আজি আৰম্ভ কৰা উন্নয়নৰ কাম কেৰালাৰ সকলো অংশলৈ প্ৰসাৰিত আৰু এক বৃহৎ পৰিসৰৰ খণ্ডক সামৰি লোৱা হৈছেঃ প্ৰধানমন্ত্ৰী
যোৱা ছবছৰত ভাৰতৰ সৌৰ শক্তিৰ সক্ষমতা ১৩ গুণ বাঢ়িলঃ প্ৰধানমন্ত্ৰী
আমাৰ অন্নদাতাসকলক শক্তিদাতা কৰি তুলিবলৈ কৃষকসকল সৌৰ খণ্ডৰে সংযুক্ত হৈ আছেঃ প্ৰধানমন্ত্ৰী
উন্নয়ন আৰু সু-শাসনে জাতি, বৰ্ণ, সম্প্ৰদায়, লিংগ, ধৰ্ম আৰু ভাষা নাজানেঃ প্ৰধানমন্ত্ৰী

কেৰালাৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী পিনাৰায় বিজয়ন, মোৰ কেবিনেটৰ সতীৰ্থ শ্ৰী আৰ. কে. সিং, শ্ৰী হৰদীপ সিং পুৰীৰ লগতে অন্যান্য বিশিষ্ট অতিথিসকল,

বন্ধুসকল,

নমস্কাৰম কেৰালা! কেইদিনমানৰ পূৰ্বে মই পেট্ৰ’লিয়াম খণ্ডত একাধিক গুৰুত্বপূৰ্ণ প্ৰকল্প উদ্বোধনৰ বাবে কেৰালালৈ গৈছিলো৷ আজি প্ৰযুক্তিৰ আশীৰ্বাদত আমি পুনৰ সংযুক্ত হৈছো৷ আমি কেৰালাৰ উন্নয়নৰ যাত্ৰাত গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছো৷ এইবোৰে বহুকেইটা খণ্ডক সামৰি লৈছে৷ সেইবোৰে এই ধুনীয়া ৰাজ্যখনক শক্তি আৰু সামৰ্থ্য যোগাব, য’ত জনসাধাৰণে ভাৰতৰ প্ৰগতিত যথেষ্ট বৰঙণি যোগাইছে৷ আজি অত্যাধুনিক ২,০০০ মেগাৱাট উৎপাদনক্ষম পুগুলাৰ-থ্ৰিছুৰ উচ্চ ক্ষমতাসম্পন্ন ডাইৰেক্ট কাৰেণ্ট ব্যৱস্থা উদ্বোধন কৰা হৈছে৷ এয়া ৰাষ্ট্ৰীয় গ্ৰিগৰ সৈতে কেৰালাৰ প্ৰথম এইচভিডিচি আন্তঃসংযোগী ব্যৱস্থা৷ থ্ৰিছুৰ হৈছে কেৰালা এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক কেন্দ্ৰ৷ এতিয়া ই কেৰালাৰ শক্তি কেন্দ্ৰটো পৰিণত হৈছে৷ এই ব্যৱস্থাই ৰাজ্যখনৰ বৰ্ধিত শক্তি চাহিদা পুৰণৰ বৃহৎ পৰিমাণে সুবিধা প্ৰদান কৰিব৷ এয়া প্ৰথম ভিএছচি কনভাৰ্টাৰ প্ৰযুক্তি, যিটো দেশৰ শক্তি সংবহনত ব্যৱহাৰ কৰা হৈছে৷ এয়া সঁচাকৈয়ে আমাৰ সকলোৰে বাবে এক গৌৰৱৰ ক্ষণ৷

বন্ধুসকল,

কেৰালাৰ আভ্যন্তৰীণ শক্তি উৎপাদনৰ উৎসসমূহ ঋতুভিত্তিক৷ ইয়াৰ বাবে ৰাষ্ট্ৰীয় গ্ৰিডৰ পৰা বৃহৎ পৰিমাণৰ শক্তি আমদানিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়৷ এই চাহিদা পুৰণত এতিয়া এইচডিডিচি পদ্ধতিয়ে সহায় কৰিব৷ এতিয়া নিৰ্ভৰযোগ্যভাৱে ইয়াক আহৰণ কৰিবলৈ সক্ষম হ’ব৷ ই পৰিয়ালৰ লগতে ঔদ্যোগিক প্ৰতিষ্ঠানসমূহত সমানে শক্তি বিতৰণত আন্তঃৰাজ্যিক সংবহন লাইন শক্তিশালী কৰাত গুৰুত্ব আছে৷ এই প্ৰকল্পই মোক আনন্দিত কৰাৰ আন এটা কাৰণ আছে৷ এই প্ৰকল্পত ব্যৱহাৰ কৰা এইচভিডিচি সঁজুলি ভাৰতত প্ৰস্তুত কৰা৷ ই আমাৰ আত্মনিৰ্ভৰ অভিযানক অধিক শক্তিশালী কৰিছে৷

বন্ধুসকল,

আমি কেৱল এটা সংবহন প্ৰকল্প উচৰ্গা কৰা নাই, ইয়াত এটা বিদ্যুৎ উৎপাদন প্ৰকল্পও আছে৷ ৫০ মেগাৱাট ক্ষমতাসম্পন্ন কাছাৰগোড় সৌৰ প্ৰকল্প শীৰ্ষক আন এটা স্বচ্ছ শক্তি সম্পদ উচৰ্গা কৰিবলৈ পোৱাটো আনন্দৰ কথা৷ এয়া আমাৰ দেশৰ সেউজ আৰু স্বচ্ছ শক্তি সপোন বাস্তৱায়িত কৰাৰ এক পদক্ষেপ হিচাপে বিবেচিত হ’ব৷ ভাৰতে সৌৰ শক্তিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ সৌৰ শক্তি সনুশ্চিত কৰাৰ ক্ষেত্ৰত আমাৰ সফলতাবোৰ হৈছে-জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে এক শক্তিশালী যুঁজ৷ আমাৰ উদ্যোগীসকলক উদ্গনি যোগোৱা৷ আমাৰ কঠোৰ পৰিশ্ৰমী কৃষকসকলক সৌৰ শক্তিৰ সৈতে জড়িত কৰাৰ প্ৰচেষ্টা চলাই থকা হৈছে, যাৰ দ্বাৰা আমাৰ অন্নদাতাসকলক উৰ্জাদাতা হিচাপে গঢ়ি তোলা৷ পিএম-কুসুম যোজনাৰ অধীনত কৃষকসকলক ২০লাখতকৈ অধিক সৌৰ শক্তি পাম্প প্ৰদান কৰা হৈছে৷ বিগত ৬ বছৰত ভাৰতৰ সৌৰ শক্তি সক্ষমতা ১৩গুন বৃদ্ধি পাইছে৷ ভাৰতে সমগ্ৰ বিশ্বক আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ জৰিয়তে একত্ৰিত কৰিছে৷

বন্ধুসকল,

আমাৰ চহৰসমূহ উদ্ভাৱন আৰু শক্তি গৃহৰ ইঞ্জিন৷ আমাৰ চহৰসমূহত তিনিটা উৎসাহজনক গতি পৰিলক্ষিত হৈছে-প্ৰযুক্তিগত উন্নয়ন, ঘৰুৱা চাহিদাৰ সুবিধাজনক লভ্যাংশ বৃদ্ধি৷ এই খণ্ডৰ অধিক বিকাশৰ বাবে আমাৰ স্মাৰ্ট চিটী অভিযান৷ এই মিচনৰ অধীনত সংহত কামাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰসমূহে নগৰীয় পৰিকল্পনা আৰু ব্যৱস্থাপনাত সহায় কৰিছে৷ মই জনাবলৈ পাই সুখী হৈছো যে ৫৪কামাণ্ড চেণ্টাৰ প্ৰকল্প ইতিমধ্যে কাৰ্যক্ষম হৈ আছে৷ ৩০টা প্ৰকল্প ৰূপায়ণৰ বিভিন্ন পৰ্যায়ত আছে৷ এই কেন্দ্ৰসমূহ মহামাৰীৰ দিনবোৰ বিশেষভাৱে উপযোগী হৈ পৰিছিল৷ কেৰালাত দুখন স্মাৰ্ট চিটীৰ ভিতৰত কোচি স্মাৰ্ট চিটীত ইতিমধ্যে কামাণ্ড চেণ্টাৰ স্থাপন কৰা হৈছে৷ থিৰুৱন্তপুৰম স্মাৰ্ট চিটী এতিয়া ইয়াৰ নিয়ন্ত্ৰণ পোৱা দিশে সাজু হৈছে৷ স্মাৰ্ট চিটী মিচনৰ অধীন কেৰালাৰ দুখন স্মাৰ্ট চিটী কোচি আৰু থিৰুৱন্তপুৰমত উল্লেখযোগ্য প্ৰগতি হৈছে৷ বৰ্তমানলৈকে দুয়োখন স্মাৰ্ট চিটীত ৭৭৩ কোটি টকাৰ ২৭টা প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈছে৷ ২,০০০ কোটি টকা মূল্যৰ ৬৮টা পাইপ লাইন প্ৰকল্পৰ কাম চলি আছে৷

বন্ধুসকল,

নগৰৰ আন্তঃগাঁথনি উন্নয়নৰ আন এটা প্ৰচেষ্টা হৈছে আমৰুট৷ এই আমৰুটে চহৰৰ সম্প্ৰসাৰণ আৰু ইয়াৰ আৱৰ্জনা নিষ্কাষণ আন্তঃগাঁথনি উন্নয়নত সহায় কৰিছে৷ কেৰালাত আমৰুটৰ অধীনত ১,১০০ কোটি টকা ১৭৫টা পানী যোগান প্ৰকল্পৰ কাম চলি আছে৷৯ আমৰুট চহৰত সাৰ্বজনীন ক’ভাৰেজ প্ৰদান কৰা হৈছে৷ আজি আমি আৰুৱিক্কাৰাত ৭০ কোটি টকা ব্যয়েৰে নিৰ্মাণ সম্পূৰ্ণ কৰা ৭৫ মিলিয়ন লিটাৰ পানী নিষ্কাষণ প্ৰকল্প উদ্বোধন কৰিছো৷ ইয়াৰ দ্বাৰা প্ৰায় ১৩লাখ নাগৰিকৰ জীৱন উন্নীত হ’ব৷ মোৰ সতীৰ্থ মন্ত্ৰীয়ে কোৱাৰ দৰে এই প্ৰকল্পই থিৰুৱন্তপুৰমত পূৰ্বতে যোগান ধৰা দৈনিক জনমূৰি ১০০ লিটাৰ পানীৰ পৰা ১৫০লিটাৰলৈ বৃদ্ধি কৰিব৷

বন্ধুসকল,

আজি আমি বীৰ চট্টপটি শিৱাজী মহাৰাজৰ জয়ন্তী উদযাপন কৰিম৷ চট্টপতি শিৱাজী মহাৰাজৰ জীৱে সমগ্ৰ ভাৰতৰ লোকসকলক অনুপ্ৰাণিত কৰে৷ তেওঁ স্বৰাজত গুৰুত্ব আৰোপ কৰিছিল, য’ত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ উন্নয়ন হয়৷ চট্টপতি শিৱাজী মহাৰাজৰ ভাৰতৰ উপকুলীয় অঞ্চলৰ সৈতে এক বিশেষ সম্পৰ্ক আছিল৷ আনহাতে তেওঁ এক শক্তিশালী নৌসেনা গঠন কৰিছিল৷ আমি এই ভিজনৰ ধাৰাবাহিকতা ৰক্ষা কৰিছো৷ ভাৰতে প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰ হোৱাৰ দিশে গতি কৰিছে৷ প্ৰতিৰক্ষা আৰু মহাকাশ খণ্ডত উল্লেখযোগ্য সংস্কাৰ সাধন কৰা হৈছে৷ এই প্ৰচেষ্টাৱলীয়ে বহু সংখ্যক প্ৰতিভাৱান তৰুণ ভাৰতীয়ৰ বাবে সুযোগ সৃষ্টি কৰিব৷ একেদৰে, আমাৰ দেশে অত্যাধুনিক উপকূলীয় আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক বৃহৎ অভিযান আৰম্ভ কৰিছে৷ ভাৰতে আমাৰ নীল অৰ্থনীতিত বিনিয়োগ কৰিছে৷ আমি আমাৰ মাছমৰীয়াসকলৰ প্ৰচেষ্টাৰ মূল্য দিছো৷ মাছমৰীয়া সমূদায়ৰ বাবে আমাৰ প্ৰচেষ্টা হৈছে-অধিক ঋণ, প্ৰযুক্তি বৃদ্ধি, উত্তম আন্তঃগাঁথনি, সহায়কাৰী চৰকাৰী নীতি৷ মাছমৰীয়াসকলে এতিয়া কিষাণ ক্ৰেডিট কাৰ্ডৰ সুবিধাও লাভ কৰিছে৷ আমি অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰত উৎসাহ যোগাইছে, যাৰ জৰিয়তে তেওঁলোকে পানীত দিশ নিৰ্ণয়ত সহায় কৰে৷ তেওঁলোকে ব্যৱহাৰ কৰা নাওসমূহো আধুনিকীকৰণৰ কাম চলি আছে৷ চৰকাৰৰ নীতি হৈছে ভাৰতক এক সাগৰীয় খাদ্যৰ কেন্দ্ৰবিন্দুত পৰিণত কৰা৷ এই বাজেটতো কোচিৰ বাবে এক ফিশ্বিং হাৰ্বাৰ কথা ঘোষণা কৰা হৈছে৷

বন্ধুসকল,

মহান মালয়ালাম কবি কুমাৰানাশনে কৈছিল-মই তোমাৰ জাতি ভগ্নীৰ কথা শোধা নাই, মই পানীৰ কথা সুধিছো, মই তৃষ্ণাতুৰ৷ উন্নয়ন আৰু সু-শাসনে জাতি, বৰ্ণ, লিংগ, ধৰ্ম আৰু ভাষাৰ কথা নাজানে৷ উন্নয়ন সকলোৰে বাবে৷ এয়াই সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাসৰ মুলমন্ত্ৰ৷ উন্নয়ন আমাৰ লক্ষ্য৷ উন্নয়ন আমাৰ ধৰ্ম৷ মই কেৰালাৰ জনসাধাৰণৰ সমৰ্থন বিচাৰিছো, যাতে আমি এই মিলিয় ভিজনক একেলগে তথা উন্নয়নৰ দিশত আগুৱাই নিব পাৰো৷ নন্দি! নমস্কাৰম!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam ahead of BRICS Summit, highlights importance of positive and meaningful dialogue
September 11, 2026

The Prime Minister, Shri Narendra Modi, said that leaders from across the world will gather for the BRICS Summit in the coming days. He expressed confidence that the Summit will witness positive and meaningful discussions on various issues, guided by the aspiration for the welfare of the world.

The Prime Minister shared a Sanskrit Subhashitam-

“सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गतिम्।

सद्भिर्विवादं मैत्रीं च नासद्भिः किंचिदाचरेत्॥”

The Subhashitam conveys that a person should always live among the virtuous and cultivate their company. A person should engage in discussion and foster friendly relations with the virtuous, because mutual goodwill, dialogue and friendly relations strengthen peace and cooperation.

The Prime Minister wrote on X;

“अगले कुछ दिनों में दुनियाभर के नेता BRICS Summit के लिए जुटेंगे। पूर्ण विश्वास है कि सम्मेलन में विश्व कल्याण की कामना के साथ विभिन्न मुद्दों पर सकारात्मक और सार्थक चर्चा होगी।

सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गतिम्।

सद्भिर्विवादं मैत्रीं च नासद्भिः किंचिदाचरेत्॥”