মহামাৰীটোৰ বিৰুদ্ধে যুঁজত গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে কাশী আৰু উত্তৰ প্ৰদেশক প্ৰশংসা
কাশী পূৰ্বাঞ্চলৰ এটা বৃহৎ চিকিৎসা কেন্দ্ৰ হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী
মা গংগা আৰু কাশীৰ স্বচ্ছতা আৰু সৌন্দৰ্য্য হৈছে এটি আকাংক্ষা আৰু অগ্ৰাধিকাৰঃ প্ৰধানমন্ত্ৰী
অঞ্চলটোত ৮০০০ কোটি টকা মূল্যৰ আঁচনিৰ বাবে কাম অব্যাহত আছেঃ প্ৰধানমন্ত্ৰী
উত্তৰ প্ৰদেশ হৈছে দেশখনৰ দ্ৰুত বৰ্ধমান শীৰ্ষস্থানীয় বিনিয়োগ লক্ষ্যস্থানঃ প্ৰধানমন্ত্ৰী
আইনৰ শাসন আৰু উন্নয়নত মনোযোগে উত্তৰ প্ৰদেশৰ জনতাই আঁচনিসমূহৰ লাভালাভ অৰ্জন কৰাটো নিশ্চিত কৰিছেঃ প্ৰধানমন্ত্ৰী
ত্তৰ প্ৰদেশৰ জনতাই ভাইৰাছটোৰ বিৰুদ্ধে সাৱধানতা অৱলম্বনৰ কথা দোহাৰে

বাৰাণসীত কেইবাটাও উন্নয়ন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেখেতে উদ্বোধন কৰা ভিন্ন ৰাজহুৱা প্ৰকল্প আৰু কামৰ ভিতৰত আছেঃ বিএইচইউত এটি ১০০ বিচনাযুক্ত এমচিএইচ উইং, গোদৌলিয়াত মাল্টি-লেভেল পাৰ্কিং, গংগা নদীত পৰ্যটন উন্নয়নৰ অৰ্থে ৰ’-ৰ’ জাহাজ আৰু বাৰাণসী গাজীপুৰ ঘাইপথত তিনি লেনযুক্ত ফ্লাইঅ’ভাৰ ব্ৰীজ। প্ৰকল্পসমূহৰ মূল্য প্ৰায় ৭৪৪ কোটি টকা।

তেখেতে তদুপৰি প্ৰায় ৮৩৯ কোটি টকা মূল্যৰ কেইবাটাও প্ৰকল্প আৰু ৰাজহুৱা কামৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত আছেঃ কেন্দ্ৰীয় পেট্ৰ’কেমিকেল ইঞ্জিনিয়াৰিং আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (CIPET) ৰ দক্ষতা আৰু কাৰিকৰী সহায়তা কেন্দ্ৰ, জল জীৱন অভিযানৰ অধীনত ১৪৩ গ্ৰামীণ প্ৰকল্প আৰু কৰখিয়াওনত আম আৰু শাক-পাচলি সংহত পেক হাউচ।

এই কাৰ্য্যসূচী সম্বোধন কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰিৱৰ্তিত ক’ৰোনাভাইৰাছটোৱে প্ৰবল প্ৰতাপেৰে আক্ৰমণ কৰা যোৱা কেইটামান মাহৰ জটিলতাৰ কথা স্মৰণ কৰে। এই প্ৰত্যাহ্বানৰে মোকাবিলা কৰাত উত্তৰ প্ৰদেশ আৰু কাশীয়ে গ্ৰহণ কৰা প্ৰচেষ্টাক প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে। তেখেতে মহামাৰীটোৰ সৈতে মোকাবিলা কৰাত উত্তৰ প্ৰদেশ চৰকাৰখনৰ প্ৰচেষ্টাৰাজিৰ শলাগ লয়। তেখেতে তেখেতৰ কাশীৰ টীম, কাশীত ব্যৱস্থা গঢ়ি তুলিবলৈ দিন আৰু ৰাতি একাকাৰ কৰা ক’ৰোনা যোদ্ধাসকলৰ আটাই টীমটো আৰু প্ৰশাসনক প্ৰশংসা কৰে। “এই জটিল দিনসমূহতো, কাশীয়ে ই যে কেতিয়াও ৰুদ্ধ নহয় আৰু কেতিয়াও ক্লান্ত নহয়, সেয়া প্ৰদৰ্শন কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেখেতে পূৰ্বে জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগে প্ৰাদুৰ্ভাৱ সৃষ্টি কৰাৰ বিপৰীতে দ্বিতীয়টো ঢৌৰে অসামান্য মোকাবিলাক সাধুবাদ জনায়। চিকিৎসা ব্যৱস্থা আৰু ৰাজনৈতিক ইচ্ছাৰ অভাৱত আনকি এটা ক্ষুদ্ৰ প্ৰত্যাহ্বানেও ব্যাপক ৰূপ ধাৰণ কৰিছিল। আজি উত্তৰ প্ৰদেশ সৰ্বাধিক সংখ্যক টেষ্ট আৰু টীকাকৰণ সম্পন্ন কৰা ৰাজ্য হৈ পৰিল বুলি তেখেতে কয়।

শ্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ ক্ষীপ্ৰতাৰে অগ্ৰগতি সাধন হোৱা চিকিৎসা আন্তঃগাঁথনিৰ কথা উল্লেখ কৰে। যোৱা চাৰি বছৰত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা চাৰি-গুণ বৃদ্ধি পাইছে। বহু চিকিৎসা মহাবিদ্যালয় সম্পূৰ্ণ হোৱাৰ ভিন্ন পৰ্য্যায়ত আছে। শ্ৰী মোদীয়ে ৰাজ্যখনত স্থাপন কৰা প্ৰায় ৫৫০ অক্সিজেন প্লান্টৰ কথা উল্লেখ কৰি কয় যে ইয়াৰে ১৪ টা আজি উদ্বোধন কৰা হৈছে। তেখেতে তদুপৰি পেডিয়েট্ৰিক আইচিইউ আৰু অক্সিজেন ব্যৱস্থাৰ অগ্ৰগতি সাধনত ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা প্ৰচেষ্টাক প্ৰশংসা কৰে। তেখেতে কয় যে শেহতীয়াভাৱে ২৩০০০ কোটি টকাৰ পেকেজে উত্তৰ প্ৰদেশক সহায় কৰিব। তেখেতে কয় যে কাশী মহানগৰ পূৰ্বাঞ্চলৰ এটি বৃহৎ চিকিৎসা কেন্দ্ৰ হৈ উঠিছে। তেখেতে লগতে কয় যে পূৰ্বতে যিসমূহ ৰোগৰ চিকিৎসাৰ অৰ্থে দিল্লী আৰু মুম্বাইলৈ যাব লগা হৈছিল, এতিয়া তাৰ চিকিৎসা কাশীতে উপলব্ধ। আজি উদ্বোধন কৰা কেতবোৰ প্ৰকল্পই মহানগৰখনৰ চিকিৎসা আন্তঃগাঁথনিৰ অধিক বৰ্ধন ঘটাব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বহু প্ৰকল্পই পুৰণি কাশী চহৰখনৰ সত্তাক নিৰাপদে ৰাখি উন্নয়নৰ পথত চালিত কৰিছে। তেখেতে কয়, ঘাইপথ, ফ্লাইঅ’ভাৰ, ৰেলৱে অ’ভাৰব্ৰীজ, ভূগৰ্ভস্থ ৱাইৰিং, নৰ্দমা আৰু খোৱা পানীৰ সমস্যা সমাধান, পৰ্যটনক উদ্দীপনা যোগোৱাৰ দৰে প্ৰকল্পসমূহে চৰকাৰখনৰপৰা অভূতপূৰ্ব উদ্দীপনা লাভ কৰিছে। “আনকি এতিয়াও, ৮০০০ কোটি টকা মূল্যৰ আঁচনিৰ কাম অব্যাহত আছে” প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে।

তেখেতে কয় যে গংগা আৰু কাশীৰ স্বচ্ছতা আৰু সৌন্দৰ্য্য হৈছে এটি আকাংক্ষা আৰু অগ্ৰাধিকাৰ। ইয়াৰ বাবে, পথ, মলজলৰ শোধন, পাৰ্ক আৰু ঘাটসমূহৰ সৌন্দৰ্য্যবৰ্ধনৰ দৰে প্ৰতিটো ক্ষেত্ৰত কাম কৰা হৈছে। পঞ্চকুচি মাৰ্গৰ সম্প্ৰসাৰণ, বাৰাণসী গাজীপুৰ সেতুৱে বহু গাঁও আৰু সমীপৱৰ্তী চহৰসমূহক সহায় কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, সমগ্ৰ চহৰখনতে বৃহৎ এলইডি স্ক্ৰীণ সংস্থাপন কৰা হৈছে আৰু ঘাটসমূহত শেহতীয়া প্ৰযুক্তিৰ তথ্য ব’ৰ্ডে কাশীলৈ অহা দৰ্শনাৰ্থীসকলক বহুলাংশে সহায় কৰিব। এই এলইডি স্ক্ৰীণ আৰু তথ্য ব’ৰ্ডসমূহে কাশীৰ ইতিহাস, স্থাপত্য, কাৰুশিল্প, কলা তথা এনে প্ৰতিটো তথ্য আকৰ্ষণীয় ধৰণেৰে প্ৰদৰ্শন কৰিব আৰু ই ভক্তসকলৰ অতিশয় সহায়ক হৈ উঠিব। মা গংগাৰ ঘাট আৰু কাশী বিশ্বনাথ মন্দিৰত আৰতিৰ সম্প্ৰচাৰ বৃহৎ স্ক্ৰীণসমূহৰ জৰিয়তে সমগ্ৰ চহৰখনতে সম্ভৱ হৈ পৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে জনাই যে আজি উদ্বোধন কৰা ৰ’-ৰ’ সেৱা আৰু ক্ৰুইজ সেৱাই পৰ্যটনত উদ্দীপনা যোগাব আৰু আজি উদ্বোধন কৰা ৰুদ্ৰাক্ষ চেন্টাৰে চহৰখনৰ শিল্পীসকলক এটি বিশ্ব মানৰ প্লেটফৰ্ম আগবঢ়াব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি আধুনিক সময়ত শিক্ষাৰ কেন্দ্ৰ হিচাপে কাশীৰ উন্নয়ন সাধন সন্দৰ্ভতো কয়। আজি কাশীত আদৰ্শ বিদ্যালয়, আইটিআই আৰু এনে বহু শিক্ষানুষ্ঠান আছে। চিপেটৰ দক্ষতা ও কাৰিকৰী সহায়তা কেন্দ্ৰই ঔদ্যোগিক উন্নয়নত অঞ্চলটোক সহায় কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, উত্তৰ প্ৰদেশ হৈছে দেশখনৰ দ্ৰুত বৰ্ধমান শীৰ্ষস্থানীয় বিনিয়োগ লক্ষ্যস্থান। তেখেতে লগতে কয় যে কেইবাবছৰ আগলৈকে উত্তৰ প্ৰদেশক ব্যৱসায় কৰিবলৈ জটিল স্থান হিচাপে গণ্য কৰাৰ বিপৰীতে আজি মেক ইন ইণ্ডিয়াৰ অৰ্থে জনপ্ৰিয় স্থানলৈ ই পৰ্যবসিত হৈছে। শেহতীয়া সময়ছোৱাত নিৰলসভাৱে আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব প্ৰদান কৰি অহাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ বাবে যোগী চৰকাৰখনক কৃতিত্ব প্ৰদান কৰে। শ্ৰী মোদীয়ে শেহতীয়া উদ্দীপনা হিচাপে প্ৰতিৰক্ষা কৰিড’ৰ, পূৰ্বাঞ্চল এক্সপ্ৰেছৱে, বুন্দেলখণ্ড এক্সপ্ৰেছৱে, গোৰখপুৰ লিংক এক্সপ্ৰেছৱে আৰু গংগা এক্সপ্ৰেছৱে আদি কেতবোৰ উদাহৰণ দাঙি ধৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশখনৰ কৃষি আন্তঃগাঁথনি আধুনিকীকৰণৰ অৰ্থে ১ লাখ কোটি টকাৰ এটি বিশেষ নিধি গঢ়ি তোলা হৈছে যিয়ে এতিয়া আমাৰ কৃষিজাত বজাৰসমূহকো একেদৰে লাভান্বিত কৰিব। দেশখনৰ কৃষিজাত বজাৰ প্ৰণালীটোক আধুনিক আৰু সুবিধাযুক্ত কৰি তোলাৰ অৰ্থে এয়া এক বৃহৎ পদক্ষেপ।

উত্তৰ প্ৰদেশৰ নতুন উন্নয়ন প্ৰকল্পসমূহৰ দীঘলীয়া তালিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, পূৰ্বেও ৰাজ্যখনৰ বাবে আঁচনি আৰু বিত্তৰ পৰিকল্পনা কৰা হৈছিল কিন্তু তেতিয়া লক্ষ্ণৌৱে অৱৰুদ্ধ কৰি ৰাখিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্নয়নৰ ফলাফলে সকলোকে স্পৰ্শ কৰাটো নিশ্চিতৰ ক্ষেত্ৰত শক্তি আৰু প্ৰচেষ্টাৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীজনক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আজি উত্তৰ প্ৰদেশত আইনৰ শাসন চলিছে। এটা সময়ত নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা মাফিয়া ৰাজ আৰু সন্ত্ৰাসবাদ এতিয়া আইনৰ কব্জাত বন্দী হৈছে। ভগ্নী আৰু কন্যাৰ নিৰাপত্তাক লৈ পিতৃ-মাতৃয়ে সদায়েই ভীতি আৰু আশংকাৰ মাজত কটোৱা পৰিস্থিতিও আজি সলনি হৈ পৰিছে। আজি উত্তৰ প্ৰদেশ চৰকাৰখন দুৰ্নীতি আৰু স্বজনপ্ৰীতিৰ পৰিৱৰ্তে উন্নয়নৰদ্বাৰা চালিত হৈছে। ইয়াৰ বাবেই, আজি উত্তৰ প্ৰদেশত, জনসাধাৰণে আঁচনিসমূহৰ লাভালাভ পোনপটীয়াকৈ অৰ্জন কৰিছে। ইয়াৰ বাবেই, আজি নতুন উদ্যোগসমূহে উত্তৰ প্ৰদেশত বিনিয়োগ কৰি আছে আৰু নিয়োগৰ সুযোগ বৃদ্ধি পাই আছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ প্ৰদেশৰ জনসাধাৰণক ক’ৰোনাই যাতে আকৌ এবাৰ প্ৰভাৱিত কৰিব নোৱাৰে, সেয়া নিশ্চিত কৰিবলৈ তেওঁলোকৰ দায়বদ্ধতাৰ কথা মনত পেলাই তেখেতৰ বক্তব্যৰ সামৰণি মাৰে। সতৰ্কতা প্ৰদান কৰি তেখেতে কয় যে হ্ৰাস পোৱা সত্বেও, যিকোনো অসাৱধানতাই ব্যাপক ঢৌ মাতি আনিব পাৰে। তেখেতে সকলোকে প্ৰট’কল মানি চলিবলৈ আহ্বান জনাই আৰু “সকলোৰে বাবে ভেকচিন- সকলোৰে বাবে বিনামূলীয়া” অভিযানৰ অধীনত ভেকচিন গ্ৰহণ কৰিবলৈ কয়।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
A big deal: The India-EU partnership will open up new opportunities

Media Coverage

A big deal: The India-EU partnership will open up new opportunities
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi interacts with Energy Sector CEOs
January 28, 2026
CEOs express strong confidence in India’s growth trajectory
CEOs express keen interest in expanding their business presence in India
PM says India will play decisive role in the global energy demand-supply balance
PM highlights investment potential of around USD 100 billion in exploration and production, citing investor-friendly policy reforms introduced by the government
PM calls for innovation, collaboration, and deeper partnerships, across the entire energy value chain

Prime Minister Shri Narendra Modi interacted with CEOs of the global energy sector as part of the ongoing India Energy Week (IEW) 2026, at his residence at Lok Kalyan Marg earlier today.

During the interaction, the CEOs expressed strong confidence in India’s growth trajectory. They conveyed their keen interest in expanding and deepening their business presence in India, citing policy stability, reform momentum, and long-term demand visibility.

Welcoming the CEOs, Prime Minister said that these roundtables have emerged as a key platform for industry-government alignment. He emphasized that direct feedback from global industry leaders helps refine policy frameworks, address sectoral challenges more effectively, and strengthen India’s position as an attractive investment destination.

Highlighting India’s robust economic momentum, Prime Minister stated that India is advancing rapidly towards becoming the world’s third-largest economy and will play a decisive role in the global energy demand-supply balance.

Prime Minister drew attention to significant investment opportunities in India’s energy sector. He highlighted an investment potential of around USD 100 billion in exploration and production, citing investor-friendly policy reforms introduced by the government. He also underscored the USD 30 billion opportunity in Compressed Bio-Gas (CBG). In addition, he outlined large-scale opportunities across the broader energy value chain, including gas-based economy, refinery–petrochemical integration, and maritime and shipbuilding.

Prime Minister observed that while the global energy landscape is marked by uncertainty, it also presents immense opportunity. He called for innovation, collaboration, and deeper partnerships, reiterating that India stands ready as a reliable and trusted partner across the entire energy value chain.

The high-level roundtable saw participation from 27 CEOs and senior corporate dignitaries representing leading global and Indian energy companies and institutions, including TotalEnergies, BP, Vitol, HD Hyundai, HD KSOE, Aker, LanzaTech, Vedanta, International Energy Forum (IEF), Excelerate, Wood Mackenzie, Trafigura, Staatsolie, Praj, ReNew, and MOL, among others. The interaction was also attended by Union Minister for Petroleum and Natural Gas, Shri Hardeep Singh Puri and the Minister of State for Petroleum and Natural Gas, Shri Suresh Gopi and senior officials of the Ministry.