“জল জীৱন মিছন বিকেন্দ্ৰীকৰণৰো এক বৃহত্ আন্দোলন। ই গাঁৱৰ দ্বাৰা, মহিলাৰ দ্বাৰা পৰিচালিত আন্দোলন। গণ আন্দোলন আৰু ৰাজহুৱা অংশীদাৰিত্বই হৈছে ইয়াৰ বুনিয়াদ”
“নলীৰে পানী যোগানৰ ক্ষেত্ৰত যোৱা সাতোটা দশকত যিমানখিনি কাম কৰা হৈছিল তাতকৈয়ো অধিক কাম সম্পাদিত হৈছে মাত্ৰ দুটা বছৰতে”
“গুজৰাটৰ দৰে ৰাজ্যৰ পৰা অহা মই খৰাং-সদৃশ পৰিস্থিতি প্ৰত্যক্ষ কৰাই নহয় প্ৰতি টোপাল পানীৰ গুৰুত্ব কি সেয়াও ভালকৈয়ে বুজি পাও। সেয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে পানীৰ যোগান আৰু পানীৰ সংৰক্ষণৰ প্ৰসংগ মোৰ অন্যতম প্ৰধান প্ৰথমিকতা আছিল”
“দেশৰ ৮০খন জিলাৰ প্ৰায় ১.২৫লাখ গাঁৱৰ প্ৰতিটো পৰিয়ালৰ ঘৰলৈকে আজি পানীৰ যোগান সম্ভৱ হৈছে”
“আকাংক্ষী জিলাসমূহত থকা টেপ-সংযোগৰ সংখ্যা ৩১লাখৰ পৰা ১.১৬কোটিলৈ বৃদ্ধি পাইছে”
“প্ৰতিখন ঘৰ আৰু বিদ্যালয়ত শৌচালয়, সুলভ ছেনিটেৰী পেড, গৰ্ভধাৰণৰ সময়ত পুষ্টি আৰু টীকাকৰণ-ৰ দৰে পদক্ষেপসমূহে মাতৃশক্তিক শক্তি-সমৃদ্ধ কৰিছে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘জল জীৱন মিছন’ সন্দৰ্ভত গাঁও পঞ্চায়ত আৰু ‘পানী সমিতি’/‘গাঁও পানী আৰু অনাময় সমিতি’(ভিডব্লিউএছচি)ৰ বিষয়ববীয়াসকলৰ সৈতে এক বাৰ্তালাপ অনুষ্ঠানত মিলিত হয়। এই অনুষ্ঠানতে তেওঁ ‘জল জীৱন মিছন’ সন্দৰ্ভত সংশ্লিষ্ট পক্ষসমূহৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে আঁচনিখনৰ ক্ষেত্ৰত অধিক স্বচ্ছতা আৰু দায়বদ্ধতা সৃষ্টিৰ লক্ষ্যৰে যুগোতোৱা এটা ‘এপ্’ আনুষ্ঠানিক ভাবে মুকলি কৰে। তেওঁ ‘ৰাষ্ট্ৰীয় জল জীৱন কোষ’ শীৰ্ষক এটি নিধিও আনুষ্ঠানিক ভাবে মুকলি কৰে। দেশৰ প্ৰতিখন গাঁৱৰ প্ৰতিটো পৰিয়াল, প্ৰতিখন বিদ্যালয়, অংগণৱাড়ী কেন্দ্ৰ, আশ্ৰমশালা, আৰু অন্যান্য ৰাজহুৱা প্ৰতিষ্ঠানলৈ নল-সংযোগী পানীৰ যোগানৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব খোজা দেশ বা বিদেশৰ কোনো ব্যক্তি, প্ৰতিষ্ঠান, নিগম আৰু পৰোপকাৰীয়ে দিব খোজা অৰিহণা এই কোষলৈ প্ৰেৰণ কৰিব পাৰিব। অনুষ্ঠানত গাঁও পঞ্চায়ত আৰু পানী সমিতিসমূহৰ বিষয়ববীয়াসকলৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শেখাৱট, শ্ৰী প্ৰহ্লাদ সিং পেটেল, শ্ৰী বিশ্বেশ্বৰ টুডু, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু  অন্যান্য মন্ত্ৰীসকল উপস্থিত থাকে।

কথোপকথনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ বান্দা জিলাৰ উম্ৰি গাঁৱৰ শ্ৰী গিৰিজাকান্ত তিৱাৰীক তেওঁৰ গাঁৱত ‘জল জীৱন মিছন’য়ে পেলোৱা প্ৰভাৱৰ বুজ লয়। উত্তৰত শ্ৰী তিৱাৰীয়ে কয় যে এতিয়া তেওঁলোকে পৰিষ্কাৰ নিৰাপদ পানী পোৱাৰ লগতে গাঁৱৰ মহিলাসকলৰ জীৱনো স্বাচ্ছন্দ্যপূৰ্ণ হৈ উঠিছে। গাঁৱৰ মানুহখিনিয়ে ন-সংযোজিত পানীৰ যোগান লাভ কৰিব বুলি শুনি সেই কথা বিশ্বাস কৰিছিলনে, আৰু এতিয়া তেওঁলোকৰ অনুভৱ কেনে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰ্শ্ন কৰে। তিৱাৰীয়ে, মিছন সাফল্যমণ্ডিত কৰি তোলাৰ বাবে তেওঁলোকে গ্ৰহণ কৰা সংঘবদ্ধ প্ৰয়াসৰ কথাও বৰ্ণনা কৰে। আজিৰ তাৰিখত প্ৰতিটো পৰিয়ালৰ ঘৰতে শৌচালয় আছে আৰু সেয়া তেওঁলোকে ব্যৱহাৰো কৰিছে। প্ৰধানমন্ত্ৰীয়ে বুন্দেলখণ্ড অঞ্চলৰ গঞাই দেখুওৱা উত্সৰ্গিত মনোভাৱৰ  বাবে শলাগ লোৱাৰ লগতে মহিলাসকলে ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’, ‘উজ্জ্বলা’ আৰু ‘জল জীৱন মিছন’ৰ দৰে কাৰ্যক্ৰমৰ জৰিয়তে নিজকে সবল কৰি তোলাৰ লগতে তেওঁলোকৰ ন্যায্য মৰ্যাদাও লাভ কৰিবলৈ সক্ষম হৈছে।

গুজৰাটৰ পিপলিৰ ৰমেশভাই পেটেলক তেওঁলোকৰ গাঁৱত পৰ্যাপ্ত পানী উপলব্ধ হয়নে নহয় প্ৰধানমন্ত্ৰীয়ে জানিব বিচাৰে। গাঁৱত উপলব্ধ পানীৰ মান নিয়মীয়াকৈ পৰীক্ষা কৰাৰ বাবেও তেওঁ গাঁওবাসীক আহ্বান জনায়।  এইসন্দৰ্ভত তথ্য দাঙি ধৰি পেটেলে তেওঁলোকৰ গাঁৱত এতিয়া উপলব্ধ হোৱা পানীৰ মান ভাল বুলি জানিবলৈ দিয়ে। গাঁৱৰ মহিলাসকলক পানীৰ মান পৰীক্ষা কেনেকৈ কৰিব লাগে সেই বিষয়ে প্ৰশিক্ষণ প্ৰদানো কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে এই পানীৰ বাবে ৰাইজে মাচুল দিব লাগেনে বুলি জানিব বিচাৰে। উত্তৰত ৰমেশভায়ে কয় যে গাঁৱৰ প্ৰতিগৰাকী ব্যক্তিয়েই পানী মূল্য কিমান জানে, আৰু সেয়ে তেওঁলোকে ইয়াৰ বাবদ স্বেচ্ছাই মাচুলো দিব বিচাৰে। প্ৰধানমন্ত্ৰীয়ে পানী সংৰক্ষণৰ উদ্দেশ্যে গাঁৱত স্প্ৰিংকলাৰ্ছ আৰু ড্ৰিপ ইৰিগেশ্যন পদ্ধতিৰ ব্যৱহাৰ কৰেনে নাই জানিব বিচাৰে। গাঁৱত আজিকালি নতুন পদ্ধতিৰ জলসিঞ্চন পদ্ধতি ব্যৱহাৰ কৰাৰ পৰম্পৰা গঢ়ি উঠিছে বুলি তেওঁ প্ৰদানমন্ত্ৰীক জানিবলৈ দিয়ে। ‘স্বচ্ছ ভাৰত মিছন ২.০’ৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পৰিচ্ছন্নতাৰ অভিযানলৈ ৰাইজে আন্তৰিকতাৰে সমৰ্থন জনাইছে আৰু ‘জল জীৱন মিছন’ৰ ক্ষেত্ৰতো দেশৰ জনতাই একেই আন্তৰিকতা প্ৰদৰ্শন কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

উত্তৰাখণ্ডৰ শ্ৰীমতী কৌশল্যা ৰাৱটক উদ্দেশি প্ৰধানমন্ত্ৰীয়ে জানিব বিচাৰে যে ‘জল জীৱন মিছন’ৰ আগত আৰু পিচত বিৰাজ কৰা তেওঁলোকৰ গাঁৱৰ পৰিস্থিতি কেনে! উত্তৰত শ্ৰীমতী ৰাৱটে কয় যে আজি কালি তেওঁলোকৰ গাঁৱলৈ পৰ্যটক আহিবলৈ লৈছে। গাঁৱৰ ‘হোমষ্টে’বোৰত পৰ্যটকসকল থাকিবলৈও লৈছে। এয়া সম্ভৱ হৈছে জল মিছনৰ জৰিয়তে গাঁৱত উপলব্ধ হোৱা পানীৰ পৰ্যাপ্ততাৰ সুবাদতে। প্ৰসংগক্ৰমে তেওঁ কয় যে ইতিমধ্যে তেওঁলোকৰ গাঁৱত সম্পূৰ্ণ ৰূপে টীকাকৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে গাঁওখন বনানীকৰণ, ‘হোমষ্টে’ আদি নিৰ্মাণৰে পৰ্যটনৰ দৰে বহণক্ষণ উন্ন্য়ণী কাৰ্যক্ৰমত গুৰুত্ব প্ৰদান কৰাৰ বাবে শ্ৰমতী ৰাৱটক ভূয়সী প্ৰশংসা কৰে।

তামিল নাডুৰ শ্ৰীমতী সুধাক ‘জল জীৱন মিছন’ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত সুধাই কয় যে মিছনৰ ৰূপায়ণৰ পিচত তেওঁলোকৰ গাংৱৰ প্ৰতিঘৰ মানুহেই নলীৰে প্ৰবাহিত পানী পাবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰীয়ে সুধাক তেওঁলোকৰ গাঁৱত উত্পাদন কৰা পৃথিৱী খ্যাত ‘আৰ্ণি চিল্ক শাৰী’ৰ বিষয়েও কিছু কথা কবলৈ কয়। নলীৰে পানীৰ যোগান সম্ভৱ হোৱাৰ পিচত তেওঁলোকে আন কাম কৰিবলৈ সময় ৰাহি কৰিব পাৰিছেনে নাই প্ৰধানমন্ত্ৰীয়ে জানিব খোজে। শ্ৰীমতী সুধাই কয় যে পানীৰ পৰ্যাপ্ত যোগানে তেওঁলোকৰ জীৱন সঁচাকৈয়ে উন্নত কৰিছে আৰু এতিয়া তেওঁলোকে আন সৃষ্টিশীল কাম কৰিব পৰাকৈ অধিক সময় লাভ কৰিবলৈ সক্ষম হৈছে। গাঁৱত এতিয়া বৰষুণৰ পানী সংৰক্ষণৰ বাবে চেক ডেম নিৰ্মাণ, পুখুৰী আদি খন্দাৰ দৰে কামো কৰা হৈছে বুলি সুধাই প্ৰধানমন্ত্ৰীৰ আগত জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে ‘জল জীৱন মিছন’ক ৰাইজে মহিলা সবলীকৰণৰ দিশত শক্তিশালী পদক্ষেপ হিচাপে গ্ৰহণ কৰি আগবাঢ়িব খুজিছে বুলি অভিমত প্ৰকাশ কৰে।

মণিপুৰৰ সৰোজিনী দেৱীৰ সৈতে হোৱা কথোপকথনত প্ৰধানমন্ত্ৰীক জনোৱা হয় যে আগতে বহু দূৰৈৰ পৰা পানী আনিবগৈ লগা হৈছিল। ইয়াৰ বাবে গাঁওবাসীয়ে বহু সময় ধৰি শাৰী পাতি থাকিবগৈ লগা হৈছিল। পিচে, এতিয়া পৰিস্থিতি সলনি হৈছে। গাঁৱৰ পৰিয়ালসমূহে এতিয়া পাইপৰে অহা পানীৰ যোগান লাভ কৰিছে। ইতিমধ্যে তেওঁলোকৰ গাঁওখন মুকলিত শৌচৰ পৰা সম্পূৰ্ণ ৰূপে মুক্ত হৈ উঠাত জনস্বাস্থ্যৰ বাৰুকৈয়ে উন্নতি ঘটিছে বুলি তথ্য দাঙি ধৰে সৰোজিনী দেৱীয়ে। কথোপকথনত প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাইজক স্বাচ্ছন্দ্যপূৰ্ণ জীৱন অতিবাহিত কৰাৰ অৱকাশ দিয়াৰ বাবে চৰকাৰে নিৰন্তৰ কাম কৰি আছে। তেওঁ উত্তৰ পূৰ্বাঞ্চলত প্ৰকৃতাৰ্থতেই পৰিৱৰ্তন সম্ভৱ হোৱা দেখি সন্তুষ্টি প্ৰকাশ কৰে।

গণ সমাৱেশ সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘গাঁৱে সদায়ে বাপু আৰু বাহাদুৰ শাস্ত্ৰীজীৰ হৃদয়ত বাস কৰিছিল’। এই পবিত্ৰ দিৱসত দেশৰ লাখ লাখ গাঁৱৰ পৰা সমবেত ৰাইজে ‘গ্ৰাম সভা’ৰ ৰূপত ‘জল জীৱন সংবাদ’ অনুষ্ঠিত কৰাত প্ৰধানমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে জনতাৰ বাবে পানীৰ উপলব্ধতা নিশ্চিত কৰাতে ‘জল জীৱন মিছন’ৰ সপোন সীমিত নহয়। ই বিকেন্দ্ৰীকৰণৰ ক্ষেত্ৰতো এক বৃহত্ আন্দোলন। ই গাঁৱৰ দ্বাৰা, মহিলাৰ দ্বাৰা পৰিচালিত আন্দোলন। গণ আন্দোলন আৰু ৰাজহুৱা অংশীদাৰিত্বই হৈছে ইয়াৰ বুনিয়াদ। বাপুৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ৰগ্ৰাম স্বৰাজৰ অৰ্থই হল সম্পূৰ্ণ ভাবে আত্মবিশ্বাসী হোৱা। সেয়ে গ্ৰাম স্বৰাজক পৰিপূৰ্ণতাৰ দিশত আগুৱাই নিয়াৰ বাবে মই নিৰন্তৰ ভাবে প্ৰয়াস অব্যাহত ৰখাত গুৰুত্ব আৰোপ কৰিছো বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

নলীৰে পানী যোগানৰ ক্ষেত্ৰত যোৱা সাতোটা দশকত যিমানখিনি কাম কৰা হৈছিল তাতকৈয়ো অধিক কাম মাত্ৰ দুটা বছৰতে সম্পাদিত হৈছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, গুজৰাটৰ দৰে ৰাজ্যৰ পৰা অহা মই খৰাং-সদৃশ পৰিস্থিতি প্ৰত্যক্ষ কৰাই নহয় প্ৰতি টোপাল পানীৰ গুৰুত্ব কি সেয়া ভালকৈয়ে বুজি পাও। সেয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে পানীৰ যোগান আৰু পানীৰ সংৰক্ষণৰ প্ৰসংগ মোৰ অন্যতম প্ৰধান প্ৰথমিকতা আছিল। আজিৰ তাৰিখত দেশৰ ৮০খন জিলাৰ প্ৰায় ১.২৫লাখ গাঁৱৰ প্ৰতিটো পৰিয়ালৰ ঘৰলৈকে আজি পানীৰ যোগান সম্ভৱ হৈছে। সেইদৰে, আকাংক্ষী জিলাসমূহত থকা টেপ-সংযোগৰ সংখ্যা ৩১লাখৰ পৰা ১.১৬কোটিলৈ বৃদ্ধি পাইছে বুলিও তেওঁ তথ্য় দাঙি ধৰে। প্ৰধানমন্ত্ৰীয়ে কয়, প্ৰতিখন ঘৰ আৰু বিদ্যালয়ত শৌচালয়, সুলভ ছেনিটেৰী পেড, গৰ্ভধাৰণৰ সময়ত পুষ্টি আৰু টীকাকৰণ-ৰ দৰে পদক্ষেপসমূহে মাতৃশক্তিক শক্তি-সমৃদ্ধ কৰিছে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Sweden backs India's permanent UNSC seat, sees defence manufacturing as next big chapter in bilateral ties

Media Coverage

Sweden backs India's permanent UNSC seat, sees defence manufacturing as next big chapter in bilateral ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in a mishap in Chamba, Himachal Pradesh
August 08, 2026

The Prime Minister, Shri Narendra Modi, condoled loss of lives due to a mishap in Chamba, Himachal Pradesh. "My thoughts are with the families who have lost their loved ones. May those injured recover at the earliest", Shri Modi stated.

The Prime Minister posted on X:

The loss of lives due to a mishap in Chamba, Himachal Pradesh, is deeply saddening. My thoughts are with the families who have lost their loved ones. May those injured recover at the earliest: PM @narendramodi