আজি আৰম্ভ কৰা উন্নয়নৰ কাম কেৰালাৰ সকলো অংশলৈ প্ৰসাৰিত আৰু এক বৃহৎ পৰিসৰৰ খণ্ডক সামৰি লোৱা হৈছেঃ প্ৰধানমন্ত্ৰী
যোৱা ছবছৰত ভাৰতৰ সৌৰ শক্তিৰ সক্ষমতা ১৩ গুণ বাঢ়িলঃ প্ৰধানমন্ত্ৰী
আমাৰ অন্নদাতাসকলক শক্তিদাতা কৰি তুলিবলৈ কৃষকসকল সৌৰ খণ্ডৰে সংযুক্ত হৈ আছেঃ প্ৰধানমন্ত্ৰী
উন্নয়ন আৰু সু-শাসনে জাতি, বৰ্ণ, সম্প্ৰদায়, লিংগ, ধৰ্ম আৰু ভাষা নাজানেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত কেৰালাৰ আৰুভিক্কাৰাত পুগালুৰ-ত্ৰিশূৰ পাৱাৰ ট্ৰেন্সমিছন প্ৰজেক্ট, কাছাৰাগড় ছ'লাৰ পাৱাৰ প্ৰজেক্ট এণ্ড ৱাটাৰ ট্ৰিটমেণ্ট প্লেণ্ট শুভাৰম্ভ কৰে। এই অনুষ্ঠানতে তেওঁ থিৰুৱনন্তপুৰমত ইণ্টেগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ'ল চেণ্টাৰ এণ্ড স্মাৰ্ট ৰোডছ প্ৰজেক্টৰ আধাৰশিলা স্থাপন কৰে।

এই উপলক্ষে কেৰালাৰ মুখ্যমন্ত্ৰী শ্ৰী পিনাৰায় বিজয়নৰ লগতে বিদ্যুৎ নতুন আৰু নবীকৰণযোগ্য শক্তিৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ প্ৰভাৰ) শ্ৰী ৰাজ কুমাৰ সিংহ আৰু গৃহ নিৰ্মাণ তথা নগৰীয়া পৰিক্ৰমা মন্ত্ৰী শ্ৰী হৰদীপ সিংহ পুৰীও উপস্থিত থাকে।

এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি আৰম্ভ হোৱা উন্নয়নৰ কামবিলাক কেৰালাৰ সকলো অংশলৈ প্ৰসাৰিত হৈ আছে আৰু এক বৃহৎ পৰিসৰৰ খণ্ডক সামৰি লোৱা হৈছে। এইবিলাকে ধুনীয়া ৰাজ্য কেৰালাক শক্তিৰ যোগান ধৰিব আৰু শক্তিশালী কৰিব, যিখন ৰাজ্যৰ জনগণে ভাৰতৰ প্ৰগতিত সমৃদ্ধিশালী অৰিহণা যোগাই আহিছে।

তেওঁ কয় যে আজি শুভাৰম্ভ কৰা ২০০০ মেগাৱট উৎপাদনক্ষম পুগালুৰ-ত্ৰিশূৰ হাই ভল্টেজ ডাইৰেক্ট কাৰেণ্টৰ প্ৰকল্পটো হৈছে নেচনেল গ্ৰিডৰ সৈতে সংযুক্ত কেৰালাৰ প্ৰথমটো এইচভিডিচি আন্তঃসংযোগ আৰু ই ৰাজ্যখনৰ ক্ৰমবৰ্দ্ধমান শক্তিৰ চাহিদা পূৰণ কৰিবলৈ বৃহৎ পৰিমাণৰ বিদ্যুৎ সঞ্চালন কৰিব। বিদ্যুৎ সৰবৰাহৰ বাবে এয়া দেশত প্ৰথমবাৰৰ বাবে ভিএছচি কনভাৰ্টাৰ টেকনলজি প্ৰৱৰ্তন কৰা হৈছে। তেওঁ লগতে কয় যে আভ্যন্তৰীণ বিদ্যুৎ সৃষ্টিৰ প্ৰকৃতিৰ ফলত কেৰালা নেচনেল গ্ৰিডৰ পৰা বিদ্যুৎ আমদানিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল আছিল আৰু এইচভিডিচি পদ্ধতিয়ে এই শূন্যতা পূৰোৱাত সহায় কৰিব। তেওঁ সুখ প্ৰকাশ কৰে যে এই প্ৰকল্পত ব্যৱহাৰ হোৱা এইচভিডিচি আহিলাসমূহ ভাৰততে নিৰ্মিত আৰু ই আত্মনিৰ্ভৰ ভাৰত আন্দোলনক শক্তি প্ৰদান কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সৌৰ শক্তি লাভে আমাক জলবায়ু পৰিবৰ্তনৰ বিৰুদ্ধে এক শক্তিশালী যুঁজ দিবলৈ সক্ষম কৰি তোলাৰ লগতে আমাৰ উদ্যমীসকলকো অগ্ৰগতি দিছে। তেওঁ কয় যে সৌৰ শক্তিৰ সৈতে কৃষকসকলো সংযুক্ত হৈ আছে যাৰ ফলত আমাৰ অন্নদাতাসকল শক্তিদাতা হৈ পৰিছে। পিএম-কুসুম যোজনাৰ অধীনত, ২০ লাখতকৈও অধিক সৌৰ শক্তি পাম্প কৃষকক দিয়া হৈছে। তেওঁ লগতে কয় যে যোৱা ছবছৰত ভাৰতৰ সৌৰ শক্তিৰ সক্ষমতা ১৩ গুণ বাঢ়িল। ইণ্টাৰনেচনেল ছ'লাৰ এলায়েঞ্চৰ জৰিয়তেও ভাৰতে বিশ্বক একত্ৰিত কৰিছে। তেওঁ কয় যে আমাৰ নগৰসমূহ প্ৰগতিৰ চালিকা শক্তি আৰু নৱোন্মেষণৰ শক্তি কেন্দ্ৰ। আমাৰ নগৰসমূহে তিনিটা উৎসাহজনক প্ৰৱণতা দেখা পাইছেঃ প্ৰযুক্তিগত উন্নয়ন, অনুকূল জনগাঁথনিগত লভ্যাংশ আৰু ক্ৰমবৰ্দ্ধমান ঘৰুৱা চাহিদা।

প্ৰধানমন্ত্ৰীয়ে কয় যে স্মাৰ্ট চিটিজ মিছনৰ অধীনত ইণ্টেগ্ৰেটেড কমাণ্ড এণ্ড কণ্ট্ৰ'ল চেণ্টাৰবিলাকে নগৰসমূহক উন্নত নগৰীয়া পৰিকল্পনা কৰা আৰু পৰিচালনাত সহায় কৰি আছে। তেওঁ ঘোষণা কৰে যে ৫৪টা কমাণ্ড চেণ্টাৰ প্ৰকল্প কাৰ্যক্ষম হৈছে আৰু এনেকুৱা ৩০টা প্ৰকল্প ৰূপায়ণৰ বিভিন্ন স্তৰত আছে। তেওঁ কয় যে এই প্ৰকল্পসমূহ মহামাৰীৰ সময়ত বিশেষভাৱে কামত আহে। স্মাৰ্ট চিটিজ মিছনৰ অধীনত, কেৰালাৰ দুখন স্মাৰ্ট চিটী, কোচি আৰু থিৰুৱনন্তপুৰমে উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে। ৭৭৩ কোটি টকাৰ ২৭টা প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে আৰু প্ৰায় ২০০০ কোটি টকাৰ ৬৮টা প্ৰকল্পৰ কাম চলি আছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে AMRUTয়ে নগৰসমূহক সিবিলাকৰ অপচয় হোৱা পানীৰ ব্যৱহাৰৰ আন্তঃগাঁথনি প্ৰসাৰিত আৰু উন্নত কৰাত সহায় কৰি আছে। AMRUTৰ অধীনত কেৰালাত ১১০০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষে মুঠ ১৭৫টা পানী যোগান আঁচনি হাতত লোৱা হৈছে। ৯খন AMRUT নগৰক সাৰ্বজনীন পৰিসৰ প্ৰদান কৰা হৈছে। তেওঁ কয় যে আজি শুভাৰম্ভ কৰা আৰুভিক্কাৰা ৱাটাৰ ট্ৰিটমেণ্ট প্লেণ্ট ৭০ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ কৰা হৈছে। ই প্ৰায় ১৩ লাখ নাগৰিকৰ জীৱন উন্নত কৰিব আৰু ই থিৰুৱনন্তপুৰমত জনমুৰি পানী যোগান দৈনিক আগৰ ১০০ লিটাৰৰ পৰা ১৫০ লিটাৰলৈ বৃদ্ধি কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ছত্ৰপতি শিৱাজী মহাৰাজৰ জীৱনে সমগ্ৰ ভাৰতৰ জনগণক অনুপ্ৰাণিত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে শিৱাজীয়ে স্বৰাজ্যৰ ওপৰত আলোকপাত কৰিছিল, য'ত উন্নয়নৰ ফল সমাজৰ সকলো শ্ৰেণীৰ লোকে লাভ কৰে। তেওঁ কয় যে শিৱাজীয়ে এটা শক্তিশালী নৌ বাহিনী গঠন কৰিছিল আৰু উপকূলীয় উন্নয়নৰ লগতে মাছমৰীয়াসকলৰ কল্যাণৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল আৰু চৰকাৰে তেওঁৰ দৃষ্টিভংগী আগুৱাই নিছে। মাছমৰীয়া সম্প্ৰদায়ৰ প্ৰতি আমি কৰা প্ৰচেষ্টাৰ আধাৰ হৈছেঃ অধিক অৰ্থ, বৰ্দ্ধিত প্ৰযুক্তি, উন্নত আন্তঃগাঁথনি আৰু সহযোগী চৰকাৰী নীতি। তেওঁ কয় যে চৰকাৰে গ্ৰহণ কৰা নীতিয়ে ভাৰতক সাগৰীয় খাদ্যৰ ৰপ্তানিকাৰী দেশ হিচাপে গঢ়ি তুলিব।

 

প্ৰসিদ্ধ মালয়ালম কবি কুমাৰানাশনৰ উদ্ধৃতি দি

“I am not asking

your caste Sister,

I ask for water,

I am thirsty.”

 

প্ৰধানমন্ত্ৰীয়ে কয় যে উন্নয়ন আৰু সু-শাসনে জাতি, বৰ্ণ, সম্প্ৰদায়, লিংগ, ধৰ্ম আৰু ভাষা নাজানে। প্ৰত্যেকৰে বাবে উন্নয়ন সাধন কৰাই হৈছে 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস'ৰ মূল ভেটি। এই ঐক্যবদ্ধতা আৰু উন্নয়নৰ শক্তি উপলব্ধি কৰি আগুৱাই যোৱাৰ লক্ষ্যৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ প্ৰধানমন্ত্ৰীয়ে কেৰালাৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'

Media Coverage

Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 আগষ্ট 2026
August 30, 2026

Tiranga in Tashkent, Relief in Nepal: Soft Power Meets First Responder

Vocal for Local, Nari Shakti, Real Heroes: Mann Ki Baat’s Atmanirbhar Hour