বাৰাণসীত কেইবাটাও উন্নয়ন প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেখেতে উদ্বোধন কৰা ভিন্ন ৰাজহুৱা প্ৰকল্প আৰু কামৰ ভিতৰত আছেঃ বিএইচইউত এটি ১০০ বিচনাযুক্ত এমচিএইচ উইং, গোদৌলিয়াত মাল্টি-লেভেল পাৰ্কিং, গংগা নদীত পৰ্যটন উন্নয়নৰ অৰ্থে ৰ’-ৰ’ জাহাজ আৰু বাৰাণসী গাজীপুৰ ঘাইপথত তিনি লেনযুক্ত ফ্লাইঅ’ভাৰ ব্ৰীজ। প্ৰকল্পসমূহৰ মূল্য প্ৰায় ৭৪৪ কোটি টকা।
তেখেতে তদুপৰি প্ৰায় ৮৩৯ কোটি টকা মূল্যৰ কেইবাটাও প্ৰকল্প আৰু ৰাজহুৱা কামৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত আছেঃ কেন্দ্ৰীয় পেট্ৰ’কেমিকেল ইঞ্জিনিয়াৰিং আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (CIPET) ৰ দক্ষতা আৰু কাৰিকৰী সহায়তা কেন্দ্ৰ, জল জীৱন অভিযানৰ অধীনত ১৪৩ গ্ৰামীণ প্ৰকল্প আৰু কৰখিয়াওনত আম আৰু শাক-পাচলি সংহত পেক হাউচ।
এই কাৰ্য্যসূচী সম্বোধন কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰিৱৰ্তিত ক’ৰোনাভাইৰাছটোৱে প্ৰবল প্ৰতাপেৰে আক্ৰমণ কৰা যোৱা কেইটামান মাহৰ জটিলতাৰ কথা স্মৰণ কৰে। এই প্ৰত্যাহ্বানৰে মোকাবিলা কৰাত উত্তৰ প্ৰদেশ আৰু কাশীয়ে গ্ৰহণ কৰা প্ৰচেষ্টাক প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে। তেখেতে মহামাৰীটোৰ সৈতে মোকাবিলা কৰাত উত্তৰ প্ৰদেশ চৰকাৰখনৰ প্ৰচেষ্টাৰাজিৰ শলাগ লয়। তেখেতে তেখেতৰ কাশীৰ টীম, কাশীত ব্যৱস্থা গঢ়ি তুলিবলৈ দিন আৰু ৰাতি একাকাৰ কৰা ক’ৰোনা যোদ্ধাসকলৰ আটাই টীমটো আৰু প্ৰশাসনক প্ৰশংসা কৰে। “এই জটিল দিনসমূহতো, কাশীয়ে ই যে কেতিয়াও ৰুদ্ধ নহয় আৰু কেতিয়াও ক্লান্ত নহয়, সেয়া প্ৰদৰ্শন কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেখেতে পূৰ্বে জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগে প্ৰাদুৰ্ভাৱ সৃষ্টি কৰাৰ বিপৰীতে দ্বিতীয়টো ঢৌৰে অসামান্য মোকাবিলাক সাধুবাদ জনায়। চিকিৎসা ব্যৱস্থা আৰু ৰাজনৈতিক ইচ্ছাৰ অভাৱত আনকি এটা ক্ষুদ্ৰ প্ৰত্যাহ্বানেও ব্যাপক ৰূপ ধাৰণ কৰিছিল। আজি উত্তৰ প্ৰদেশ সৰ্বাধিক সংখ্যক টেষ্ট আৰু টীকাকৰণ সম্পন্ন কৰা ৰাজ্য হৈ পৰিল বুলি তেখেতে কয়।

শ্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ ক্ষীপ্ৰতাৰে অগ্ৰগতি সাধন হোৱা চিকিৎসা আন্তঃগাঁথনিৰ কথা উল্লেখ কৰে। যোৱা চাৰি বছৰত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা চাৰি-গুণ বৃদ্ধি পাইছে। বহু চিকিৎসা মহাবিদ্যালয় সম্পূৰ্ণ হোৱাৰ ভিন্ন পৰ্য্যায়ত আছে। শ্ৰী মোদীয়ে ৰাজ্যখনত স্থাপন কৰা প্ৰায় ৫৫০ অক্সিজেন প্লান্টৰ কথা উল্লেখ কৰি কয় যে ইয়াৰে ১৪ টা আজি উদ্বোধন কৰা হৈছে। তেখেতে তদুপৰি পেডিয়েট্ৰিক আইচিইউ আৰু অক্সিজেন ব্যৱস্থাৰ অগ্ৰগতি সাধনত ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা প্ৰচেষ্টাক প্ৰশংসা কৰে। তেখেতে কয় যে শেহতীয়াভাৱে ২৩০০০ কোটি টকাৰ পেকেজে উত্তৰ প্ৰদেশক সহায় কৰিব। তেখেতে কয় যে কাশী মহানগৰ পূৰ্বাঞ্চলৰ এটি বৃহৎ চিকিৎসা কেন্দ্ৰ হৈ উঠিছে। তেখেতে লগতে কয় যে পূৰ্বতে যিসমূহ ৰোগৰ চিকিৎসাৰ অৰ্থে দিল্লী আৰু মুম্বাইলৈ যাব লগা হৈছিল, এতিয়া তাৰ চিকিৎসা কাশীতে উপলব্ধ। আজি উদ্বোধন কৰা কেতবোৰ প্ৰকল্পই মহানগৰখনৰ চিকিৎসা আন্তঃগাঁথনিৰ অধিক বৰ্ধন ঘটাব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বহু প্ৰকল্পই পুৰণি কাশী চহৰখনৰ সত্তাক নিৰাপদে ৰাখি উন্নয়নৰ পথত চালিত কৰিছে। তেখেতে কয়, ঘাইপথ, ফ্লাইঅ’ভাৰ, ৰেলৱে অ’ভাৰব্ৰীজ, ভূগৰ্ভস্থ ৱাইৰিং, নৰ্দমা আৰু খোৱা পানীৰ সমস্যা সমাধান, পৰ্যটনক উদ্দীপনা যোগোৱাৰ দৰে প্ৰকল্পসমূহে চৰকাৰখনৰপৰা অভূতপূৰ্ব উদ্দীপনা লাভ কৰিছে। “আনকি এতিয়াও, ৮০০০ কোটি টকা মূল্যৰ আঁচনিৰ কাম অব্যাহত আছে” প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে।
তেখেতে কয় যে গংগা আৰু কাশীৰ স্বচ্ছতা আৰু সৌন্দৰ্য্য হৈছে এটি আকাংক্ষা আৰু অগ্ৰাধিকাৰ। ইয়াৰ বাবে, পথ, মলজলৰ শোধন, পাৰ্ক আৰু ঘাটসমূহৰ সৌন্দৰ্য্যবৰ্ধনৰ দৰে প্ৰতিটো ক্ষেত্ৰত কাম কৰা হৈছে। পঞ্চকুচি মাৰ্গৰ সম্প্ৰসাৰণ, বাৰাণসী গাজীপুৰ সেতুৱে বহু গাঁও আৰু সমীপৱৰ্তী চহৰসমূহক সহায় কৰিব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, সমগ্ৰ চহৰখনতে বৃহৎ এলইডি স্ক্ৰীণ সংস্থাপন কৰা হৈছে আৰু ঘাটসমূহত শেহতীয়া প্ৰযুক্তিৰ তথ্য ব’ৰ্ডে কাশীলৈ অহা দৰ্শনাৰ্থীসকলক বহুলাংশে সহায় কৰিব। এই এলইডি স্ক্ৰীণ আৰু তথ্য ব’ৰ্ডসমূহে কাশীৰ ইতিহাস, স্থাপত্য, কাৰুশিল্প, কলা তথা এনে প্ৰতিটো তথ্য আকৰ্ষণীয় ধৰণেৰে প্ৰদৰ্শন কৰিব আৰু ই ভক্তসকলৰ অতিশয় সহায়ক হৈ উঠিব। মা গংগাৰ ঘাট আৰু কাশী বিশ্বনাথ মন্দিৰত আৰতিৰ সম্প্ৰচাৰ বৃহৎ স্ক্ৰীণসমূহৰ জৰিয়তে সমগ্ৰ চহৰখনতে সম্ভৱ হৈ পৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে জনাই যে আজি উদ্বোধন কৰা ৰ’-ৰ’ সেৱা আৰু ক্ৰুইজ সেৱাই পৰ্যটনত উদ্দীপনা যোগাব আৰু আজি উদ্বোধন কৰা ৰুদ্ৰাক্ষ চেন্টাৰে চহৰখনৰ শিল্পীসকলক এটি বিশ্ব মানৰ প্লেটফৰ্ম আগবঢ়াব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি আধুনিক সময়ত শিক্ষাৰ কেন্দ্ৰ হিচাপে কাশীৰ উন্নয়ন সাধন সন্দৰ্ভতো কয়। আজি কাশীত আদৰ্শ বিদ্যালয়, আইটিআই আৰু এনে বহু শিক্ষানুষ্ঠান আছে। চিপেটৰ দক্ষতা ও কাৰিকৰী সহায়তা কেন্দ্ৰই ঔদ্যোগিক উন্নয়নত অঞ্চলটোক সহায় কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, উত্তৰ প্ৰদেশ হৈছে দেশখনৰ দ্ৰুত বৰ্ধমান শীৰ্ষস্থানীয় বিনিয়োগ লক্ষ্যস্থান। তেখেতে লগতে কয় যে কেইবাবছৰ আগলৈকে উত্তৰ প্ৰদেশক ব্যৱসায় কৰিবলৈ জটিল স্থান হিচাপে গণ্য কৰাৰ বিপৰীতে আজি মেক ইন ইণ্ডিয়াৰ অৰ্থে জনপ্ৰিয় স্থানলৈ ই পৰ্যবসিত হৈছে। শেহতীয়া সময়ছোৱাত নিৰলসভাৱে আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব প্ৰদান কৰি অহাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ বাবে যোগী চৰকাৰখনক কৃতিত্ব প্ৰদান কৰে। শ্ৰী মোদীয়ে শেহতীয়া উদ্দীপনা হিচাপে প্ৰতিৰক্ষা কৰিড’ৰ, পূৰ্বাঞ্চল এক্সপ্ৰেছৱে, বুন্দেলখণ্ড এক্সপ্ৰেছৱে, গোৰখপুৰ লিংক এক্সপ্ৰেছৱে আৰু গংগা এক্সপ্ৰেছৱে আদি কেতবোৰ উদাহৰণ দাঙি ধৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশখনৰ কৃষি আন্তঃগাঁথনি আধুনিকীকৰণৰ অৰ্থে ১ লাখ কোটি টকাৰ এটি বিশেষ নিধি গঢ়ি তোলা হৈছে যিয়ে এতিয়া আমাৰ কৃষিজাত বজাৰসমূহকো একেদৰে লাভান্বিত কৰিব। দেশখনৰ কৃষিজাত বজাৰ প্ৰণালীটোক আধুনিক আৰু সুবিধাযুক্ত কৰি তোলাৰ অৰ্থে এয়া এক বৃহৎ পদক্ষেপ।
উত্তৰ প্ৰদেশৰ নতুন উন্নয়ন প্ৰকল্পসমূহৰ দীঘলীয়া তালিকাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, পূৰ্বেও ৰাজ্যখনৰ বাবে আঁচনি আৰু বিত্তৰ পৰিকল্পনা কৰা হৈছিল কিন্তু তেতিয়া লক্ষ্ণৌৱে অৱৰুদ্ধ কৰি ৰাখিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্নয়নৰ ফলাফলে সকলোকে স্পৰ্শ কৰাটো নিশ্চিতৰ ক্ষেত্ৰত শক্তি আৰু প্ৰচেষ্টাৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীজনক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আজি উত্তৰ প্ৰদেশত আইনৰ শাসন চলিছে। এটা সময়ত নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা মাফিয়া ৰাজ আৰু সন্ত্ৰাসবাদ এতিয়া আইনৰ কব্জাত বন্দী হৈছে। ভগ্নী আৰু কন্যাৰ নিৰাপত্তাক লৈ পিতৃ-মাতৃয়ে সদায়েই ভীতি আৰু আশংকাৰ মাজত কটোৱা পৰিস্থিতিও আজি সলনি হৈ পৰিছে। আজি উত্তৰ প্ৰদেশ চৰকাৰখন দুৰ্নীতি আৰু স্বজনপ্ৰীতিৰ পৰিৱৰ্তে উন্নয়নৰদ্বাৰা চালিত হৈছে। ইয়াৰ বাবেই, আজি উত্তৰ প্ৰদেশত, জনসাধাৰণে আঁচনিসমূহৰ লাভালাভ পোনপটীয়াকৈ অৰ্জন কৰিছে। ইয়াৰ বাবেই, আজি নতুন উদ্যোগসমূহে উত্তৰ প্ৰদেশত বিনিয়োগ কৰি আছে আৰু নিয়োগৰ সুযোগ বৃদ্ধি পাই আছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ প্ৰদেশৰ জনসাধাৰণক ক’ৰোনাই যাতে আকৌ এবাৰ প্ৰভাৱিত কৰিব নোৱাৰে, সেয়া নিশ্চিত কৰিবলৈ তেওঁলোকৰ দায়বদ্ধতাৰ কথা মনত পেলাই তেখেতৰ বক্তব্যৰ সামৰণি মাৰে। সতৰ্কতা প্ৰদান কৰি তেখেতে কয় যে হ্ৰাস পোৱা সত্বেও, যিকোনো অসাৱধানতাই ব্যাপক ঢৌ মাতি আনিব পাৰে। তেখেতে সকলোকে প্ৰট’কল মানি চলিবলৈ আহ্বান জনাই আৰু “সকলোৰে বাবে ভেকচিন- সকলোৰে বাবে বিনামূলীয়া” অভিযানৰ অধীনত ভেকচিন গ্ৰহণ কৰিবলৈ কয়।
बीते कुछ महीने हम सभी के लिए बहुत मुश्किल भरे रहे हैं।
— PMO India (@PMOIndia) July 15, 2021
कोरोना वायरस के बदले हुए और खतरनाक रूप ने पूरी ताकत के साथ हमला किया था।
लेकिन काशी सहित, यूपी ने पूरे सामर्थ्य के साथ इतने बड़े संकट का मुकाबला किया: PM @narendramodi
कोरोना से निपटने में उत्तर प्रदेश के प्रयास उल्लेखनीय हैं।
— PMO India (@PMOIndia) July 15, 2021
मैं काशी के अपने साथियों का, यहां शासन-प्रशासन से लेकर कोरोना योद्धाओं की संपूर्ण टीम का विशेष रूप से आभारी हूं।
आपने दिनरात जुटकर जिस प्रकार काशी में व्यवस्थाएं खड़ी कीं, वो बहुत बड़ी सेवा है: PM @narendramodi
काशी नगरी आज पूर्वांचल का बहुत बड़ा मेडिकल हब बन रही है।
— PMO India (@PMOIndia) July 15, 2021
जिन बीमारियों के इलाज के लिए कभी दिल्ली और मुंबई जाना पड़ता था, उनका इलाज आज काशी में भी उपलब्ध है: PM @narendramodi
काशी की, मां गंगा की, स्वच्छता और सुंदरता, हम सभी की आकांक्षा भी है और प्राथमिकता भी है।
— PMO India (@PMOIndia) July 15, 2021
इसके लिए सड़क हो, सीवेज ट्रीटमेंट हो, पार्कों और घाटों का सुंदरीकरण हो, ऐसे हर मोर्चे पर काम हो रहा है: PM @narendramodi
बड़ी स्क्रीन्स के माध्यम से गंगा जी के घाट पर और काशी विश्वनाथ मंदिर में होने वाली आरती का प्रसारण पूरे शहर में संभव हो पाएगा: PM @narendramodi
— PMO India (@PMOIndia) July 15, 2021
शहर में जगह-जगह लग रही बड़ी-बड़ी LED स्क्रीन्स और घाटों पर लग रहे टेक्नॉलॉजी से लैस इन्फॉर्मेशन बोर्ड, ये काशी आने वालों की बहुत मदद करेंगे।
— PMO India (@PMOIndia) July 15, 2021
काशी के इतिहास, वास्तु, शिल्प, कला, ऐसी हर जानकारी को आकर्षक तरीके से प्रस्तुत करने वाली ये सुविधाएं श्रद्धालुओं के काफी काम आएंगी: PM
उत्तर प्रदेश, देश के अग्रणी इन्वेस्टमेंट डेस्टिनेशन के रूप में उभर रहा है।
— PMO India (@PMOIndia) July 15, 2021
कुछ साल पहले तक जिस यूपी में व्यापार-कारोबार करना मुश्किल माना जाता था, आज मेक इन इंडिया के लिए यूपी पसंदीदा जगह बन रहा है: PM @narendramodi
देश में आधुनिक कृषि इंफ्रास्ट्रक्चर के लिए जो 1 लाख करोड़ रुपए का विशेष फंड बनाया गया है, उसका लाभ अब हमारी कृषि मंडियों को भी मिलेगा।
— PMO India (@PMOIndia) July 15, 2021
ये देश की कृषि मंडियों के तंत्र को आधुनिक और सुविधा संपन्न बनाने की तरफ एक बड़ा कदम है: PM @narendramodi
काशी और पूरे यूपी के विकास के इतने सारे कामों की चर्चा मैं इतनी देर से कर रहा हूँ, लेकिन ये लिस्ट इतनी लंबी है कि इतनी जल्दी खत्म नहीं होगी।
— PMO India (@PMOIndia) July 15, 2021
जब समय का अभाव होता है तो मुझे भी कई बार सोचना पड़ता है कि यूपी के कौन से विकास कार्यों की चर्चा करूँ, कौन से कार्यों को छोड़ूँ: PM
ऐसा नहीं है कि 2017 से पहले यूपी के लिए योजनाएँ नहीं आती थीं, पैसा नहीं भेजा जाता था!
— PMO India (@PMOIndia) July 15, 2021
तब भी दिल्ली से इतने ही तेज प्रयास होते थे।
लेकिन तब लखनऊ में उनमें रोड़ा लग जाता था।
आज योगी जी खुद कड़ी मेहनत कर रहे हैं: PM @narendramodi
यूपी में सरकार आज भ्रष्टाचार और भाई-भतीजावाद से नहीं विकासवाद से चल रही है।
— PMO India (@PMOIndia) July 15, 2021
इसीलिए, आज यूपी में जनता की योजनाओं का लाभ सीधा जनता को मिल रहा है।
इसीलिए, आज यूपी में नए-नए उद्योगों का निवेश हो रहा है, रोजगार के अवसर बढ़ रहे हैं: PM @narendramodi
आज यूपी में कानून का राज है।
— PMO India (@PMOIndia) July 15, 2021
माफियाराज और आतंकवाद, जो कभी बेकाबू हो रहे थे, उन पर अब कानून का शिकंजा है।
बहनों-बेटियों की सुरक्षा को लेकर माँ-बाप हमेशा जिस तरह डर और आशंकाओं में जीते थे, वो स्थिति भी बदली है: PM @narendramodi




