প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বায়ু সেনা পত্নী কল্যাণ সংস্থাৰ (এএফডব্লিউডব্লিউএ) প্ৰচেষ্টাৰ শলাগ লয়, যিয়ে সমগ্ৰ দেশৰ সকলো চাংগিনীৰ দ্বাৰা এক বৃহৎ উলৰ টুপী প্ৰস্তুত কৰা অভিযান হাতত লৈছে। এই অভিযানৰ উদ্দেশ্য হৈছে প্ৰস্তুত কৰা টুপীসমূহ সমাজৰ বঞ্চিত শ্ৰেণীৰ সদস্যসকলৰ মাজত বিতৰণ কৰা। চাংগিনিসকলৰ দ্বাৰা মুঠ ৪১৫৪১টা টুপী প্ৰস্তুত কৰা হৈছিল।
ভাৰতীয় বায়ু সেনাই কৰা এটা টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰেঃ
"প্ৰশংসনীয় প্ৰচেষ্টা।"
Commendable effort. https://t.co/niXVc9Fpiu
— Narendra Modi (@narendramodi) October 15, 2022


