‘ইণ্ডিয়ান অইল’ৰ ৫১৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘হালদিয়া-বাৰাউনি খাৰুৱা তেল পাইপলাইন’ উদ্বোধন কৰে
খড়গপুৰৰ ‘বিদ্যাসাগৰ ঔদ্যোগিক উদ্যান’ত ‘ইণ্ডিয়ান অইল’ৰ ‘১২০ টিএমটিপিএ উত্পাদনক্ষম এলপিজি বটলিং প্ৰকল্প’ উদ্বোধন কৰে
কলকাতাৰ ‘শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰ’ত আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে নিৰ্মিত একাধিক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰাৰ লগতে এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
প্ৰায় ২৬৮০ কোটি টকাৰ গুৰুত্বপূৰ্ণ ৰে'ল প্ৰকল্পসমূহ ৰাষ্ট্ৰলৈ উচৰ্গা কৰে
পশ্চিম বংগত বাহ্য পানী শোধন আৰু নৰ্দমা সম্পৰ্কীয় তিনিটা প্ৰকল্প উদ্বোধন কৰে
"একবিংশ শতিকাৰ ভাৰত দ্ৰুত গতিত আগবাঢ়িছে। আমি একেলগে ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ"
"কেন্দ্ৰীয় চৰকাৰে পশ্চিম বংগত ৰে'লৱে’ৰ আধুনিকীকৰণৰ বাবে দেশৰ বাকী অংশৰ দৰেই একে গতিতে চেষ্টা কৰি আছে"
"পৰিৱেশৰ সৈতে সামঞ্জস্য ৰাখি কেনেদৰে উন্নয়ন কৰিব পাৰি সেয়া ভাৰতে বিশ্বক দেখুৱাইছে"
আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহ ৰে'ল, বন্দৰ, তেল পাইপলাইন, ‘এলপিজি’ যোগান আৰু বৰ্জনীয় পানী শোধনৰ দৰে খণ্ডৰ সৈতে সম্পৰ্কিত।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ হুগলীৰ আৰামবাগত ৭,২০০ কোটি টকা ব্যয় সাপেক্ষ এলানি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এলানি প্ৰকল্প ৰাষ্ট্ৰ নামত উচৰ্গা কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহ ৰে'ল, বন্দৰ, তেল পাইপলাইন, ‘এলপিজি’ যোগান আৰু বৰ্জনীয় পানী শোধনৰ দৰে খণ্ডৰ সৈতে সম্পৰ্কিত।

সমবেত সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে একবিংশ শতিকাৰ ভাৰতৰ দ্ৰুত বিকাশ আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক বিকশিত কৰাৰ প্ৰস্তাৱৰ কথা উল্লেখ কৰে। তেওঁ যুৱ, মহিলা, কৃষক আৰু দৰিদ্ৰ লোকসকলৰ সৱলীকৰণত দিয়া প্ৰাথমিকতাৰ কথা দোহাৰে। "আমি সদায় দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে চেষ্টা কৰি আহিছোঁ আৰু ইয়াৰ ফলাফল এতিয়া বিশ্বৰ আগত দৃশ্যমান হৈছে", তেওঁ কয়। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে দৰিদ্ৰতাৰ পৰা ওলাই অহা ২৫ কোটি লোকে চৰকাৰৰ নীতি, নিৰ্দেশনা আৰু সিদ্ধান্তৰ শুদ্ধতাকে প্ৰতীয়মান কৰিছে। এই সকলোবোৰৰ মুখ্য কাৰণ হৈছে সঠিক অভিপ্ৰায়, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে পশ্চিম বংগৰ উন্নয়নৰ উদ্দেশ্যে ৭,০০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ লগতে এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। এই প্ৰকল্পসমূহৰ ভিতৰত ৰে'ল, বন্দৰ, পেট্ৰ'লিয়াম আৰু জলশক্তি খণ্ড অন্তৰ্ভুক্ত আছে। "কেন্দ্ৰীয় চৰকাৰে পশ্চিম বংগত ৰে'লপথৰ আধুনিকীকৰণৰ বাবে দেশৰ বাকী অংশৰ দৰেই একে গতিতে চেষ্টা চলাই আছে", প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোত পৰ্যটন আৰু উদ্যোগখণ্ডক উৎসাহিত কৰাৰ লগতে ৰে'ল সংযোগ উন্নত কৰাৰ বাবে ‘ঝাৰগ্ৰাম- চালগাজাৰী’ক সংযোগ কৰা তৃতীয়টো ৰে'লপথৰ কথা উল্লেখ কৰি কয়। তেওঁ ‘সোণ্ডালিয়া–চম্পাপুকুৰ’ আৰু ‘ডানকুনি–ভট্টনগৰ–বলতিকুৰি ৰে'লপথ’ছোৱাৰ দ্বৈতকৰণৰ বিষয়েও মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কলকাতাৰ ‘শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰ’ত আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে উন্নয়নমূলক প্ৰকল্প আৰু ১,০০০ কোটি টকাৰো অধিক মূল্যৰ আন তিনিটা প্ৰকল্প প্ৰসংগতো মন্তব্য কৰে।

 

‘হালদিয়া বাৰাউনি খাৰুৱাতেলৰ পাইপলাইন’ৰ উদাহৰণ দাঙি ধৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "পৰিৱেশৰ সৈতে সামঞ্জস্য ৰাখি কেনেদৰে উন্নয়ন কৰিব পাৰি সেই কথা ভাৰতে বিশ্বক দেখুৱাইছে"। চাৰিখন ৰাজ্য- বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু পশ্চিম বংগৰ মাজেৰে তিনিটা শোধনাগাৰলৈ খাৰুৱা তেল পৰিবহন কৰা হৈছে, যাৰ ফলত সঞ্চয় আৰু পৰিৱেশ সুৰক্ষিত হ’ব। তেওঁ কয় যে ‘এলপিজি বটলিং প্ৰকল্প’টোৱে ৭ খন ৰাজ্যক লাভান্বিত কৰিব আৰু অঞ্চলটোত ‘এলপিজি’-ৰ চাহিদা পূৰণ কৰিব। ‘নৰ্দমা শোধন প্ৰকল্প’ই বহুতো জিলাৰ লাখ লাখ লোকক উপকৃত কৰিব।

 

"এখন ৰাজ্যত আন্তঃগাঁথনি নিৰ্মাণ প্ৰকল্প আৰম্ভ কৰিলে নিযুক্তিৰ একাধিক পথ মুকলি হয়"বুলি মন্তব্য কৰা প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগত ৰে'লপথৰ উন্নয়নৰ বাবে এই বছৰৰ বাজেটত ১৩,০০০ কোটি টকাৰো অধিক পুঁজি আৱণ্টন দিয়াৰ কথা উল্লেখ কৰে। এই পৰিমাণ হৈছে ২০১৪ চনৰ পূৰ্বৰ পৰিমাণৰ তিনিগুণ। তেওঁ কয় যে চৰকাৰে ৰে'ল লাইনৰ বৈদ্যুতিকীকৰণ, যাত্ৰী সুবিধা উন্নীতকৰণ আৰু ৰে'ল ষ্টেশ্যনৰ পুনৰ্বিকাশক প্ৰাথমিকতা প্ৰদান কৰিছে। বিগত ১০টা বছৰত সম্পূৰ্ণ হোৱা পূৰ্বৰ বিলম্বিত প্ৰকল্পসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে পশ্চিম বংগত ৩,০০০ কিলোমিটাৰৰো অধিক ৰে'ল লাইনত বৈদ্যুতিকীকৰণ ব্যৱস্থা কৰা হৈছে, প্ৰায় ১০০ টা ৰে'ল ষ্টেশ্যন পুনৰ বিকশিত কৰা হৈছে, যাৰ ভিতৰত আছে ‘অমৃত ষ্টেশ্যন আঁচনি’ৰ অধীনত ‘তাৰকেশ্বৰ ৰে'ল ষ্টেশ্যন’ৰ পুনৰ্বিকাশ, ১৫০ তকৈয়ো অধিক নতুন ৰে'লসেৱা আৰম্ভ কৰাৰ লগতে  ৫ খন নতুন ‘বন্দে ভাৰত এক্সপ্ৰেছ’ৰ যাত্ৰাৰম্ভ কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগৰ জনসাধাৰণৰ অৱদানেৰে ‘বিকশিত ভাৰত’ৰ প্ৰস্তাৱ সমূহ সম্পূৰ্ণ হ'ব বুলি বিশ্বাস ব্যক্ত কৰে আৰু আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে নাগৰিকসকলক শুভেচ্ছা জ্ঞাপন কৰে।

 

এই অনুষ্ঠানত পশ্চিম বংগৰ ৰাজ্যপাল ড০ চি ভি আনন্দ বসু আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী শান্তনু ঠাকুৰ উপস্থিত থাকে।  

 

পটভূমি

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ২,৭৯০ কোটি টকা ব্যয়েৰে বিকশিত ‘ইণ্ডিয়ান অইল’-ৰ ৫১৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘হালদিয়া-বাৰাউনি খাৰুৱা তেলপাইপলাইন’ উদ্বোধন কৰে। এই পাইপলাইনটো বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ মাজেৰে পাৰ হৈ গৈছে। পাইপলাইনটোৱে বাৰাউনি শোধনাগাৰ, বঙাইগাঁও শোধনাগাৰ আৰু গুৱাহাটী শোধনাগাৰলৈ সুৰক্ষিত, ব্যয়-দক্ষ আৰু পৰিৱেশ-অনুকূল প্ৰকাৰে খাৰুৱা তেল যোগান ধৰিব।

 

প্ৰধানমন্ত্ৰীয়ে খড়গপুৰৰ ‘বিদ্যাসাগৰ ঔদ্যোগিক উদ্যান’ত ‘ইণ্ডিয়ান অইল’ৰ ‘১২০ টিএমটিপিএ উত্পাদনক্ষম এলপিজি বটলিং প্ৰকল্প’টোও উদ্বোধন কৰে। ২০০ কোটি টকাতকৈয়ো অধিক ব্যয়েৰে বিকশিত ‘এলপিজি বটলিং প্ৰকল্প’টো অঞ্চলটোৰ প্ৰথম ‘এলপিজি বটলিং প্ৰকল্প’ হ'ব। ই পশ্চিম বংগৰ প্ৰায় ১৪.৫ লাখ গ্ৰাহকক ‘এলপিজি’ যোগান ধৰিব।

প্ৰধানমন্ত্ৰীয়ে কলকাতাৰ ‘শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰ’ত আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে প্ৰায় ১০০০ কোটি টকা ব্যয়সাপেক্ষ এলানি প্ৰকল্প উদ্বোধন কৰাৰ লগতে একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ'ব তাৰ ভিতৰত আছে ‘এনএছডি’ৰ ‘বাৰ্থ নং ৮’ৰ পুনৰ নিৰ্মাণ আৰু ‘কলকাতা ডক প্ৰণালী’ৰ ‘এনএছডি’ৰ ‘বাৰ্থ নং ৭ আৰু ৮’ৰ যান্ত্ৰিকীকৰণ। প্ৰধানমন্ত্ৰীয়ে ‘শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰ’ৰ ‘হলদিয়া ডক কমপ্লেক্স’ৰ ‘তেল জেট্টি’সমূহত অগ্নি নিৰ্বাপক ব্যৱস্থা বৃদ্ধিৰ প্ৰকল্পটো দেশবাসীক উৎসৰ্গা কৰে। নতুনকৈ স্থাপন কৰা অগ্নি নিৰ্বাপক সুবিধাটো হৈছে অত্যাধুনিক সম্পূৰ্ণ স্বয়ংক্ৰিয় ব্যৱস্থা, য'ত অত্যাধুনিক গেছ আৰু ‘ফ্লেম চেন্সৰ’ আছে, যিটো ব্যৱস্থাই তাৎক্ষণিক বিপদৰ উত্স নিশ্চিত কৰে। প্ৰধানমন্ত্ৰীয়ে ৪০ টন উত্তোলন ক্ষমতাৰ সৈতে ‘হলদিয়া ডক কমপ্লেক্স’-ৰ তৃতীয় ‘ৰে'ল মাউণ্টেড কুৱে ক্ৰেইন’ (আৰএমকিউচি)ও উচৰ্গা কৰে। ‘শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰ’ত এই নতুন প্ৰকল্পসমূহে দ্ৰুত আৰু সুৰক্ষিত ‘কাৰ্গো সঞ্চালন আৰু স্থানান্তৰ’ত সহায় কৰি বন্দৰৰ উৎপাদনশীলতা যথেষ্ট বৃদ্ধি কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ২৬৮০ কোটি টকাৰ গুৰুত্বপূৰ্ণ ৰে'ল প্ৰকল্পসমূহ দেশবাসীক উচৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ‘ঝাৰগ্ৰাম-চালগাজাৰী (৯০ কিমি) সংযোগী তৃতীয় ৰেলপথ’; ‘চণ্ডালিয়াৰ– চম্পাপুকুৰ ৰে’লপথৰ দ্বৈতকৰণ’ (২৪ কিমি); আৰু ‘ডানকুনি – ভট্টানগৰ – বাল্টিকুৰী ৰে’লপথ (৯ কিমি) দ্বৈতকৰণ প্ৰকল্প’। এই প্ৰকল্পসমূহে অঞ্চলটোত ৰে'ল পৰিবহণ সুবিধা সম্প্ৰসাৰিত কৰিব, গতিশীলতা উন্নত কৰিব আৰু অঞ্চলটোত অৰ্থনৈতিক আৰু ঔদ্যোগিক বিকাশৰ দিশত মালবাহী যান-বাহনৰ নিৰৱচ্ছিন্ন সেৱা সম্ভৱ কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগত বৰ্জিত পানী শোধন আৰু নৰ্দমা সম্পৰ্কীয় তিনিটা প্ৰকল্প উদ্বোধন কৰে। প্ৰায় ৬০০ কোটি টকা ব্যয়েৰে বিকশিত এই প্ৰকল্পসমূহ বিশ্ব বেংকৰ পুঁজিৰে নিৰ্মাণ কৰা হৈছে। প্ৰকল্পসমূহৰ ভিতৰত আছে ‘৬৫ এমএলডি ক্ষমতা’ৰ হাওৰাত ‘ইণ্টাৰচেপশ্যন এণ্ড ডাইভাৰ্চন (আই এণ্ড ডি) কাম আৰু নৰ্দমা শোধন প্ৰকল্প’ (এছটিপি) আৰু ‘৩.৩ কিলোমিটাৰ নৰ্দমা নেটৱৰ্ক’; ‘৬২ এমএলডি ক্ষমতা আৰু ১১.৩ কিলোমিটাৰ নৰ্দমা নেটৱৰ্কৰ সৈতে বালিত আই এণ্ড ডি কাম আৰু এছটিপি’, আৰু ‘৬০ এমএলডি ক্ষমতাসম্পন্ন আৰু ৮.১৫ কিলোমিটাৰ নৰ্দমা নেটৱৰ্ক’ৰ সৈতে ‘কামাৰহাটি আৰু বাৰানগৰত আই এণ্ড ডি কাম আৰু এছটিপি’।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's first privately developed orbital rocket Vikram-1 set for maiden launch on July 18

Media Coverage

India's first privately developed orbital rocket Vikram-1 set for maiden launch on July 18
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the Amir of Qatar
July 16, 2026
PM conveys heartfelt condolences on the passing of the Father Amir of Qatar
PM recalls the Father Amir’s visionary leadership and his contribution to strengthening India-Qatar relations
The two leaders reaffirm their resolve to carry forward the Father Amir’s legacy

Prime Minister Shri Narendra Modi had a telephone conversation today with the Amir of the State of Qatar, H.H. Sheikh Tamim bin Hamad Al Thani.

Prime Minister conveyed his heartfelt condolences on the passing of H.H. Sheikh Hamad bin Khalifa Al Thani, the Father Amir of Qatar.

Recalling the Father Amir’s significant contributions as the chief architect of modern Qatar, Prime Minister paid tribute to his visionary leadership, and recalled his pivotal role in strengthening India-Qatar relations over the years as well as his deep affection for India and the Indian community in Qatar.

The Amir of Qatar thanked Prime Minister for his call and conveyed his appreciation for the words of support in this difficult hour.

The two leaders reaffirmed their resolve to carry forward the Father Amir’s legacy and further strengthen the India-Qatar Strategic Partnership and people-to-people ties.

They agreed to remain in close touch.