আজি পিএম কিষাণৰ ১৯তম কিস্তি মুকলি কৰাৰ সৌভাগ্য লাভ কৰিলোঁ, এই আঁচনিখন সমগ্ৰ দেশৰ আমাৰ ক্ষুদ্ৰ কৃষকসকলৰ বাবে অতি উপযোগী বুলি প্ৰমাণিত হোৱাত মই অতিশয় সন্তুষ্টঃ প্ৰধানমন্ত্ৰী
মখনা বিকাশ ব'ৰ্ড গঠনৰ আমাৰ এই পদক্ষেপে ইয়াৰ কৃষি-কাৰ্যত নিয়োজিত বিহাৰৰ কৃষকসকলৰ বাবে অত্যন্ত লাভজনক হ'ব, ইয়াৰ দ্বাৰা মখনাৰ উৎপাদন, প্ৰক্ৰিয়াকৰণ, মূল্য সংযোজন আৰু বিপণনত বহুখিনি সহায় হ'বঃ প্ৰধানমন্ত্ৰী
এনডিএ চৰকাৰ নাথাকিলে বিহাৰকে ধৰি সমগ্ৰ দেশৰ কৃষকে পিএম কিষাণ সন্মান নিধি নাপালেহেঁতেন, যোৱা ৬ বছৰত ইয়াৰ প্ৰতিটো পইচা পোনপটীয়াকৈ আমাৰ অন্নদাতাসকলৰ একাউণ্টত সোমাইছেঃ প্ৰধানমন্ত্ৰী
বিহাৰৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ পৰা অহা সকলো কৃষক পৰিয়াললৈ তেওঁ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।
ইয়াৰ ফলত সমগ্ৰ দেশৰ কোটি কোটি কৃষকৰ বাবে যথেষ্ট পৰিমাণৰ ধন ৰাহি হৈছে বুলিও তেওঁ লগতে কয়।
তেওঁলোকৰ চৰকাৰে পিএম ফছল বীমা যোজনা প্ৰৱৰ্তন কৰে, যাৰ অধীনত দুৰ্যোগৰ সময়ত কৃষকসকলে ১.৭৫ লাখ কোটি টকাৰ দাবী লাভ কৰিছে বুলিও তেওঁ লগতে কয়।

কৃষকৰ কল্যাণ নিশ্চিত কৰাৰ প্ৰতি নিজৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ ভগলপুৰৰ পৰা পিএম কিষাণৰ ১৯সংখ্যক কিস্তি মুকলি কৰে। এই উপলক্ষে তেওঁ বহু উন্নয়নমূলক প্ৰকল্পও শুভাৰম্ভ কৰে। শ্ৰী মোদীয়ে ভাৰ্চুৱেলী অনুষ্ঠানত যোগদান কৰা সকলো গণ্যমান্য ব্যক্তি আৰু ৰাইজক আদৰণি জনায়। মহাকুম্ভৰ পবিত্ৰ কালত মন্দাচল ভূমিত ভৰি দিয়াটো এক বৃহৎ সৌভাগ্যৰ কথা বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে এই স্থানত আধ্যাত্মিকতা, ঐতিহ্যৰ লগতে বিকশিত ভাৰতৰ সম্ভাৱনাও আছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ই শ্বহীদ তিলকা মাঝিৰ ভূমি হোৱাৰ লগতে ৰেচম চহৰ হিচাপেও বিখ্যাত। তেওঁ লগতে কয় যে বাবা আজগৈবিনাথৰ পবিত্ৰ ভূমিতো আগন্তুক মহা শিৱৰাত্ৰীৰ প্ৰস্তুতি চলি আছে। তেওঁ কয় যে এনে এক পূণ্য মুহূৰ্তত পিএম কিষাণৰ ১৯​​সংখ্যক কিস্তি মুকলি কৰাৰ সৌভাগ্য হৈছিল আৰু ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে প্ৰায় ২২,০০০ কোটি টকা পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টত জমা হৈছিল।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিহাৰৰ পৰা প্ৰায় ৭৫ লাখ কৃষক পৰিয়াল পি এম কিষাণ আঁচনিৰ হিতাধিকাৰী আছিল, যাৰ ১৯সংখ্যক কিস্তি আজি মুকলি কৰা হৈছে। তেওঁ লগতে কয় যে আজি বিহাৰৰ কৃষকৰ বেংক একাউণ্টত পোনপটীয়াকৈ প্ৰায় ১৬০০ কোটি টকা জমা হয়। বিহাৰৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ পৰা অহা সকলো কৃষক পৰিয়াললৈ তেওঁ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে।

 

লালকিল্লাত দিয়া ভাষণৰ কথা পুনৰাবৃত্তি কৰি শ্ৰী মোদীয়ে কয়, “বিকশিত ভাৰতৰ চাৰিটা মূল স্তম্ভ আছে: দুখীয়া, কৃষক, যুৱক-যুৱতী আৰু মহিলা”। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক, কৃষকৰ কল্যাণ অগ্ৰাধিকাৰ হৈয়েই আছে। “যোৱা দশকত আমি কৃষকৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে পূৰ্ণ শক্তিৰে কাম কৰিলোঁ”, শ্ৰী মোদীয়ে কয়। তেওঁ উল্লেখ কৰে যে কৃষকসকলক ভাল বীজ, পৰ্যাপ্ত আৰু সুলভ মূল্যৰ সাৰ, জলসিঞ্চনৰ সুবিধা, তেওঁলোকৰ পশুধনক ৰোগৰ পৰা ৰক্ষা কৰা আৰু দুৰ্যোগৰ সময়ত হোৱা লোকচানৰ পৰা সুৰক্ষাৰ প্ৰয়োজন। পূৰ্বে কৃষকসকল এইবোৰ সমস্যাৰ দ্বাৰা জুৰুলা হৈ পৰিছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁলোকৰ চৰকাৰে এই পৰিস্থিতি সলনি কৰিছে, এই কথা উল্লেখ কৰি যে শেহতীয়া বছৰবোৰত শ শ আধুনিক বীজৰ জাত কৃষকক যোগান ধৰা হৈছে। ইয়াৰ পূৰ্বে কৃষকসকলে ইউৰিয়াৰ বাবে সংগ্ৰাম কৰি ক’লা বজাৰৰ সন্মুখীন হ’বলগীয়া হৈছিল, আনহাতে আজি কৃষকে পৰ্যাপ্ত সাৰ লাভ কৰে বুলিও তেওঁ লগতে কয়। শ্ৰী মোদীয়ে আলোকপাত কৰে যে মহামাৰীৰ বৃহৎ সংকটৰ সময়তো চৰকাৰে কৃষকৰ বাবে সাৰৰ অভাৱ নহয় বুলি নিশ্চিত কৰিছিল। তেওঁলোকৰ চৰকাৰ নিৰ্বাচিত নহ’লে তেতিয়াও কৃষকসকলে সাৰৰ বাবে সংগ্ৰাম কৰি থাকিব বুলি মন্তব্য কৰি। তেওঁ দৃঢ়তাৰে কয় যে বাৰাউনী সাৰ উদ্যোগটো এতিয়াও বন্ধ হৈ থাকিব আৰু ভাৰতীয় কৃষকসকলে প্ৰতি বেগত ৩০০ টকাতকৈ কম মূল্যত উপলব্ধ সাৰ বহু দেশত প্ৰতি বেগত ৩ হাজাৰ টকাত বিক্ৰী কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে তেওঁলোকৰ চৰকাৰে নিশ্চিত কৰিছে যে ইউৰিয়া বেগ, যাৰ দাম ৩,০০০ টকা হ’লহেঁতেন, আজি সুলভ মূল্যত উপলব্ধ। তেওঁ উল্লেখ কৰে যে চৰকাৰে কৃষকৰ কল্যাণৰ প্ৰতি দায়বদ্ধ আৰু তেওঁলোকৰ সুবিধাৰ্থে কাম কৰে। কৃষকে বহন কৰিবলগীয়া হ’লে ইউৰিয়া আৰু ডিএপিৰ খৰচ কেন্দ্ৰীয় চৰকাৰে বহন কৰিছে বুলিও তেওঁ লগতে কয়। শ্ৰী মোদীয়ে কয় যে বিগত ১০ বছৰত কেন্দ্ৰীয় চৰকাৰে প্ৰায় ১২ লাখ কোটি টকা আগবঢ়াইছে, যিটো অন্যথা কৃষকৰ পকেটৰ পৰা আহিলহেঁতেন। ইয়াৰ ফলত সমগ্ৰ দেশৰ কোটি কোটি কৃষকৰ বাবে যথেষ্ট পৰিমাণৰ ধন ৰাহি হৈছে বুলিও তেওঁ লগতে কয়।

যদিহে তেওঁলোকৰ চৰকাৰ নিৰ্বাচিত নহ’লহেঁতেন, কৃষকসকলে পিএম কিষাণ সন্মান নিধি আঁচনিৰ সুবিধা লাভ নকৰিলেহেঁতেন বুলি দৃঢ়তাৰে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আঁচনিখন আৰম্ভ হোৱাৰ পিছৰ ছবছৰত প্ৰায় ৩.৭ লাখ কোটি টকা পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ স্থানান্তৰিত হৈছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে পূৰ্বে চৰকাৰী আঁচনিৰ সম্পূৰ্ণ সুবিধা লাভ নকৰা ক্ষুদ্ৰ কৃষকসকলে এতিয়া প্ৰাপ্য লাভ কৰিছে। তেওঁ উল্লেখ কৰে যে আগতে মধ্যস্থতাকাৰীয়ে ক্ষুদ্ৰ কৃষকৰ অধিকাৰ শোষণ কৰিছিল, কিন্তু তেওঁৰ আৰু শ্ৰী নীতিশ কুমাৰৰ নেতৃত্বত এইটো হ’বলৈ দিয়া নহ’ব বুলি তেওঁ আশ্বাস দিয়ে। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ বিপৰীতে পূৰ্বৰ চৰকাৰসমূহৰ সৈতে এই কথা উল্লেখ কৰে যে তেওঁৰ চৰকাৰে প্ৰত্যক্ষভাৱে কৃষকৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা ধনৰাশি পূৰ্বৰ চৰকাৰসমূহে আবণ্টন দিয়া কৃষি বাজেটতকৈ বহু বেছি। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে এনে প্ৰচেষ্টা কেৱল কৃষকৰ কল্যাণৰ বাবে উৎসৰ্গিত চৰকাৰেহে কৰিব পাৰে, দুৰ্নীতিগ্ৰস্ত সত্তাই নহয়।

 

মোদীয়ে কয় যে পূৰ্বৰ চৰকাৰসমূহে কৃষকৰ অসুবিধাৰ কথা চিন্তা কৰা নাছিল। তেওঁ লক্ষ্য কৰিছিল যে আগতে বানপানী, খৰাং বা শিলাবৃষ্টিৰ ধুমুহা আহিলে কৃষকসকলে নিজৰ যত্ন ল’বলৈ এৰি দিয়া হৈছিল। তেওঁ আলোকপাত কৰে যে ২০১৪ চনত তেওঁলোকৰ চৰকাৰে জনসাধাৰণৰ আশীৰ্বাদ লাভ কৰাৰ পিছত এই পন্থা অব্যাহত নাথাকিব বুলি ঘোষণা কৰে। তেওঁলোকৰ চৰকাৰে পিএম ফছল বীমা যোজনা প্ৰৱৰ্তন কৰে, যাৰ অধীনত দুৰ্যোগৰ সময়ত কৃষকসকলে ১.৭৫ লাখ কোটি টকাৰ দাবী লাভ কৰিছে বুলিও তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ চৰকাৰে ভূমিহীন আৰু ক্ষুদ্ৰ কৃষকৰ আয় বৃদ্ধিৰ বাবে পশুপালনক প্ৰসাৰিত কৰিছে। তেওঁ আলোকপাত কৰে যে পশুপালনে গাঁৱে-ভূঞে "লাখপতি দিদি" সৃষ্টি কৰাত সহায় কৰিছে আৰু এতিয়ালৈকে সমগ্ৰ দেশতে বিহাৰৰ হাজাৰ হাজাৰ জীৱিকা দিদিকে ধৰি প্ৰায় ১.২৫ কোটি লাখপতি দিদি সৃষ্টি হৈছে। “বিগত দশকত ভাৰতৰ গাখীৰ উৎপাদন ১৪ কোটি টনৰ পৰা ২৪ কোটি টনলৈ বৃদ্ধি পাই বিশ্বৰ এক নম্বৰ গাখীৰ উৎপাদক হিচাপে ভাৰতৰ স্থান শক্তিশালী হৈছে”, এই সাফল্যত বিহাৰৰ উল্লেখযোগ্য ভূমিকাক প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয়। তেওঁ আলোকপাত কৰে যে বিহাৰৰ সমবায় গাখীৰ সংঘসমূহে প্ৰতিদিনে ৩০ লাখ লিটাৰ গাখীৰ ক্ৰয় কৰে, যাৰ ফলত বছৰি ৩,০০০ কোটি টকাতকৈ অধিক ধন বিহাৰৰ পশুপালক, মাতৃ, আৰু ভগ্নীসকলৰ একাউণ্টলৈ স্থানান্তৰ কৰা হয়।

শ্ৰী ৰাজীৱ ৰঞ্জনে দুগ্ধ খণ্ডৰ প্ৰসাৰৰ প্ৰচেষ্টাক নিপুণভাৱে আগুৱাই নিয়াৰ বাবে সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে বিহাৰৰ দুটা প্ৰকল্প দ্ৰুতগতিত আগবাঢ়িছে। তেওঁ উল্লেখ কৰে যে মতিহাৰীৰ উৎকৃষ্টতা কেন্দ্ৰই উচ্চমানৰ থলুৱা গৰু জাতৰ বিকাশত সহায় কৰিব। তদুপৰি বাৰাউনীৰ গাখীৰৰ উদ্যোগটোৱে অঞ্চলটোৰ তিনি লাখ কৃষকক উপকৃত কৰাৰ লগতে যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰিব বুলিও তেওঁ লগতে কয়।

 

মাছমৰীয়া আৰু নাওঁ চলোৱা লোকসকলক সহায় নকৰাৰ বাবে পূৰ্বৰ চৰকাৰসমূহক সমালোচনা কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে প্ৰথমবাৰৰ বাবে তেওঁলোকৰ চৰকাৰে মাছমৰীয়াসকলক কিষাণ ক্ৰেডিট কাৰ্ড প্ৰদান কৰিছে। তেওঁ দৃঢ়তাৰে কয় যে এনে প্ৰচেষ্টাৰ বাবে বিহাৰে মাছ উৎপাদনৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। দহ বছৰ পূৰ্বে বিহাৰ দেশৰ শীৰ্ষ ১০খন মাছ উৎপাদনকাৰী ৰাজ্যৰ ভিতৰত আছিল যদিও আজি বিহাৰ ভাৰতৰ শীৰ্ষ পাঁচখন মাছ উৎপাদনকাৰী ৰাজ্যৰ ভিতৰত অন্যতম হৈ পৰিছে বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মীন খণ্ডত গুৰুত্ব দিয়াৰ ফলত ক্ষুদ্ৰ কৃষক আৰু মাছমৰীয়াসকল যথেষ্ট উপকৃত হৈছে। তেওঁ উল্লেখ কৰে যে ভগলপুৰ গংগা ডলফিনৰ বাবেও পৰিচিত, যিটো নমামি গংগা অভিযানৰ উল্লেখযোগ্য সফলতা।

“শেহতীয়া বছৰবোৰত আমাৰ চৰকাৰৰ প্ৰচেষ্টাই ভাৰতৰ কৃষি ৰপ্তানি যথেষ্ট বৃদ্ধি কৰিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। ফলত তেওঁ লগতে কয় যে কৃষকসকলে এতিয়া তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ অধিক মূল্য লাভ কৰিবলৈ সক্ষম হৈছে। পূৰ্বে কেতিয়াও ৰপ্তানি নোহোৱা কেইবাটাও কৃষিজাত সামগ্ৰী এতিয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলিও তেওঁ কয়। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এতিয়া বিহাৰৰ মখনাই বিশ্বৰ বজাৰত প্ৰৱেশ কৰাৰ সময় আহি পৰিছে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ চহৰসমূহত মখনা ব্ৰেকফাষ্টৰ জনপ্ৰিয় অংশ হৈ পৰিছে আৰু ইয়াক ছুপাৰফুড হিচাপে গণ্য কৰা হয়। তেওঁ কয় যে এইবাৰৰ বাজেটত ঘোষণা কৰা মখনা কৃষকৰ বাবে মখনা ব’ৰ্ড গঠনে কৃষকসকলক মখনা উৎপাদন, প্ৰক্ৰিয়াকৰণ, মূল্য সংযোজন আৰু বিপণনকে ধৰি প্ৰতিটো দিশতে সহায় কৰিব।

বাজেটত বিহাৰৰ কৃষক আৰু যুৱক-যুৱতীসকলৰ বাবে আন এক উল্লেখযোগ্য পদক্ষেপৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে বিহাৰ পূব ভাৰতৰ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগৰ বাবে এক প্ৰধান কেন্দ্ৰ হ’বলৈ সাজু হৈছে। তেওঁ বিহাৰত ৰাষ্ট্ৰীয় খাদ্য প্ৰযুক্তি আৰু ঔদ্যোগীকৰণ প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰাৰ কথা ঘোষণা কৰে। তদুপৰি ৰাজ্যত কৃষি ক্ষেত্ৰত তিনিটা নতুন উৎকৰ্ষ কেন্দ্ৰ স্থাপন কৰা হ’ব। ইয়াৰে এটা কেন্দ্ৰ ভগলপুৰত স্থাপন কৰা হ’ব, য’ত জাৰ্দালু জাতৰ আমৰ ওপৰত গুৰুত্ব দিয়া হ’ব, বাকী দুটা কেন্দ্ৰ মুংগেৰ আৰু বাক্সাৰত স্থাপন কৰা হ’ব। বিলাহী, পিয়াঁজ, আলু খেতিয়কসকলক সহায় আগবঢ়োৱা হ’ব বুলিও তেওঁ লগতে কয়। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে চৰকাৰে কৃষকক উপকৃত কৰা সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কোনো ত্ৰুটি ৰখা নাই।

“ভাৰত বস্ত্ৰশিল্পৰ প্ৰধান ৰপ্তানিকাৰক হৈ পৰিছে”, বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে দেশৰ বস্ত্ৰ উদ্যোগক শক্তিশালী কৰাৰ বাবে অসংখ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে ভগলপুৰত প্ৰায়ে কোৱা হয় যে গছৰ পৰাও সোণ উৎপন্ন হয়। ভগলপুৰী ৰেচম আৰু টুছাৰ ৰেচম সমগ্ৰ ভাৰততে বিখ্যাত, আৰু আন দেশতো টুছাৰ ৰেচমৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে বুলিও তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে কেন্দ্ৰীয় চৰকাৰে ৰেচম উদ্যোগৰ বাবে আন্তঃগাঁথনি উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, য’ত কাপোৰ আৰু সূতা ৰং কৰা ইউনিট, কাপোৰ ছপা কৰা ইউনিট, কাপোৰ প্ৰক্ৰিয়াকৰণ ইউনিট আদি অন্তৰ্ভুক্ত। এই পদক্ষেপসমূহে ভগলপুৰৰ শিপিনীসকলক আধুনিক সা-সুবিধা প্ৰদান কৰিব, যাৰ ফলত তেওঁলোকৰ সামগ্ৰীসমূহ বিশ্বৰ প্ৰতিটো কোণলৈ যাব পাৰিব বুলিও তেওঁ কয়।

 

শ্ৰী মোদীয়ে মন্তব্য কৰে যে চৰকাৰে যাতায়তৰ অসুবিধা সমাধানৰ বাবে নদীৰ ওপৰত অসংখ্য দলং নিৰ্মাণ কৰি বিহাৰৰ এটা ডাঙৰ সমস্যা সমাধান কৰি আছে। তেওঁ আলোকপাত কৰে যে অপৰ্যাপ্ত দলঙে ৰাজ্যখনৰ বাবে বহু সমস্যাৰ সৃষ্টি কৰিছে। তেওঁ দৃঢ়তাৰে কয় যে গংগা নদীৰ ওপৰত ফৰলেনযুক্ত দলং নিৰ্মাণৰ ক্ষেত্ৰত দ্ৰুত অগ্ৰগতি লাভ কৰা হৈছে, এই প্ৰকল্পত ১১০০ কোটি টকাতকৈ অধিক ধন ব্যয় কৰা হৈছে।

বানপানীৰ বাবে বিহাৰে যথেষ্ট লোকচানৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে চৰকাৰে এই সমস্যা সমাধানৰ বাবে হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্পত অনুমোদন জনাইছে। তেওঁ উল্লেখ কৰে যে এইবাৰৰ বাজেটত মিথিলা অঞ্চলৰ ৫০,০০০ হেক্টৰ ভূমি জলসিঞ্চনৰ অধীনলৈ অনা পশ্চিম কোচি খাল ইআৰএম প্ৰকল্পৰ বাবে সহায় আগবঢ়োৱাৰ ফলত লাখ লাখ কৃষক পৰিয়াল উপকৃত হ’ব।

“আমাৰ চৰকাৰে কৃষকৰ আয় বৃদ্ধিৰ বাবে একাধিক স্তৰত কাম কৰি আছে”, উৎপাদন বৃদ্ধি, দালি আৰু তৈলবীজৰ স্বাৱলম্বীতা অৰ্জন, অধিক খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ স্থাপন আৰু ভাৰতীয় কৃষকৰ উৎপাদিত সামগ্ৰী যাতে বিশ্ব বজাৰত প্ৰৱেশ কৰাটো নিশ্চিত কৰাৰ প্ৰচেষ্টাসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ নিজৰ দৃষ্টিভংগী ভাগ কৰিছিল যে বিশ্বৰ প্ৰতিটো পাকঘৰত অন্ততঃ এটাকৈ ভাৰতীয় কৃষকে খেতি কৰা সামগ্ৰী থাকিব লাগে। তেওঁ উল্লেখ কৰে যে এইবাৰৰ বাজেটে প্ৰধানমন্ত্ৰী ধন ধান্য আঁচনিৰ ঘোষণাৰ জৰিয়তে এই দৃষ্টিভংগীক সমৰ্থন কৰে। এই আঁচনিৰ অধীনত সৰ্বনিম্ন শস্য উৎপাদন হোৱা ১০০খন জিলা চিনাক্ত কৰা হ’ব আৰু এই অঞ্চলসমূহত কৃষি প্ৰসাৰিত কৰাৰ বাবে বিশেষ অভিযান আৰম্ভ কৰা হ’ব বুলিও তেওঁ লগতে কয়। তেওঁ লগতে দৃঢ়তাৰে কয় যে মাহজাতীয় শস্যত আত্মনিৰ্ভৰশীলতা লাভৰ বাবে মিছন-ম’ডৰ কাম কৰা হ’ব, কৃষকসকলক অধিক দালি খেতি কৰিবলৈ প্ৰৰোচনা আৰু এমএছপি ক্ৰয় বৃদ্ধি কৰা হ’ব।

 

আজি এটা অতি বিশেষ দিন বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে চৰকাৰে দেশত ১০ হাজাৰ কৃষক উৎপাদক সংস্থা (এফপিঅ’) স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল আৰু এতিয়া এই লক্ষ্যত উপনীত হৈছে। বিহাৰে দহ হাজাৰ এফপিঅ’ স্থাপনৰ সাক্ষী হোৱাত তেওঁৰ সুখ শ্বেয়াৰ কৰে। খাগড়িয়া জিলাত পঞ্জীয়নভুক্ত এই এফপিঅ’ই কুঁহিয়াৰ, কল আৰু ধানৰ ওপৰত গুৰুত্ব আৰোপ কৰে বুলিও তেওঁ লগতে কয়। তেওঁ দৃঢ়তাৰে কয় যে এফপিঅ’ কেৱল সংগঠন নহয় বৰঞ্চ কৃষকৰ আয় বৃদ্ধিৰ এক অভূতপূৰ্ব শক্তি। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এফপিঅ’সমূহে ক্ষুদ্ৰ কৃষকসকলক বজাৰৰ উল্লেখযোগ্য সুবিধাসমূহৰ প্ৰত্যক্ষ সুবিধা প্ৰদান কৰে। আগতে যিবোৰ সুযোগ উপলব্ধ নাছিল, সেইবোৰ এতিয়া আমাৰ কৃষক ভাই-ভনীসকলৰ বাবে এফপিঅ’ৰ জৰিয়তে সুলভ হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশৰ প্ৰায় ৩০ লাখ কৃষক এফপিঅ’ৰ সৈতে সংযুক্ত, ইয়াৰে প্ৰায় ৪০ শতাংশ মহিলা। এই এফপিঅ’সমূহে এতিয়া কৃষি খণ্ডত হাজাৰ কোটি টকাৰ ব্যৱসায় চলাই আছে বুলিও তেওঁ কয়। তেওঁ ১০ হাজাৰ এফপিঅ’ৰ সকলো সদস্যলৈ অভিনন্দন জ্ঞাপন কৰে।

বিহাৰৰ ঔদ্যোগিক উন্নয়নৰ ওপৰত চৰকাৰৰ মনোনিৱেশক উনুকিয়াই শ্ৰী মোদীয়ে আলোকপাত কৰে যে বিহাৰ চৰকাৰে ভগলপুৰত এটা বৃহৎ বিদ্যুৎ কেন্দ্ৰ স্থাপন কৰিছে, যিয়ে যথেষ্ট কয়লা যোগান লাভ কৰিব। তেওঁ গুৰুত্ব আৰোপ কৰে যে কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে কয়লা সংযোগৰ অনুমোদন দিছে। ইয়াত উৎপাদিত বিদ্যুৎ শক্তিয়ে বিহাৰৰ উন্নয়নৰ বাবে নতুন শক্তি প্ৰদান কৰাৰ লগতে বিহাৰৰ যুৱক-যুৱতীসকলৰ বাবে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে।

বিহাৰ পূব ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তম্ভ আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক বুলি দৃঢ়তাৰে উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, “এটা বিকশিত ভাৰতৰ উত্থান পূৰ্বোদয়ৰ পৰাই আৰম্ভ হ’ব”। তেওঁ বিহাৰক ধ্বংস আৰু বদনাম কৰা বুলি দাবী কৰা পূৰ্বৰ যুগৰ দীৰ্ঘদিনীয়া অপশাসনক সমালোচনা কৰে। তেওঁ আস্থা প্ৰকাশ কৰে যে এখন উন্নত ভাৰতত বিহাৰে প্ৰাচীন সমৃদ্ধিশালী পাটলিপুত্ৰৰ দৰে স্থান পুনৰ লাভ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই লক্ষ্যৰ দিশত চলি থকা নিৰন্তৰ প্ৰচেষ্টাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে তেওঁলোকৰ চৰকাৰ বিহাৰত আধুনিক সংযোগ, পথ নেটৱৰ্ক আৰু জনকল্যাণমূলক আঁচনিৰ প্ৰতি দায়বদ্ধ। তেওঁ ঘোষণা কৰে যে মুংগেৰৰ পৰা ভগলপুৰলৈ মিৰ্জা চাউকীলৈ প্ৰায় ৫ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নতুন ঘাইপথ নিৰ্মাণ কৰা হৈছে। তদুপৰি ভগলপুৰৰ পৰা অংশদিহৱালৈ ফ’ৰলেনযুক্ত পথটো বহল কৰাৰ কাম আৰম্ভ হ’ব বুলিও তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ভাৰত চৰকাৰেও বিক্ৰমশিলাৰ পৰা কাটাৰিয়ালৈ নতুন ৰেল লাইন আৰু ৰেল দলং নিৰ্মাণৰ অনুমোদন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে ভগলপুৰ সাংস্কৃতিক আৰু ঐতিহাসিকভাৱে তাৎপৰ্যপূৰ্ণ বুলি মন্তব্য কৰি বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ যুগত ই এক বৈশ্বিক জ্ঞানৰ কেন্দ্ৰ আছিল বুলি আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে চৰকাৰে নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰাচীন গৌৰৱক আধুনিক ভাৰতৰ সৈতে সংযোগ কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে। নালন্দাৰ পিছত বিক্ৰমশিলাত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে এই প্ৰকল্পৰ কাম আৰম্ভ কৰিব বুলিও তেওঁ লগতে কয়। এই প্ৰকল্পৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে শ্ৰী নীতিশ কুমাৰ আৰু সমগ্ৰ বিহাৰ চৰকাৰৰ দলটোক তেওঁ অভিনন্দন জ্ঞাপন কৰে।

 

“আমাৰ চৰকাৰে ভাৰতৰ গৌৰৱময় ঐতিহ্য সংৰক্ষণ আৰু সমৃদ্ধিশালী ভৱিষ্যত গঢ়ি তোলাৰ বাবে একেলগে কাম কৰি আছে”, শ্ৰী মোদীয়ে কয়। তেওঁ আলোকপাত কৰে যে বৰ্তমান ভাৰতৰ বিশ্বাস, ঐক্য, সম্প্ৰীতিৰ সৰ্ববৃহৎ উৎসৱ প্ৰয়াগৰাজত মহাকুম্ভ অনুষ্ঠিত হৈ আছে। তেওঁ উল্লেখ কৰে যে সমগ্ৰ ইউৰোপৰ জনসংখ্যাতকৈ অধিক লোকে ঐক্যৰ মহাকুম্ভত গা ধুইছে। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে সমগ্ৰ বিহাৰৰ গাঁৱৰ ভক্তসকলে মহাকুম্ভত অংশগ্ৰহণ কৰিছে। মহাকুম্ভক লৈ অপমান আৰু অপমানজনক মন্তব্য কৰা সেই দলসমূহক সমালোচনা কৰে। তেওঁ উল্লেখ কৰে যে ৰাম মন্দিৰৰ বিৰোধিতা কৰা একেখিনি লোকেই এতিয়া মহাকুম্ভক সমালোচনা কৰিছে। মহাকুম্ভক অপমান কৰাসকলক বিহাৰে কেতিয়াও ক্ষমা নকৰে বুলি আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। ভাষণৰ সামৰণিত তেওঁ কয় যে চৰকাৰে বিহাৰক সমৃদ্ধিৰ নতুন পথত আগুৱাই নিয়াৰ বাবে অক্লান্তভাৱে কাম কৰি যাব। তেওঁ দেশৰ কৃষক আৰু বিহাৰবাসীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

অনুষ্ঠানত বিহাৰৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান, বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, শ্ৰী জিতন ৰাম মাঝি, শ্ৰী গিৰিৰাজ সিং, শ্ৰী লালন সিং, শ্ৰী চিৰাগ পাছৱান, ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰামনাথ ঠাকুৰৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

পটভূমিঃ

কৃষকৰ কল্যাণ নিশ্চিত কৰাৰ দিশত দায়বদ্ধ প্ৰধানমন্ত্ৰী মোদী। ইয়াৰ লগত সংগতি ৰাখি তেওঁ ভগলপুৰত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰে। তেওঁ ভগলপুৰত পিএম কিষাণৰ ১৯তম কিস্তি মুকলি কৰিব। সমগ্ৰ দেশৰ ৯.৭ কোটিৰো অধিক কৃষকে ২১,৫০০ কোটিতকৈ অধিক টকাৰ প্ৰত্যক্ষ আৰ্থিক সুবিধা লাভ কৰিব।

প্ৰধানমন্ত্ৰীৰ এটা উল্লেখযোগ্য গুৰুত্ব হৈছে কৃষকসকলে যাতে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উন্নত মাননি লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ২৯ ফেব্ৰুৱাৰী, ২০২০ত তেওঁ ১০,০০০ কৃষক উৎপাদক সংস্থা (এফপিঅ’) গঠন আৰু প্ৰসাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰ আঁচনি আৰম্ভ কৰে, যিয়ে কৃষকসকলক সামূহিকভাৱে তেওঁলোকৰ কৃষিজাত সামগ্ৰীৰ বজাৰ আৰু উৎপাদনত সহায় কৰে। পাঁচ বছৰৰ ভিতৰতে কৃষকৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ এই দায়বদ্ধতা পূৰণ হৈছে। কাৰ্যসূচীৰ সময়ত তেওঁ দেশৰ ১০,০০০তম এফপিঅ’ গঠন কৰিব যিটো এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ’ব।

প্ৰধানমন্ত্ৰীয়ে মতিহাৰীত ৰাষ্ট্ৰীয় গোকুল মিছনৰ অধীনত নিৰ্মিত থলুৱা জাতৰ উৎকৃষ্টতাৰ কেন্দ্ৰ উদ্বোধন কৰে। ইয়াৰ প্ৰধান উদ্দেশ্যসমূহৰ ভিতৰত অত্যাধুনিক আইভিএফ প্ৰযুক্তিৰ প্ৰৱৰ্তন, অধিক প্ৰজননৰ বাবে থলুৱা জাতৰ উৎকৃষ্ট প্ৰাণী উৎপাদন আৰু কৃষক আৰু পেছাদাৰীসকলক আধুনিক প্ৰজনন কৌশলৰ প্ৰশিক্ষণ দিয়া আদি উল্লেখযোগ্য। তদুপৰি তেওঁ বৰাউনীত এটা গাখীৰজাতীয় সামগ্ৰীৰ উদ্যোগ উদ্বোধন কৰে, যাৰ লক্ষ্য হৈছে ৩ লাখ গাখীৰ উৎপাদকৰ বাবে এখন সংগঠিত বজাৰ সৃষ্টি কৰা।

 

সংযোগ আৰু আন্তঃগাঁথনি বৃদ্ধিৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে ৫২৬ কোটিৰো অধিক ব্যয় সাপেক্ষে ৱাৰিছালীগঞ্জ-নৱাদা-তিলাইয়া ৰে’ল অংশ আৰু ইছমাইলপুৰ-ৰফিগঞ্জ উৰণসেতুঁ উন্নীতকৰণৰ কামো দেশৰ বাবে উৎসৰ্গা কৰিব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s remarks during inauguration of Swaminarayan Hindu Temple in Paris
September 06, 2026

पूज्य महंत स्वामी, फ्रांस सरकार के सम्मानित प्रतिनिधिगण, उपस्थित अतिथिगण, इंडियन कम्युनिटी के मेरे साथी, देश दुनिया से जुड़े सभी हरि भक्त, देवियों और सज्जनों, जय स्वामीनारायण!

आज फ्रांस की राजधानी पेरिस में भव्य स्वामीनारायण मंदिर का लोकार्पण हो रहा है। यह लोकार्पण भारत और फ्रांस के सांस्कृतिक संबंधों का नया युग स्तंभ है। पूज्य संत जनों और सनातन परंपरा के श्रेष्ठ जनों के आशीर्वाद के साथ आज इस लोकार्पण का मंच ‘वसुधैव कुटुम्बकम’ के भाव का मंच बन गया है। भगवान स्वामीनारायण की कृपा और हमारे संतों का स्नेह, संतों का आशीर्वाद, मेरा सौभाग्य है कि मुझे ऐसे पुण्य अवसरों से जुड़ने का अवसर हमेशा मिलता रहता है। आज भी मैं भले ही पेरिस में आप सबके बीच उपस्थित नहीं हूं, लेकिन मन से और हृदय से, मैं स्वयं को आपके बीच ही अनुभव कर रहा हूं।

साथियों,

आज इस अवसर पर मैं परम पूज्य प्रमुख स्वामी जी महाराज का भी श्रद्धापूर्वक स्मरण करता हूं। प्राचीन काल में भारत का जो सांस्कृतिक आध्यात्मिक वैभव था, उन्होंने उसके पुनर्जागरण का एक अभियान शुरू किया था। आज उसका प्रकाश यूरोप समेत पूरी दुनिया में फैल रहा है। 2024 में अबू धाबी में भव्य मंदिर का लोकार्पण हुआ था। आज वहां हजारों लोग दर्शन करने जाते हैं और अब यहां पेरिस में स्वामीनारायण मंदिर का निर्माण सृजन की यह निरंतरता, यह संतों की संकल्प शक्ति का ही प्रमाण है। मैं पुनीत कार्य के लिए पूज्य महंत स्वामी का आभार प्रकट करता हूं, मैं उनके चरणों में प्रणाम करता हूं। मैं BAPS स्वामीनारायण संस्था को और करोड़ों हरि भक्तों को इस अवसर पर हृदय की गहराई से बधाई देता हूं।

साथियों,

BAPS के माध्यम से जब अलग-अलग देश में मंदिरों की प्राण प्रतिष्ठा होती है, तो वहां भारत के प्राचीन विचार और मानवीय मूल्य भी साथ-साथ ही जाते हैं और भारत का विचार कहता है ‘समानं मनः सह चित्तमेषाम्’ अर्थात हमारे मन समान हो, हमारे हृदय साथ जुड़े। इसलिए आज जब फ्रांस में इतना भव्य मंदिर बनकर तैयार हुआ है, यह फ्रांस की विविधता को तो समृद्ध करेगा ही, इससे भारत और फ्रांस के सांस्कृतिक संबंधों को भी ऊर्जा मिलेगी।

साथियों,

बीते वर्षों में भारत और फ्रांस के संबंध नई ऊंचाइयों तक पहुंचे हैं। मेरे मित्र, प्रेसिडेंट मैक्रों के साथ मिलकर दोनों देश एक Special Global Strategic Partnership बना रहे हैं। Technology, AI और Defence से लेकर Space और Climate Action तक हम एक नई गति और नई ऊर्जा के साथ मिलकर के आगे बढ़ रहे हैं। हम 2026 को India-France Year of Innovation के रूप में भी सेलिब्रेट कर रहे हैं। भारत-फ्रांस की ये Strategic Partnership इसलिए भी खास है, क्योंकि ये हमारे पुराने सांस्कृतिक-राजनैतिक सम्बन्धों की मजबूत बुनियाद पर टिकी है। इतिहास गवाह है, फ्रांस में भारतीय सैनिकों के बलिदान का इतिहास आज भी मन-मंदिर में जीवित है। भाषा से जुड़े विषयों में रुचि रखने वाले लोग यह भी जानते हैं कि फ्रेंच स्कॉलर्स ने संस्कृत को लोकप्रिय बनाने में कितनी अहम भूमिका निभाई है। रामकृष्ण परमहंस और स्वामी विवेकानंद पर रोमाँ रोलाँ की की लेखनी हमारी सोसाइटीज़ को और करीब लाई है। पेरिस से पुडुचेरी के अरबिंदो आश्रम तक 'The mother' की spiritual journey, उसने कितने ही भारतीय और फ्रेंच साधकों को inspire किया है।

साथियों,

दशकों पहले श्रील प्रभुपाद स्वामी भी फ्रांस आए थे। इस्कॉन के जरिए भारत फ्रांस के बीच आध्यात्मिक सम्बन्धों का नया अध्याय उन्होंने शुरू किया था। आज योग भी भारत-फ्रांस के people to people कनेक्ट का एक माध्यम बन चुका है। 'इंटरनेशनल योगा डे' पर एफिल टॉवर के सामने से आने वाली तस्वीरें फ्रांस में योग की लोकप्रियता का उदाहरण बनती हैं और अब BAPS के इस भव्य मंदिर के जरिए, हमारे उन सांस्कृतिक सम्बन्धों में एक नया अध्याय जुड़ रहा है।

साथियों,

इन दिनों, भारत फ्रांस Joint Ventures की संभावनाओं पर बातें होती हैं। स्वामीनारायण मंदिर ने इस संभावना में भी एक नया आयाम जोड़ा है। यह मंदिर 'मेड इन इंडिया' है और 'बिल्ट इन फ्रांस' है। इसके काफी पत्थरों को भारत में तराशा गया है। भारत की प्राचीन प्रतिभा यहाँ फ्रांस में आधुनिक इंजीनियरिंग से आकर जुड़ चुकी है। पेरिस में इस भव्य मंदिर ने आकार लिया है। इसलिए, मैं आशा करता हूँ, यह मंदिर सदियों तक भारत और फ्रांस के बीच सहयोग और संभावनाओं का भी प्रतीक बनकर उभरेगा।

साथियों,

स्वामीनारायण मंदिर हमेशा से भक्ति के साथ-साथ सेवा का माध्यम भी रहे हैं। मुझे बताया गया है, यह मंदिर भी सेवा प्रकल्पों का वैसा ही केंद्र बनेगा। मुझे विश्वास है कि यहाँ से भारतीय संस्कृति के जो स्वर निकलेंगे, उनका लाभ पूरे यूरोप में लोगों को मिलेगा। भविष्य में मुझे जब भी समय मिलेगा, मैं इस मंदिर में दर्शन करने का प्रयास अवश्य करूंगा। इन्हीं शब्दों के साथ, एक बार फिर आज के इस लोकार्पण समारोह में सम्मिलित सभी अतिथिगणों को, सभी परिवारों को, सभी हरि भक्तों को और पूरी Indian Diaspora को मेरी ओर से इस शुभारंभ पर्व की ढेरों शुभकामनाएं!

बहुत-बहुत धन्यवाद!

मर्सी बोकू!

जय स्वामीनारायण!