প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ ঘৰ তিৰংগা অভিযানত জনতাৰ অসাধাৰণ অংশগ্ৰহণক লৈ আনন্দ প্ৰকাশ কৰি কয় যে ইয়াত ভাৰতৰ জনসাধাৰণক একত্ৰিত কৰা গভীৰ দেশপ্ৰেমৰ মনোভাৱ আৰু ত্ৰিৰংগাৰ প্ৰতি তেওঁলোকৰ অদম্য গৌৰৱ প্ৰতিফলিত হৈছে। লগতে নাগৰিকসকলক তেওঁলোকৰ ফটো আৰু চেলফি harghartiranga.com ত শ্বেয়াৰ কৰি যাবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে ।
হৰ ঘৰ তিৰংগা অভিযানত জনতাৰ অসাধাৰণ অংশগ্ৰহণ সম্পৰ্কে সাংস্কৃতিক মন্ত্ৰালয়ৰ পোষ্টসমূহৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰে;
"সমগ্ৰ ভাৰতত #HarGharTiranga-ই জনতাৰ অসাধাৰণ অংশগ্ৰহণ লাভ কৰা দেখি আনন্দিত হৈছো। ইয়াৰ দ্বাৰা আমাৰ জনসাধাৰণক একত্ৰিত কৰিব পৰা গভীৰ দেশপ্ৰেমৰ মনোভাৱ তথা ত্ৰিৰংগাৰ প্ৰতি তেওঁলোকৰ অদম্য গৌৰৱৰ কথা প্ৰকাশ পাইছে। harghartiranga.com ত ফটো আৰু চেলফি শ্বেয়াৰ কৰি থাকিব।"
Glad to see #HarGharTiranga receiving phenomenal participation across India. This shows the deep patriotic spirit that unites our people and their unwavering pride in the Tricolour. Do keep sharing photos and selfies on https://t.co/uJuh3CXyQS https://t.co/Ua5fHfYFcU
— Narendra Modi (@narendramodi) August 9, 2025


