আজিৰ নতুন ভাৰতে ইয়াৰ খেলুৱৈসকলক পদক জয়ৰ বাবে হেঁচা প্ৰয়োগ কৰাতকৈ তেওঁলোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনক লৈহে আশা কৰেঃ প্ৰধানমন্ত্ৰী
আমাৰ গাওঁ আৰু প্ৰান্তীয় এলেকাবোৰ প্ৰতিভাৰে ভৰি আছে আৰু পেৰা এথলীটৰ দলটো ইয়াৰ এক জলন্ত উদাহৰণঃ প্ৰধানমন্ত্ৰী
আজি দেশে খেলুৱৈসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছে, গ্ৰামাঞ্চলসমূহৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছেঃ প্ৰধানমন্ত্ৰী
স্থানীয় প্ৰতিভাক স্বীকৃতি দিয়াৰ বাবে খেলো ইণ্ডিয়া কেন্দ্ৰৰ সংখ্যা বৰ্তমানৰ ৩৬০ ৰ পৰা বৃদ্ধি কৰি ১০০০ কৰা হ’বঃ প্ৰধানমন্ত্ৰী
আগৰ প্ৰজন্মৰ শংকা দূৰ কৰি প্ৰচলিত ব্যৱস্থাক উন্নত কৰিব লাগিব আৰু ভাৰতত ক্ৰীড়া সংস্কৃতি গঢ়ি তুলিব লাগিবঃ প্ৰধানমন্ত্ৰী
দেশে মুক্ত মনে ইয়াৰ খেলুৱৈসকলক সহায় কৰি আছেঃ প্ৰধানমন্ত্ৰী
আপুনি যি ৰাজ্য বা অঞ্চলৰেই বাসিন্দা নহওক কিয়, আপুনি যি ভাষাতেই কথা নকওক কিয়, আপুনি আজি ‘টীম ইণ্ডিয়া’ত আছে। আমাৰ সমাজৰ প্ৰতিটো স্তৰতে এই ভাবনা বিয়পি পৰিব লাগেঃ প্ৰধানমন্ত্ৰী
পূৰ্বে দিব্যাংগজনক সুবিধা প্ৰদান কৰাটো কল্যাণমূলক কাম হিচাপে গণ্য কৰা হৈছিল, কিন্তু আজি দেশে ইয়াক দায়িত্ব হিচাপে বিবেচনা কৰি ইয়াৰ বাবে কাম কৰি আছেঃ প্ৰ
প্ৰধানমন্ত্ৰীয়ে টকিঅ’ ২০২০ পেৰা অলিম্পিক গেমছৰ ভাৰতীয় পেৰা এথলীটসকলৰ সৈতে মত বিনিময় কৰে

নমস্কাৰ!

কাৰ্যক্ৰমত মোৰ সৈতে উপস্থিত থকা ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী শ্ৰীমান অনুৰাগ ঠাকুৰ জী, খেলুৱৈ বন্ধুসকল, প্ৰশিক্ষকসকল, আৰু বিশেষভাবে উপস্থিত থকা আপোনালোকৰ অভিভাৱকসকল। আপোনালোকৰ সৈতে কথা পাতি মোৰ বিশ্বাস বাঢ়িছে যে এইবাৰৰ ‘পেৰালিম্পিক ক্ৰীড়া মহোত্সৱ’তো ভাৰতে নতুন ইতিহাস ৰচনা কৰিব। মই আপোনালোক সকলো খেলুৱৈ আৰু প্ৰশিক্ষকবৃন্দক আপোনালোকৰ সফলতাৰ বাবে, দেশৰ বিজয়ৰ বাবে বহুত বহুত শুভ কামনা জ্ঞাপন কৰিছো।

বন্ধুসকল,

আপোনালোকৰ আত্মবিশ্বাস, কিবা এটা কৰি দেখুওৱাৰ বাবে আপোনালোকৰ ইচ্ছাশক্তি দেখিছো অসীম। আপোনালোক আটাইৰে পৰিশ্ৰমৰেই পৰিণাম যে আজি পেৰালিম্পিকলৈ বুলি সকলোতকৈ অধিক সংখ্যাত ভাৰতৰ খেলুৱৈ যাবলৈ ওলাইছে। আপোনালোকে কৈছে যে ক’ৰোনা মহামাৰীয়েও আপোনালোকৰ সমস্যা নিশ্চিত ভাবেই বৃদ্ধি কৰিছে, পিচে আপোনালোকে এই তালিকাক কমিবলৈ দিয়া নাই। আপোনালোকে সেই সংকটকো অতিক্ৰম কৰিবলৈ যি কৰণীয় আছিল আপোনালোকে সেয়াও কৰি ল’লে। আপোনালোকে আপোনালোকৰ মনোবল কম হ’বলৈ দিয়া নাই, আপোনালোকে অনুশীলন বন্ধ হ’বলৈ দিয়া নাই। আৰু এয়াইতো প্ৰকৃত ‘স্পৰ্টছ মেন স্পীৰিট’ হয়, সকলো পৰিস্থিতিতে সিয়ে আমাক শিকনী দিয়ে যে ‘য়েছ, উই উইল ডু ইট! উই কেন ডু ইট’ আৰু আপোনালোক আটায়ে এয়া কৰিও দেখুৱাইছে।

বন্ধুসকল,

আপোনালোক এই পৰ্যায়ত উপস্থিত হৈছেহি কিয়নো আপোনালোক প্ৰকৃত চেম্পিয়ণ হয়। জীৱনৰ খেলত আপোনালোকে সংকটক পৰাজিত কৰিছে। জীৱনৰ খেলত আপোনালোকে বিজয় সাব্যস্ত কৰিছে, চেম্পিয়ণৰ খিতাপ আহৰণ কৰিছে। একোগৰাকী খেলুৱৈ হিচাপে আপোনালোকৰ বাবে আপোনালোকে বিজয়, আপোনালোকৰ পদক বহুত গুৰুত্বপূৰ্ণ হয়, পিচে মই বাৰে বাৰে কও যে নতুন মানসিকতাৰ ভাৰতে আজি নিজৰ খেলুৱৈৰ ওপৰত পদকৰ হেঁচা প্ৰয়োগ নকৰে। আপোনালোকে কেৱল আপোনালোকৰ সামৰ্থ্যৰ এশ শতাংশ অৰ্পণ কৰিব লাগিব, সম্পূৰ্ণ অন্তঃকৰণৰে, কোনো ধৰণৰ মানসিক চাপ নোহোৱাকৈ, সন্মুখত কিমান ডাঙৰ খেলুৱৈ আছে সেই বিষয়ে চিন্তা নকৰাকৈ কেৱল খেলত সৰ্বস্ব উজাৰি দিয়ক, খেলৰ নামত সমস্ত পৰিশ্ৰম অৰ্পণ কৰক।

মই যেতিয়া নতুনকৈ প্ৰধানমন্ত্ৰী হৈ পৃথিৱীৰ বিভিন্নজনৰ সৈতে মিলিত হৈছিলো, তেওঁলোকতো উচ্চতাৰেও আমাকতকৈ ওখ হয়, তেওঁলোকৰ আওভাও বৃহতেই হয়। মোৰ ‘বেকগ্ৰাউণ্ড’ আপোনালোকৰ নিচিনাই আছিল আৰু দেশতো বহুতে আশংকা কৰিছিল যে মোদী জীৰতো পৃথিৱী সম্পৰ্কে একো জ্ঞানেই নাই এওঁবা প্ৰধানমন্ত্ৰী হৈ কি কৰে? কিন্তু মই যেতিয়া পৃথিৱীৰ নেতাসকলৰ সৈতে কৰমৰ্দন কৰিছিলো, তেতিয়া মই কিন্তু এই কথা কেতিয়াও নাভাবিছিলো যে নৰেন্দ্ৰ মোদীয়ে কৰমৰ্দন কৰিছে। বৰং মই এনেকৈহে ভাবিছিলো যে ১০০কোটিৰো অধিক জনসংখ্যা থকা এখন দেশে কৰমৰ্দন কৰি আছে। মোৰ পিচত ১০০কোটিৰো অধিক দেশবাসী থিয় দি আছে। এনে এক ভাবেই আছিল আৰু তাৰ বাবেই মই কেতিয়াও ‘কনফিডেন্স’ৰ সমস্যাত ভোগা নাছিলো। মই দেখিছো আপোনালোকৰ অভ্যন্তৰতো জীৱনক জয় কৰাৰ ‘কনফিডেন্স’ আছে আৰু খেলত বিজয় সাব্যস্ত কৰাটোতো আপোনালোকৰ বাবে বাওঁ হাতৰ খেলেই হয়। আপোনালোকৰ পৰিশ্ৰমৰে আপোনালোকে পদকতো আনিবই। আপোনালোকে নিশ্চয় দেখিছেই যে, অলিম্পিকত আমাৰ কিছুসংখ্যক খেলুৱৈয়ে বিজয় সাব্যস্ত কৰিছে যদিও একাংশ কিন্তু পৰাজিতও হৈছে। কিন্তু দেশ সকলোৰে ওচৰত শক্তিশালী ৰূপত থিয় দি আছিল, সকলোকে উত্সাহিত কৰি আছিল।

বন্ধুসকল,

এগৰাকী খেলুৱৈ হিচাপে আপোনালোকে এই কথা ভালকৈয়ে জানে যে, খেলপথাৰত যিমান শাৰিৰীক শক্তিৰ প্ৰয়োজন সিমানেই মানসিক শক্তিৰো প্ৰয়োজন হয়। আপোনালোকতো বিশেষ ৰূপত এই পৰিস্থিতিৰ পৰা ওলাই আহি আগবঢ়িব খুজিছে য’ত মানসিক শক্তিৰেই ইমানখিনি সম্ভৱ হৈছে বুলি ক’ব লাগিব। সেয়ে, আজি দেশে নিজৰ খেলুৱৈসকলৰ বাবে এই সকলো কথালৈ লক্ষ্য ৰাখিছে। খেলুৱৈসকলৰ বাবে ‘স্পৰ্টছ চাইকলজী’ সম্পৰ্কীয় কৰ্মশালা আৰু সন্মিলন আদিৰ নিৰন্তৰ ব্যৱস্থা কৰি আহিছে। আমাৰ সৰহখিনি খেলুৱৈ সৰু সৰু চহৰ, এলেকা আৰু গাঁৱৰ পৰা আহিছে। সেয়ে, ‘এক্সপজাৰ’ৰ অভাৱ তেওলোকৰ বাবে এক বৃহত্ প্ৰত্যাহ্বান হৈ আহিছে। নতুন ঠাই, নতুন মানুহ, আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি, বহুবাৰ এই প্ৰত্যাহ্বানসমূহেই আমাৰ মনোবল কম কৰি পেলায়। সেয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে এই দিশতো আমাৰ খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰা উচিত হ’ব। মই আশা কৰো ‘টকিঅ’ পেৰালিম্পিক’ক লক্ষ্যত ৰাখি যি তিনিটা ‘চেছন’ত আপোনালোকে যোগদান কৰিলে, তাৰ দ্বাৰা আপোনালোকে বহুখিনি লাভ কৰিব পাৰিছে।

বন্ধুসকল,

আমাৰ সৰু সৰু গাঁওসমূহত, দূৰ-দূৰণিৰ অঞ্চলসমূহত কিমান যে অদভুত প্ৰতিভা ভৰপূৰ হৈ আছে, তেওঁলোকৰ কিমান যে আত্মবিশ্বাস আছে, আজি মই আপোনালোক আটাইকে দেখি কৈ দিব পাৰো যে মোৰ সন্মুখত তাৰ প্ৰত্যক্ষ প্ৰমাণ আছে। বহু সময়ত আপোনালোকৰো চাগৈ লাগে যে আপোনালোকে যি সাধাৰণ সুবিধা পাইছিল, সেইকণো যদি নাপালেহেতেন তেন্তে হ’লে আপোনালোকৰ সপোনবোৰৰ অৱস্থা কি হলহেতেন? এই একেটা চিন্তা আমি দেশৰ অন্য লাখ লাখ যুৱক-যুৱতীৰ ক্ষেত্ৰতো কৰিব লাগিব। এনেকুৱা কিমান যে্ যুৱ–প্ৰতিভা আছে যিসকলে পদক অনাৰ যোগ্যতা বহণ কৰিছে। আজি দেশে তেওঁলোকৰ কাষ চপাৰ বাবে প্ৰয়াস কৰি আছে, গ্ৰামীণ ক্ষেত্ৰসমূহত বিশেষ নজৰ দি আহিছে। আজি দেশৰ আঢ়ৈশৰো অধিক জিলাত ৩৬০টা ‘খেলো ইণ্ডিয়া কেন্দ্ৰ’ স্থাপন কৰা হৈছে, যাতে স্থানীয় পৰ্যায়তে প্ৰতিভাসমূহক বিচাৰি উলিয়াব পৰা যায়, তেওঁলোকক সুযোগ প্ৰদান কৰিব পৰা যায়। আগন্তুক সময়ত এই কেন্দ্ৰৰ সংখ্যা এক হাজাৰ পৰ্যন্ত বৃদ্ধি কৰা হ’ব। এইদৰেই, আমাৰ খেলুৱৈসকলৰ সন্মুখত সংসাধনৰো আৰু এটা প্ৰত্যাহ্বান আছে। আপোনালোকে খেলিবলৈ গৈছিল যদিও ভাল ‘গ্ৰাউণ্ড’, ভাল উপকৰণ নাছিলেই। কিন্তু আজি দেশত ‘স্পৰ্টছ’ৰে জড়িত আন্তঃগাঁথনিৰো বিস্তাৰ কৰা হৈছে। দেশে মুকলি মনেৰে প্ৰতিগৰাকী খেলুৱৈক সহযোগিতা আগবঢ়াই আহিছে। ‘টাৰ্গেট অলিম্পিক পডিয়াম স্কীম’-ৰ জৰিয়তেও দেশে খেলুৱৈসকলক আৱশ্যকীয় সা-সুবিধা দিয়াৰ ব্যৱস্থা কৰিছে, লক্ষ্য নিৰ্দ্ধাৰিত কৰিছে। তাৰ পৰিণাম আজি আমাৰ সন্মুখত দেখিবলৈ পাইছো।

বন্ধুসকল,

খেলত যদি দেশক শীৰ্ষ পৰ্যন্ত নিয়াৰ কথা চিন্তা কৰা হয় তেন্তে আমি সেই পুৰণি ভয়টোক মনৰ পৰা আঁতৰাই পঠাবই লাগিব; যিটো পুৰণি প্ৰজন্মবোৰৰ মনত শিপাই গৈছিল। কোনো শিশুৱে যদি খেলৰ প্ৰতি অধিক আগ্ৰহ প্ৰদৰ্শন কৰিছিল তেন্তে ঘৰ-ঘৰোৱাহৰ চিন্তা হৈ গৈছিল যে ই গৈ আগলৈ কি কৰি খাববা! কিয়নো এটা-দুটা খেলক বাদ দি আন খেল আমাৰ বাবে সফলতা অথবা কেৰিয়াৰৰ যোগ্যতাই অৰ্জন নকৰিছিল। এই মানসিকতাক, এই অসুৰক্ষাৰ মানসিকতাক নেওঁচাৰ আমাৰ বাবে খুবেই আৱশ্যক।

বন্ধুসকল,

ভাৰতত ‘স্পৰ্টছ কলচাৰ’ক বিকশিত কৰাৰ বাবে আমি নিজৰ ধৰণ-কৰণক নিৰন্তৰ শুধৰোৱাই ৰাখিব লাগিব। আজি আন্তঃৰাষ্ট্ৰীয় খেলসমূহৰ লগতে পাৰম্পাৰিক ভাৰতীয় খেলসমূহকো নতুন পৰিচিতি প্ৰদান কৰা হৈছে। যুৱ-প্ৰজন্মক সুযোগ প্ৰদান কৰাৰ বাবে, ‘প্ৰফেশ্যনেল এনভাৰ্ণমেণ্ট’ দিয়াৰ বাবে মণিপুৰৰ ইম্ফলত দেশৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয়ও মুকলি কৰা হৈছে। নতুন ‘ৰাষ্ট্ৰীয় শিক্ষা নীতি’তো পঢ়াৰ লগতে খেলকো সমান প্ৰাথমিকতা প্ৰদান কৰা হৈছে। আজি দেশে নিজেই আগবাঢ়ি আহি ‘খেলো ইণ্ডিয়া অভিযান’ চলাবলৈ ধৰিছে।

বন্ধুসকল,

আপোনালোক যি ক্ৰীড়াৰেই জড়িত নহওক কিয়, ‘এক ভাৰত-শ্ৰেষ্ঠ ভাৰত’ৰ ভাৱনাকো শক্তিশালী কৰি আহিছে। আপোনালোক যি ৰাজ্যৰে নহওক কিয়, যি ক্ষেত্ৰৰে নহওক কিয়, যি ভাষাই নকওক কিয়, এই সকলোৰে ওপৰত আপোনালোক আজি ‘টীম ইণ্ডিয়া’ হয়। এই ‘স্পিৰিট’ আমাৰ সমাজৰ সকলো ক্ষেত্ৰতে হোৱা উচিত, সকলো পৰ্যায়তে দেখিবলৈ পোৱা উচিত। সামাজিক সমতাৰ এই অভিযানত ‘আত্মনিৰ্ভৰ ভাৰত’ত মোৰ দিব্যাংগ ভাই-ভনীসকলো দেশৰ বাবে বহুত মহত্বপূৰ্ণ অংশীদাৰ। আপোনালোকে সাব্যস্ত কৰিছে যে শাৰিৰীক কঠিনতাৰ বাবে জীৱন স্তব্ধ হৈ পৰা উচিত নহয়। সেয়ে আপোনালোক সকলোৰে বাবে দেশবাসীৰ বাবে বিশেষকৈ নতুন প্ৰজন্মৰ বাবে আপোনালোক বহুত ডাঙৰ প্ৰেৰণাৰ উত্স।

বন্ধুসকল,

আগতে দিব্যাংগসকলক সা-সুবিধা দিয়াটোক ‘ৱেলফেয়াৰ’ বুলি গণ্য কৰা হৈছিল। কিন্তু আজি দেশে ইয়াক নিজৰ দায়িত্ব বুলি স্বীকাৰ কৰি কামত অগ্ৰসৰ হৈছে। সেয়ে, দেশৰ সংসদে দি ‘ৰাইটছ ফৰ পাৰ্ছনছ উইথ ডিজেবিলিটী এক্ট’-ৰ দৰে আইন যুগুতাই দিব্যাংগসকলৰ অধিকাৰসমূহক আইনী সুৰক্ষা দান কৰিছে। ‘সুগম্য ভাৰত অভিযান’ ইয়াৰ এক উল্লেখনীয় উদাহৰণ। আজি অসংখ্য চৰকাৰী ভৱন, অসংখ্য ৰে’ল ষ্টেশ্যন, হাজাৰ হাজাৰ ৰে’লৰ ডবা, বহু সংখ্যক আভ্যন্তৰীণ বিমানবন্দৰৰ আন্তঃগাঁথনি দিব্যাংগজনৰ বাবে সুগম কৰি নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰা হৈছে। ভাৰতীয় ‘ছাইন লেংগুৱেজ’ৰ মানক অভিধান প্ৰস্তুত কৰাৰ কামো দ্ৰুত গতিৰে চলি আছে। ‘এনচিইআৰটি’-ৰ কিতাপসমূহো ‘ছাইন লেংগুৱেজ’লৈ অনুবাদ কৰি থকা হৈছে। এনে ধৰণৰ প্ৰয়াসসমূহৰ পৰা মানুহৰ জীৱন কিমানযে সলনি হবলৈ ধৰিছে, কিমান যে প্ৰতিভাই দেশৰ বাবে কিবা কৰাৰ বাবে ভৰসা লাভ কৰিব পাৰিছে।

বন্ধুসকল,

দেশে যেতিয়া প্ৰয়াস কৰে, আৰু তাৰ সোণালী পৰিণামো আমি তত্কালেই লাভ কৰো, তেতিয়া আমি আৰু অধিক বেছি বিচৰাৰ, আৰু কিবা নতুনকৈ কৰাৰ প্ৰেৰণাও তাৰে পৰাই লাভ কৰো। আমাৰ একোটা সাফল্যই অন্য কোনো নতুন লক্ষ্যৰ বাবে পথ প্ৰশস্থ কৰি তোলে। সেয়ে, যেতিয়া আপোনালোকে ত্ৰিৰংগা লৈ টকিঅ’ত আপোনালোকৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰিবগৈ তেতিয়া কেৱল পদকেই নিজিকে, বৰং ভাৰতৰ সংকল্পসমূহকো বহুদূৰলৈ লৈ যাব, সেইবোৰক এক নতুন শক্তি প্ৰদান কৰিব, সেইবোৰক আৰু আগুৱায়ো নিব। মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে আপোনালোকৰ এই উচাহে, আপোনালোকৰ এই উদ্যমে টকিঅ’ত নতুন অভিলেখ ৰচনা কৰিব। এই বিশ্বসৰেই আপোনালোক সকলোকে আকৌ এবাৰ পুনৰ শুভাকমনা জ্ঞাপন কৰিলো। বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
GIFT City scales new heights as India's 1st international finance and IT hub

Media Coverage

GIFT City scales new heights as India's 1st international finance and IT hub
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with Prime Minister of Netherlands
March 30, 2026

The Prime Minister, Shri Narendra Modi, today spoke with the Prime Minister of Netherlands Rob Jetten. “We discussed ways to further strengthen India-Netherlands ties. Highlighted the potential of our partnership in areas such as semiconductors, mega water projects, green hydrogen and talent mobility”, Shri Modi stated. Shri Modi reiterated the need for early restoration of peace and stability in the West Asia region.

Shri Modi posted on X:

“Pleased to speak with Prime Minister of the Netherlands Rob Jetten today. We discussed ways to further strengthen India-Netherlands ties.

Highlighted the potential of our partnership in areas such as semiconductors, mega water projects, green hydrogen and talent mobility.

Also exchanged views on the situation in West Asia and emphasized the need for early restoration of peace and stability in the region.”

@MinPres