‘ইণ্ডিয়ান অইল’ৰ ৫১৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘হালদিয়া-বাৰাউনি খাৰুৱা তেল পাইপলাইন’ উদ্বোধন কৰে
খড়গপুৰৰ ‘বিদ্যাসাগৰ ঔদ্যোগিক উদ্যান’ত ‘ইণ্ডিয়ান অইল’ৰ ‘১২০ টিএমটিপিএ উত্পাদনক্ষম এলপিজি বটলিং প্ৰকল্প’ উদ্বোধন কৰে
কলকাতাৰ ‘শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰ’ত আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে নিৰ্মিত একাধিক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰাৰ লগতে এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
প্ৰায় ২৬৮০ কোটি টকাৰ গুৰুত্বপূৰ্ণ ৰে'ল প্ৰকল্পসমূহ ৰাষ্ট্ৰলৈ উচৰ্গা কৰে
পশ্চিম বংগত বাহ্য পানী শোধন আৰু নৰ্দমা সম্পৰ্কীয় তিনিটা প্ৰকল্প উদ্বোধন কৰে
"একবিংশ শতিকাৰ ভাৰত দ্ৰুত গতিত আগবাঢ়িছে। আমি একেলগে ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ"
"কেন্দ্ৰীয় চৰকাৰে পশ্চিম বংগত ৰে'লৱে’ৰ আধুনিকীকৰণৰ বাবে দেশৰ বাকী অংশৰ দৰেই একে গতিতে চেষ্টা কৰি আছে"
"পৰিৱেশৰ সৈতে সামঞ্জস্য ৰাখি কেনেদৰে উন্নয়ন কৰিব পাৰি সেয়া ভাৰতে বিশ্বক দেখুৱাইছে"
আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহ ৰে'ল, বন্দৰ, তেল পাইপলাইন, ‘এলপিজি’ যোগান আৰু বৰ্জনীয় পানী শোধনৰ দৰে খণ্ডৰ সৈতে সম্পৰ্কিত।

তাৰকেশ্বৰ মহাদেৱ কী জয়!
তাৰক বোম! বোল বোম!

পশ্চিম বংগৰ ৰাজ্যপাল চি ভি আনন্দ বসেজী, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সতীৰ্থ শান্তনু ঠাকুৰজী, পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলপতি শুভেন্দু অধিকাৰী, সাংসদ অপৰূপা পোদ্দাৰজী, সুকান্ত মজুমদাৰজী, সৌমিত্ৰ খান জী, অন্যান্য বিশিষ্ট ব্যক্তি আৰু সুধীবৃন্দ।

একবিংশ শতিকাৰ ভাৰত দ্ৰুত গতিত আগবাঢ়িছে। আমি একেলগে ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো। দেশৰ দৰিদ্ৰ, কৃষক, মহিলা আৰু যুৱক-যুৱতীসকলক অগ্ৰাধিকাৰ দিয়া হৈছে। আমি দুখীয়াৰ কল্যাণৰ বাবে অবিৰত ব্যৱস্থা গ্ৰহণ কৰিছো, যাৰ ফল আজি বিশ্বই দেখিবলৈ পাইছে। বিগত ১০ বছৰত দেশৰ ২৫ কোটি জনসাধাৰণ দৰিদ্ৰতাৰ পৰা ওলাই আহিছে। ইয়াৰ পৰা দেখা যায় যে আমাৰ চৰকাৰৰ দিশ সঠিক, নীতি সঠিক, সিদ্ধান্ত সঠিক আৰু অন্তৰ্নিহিত উদ্দেশ্য সঠিক।

 

বন্ধুসকল,

আজি পশ্চিম বংগৰ উন্নয়নৰ বাবে ইয়াত ৫০ লাখ টকা। ৭ হাজাৰ কোটিৰো অধিক মূল্যৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াত ৰেল, বন্দৰ, পেট্ৰলিয়াম আৰু জলশক্তিৰ সৈতে জড়িত প্ৰকল্পসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। পশ্চিম বংগৰ ৰে’লপথৰ আধুনিকীকৰণ দেশৰ আন প্ৰান্তত যি গতিত চলি আছে, সেই গতিৰে হ’ব লাগে সেয়া আমাৰ প্ৰয়াস। আজি উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত ঝাৰগ্ৰাম-ছালগাজাৰী তৃতীয় লাইনে ৰে’ল পৰিবহণৰ অধিক উন্নতি সাধন কৰিব। ইয়াৰ ফলত অঞ্চলটোৰ উদ্যোগ আৰু পৰ্যটনত উত্থান ঘটিব। সোণদলিয়া-চাম্পাপুকুৰ আৰু ডাংকুনি-ভাটনগৰ-বাল্টিকুৰি ৰে’লপথো দুগুণ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত এই পথত ৰে’লৰ চলাচল উন্নত হ’ব। শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰ আৰু আন তিনিটা আনুষংগিক প্ৰকল্প সম্প্ৰসাৰণ কৰি ভৱিষ্যতৰ প্ৰয়োজন পূৰণ কৰা হৈছে। তাৰ বাবেও কেন্দ্ৰীয় চৰকাৰে এক হাজাৰ কোটি টকাৰো অধিক খৰচ কৰিবলৈ ওলাইছে।

বন্ধুসকল,

ভাৰতে বিশ্ববাসীক দেখুৱাইছে যে কেনেকৈ পৰিৱেশৰ লগত মিল ৰাখি উন্নয়ন কৰিব পাৰি। ইয়াৰ উদাহৰণ হ’ল হালদিয়াৰ পৰা বাৰাউনীলৈ ৫০০ কিলোমিটাৰতকৈও অধিক দীঘল খাৰুৱা তেলৰ পাইপলাইন। ইয়াৰ জৰিয়তে ৪খন ৰাজ্য বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু পশ্চিম বংগৰ মাজেৰে ৩টা ভিন্ন শোধনাগাৰলৈ খাৰুৱা তেল পৰিবহণ কৰিব। ইয়াৰ ফলত খৰচ কম হোৱাৰ লগতে পৰিৱেশ সুৰক্ষাৰ চিন্তাও হ্ৰাস পাব। আজিৰ পৰা পাছিম মেদিনীপুৰত আৰম্ভ হোৱা এল পি জি বটলিং প্লাণ্টৰ জৰিয়তে ৭ খন জিলা উপকৃত হ’ব। ইয়াৰ দ্বাৰা ইয়াত এল পি জিৰ চাহিদা পূৰণ কৰাত সহায়ক হ’ব আৰু লগতে যুৱক-যুৱতীসকলৰ বাবে বহুতো নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হ’ব। আজি এটা নলা পৰিশোধন প্লাণ্টো আৰম্ভ কৰা হৈছে, যাৰ লক্ষ্য হৈছে হুগলী নদীৰ প্ৰদূষণ হ্ৰাস কৰা। ইয়াৰ উপৰিও হাওৰা, কামাৰহাটী আৰু বৰানগৰ অঞ্চলত বসবাস কৰা লাখ লাখ লোকক ইয়াৰ দ্বাৰা উপকৃত হ’ব।

 

বন্ধুসকল,

যিকোনো ৰাজ্যত আন্তঃগাঁথনি প্ৰকল্প আৰম্ভ হ’লে তাত থকা লোকসকলৰ বাবে অগ্ৰগতিৰ বহু পথ প্ৰশস্ত হয়। এইবাৰ ভাৰত চৰকাৰে পশ্চিমবংগৰ ৰেলপথৰ উন্নয়নৰ বাবে ১৩ হাজাৰ কোটি টকাৰো অধিক বাজেট দিছে। এই পৰিমাণ ২০১৪ চনৰ আগৰ তুলনাত ৩ গুণ বেছি। ৰে’লপথৰ বৈদ্যুতিককৰণ, যাত্ৰীবাহী সুবিধা সম্প্ৰসাৰণ আৰু ৰে’ল ষ্টেচনৰ পুনৰ উন্নয়ন দ্রুত গতিত হোৱাটো আমাৰ প্রয়াস৷ যোৱা ১০ বছৰত বছৰ বছৰ ধৰি স্থবিৰ হৈ থকা বহু ৰেল প্ৰকল্প পশ্চিম বংগত সম্পূৰ্ণ হৈছে। বিগত ১০ বছৰত বংগত ৩ হাজাৰ কিলোমিটাৰতকৈও অধিক ৰেলপথত বিদ্যুৎ সংযোগ কৰা হৈছে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত পশ্চিম বংগৰ প্ৰায় ১০০ টা ৰেল ষ্টেচন, আপুনি কল্পনা কৰকচোন, ১০০ টা ৰে’ল ষ্টেচন একেলগে পুনৰ উন্নয়ন কৰা হৈছে। তাৰকেশ্বৰ ৰে’লৱে ষ্টেচনকো অমৃত ষ্টেচন হিচাপে গঢ়ি তোলা হৈছে। বিগত ১০ বছৰত পশ্চিম বংগত ১৫০খনতকৈও অধিক নতুন ৰে’ল সেৱা আৰম্ভ কৰা হৈছে। ৫ নতুন বন্দে ভাৰত এক্সপ্ৰেছে বংগবাসীক ৰেল যাত্ৰাৰ এক সম্পূৰ্ণ নতুন অভিজ্ঞতা প্ৰদান কৰিছে।

 

বন্ধুসকল,

মোৰ বিশ্বাস যে পশ্চিম বংগৰ জনসাধাৰণৰ সহযোগত আমি এখন উন্নত ভাৰতৰ দৃষ্টিভংগীও পূৰণ কৰিম। আজিৰ প্ৰকল্প সমূহৰ বাবে পশ্চিম বংগৰ ৰাইজক আকৌ এবাৰ অভিনন্দন জনাইছো। এই চৰকাৰী কাৰ্যসূচী এতিয়া ইয়াতেই শেষ হ'ব আৰু মই ১০ মিনিটৰ পিছত মুকলি পথাৰলৈ যাম। মুকলি পথাৰৰ মজাটোও বেলেগ কিবা এটা। আজি মোৰ বহু কথা আছে। কিন্তু সেই মঞ্চত ক’ম, কিন্তু এই সকলোবোৰ উন্নয়ন পৰিকল্পনাৰ বাবে আপোনালোকক বহুত বহুত অভিনন্দন জনাইছো, আৰু বহু লোক বাহিৰত ৰৈ আছে। মই আপোনাক বিদায় দিছো। নমস্কাৰ

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auto PLI disbursals to reach Rs 4,000 crore in FY27

Media Coverage

Auto PLI disbursals to reach Rs 4,000 crore in FY27
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam applauding the effort and dedication of India's Youth
August 04, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam applauding the effort and dedication of India's Youth:

"न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥"

Shri Modi said that through continuous effort and dedication, our talents are honed and refined, and our youth is imbibing these very qualities and bringing glory to India.

The Prime Minister posted on X:

निरंतर प्रयास और साधना से हमारी प्रतिभा और निखरती है। आज हमारे युवा इन्हीं गुणों को आत्मसात कर दुनियाभर में देश का नाम रोशन कर रहे हैं।

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

तत्स्वयं योगसंसिद्ध: कालेनात्मनि विन्दति ॥