्मान योजना पर निर्मम सरकार ने ब्रेक लगाया हुआ है। पीएम सूर्यघर मुफ्त बिजली योजना पर ब्रेक लगाया हुआ है। पीएम आवास योजना पर ब्रेक लगाया हुआ है। चाय बागान श्रमिकों के लिए शुरू हुई योजना के लिए ब्रेक लगाया हुआ है। यानी विकास और जनकल्याण से ज्यादा प्राथमिकता निर्मम सरकार अपने राजनीतिक स्वार्थ को दे रही है।

साथियों,

देश में इस तरह की राजनीति की शुरुआत जिस दल ने की है, वो अपने गुनाहों से बच नहीं सकती और वो पार्टी है - कांग्रेस। कांग्रेस पार्टी की राजनीति का एक ही लक्ष्य रहा है, किसी भी तरह विकास का विरोध और कांग्रेस यह तब से कर रही है, जब मैं गुजरात में था। गुजरात में वर्षों तक जनता ने हमें आशीर्वाद दिया, तो कांग्रेस ने उस जनादेश को स्वीकार नहीं किया। उन्होंने गुजरात की छवि पर सवाल उठाए, उसकी प्रगति को कटघरे में खड़ा किया और जब यही विश्वास पूरे देश में दिखाई दिया, तो कांग्रेस का विरोध भी रीजनल से नेशनल हो गया।

साथियों,

जब राजनीति में विरोध, विकास के विरोध में बदल जाए, जब आलोचना देश की उपलब्धियों पर सवाल उठाने लगे, तब यह सिर्फ सरकार का विरोध नहीं रह जाता, यह देश की प्रगति से असहज होने की मानसिकता बन जाती है। आज कांग्रेस इसी मानसिकता की गुलाम बन चुकी है। आज स्थिति यह है कि देश की हर सफलता पर प्रश्न उठाया जाता है, हर उपलब्धि में कमी खोजी जाती है और हर प्रयास के असफल होने की कामना की जाती है। कोविड के समय, देश ने अपनी वैक्सीन बनाई, तो कांग्रेस ने उस पर भी संदेह जताया। Make in India की बात हुई, तो कहा गया कि यह सफल नहीं होगा, बब्बर शेर कहकर इसका मजाक उड़ाया गया। जब देश में डिजिटल इंडिया अभियान शुरू हुआ, तो उसका मजाक उड़ाया गया। लेकिन हर बार यह कांग्रेस का दुर्भाग्य और देश का सौभाग्य रहा कि भारत ने हर चुनौती को सफलता में बदला। आज भारत दुनिया की सबसे बड़ी वैक्सीनेशन ड्राइव का उदाहरण है। भारत डिजिटल पेमेंट्स में दुनिया का अग्रणी देश है। भारत मैन्युफैक्चरिंग और स्टार्टअप्स में नई ऊंचाइयों को छू रहा है।

साथियों,

लोकतंत्र में विरोध जरूरी होता है। लेकिन विरोध और विद्वेष के बीच एक रेखा होती है। सरकार का विरोध करना लोकतांत्रिक अधिकार है। लेकिन देश को बदनाम करना, यह कांग्रेस की नीयत पर सवाल खड़ा करता है। जब विरोध इस स्तर तक पहुंच जाए कि देश की उपलब्धियां भी असहज करने लगें, तो यह राजनीति नहीं, यह दृष्टिकोण की समस्या है। अभी हमने ग्लोबल AI समिट में भी देखा है। जब पूरी दुनिया भारत में जुटी हुई थी, तो कांग्रेस के लोग कपड़े फाड़ने वहां पहुंच गए थे। इन लोगों को देश की इज्जत की कितनी परवाह है, यह इसी से पता चलता है। इसलिए आज आवश्यकता है कि देशहित को, दलहित से ऊपर रखा जाए क्योंकि अंत में राजनीति से ऊपर, राष्ट्र होता है, राष्ट्र का विकास होता है।

साथियों,

आज का यह दिन भी हमें यही प्रेरणा देता है। आज के ही दिन शहीद भगत सिंह, शहीद राजगुरु और शहीद सुखदेव ने देश के लिए सर्वोच्च बलिदान दिया था। आज ही, समाजवादी आंदोलन के प्रखर आदर्श डॉ. राम मनोहर लोहिया जी की जयंती भी है। यह वो प्रेरणाएं हैं, जिन्होंने देश को हमेशा स्व से ऊपर रखा है। देशहित को सबसे ऊपर रखने की यही प्रेरणा, भारत को विकसित भारत बनाएगी। यही प्रेरणा भारत को आत्मनिर्भर बनाएगी। मुझे पूरा विश्वास है कि टीवी9 की यह समिट भी भारत के आत्मविश्वास और दुनिया के भरोसे पर, भारतीयों पर जो भरोसा है, उस भरोसे को और सशक्त करेगी। आप सभी को मेरी तरफ से बहुत-बहुत शुभकामनाएं हैं और आपके बीच आने का अवसर दिया, आप सबसे मिलने का मौका लिया, इसलिए बहुत-बहुत धन्यवाद!

नमस्‍कार!