আজিৰ নতুন ভাৰতে ইয়াৰ খেলুৱৈসকলক পদক জয়ৰ বাবে হেঁচা প্ৰয়োগ কৰাতকৈ তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনক লৈহে আশা কৰেঃ প্ৰধানমন্ত্ৰী
আমাৰ গাওঁ আৰু প্ৰান্তীয় এলেকাবোৰ প্ৰতিভাৰে ভৰি আছে আৰু পেৰা এথলীটৰ দলটো ইয়াৰ এক জলন্ত উদাহৰণঃ প্ৰধানমন্ত্ৰী
আজি দেশে খেলুৱৈসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছে, গ্ৰামাঞ্চলসমূহৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছেঃ প্ৰধানমন্ত্ৰী
স্থানীয় প্ৰতিভাক স্বীকৃতি দিয়াৰ বাবে খেলো ইণ্ডিয়া কেন্দ্ৰৰ সংখ্যা বৰ্তমানৰ ৩৬০ ৰ পৰা বৃদ্ধি কৰি ১০০০ কৰা হ’বঃ প্ৰধানমন্ত্ৰী
আগৰ প্ৰজন্মৰ শংকা দূৰ কৰি প্ৰচলিত ব্যৱস্থাক উন্নত কৰিব লাগিব আৰু ভাৰতত ক্ৰীড়া সংস্কৃতি গঢ়ি তুলিব লাগিবঃ প্ৰধানমন্ত্ৰী
দেশে মুক্ত মনে ইয়াৰ খেলুৱৈসকলক সহায় কৰি আছেঃ প্ৰধানমন্ত্ৰী
আপুনি যি ৰাজ্য বা অঞ্চলৰেই বাসিন্দা নহওক কিয়, আপুনি যি ভাষাতেই কথা নকওক কিয়, আপুনি আজি ‘টীম ইণ্ডিয়া’ত আছে। আমাৰ সমাজৰ প্ৰতিটো স্তৰতে এই ভাবনা বিয়পি পৰিব লাগেঃ প্ৰধানমন্ত্ৰী
পূৰ্বে দিব্যাংগজনক সুবিধা প্ৰদান কৰাটো কল্যাণমূলক কাম হিচাপে গণ্য কৰা হৈছিল, কিন্তু আজি দেশে ইয়াক দায়িত্ব হিচাপে বিবেচনা কৰি ইয়াৰ বাবে কাম কৰি আছেঃ প্ৰ
প্ৰধানমন্ত্ৰীয়ে টকিঅ’ ২০২০ পেৰা অলিম্পিক গেমছৰ ভাৰতীয় পেৰা এথলীটসকলৰ সৈতে মত বিনিময় কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টকিঅ’ ২০২০ পেৰা অলিম্পিক গেমছৰ  ভাৰতীয় পেৰা এথলীট দল আৰু পেৰা এথলীটসকলৰ পৰিয়াল, অভিভাৱক আৰু প্ৰশিক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মত বিনিময় কৰে। অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ  উপস্থিত আছিল।

 

অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে পেৰা এথলীটসকলক তেওঁলোকৰ আত্মবিশ্বাস আৰু ইচ্ছাশক্তিৰ বাবে প্ৰশংসা কৰে। এইসকল খেলুৱৈৰ কঠোৰ পৰিশ্ৰমৰ বাবেই এইবাৰ পেৰা অলিম্পিক গেমছত আটাইতকৈ ডাঙৰ দলটো প্ৰেৰণ কৰাটো সম্ভৱপৰ হৈ উঠা বুলি তেওঁ মন্তব্য কৰে। পেৰা এথলীটসকলৰ সৈতে বাৰ্তালাপ কৰাৰ পিছত টকিঅ’ ২০২০ পেৰা অলিম্পিক গেমছত ভাৰতে এক নতুন ইতিহাস সৃষ্টি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ নতুন ভাৰতে ইয়াৰ খেলুৱৈসকলক পদক জয়ৰ বাবে হেঁচা প্ৰয়োগ কৰাতকৈ তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনক লৈহে আশা কৰে।  শেহতীয়া অলিম্পিকৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোক জয়ীয়েই হওক বা পৰাজিতই হওক দেশখন সকলো সময়তে তেওঁলোকৰ সৈতে আছে।

 

প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়াক্ষেত্ৰত শাৰীৰিক শক্তিৰ লগতে মানসিক শক্তিৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰে। তেওঁ পৰিস্থিতি মোকাবিলা কৰি আগবাঢ়ি যোৱাৰ বাবে পেৰা এথলীটসকলক প্ৰশংসা কৰে। খেলা-ধূলাৰ বেছি সুযোগ লাভ নকৰা, নতুন স্থান, নতুন মানুহৰ সৈতে আন্তৰ্জাতিক মঞ্চত খেলাৰ অভিজ্ঞতা নথকা এইসকল খেলুৱৈয়ে যাতে পৰিস্থিতিৰ মোকাবিলা কৰাত সমস্যা নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি পেৰা এথলীট দলটোৰ বাবে ক্ৰীড়া মনোবিজ্ঞানৰ ওপৰত তিনিখন কৰ্মশালা আৰু আলোচনাচক্ৰ অনুষ্ঠিত কৰা হৈছিল।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ গাওঁ আৰু প্ৰান্তীয় অঞ্চলসমূহ প্ৰতিভাৰে ভৰি আছে আৰু পেৰা এথলীটৰ দলটো ইয়াৰ এক জলন্ত উদাহৰণ। তেওঁ কয় যে আমি সকলো সময়তে আমাৰ যুৱ সম্প্ৰদায়ৰ কথা ভাবিব লাগিব আৰু তেওঁলোকে যাতে সকলো সম্পদ আৰু সুবিধা লাভ কৰাৰ সুযোগ পায় সেয়া নিশ্চিত কৰিব লাগিব। প্ৰধানমন্ত্ৰীয়ে কয় যে বহু যুৱ খেলুৱৈৰ পদক জয়ৰ সম্ভাৱনা আছে। আজি দেশখনে তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰি আছে। গ্ৰামাঞ্চলসমূহৰ প্ৰতি বিশেষ মনোযোগ দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে স্থানীয় প্ৰতিভাক স্বীকৃতি দিয়াৰ বাবে ৩৬০ টা খেলো ইণ্ডিয়া কেন্দ্ৰ স্থাপন কৰা হৈছে। সোনকালেই এই সংখ্যা ১০০০লৈ বৃদ্ধি কৰা হ’ব। খেলুৱৈসকলৰ বাবে সঁজুলি, খেলপথাৰ আৰু অন্যান্য সম্পদ আৰু আন্তঃগাঁথনি উপলব্ধ কৰা হৈছে। চৰকাৰে ইয়াৰ খেলুৱৈসকলক মুক্ত মনেৰে সহায় কৰি আছে। ‘লক্ষ্য অলিম্পিক পোডিয়াম আঁচনি’ৰ জৰিয়তে খেলুৱৈসকলক দেশখনে প্ৰয়োজনীয় সুবিধা প্ৰদান কৰিছে, প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে শীৰ্ষস্থানত উপনীত হ’বলৈ আমি ভয় ত্যাগ কৰিব লাগিব যি  আমাৰ পুৰণি প্ৰজন্মৰ মনত বাহ লৈছিল। কোনো এটি শিশু ক্ৰীড়াৰ প্ৰতি আগ্ৰহী হ’লে পৰিয়ালৰ লোকসকল শংকিত হৈ পৰিছিল আৰু এটা বা দুটা ক্ৰীড়াৰ বাহিৰে ক্ৰীড়াত কেৰিয়াৰৰ কোনো সম্ভাৱনা নাছিল। এই মানসিকতা, নিৰাপত্তাহীনতাৰ ভাৱনা নাশ কৰাৰ প্ৰয়োজন আছিল। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে ভাৰতত ক্ৰীড়া সংস্কৃতিৰ বিকাশৰ বাবে প্ৰচলিত ব্যৱস্থাক উন্নত কৰিব লাগিব । তেওঁ আৰু কয় যে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ প্ৰচাৰৰ লগতে পৰম্পৰাগত ক্ৰীড়াই এক নতুন পৰিচয় লাভ কৰিছে। তেওঁ মণিপুৰৰ ইম্ফলত ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন, নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত ক্ৰীড়াৰ গুৰুত্ব আৰু সেই দিশত মুখ্য পদক্ষেপ হিচাপে খেলো ইণ্ডিয়া আন্দোলনৰ কথা উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলক কয় যে তেওঁলোকে যি খেলেই নেখেলক কিয়, এক ভাৰত শ্ৰেষ্ঠ ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাবনাক তেওঁলোকে শক্তিশালী কৰে। ‘আপুনি যি ৰাজ্য বা অঞ্চলৰেই বাসিন্দা নহওক কিয়, আপুনি যি ভাষাতেই কথা নকওক কিয়, আপুনি আজি ‘টীম ইণ্ডিয়া’ত আছে। আমাৰ সমাজৰ প্ৰতিটো স্তৰতে এই ভাবনা বিয়পি পৰিব লাগে’, প্ৰধানমন্ত্ৰীসকলে কয়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বে দিব্যাংগজনক সুবিধা প্ৰদান কৰাটো কল্যাণমূলক কাম হিচাপে গণ্য কৰা হৈছিল, কিন্তু আজি দেশে ইয়াক দায়িত্ব হিচাপে বিবেচনা কৰি ইয়াৰ বাবে কাম কৰি আছে। সেয়েহে, সংসদে দিব্যাংগজনক ব্যাপক নিৰাপত্তা প্ৰদান কৰাৰ বাবে ‘প্ৰতিবন্ধী ব্যক্তিৰ অধিকাৰ আইন’ৰ দৰে এখন আইন প্ৰণয়ন কৰে। তেওঁ কৈছিল যে ‘সুগম্য ভাৰত অভিযান’ হৈছে এই নতুন চিন্তাধাৰাৰ আটাইতকৈ ডাঙৰ উদাহৰণ। আজি শ শ চৰকাৰী ভৱন, ৰে’ল ষ্টেচন, ৰে'লৰ ডবা, ঘৰুৱা বিমানবন্দৰ আৰু অন্যান্য আন্তঃগাঁথনি দিব্যাংগ অনুকূল কৰি তোলা হৈছে। ভাৰতীয় সাংকেতিক ভাষাৰ মানক অভিধান, এনচিইআৰটিৰ সাংকেতিক ভাষাৰ অনুবাদৰ দৰে প্ৰচেষ্টাই জীৱন সলনি কৰি আছে আৰু সমগ্ৰ দেশৰ অসংখ্য প্ৰতিভাক আত্মবিশ্বাস প্ৰদান কৰিছে, প্ৰধানমন্ত্ৰীয়ে কয়।

 

৯টা ক্ৰীড়া শাখাত ৫৪ জন পেৰা এথলীটে দেশক প্ৰতিনিধিত্ব কৰিবলৈ টকিঅ’লৈ যাব।পেৰা অলিম্পিক গেমছৰ বাবে এইটো ভাৰতৰ আটাইতকৈ ডাঙৰ দল।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 62,500 crore for mobile phone PLI scheme 2.0

Media Coverage

Cabinet approves Rs 62,500 crore for mobile phone PLI scheme 2.0
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 জুলাই 2026
July 15, 2026

Rooted in Tradition, Built for Tomorrow: PM Modi’s Blueprint for a Developed India