নমস্কাৰ

 

আজি আপোনালোক সকলোৰে সৈতে মিলিত হৈ আনন্দিত হৈছো। আপোনালোক সকলোৱে জাপানৰ বৈচিত্ৰ্য আৰু শক্তিৰ এক জীৱন্ত উদাহৰণ।

 

মই অনুভৱ কৰোঁ যে এই কোঠাটোত আছে চৈতামাৰ গতি, মিয়াগীৰ স্থিতিস্থাপকতা, ফুক’কাৰ স্পন্দ, আৰু নাৰাৰ ঐতিহ্যৰ সুগন্ধি। আপোনালোক সকলোৰে মাজত কুমামোটোৰ উষ্ণতা, নাগানোৰ সতেজতা, শ্বিজুওকাৰ সৌন্দৰ্য্য, নাগাছাকিৰ স্পন্দন নিহিত হৈ  আছে। আপোনালোক সকলোৱে মাউণ্ট ফুজিৰ শক্তি, ছাকুৰাৰ আত্মাক মূৰ্ত কৰি তুলিছে। আপোনালোকে একেলগে জাপানক কালজয়ী কৰি তুলিছে।

শ্ৰদ্ধাভাজনসকল

ভাৰত আৰু জাপানৰ মাজত এক গভীৰ বন্ধন আছে, যি হাজাৰ হাজাৰ বছৰ পুৰণি। আমি ভগৱান বুদ্ধৰ কৰুণাৰে সংযুক্ত হৈ আছো। বংগৰ ৰাধাবিনোদ পালে টকিঅ’ৰ বিচাৰৰ সময়ত  ন্যায়ক ৰণনীতিৰ উৰ্ধত ৰাখিছিল। আমাক তেওঁৰ অদম্য সাহসে  একত্ৰিত কৰিছে।

যোৱা শতিকাৰ আৰম্ভণিতে মোৰ গৃহ ৰাজ্য গুজৰাটৰ পৰা হীৰা ব্যৱসায়ীসকল কোবেলৈ আহিছিল। হমা-মাটছুৰ কোম্পানীয়ে ভাৰতৰ অটোমোবাইল খণ্ডত এক বৈপ্লৱিক পৰিৱৰ্তন আনিলে। দুয়োখন দেশৰ এই উদ্যোগী মনোভাৱে আমাক সংযোগ কৰিছে।

 

ইয়াৰ বাহিৰেও এনে বহু কাহিনী আছে, বহু সম্পৰ্ক আছে, যিবোৰে ভাৰত আৰু জাপানক অতি ঘনিষ্ঠভাৱে সংযোগ কৰিছে। আজি এই সম্পৰ্কবোৰৰ সৈতে বাণিজ্য, প্ৰযুক্তি, পৰ্যটন, নিৰাপত্তা, দক্ষতা, সংস্কৃতিৰ ক্ষেত্ৰত নতুন অধ্যায় লিখা হৈছে। এই সম্পৰ্ক কেৱল টকিঅ’ বা দিল্লীৰ কৰিড’ৰতে সীমাবদ্ধ হৈ থকা নাই। এই সম্পৰ্ক ভাৰত আৰু জাপানৰ জনসাধাৰণৰ চিন্তাত স্থিত হৈছে।

শ্ৰদ্ধাভাজনসকল

প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে  প্ৰায় ডেৰ দশক গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কৰ্তব্য পালন  কৰিছিলো। আৰু সেই  সময়ছোৱাত মই জাপান ভ্ৰমণ কৰাৰ  সৌভাগ্য লভিছিলো। ৰাজ্য  আৰু প্ৰিফেকচাৰত কিমান সম্ভাৱনা লুকাই আছে মই সেয়া ভালদৰেই দেখিছো।

 

মুখ্যমন্ত্ৰী হৈ থাকোঁতে মোৰ মনোযোগৰ বিষয়  আছিল – নীতি পৰিচালিত শাসন ব্যৱস্থা। উদ্যোগক প্ৰসাৰিত কৰা, শক্তিশালী আন্তঃগাঁথনি গঢ়ি তোলা আৰু বিনিয়োগৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰা। আজি মানুহে ইয়াক "গুজৰাট মডেল" বুলিও জানে।

 

২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এই চিন্তাধাৰাক মই ৰাষ্ট্ৰীয় নীতিৰ অংগ কৰি লৈছিলো। আমি ৰাজ্যসমূহত প্ৰতিযোগিতামূলক মনোভাৱ জাগ্ৰত কৰিলোঁ। তেওঁলোকক ৰাষ্ট্ৰীয় বৃদ্ধিৰ মঞ্চ কৰি তুলিলো। জাপানৰ প্ৰিফেকচাৰৰ দৰে ভাৰতৰ প্ৰতিখন ৰাজ্যৰ নিজস্ব পৰিচয় আছে, নিজস্ব বিশেষত্ব আছে।  অঞ্চলসমূহৰ অৱস্থিতি ভিন্ন ভিন্ন  । কিছুমান সমুদ্ৰৰ তীৰত অৱস্থিত , আনহাতে কিছুমান পাহাৰৰ কোলাত অৱস্থিত।

 

এই বৈচিত্ৰ্যক লভ্যাংশলৈ ৰূপান্তৰিত কৰিবলৈ আমি কাম কৰিছো। প্ৰতিখন জিলাৰ অৰ্থনীতি আৰু পৰিচয় শক্তিশালী কৰাৰ বাবে এক জিলা এক উৎপাদন অভিযান আৰম্ভ কৰা হৈছে। ৰাষ্ট্ৰীয় উন্নয়নত পিছ পৰি থকা সেই জিলা আৰু ব্লকসমূহৰ বাবে আকাংক্ষিত জিলা তথা  ব্লক কাৰ্যসূচী আৰম্ভ কৰা হৈছে । সীমান্তৰ  দুৰ্গম গাঁওসমূহক উন্নয়নৰ মূলসুঁতিলৈ অনাৰ বাবে ভাইব্ৰেণ্ট ভিলেজছ প্ৰগ্ৰেম হাতত লোৱা হৈছে। ফলত এতিয়া এই জিলা আৰু গাঁওবোৰ জাতীয় বিকাশৰ কেন্দ্ৰ হৈ পৰিছে।

 

শ্ৰদ্ধাভাজনসকল

 

আপোনাৰ প্ৰিফেকচাৰসমূহ প্ৰযুক্তি, উৎপাদন আৰু উদ্ভাৱনৰ প্ৰকৃত শক্তিশালী স্থান হিচাবে পৰিগণিত হৈছে। কিছুমান প্ৰিফেকচাৰৰ অৰ্থনীতি বহু দেশতকৈ বিশাল । গতিকে আপোনালোক সকলোৰে এটা ডাঙৰ দায়িত্ব আছে।

 

আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভৱিষ্যত আপোনালোকৰ হাতেৰেই   লিখা হৈছে। ভাৰতৰ বহু ৰাজ্য আৰু প্ৰিফেকচাৰত ইতিমধ্যে আপোনালোকৰ অংশীদাৰিত্ব আছে। যেনে -

গুজৰাট আৰু শ্বিজুওকা,

 

উত্তৰ প্ৰদেশ আৰু যমানাশী,

 

মহাৰাষ্ট্ৰ আৰু ৱাকায়ামা,

 

অন্ধ্ৰ প্ৰদেশ আৰু টোৱামা ।

 

কিন্তু মই বিশ্বাস কৰোঁ যে এই অংশীদাৰিত্বসমূহ কেৱল কাগজৰ মাজতে সীমাবদ্ধ হৈ  থাকিব নালাগে।সেয়া  কাগজৰ পৰা মানুহৰ মাজলৈকে , সমৃদ্ধিলৈকে বিয়পি পৰিব লাগে।

আমি বিচাৰো ভাৰতীয় ৰাজ্যসমূহ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ কেন্দ্ৰবিন্দু হওক। এই উদ্দেশ্যৰেই কালি প্ৰধানমন্ত্ৰী ইছিবা আৰু মই ৰাজ্য-প্ৰিফেকচাৰৰ অংশীদাৰিত্বৰ পদক্ষেপ আৰম্ভ কৰিলোঁ। আমাৰ লক্ষ্য হৈছে প্ৰতি বছৰে কমেও তিনিখন ভাৰতীয় ৰাজ্য আৰু তিনিখন প্ৰিফেকচাৰৰ প্ৰতিনিধিৰ দলে পাৰস্পৰিক ভ্ৰমণ কৰা। আপোনালোক সকলোকে এই পদক্ষেপত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছো। ভাৰত ভ্ৰমণৰ বাবে আপোনালোকক নিমন্ত্ৰণ জনাইছো।

 

ভাৰতৰ ৰাজ্য আৰু জাপানৰ প্ৰিফেকচাৰে আমাৰ ভাগ-বতৰা কৰা অগ্ৰগতিৰ অনুঘটক হওক৷

 

আপোনালোকৰ প্ৰিফেকচাৰসমূহ কেৱল ডাঙৰ কোম্পানীসমূহৰ বাবেই নহয়, ক্ষুদ্ৰ তথা  মজলীয়া উদ্যোগ আৰু ষ্টাৰ্ট-আপৰ বাবেও উৰ্বৰ ভূমি। ভাৰততো সৰু চহৰৰ পৰা অহা ষ্টাৰ্ট-আপ আৰু এম এছ এম ইয়ে দেশৰ বিকাশৰ কাহিনীত অৰিহণা যোগাইছে।

 

জাপান আৰু ভাৰতৰ এই সজীৱ পৰিৱেশ তন্ত্ৰসমূহ যদি একত্ৰিত হয়, তেন্তে-

 

ধাৰণাবোৰে প্ৰৱাহিত হ’ব

উদ্ভাৱন বৃদ্ধি পাব,

 

আৰু সুযোগবোৰ উন্মোচিত হ’ব!

 

মই সুখী যে এনে ভাৱনাৰ সৈতে সংগতি ৰাখি  কানছাইত এখন  ব্যৱসায়িক বিনিময় মঞ্চ আৰম্ভ কৰিবলৈ লোৱা হৈছে। ইয়াৰ জড়িয়তে কোম্পানীসমূহৰ মাজত প্ৰত্যক্ষ যোগাযোগ স্থাপন কৰা হ’ব, নতুন বিনিয়োগক উৎসাহিত কৰা হ’ব, ষ্টাৰ্টআপৰ মাজত অংশীদাৰিত্ব বৃদ্ধি পাব আৰু দক্ষ পেছাদাৰীসকলৰ বাবে নতুন সুযোগ মুকলি হ’ব।

 

শ্ৰদ্ধাভাজনসকল

 

যেতিয়া ডেকা মনবোৰৰ সংযোগ হয়, তেতিয়া মহান দেশবোৰৰ একেলগে  উত্থান ঘটে

 

জাপানৰ বিশ্ববিদ্যালয়সমূহ বিশ্ববিখ্যাত। অধিক সংখ্যক ভাৰতীয় ছাত্ৰ-ছাত্ৰীক ইয়ালৈ আহি শিকিবলৈ আৰু  নিজস্ব অৰিহণা যোগাবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যেৰে কালি প্ৰধানমন্ত্ৰী ইছিবাৰ সৈতে আমি এক কৰ্ম পৰিকল্পনা আৰম্ভ কৰিছো। ইয়াৰ অধীনত অহা ৫ বছৰত বিভিন্ন ক্ষেত্ৰত ৫ লাখ লোকৰ আদান-প্ৰদানক উৎসাহিত কৰা হ’ব। ইয়াৰ লগতে ভাৰতৰ  ৫০,০০০ দক্ষ পেছাদাৰী লোকক জাপানলৈ প্ৰেৰণ কৰা হ’ব। ইয়াত  প্ৰিফেকচাৰে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই ক্ষেত্ৰত আপোনালোকৰ সমৰ্থন পাম বুলি মোৰ বিশ্বাস।

 

শ্ৰদ্ধাভাজনসকল

 

মোৰ এয়াই  ইচ্ছা যে যিদৰে আমাৰ দেশসমূহে একেলগে আগবাঢ়িছে, তেনেদৰে প্ৰতিটো প্ৰিফেকচাৰ আৰু প্ৰতিখন ভাৰতীয় ৰাজ্যই নতুন উদ্যোগ সৃষ্টি কৰক, নতুন দক্ষতাৰ বিকাশ ঘটাওক আৰু নিজৰ জনসাধাৰণৰ বাবে নতুন সুযোগ মুকলি কৰক।

 

এইক্ষেত্ৰত টকিঅ’ আৰু দিল্লীয়ে আগভাগ ল’ব পাৰে।

 

লগতে

কনগাৱা আৰু কৰ্ণাটক কণ্ঠ দিয়ক।

আইচি আৰু অসমক একেলগে সপোন দেখিবলৈ দিয়ক

ওকায়ামা আৰু ওড়িশাৰ ভৱিষ্যত গঢ়ি তোলক।

 

আপোনালোকক অশেষ ধন্যবাদ ।

অৰিগাটো গ্যোজা-ইমাছু।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games

Media Coverage

Jumbo Indian contingent comprising 768 athletes, support staff and officials for Asian Games
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 ছেপ্টেম্বৰ 2026
September 04, 2026

Make in India, Power India, Play for India: Multi-Sector Momentum Under PM Modi’s Leadership