প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ বিভিন্ন প্ৰিফেকচাৰৰ গৱৰ্ণৰসকলক  সাক্ষাৎ কৰে। মোদীৰ সৈতে মত-বিনিময় অনুষ্ঠানত ষোল্লগৰাকী গৱৰ্ণৰে অংশগ্ৰহণ কৰে।

 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি  প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দুয়োখন দেশৰ মাজত যুগ যুগ ধৰি চলি অহা সভ্যতাৰ সংযোগে ভাৰত-জাপানৰ সমসাময়িক সম্পৰ্কক অধিক উজ্জ্বল কৰি তুলিছে  । বিভিন্ন  ক্ষেত্ৰত ভাৰত-জাপান বিশেষ কৌশলগত তথা  বিশ্ব অংশীদাৰিত্বৰ গতিবিধিৰ বিষয়ত  আলোকপাত কৰি তেওঁ দৃঢ়তাৰে কয় যে টকিঅ’ আৰু দিল্লীক কেন্দ্ৰ কৰি গঢ়ি উঠা সম্পৰ্কৰ উৰ্ধলৈ গৈ ষ্টেট-প্ৰিফেকচাৰৰ সংযোগক নৱীকৃতৰূপত  গতি প্ৰদান কৰাৰ সময় আহি পৰিছে। এই প্ৰেক্ষাপটত তেওঁ ১৫ সংখ্যক বাৰ্ষিক সন্মিলনত আৰম্ভ কৰা ষ্টেট -প্ৰিফেকচাৰ পাৰ্টনাৰশ্বিপ ইনিচিয়েটিভৰ বিষয়ত আলোকপাত কৰে।  যিয়ে দুয়োখন দেশৰ মাজত বাণিজ্য, প্ৰযুক্তি, পৰ্যটন, দক্ষতা, নিৰাপত্তা আৰু সাংস্কৃতিক সংযোগৰ ক্ষেত্ৰত লক্ষ্যণীয় উত্থান ঘটাব। তেওঁ গৱৰ্ণৰ  আৰু ভাৰতীয় ৰাজ্য চৰকাৰসমূহক নতুন পদক্ষেপৰ পৰা  লাভ অৰ্জন কৰিবলৈ আৰু উৎপাদন, প্ৰযুক্তি, উদ্ভাৱন, গতিশীলতা, পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি, ষ্টাৰ্ট-আপ তথা ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ক্ষেত্ৰত অংশীদাৰিত্ব গঢ়ি তুলিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে জাপানৰ প্ৰতিটো প্ৰিফেকচাৰৰ নিজস্ব অৰ্থনৈতিক আৰু প্ৰযুক্তিগত শক্তি আছে বুলি উল্লেখ  কৰাৰ লগতে  ভাৰতীয় ৰাজ্যসমূহৰ নিজস্ব বৈচিত্ৰ্যপূৰ্ণ সামৰ্থ্য আছে বুলি উল্লেখ কৰে।  প্ৰধানমন্ত্ৰীয়ে গৱৰ্ণৰসকলক ভাৰতৰ বিকাশৰ  কাহিনীৰ সৈতে জড়িত  হ'বলৈ আমন্ত্ৰণ জনায়। তেওঁ দুয়োখন দেশৰ যুৱক-যুৱতী আৰু দক্ষতা বিনিময়ৰ প্ৰতিশ্ৰুতিৰ দিশত অৰিহণা যোগাবলৈ তথা ভাৰতীয় প্ৰতিভাৰ সৈতে জাপানী প্ৰযুক্তিৰ অনুকূল সংমিশ্ৰণ ঘটাবলৈ আহ্বান জনায়।অনুষ্ঠানত জাপানৰ প্ৰিফেকচাৰৰ গৱৰ্ণৰসকলে উল্লেখ কৰে যে ভাৰত-জাপানৰ ব্যৱসায়িক, শৈক্ষিক, সাংস্কৃতিক আৰু জনসাধাৰণৰ সম্পৰ্কক উচ্চাকাংক্ষাৰ পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ বাবে উপ-ৰাষ্ট্ৰীয় সহযোগিতা মূল বিষয় হিচাবে বিবেচিত হৈছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-Japan action plan targets exchange of 5 lakh people in five years, including 50,000 skilled Indians: Gov

Media Coverage

India-Japan action plan targets exchange of 5 lakh people in five years, including 50,000 skilled Indians: Gov
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 31 জুলাই 2026
July 31, 2026

Building Trust & Capability Under PM Modi : Fair Exams, Homegrown Space Tech & India’s First Telecom Manufacturing Zone